text
stringlengths
0
188k
কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ??
মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট
ভাৰতে নাগৰিকৰ ধৰ্মীয় স্বাধীনতা বজাই ৰাখক : আমেৰিকা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নতুন নাট্যকাৰ সৃষ্টিৰ মানসৰে অসম নাট্য সন্মিলনীৰ কেন্দ্ৰীয় সমিতিয়ে মালিগাওঁস্থিত ৰূপকোৱঁৰ জ্যোতি সংঘৰ সহযোগত যোৱা ১৩ ছেপ্তেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰলৈ গুৱাহাটীৰ মালিগাওঁস্থিত ৰূপকোৱঁৰ জ্যোতি সংঘত এক আৱাসিক পাণ্ডুলিপি লিখন কৰ্মশালা আয়োজিত হয়।
উক্ত কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত সমল ব‍্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা যথাক্ৰমে সেৱাব্ৰত বৰুৱা, কিশোৰ তহবিলদাৰ, মৃণাল কুমাৰ বৰা, অৰূপ বৰঠাকুৰ, হিমাংশু প্ৰসাদ দাস আৰু মুকাভিনয় শিল্পী মিনাংক ডেকাই।
অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে প্ৰত্যেক দিনেই প্ৰশিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰে। কৰ্মশালাত শিশু নাটৰ পাণ্ডুলিপিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। প্ৰশিক্ষণৰ অন্তত সভাপতিয়ে প্ৰশিক্ষাৰ্থী সকললৈ
প্ৰমাণ-পত্ৰ প্ৰদান কৰে।
কৰ্মশালাটিৰ আহ্বায়ক আছিল সন্মিলনৰ উপ সভাপতি বসন্ত বৰ্মন আৰু বিত্তীয় উপ সমিতিৰ সম্পাদক ভূপেন চন্দ্ৰ ডেকা। আগন্তুক দিনবোৰতো এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সন্মিলনৰ প্ৰধান সম্পাদকে জানিবলৈ দিয়ে।
Recent News
শ্ৰেণীকোঠাৰ ভিতৰতে মুছলমান ছাত্ৰক ‘সন্ত্রাসবাদী’ আখ্যা অধ্যাপকৰ: অভিযুক্ত শিক্ষকক নিলম্বন, তদন্তৰ নিৰ্দেশ
চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>হিন্দী বনাম আঞ্চলিক ভাষাৰ বিতৰ্ক নতুন কথা নহয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিয়ে ইংৰাজীৰ পৰিৱৰ্তে হিন্দীক চৰকাৰী ভাষা কৰাৰ পৰামৰ্শ দিছে। তাৰমাজতে তামিলনাডু চৰকাৰে মঙলবাৰে তামিলনাডু বিধানসভাত কেন্দ্ৰৰ বিৰুদ্ধে “হিন্দী আগ্ৰাসনৰ” অভিযোগ আনি এক প্ৰস্তাৱ উত্থাপন কৰে। বিজেপি বিধায়কসকলে তেতিয়া সদনৰ পৰা ওলাই যায়।
অমিত শ্বাহে কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত সমিতিৰ প্ৰতিবেদন দাখিল কৰিছিল। সমিতিৰ প্ৰতিবেদনত স্পষ্ট প্ৰস্তাৱ দিয়া হৈছে যে ৰাষ্ট্ৰসংঘত ভাৰতৰ চৰকাৰী ভাষা হ’ব লাগে হিন্দী। আকৌ চৰকাৰী শিক্ষানুষ্ঠান অৰ্থাৎ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা আইআইটি আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈকে শিক্ষাদানৰ ভাষাও হিন্দী হ’ব লাগে।
তদুপৰি, হিন্দীভাষী ৰাজ্যসমূহত হিন্দীক উচ্চ ন্যায়ালয়ৰ কামৰ ভাষা কৰিব লাগে। লগতে চৰকাৰী চাকৰিৰ পৰীক্ষাত বাধ্যতামূলক ইংৰাজীৰ ঠাইত এইবাৰ হিন্দীক ৰাখিব লাগিব। কেন্দ্ৰীয় সমিতিয়ে এনে ধৰণৰ বহুতো প্ৰস্তাৱ দিছে। তেতিয়াৰ পৰা, হিন্দী আগ্ৰাসনৰ অভিযোগ বাঢ়ি আহিছে।
এনে পৰিস্থিতিত, মঙলবাৰে তামিলনাডু বিধানসভাত এটা প্ৰস্তাৱ উত্থাপন কৰা হয়। তাত কোৱা হৈছে যে সদনে সংসদীয় সমিতিৰ প্ৰস্তাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে। লগতে কোৱা হৈছে যে সংসদীয় সমিতিৰ প্ৰতিবেদন অনুসৰি কেন্দ্ৰই তেনে কোনো পদক্ষেপ লোৱা উচিত নহয়। কাৰণ ই ৰাজ্যৰ ভাষাসমূহৰ বিৰোধী। লগতে যিসকলে সেই ভাষা কয় তেওঁলোকৰো বিৰোধী।
সাম্প্ৰতিক সময়ত, কেন্দ্ৰৰ বিৰুদ্ধে বাৰে বাৰে হিন্দী আগ্ৰাসনৰ অভিযোগ উত্থাপিত হৈছে। অমিত শ্বাহে চৰকাৰী কাম আৰু যোগাযোগৰ মাধ্যম হিচাপে ইংৰাজীৰ পৰিৱৰ্তে হিন্দীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ দিয়াৰ পিছত সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছিল। বিশেষকৈ দক্ষিণৰ ৰাজ্যসমূহক তীব্ৰ নিন্দা কৰা দেখা গৈছিল।
তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনক প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উপস্থিত থকা মঞ্চত কোৱা শুনা গৈছিল, “তামিলকো হিন্দীৰ দৰে কামৰ ভাষা হিচাপে ঘোষণা কৰা উচিত। আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়েও ইয়াক চৰকাৰী ভাষা হিচাপে গঢ়ি তুলিব লাগে।”
ইপিনে, অসমত চৰকাৰী পক্ষই হিন্দীৰ সপক্ষে মত প্ৰকাশ কৰা দেখা যায়। স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হিন্দীৰ সপক্ষে মন্তব্য কৰিবলৈ গৈ কৈছে যে হিন্দী নাজানিলে ৰাজ্যৰ যুৱক-যুৱতীসকলে চাকৰি-বাকৰি আদিত সুযোগ নাপাব। অমিত শ্বাহৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ সাহস নোপজা চৰকাৰখনে কেবল কেন্দ্ৰৰ সকলো কথাতে হয় হুজুৰ কৰাৰ বিপৰীতে ৰাজ্যৰ স্বাৰ্থত কিবা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব পাৰিবনে?
Recent News
চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>জেট এয়াৰৱেজৰ পাছত মিতব্যয়ী বিমান পৰিবহণ কোম্পানী স্পাইচজেটে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলালৈ বিমান পৰিবহণ সেৱা স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি এগৰাকী বিষয়াই জনোৱা মতে বিমান কোম্পানীটোৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিব বুলি জানিব পৰা গৈছে।
ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে শুকুৰবাৰে বিমান কোম্পানীটোৰ দ্বাৰা ৰাজ্যখনত বিমান সেৱা স্থগিতকৰণৰ সিদ্ধান্তত হস্তক্ষেপ কৰাৰ বাবে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সুৰেশ প্ৰভুক অনুৰোধ জনাইছে বুলি মুখ্য মন্ত্ৰীৰ সচিবালয়ৰ এগৰাকী বিষয়াই কৈছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজহ ঘাটিৰ দোহাই দি জেট এয়াৰৱেজে ত্ৰিপুৰাত ইয়াৰ বিমান সেৱা বন্ধ কৰিছে।
বৰ্তমানে ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াই আগৰতলালৈকে বিমান সেৱা আগবঢ়াই আছে। এই বিমান পৰিচালনা কোম্পানী দুটাই আগৰতলাৰ পৰা দিল্লী, কলকাতা, গুৱাহাটী, ইম্ফল আৰু শিলচৰৰ মাজত পোনপটীয়া বিমান সেৱা আগবঢ়ায়।
উল্লেখ্য যে বিগত সপ্তাহত ত্ৰিপুৰাৰ অন্তিম ৰজা মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ নামেৰে নতুনকৈ নামকৰণ কৰা আগৰতলা বিমানঘাটীটো গুৱাহাটীৰ পিছতেই ব্যস্ততম বিমানঘাটী।
ভাৰতীয় বিমানঘাটী প্ৰাধিকৰণৰ এগৰাকী বিষয়াই জনাইছে যে আগৰতলা বিমানঘাটীটোত বিশ্বমানৰ সা-সুবিধা প্ৰদান কৰি ইয়াক উন্নত কৰাৰ বাবে ভাৰতীয় বিমানঘাটী প্ৰাধিকৰণে এটা ৪৩৮ কোটি টকা ব্যয়সাপেক্ষ এটা প্ৰকল্প আৰম্ভ কৰিছে।
নতুন টাৰ্মিনেল বিল্ডিং, ৰানৱে আৰু অন্যন্য আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ভাৰতীয় বিমানঘাটী প্ৰাধিকৰণৰ হাতত ৭২ একৰ ভুমি অৰ্পণ কৰিছে।
Recent News
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>শেষ হোৱা নাই ক’ভিদ। ক’ভিদৰ ভয়াৱহতাৰ পৰা বিশ্বই সাময়িকভাৱে মুক্তি পালেও আকৌ ভূমুকি মাৰিছে ক’ভিদে। সমগ্ৰ বিশ্বতে শেহতীয়াকৈ ক’ভিদৰ পুনৰ ব্যাপক সংক্ৰমণ ঘটিছে।
এনে সময়তে ক’ভিদৰ এক নতুন ভেৰিয়েণ্টে ভূমুকি মাৰিছে ইজৰাইলত। ইজৰাইলৰ এক চৰকাৰী সূত্ৰই এটা নতুন কোভিড প্ৰজাতিৰ দুটা সংক্ৰমণৰ তথ্য পাইছে বুলি প্ৰকাশ কৰিছে।
ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয়, “ক’ভিদৰ এই নতুন প্ৰজাতি এতিয়াও সমগ্ৰ বিশ্বতে অজ্ঞাত।”
ক’ভিদৰ নতুন প্ৰজাতিটোৱে অ’মিক্ৰণৰ দুটা উপ-প্ৰকাৰ বি.এ.1 আৰু বি.এ.2 একত্ৰিত কৰিছে বুলি ইজৰাইলৰ বিশেষজ্ঞমহলে প্ৰকাশ কৰিছে।
ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে নতুন প্ৰজাতিটোৰ দ্বাৰা সংক্ৰমিত দুই ৰোগীৰ বাবে কোনো বিশেষ চিকিৎসা ব্যৱস্থাৰ প্ৰয়োজন নাই।
ৰোগী দুজনৰ শৰীৰত সাধাৰণ জ্বৰ, মুৰৰ বিষ আৰু পেশীৰ বিষৰ লক্ষণ দেখা দিছে বুলি মন্ত্ৰালয়ে সদৰি কৰিছে।
পিচিআৰ পৰীক্ষাৰ সময়ত ইজৰাইলৰ বেন গুৰিয়ন বিমানবন্দৰত উপস্থিত হোৱা দুজন যাত্ৰীৰ ক্ষেত্ৰত এই প্ৰজাতিটো চিনাক্ত কৰা হৈছিল।
Recent News
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ
বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ; খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত, নিহত ২ জন
পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ?
FIFA World Cup 2022: বিশ্বকাপ ফুটবলত এছিয়াৰ জয়জয়কাৰ! পৰ্তুগালক পৰাস্ত কৰি নকআউটত দক্ষিণ কোৰিয়া
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সোতৰ বছৰীয়া এজনী ছোৱালী৷ মালবিকা ৰাজ যোশী৷ ঘৰ মুম্বাইত৷ মাকৰ নাম সুপ্ৰিয়া৷ দেউতাকৰ নাম ৰাজ৷ মালবিকা এজনী মেধাৱী ছোৱালী৷ ভাৰতৰ নম্বৰ-সৰ্বস্ব শিক্ষা-ব্যৱস্থাত সকলো বিষয়তে সৰ্বোচ্চ নম্বৰ লাভ কৰি শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ-পত্ৰ এখনৰ অধিকাৰিণী হোৱাকে ‘মেধাৱী ছাত্ৰী’ হিচাপে গণ্য কৰা হয়৷ পিছে এইক্ষেত্ৰত মেধাৱী ছাত্ৰী মালবিকা ৰাজ যোশী আছিল আশ্বৰ্যকৰভাৱে ব্যতিক্ৰম৷ তেওঁৰ হাতত উচ্চ মাধ্যমিক কিম্বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ প্ৰমাণ-পত্ৰ নাছিল৷ ভাৰতবৰ্ষৰ অগ্ৰণী প্ৰতিষ্ঠান হিচাপে চিহ্নিত আইআইটিত পঢ়িবলৈয়ো মালবিকাই তথাকথিত ‘যোগ্যতা’ অৰ্জন কৰা নাছিল৷ কিন্তু আইআইটিয়ে অগ্ৰাহ্য কৰা মালবিকাক বৃত্তিসহ পঢ়াৰ সুযোগ প্ৰদান কৰিলে আমেৰিকাৰ বিশ্বখ্যাত শৈক্ষিক প্ৰতিষ্ঠান ম্যাছাছুছেটছ ইনষ্টিটিউট্ অৱ টেকন’লজিয়ে (এম.আই.টি.); যিখন শিক্ষানুষ্ঠানত পঢ়ি যোৱা মুঠ ৮৭ গৰাকী বিদ্বানে এই পৰ্যন্ত ন’বেল বঁটা লাভ কৰিছে৷ মালবিকা এইখন এমআইটিৰে এতিয়া স্নাতক মহলাৰ ছাত্ৰী৷ ১৬-৩১ অক্টোবৰ সংখ্যাৰ প্ৰান্তিকত কুলেন্দু পাঠক ছাৰৰ চিন্তা উদ্ৰেককাৰী প্ৰবন্ধ এটা পঢ়ি মালবিকা ৰাজ যোশীৰ বিষয়ে জানিব পাৰিলোঁ৷ তাৰপিছত ইণ্টাৰনেটৰ দুটামান ছাইটত চকু ফুৰালোঁ৷
বাৰ বছৰ বয়সত মাকে মালবিকাক বিদ্যালয়ৰ পৰা লৈ আহে৷ তেতিয়া তাই সপ্তম শ্ৰেণীৰ ছাত্ৰী৷ মাক সুপ্ৰিয়াৰ ভাষাত— “আমি এটা মধ্যবিত্ত পৰিয়াল৷ মালবিকাই স্কুলত ভালদৰেই পঢ়া-শুনা কৰি আছিল৷ কিন্তু কোনোবা মুহূৰ্তত মই ভাবিলোঁ যে তাই সুখী হৈ থকাটো দৰকাৰ৷ ‘পৰম্পৰাগত জ্ঞান’তকৈ সুখ অধিক গুৰুত্বপূৰ্ণ৷ ….. মোৰ স্বামী ৰাজে প্ৰথমে মোৰ সিদ্ধান্তটো মানি ল’বলৈ কিছু থেৰোগেঁৰো কৰিছিল৷ কাৰণ আনুষ্ঠানিক শিক্ষাৰ পৰা আঁতৰাই আনিলে সিহঁতৰ দশম বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ কোনো প্ৰমাণপত্ৰ নাথাকিব৷ …. মই মোৰ এনজিঅ’ চাকৰিটো বাদ দিলোঁ আৰু ঘৰতে এটা বিদ্যালয়সদৃশ পৰিৱেশ তৈয়াৰ কৰি ল’লোঁ৷ হঠাতে মই দেখিলোঁ যে মোৰ ছোৱালীয়ে এই ব্যৱস্থাটোক যথেষ্ট সুখী ভাৱেৰে গ্ৰহণ কৰিছে আৰু পূৰ্বৰ তুলনাত বেছিকৈ শিকিবলৈ লৈছে৷ জ্ঞান আহৰণ কৰাটোৱেই যেন তাইৰ নিচা হৈ পৰিছে৷”
কিন্তু মালবিকাৰ দৰে প্ৰতিভাৱান মেধাসম্পন্ন ছোৱালীজনীয়ে ভাৰতৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান আইআইটি বা তেনেজাতীয় প্ৰতিষ্ঠানত নামভৰ্তি কৰাটো সম্ভৱ নহ’ল৷ কাৰণ, তাৰ বাবে লাগিব দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ, লাগিব আইআইটিৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ৷ মালবিকাৰ বিশেষ ৰাপ আছিল ‘কম্পিউটাৰ প্ৰগেমিঙ’তহে৷ অৱশেষত ‘চেন্নাই মেথেমেটিকেল ইনষ্টিটিউট’ নামৰ শিক্ষানুষ্ঠানটোৱেহে মালবিকাক স্নাতকোত্তৰ পৰ্যায়ৰ শ্ৰেণীত নামভৰ্তি কৰাবলৈ সন্মত হয়৷ সেই প্ৰতিষ্ঠানৰে মূল মানুহ মাধৱন মুকুন্দৰ ওচৰত মালবিকাই অলিম্পিয়াডৰ বাবে প্ৰস্তুতি চলাই যায়৷ আৰু সকলোৱে আশা কৰা ধৰণেই তীক্ষ্নধী ছোৱালীজনীয়ে ‘কম্পিউটাৰ প্ৰগেমিঙ’ত থকা দক্ষতা আৰু মেধাৰ পূৰ্ণ প্ৰতিফলন ঘটালে আৰু ২০১৪, ২০১৫ আৰু ২০১৬ চনৰ ‘বিশ্ব কম্পিউটাৰ অলিম্পিয়াড’ প্ৰতিযোগিতাত দুটাকৈ ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে৷
ইয়াৰ পিছত মালবিকাৰ জীৱনলৈ আহিল সেই সুখবৰটো৷ বিশ্বৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ ওপৰত চোকা নজৰ ৰখা এমআইটিয়ে মালবিকাৰ লগত যোগাযোগ কৰে৷ এমআইটিৰ সহকাৰী পৰিচালক খ্ৰিছ পিটাৰছনে মালবিকাৰ লগত যোগাযোগ কৰে আৰু শিক্ষানুষ্ঠানখনৰ ‘কম্পিউটাৰ বিজ্ঞান’ৰ স্নাতক মহলাত বৃত্তিসহ ভৰ্তি কৰোৱায়৷
ভাৰতৰ প্ৰচলিত শিক্ষা-নীতিৰ মূল তত্বটো কেনেকুৱা? ২০০ৰ ভিতৰত ১৫০ পোৱাজন যোগ্য আৰু ১৪৯ পোৱাজন শৈক্ষিক আৰু সামাজিকভাৱে ‘অযোগ্য’৷ দেশৰ বিভিন্ন চুকে-কোণে সোমাই থকা মেধাৱী-প্ৰতিভাৱান কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ মগজুৰ সদ্ব্যৱহাৰৰ অৰ্থে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজনৈতিক, বৌদ্ধিক, শৈক্ষিক আদি ক্ষেত্ৰসমূহৰ এক সামূহিক সদিচ্ছাৰ প্ৰয়োজন৷ যি সদিচ্ছাৰ প্ৰদৰ্শন কৰি এমআইটিৰ দৰে জগতখ্যাত শৈক্ষিক প্ৰতিষ্ঠানে সোতৰ বছৰীয়া মালবিকাক নামভৰ্তি কৰোৱালে৷ আমাৰ এইখন দেশত সোঁতৰ বিপৰীতে খোজ দি সিদ্ধান্ত গ্ৰহণ কৰাৰ অসমৰ্থতা আৰু অপৰাগতাৰ বাবেই মালবিকা ৰাজ যোশী নামৰ মেধাৱী ছাত্ৰীজনী এমআইটিৰ ছাত্ৰী নহ’লনে? আৰু বা কিমান মালবিকা এইখন দেশৰ পৰা প্ৰতি বছৰে ভাৰতৰ বাহিৰলৈ যাব লাগিছে! ভাৰতৰ মেধাৱী ছোৱালী এজনী বিদেশলৈ পঢ়িবলৈ গ’ল৷ আমাৰ ভাৰতৰ বাবে এই কথাটোৱে গৌৰৱ কঢ়িয়াই আনিছে ঠিকেই, কিন্তু সমান্তৰালভাৱে ভাৰতবৰ্ষৰ শিক্ষা-ব্যৱস্থাৰ, শিক্ষা-পদ্ধতিৰ এখন সীমাবদ্ধতাৰে ভৰা প্ৰতিচ্ছবিও দাঙি ধৰে৷ ভাৰতবৰ্ষৰ শিক্ষাব্যৱস্থাই যে একাংশ কিশোৰ-কিশোৰী আৰু তেওঁলোকৰ অভিভাৱকক সুখী কৰিব পৰা নাই, এতিয়াও যে আমাৰ শিক্ষাৰ নীতি-পদ্ধতিবোৰত একাধিক বিসংগতি আছে— সেই কথাবোৰতো মালবিকাৰ কাহিনীটোৱে বিশ্বাসযোগ্যতা প্ৰদান কৰিলে৷
প্ৰসংগক্ৰমে ক’ব পাৰি, বিগত সময়ছোৱাত বিদেশত পঢ়িবলৈ যোৱা ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ ২০১৫ চনৰ ‘ইক’নমিক টাইমছ্’ত (ই-কাকত, ২৮ আগষ্ট) এটা বাতৰি পঢ়িলোঁ৷ “Around 3 lakh Indian Students go abroad annually, 33% take property-backed loans.”(৷) প্ৰতিবেদনটোত সন্নিৱিষ্ট ইউনেস্কৰ এটা তথ্যৰ মতে; ২০১২ চনত বিদেশত থকা ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা ১,৮৯,৪৭২৷ ২০১৩-১৪ শিক্ষাবৰ্ষত আমেৰিকাত অধ্যয়নৰত ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা ১,০৩,০০০৷ পোন্ধৰ বছৰৰ পূৰ্বে এই সংখ্যাটো আছিল প্ৰায় আধা৷ প্ৰতিবেদনটোৰ প্ৰাৰম্ভতে বাস্তৱ পৃথিৱীৰ এটা ঘটনালৈ আঙুলিয়াই দিয়া হৈছে৷ সংবাদ(মিডিয়া) সম্পৰ্কীয় এটা বিষয়ত নামভৰ্তি কৰিবৰ হেতু দক্ষিণ দিল্লীৰ এগৰাকী নিবাসীয়ে ল’ৰাক নিউইয়ৰ্কৰ এখন শীৰ্ষস্থানীয় বিশ্ববিদ্যালয়লৈ পঠিউৱাৰ যো-জা চলায়৷ সংবাদ, সংস্কৃতি আৰু যোগাযোগ— কেউটা বিষয়কে সাঙুৰি লোৱা উক্ত চাৰিবছৰীয়া বিষয়টোৰ ব্যয় প্ৰায় ৩.২ কোটি৷ বিশাল পৰিমাণৰ ধনৰাশি গোটাবৰ বাবে তেওঁলোকে বেংকৰ পৰা ল’ন লৈছে৷ ৩ কোটি ২০ লাখ টকা ব্যয় কৰি পুত্ৰক বিদেশলৈ পঠিওৱাৰ আঁৰত কেনেধৰণৰ কাৰকে ক্ৰিয়া কৰিব পাৰে! মাকৰ ভাষ্য মতে— “বৃত্তিৰ অবিহনেও মোৰ ল’ৰাই এখন শীৰ্ষস্থানীয় বিশ্ববিদ্যালয়ত পঢ়িবলৈ উদগ্ৰীৱ হৈ আছিল৷ আৰু আমি জানো যে এই বিষয়ত শিক্ষা সমাপ্ত কৰি সি ৯মাহৰ বাবে কাম কৰিবলৈ সুবিধা পাব আৰু বোধহয় এটা চাকৰিও পাই যাব৷” ল’ৰাজনে পঢ়িবলৈ ইচ্ছা ব্যক্ত কৰা বিষয়টোত অধ্যয়নৰ বাবে আমাৰ ভাৰতত পৰ্যাপ্ত আসন নাছিল৷ বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যাৰ দেশ ভাৰতৰ শিক্ষানুষ্ঠানসমূহত আধুনিক বিষয়সমূহ অধ্যয়নৰ ক্ষেত্ৰত দেখা দিয়া সীমাবদ্ধতা তথা অপৰ্যাপ্ত আসন বহুচৰ্চিত ‘ব্ৰেইন ড্ৰেইন’ৰ এটা অন্যতম কাৰণ হ’ব পাৰে৷ এইখিনিতে উল্লেখনীয় যে, ২০১৫ বৰ্ষত দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ ৫৪,০০০খন আসনত নামভৰ্তি হেতু দেশৰ বিভিন্ন ঠাইৰ পৰা অহা আৱেদনপত্ৰৰ সংখ্যাটো আছিল ২ লাখ ৮৫ হাজাৰ যিটো সন্দেহাতীতভাৱে বিস্ময়সূচক৷ লগতে উদ্বেগৰ কাৰণো৷ আমাৰ ভাৰতবৰ্ষৰ জনপ্ৰিয় শিক্ষানুষ্ঠান হিচাপে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানকেইখনৰ (আইআইটি) বিশেষ মৰ্যাদা আছে৷ কিন্তু অপ্ৰিয় সত্য কথাটো হ’ল— জনপ্ৰিয়, বহুচৰ্চিত, শীৰ্ষস্থানীয় শিক্ষানুষ্ঠান হোৱাৰ স্বত্ত্বেও এইকেইখন শিক্ষানুষ্ঠানে বিশ্বৰ অধিকাংশ শিক্ষানুষ্ঠানৰ লগতে ফেৰ মাৰিব পৰা নাই৷ আসনৰ সীমাবদ্ধতা, আন্তঃগাঁথনি, নিত্য-নতুন গৱেষণাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান ইত্যাদি বিভিন্ন কাৰকৰ এইক্ষেত্ৰত ভূমিকা থাকিব পাৰে বা আছে৷ কোৱাককুৱেৰলি ছাইমণ্ডছ (Quacquarelli Symonds)-এ বিশ্বব্যাপি চলোৱা এক সমীক্ষাত এমআইটিয়ে ক্ৰমাগত পঞ্চমটো বৰ্ষৰ বাবে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ দখল কৰে৷ আনহাতে বাংগালোৰৰ আইআইএছছিয়ে পূৰ্বৰ ১৪৭তম স্থানৰ পৰা পিছলি ১৫২তম স্থান পায়৷ ভাৰতবৰ্ষৰ ফালৰ পৰা এয়াই শ্ৰেষ্ঠতম প্ৰদৰ্শন৷ তালিকাখনত আইআইটি দিল্লীয়ে ১৮৫ (পূৰ্বত ১৭৯), বোম্বাইয়ে ২১৯ (পূৰ্বতে ২০২), কাণপুৰ ৩০২ (পূৰ্বতে ২৭১), খড়্গপুৰ ৩১৩ (পূৰ্বতে ২৮৬), ৰুৰকি ৩৯৯ (পূৰ্বতে ৩৯১)৷ অসমৰ আইআইটিখনে এই তালিকাত ৪৮১-৪৯০ৰ ভিতৰত আছে (পূৰ্বতে এই স্থান ৪৫১-৪৬০ ভিতৰত আছিল৷)
উপযুক্ত সময়ত স্বীকৃতি আৰু সন্মান প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ নিৰুদ্বেগ, উদাসীন দৃষ্টিভংগী মনকৰিবলগীয়া৷ এইধৰণৰ বৰ্জনীয় দৃষ্টিভংগীৰ বাবেই প্ৰতিভাৱান মানুহে এইখন দেশত প্ৰতিষ্ঠা লাভ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়৷ Tedx নামৰ এটা জনপ্ৰিয় অনুষ্ঠান, যিটো অনুষ্ঠানত দৰ্শক হ’বলৈও দৰ্শকে আৱেদন কৰিব লাগে, তেনে এটা মৰ্যাদাপূৰ্ণ অনুষ্ঠানত অসমৰ উদ্ধৱ ভড়ালীয়ে সাতবাৰ ভাষণ দি আহিছে৷ এইটো এক অভিলেখ! অথচ আমাৰ অসমত এতিয়াও ‘উদ্ধৱ ভড়ালী কোন?’ বুলি সোধা ‘উচ্চশিক্ষিত’ মানুহ আছে৷ নতুন প্ৰজন্মৰ কিমান সংখ্যকে এওঁৰ নাম শুনিছে সেয়া পিছে বিচাৰ্যৰ বিষয়৷ কোনোবা মুহূৰ্তত চিন্তা কৰোঁ— এইজন তীক্ষ্ন বুদ্ধিসম্পন্ন আৱিষ্কাৰকৰ জন্ম ভাৰতবৰ্ষত নহৈ আমেৰিকা নাইবা জাপান আদিৰ দৰে দেশত হোৱাহেঁতেন, তেওঁলোকে যে কিমান আলপৈচান ধৰিলেহেঁতেন! এইগৰাকী মানুহৰ প্ৰতিভা আৰু মেধাৰ উমান অসম আৰু ভাৰতে সৌ সিদিনাখনহে পাইছে৷ চৌবিশটা যন্ত্ৰ নিৰ্মাণ কৰাৰ পাছতো যেতিয়া তেওঁৰ নামটো অসমৰ মানুহৰ চৰ্চালৈ নাহিল, তেতিয়া তেওঁ ডালিমৰ গুটি গুচাব পৰা যন্ত্ৰ এটা নিৰ্মাণ কৰিবলৈ বদ্ধপৰিকৰ হ’ল৷ (সাতসৰী, ছেপ্টেম্বৰ সংখ্যা, ২০১৬)। আমেৰিকাৰ দৰে বিজ্ঞান-প্ৰযুক্তিত ঐশ্বৰ্যশালী দেশ এখনেও তেতিয়ালৈকে এইধৰণৰ যন্ত্ৰ নিৰ্মাণ কৰিব পৰা নাছিল৷ লছ এঞ্জেলছত যন্ত্ৰ প্ৰদৰ্শিত হোৱাৰ পিছত, ডিছক’ভাৰি চেনেলে সাক্ষাৎকাৰ লোৱাৰ পিছত, ৰাষ্ট্ৰপতিৰ পৰা সন্মান পোৱাৰ পিছতহে তেওঁক ভাৰতৰ, অসমৰ মানুহে চিনি পোৱা হ’ল৷ অথচ জটিল যন্ত্ৰৰ লগত জীৱননিৰ্বাহ কৰি থকা এইজন সৰল মনৰ উদ্ধৱ ভৰালীয়ে Tedxৰ অনুষ্ঠানত “I am from Assam” বুলি স্বপৰিচয় দিয়ে৷ উদ্ধৱ ভড়ালীৰ দৰে অসমপ্ৰেমী মানুহ কিমানজন ওলাব আজিৰ তাৰিখত! “এইখন ঠাইত মোক কোনেও ৰিকগনিছন নিদিলে” বুলি খং-ভেম কৰি বিদেশলৈ গুচি যোৱাৰ প্ৰৱণতাহে বেছি, আজিৰ প্ৰতিযোগিতাময় পৃথিৱীখনত বাস কৰি থকা কেৰিয়াৰসৰ্বস্ব মানুহৰ৷
শেহতীয়াকৈ বব ডিলানে ন’বেল বঁটা পোৱাৰ পিছত আমাৰ সমাজৰ এটা অংশত ভূপেন হাজৰিকাৰ নামটো উচ্চাৰিত হৈছে৷ ভূপেন হাজৰিকাৰ গীত, কবিতাসমূহৰ উচিত মূল্যাংকণ হ’ব লাগিছিল, তেওঁৰ গীতি-সাহিত্যসমূহ ইংৰাজীলৈ অনুবাদ হ’ব লাগিছিল ইত্যাদি বিভিন্ন মন্তব্য আমাৰ দৃষ্টিগোচৰ অথবা কৰ্ণগোচৰ হৈছে৷ কিন্তু প্ৰশ্ন উত্থাপিত হয়— যদিহে বব ডিলানে ন’বেল নাপালেহেঁতেন, তেতিয়া আমাৰ মনত ভূপেন হাজৰিকাকেন্দ্ৰিক এই চিন্তা-চৰ্চাবোৰে ঠাই পালেহেঁতেননে? এইয়া আমাৰ সুগভীৰ, দূৰদৰ্শী দৃষ্টিভংগীৰ অভাৱ বুলিও ক’ব পাৰি, যোগ্য ব্যক্তিৰ সৃষ্টিৰাজিক যথোচিত মূল্যাংকনেৰে বিশ্বৰ দৰবাৰলৈ উলিয়াই দিয়াত এলাহ-অৱহেলা বুলিও ক’ব পাৰি৷ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ কোনোবা এখন দেশৰ প্ৰতিনিধি আহিব, আমাৰ প্ৰতিভাসমূহক চিনাক্ত কৰিব, অথবা সমপ্ৰতিভা লৈ জন্মগ্ৰহণ কৰা বিদেশৰ কোনোবা এজন প্ৰতিভাৱানক অইন এখন দেশৰ প্ৰখ্যাত প্ৰতিষ্ঠানে সন্মানসহকাৰে পুৰস্কৃত কৰিব; আমি সেই ক্ষণটোলৈ অপেক্ষা কৰি থাকোঁ৷ আমাৰ এই অপেক্ষা কেতিয়াবা ৰূপান্তৰিত হয় উপেক্ষালৈ; যাৰ ফলত বহু মেধাৱী, প্ৰতিভাৱান আৰু জ্ঞানী-গুণী মানুহে পাবলগীয়া স্বীকৃতি, সন্মান সময়ত নাপায়; অথবা আজীৱন সেই প্ৰাপ্ত সন্মানৰ পৰা বঞ্চিত হৈ ৰয়৷
ঈশান জ্যোতি বৰা
WhatsApp
Tweet
More
Email
Print
Tags:
উদ্ধৱ ভড়ালী, এমআইটি, চিএমআই, চেন্নাই মেথেমেটিকেল ইনষ্টিটিউট, বিশ্ব কম্পিউটাৰ অলিম্পিয়াড, মালবিকা ৰাজ যোশী
No Comments
Post A Comment
Cancel Reply
Save my name, email, and website in this browser for the next time I comment.
Δ
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.
Please submit your article by email to : [email protected]
বিনামূলীয়া ই-বুক
More »
আৰ্কাইভ
আৰ্কাইভ Select Month August 2022 December 2021 November 2021 September 2021 June 2021 May 2021 January 2021 September 2020 August 2020 July 2020 May 2020 April 2020 March 2020 February 2020 January 2020 December 2019 November 2019 October 2019 September 2019 August 2019 July 2019 June 2019 April 2019 March 2019 August 2018 July 2018 June 2018 May 2018 April 2018 March 2018 February 2018 December 2017 November 2017 August 2017 July 2017 June 2017 April 2017 March 2017 February 2017 January 2017 December 2016 October 2016 August 2016 July 2016 May 2016 March 2016 November 2015 October 2015 September 2015 August 2015 April 2015 March 2015 January 2015 December 2014 November 2014 October 2014 August 2014 July 2014 June 2014 May 2014 April 2014 March 2014 February 2014 December 2013 November 2013 August 2013 July 2013 June 2013 May 2013 April 2013 February 2013 January 2013 December 2012 November 2012 October 2012 September 2012 August 2012 July 2012 June 2012 May 2012 April 2012 March 2012 February 2012 January 2012 October 2011 September 2011 August 2011 July 2011 June 2011 May 2011 April 2011
শিতানসমূহ
শিতানসমূহ Select Category “গণিত বিকাশ” Fun Facts অলিম্পিয়াড ইতিহাস কাৰ্টুন কুইজ কেৰিয়াৰ গণিত পাঠ গল্প গ্ৰন্থ চিত্ৰ-সংগ্ৰহ জীৱনী নিবন্ধ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি বুদ্ধি পৰীক্ষা সঁফুৰা সমস্যা আৰু সমাধান সাক্ষাৎকাৰ
https://www.facebook.com/http://gonitsora
Recent Posts
গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ
গণিত কুইজ – ২
গণিত কুইজ – ১
ফাৰ্মা সংখ্যা: এবিধ সুন্দৰ সাজৰ সংখ্যা
Gonit Sora গণিত চ’ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We strive for the popularization of mathematics teaching and understanding at all levels. Gonit Sora is an initiative of a few students and is committed to bringing out well researched and written articles. The name is in Assamese and means ‘gateway to mathematics’.<eot>এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক।
এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে।
তক্ষশীলা (ইংৰাজী: Taxila) পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ ৰাৱালপিণ্ডি জিলাত অৱস্থিত এখন চহৰ। তক্ষশীলা এখন গুৰুত্বপূৰ্ণ প্ৰত্নতাত্বিক স্থান। পাকিস্তানৰ ৰাজধানী ইছলামাবাদ আৰু পাঞ্জাবৰ ৰাৱলপিণ্ডি অঞ্চলৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ (২০ মাইল) উত্তৰ পশ্চিম দিশত অৱস্থিত। এই ঠাই গ্ৰাণ্ড ট্ৰাঙ্ক ৰ'ডৰ নিকটবৰ্তী। তক্ষশীলা সমুদ্ৰপৃষ্ঠৰ পৰা ৫৪৯ মিটাৰ (১৮০১ ফুট) উচ্চতাত অৱস্থিত। ভাৰত বিভাজন হৈ পাকিস্তান সৃষ্টিৰ আগত এই অঞ্চল ভাৰতৰ অন্তৰ্ভুক্ত আছিল।[1][2]
ইতিহাস[সম্পাদনা কৰক]
তক্ষশীলা বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় আৰু ই খ্ৰীঃপূঃ ৭ম শতিকাত প্ৰতিষ্ঠা কৰা হৈছিল। গান্ধাৰ জনপদৰ ৰাজধানী আছিল তক্ষশীলা। বাল্মিকীৰ ৰামায়নৰ মতে ৰামৰ ভায়েক ভৰতৰ পুত্ৰ তক্ষই এই বিশ্ববিদ্যালয় স্থাপন কৰিছিল।[3] অৱশ্যে চহৰখনৰ আধুনিক নামটো টলেমীৰ জিয়'গ্ৰাফীত (গ্ৰীক) উল্লেখ থকা প্ৰাচীন চহৰখনৰ প্ৰাচীন নামৰ পৰা উদ্ভৱ হৈছে।[4] এই বিশ্ববিদ্যালয়ত ষাঠীটাতকৈ অধিক বিষয় দুই হাজাৰতকৈ অধিক আচাৰ্য উপাচাৰ্য আছিল। এই বিশ্ববিদ্যালয়ত একেলগে প্ৰায় দহ হাজাৰ পাচঁশ ছাত্ৰ-ছাত্ৰী পঢ়িব পাৰিছিল। এই বিশ্ববিদ্যালয়ত ১২বছৰ বা এক যুগ সময় অধ্যয়ন কৰাৰ পাছত দীক্ষা লাভ কৰিব পাৰিছিল। তক্ষশীলা বিশ্ববিদ্যালয়ৰ বিষয় সমূহ আছিল আয়ুৰ্বেদ বিজ্ঞান, জ্যোতিষ বিজ্ঞান, সমুদ্ৰ শাস্ত্ৰ, সমৰকলা, শস্ত্ৰসঞ্চালন,দৰ্শন, অৰ্থনীতি,ৰাষ্ট্ৰনীতি সৰ্পবিদ্যা, তন্ত্ৰবিদ্যা, মন্ত্ৰবিদ্যা,মনোবিজ্ঞান, ললিতকলা, চিত্ৰকলা আদি। আচাৰ্যসকলৰ নিজৰ নিজৰ আশ্ৰম আছিল। ছাত্ৰসকলে নিজৰ ৰুচি অনুযায়ী বিষয় নিৰ্বাচন কৰি গুৰুৰ আশ্ৰমলৈ গৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্য উৎস[সম্পাদনা কৰক]
↑ http://www.pbs.gov.pk/sites/default/files/population_census/Administrative%20Units.pdf সাঁচ:Bare URL PDF
↑ The name for the city of Taxila as it appears on the Heliodorus Pillar inscription, circa 100 BCE.
↑ "Taxila, ancient city, Pakistan" (en ভাষাত). Encyclopædia Britannica. https://www.britannica.com/place/Taxila। আহৰণ কৰা হৈছে: 16 May 2017.
↑ Lahiri, Nayanjot (2015) (en ভাষাত). Ashoka in Ancient India. প্ৰকাশক Chapter 3: Harvard University Press. ISBN 9780674915251. https://books.google.com/books?id=JaVRCgAAQBAJ.
"https://as.wikipedia.org/w/index.php?title=তক্ষশীলা&oldid=319770"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
বিশ্ব ঐতিহ্যবাহী স্থান
পাকিস্তানৰ পুৰাতাত্বিক ক্ষেত্ৰ
অদৃশ্য শ্ৰেণীসমূহ:
Pages containing cite templates with deprecated parameters