text
stringlengths 0
188k
|
---|
বিনোদন |
জীৱনশৈলী |
লেখা |
লাইভ টিভি |
No Result |
View All Result |
No Result |
View All Result |
Home জীৱনশৈলী স্বাস্থ্য |
কঁকালৰ বিষ আৰু শ্লীপ ডিস্কৰ সমস্যা আৰু ইয়াৰ পৰা উপশম পোৱাৰ উপায় |
by editor |
August 29, 2022 |
in জীৱনশৈলী, স্বাস্থ্য |
0 |
0 |
SHARES |
32.5k |
VIEWS |
Share on FacebookShare on TwitterShare on WhatsAppShare with Email |
ডাঃ শাহানুৰ ৰহমানঃ মানৱদেহৰ অন্যান্য অংগত হোৱা বিষৰ দৰেই প্ৰায় বহুসংখ্যক লোকেই নিজ জীৱনকালত কম-বেছি পৰিমাণে কঁকালৰ বিষত ভোগে। ভিন্ন শাৰিৰীক ৰোগৰ লক্ষণ বা উপসৰ্গ হিচাপেও কঁকালৰ বিষ হোৱা দেখা যায়। পিছে বৰ্তমান সময়ত কঁকালৰ বিষত ভোগা বহুসংখ্যক লোকৰেই বিষৰ কাৰণ— শ্লীপ ডিস্ক বা প্ৰ’লেপড্ ডিস্ক। সাধাৰণতে শ্লীপ ডিস্ক বুলিলে মানুহে সহজভাৱে বুজি পাই বা এইটো উমান লগাব পাৰে যে, মেৰুদণ্ডত থকা মূখ্য সীৰা বা স্পাইনেল কৰ্ড বা ইয়াৰ পৰা ওলোৱা কোনোবা সীৰা কোনো অংশত ঘটা কিবা এক বিসংগতিৰ ফলত কঁকালৰ বিষ হৈছে বা হয়। |
এই ধাৰণা ভুল নহয়, যদিওবা চিকিৎসা-বিজ্ঞান অনুসৰি ইয়াৰ অন্তৰ্নিহিত বহুতো কাৰণ আছে। সাধাৰণতে এইবিধ মানে কঁকালৰ বিষ বা শ্লীপ ডিস্কৰ বিষ হঠাতে আৰু খুব তৎক্ষণাত আৰম্ভ হয়। আমাৰ দেহৰ ৰাজহাড় বা মেৰুদণ্ডডাল মূৰৰ নিম্নাংশৰ পৰা আৰম্ভ হৈ কঁকালৰ শেষ অংশ পৰ্যন্ত যায় আৰু এইডালেই আমাৰ দেহৰ ভাৰসাম্য ৰক্ষা কৰা মূখ্য হাড়। প্ৰতিজন ব্যক্তিয়েই জন্মগতভাৱে মুঠ ৩৩ টা ভিন্ন বা সৰু সৰু হাড়ৰ খণ্ডৰে গঠিত একোডাল ৰাজহাড়ৰ গঠন পায়। এই সৰু সৰু হাড়ৰ খণ্ডবিলাক ইটোৰ লগত সিটো সংলগ্ন হৈ থাকে আৰু তাৰ মাজত থকা জেলীৰ দৰে লুপথুপীয়া অংশটোক ডিস্ক বুলি কোৱা হয়। |
ইয়াৰ পিছফালে থাকে আমাৰ দেহৰ মেৰুসীৰা বা স্পাইনেল কৰ্ড। যেতিয়া এজন ব্যক্তিৰ কঁকালৰ নিম্নাংশৰ বিষৰ কাৰণ শ্লীপডিক্স হয়, তেতিয়া এই ডিস্কবিলাক শ্লীপ বা পিছল খাই নাযায়। প্ৰকৃততে হয় এইটো যে, এই ডিস্কৰ ভিতৰৰ কোমল অংশ, যাক চিকিৎসা-বিজ্ঞানৰ ভাষাত ‘নিউক্লিয়াছ পালপ’চাছ’ বুলি কোৱা হয়, সেইবোৰ ডিস্কৰ বাহিৰৰ দুৰ্বল আৱৰণেদি বাহিৰলৈ ওলাই পৰে। এনেদৰে বাহিৰলৈ ওলাই পৰা ডিস্কে মূল সীৰা বা সীৰাৰ গুৰি আদিৰ ওপৰত চাপ বা হেঁচা দিবলৈ আৰম্ভ কৰে। এনেদৰে পোৱা চাপ বা হেঁচাৰ ফলস্বৰূপেই বিষৰ সৃষ্টি হ’ব পাৰে। |
লগতে পঢ়ক যুৱকৰ প্ৰস্তাৱ নাকচ! ৰাতি শুই থাকোতে যুৱতীৰ শৰীৰত অগ্নিসংযোগ কৰি হত্যা, ১৪৪ ধাৰা জাৰি ডুমকাত |
এতিয়া আহিছো এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে। অৰ্থাৎ দেহত কি কি লক্ষণ দেখা দিলে এজন ব্যক্তি শ্লীপ ডিস্কত আক্ৰান্ত হৈছে বুলি জানিব পাৰিব। তেনে কেইটিমান লক্ষণ হৈছে— |
১. কঁকালৰ বিষ আৰু ভৰিৰ সংবেদনশীলতা কমি অহা (ভৰিৰ কোনো অংশৰ সাৰ-সুৰ নোহোৱা হৈ পৰা), প্ৰধানতঃ এখন ভৰিৰ, |
