text
stringlengths
0
188k
Recent News
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>শৈশৱ কাল বুলি কলে আমি শিশু সকলকে কওঁ। শৈশৱ কাল সাধাৰণতে জন্মৰ পৰা ১২ বছৰ বয়সলৈকে ধৰা হয়‌। কিন্তু এই শৈশৱ কালক দুই ধৰণে ভাগ কৰা হয়। প্ৰাক শৈশৱ কাল আৰু শৈশৱ কাল। জন্মৰ পৰা ছয় বছৰ বয়সলৈকে প্ৰাক্ শৈশৱ কাল। ইয়াতে ০-৩ বছৰ আৰু ৩-৬ বছৰ। শূণ‍্য মানে শিশুটো মাতৃ গৰ্ভত থকা অৱস্থা। এই সময়ত শিশুটোৰ বিকাশ নিৰ্ভৰ কৰে মাতৃয়ে নিজৰ ওপৰত লোৱা যত্ন। সেই সময়ত মাতৃয়ে খোৱা বোৱাৰ যত্ন লব লাগে, পুষ্টিকৰ আহাৰ খাব লাগে। যথেষ্ট পৰিমাণ পানী খাব লাগে। পৰিমিত আহাৰ যেনে খোৱাৰ পৰিমাণ বঢ়াব লাগে, যাতে নিজৰ লগতে জন্ম হ'ব লগা শিশুটোৱে খাদ্য লাভ কৰিব পাৰে। মাতৃৰ স্বাস্থ‍্য ভাল থাকিলে শিশুটো সূস্থ হৈ থাকিব আৰু উপযুক্ত ভাবে বৃদ্ধি আৰু বিকাশ হব। সদায় চিকিৎসকৰ পৰামৰ্শ লব লাগে যাতে মাতৃ আৰু শিশুৰ স্বাস্থ‍্য অটুত থাকিব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্ন পৰিবেশত থাকিলে বেমাৰৰ পৰা হাত সাৰিব আৰু স্বাস্থ্য ভালে থাকিব। শিশু জন্মৰ লগে লগে শিশুটো যাতে ভালে থাকে তাক উপযুক্ত আৰু সুস্থ পৰিবেশ দিব লাগিব আৰু মাতৃয়ে যতন কৰিব লাগিব। মাকৰ মৰম আৰু যত্নৰ ফলত শিশুৰ বিকাশ আৰু বৃদ্ধি হয়। শিশুৰ জন্মৰ পৰা ৩ বছৰ পৰ্যন্ত ঘৰখনেই শিশুৰ বিকাশ আৰু বৃদ্ধিৰ স্থল। ৩ বছৰৰ পিছত প্ৰাক প্ৰাথমিক শিক্ষাৰ বাবে প্ৰাক্ প্ৰাথমিক শিক্ষা কেন্দ্ৰ বা অঙ্গনবাদী কেন্দ্ৰত ছয় বছৰ বয়সলৈকে স্বাস্থ্য, শিক্ষাৰ বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। বিভিন্ন বেমাৰৰ পৰা হাত সাৰিবৰ বাবে বিভিন্ন টিকাকৰণ আচঁনি ভিটামিন A ৰ সেৱন কাৰ্যসূচীৰে শিশুক সহায় কৰে। লগতে পৰিবেশৰ বস্তু সমূহৰ প্ৰতি সম্যক জ্ঞান আৰু সমাজিক ভাবে লগ-বন্ধু সমূহৰ লগত মিলিবলৈ, নিজৰ শৰীৰৰ অঙ্গ-প্ৰত‍্যঙ্গ সমূহৰ সঞ্চালন হবলৈ খেলৰ মাধ্যমেৰে শিকোৱা হয়। মুঠতে কবলৈ হ'লে এই সময়ত শিশু সকলৰ সৰ্বাত্মক বিকাশ যেনে শাৰীৰিক, ভাষিক, আবেগিক, বৌদ্ধিক আৰু সামাজিক বিকাশ সাধনৰ বাবে বিভিন্ন খেলৰ মাধ্যমেৰে বিভিন্ন কাৰ্য্য কৰোৱা হয় যাতে ভৱিষ্যতে শিশুৱে সুন্দৰ ভাবে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। শিশুৰ বিকাশ বা বৃদ্ধি নহলে ভবিষ্যতে শিশু আগবাঢ়িব নোৱাৰিব। উপযুক্ত সময়ত বিভিন্ন উদ্দীপনা মূলক কামৰ মাজেদি বিকাশত সহায় কৰিব।<eot>Steel Man of India Jamshed J Irani passes away টাটা ষ্টীলৰ প্ৰাক্তন পৰিচালন সঞ্চালক ‘ষ্টীল মেন অৱ ইণ্ডিয়া’ হিচাপে জনাজাত জামছেদ জে ইৰাণীৰ দেহাৱসান ঘটিছে। তেওঁ সোমবাৰে নিশা ঝাৰখণ্ডৰ জামছেদপুৰত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।
