text
stringlengths
0
188k
Post a Comment
0 Comments
Social Plugin
Popular Posts
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা!
March 16, 2022
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>প্ৰেম – দুটি আখৰেৰে গঠিত এটি শব্দ৷ প্ৰেম শব্দটোত সোমাই আছে এক সুকোমল, সুবিশাল অনুভূতি যাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, মাথোঁ অনুভৱহে কৰিব পাৰি৷ প্ৰত্যেক ব্যক্তিৰে জীৱনতে এনে এটা দিন আহিছে যিদিনা ’প্ৰেম’ শব্দটোৱে তেওঁৰ মনত শিহৰণ জগাই তুলিছে৷ প্ৰেমৰ পৰিধি বৰ বহল৷ জন্ম মুহূৰ্তৰপৰাই আৰম্ভ হোৱা মাতৃপ্ৰেম, পিতৃপ্ৰেমৰপৰা দেশপ্ৰেম, মানৱপ্ৰেম, ভগৱৎপ্ৰেমলৈকে প্ৰেম এখন বিশাল মহাসাগৰ৷ বেজবৰুৱাৰ ভাষাৰে ক’বলৈ গ’লে “ প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল৷ “
এই ৰচনাৰ বিষয়বস্তু তাহানিৰ ডেকা-গাভৰুৰ মাজৰ যৌৱনসুলভ প্ৰেম৷ আজিৰপৰা তিনিদশকৰ আগৰ প্ৰেমিক-প্ৰেমিকাৰ প্ৰেম আৰু এতিয়াৰ প্ৰেমিক-প্ৰেমিকাৰ প্ৰেমৰ মাজত স্বৰ্গ-মৰ্ত্য তফাৎ৷ আধুনিকতাৰ ঢৌৱে ঢৌৱাই নিয়া আজিৰ সমাজৰ প্ৰেমিক-প্ৰেমিকাৰ আন্তৰিক অনুভূতিবোৰতো যেন এতিয়া পৰিৱৰ্তনৰ জোৱাৰ আহিল৷
মোৰ এগৰাকী পঞ্চাশোৰ্ধ সহকৰ্মী বাইদেউৰ মুখেৰে তেওঁৰ গাভৰুকালৰ প্ৰেমকাহিনী শুনিছিলোঁ৷ পুলকিত হৈ পৰিছিলোঁ মই৷ ভালপোৱা কি যে এক পৱিত্ৰ, এক মধুৰ সম্পৰ্ক আছিল তেওঁলোকৰ বাবে, য’ত প্ৰাধান্য আছিল মাথোঁ হৃদয়ৰ, আৱেগ অনুভূতিৰ, আশাবোৰৰ, সপোনবোৰৰ৷ প্ৰিয়জনক তামোল এখন দিওঁতে বা ৰুমাল এখন দিওঁতে পোৱা দুটা আঙুলিৰ কুহুমীয়া পৰশেই তেওঁলোকৰ বাবে সৰগী সুখ আছিল৷ তাতকৈ বেছি হয়তো বিচৰাও নাছিল তেওঁলোকে৷ সেইসময়ত দুখন হৃদয়ৰ শক্তিশালী সাঁকো আছিল প্ৰেমপত্ৰসমূহ৷ সাধাৰণতে প্ৰেমপত্ৰসমূহৰ অনা-নিয়াৰ বাবে প্ৰেমিকাৰ এগৰাকী বান্ধৱীয়ে ডাকোৱালৰ কাম কৰিছিল যদিও ডাকোৱালৰ অভাৱত কেতিয়াবা প্ৰেমিকাৰ ঘৰৰ পদূলিৰ নঙলাখুঁটাত প্ৰেমিকে থৈ গৈছিল কাউৰী ঠেঙীয়া আখৰেৰে এখন মৰমভৰা প্ৰেমপত্ৰ৷ প্ৰেমিকাই সুযোগ বুজি ঘৰৰ মানুহৰ চকুত ধূলি দি মনে মনে লৈ আহিছিল হেঁপেহুৱা চিঠিখন৷ কেতিয়াবা অৱশ্যে চিঠিত আগতীয়াকৈ প্ৰেমিকাৰ ককায়েকৰ হাত লাগি সেই প্ৰেমৰ সিমানতে ইতি নপৰাকৈও থকা নাছিল৷ কোনো কোনোৱে আকৌ ঘৰৰ গৰুৰ শিঙতো প্ৰেমৰ চিঠিখন বান্ধি পঠাইছিল৷
“সিহঁতৰ ঘৰৰ গৰুকেইটাকো আপোন আপোন লাগিছিল তেতিয়া৷ “ — কৈ খিলখিলাই হাঁহিছিল বাইদেউ গৰাকীয়ে৷ তেওঁৰ হাঁহিত ফুটি উঠিছিল বুকু ভৰি থকা সেই নিষ্কলুষ প্ৰেমৰ মাদকতা৷
বিললৈ বা নদীলৈ মাছ মাৰিবলৈ যোৱা প্ৰেমিকে গধূলি উভতি আহোঁতে আন্ধাৰৰ সুযোগ লৈ প্ৰেয়সীৰ চোতাললৈ দলিয়াই গৈছিল জীয়া জীয়া কাৱৈ, মাগুৰ৷ ঘৰৰ মানুহ আচৰিত হলেও সুঁহুৰি এটাৰে জাননী পোৱা প্ৰেয়সীয়ে কিন্তু ঠিকেই বুজিছিল মাছ ক’ৰ পৰা আহিল৷
প্ৰেমিকাৰ পদূলিত চিঞৰি গোৱা বনগীতটিয়ে বা বিহুগীতৰ কলিটিয়ে হৃদয়ৰ বতৰা কঢ়িয়াইছিল, দুখন হৃদয় উমাল কৰি ৰাখিছিল৷
ৰুৱলৈ বা দাৱলৈ যাওঁতে পথাৰত লগ পোৱা এটি দুটি মধুৰ ক্ষণেৰে, ভাওনা চাবলৈ যাওঁতে পোৱা কেইটামান লুজেন গুটিৰেই মন প্ৰাণ ভৰি থাকিছিল তেওঁলোকৰ৷ শব্দৰ ভাষাৰে প্ৰতিশ্ৰুতি আদায় কৰাৰ বা বিশ্বাস জিনাৰ তেওঁলোকৰ কোনো প্ৰয়োজনেই নাছিল৷ তেনেকৈয়ে স্বপ্ন দেখিছিল এখন সুখৰ সংসাৰৰ৷ কেতিয়াবা সেই স্বপ্ন দিঠক হৈছিল, কেতিয়াবা বিৰহৰ অগণিৰে দগ্ধ হৈছিল৷
তেতিয়াও হয়তো কাৰোবাৰ ক্ষেত্ৰত প্ৰেম প্ৰতাৰণাৰ অন্য নাম হৈ পৰিছিল৷ কিন্তু সেই সংখ্যা আছিল খুবেই কম৷ তেওঁলোকৰ ভাষাৰেই “আজিৰ দৰে প্ৰেমৰ নামত খেল খেলা ডেকা-গাভৰু তেতিয়া নাছিল বুলিয়েই ক’ব পাৰি৷ “
প্ৰেম এক স্বাস্বত অনুভূতি৷ সময়ৰ আঁচোৰ পৰিলেও প্ৰেম প্ৰেমেই৷ মানুহ, মানুহ হৈ থকালৈকে ই সকলোৰে হৃদয়ত এক চিৰন্তন ফল্গুধাৰা হৈ বৈ থাকিব৷
শেষত ভূপেন দাসৰ এফাঁকি কবিতাৰ ভাষাৰে …
“ শীতত পিন্ধি ল’বলৈ
আৰু গ্ৰীষ্মত খুলি থ’বলৈ
ভালপোৱা
এযোৰ গৰম পোছাক নহয়
ভালপোৱা
হৃদয়ত তেজেৰে লিখি থোৱা
প্ৰিয়জনৰ চিঠি৷ “
← প্ৰেমৰ সংজ্ঞা বিচাৰি- (ৰঞ্জিত হাজৰিকা)
প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলোঁ- (ড. লোচন শইকীয়া) →
You May Also Like
ওলট-পালট : কবি- অতুল চন্দ্ৰ হাজৰিকা (ইউনিক’ড ৰূপান্তৰ- বৰ্ণালী হাজৰিকা)
January 14, 2013 March 10, 2021 1
কোচ-ৰাজবংশী জনগোষ্ঠীৰ কৃষিৰ লগত জড়িত মহিলা কেন্দ্ৰিক পূজা “হুদুম দেও”_অজয় বৰুৱা
November 21, 2020 2
হেঁপাহৰ ঘৰটো আৰু বেংকৰ ঋণৰ ইটো-সিটো আৰু হেঁপাহৰ ঘৰটো (অনুপমা বৰগোঁহাই)
January 14, 2013 March 10, 2021 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অদীপ
5 years ago
সুন্দৰ লিখনি
0
Reply
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>টাই আহোম যুৱ পৰিষদৰ উদ্যোগত শিৱসাগৰৰ ৰংঘৰ বাকৰিত অনুষ্ঠিত হৈছে ৰংপুৰ মেলা। পহিলা মাঘত অনুষ্ঠিত এই মেলা উপলক্ষে আজি ৰংঘৰ বাকৰি উদুলি মুদুলি পৰিৱেশ। তাই আহোম, গাৰো, তিৱা আদিকে ধৰি বহুকেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে এই অনুষ্ঠানত বৰ্ণিল কাৰ্যসূচী পৰিৱেশন কৰে।
পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ অনুষ্ঠানৰ পিছত এছিয়াৰ প্ৰথম পেভিলিয়ন ৰূপে খ্যাত ৰংঘৰ বাকৰিত ৰংপুৰ মেলা আনুষ্ঠানিক ভাৱে আৰম্ভ হয়। ৰছী টনা, পিছল খুটা বগুৱা আদিকে ধৰি ভালেমান আকৰ্ষণীয় কাৰ্যসূচীৰে উদুলি মুদুলি ৰংঘৰৰ বাকৰি।
উল্লেখ্য যে টাই আহোম যুৱ পৰিষদে ২০১১ বৰ্ষৰ পৰা ধাৰাবাহিক ভাৱে ৰংঘৰ বাকৰিত ‘ৰংপুৰ মেলা’ৰ আয়োজন কৰি আহিছে। আনহাতে ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত ৰংঘৰ বাকৰিত পৰম্পৰাগত ম’হ যুজঁ অনুষ্ঠিত হোৱা নাই যদিও ব্যাপক জন সমাগম ঘটিছে।
Photo Credit: @sanjaypareek
Published:
16-Jan-20 @ 12:37
Tags
Sivasagar
শিৱসাগৰ
Tai Ahom Yuba-Chatra Sanmilan
Rang Ghar
ৰংঘৰ