২. বিষ, যি ভৰি পৰ্যন্ত সম্প্ৰসাৰিত হয়, |
৩. আক্ৰান্ত অংশত জিনজিননি, বিষৰ লগতে জ্বলা-পুৰা কৰাৰ অনুভৱ,ইত্যাদি, |
৪. লগতে কঁকালৰ মাংসপেশীত সংকোচন বা মোচোকা খোৱাৰ দৰে হোৱা, |
৫. উঠিলে,থিয় হৈ থাকিলে বা বহিলেও খুব বিষ হয়, |
৬. নিশাৰ ভাগলৈ আৰু নিৰ্দ্দিষ্ট কিছুমান কাম-কাজ কৰিলে বাঢ়ি যোৱা বিষৰ মাত্ৰা, |
৭. বিছনাৰ পৰা উঠিব নোৱাৰা অৱস্থা হ’ব পাৰে, |
৮. বিষৰ লগতেই কোনো স্পষ্ট কাৰণ নোহোৱা মাংসপেশীৰ দুৰ্বলতা আৰু |
৯. একেবাৰে কম দূৰত্ব খোজ কাঢ়িলেও বিষ বৃদ্ধি পোৱা৷ |
সাধাৰণতে এই বিষ খুব হঠাতে, মানে কোনোধৰণৰ আগতীয়া উমান নোপোৱাকৈ আৰম্ভ হয়। যেনে ধৰক, কঁকালত সম্পূৰ্ণ ভাজ কৰি সমুখলৈ হাওলি কিবা কাম কৰোতে, গধুৰ বস্তু বা ওজন ডাঙোতে, আনকি হঠাৎ জোৰৰে অহা হাঁচি বা কাঁহ মাৰোতেও শ্লীপ ডিস্কৰ বিষৰ আৰম্ভণি ঘটিব পাৰে। ৩০ ৰ পৰা ৫০বছৰ বয়সৰ লোকসকল এই সমস্যাত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। মেৰুদণ্ডৰ যিকোনো ডিস্কেই এই সমস্যাত আক্ৰান্ত হ’ব পাৰে, পিছে অধিকাংশৰেই নিম্নাংশ বা কঁকালৰ অংশহে আক্ৰান্ত হোৱা দেখা যায়। এই যে ডিস্কৰ ভিতৰৰ অংশ বাহিৰলৈ ওলাই আহে, এনেদৰে ওলাই অহাৰ পৰিমাণ যিমানেই বেছি হয়, সিমানেই বিষ বা এই ৰোগৰ লক্ষণসমূহো বেছি হয়। |
লগতে পঢ়ক শোকাৱহ! কৰ্তব্যস্থলীৰ পৰা গৃহলৈ ওভতাৰ পথত দুৰ্ঘটনাত টেট শিক্ষৰ মৃত্যু |
এতিয়া আহিছো, এজন ব্যক্তিয়ে কি কি কাম কৰাৰ বা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ফলস্বৰূপে এই শ্লীপ ডিস্ক বা কঁকালৰ বিষৰ সমস্যা হয় সেই দিশলৈ। কেইটিমান এনে কাম-কাজৰ বিষয়ে তলত উল্লেখ কৰিছো— |
১. এনে কাম, য’ত এজন ব্যক্তিয়ে গধুৰ বস্তু বা ওজন ডাঙিবলগা হয়, |
২. এনে কাম, য’ত ব্যক্তিজন দীঘলীয়া সময়ৰ বাবে বহিয়েই থাকিব লগা হয়, |
৩. গধুৰ ওজন ডাঙিবলগা হোৱা যিকোনোধৰণৰ খেলা-ধুলা কৰা, |
৪. ধূম্ৰপান কৰা, |
৫. প্ৰয়োজনাধিক শাৰিৰীক ওজন আৰু |
৬. বৰ্ধিত বয়সৰ লগত বাঢ়ি অহা হাড়ৰ দুৰ্বলতাজনিত সমস্যা ইত্যাদি। |
দেহৰ বৰ্ধিত ওজন হ্ৰাস কৰা, ধূম্ৰপান ত্যাগ কৰা, ওজন ডঙাৰ কাম বন্ধ কৰা আৰু অধিক সময় বহি নাথাকি, মাজে-সময়ে অলপ চলা-ফিৰা কৰা আদি পদক্ষেপৰ জৰিয়তে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। |
এতিয়া আহিছো এই ৰোগৰ চিকিৎসালৈ। উপৰোক্ত লক্ষণসমূহ দেহত দেখা দিলেই এজন ব্যক্তিয়ে তাৎক্ষণিকভাৱে কোনো স্নায়ৰোগ বিশেষজ্ঞৰ ওচৰ চপা উচিত। প্ৰায়বোৰ লোকৰ ক্ষেত্ৰতেই এই ৰোগৰ পৰা উপশম পাবলৈ অন্ততঃ কেইসপ্তাহমানৰ প্ৰয়োজন হয়। প্ৰাৰম্ভিক অৱস্থাত বিষৰ তীব্ৰতা অত্যধিক মাত্ৰাৰ হোৱাৰ বাবে স্বাভাৱিক দিনচৰ্যা চলাই নিয়াত সমস্যা হয়। যদিওবা প্ৰাৰম্ভিক অৱস্থাত বিষৰ মাত্ৰা বেছি হয়, তথাপিও ৰোগী এজনে তেওঁৰ নিত্যনৈমিত্তিক দিনচৰ্যা চলাই নিব পৰা কামবোৰ কৰিবলৈ লোৱা উচিত। সেইবুলি হঠাৎ অত্যধিক চাপ দিয়াৰ প্ৰয়োজন নাই, লাহে-ধীৰে সৰু-সুৰা দুই এক কাম কৰা, অলপমান খোজ কঢ়া, এনেধৰণৰ কিছুমান কাম অব্যাহত ৰখা উচিত। পিছে এই কামবোৰ চিকিৎসক বা ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শমতেহে কৰা উচিত। অধ্যয়ন অনুসৰি প্ৰাপ্ত তথ্য অনুযায়ী ১০০জন ব্যক্তিৰ ভিতৰত ৫০ জনেই পৰ্যাপ্ত চিকিৎসা পালে, ১০ দিন মানৰ ভিতৰতেই লাহে লাহে উপশমৰ বাট দেখিবলৈ পায়। |
লগতে পঢ়ক চিলাপথাৰত ছমাহ ধৰি পিতৃৰ কামনাৰ বলি কন্যা, অন্তঃসত্বা হোৱাৰ পাছতহে পোহৰলৈ আহিল ঘটনা |
বিষ নিৰাময়ৰ বাবে সাধাৰণতে চিকিৎসকে আইব্ৰুফিন, ডাইক্ল’ফিনাক, নেপ্ৰ’ক্সেন, পেৰাচিতামল, গাবাপেন্টিন, মাছ’ল ৰিলেস্কেন্ট আদি ভিন্ন ধৰণৰ দৰৱ দিয়ে। ডিস্কৰ কিমান অংশ বাহিৰলৈ ওলাইছে আৰু ই মেৰুদণ্ডত কিমান বেছি হেঁচা দিছে, সেয়া চাবলৈ এম আৰ আইৰ দৰে পৰীক্ষা কৰি চাব পাৰি। পিছে যদিহে বহুত ডাঙৰ ডিস্ক থাকে বা ৪ সপ্তাহৰ পিছতো এই বিষৰ পৰা উপশম নাপাই তেন্তে ৰোগীজনৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে। এই অস্ত্ৰোপচাৰত সেই ডিস্কৰ ভিতৰৰ পৰা ওলাই আহি বাহিৰত চাপৰ সৃষ্টি কৰা অংশক কাটি পেলোৱা হয়। যাৰফলত বিষৰ কাৰক চাপ বা হেঁচা নোহোৱা হৈ ৰোগীজন যন্ত্ৰণামুক্ত হ’ব পাৰে। গতিকে এই ৰোগত আক্ৰান্ত হ’লেও ভয় খোৱাৰ কোনো কাৰণ নাই, কাৰণ ইয়াৰ চিকিৎসা আৰু নিৰাময় সম্ভৱ। |
লেখকঃ- এম বি বি এছ, এম এছ(জি এম চি এইচ), এম চি এইচ নিউৰ’চাৰ্জাৰী(হাইদৰাবাদ), জ্যেষ্ঠ স্নায়ু- শৈল্যৰোগ বিশেষজ্ঞ, গুৱাহাটী মেট্ৰ’ হস্পিটেল। |
See More |
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ |
Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamhealth tipsslip disc problems |
editor |
আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ... |
Related Posts |
জীৱনশৈলী |
কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ… |
December 3, 2022 |
অপৰাধ |
বিৰক্তিকৰ শব্দ! খঙতে একো নাই হৈ কাষৰ বিছনাত থকা ৰোগীয়ে বন্ধ কৰি দিলে ভেণ্টিলেটৰ মেছিন, তাৰপাছত… |
December 3, 2022 |
জীৱনশৈলী |
সলনি হ’ব মানৱ ব্ৰেইন! ছমাহৰ ভিতৰতেই মানৱ মস্কিষ্কত লগোৱা হ’ব কম্পিউটাৰ চিপ… |
December 3, 2022 |
জীৱনশৈলী |
লিভ ইন ৰিলেশ্ব্যনচিপত থাকিবলৈ লৈছে! আগতেই জানি লওক এইসমূহ আইনী সুৰক্ষাৰ কথা… |
December 3, 2022 |
Next Post |
লোমহৰ্ষক হত্যাকাণ্ড! মাতৃ, পত্নী আৰু কন্যাসহ ৫ গৰাকী লোকক শিৰচ্ছেদ কৰি হত্যা |
বিলাসী গাড়ী ক্ৰয় কৰিবলৈ গৈ মহিলা কৰ্মচাৰীক এনিশাৰ নৈশ যাপনৰ প্ৰস্তাৱ জ্যেষ্ঠ চিকিৎসকৰ! |
Leave a Reply Cancel reply |
Your email address will not be published. Required fields are marked * |
Comment |
Name * |
Email * |
Website |
Save my name, email, and website in this browser for the next time I comment. |
Facebook Twitter Youtube RSS |
About Us |
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.<eot>পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা আৰু অসমৰ কোচ ৰাজবংশীসকলক অতিশীঘ্ৰে ভৈয়াম জনজাতিৰ তালিকাভূক্ত কৰাৰ দাবীত বুধবাৰে বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় পৰিষদে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ |
বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ৰ লগতে অন্যান্য বিষয়ববীয়াসকল আৰু কোচ ৰাজবংশী মহিলা পৰিষদে অংশগ্ৰহণ কৰে ৷ |
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ ন’ এছ টি ন’ ৰেষ্ট, উই ওৱান এছ টি, কমতাপুৰ আমাক লাগিবই, ন’ কমতাপুৰ ন’ ৰেষ্ট, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, বিজেপি চৰকাৰ হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হায় হায়, এছ টি আমাৰ ন্যাৰ্য দাবী, বিজেপি গ’বেক, কোচ ৰাজবংশীসকলক অতিশীঘ্ৰে জনজাতিকৰণ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ |
প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৷ ইপিনে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি নেতৃত্বাধীন চৰকাৰো প্ৰতাৰক ৷ কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ আছে ৷ |
যোৱা লোকসভা আৰু বিধান সভা নিৰ্বাচনৰ প্ৰাক্মুহুৰ্তত তেওঁলোকে কৈছিল যে বিজেপি দলৰ চৰকাৰ আহিলে জনজাতি কৰণ কৰিব ৷ পিচে দেখা গ’ল কেন্দ্ৰত তেওঁলোকে দুবাৰকৈ চৰকাৰ গঠন কৰিলে আৰু অসমতো দুবাৰকৈ তেওঁলোকৰ চৰকাৰ হ’ল ৷ কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ কোনো বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল ৷ আনকি অসমৰ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কোচৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰাও দেখা নগ’ল ৷ সেইদৰে সংগঠনটোৰ সভাপতি বিমল কুমাৰ বৰ্মনে কয় যে ইয়াৰ পিচত সংগঠনটোৱে জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে নতুন দিল্লীতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ |
আনহাতে এক প্ৰেছ বিবৃতিত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মনৰ আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে জনজাতিকৰণ বিষয়টোক বিজেপি নেতৃত্বাধীন অসম চৰকাৰে সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দি এতিয়া অতি নিকৃষ্ট ৰাজনীতিৰে জনগোষ্ঠীটোক কুঠাৰাঘাত কৰিলে। অসম চৰকাৰৰ এই নিকৃষ্ট ষড়যন্ত্ৰ আৰু প্ৰতাৰণাৰ প্ৰতিবাদতে কোচ ৰাজবংশী জাতীয় পৰিষদে এই অৱস্থান ধৰ্মঘটত পালন কৰিছে ৷ বিবৃতিটোত নেতাদ্বয়ে তীব্ৰ বিষোদগাৰ কৰি লগতে কয় যে ২০১৯ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত কোচ ৰাজংশী জনগোষ্ঠীৰ ভোট লাভৰ ৰাজনীতিৰ বাবেহে বিজেপি চৰকাৰে যে কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়ক ৰাজ্য সভাত উত্থাপন কৰিছিল, সেই কথা এতিয়া প্ৰমাণিত হৈছে ৷ |
জাতীয় পৰিষদৰ শীৰ্ষ দুই নেতাদ্বয়ে লগতে কয় যে জনজাতিকৰণ সমস্যা সমাধানৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া মন্ত্ৰী মণ্ডলীৰ অধ্যক্ষ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনজাতিকৰণৰ প্ৰতিবেদন আজিলৈকে কেন্দ্ৰীয় চৰকাৰক দিয়াৰ পৰা বিৰত আছে আৰু সেইকাৰণে যে কোচ ৰাজবংশীৰ লগতে পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই সেই কথা চলিত অসম বিধান সভাৰ অধিবেশনত অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশ্নৰ উত্তৰত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুই দিয়া উত্তৰত স্পষ্ট ভাবে প্ৰকাশ পাইছে । |
নেতাদ্বয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰীক চৰম মিছলীয়া আখ্যা দি কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত জনজাতিকৰণৰ বিষয়টো সমাধানৰ ক্ষেত্ৰত অসম আৰু কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ থকা স্বত্বেও দৃঢ় পদক্ষেপ লৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনকেই নহয় চৰম লজ্জাজনক । |
অসম আৰু কেন্দ্ৰীয় চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক কৰা চৰম প্ৰতাৰণা আৰু জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদে অহা এপ্ৰিল মাহৰ পৰাই এলানি গণতান্ত্ৰিক গণ আন্দোলনৰ লগতে অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও বিবৃতি যোগে সদৰি কৰে সংগঠনটোৱে ৷ |
Recent News |
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’) |
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>আধুনিক চিকিৎসা বিজ্ঞানে ভাগৰক বহু পৰিসৰ যুক্ত (Multi-dimensional) এটা প্ৰণালীত বিচাৰ কৰি ভাল পায়৷ ভাগৰক যদি কেৱল শাৰীৰিক দিশৰ পৰা বিচাৰ কৰা যায় তেন্তে হয়তো ভুল কৰা হ’ব৷ ভাগৰ এটা দৈহিক চেতনাই নহয়, ই এক বিশেষ মানসিক অনুভূতিকো বুজায়৷ ভাগৰ বুলি কোৱাৰ লগে লগে এটা ঋণাত্মক আৱেশত নিজকে সংলিপ্ত হৈ যোৱা যেন লাগে৷ ভাগৰৰ বৈজ্ঞানিক ভিত্তিৰ অনুসন্ধান চিকিৎসা বিজ্ঞানে, বহু কাল আগৰে পৰাই কৰি আহিছে৷ শৰীৰৰ আণৱিক স্তৰত হোৱা গৱেষণাই ভাগৰৰ বিষয়ে ইতিমধ্যে বহুতো তথ্য প্ৰকাশ কৰিছে৷ চিকিৎসালয় এখনত ভাগৰুৱা আৰু হতাশাত ভোগা ৰোগীৰ সংখ্যাই সৰহ৷ কিন্তু বাস্তৱত ভাগৰ আৰু তাৰ ফলত সৃষ্টি হোৱা হতাশগ্ৰস্ততাৰ বাবে কোনো বিশেষ চিকিৎসা কৰা দেখা নাযায়৷ ধৰি লোৱা হয় যে মূল ৰোগটো নিৰ্মূল কৰিব পাৰিলেই “ভাগৰ” নিজে নিজে নোহোৱা হৈ যায়৷ সুস্বাস্থ্যৰ অধিকাৰীয়েই হওক বা জৰা-গ্ৰস্তই হওক দুয়োজনে ভাগৰুৱা অৱস্থাত একে পৰিস্থিতিৰ সন্মুখীন হয়৷ |
ভাগৰৰ জৈৱিক বিশ্লেষণ কৰাৰ আগতে দেহাটোৰ শৰীৰ আৰু মনক পৃথক- পৃথক ভাবে চোৱাটো প্ৰয়োজনীয়৷ শাৰীৰিক ভাগৰৰ বিষয়ে জনাৰ আগতে জীৱ এটাৰ aerobic capacity (বায়ু ধাৰণ ক্ষমতা? ) সম্বন্ধে কিছু জনাৰ দৰকাৰ৷ Aerobic বা বায়ু ধাৰণ আৰু anaerobic বা বায়ু ৰহিত প্ৰক্ৰিয়া বুলিলে সাধাৰণতে কি বুজো? জীৱ এটাই শাৰীৰিক ক্ৰিয়া- কলাপৰ সময়ত সাধাৰণতে এটা অৱস্থালৈ শক্তি আহৰণ কৰে, মুক্ত অক্সিজেনৰ সহায়ত, গ্লুক’জৰ অণু বিভংগনৰ দ্বাৰা৷ জীৱটোৰ শাৰীৰিক পৰিশ্ৰম তথা সক্ৰিয়তা যিমানেই বাঢ়ে সিমানেই শ্বাস-প্ৰশ্বাস বৃদ্ধি হয় যাতে পৰ্য্যাপ্ত পৰিমাণৰ অক্সিজেনৰ সহায়ত গ্লুক’জৰ অণু ভাঙি শক্তি আহৰণ কৰি থাকিব পাৰে৷ এটা নিৰ্দিষ্ট অৱস্থাৰ পাচত যদি শাৰীৰিক অনুশীলন আৰু বঢ়োৱা যায় তেতিয়া অক্সিজেনৰ তুলনামূলক অভাৱে দেখা দিয়ে৷ কাৰণ কেৱল শ্বাস-প্ৰশ্বাসৰ জৰিয়তে দেহত অক্সিজেনৰ পৰিমাণ আৰু নাবাঢ়ে৷ এই নিৰ্দিষ্ট অৱস্থাটোক aerobic (বায়ু ধাৰণ, বায়ুজীৱি) অৱস্থা বুলি কয় এই অৱস্থাৰ সৰ্বোচ্চ পৰ্য্যায়টোত প্ৰতি মিনিটত সেৱন কৰা অক্সিজেনৰ পৰিমাণক aerobic capacity বুলি কয়৷ আনহাতে অক্সিজেনৰ অভাৱ হ’লে জীৱদেহে এক বেলেগ প্ৰক্ৰিয়াৰে গ্লুক’জৰ অণু ভাঙি শক্তি আহৰণ কৰে৷ এই অক্সিজেনৰ অভাৱত চলা প্ৰক্ৰিয়াটোক anaerobic (বায়ু ৰহিত প্ৰক্ৰিয়া? ) বুলি কয়৷ বায়ু ধাৰণ ক্ষমতা বা aerobic capacity প্ৰত্যেকজন মানুহৰেই বেলেগ বেলেগ হয় আৰু নিৰ্ভৰ কৰে মানুহ এজনৰ হাওঁফাওঁৰ ক্ষমতা, তেজৰ অক্সিজেন বহন ক্ষমতা, হৃদযন্ত্ৰৰ পাম্প কৰাৰ ক্ষমতা, মগজুৰ সংকেত প্ৰেৰণৰ ক্ষমতা, হৰম’ন বা দেহৰ জৈৱ প্ৰণালীৰ সুচলতা ইত্যাদি৷ এজন সুস্থ মানুহে বায়ু ধাৰণ ক্ষমতাৰ ( aerobic capacity) ৬০% মান পালেই দেহত লেক্টিক এচিডে জমা হ’বলৈ আৰম্ভ ধৰে৷ এই জমা হোৱা লেক্টিক এচিড সাধাৰণতে পেশী কলা সমূহত ইন্ধন হিচাপে ব্যৱহাৰ হয়৷ গতিকে এফালে লেক্টিক এচিড উৎপন্ন হৈ থাকে আনফালে এই উৎপন্ন হোৱা লেক্টিক এচিড ইন্ধনৰ বাবে পেশী কলা সমূহত ব্যৱহাৰ হৈ থাকে৷ যেতিয়া এই দৈহিক পৰিশ্ৰম বৃদ্ধি হৈ এনেকুৱা এটা পৰ্য্যায় পায় যে লেক্টিক এচিড উৎপন্নৰ হাৰ, খৰচ বা ব্যৱহাৰৰ হাৰতকৈ বহুত বেছি হয়৷ তেতিয়া এই উৎপন্ন আৰু খৰচৰ অংক নিমিলা হৈ পৰে৷ তেতিয়া লেক্টিক এচিড দেহত, তেজত, বৃদ্ধি পাবলৈ ধৰে ফলত পেশী কলা সমূহ অৱস হৈ পৰে হৃদস্পন্দন আৰু শ্বাস-প্ৰশ্বাস বৃদ্ধি হয়৷ ইয়াকে আমি ভাগৰ লগা বুলি কওঁ৷ কিন্তু সকলোৰে ভাগৰ সমান নহয়৷ কাৰোবাৰ সোনকালে লাগে ইয়াৰ কাৰণ হল বায়ু ধাৰণ ক্ষমতা (aerobic capacity) সকলোৰে সমান নহয়৷ হাওঁফাওঁৰ অসুখ থকা সকলৰ অক্সিজেন গ্ৰহণ ক্ষমতা কম হয়৷ হৃদযন্ত্ৰৰ অসুখ থাকিলে অক্সিজেন গ্ৰহণ কৰিব পাৰিলেও তেজৰ চলাচল (blood flow) তথা অক্সিজেন পৰিবহণ কম হয়৷ তেনেদৰে ৰক্তহীন অৱস্থাত তেজৰ অক্সিজেন কঢ়িয়াই নিয়া ক্ষমতা কম হয়৷ দেহত পানী কমি গলে তেজৰ আয়তনেই কমি যায় ফলত ৰক্ত সঞ্চালনত বাধা আহি পৰে৷ ইয়াৰ উপৰিও কিছুমান হৰম’ন যেনে থায়ৰড, ইনচুলিন আদিৰ অভাৱ হলে জৈৱ ৰাসায়নিক বিক্ৰিয়া বাধাগ্ৰস্ত হয়৷ কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত দেহৰ বিপাক ক্ৰিয়া সমূহ এক বেলেগ ৰূপ লয় যাৰ ফলত বায়ু ধাৰণ ক্ষমতা বহু পৰিমাণে কমি যায়৷ এই আটাইবোৰ কাৰণতে দেহত তুলনামূলক অক্সিজেন হ্ৰাস হয় আৰু দেহে শক্তিৰ বাবে বায়ু ৰহিত প্ৰক্ৰিয়া (anaerobic metabolism) বোৰৰ আশ্ৰয় ল’ব লগাত পৰে৷ যাৰ বাবে ভাগৰ লাগে৷ |
হলেণ্ডৰ পৰা প্ৰকাশিত এটা গৱেষণাত দেখা গৈছে যে কৰ্কট ৰোগীৰ লগত ভাগৰৰ এক প্ৰত্যক্ষ সম্বন্ধ আছে৷ প্ৰায় ৬০% ৰ পৰা ৯০% কৰ্কট ৰোগীৰ মুখ্য সমস্যা হল ভাগৰ৷ আনকি বিকিৰণ চিকিৎসা (Radiation) বা ৰসায়ন চিকিৎসা ( chemotherapy) শেষ হোৱাৰ পিচতো ভাগৰ নকমে৷ কৰ্কট ৰোগীৰ বিভিন্ন সমস্যা যেনে পুষ্টিহীনতা, বিকৃত বিপাক ক্ৰিয়া, ৰক্তহীনতা ইত্যাদিৰ ফলত বায়ু ধাৰণ ক্ষমতা হ্ৰাস পায়৷ এনেকুৱা অৱস্থাত সাধাৰণ দৈনন্দিন কামবোৰ কৰোঁতেই দেহত অক্সিজেনৰ অভাৱ হৈ ভাগৰ অনুভূত হয়৷ |
প্ৰশ্ন হল ভাগৰ কিদৰে কমাব পাৰি? যদি অসুস্থ তেন্তে দেহাটো সুস্থ কৰি লোৱাটো অতি প্ৰয়োজনীয়৷ সুস্থ শৰীৰৰ বায়ু ধাৰণ ক্ষমতা (aerobic capacity) বৃদ্ধি কৰি ভাগৰ কমাব পৰা যায়৷ এনে কৰিবলৈ নিতৌ শাৰীৰিক অনুশীলন আৰু ব্যায়াম কৰাৰ প্ৰয়োজন৷ পানীৰ পৰিমাণ যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰখা দৰকাৰ কম পানীয়ে ভাগৰ বৃদ্ধি কৰে৷ শৰ্কৰা জাতীয় আহাৰে শৰীৰৰ গ্লাইকোজেনৰ মাত্ৰা অটুট ৰাখে বুলি কিছুমান বৈজ্ঞানিক গৱেষণাই কয়৷ গ্লাইকোজেন হল গ্লুক’জৰ সমষ্টি গতিকে যাৰ দেহত গ্লুক’জৰ বেছি পৰিমাণে সঞ্চিত হৈ থাকে তেনেকুৱা লোকে পোনে পোনে গ্লুক’জৰ পৰা শক্তি আহৰণ কৰে সেয়েহে ভাগৰ কম লাগে৷ এইখিনিতে উল্লেখ কৰাৰ দৰকাৰ যে ডায়েবেটিজ ৰোগীৰ ক্ষেত্ৰত শৰীৰে শৰ্কৰা ব্যৱহাৰ কৰিব নোৱাৰে বাবেহে শৰ্কৰাৰ পৰিমাণ তেজত বেছি থাকে৷ বয়সীয়া মানুহ, প্ৰৌঢ় মহিলা বা দীৰ্ঘদিন কোনো ৰোগত ভুগি থকা ব্যক্তিৰ ক্ষেত্ৰত D ভিটামিনৰ কিছু অভাৱ পৰিলক্ষিত হয়৷ দেহৰ পেশীত যদি কেলচিয়াম আৰু ভিটামিন D ৰ সামঞ্জস্য সঠিক ৰূপত বজাই ৰাখিব পাৰি তেতিয়াও ভাগৰৰ পৰা কিছু সকাহ পাব পাৰি৷ দেহৰ পেশী কলা সাধাৰণতে সংকোচন সম্প্ৰসাৰণ কৰিব পৰা এক বিশেষ প্ৰ’টিন অণুৰে গঠিত৷ দেহত প্ৰ’টিনৰ অভাব হলে পেশীৰ এই বিশেষ সংকোচন সম্প্ৰসাৰণ কৰিব পৰা প্ৰ’টিনৰ অভাৱ হয়৷ ফলত দেহৰ শক্তি কমি যায় আৰু ভাগৰ সোনকালে লাগে৷ সমীক্ষাই কয় যে বৃদ্ধাৱস্থাত হোৱা শক্তি হীনতাক দৈনিক ১৫ গ্ৰাম প্ৰ’টিন আৰু ৮৩৬ কিলো জুল শক্তি যোগান ধৰিলে দেহত বহু পৰিমাণে ভাগৰ কমে আৰু শক্তি বৃদ্ধি হয়৷ |
ভাগৰৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হল টোপনি ক্ষতি৷ আমেৰিকাৰ পাৰ্কলেণ্ড কলেজৰ ছাত্ৰ সকলৰ মাজত ২০১৪ চনত চলোৱা এক গবেষণাই দেখুৱাই যে ৰাতি উপযুক্ত মানৰ টোপনিৰ অভাবেই দিনত অনুভৱ হোৱা ভাগৰৰ মূল কাৰণ৷ বহু ক্ষেত্ৰত আমাৰ অমনোযোগিতাৰ ফলত নিশা টোপনি বিঘ্নিত হয় যিটো সাধাৰণতে মন কৰা নাযায়৷ উন্নত মানৰ টোপনিৰ অভাবে দিনত এক ক্লান্তি আনি দিয়ে৷ নিদ্ৰা কালত হোৱা কিছুমান বিসংগতি বা ৰোগৰ বাবে শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াটো সুচাৰু ৰূপে পৰিচালিত নহয়৷ যেনে হাঁওফাঁওৰ ৰোগ (COPD), নিদ্ৰাৱস্থাত উশাহ ব্যাহত হোৱা(sleep apnea), অনুচিত বায়ু চলন উপসৰ্গ (hypo ventilation syndrome) ইয়াৰ উপৰিও ডিঙিৰ পেশী কলা সমূহ শিথিল হলেও শ্বাস প্ৰশ্বাস তথা বায়ু চলনত বাধা পায় আৰু উপযুক্ত অক্সিজেনৰ অভাৱ হয়৷ ইয়াৰ ফলত দেহৰ অম্লতা বৃদ্ধি পায় ফলত ক্লান্তি বৃদ্ধি হয়৷ |
আমি জানো যে দেহৰ সকলো নিয়ন্ত্ৰণ মগজুৰ জৰিয়তে হয়৷ দেহটো কাৰ্যক্ষম কৰি ৰাখিবলৈ কেতবোৰ বিশেষ ধৰণৰ জৈৱিক সংকেত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বা মগজুৰ পৰা দেহৰ সৰ্বত্ৰলৈ বিয়পি পৰে৷ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ, (মগজুৰ পৰা) স্নায়ুৰ জৰিয়তে অহা সংকেত সমূহৰ এটা সময়ত চোক কমি আহে৷ ইয়াৰ কাৰণ হ’ল উদ্দীপনা পৰিবহণ কৰিবলৈ দৰকাৰ হোৱা প্ৰয়োজনীয় জৈৱ পদাৰ্থ (Neuro transmitter) তথা মগজুৰ বিপাক ক্ৰিয়াত ব্যৱহৃত ইন্ধন ক্ৰমাৎ হ্ৰাস হয়, ফলত মগজুৱে ভাগৰ অনুভৱ কৰে৷ গবেষণা কৰি পাইছে যে চেৰ’ট’নিন (serotonin) নামৰ এবিধ জৈৱ যৌগৰ পৰিমাণ মগজুত অধিক হলে ভাগৰ বৃদ্ধি হয়৷ কিন্তু পিচৰ ফালে কৰা বহুতো গবেষণাই কয় যে ভাগৰৰ কাৰণ হিচাপে কেৱল চেৰ’ট’নিনক দোষাৰোপ কৰিলে ভুল হব৷ চেৰ’ট’নিনৰ লগতে ড’পামাইন (Dopamine), গাবা (Gama Amino Butyric Acid) আদি যৌগ সমূহৰ এক জটিল জৈৱ প্ৰণালীৰ সমন্বয়ৰ সহায়ত ভাগৰক মগজুৱে নিয়ন্ত্ৰণ কৰে৷ ভাগৰ সম্বন্ধে মগজুত চলা প্ৰক্ৰিয়া বোৰৰ গৱেষণা যিমানেই আগুৱাই গৈ আছে সিমানেই মানুহৰ বুদ্ধিমত্তা এক দুৰ্বোধ্য চক্ৰ বেহুৰ মাজলৈ সোমাই গৈ আছে৷ এতিয়াও মানুহে জানিবলৈ বহু কথাই বাকী আছে৷ হয়তো অদূৰ ভবিষ্যতে মানুহে ভাগৰক নিজৰ নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হব আৰু এক সুস্থ কাৰ্য্যক্ষম জীৱন উপলব্ধ কৰাবলৈ সক্ষম হব৷ |
1. Ekblom Bঃ Factors determining maximal aerobic power. Acta physiol Scand Suppl 1986; 556ঃ15-9 |
2. Riberio JP, Fielding RA, et alঃ metabolic and ventilatory response to steady state exercise relative to lactate thresholds. Eur J Appl Physiol Occup Physiol 1986; 55ঃ215-21. |
3. Brigstorm J, Hultman Eঃ A study of the glycogen metabolism during exercise in man. Scand J Clin Lab Invest 1967; 19ঃ[email protected] |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.