text
stringlengths
0
188k
আজি গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত ‘নিমাইল’ নামৰ এই একশ্যন ফ্ল’ৰ ক্লীনাৰবিধ মুকলি কৰা অনুষ্ঠানটোত উপস্থিত থাকে আই টি চি জীৱবিজ্ঞান আৰু প্ৰযুক্তিকেন্দ্ৰৰ প্ৰধান বৈজ্ঞানিক ড০ ৰামস্বামী আন্নাডুৰাই আৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী।
আই টি চিয়ে বজাৰত মুকলি কৰি দিয়া এই ‘নিমাইল’ নামৰ ফ্ল’ৰ ক্লীনাৰবিধৰ বিষয়ে ড০ আন্নাডুৰায়ে কয়, “নিম শতিকা ধৰি ভাৰতীয় স্বাস্থ্যবিধিৰ অবিচ্ছেদ্য অংগ হৈ আহিছে। নিমক ইয়াৰ ঔষধি আৰু উপচাৰাত্মক কাৰ্যৰ বাবে পিছফালৰ ফাৰ্মাচি বুলি গণ্য কৰা হয়। ‘নিমাইল’ নিমৰ পৰোপকাৰিতা আৰু প্ৰাকৃতিক চাফ-চিকুণতাৰ প্ৰতিশ্ৰুতিৰ সাক্ষী।”
তেওঁ লগতে কয় যে প্ৰাকৃতিক গুণসম্পন্ন ‘নিমাইল’-এ ঘৰৰ মজিয়াখন পৰিষ্কাৰ কৰি ৰখাৰ লগতে বীজাণু নাশ কৰি শিশুৰ বেমাৰ-আজাৰৰ সাম্ভাব্য বিপদ নাইকিয়া কৰে।
অনুষ্ঠানটোত উপস্থিত থাকি অভিনেত্ৰী নিশিতা গোস্বামীয়ে কয়, “নিম বীজাণু নাশক আৰু চাফ-চিকুণতাৰ ফলপ্ৰসূ উপাদান। ‘নিমাইল’ হৈছে এক মহান আৰম্ভণি।”
তেওঁ লগতে ৰাইজৰ সন্মুখলৈ পৰিৱেশ অনুকূল মজিয়াৰ চাফ-চিকুণতাৰ বাৰ্তা সন্মুখলৈ অনাৰ বাবে আই টি চিক ধন্যবাদ জনায়।
Recent News
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>হাফলং : ডিমা হাছাও জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চালক-হেণ্ডিমেনসহ পাঁচখনকৈ ট্ৰাক জ্বলাই দিয়ে দুৰ্বৃত্তই। প্ৰথমে ট্ৰাক কেইখনৰ ওপৰত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলী বর্ষণ ইয়াৰ পিছতে অগ্নি সংযোগ। অগ্নিদগ্ধ অৱস্থাত ট্ৰাক কেইখনৰ পৰা উদ্ধাৰ চালক-হেণ্ডিমেনৰ মৃতদেহ। পাঁচখন ট্ৰাকৰ ভিতৰত এখন কয়লা ভৰ্তি ট্ৰাক।
Please subscribe our YouTube Channel and like our Facebook page.