টাটা ষ্টীলে টুইট কৰি তেওঁৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে। টুইটোত লিখিছে, “পদ্মভূষণ বঁটা প্ৰাপ্ত ড০ জামছেদ জে ইৰাণীৰ মৃত্যুত আমি গভীৰভাৱে শোকাভিভূত। তেওঁ ভাৰতৰ ষ্টীল মেন হিচাপে পৰিচিত আছিল। টাটা ষ্টীল পৰিয়াল তেওঁৰ পৰিয়াল আৰু প্ৰিয়জনৰ প্ৰতি গভীৰ সমবেদনা জনাইছো।‘’
লগতে পঢ়ক: মোৰবীলৈ আহিব মোডী! গোটেই নিশা গুজৰাটৰ চিকিৎসালয়ত চলিল চাফাই, ৰং কৰাৰ কাম
মহাৰাষ্ট্ৰৰ নাগপুৰত ১৯৩৬ চনৰ ২ জুনত জন্ম হৈছিল জামছেদ ইৰাণীৰ। তেওঁ ১৯৫৬ চনত নাগপুৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা বিএছচি আৰু ১৯৫৮ চনত নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা ভূবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। পিছত টাটা স্কলাৰ হিচাপে তেওঁ ব্ৰিটেইনৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৬৮ চনত ভাৰতলৈ উভতি আহে আৰু ৰিচাৰ্ছ এণ্ড ডেভেলপমেন্টৰ সঞ্চালকৰ সহযোগী হিচাপে টাটা ষ্টীলত যোগদান কৰে।
তেতিয়াৰ পৰা তেওঁ ৪৩ বছৰ ধৰি টাটা ষ্টীলৰ সৈতে আছে। তেওঁ ২০১১ চনৰ জুন মাহত টাটা ষ্টীলৰ বোৰ্ডৰ পৰা অৱসৰ লৈছিল। তেওঁৰ নেতৃত্বত টাটা ষ্টীলে ১৯৯০ৰ দশকত নতুন উচ্চতাত উপনীত হৈছিল। ১৯৯২ চনৰ পৰা ২০১১ চনলৈ তেওঁ টাটা ষ্টীলৰ পৰিচালনা সঞ্চালক আছিল।
We are deeply saddened at the demise of Padma Bhushan Dr. Jamshed J Irani, fondly known as the Steel Man of India. Tata Steel family offers its deepest condolences to his family and loved ones. pic.twitter.com/gGIg9JgGMS
— Tata Steel (@TataSteelLtd) October 31, 2022
জামছেদ জে ইৰাণী টাটা গোটৰ কেইবাটাও কোম্পানীৰ পৰিচালক মণ্ডলীতো আছিল। তেওঁক ১৯৯৭ চনত সন্মানীয় নাইটহুড প্ৰদান কৰা হৈছিল। ইয়াৰ আগতে ১৯৯৬ চনত তেওঁ ৰয়েল একাডেমী অফ ইঞ্জিনিয়াৰিঙৰ আন্তৰ্জাতিক ফেলো হয়। ২০০৮ চনত তেওঁ ভাৰত চৰকাৰৰ পৰা ‘লাইফটাইম এচিভমেণ্ট’ বঁটা লাভ কৰে।
Recent News
লখিমপুৰ খেৰী হত্যাকাণ্ডৰ গোচৰত আশীষ মিশ্ৰৰ ডিচচাৰ্জ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’!
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সমগ্ৰ বিশ্বত কৰোনাভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে দেশত কৰোনাভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ২৪ মাৰ্চৰ পৰা ২১ দিনীয়া লকডাউন ঘোষণা কৰিছিল।
কিন্তু প্ৰধান মন্ত্ৰীৰ এই আহ্বানক সমগ্ৰ দেশবাসীয়ে সঁহাৰি জনোৱাৰ পৰিৱৰ্তে বিজেপি দলৰ একাংশ কৰ্মীয়ে যেন বুঢ়া আঙুলি দেখুৱাইছে।
লকডাউনৰ সময়ত ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী বাদে সকলো সামগ্ৰী কিনা বেচা বন্ধ থকাৰ সময়ত শিৱসাগৰত শনিবাৰে নিশা বিজেপি দলৰ এগৰাকী শীৰ্ষ নেত্ৰীৰ ঘৰত উদ্ধাৰ কৰা হয় কাৰ্টুনে কাৰ্টুনে বিদেশী সুৰা।
এক গোপন সুত্ৰৰ পম খেদি শনিবাৰে নিশা প্ৰায় ৭ মান বজাত শিৱসাগৰ আৰক্ষী আৰু আবকাৰী বিভাগৰ দল এটাই চহৰৰ দৰিকাপাৰৰ খাটপথাৰ অঞ্চলৰ ললিত দত্ত নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰে।
লগতে দত্তৰ ঘৰত সুৰাপান কৰি থকা অৱস্থাত প্ৰায় ১০ জন ব্যক্তিক আটক কৰে শিৱসাগৰ আৰক্ষীয়ে।
ইপিনে, ললিত দত্তৰ পত্নী বিজেপি দলৰ শিৱসাগৰ জিলাৰ এগৰাকী শীৰ্ষ নেত্ৰী বুলি জানিব পৰা গৈছে।
ললিত দত্ত সহ আটক কৰা আটাইকেইজন ব্যক্তিক বৰ্তমান শিৱসাগৰ আৰক্ষী থানাত সোধা পোচা কৰি থকা হৈছে।
বিজেপি নেত্ৰীৰ ঘৰত লকডাউনৰ সময়ত বৃহৎ সংখ্যক অবৈধ বিদেশী সুৰা জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ শিৱসাগৰত।
যি সময়ত দেশৰ প্ৰধান মন্ত্ৰী, ৰাজ্যৰ মুখ্য মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই ৰাইজক লকডাউন আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে তেনে সময়তে বিজেপি দলৰ নেত্ৰীৰ ঘৰত বৃহৎ পৰিমাণৰ বিদেশী সুৰাৰ লগতে ১০ গৰাকীকৈ ব্যক্তিক আৰক্ষীয়ে আটক কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
প্ৰধান মন্ত্ৰী, মুখ্য মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰীৰ আহ্বানক ভেঙুচালি কৰি চৰকাৰী নিৰ্দেশ তথা নিয়ম অমান্য কৰিছে নিজ দলৰ কৰ্মীয়েই।
শুকুৰবাবে মুখ্য মন্ত্ৰীয়ে চৰকাৰী নিৰ্দেশ অমান্য কৰা সকলক কঠোৰ শাস্তি বিহা হব বুলি শিৱসাগৰত ঘোষণা কৰিছিল। এতিয়া নিজ দলৰ কৰ্মীয়ে চৰকাৰী নিৰ্দেশ অমান্য কৰাত কি ব্যৱস্থা লব সেয়া লক্ষণীয় হব।
আনহাতে বিজেপি দলৰ শীৰ্ষ নেত্ৰী হোৱাৰ বাবেই লকডাউনৰ সময়ত এইদৰে চৰকাৰী নিৰ্দেশ অমান্য কৰি অবৈধ সুৰাৰ ব্যৱসায় কৰিব পাৰিছে নেকি বুলি প্ৰশ্ন তুলিছে স্থানীয় ৰাইজে।
শিৱসাগৰ আৰক্ষী আৰু আবকাৰী বিভাগক ৰাইজে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা এই অভিযানক প্ৰশংসা কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি বিহিবৰ বাবে দাবী কৰিছে।
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সঁচাকৈয়ে হৰ্ছ ট্ৰেডিং হব নেকি বৰপেটা পৌৰসভা গঠনত! এই আশংকা ব্যক্ত কৰিছে অসম গণ পৰিষদ দলৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত হোৱা প্ৰতিনিধি ৰণজিৎ কুমাৰ দাসে ৷
বৰপেটা পৌৰসভা গঠনৰ দিশে আগবঢ়া অসম গণ পৰিষদ দলৰ অংকত পুনৰ আউল লাগিব নেকি তাক লৈয়েই আশংকা প্ৰকাশ কৰা হৈছে।
বৰপেটা পৌৰসভা নিৰ্বাচনৰ কালি ঘোষিত ফলাফল অনুসৰি অসম গণ পৰিষদ দল চমুকৈ অগপই ১১খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি দলে ৯ খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে ২ খন আসন ৷
লগতে পঢ়ক: চৰকাৰী কাৰ্যালয়ত আৰু নাথাকিব মুখ্যমন্ত্ৰীৰ ফটো; ঘোষণা পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ
বৰপেটা পৌৰসভা গঠনৰ বাবে অগপক প্ৰয়োজন এখন আসনৰ। ইয়াৰ বিপৰীতে বিজেপিক প্ৰয়োজন হব ৩ খন আসনৰ।
বৰপেটা পৌৰসভা গঠনৰ বাবে প্ৰয়োজন হোৱা ১২ খন আসন কোনো এটা দলে লাভ নকৰাত বৰপেটা চহৰত এইবাৰ হৰ্ছ ট্ৰেডিঙৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে ৷
লগতে পঢ়ক: পঞ্জাৱ বিধানসভা নিৰ্বাচন: ৰণত পৰিল দুই হাইপ্ৰফাইল নেতা অমৰিন্দৰ সিং, চৰণজিৎ সিং চন্নী
অগপৰ নিৰ্বাচিত প্ৰতিনিধিয়ে হৰ্ছ ট্ৰেডিঙৰ আশংকা ব্যক্ত কৰিছে যদিও সঁচাকৈয়ে মিত্ৰদল অগপৰ বিৰুদ্ধে বিজেপিয়ে হৰ্ছ ট্ৰেডিঙ কৰিবনে সেয়া সময়তহে জানিব পৰা যাব ৷
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সাৰদীয় দূৰ্গোৎসৱ উপলক্ষে হস্ততাঁত উৎপাদিত বিভিন্ন সাজ-পোচাক আৰু অন্যন্য পণ্য সামগ্ৰী বিক্ৰিৰ বাবে ধেমাজিৰ হস্ততাঁত আৰু বয়ন বিভাগে এখন ৬ দিনীয়া হস্ততাঁত এক্সপোৰ আয়োজন কৰিছে। জিলা পৰ্যায়ৰ হস্ততাঁত এক্সপো-২০১৮ ধেমাজি চহৰত আৰম্ভ হৈছে।
৮ অক্টোবৰত ধেমাজি নগৰ মহিলা শিল্প ব্যৱসায়ী সমবায় সমিতিৰ চৌহদত স্থানীয় বিধায়ক ৰণোজ পেগুৱে ধেমাজিৰ উপায়ুক্ত আৰএ কোৰাটি আৰু আন আন বিভাগীয় বিষয়াবৰ্গৰ উপস্থিতিত এক্সপো-২০১৮ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ কয় যে হস্ততাঁত উৎপাদিত সামগ্ৰী অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। ৰাজ্যখনৰ হস্ততাঁত খণ্ডটোক উদগনি দি ইয়াক সুৰক্ষিত কৰিব লাগে বুলিও বিধায়কগৰাকীয়ে কয়।
বিধায়ক পেগুৱে কয় যে অসমত কৃষিৰ পাছতেই হস্ততাঁত হৈছে পৰৱৰ্তী সংগঠিত উদ্যোগ। মহিলাসকলে হস্ততাঁতৰ জৰিয়তে ঘৰুৱা অৰ্থনৈতিক দিশটো শক্তিশালী কৰে।
বিধায়কগৰাকীয়ে আৰু জানিবলৈ দিয়ে যে ৰাজ্য চৰকাৰে ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু মাজুলী জিলাক লৈ চলিত বছৰৰ অক্টোবৰ মাহতেই মাজুলীত হস্ততাঁত আৰু বস্ত্ৰৰ ওপৰত এখন সন্মিলন আয়োজিত কৰাৰ কথা পৰিকল্পনা কৰিছে।
ধেমাজিৰ হস্ততাঁত আৰু বয়ন বিভাগৰ তত্বাৱধায়ক চম্পক শইকীয়াই জনাইছে যে এই এক্সপোখনত ৮০ টা প্ৰাথমিক শিপিনী গোট আৰু ২০টা এনআৰএলএমৰ দ্বাৰা পৰিচালিত আত্মসহায়ক গোটৰ পৰা মুঠ ১০০০ গৰাকী শিপিনীয়ে যোগদান কৰিছে। বোৱনীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী ৰাজ-সাহায্যপ্ৰাপ্ত হাৰত বিক্ৰি কৰিছে।
শইকীয়াই আৰু জনাইছে যে জিলাখনত ৫০,০০০তকৈও অধিক পঞ্জীয়নভুক্ত শিপিনী আছে। এই শিপিনীসকল বিভিন্ন হস্ততাঁত আঁচনি/প্ৰকল্পৰ অন্তৰ্গত আৰু তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বন লাভ কৰাৰ বাবে বিভিন্ন দক্ষতা বিকাশৰ প্ৰশিক্ষণো লৈছে।
এস্কপোত বিক্ৰিৰ বাবে অনা সামগ্ৰীসমূহৰ মাজত আছে অসমীয়া গামোচা, পাট আৰু মুগাৰ কাপোৰ, বিভিন্ন জনজাতীয় সাজ-পোচাক ইত্যাদি।
ৰাজ্যৰ হস্ততাঁত আৰু বয়ন বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰাই ধেমাজিত উপস্থিত হৈ এক্সপোৰ কাম-কাজসমূহ পৰিদৰ্শন কৰে। উদ্বোধনীৰ দিনা এক্সপোখনত ৰাইজে বিপুল সংখ্যাত অংশগ্ৰহণ কৰে। জোনাই, শিলচৰ, ধেমাজি আৰু গোগামুখৰ শিপিনীসকলেও এই এক্সপোত অংশগ্ৰহণ কৰাৰ ইচ্ছা ব্যক্ত কৰিছে।
অহা শনিবাৰে এক্সপোখনৰ সমাপ্তি হ’ব।
Recent News
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>অহা ২৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৩৮ সংখ্যক অল ইণ্ডিয়া গভৰ্নৰ্ছ গ’ল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ছিকিম।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ উন্নীতকৰণ কৰা চলিত বছৰৰ এই সন্মানীয় গ’ল্ড কাপ প্ৰতিযোগিতাখনত মুঠ ১২ টা দলে অংশ গ্ৰহণ কৰিব।
দেওবাৰে ৰাজ্যখনৰ ৰাজধানী চহৰ গেংটকত ফুটবল প্ৰতিযোগিতাখনৰ আয়োজক ছিকিম ফুটবল এছ’চিয়েশ্যনে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে।
প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া দল কেইটা হ’ল মানাং মাৰছাংড়ী ক্লাব(নেপাল), আৰ্মড পুলিছ ফ’ৰ্ছ ক্লাব (নেপাল), বেংগালুৰু এফ চি(ৰিজাৰ্ভ), এটিকে কলকাতা(ৰিজাৰ্ভ), আৰ্মী ৰেড, ছংগলৱেণ্ড য়ুনাইটেড(মণিপুৰ), ৰেইনব’ এফ চি (কলকাতা), কেলকাত্তা কাষ্টমছ, জৰ্জ টেলিগ্ৰাফ, আৰিয়ানছ কলকাতা, য়ুনাইটেড ছিকিম এফ চি আৰু ছিকিম আক্ৰমণ এফ চি।
উল্লেখযোগ্য যে ছিকিমৰ লীগ প্ৰতিযোগিতাতত য়ুনাইটেড ছিকিম এফ চি আৰু ছিকিম আক্ৰমণ এফ চিয়ে শীৰ্ষ স্থান দখল কৰা বাবে ঘৰুৱা দল দুটাক প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ সুযোগ দিছে।
ইফালে এই প্ৰতিযোগিতাখনৰ সমান্তৰালকৈ দেশৰ আগশাৰীৰ প্ৰতিযোগিতা আই লীগ আৰম্ভ হ’ব। সেয়ে ছিকিমৰ এই সন্মানীয় প্ৰতিযোগিতাখনত যোৱা বাৰৰ চেম্পিয়ন দল মোহন বাগানে অংশগ্ৰহণ কৰিব নোৱাৰিব।
জানিব পৰা মতে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী আৰ বি চুব্বাই শুভাৰম্ভণি কৰিবলগীয়া প্ৰতিযোগিতাখনৰ আৰম্ভণি মেচখন য়ুনাইটেড ছিকিম আৰু আৰিয়ানছ কলকাতাৰ মাজত অনুষ্ঠিত হ’ব। আনহাতে প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব ৩ নবেম্বৰত।
Recent News
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে।
কাৰ্বন ডাই অক্সাইড (ৰাসায়নিক সংকেত CO2) হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰায় ০.০৩৫ শতাংশ আগুৰি থকা (সাধাৰণ অৱস্থাত) এবিধ আম্লিক গেছ। এটা কাৰ্বন (C) পৰমাণু আৰু দুটা অক্সিজেন (O2) পৰমাণু লগ হৈ এই গেছ গঠন হয়।
এই গেছ জীৱমণ্ডলৰ বাবে অতি প্ৰয়োজন। এই গেছৰ মাধ্যমেৰে উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ এক জৈৱিক সম্পৰ্ক চলি থাকে। উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড (প্ৰাণীৰ দ্বাৰা নিৰ্গত) গ্ৰহণ কৰে আৰু বৰ্জিত দ্ৰব্য হিছাপে অক্সিজেন এৰি দিয়ে (ৰাতিৰ ভাগত)। তদুপৰি কাৰ্বনযুক্ত পদাৰ্থ দহন কৰিলে এই গেছ উৎপন্ন হয়। অগ্নেয়গিৰি উদ্গীৰণ, সামুদ্ৰিক শেলাই, কিছুমান ভেঁকুৰ আৰু সহজিৱই প্ৰাণীৰ পৰাও এই গেছ নিৰ্গত হয়।
এই গেছে ভূ-পৃষ্ঠৰপৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুণ্ডলৰ লগতে ভূ-পৃষ্ঠতো জীৱৰ বাবে উপযুক্ত উত্তাপ বিৰাজ কৰাত সহায় কৰে। অক্সিজেনৰ সৈতে এক নিৰ্দিষ্ট অনুপাত ৰক্ষা কৰি বিভিন্ন অঞ্চলৰ বৰষুণৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। উদ্ভিদৰ বৃদ্ধিত সহায় কৰে।
"https://as.wikipedia.org/w/index.php?title=কাৰ্বন_ডাই_অক্সাইড&oldid=193746"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
ৰাসায়নিক যৌগ
গেছ
অদৃশ্য শ্ৰেণী:
উৎসবিহীন প্ৰবন্ধ
এই পৃষ্ঠাখন ০৩ এপ্ৰিল, ২০১৯ তাৰিখে ১৬:২৯ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>তিনিটাকৈ সন্তানক বিহ খুৱাই হত্যাৰ চেষ্টা এগৰাকী মাহীমাকৰ ৷ বিহমিশ্ৰিত খাদ্য খাই থিতাতে মৃত্যুক আকোঁৱালিলে এটা তিনি বছৰীয়া শিশুৱে ৷ লগতে সংকটজনক অৱস্থাত আছে সতীনিৰ 8 বছৰীয়া সন্তান (Stepmother fed poison mixed food)৷
নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ সতিনীৰ সন্তানক বিহ খুৱাই হত্যাৰ চেষ্টা মাহীমাকৰ ৷ মাহীমাকে খাদ্যত মিহলি কৰি দিয়া বিহ খাই এটি সন্তানৰ মৃত্যু হোৱাৰ লগতে আন এটি সন্তানক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে (Stepmother feeds poison mixed food)৷
ইয়াৰোপৰি সতীনিৰ আন এটি সন্তানে সেই খাদ্য খাবলৈ অস্বীকাৰ কৰি পলায়ন কৰাত নিশ্চিত মৃত্যুৰ পৰা হাত সাৰে ৷ চাঞ্চল্যকৰ ঘটনাটো বৃহস্পতিবাৰে সংঘটিত হয় ঝাৰখণ্ডৰ তিশ্ৰী থানাৰ অন্তৰ্গত ৰোহন্তত ৷
আৰক্ষীৰ সূত্ৰে জানিবপৰা মতে, ৰোহন্তৰ সুনীল ছোৰেন নামৰ লোকজনৰ দ্বিতীয় পত্নী সুনীতা হাঞ্চদাই সতিনীৰ তিনি সন্তানক কুকুৰাৰ মাংস আৰু ভাতৰ সৈতে বিহ মিলাই খাবলৈ দিয়ে ৷ এই খাদ্য খোৱাৰ ফলত তিনিবছৰীয়া সন্তান অনিলৰ ঘটনাস্থলীতে মৃত্যু হয় ৷
ইফালে বিহমিশ্ৰিত ভাত আৰু মাংস খোৱাৰ পাছতে গুৰুতৰভাৱে অসুস্থ হৈ সংকটজনক হৈ পৰে 8 বছৰীয়া সন্তান শংকৰ ৷ চকুৰ সন্মুখতে দুই ভাতৃৰ এই অৱস্থা দেখি 12 বছৰীয়া সন্তান বিজয়ে সেই খাদ্য গ্ৰহণ নকৰাৰ ফলত নিশ্চিত বিপদৰ পৰা হাত সাৰে (Stepson killed in Jharkhand)।
চৰকাৰী সূত্ৰই জানিবলৈ দিয়া অনুসৰি দুবছৰ পূৰ্বে সুনীল ছোৰেনৰ প্ৰথম পত্নী শ্বৈলিন মাৰাণ্ডীৰ সৰ্প দংশনত মৃত্যু হৈছিল । সুনীল ছোৰেনৰ প্ৰথমা পত্নীৰ আছিল এগৰাকী কন্যা সন্তানৰ লগতে আৰু চাৰিটা পুত্ৰ সন্তান । প্ৰথমা পত্নীৰ মৃত্যুৰ পাচত সুনিলে সুনীতা হাঞ্চদাক বিয়া কৰাইছিল । কিন্তু সতিনীৰ সন্তানক নিজৰ সন্তানৰ দৃষ্টিৰে চাব নোৱাৰিলে সুনীতা হাঞ্চদাই ৷ বৰঞ্চ সন্তানকেইটাক বোজা হিচাবে ভাবিবলৈ ল’লে সুনীতাই ৷
অৱশেষত বৃহস্পতিবাৰে সন্তানকেইটাক হত্যা কৰাৰ লক্ষ্যৰে সুনীতাই ভাত আৰু মুৰ্গীৰ মাংস প্ৰস্তুত কৰি তাত বিহ মিহলাই দিয়ে আৰু সন্তানকেইটাক খাবলৈ দিয়ে ৷ মাহীমাকে দিয়া সেই ভাত খোৱাৰ পাচতেই দুটাকৈ সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ সেই দৃশ্য প্ৰত্যক্ষ্য কৰি ডাঙৰ সন্তানটোৱে সেই খাদ্য নাখাই পলায়ন কৰে আৰু মাতৃৰ ভগ্নী অৰ্থাৎ মাহীয়েকক ঘটনাৰ সবিশেষ অৱগত কৰে ৷ মাহীয়েক অঞ্জুৱে ততালিকে শিশু হেল্পলাইনৰ লগত যোগাযোগ কৰে ৷
ততালিকে বিভাগীয় লোক ঘটনাস্থলীত উপস্থিত হৈ অসুস্থ সন্তান দুটিক উদ্ধাৰ কৰে যদিও এটা সন্তানে মৃত্যুক আকোঁৱালি লয় (Child dead by eating poison mixed food)৷ আনহাতে অসুস্থ আনটো সন্তানক শংকৰক কমিউনিটি হেল্থ চেণ্টাৰত প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে গিৰিডিহলৈ প্ৰেৰণ কৰে ৷
ইতিমধ্য তিশ্ৰী আৰক্ষী থানাৰ থানা প্ৰভাৰী পিকু প্ৰসাদ সদালবাল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে হত্যাকাৰী মাহীমাকক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে কৰা সোধা-পোছাত হত্যাকাৰী মাহীমাক সুনীতাই বিহ খুৱাই সতিনীৰ সন্তানক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ।<eot>উত্তৰ প্ৰদেশ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ আগমুহূৰ্তত সমাজবাদী দলে লৈছে বিধান ভৱনলৈ প্ৰতিবাদী যাত্ৰাৰ কাৰ্যসূচী৷ সোমবাৰে সমাজবাদী নেতা অখিলেশ যাদৱৰ নেতৃত্বত এই প্ৰতিবাদী যাত্ৰা উলিওৱা হয়৷ সোমবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যখনৰ…
জনপ্ৰিয়
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত
ভংগ হ’বই বংগ ?
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই