text
stringlengths 0
188k
|
---|
টাই আহোম |
ৰংপুৰ মেলা |
rong pur mela |
Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time<eot>গুৱাহাটী : চুৰিৰ মূল্যবান সামগ্ৰী লৈ নৈত জাপ দিলে চোৰে। হাতত চুৰিৰ সামগ্ৰীৰ টোপোলা লৈ ভৰলু নৈত জাপ দিলে চোৰে। ভৰলু নৈ হৈ নলাত প্ৰৱেশ কৰি পলায়ন চেষ্টা চলাই নলাত আৱদ্ধ হৈ পৰে চোৰটো। আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ লোকে নলাৰ পৰা উদ্ধাৰ কৰে চোৰটোক। |
সোমবাৰে অনিল নগৰত এটা চোৰক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ৰাইজৰ হাতত ধৰা পৰাৰ ভয়ত এটা চোৰে চুৰিৰ মূল্যবান সামগ্ৰীৰ টোপোলা লৈ ভৰলু নৈত জাপ দিয়ে। ভৰলু নৈ জাপ দিয়া চোৰটোক এজন স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ যাওঁতে চোৰটো ভৰলু নৈৰ লগত সংযোগ হৈ থকা এটা নলাত সোমাই যায়। |
ইয়াৰ পিছতে নলাটোৰ পৰা চোৰটোক উদ্ধাৰ কৰিবলৈ ৰাইজে চেষ্টা চলায় যদিও চোৰটো নলাৰ পৰা ওলাই নাহে। অৱশেষত ৰাইজে গীতনগৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ লোক উপস্থিত হৈ চোৰটোক নলাৰ পৰা উদ্ধাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰে। |
আৰক্ষী, স্থানীয় ৰাইজ আৰু এছডিআৰএফ বাহিনীৰ লোকে প্ৰায় এঘণ্টা সময় ধৰি প্ৰচেষ্টা চলাই চোৰটোক নলাৰ পৰা উদ্ধাৰ কৰে। চোৰটো নলাৰ পৰা ওলাই আহে যদিও চুৰিৰ সামগ্ৰীখিনি নলাৰ ভিতৰতে এৰি আহে। চোৰটোক আৰক্ষীয়ে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়ে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে |
November 28, 2022 5 0 CommentsBy: Sangbad 365 |
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক |
Read More... |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 14 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো |
Read More... |
Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ |
November 27, 2022 24 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ<eot>স্বায়াম্ভুৱ মনুৰ জেষ্ঠ পুত্র প্ৰিয়ব্ৰতে কুমাৰ কালতে নাৰদৰ পাদসেৱা কৰাৰ ফলত তত্ব জ্ঞান লাভ কৰি মহাভাগৱত অৰ্থাৎ কৃষ্ণৰ পৰম ভকত হৈছিল। এই উন্নত জ্ঞানৰ প্ৰভাৱত তেওঁ ৰজা হোৱাৰ বাসনা ত্যাগ কৰি সৰু ভায়েক উত্তানপাদক ৰাজ্য ভাৰ গতাই তপস্যা কৰিবলৈ বনলৈ গুচি গল। |
উত্তানপাদে বহু বছৰ ৰাজ্যশাসন কৰিছিল। |
তেওঁৰ পাছত ধ্ৰুৱ আৰু ধ্ৰুৱৰ বংশধৰ সকলে ৰাজ্যশাসন কৰিছিল। প্ৰাচীনবৰ্হি আৰু প্ৰচেতাসকল ধ্ৰুৱৰ বংশধৰ আছিল। প্ৰচেতাসকলৰ পুত্র দক্ষই এটা সময়ত ৰাজ্য ত্যাগ কৰি বনলৈ গুচি যোৱাত দেশত ৰজা নোহোৱা হল। ৰজা নহলে দেশৰ শাসন নচলিব বুলি ভয় কৰি মনু চিন্তিত হল আৰু পুত্র প্ৰিয়ব্ৰতৰ ওচৰলৈ আহি তেওঁক ৰজা হবলৈ উপদেশ দিলে। প্ৰিয়ব্ৰতে ইতিমধ্যে ধ্যান ধাৰণা কৰি কৃষ্ণত সুদৃঢ় ভকতি লাভ কৰিছিল। যাৰ ফলত তেওঁ সমস্ত জগত বিষ্ণুময় দেখিছিল। |
এনে অৱস্থাত থকা বাবে তেওঁ পিতাকৰ আদেশ মানি লবলৈ অমান্তি হল। বিফল মনোৰথ হৈ মনু ঘূৰি আহিল। প্ৰিয়ব্ৰতৰ পিতামহ ব্ৰহ্মাই ধ্যানযোগে এই কথা গম পাই গন্ধমাদন পৰ্ৱত যত প্ৰিয়ব্ৰত ৰজাই ব্ৰহ্মসত্ৰ পাতি কৃষ্ণৰ ধ্যানধাৰণাত ব্যস্ত আছিল, তাত উপস্থিত হল আৰু প্ৰিয়ব্ৰতক ৰাজকাৰ্য্য চলাবলৈ উপদেশ দিলে। ব্ৰহ্মাই প্ৰিয়ব্ৰতক বুজালে যে, ঈশ্বৰৰ আজ্ঞমতে সকলো প্ৰাণী চলে। গতিকে প্ৰিয়ব্ৰতেও ঈশ্বৰৰ আজ্ঞা মানি চলা উচিত। ঈশ্বৰৰ বৰ্তমান আজ্ঞা এই যে, প্ৰিয়ব্ৰত ৰজা হব লাগে। |
ব্ৰহ্মাই নাতিয়েকক আৰু বুজালে যে জীৱবোৰ নাকী লগোৱা গৰুৰ দৰে। নাকী লগোৱা বলধে কৃষ্ণকৰ ইচ্ছা মতে চলাৰ দৰে জীৱসমূহো ঈশ্বৰৰ ইচ্ছামতে চলিব লাগে। মানুহে ইচ্ছামতে কৰ্ম বা ভোগ কৰিব নোঁৱাৰে। সুখ দুঃখ মানুহে বাচি লব নোঁৱাৰে। |
সুখ আৰু দুখ ঈশ্বৰে এটাৰ পাছত আনটো বা দুয়োটা একেলগে পথিয়াই। মানুহে তাৰ কাৰণে বিচাৰ নকৰি প্ৰশান্তিচিত্তি সেইবোৰ সহ্যহে কৰি যাব লাগে। এই জগতত ঈশ্বৰে মানুহক যি উদ্দেশ্য লৈ সৃষ্টি কৰিছে, সৈই উদ্দেশ্য সফল হোৱা বাবে তেওঁ কাম কৰিব লাগে। ঈশ্বৰে নিদিষ্ট কৰি দিয়া কৰ্ম অস্বীকাৰ কৰাৰ মানুহৰ অধিকাৰ নাই। |
সংসাৰত থাকিলে মুক্তি লাভ কৰিব নোঁৱাৰিব বুলি প্ৰিয়ব্ৰতে আশংকা কৰিব বুলি ভাৱি ব্ৰহ্মাই প্ৰিয়ব্ৰতক বুজালে যে, তেনেকুৱা আশংকাৰ কোনো কাৰণ নাই। সংসাৰত থাকিও বিষয়ৰ প্ৰতি অনাসক্ত হৈ থাকিলে আৰু সকলো সুখ দুঃখ প্ৰাৰদ্বমতে হৈছে বুলি সেইবোৰ ভুঞ্জিলে, মানুহ সংসাৰ বন্ধনৰপৰা মুকলি হৈ জীৱন মুক্ত হব পাৰে। |
এনেকুৱা মানুহে সংসাৰৰ সুখ দুঃখ সপোনত দেখা সুখ দুঃখৰ মুল্যহীন বুলি বিবেচনা কৰে আৰু ফলৰ আশা নকৰি সকলো কৰ্ম কৰাৰ ফলত নতুন কোনো বাসনাৰ জন্ম নিদিয়ে বাবে তেওঁৰ পুনজন্ম নহয়। |
যি মানুহৰ নিজৰ ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্রণ নাই, তেওঁ অৰণ্যত বাট হেৰুৱাৰ দৰে জন্ম মৃত্যুৰ চক্ৰত ঘূৰি ফুৰে। কাম, ক্ৰোধ, লোভ, মোহে, মদ, মাৎসয্য এই ষড়ৰিপুৱে তেওঁক সদায়ে অনুসৰণ কৰি অধঃপতন ঘটাব। আনহাতে যিয়ে নিজৰ ইন্দ্ৰিয় জয় কৰিছে আৰু নিজকে পৰমাত্মাৰ লগত অভিন্ন দেখিছে, তেওঁ এই পৃথিৱীত বাস কৰাৰ বাবে সবাতোকৈ উপযুক্ত। সাংসাৰিক বস্তুৰ প্ৰতি অনাসক্তিৰ গুণত তেওঁ মানুহৰ মাজত বিচৰণ কৰাৰ বাবে আদৰ্শ ব্যক্তি হয়। |
যাৰপৰা আন মানুহে শিকিব পাৰে আৰু বিপদগ্রস্ত মানুহে সহায়তা লাভ কৰিব পাৰে। |
ইন্দ্ৰিয়ক জয় কৰিব খোজা মানুহে সংসাৰত সাধাৰণ জীৱন যাপন কৰিব লাগে। তেওঁ বিয়া কৰাব লাগে। সন্তান জন্ম দিব লাগে, কিন্তু ষড়ৰিপুক দমন কৰিবলৈ সততে যত্ন কৰিব লাগে। ইন্দ্ৰিয়ক দমন কৰা মানুহে এই জগতত নিৰ্ভীকভাৱে বিচৰন কৰি ফুৰিব পাৰে। |
শক্ৰৱে অৱৰুদ্ধ কৰাৰ ৰজাৰ নগৰ এখন দৃষ্টান্ত এই ক্ষেত্রত প্ৰযোজ্য। ৰজাজনে দুৰ্গৰ ভিতৰত আশ্ৰয় লৈ নগৰ ৰক্ষা কৰে। সেইদৰে মানুহে যদি হৰিচৰণত আশ্রয় লয়, তেওঁ সহজে ইন্দ্ৰিয়সমূহক জয় কৰিব পাৰে আৰু ঈশ্বৰে দিয়া সংসাৰৰ বস্তুবোৰ মুক্ত ভাৱে ভোগ কৰিব পাৰে। নিজৰ জীৱনৰ অৱসান হলে এনেকুৱা মানুহ পৰমাত্মাৰ লগত মিলিত হৈ যায়। |
এইবোৰ উপদেশ দি ব্ৰহ্মাই প্ৰিয়ব্ৰতক কৃষ্ণৰ আজ্ঞা পালি নৃপতি হবলৈ কলে। ব্ৰহ্মাৰ কথামতে প্ৰিয়ব্ৰতে ৰজা হবলৈ মান্তি হল আৰু তেতিয়া মনু আহি প্ৰিয়ব্ৰতক ৰাজ্যলৈ ঘূৰাই নি ৰজা পাতিলে প্ৰিয়ব্ৰত সপ্তদ্বীপা বসুমতীৰ অধিপতি হল। প্ৰচণ্ড প্ৰতাপেৰে তেওঁ তিনিও জগত শাসন কৰিলে। |
তথাপিটো প্ৰিয়ব্ৰত বিষয় সুখত আসক্ত নহৈ ৰাতিদিনে গোবিন্দক চিন্তা কৰি থাকিল। তেওঁ মহন্তক বহু মান কৰিছিল, যিয়ে যি বস্তু খোজে, তাকে সেই দান দিছিল। দুখী, ভিক্ষী, দেশান্তৰী অতিথি আদি সকলোকে পূজা কৰিছিল। হৰিৰ সেৱাত মনোনিবেশ কৰি ৰজাই কৰ্ম বন্ধ ছিঙি মহাসুখী হৈছিল। |
এইভাৱে ব্ৰহ্মাণ্ড শাসন কৰাৰ সময়ত মহাৰাজ প্ৰিয়ব্ৰত সূৰ্য্যদেৱৰ কক্ষপথত বিচৰন প্ৰণালীত অসন্তস্ত হৈছিল। সূৰ্য্যই নিজৰ ৰথত উঠি সুমেৰু পৰ্ৱত প্ৰদক্ষিণ কৰাৰ ফলত দিন ৰাতিৰ সৃষ্টি হৈছিল। সূৰ্য্যই সুমেৰুৰ উত্তৰ দিশত চলিলে পৃথিৱীৰ দক্ষিণ ভাগত ৰাতি হৈছিল আৰু দক্ষিণ ভাগত চলিলে পৃথিৱীৰ উত্তৰ ভাগত ৰাতি হৈছিল। ৰজাই পৃথিৱীৰ কোনো দিশতে ৰাতি হোৱাৰ ভাল পোৱা নাছিল। |
তেওঁ পৃথিৱীত সদায়ে দিন হোৱাতো বিচাৰি এখন জ্যোতিময় ৰথত উঠি সূৰ্য্যৰ পাছে পাছে ঘূৰিব ধৰিলে। যি ফালে সূৰ্য্যৰ পোহৰ নপৰাৰ বাবে এন্ধাৰ হৈ, সেইফালে ৰজাই নিজৰ জ্যোতিময় ৰথৰ আলোকৰে পোহৰাই দিয়ে। এইদৰে মেৰু পৰ্ৱতৰ চাৰিওফালে ৰাতিৰ এন্ধাৰ গুচি সদায়ে দিনৰ পোহৰ পৰিবলৈ ধৰিলে। |
প্ৰিয়ব্ৰত ৰজাই যেতিয়া সূৰ্য্যৰ পাছে পাছে ৰথত উঠি মেৰু প্ৰদক্ষিণ কৰি ঘূৰি ছিল, তেতিয়া ৰথৰ চকা লাগি পৃথিৱীত সাতটা গাত হৈছিল। এই গাত কেইটা সাতসাগৰত পৰিণত হৈছিল আৰু আৰু সেই সাতসাগৰ অন্তবৰ্তী এলেকাবোৰ সাতটা দ্বীপত বিভক্ত হৈছিল। সাগৰবোৰৰ নাম আছিল, লোণ, গুড়, সুৰা, ঘৃত, দধি, দুগ্ধ আৰু জল আৰু দ্বীপবোৰৰ নাম আছিল, জম্বু, প্লক্ষ, শাল্মলী, কুশ, ক্ৰৌঞ্চ, শাক আৰু পুষ্কৰ। |
ৰজাৰ দহজন পুত্ৰৰ ভিতৰত তিনিজন সন্ন্যাসী হৈছিল। বাকী সাতজন তেওঁ সাতদ্বীপৰ অধিপতি পাতিছিল। তেওঁৰ উৰ্জস্বতী নামৰ কন্যা এজনীও আছিল। যাক তেওঁ শুক্ৰলৈ বিয়া দিছিল। তেওঁলোকৰ দেৱযানী নামৰ কন্যা এজনী জন্মিছিল। যাক ৰজা যযাতিয়ে বিয়া কৰাইছিল। |
ৰজাই একাদশ অৰ্বুদ বছৰ ৰাজত্ব কৰাৰ পাছত, পুত্র সকলক ৰাজ্যভাৰ গতাই, গৃহ, পত্নী আদি সকলোকে ত্যাগ বনলৈ গল আৰু গোবিন্দক ধ্যান কৰি পৰম গতি লাভ কৰিলে। |
Related Posts |
Scene Problem Home Remedies |
Health Tips In Assamese |
How Radha Died In Assamese Story |
Add a Comment |
Cancel reply |
Your email address will not be published. Required fields are marked * |
Comment:* |
Name:* |
Email Address:* |
Website: |
Save my name, email, and website in this browser for the next time I comment. |
Categories |
Categories Select Category APPS ASSAMESE Assamese Story EARNINGS APPS FRP BYPASS GADGET WORLD GAMING Health Update HOW TO JOB NEWS MOBILES NEWS PC/LAPTOPS TABLETS TECH NEWS<eot>এন আৰ চিৰ খচৰাৰ পৰা বহু লাখ ভাৰতীয় লোকৰ নাম বাদ পৰাৰ বাবে চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষক দোষাৰোপ কৰি অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল। ফটো : য়ু বি। |
101 |
VIEWS |
Share on FacebookShare on Twitter |
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত খচৰাৰ পৰা ৪০ লাখতকৈও অধিক লোকৰ নাম বাদ পৰাক কেন্দ্ৰ কৰি অসমৰ লগতে সমগ্ৰ ভাৰততে প্ৰতিক্ৰিয়া অব্যাহত আছে। |
খচৰাৰ পৰা বহু প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰা বুলি বিভিন্ন মহলে দাবী কৰি থকাৰ সময়তে এই ক্ষেত্ৰত ভাৰত চৰকাৰ, ভাৰতৰ মহাপঞ্জীয়ক আৰু এন আৰ চিৰ বিষয়ববীয়াসকলক দোষাৰোপ কৰিছে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। |
মঙলবাৰে গুৱাহাটীৰ এখন হোটেলত সংবাদমেল সম্বোধন কৰি শইকীয়াই আজি উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা থকাৰ পাছতো ১৯৭১ চনৰ বহু পূৰ্বৰে পৰা ভাৰতত থকাৰ প্ৰমাণ থকা বহু লোকৰ নাম খচৰাৰ পৰা বাদ পৰা ঘটনাত আশ্চৰ্য প্ৰকাশ কৰে। |
তেওঁ কয়, “উচ্চতম ন্যায়ালয়ৰ মহামান্য ন্যায়াধীশ দুগৰাকীয়ে যোৱা ২০১৮ চনৰ ২৭ মাৰ্চত ৰাজ্যিক সমন্বয়ক আৰু ভাৰত চৰকাৰক এটা নিৰ্দেশ দিছিল যে ২০১৮-ৰ মে’ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত যদি আন ৰাজ্য বা বিভিন্ন ৰাজহুৱা খণ্ডৰ অধীনস্থ বেংক, বীমা কোম্পানী অথবা ৰাজ্যৰে বিভিন্ন জিলালৈ পৰীক্ষণৰ বাবে পঠোৱা নথিসমূহ ঘূৰি নাহে তেতিয়া হ’লে জিলা দণ্ডাধীশৰ এটা দল ঘৰে ঘৰে পঠিয়াই যিসকলৰ নথি অহা নাই তেওঁলোকৰ পৰীক্ষণৰ কাম সম্পন্ন কৰিব লাগে। আৰু ৩১ মেৰ ভিতৰত এই কামটো সম্পূৰ্ণ কৰিব লাগে।” |
শইকীয়াই কয় যে উচ্চতম ন্যায়ালয়ৰ এনে নিৰ্দেশনা থকাৰ পাছতো এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত ভাৰতৰ মহাপঞ্জীয়ক ড০ শৈলেশে আন ৰাজ্যৰ পৰা বহু নথি ঘূৰাই পঠোৱা নাই বুলি বিভিন্ন ৰাজ্যৰ চৰকাৰক দোষাৰোপ কৰিছে। |
উল্লেখ্য যে, এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ক জনোৱা হৈছিল যে ১০ লাখ ৬৭ হাজাৰ নথি বিভিন্ন ৰাজ্য, বিভিন্ন ৰাজহুৱা খণ্ডৰ অধীনস্থ বেংক, বীমা কোম্পানি অথবা আমাৰ ৰাজ্যৰে বিভিন্ন জিলালৈ সত্যাসত্য পৰীক্ষণৰ বাবে পঠোৱা হৈছে আৰু তাৰ মাত্ৰ ৩৭ শতাংশহে ঘূৰি আহিছে। যথেষ্ট সংখ্যক নথি ঘূৰি নহা বাবে পৰীক্ষণ প্ৰক্ৰিয়া আৰু অন্তৰ্ভূক্তিকৰণত পলম হৈছে। |
এই সন্দৰ্ভত শইকীয়াই কয়, “উচ্চতম ন্যায়ালয়ে যিহেতু আন ৰাজ্যৰ পৰা নথি নাহিলেও এন আৰ চি কৰ্তৃপক্ষক কামখিনি সম্পূৰ্ণ কৰাৰ কৰ্তৃত্ব দিছিল, তাৰ পাছতো যিসকল লোক ১৯৪৮, ১৯৫৬, ১৯৬৪ চন আদিত পূব পাকিস্তানৰ পৰা বিভিন্ন কাৰণত ভাৰতলৈ আহিছিল বা যিসকলৰ তেতিয়াৰ নাগৰিকত্ব পঞ্জীয়কৰ পৰা লোৱা প্ৰমাণপত্ৰ আছে তেনে বহু লোকৰ নাম খচৰাৰ পৰা বাদ পৰিব নালাগিছিল।” |
গতিকে এই ক্ষেত্ৰত তেওঁ ভাৰত চৰকাৰৰ লগতে, মহাপঞ্জীয়ক আৰু এন আৰ চি কৰ্তৃপক্ষক সম্পূৰ্ণৰূপে জগৰীয়া বুলি কয়। |
তেওঁ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক এন আৰ চিৰ ক্ষেত্ৰত থকা নিৰ্দেশনাসমূহ কিমান পূৰণ কৰিলে সেয়া এন আৰ চি কৰ্তৃপক্ষৰ যোগেদি উচ্চতম ন্যায়ালয়ত দাখিল কৰাৰো দাবী জনায়। |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>হাইলাকান্দিত এটা কিশোৰ-কিশোৰীৰ বাবে জীৱন দক্ষতা প্ৰশিক্ষণ শিবিৰৰ ( Life Skill Training for Adolescent Youth) আয়োজন কৰা হৈছে। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ পৃষ্ঠপোষকতাত এই শিবিৰটোৰ আয়োজন কৰিছে নেহৰু যুৱ কেন্দ্ৰ সংগঠনে। আজি আৰম্ভ হোৱা অনাৱাসিক (non-residential) জীৱন দক্ষতা প্ৰশিক্ষণ শিবিৰৰ অহা ৩০ আগষ্টত সামৰণি পৰিব বুলি উদ্যোক্তসকলে জনাইছে। এই শিবিৰটো বিষয়াসকলঅৱসৰ বিনোদন ক্লাবত আয়োজন কৰা হৈছে। |
এই প্ৰশিক্ষণ শিবিৰটোত ১০ৰ পৰা ১৯ বছৰৰ ভিতৰৰ ৪০ গৰাকী কিশোৰ-কিশোৰীয়ে যোগদান কৰিছে। |
শিবিৰটো উদ্বোধন কৰিছে স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সচিব ড০ অভিজিৎ বসুৱে। উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল বিদ্যালয় পৰিদৰ্শক ৰাজীৱ কুমাৰ ঝা, পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জে ইছলাম। |
ইয়াৰ পূৰ্বে নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ জিলা সমন্বয়ক শেখৰ ৰঞ্জন দেবে ‘জীৱন দক্ষতা’ক দৈনন্দিন জীৱনৰ বিভিন্ন প্ৰয়োজন আৰু পৰিৱৰ্তনৰ সৈতে তাল মিলাই চলিবলৈ তথা ইতিবাচক আচৰণেৰে পৰিস্থিতিৰ সৈতে দক্ষতাৰে মুখামুখি হ’বলৈ প্ৰদান কৰা ক্ষমতা বুলি ব্যাখ্যা কৰিছে বিশ্ব স্বাস্থ্য সন্থাই। তেওঁ আৰু কয়, ‘বহলাই ক’বলৈ হ’লে জীৱন দক্ষতাৰ তিনিটা ক্ষেত্ৰ আছে সেয়া হৈছে চিন্তাৰ দক্ষতা, সামাজিক দক্ষতা আৰু বন্দোৱস্ত কৰাৰ দক্ষতা।’ |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>উচ্চতৰ মাধ্যমিকত ‘স্বদেশ অধ্যয়ন’ : ৰাজনৈতিক মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ অভিযোগ অস্বীকাৰ শিক্ষা সংসদৰ |
by এন ই নাও নিউজ |
July 14, 2018 3:41 pm |
3.8k |
VIEWS |
Share on FacebookShare on Twitter |
স্বদেশ অধ্যয়ন নামৰ অসমৰ ইতিহাস আৰু ভুগোল ভিত্তিক এটা নতুন পাঠ্যক্ৰমৰ সৃষ্টি কৰাৰ কথা বিৱেচনা কৰি আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। এই অসমত এই নতুন বিষয়টো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী পৰ্যায়ৰ পাছৰ এটা গুৰু পাঠ্যক্ৰম হ’ব। |
এই সন্দৰ্ভত নামনি অসমৰ টংলা চহৰত এখন সভা অনুষ্ঠিত হৈ যায়। এই সভাখনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঞি আৰু সচিব সংদৰ সচিব কমলজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে এই নতুন বিষয়টোক অসমত জনপ্ৰিয় কৰাৰ বাবে উপায় উদ্ভাৱনৰ চিন্তা কৰে। |
স্বদেশ অধ্যয়নে শিক্ষাৰ্থীসকলক অসমৰ ইতিহাস আৰু ভূগোলৰ এটা পুৰ্ণাংগ ধাৰণা লাভ কৰাত সহায় কৰিব। এই পাঠ্যক্ৰমৰ বিষয়সূচীত অসমৰ ঐশ্বৰ্যময় আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ লগতে অসমত বৌদ্ধিক উত্থানক লিপিবদ্ধ কৰা হৈছে। গগৈয়ে আৰু কয় যে এই পাঠ্যক্ৰমটোৱে শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাতো সহায় কৰিব। |
তেওঁ আৰু কয় যে এই বছৰৰ পৰা একাদশ মানত অন্তৰ্ভুক্ত কৰা এই বিষয়টোৱে শিক্ষাৰ্থীসকলক নিজৰ ৰাজ্যখনৰ বিষয়ে শিকাব পৰা পাঠ্যক্ৰম এটাৰ বহু দিনীয়া অভাৱ এটা পূৰ্ণ কৰিব। |
টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি বিশ্ববিদ্যালয়ত এই বিষয়টোক স্বীকৃতি দিয়াৰ সিদ্ধান্ত গৃহীত হৈছে আৰু ইয়ে এই বিষয়টো মহাবিদ্যালয়সমূহত স্নাতক পৰ্যায়লৈ অধ্যয়ন কৰিব পৰাৰ বাট মুকলি হৈছে। |
তেওঁ আৰু কৈছে যে ইয়ে এই বিষয়টো উচ্চতৰ মাধ্যমিক পৰ্যায়ত পঠাৰ বাবে উৎসাহিত কৰিব। |
বিষয়টো শিক্ষানুষ্ঠানসমূহত জনপ্ৰিয় কৰি তোলাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ শীৰ্ষ বিষয়াসকলে এটা ভ্ৰমণ আৰম্ভ কৰিছে। যদিওবা হিন্দুত্ববাদী দল এটাৰ চৰকাৰৰ আমোলত এটা তীব্ৰ আধ্যাত্মিক ব্যঞ্জনা থকা এটা বিষয়ৰ সূচনা কৰাক লৈ বিভিন্ন মহলৰ পৰা প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে, ৰাজনৈতিক চিন্তা বা মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উঠা অভিযোগ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা খণ্ডন কৰা হৈছে। |
Recent News |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি |
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে দেশৰ মুখ্য ন্যায়াধীশৰ গুৰুতৰ অভিযোগ Prag News : Latest Assam News , Best Assamese News Channel, Assam News Live Today , North East Brea |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.