বৃহস্পতিবাৰে নিশা ৮.৩০ মান বজাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ডিমা হাছাও জিলাৰ হাফলং তিনিআলিৰ ডিয়ুংমুখৰ লংকা আৰু উমৰাংচু পথত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে ট্ৰাক কেইখনৰ ওপৰত গুলী বর্ষণ কৰি পিছত ট্ৰাক কেইখনত অগ্নি সংযোগ কৰে।
ট্ৰাক কেইখনৰ এখন কয়লা ভৰ্তি ট্ৰাক আছিল আৰু আন চাৰিখন ট্ৰাক ডালমিয়া চিমেণ্টৰ আছিল বুলি জানিব পৰা গৈছে। ঘটনাত পাঁচজনকৈ ট্ৰাক চালক আৰু হেণ্ডিমেনৰ মৃত্যু হৈছে। ট্ৰাক কেইখনত দুৰ্বৃত্তৰ দলটোৱে অগ্নি সংযোগ কৰাৰ পিছতে ৰাজপথৰ ওপৰত দাও দাওকৈ ট্ৰাক কেইখন জ্বলি উঠে। পাঁচজনকৈ ট্ৰাক চালক আৰু হেণ্ডিমেন নিহত হোৱাৰ লগতে কেইবাজনো চালক আৰু হেণ্ডিমেন গুৰুত্বৰভাৱে অগ্নিদগ্ধ হৈছে৷
ঘটনা সংঘটিত কৰিয়ে দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ডিমাছা উগ্ৰপন্থী সংগঠনে এই লোমৰ্হষক কাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ডিমাছা উগ্ৰপন্থী সংগঠন ডিএনএলএ এই ভয়ংকৰ ঘটনাৰ লগত জড়িত থকাৰ বুলিও একাংশই প্ৰকাশ কৰিছে। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ ট্ৰাক কেইখনৰ জুই নিৰ্বাপন কৰে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ হাফলংত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা
December 1, 2022 4 0 CommentsBy: Sangbad 365
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত
Read More...
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি
December 1, 2022 18 0 CommentsBy: Sangbad 365
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও
Read More...
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা
November 30, 2022 9 0 CommentsBy: Sangbad 365
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>অসম-অৰুণাচল প্ৰদেশ উভয় চৰকাৰৰ অকৰ্মণ্যতাৰ বাবেই শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ সদৰ চাংলাঙৰ সৈতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ যোগাযোগ শীঘ্ৰে বিচ্ছিন্ন হোৱাৰ দিশে আগবাঢ়িছে। উল্লেখ্য যে মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচল প্ৰদেশৰ চাংলাং সংযোগী ৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ বিধ্বস্ত অৱস্থাৰ ফলত শীঘ্ৰে যাতায়ত বন্ধ হোৱাৰ উপক্ৰম ঘটিছে।
আনহাতে, গুৰুত্বপূৰ্ণ পথটোৰ নামদাং চাহ বাগিছাৰ গফ্ল ফিল্ডৰ সমীপত সৃষ্টি হোৱা বিধ্বংসী খহনীয়াৰ ফলত যাতায়তত তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে। উক্ত অংশত পথটোৰ প্ৰায় ৬০ শতাংশ খহনীয়াত জাহ যোৱাত সম্প্ৰতি উক্ত পথেৰে অহাযোৱা কৰা যান-বাহন বিলাকে মৰণত শৰণ দি পাৰাপাৰ হ’বলগীয়াত পৰিছে।
চাংলাং জিলাৰ চৰকাৰী বিভাগসমূহৰ মুখ্য কাৰ্যালয় এই চাংলাঙলৈ এই পথেদি দৈনিক বহু লোকৰ আহ যাহ হয়। কিন্তু গুৰুত্বপূৰ্ণ পথটোৰ মেৰামতিৰ ক্ষেত্ৰত উভয় চৰকাৰৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবে অতি শীঘ্ৰে দুয়োখন ৰাজ্যৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰাটো খাটাং হৈ পৰিছে। ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভৱনা থকা পথটোৰ এই বিধ্বস্ত অংশ বিভাগীয় কৰ্তৃপক্ষই বালিৰ বস্তাৰে বিপদৰ সংকেত দিয়েই দায়িত্ব সামৰিছে।
সম্প্ৰতি পথটো জহি-খহি মাত্ৰ তিনি-চাৰি মিটাৰমানহে বাকী আছেগৈ। জানিব পৰা মতে, নৰ্থ-ইষ্ট কাউন্সিলৰ অধীনত থকা এই পথটোৰ মেৰামতিৰ নামত বিভাগীয় কৰ্তৃপক্ষই দীৰ্ঘদিন ধৰি কোনো আঁ‌চনি গ্ৰহণ কৰা নাই। শীঘ্ৰে পথটো মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে দুই-এদিনৰ ভিতৰতে মাৰ্ঘেৰিটা-চাংলাঙৰ মাজত যোগাযোগ বিচ্ছিন্ন হোৱাটো নিশ্চিত হৈ পৰিছে।
Recent News
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি
পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা: ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে তিনি শিশুৱে, গুৰুতৰভাৱে আহত আন এক শিশু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ডিব্ৰুগড়ত মানৱ অংগৰ বেহাত জড়িত এটা চক্ৰৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। চিকিৎসা কৰোৱাৰ চলেৰে চক্ৰান্তৰে বন্ধুৰ শৰীৰৰ পৰা কিডনি উলিয়াই বিক্ৰী কৰি দিলে ডিব্ৰুগড়ৰ ৰামকিশোৰ ভগত নামৰ এজন দালালে।
ভুক্তভোগী ডিব্ৰুগড়ৰ শান্তিপাৰাৰ দীপাংকৰ দাসৰ গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিছে দালাল ৰামকিশোৰ ভগতক।
দীপাংকৰ দাসে সাংবাদিকৰ আগত কোৱা মতে, তেওঁৰ পেটৰ বিষৰ সুযোগ লৈ লিভাৰৰ চিকিৎসা কৰোৱাম বুলি ঘনিষ্ঠতাৰ সূত্ৰে ভগতে তেওঁক কলকাতালৈ লৈ যায় আৰু তাত আৰ এন টেগৰ চিকিৎসালয়ত ভৰ্তি কৰায়।
চিকিৎসালয়ত ঔষধ দিয়াৰ পিছত তেওঁৰ চেতনা হেৰায় আৰু তেওঁক ডাক্তৰে অপাৰেশ্যন কৰে। চেতনা ঘূৰি অহাৰ পিছতে তেওঁ নিজৰ অসুস্থতাৰ কথা জনাই নাৰ্ছক সোধাত নাৰ্ছে তেওঁৰ কিডনি উলিওৱা বুলি জনায়।
উল্লেখযোগ্য যে হেভি ভেহিকল চলোৱাৰ লাইচেন্স উলিয়াই দিয়াৰ প্ৰতিশ্ৰুতিৰে ৰামকিশোৰে দীপাংকৰৰ পৰা কেইবাটাও ডকুমেণ্টত চহী কৰাই লৈছিল।
নাৰ্ছৰ কথা শুনি দীপাংকৰ দাসৰ মূৰত সৰগ ভাগি পৰে। কিন্তু ইতিপূৰ্বে ৰামকিশোৰ ভগত হস্পিটেলখনৰ পৰা অন্তৰ্ধান হৈছিল। পিছত দীপাংকৰ ডিব্ৰুগড়লৈ ঘূৰি আহি ৰামকিশোৰক লগ কৰি এই প্ৰতাৰণাৰ কথা সোধাত তেওঁক ‘পইচা দিম’ বুলি কয়।
তেওঁৰ কিডনি ডিমাপুৰৰ দীপক দাসক দিয়া বুলিও জনায়। দীপাংকৰে কেছ দিম বুলি কোৱাত ৰামকিশোৰে দীপাংকৰক হত্যাৰ ভাবুকিও দিয়ে। লগতে দীপাংকৰৰ বেংক অব বৰোদাৰ একাউণ্টত ৪৯,৯০০ টকাও ভৰাই দিয়ে।
কিন্তু হতাশ হৈ পৰা দীপাংকৰে আৰক্ষীক এই বিষয়ে গোচৰ দিয়ে। আৰক্ষীয়ে গোচৰৰ ভিত্তিত ৰামকিশোৰক গ্ৰেপ্তাৰ কৰিছে।
স্থানীয় ৰাইজে ৰামকিশোৰৰ কঠোৰ শাস্তি দাবী কৰিছে। স্থানীয় ৰাইজে ডিব্ৰুগড়ত মানৱ অংগৰ বেহাক লৈ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে নিজৰ পৰিয়ালৰ মানুহক লৈ, বিশেষকৈ শিশুসকলক লৈ চিন্তিত হৈ পৰিছে। স্থানীয় ৰাইজে আজি এই বিষয়টোত প্ৰতিবাদ কৰি ডিব্ৰুগড় সদৰ থানা উত্তপ্ত কৰি তোলে।
স্থানীয় একাংশই দাবী কৰামতে, বহু দিনৰ পৰাই ৰামকিশোৰ আৰু তেওঁৰ লগৰীয়াসকলে এইদৰে মানৱ অংগৰ চোৰাং বেহা চলাই আহিছে আৰু বিভিন্নজনক টাৰ্গেট কৰি আহিছে।
জানিব পৰামতে, দালাল চক্ৰটোত ৰামকিশোৰ ভগতৰ সৈতে আন বহুকেইজন লোক থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
Recent News
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি
পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা: ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে তিনি শিশুৱে, গুৰুতৰভাৱে আহত আন এক শিশু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সৰ্ব্বভাৰতীয় পৰীক্ষাসমূহত অসমৰ স্থান নিম্নগামী হোৱাৰ ক্ষেত্ৰত দেওবাৰে বিশেষ আলোচনাচক্রৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত পুৱ ১০ বজাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। এই আলোচনাচক্ৰত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তা সকলে জনাইছে।
Tags # গুৱাহাটী
Share This
About W7S News
গুৱাহাটী
By W7S News at September 17, 2022
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Labels: গুৱাহাটী
No comments:
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
মন্তব্য
Archive
Archive November (50) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>আজিৰে পৰা গুৱাহাটীৰ চানমাৰিৰ অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ৩১ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা আৰম্ভ হ’ব। আজি আবেলি ৪ বজাত গ্ৰন্থমেলাখন আনুষ্ঠিনকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
আজিৰ গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিব শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব দেশৰ এগৰাকী আগশাৰীৰ চিন্তাবিদ জয়াৰত্ন বি দিশানায়কে আৰু সন্মানি অতিথি হিচাপে উপস্থিত থাকিব নেচনেল বুক ট্ৰাষ্টৰ সঞ্চালক ড০ ৰীতা চৌধুৰী। এখন সংবাদ মেল যোগে কালি এই কথা সদৰি কৰিছে পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু সচিব প্ৰমোদ কলিতাই।
অহা ২ জানুৱাৰীলৈ চলিব লগা গ্ৰন্থমেলাখনৰ আজিৰ উদ্বোধনী অনুষ্ঠানতে সাহিত্য একাডেমী বঁটা বিজয়ী যশস্বী সাহিত্যিক কথাশিল্পী অতুলানন্দ গোস্বামীক ২০১৭ বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত আছে এটি স্মাৰক, এখন প্ৰশস্তি পত্ৰ আৰু নগদ দুই লাখ টকা। আনুষ্ঠানিকভাৱে আজি এই বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
এইবাৰৰ গ্ৰন্থমেলাত ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ মুঠতে ৭৫ খন গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিব। ৰাজ্যখনৰ বিভিন্ন গ্ৰন্থ বিপনীৰ লগতে থাকিব দিল্লীৰ এখন, কলকাতাৰ ছখন, ৰাঁচীৰ এখন, ছিলঙৰ এখন আৰু হিমাচল প্ৰদেশৰ এখন গ্ৰন্থ বিপনী। এইবাৰৰ গ্ৰন্থমেলাত বাংলাদেশৰ গতিধাৰা নামৰ গ্ৰন্থ বিপনীখনেও অংশগ্ৰহণ নিশ্চিত কৰিছে।
উল্লেখযোগ্য যে অসম চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কত লোৱা সিদ্ধান্তত ক্ষুন্ন হৈ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই এইবাৰৰ গুৱাহাটী গ্ৰন্থমেলা বৰ্জনৰ সিদ্ধান্ত লৈছে। সেয়েহে এইবাৰৰ গ্ৰন্থমেলাত গ্ৰন্থ বিপনীৰ সংখ্যা ৭৫ খনলৈ হ্ৰাস পাইছে। যোৱাবছৰ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা বিপনীৰ সংখ্যা আছিল ৮৫ খন।
Recent News
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে