text
stringlengths 0
188k
|
---|
চেনিমৰা বাগানৰ চিঠি -(অনন্ত বৰা) |
December 1, 2016 0 |
নিতাই বুঢ়ীৰ সাধু – মাধুৰিমা ঘৰফলীয়া |
December 16, 2018 0 |
=ডাইনী -(নীত কাশ্যপ) |
December 1, 2016 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
1 Comment |
Oldest |
Newest Most Voted |
Inline Feedbacks |
View all comments |
নীলাক্ষি দেৱী ডেকা |
2 years ago |
পৰিসমাপ্তি বৰ দুখৰ। বহুতো গঙ্গাৰ কাহিনী এয়া। |
0 |
Reply |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত অৱস্থিত জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ বিলখনৰ সেউজীয়া আবেশৰ মাজত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও বাৰেৰহণীয়া কাৰ্যসূচীৰে ত্ৰয়োদশ বাৰ্ষিক চানডুবি উৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱাৰ ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। ২০২৩ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা উক্ত উৎসৱৰ আজি আনুষ্ঠানিকভাবে লাইখুঁটা স্থাপন কৰা হয় ৷ বৰদুৱাৰ ভোলাগাঁৱ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ৰাভা মহিলা পৰিষদকে ধৰি ৰাভা জাতীয় সংগঠনৰ নেতা কৰ্মী সকলৰ উপস্থিতিত উদযাপন সমিতিৰ সম্পাদক দীপজ্যোতি বাৰ্চুঙে আঁতধৰা অনুষ্ঠানটিত লাইখুঁটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবি সমষ্টিৰ পাৰিষদ নৃপেন চন্দ্ৰ ৰাভাই ৷ দাইখুটা স্থাপন কৰি ভাষণত ৰাভাই কয় যে – চানডুবি উৎসৱে প্ৰকৃতি সংৰক্ষণৰ হেতু এক ইতিবাচক সচেতনতা গঢ়ি তুলিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত চৰকাৰ কিম্বা সংশ্লিষ্ট কৰ্তৃপক্ষই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিলে চানডুবিৰ জৈৱ বৈচিত্ৰ্যই এক স্বকীয় গতি লাভ কৰাৰ উপৰি স্বনিৰ্ভৰশীলতাৰো বাট মুকলি হ’ব বুলি আশা প্ৰকাশ কৰে পাৰিষদ ৰাভাই। উল্লেখ্য যে- প্ৰকৃতি প্ৰদত্ত মনোৰম বিলখনৰ অপূৰ্ব নান্দনিকতাৰ মাজত অসমীয়া জাতীয় জীৱনৰ স’তে সংপৃক্ত পৰম্পৰাগত থলুৱা লোকাচাৰ, প্ৰকৃতি সংৰক্ষণ আৰু বৰ্ণিল লোককৃষ্টিৰ সমাহাৰেৰে উৎসৱটি উদযাপন কৰা হ’ব ৷ বিশেষকৈ ইয়াৰ জৰিয়তে গণসচেতনতা বৃদ্ধি আৰু এক উল্লেখনীয় পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰা উৎসৱৰ লাইখুঁটা স্থাপনৰ মাংগলিক অনুষ্ঠানত দেৱজিত নাফা, অশোক নংবাগ, বিচিত্ৰ ৰাভা, জীৱন ৰাভাকে ধৰি আঞ্চলিক আৰছুৰ সভাপতি কমলেশ্বৰ ৰাভা তথা উৎসৱ উদযাপন সমিতিৰ সভাপতি সুভাষ চিনাল উপস্থিত আছিল ৷ আনহাতে, ৰাভা লোককৃষ্টি প্ৰদৰ্শনেৰে উপভোগ্য হৈ উঠে মাংগলিক অনুষ্ঠানটি৷<eot>অসম ৰাজ্যলৈ পৰাধীনতাৰ কলীয়া ডাৱৰ নামি অহা সন্ধিক্ষণৰ মূল ব্যক্তিজইে আছিল চন্দ্রকান্ত সিংহ। এওঁৰ জন্ম ১৭৯৮ চনত। আহােম স্বৰ্গদেৱ কমলেশ্বৰ সিংহৰ মৃত্যুৰ পাছত তেওঁৰ ভায়েক চাৰিঙৰ ৰজা চন্দ্রকান্ত ১২ বছৰতে আহােম ৰাজসিংহাসনত বহিল। এওঁক সিংহাসনত বহুৱায় মহামন্ত্রী পূর্ণানন্দ বুঢ়াগােহাঁয়ে। চন্দ্রকান্তই ভালেমান দিনলৈকে পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ ওপৰতে সকলাে ধৰণে নিৰ্ভৰ কৰি ৰাজপাট ভােগ কৰি আছিল। সেই সময়ত ৰজাই সমনীয়াৰ লগত ৰং-ধেমালি কৰিয়েই কটাইছিল। |
লাহে লাহে ৰজা ডেকা হ’ল আৰু ক্ষমতা প্রয়ােগেৰে বাল্যবন্ধু সত্ৰামক ৰজাৰ বৰখাটনিয়াৰ হিচাবে নিযুক্তি দিলে। তাৰ পাছত সত্ৰাম ‘চাৰিঙ্গীয়া ফুকন হ’ল। ক্ষমতাৰে বলীয়ান হৈ সত্ৰমে এইবাৰ পূৰ্ণানন্দ সহিতে অন্যান্য পাত্র-মন্ত্ৰীৰ বিৰুদ্ধেও দেখদেখকৈ বিদ্রোহ আচৰণ কৰিবলৈ ললে। ১৮১২ত কলিয়াভােমােৰা বৰফুকনৰ মৃত্যু হােৱাত প্ৰথমতে তেওঁৰ ককায়েকক, পাছত বদনচন্দ্ৰক বৰফুকন পতা হ’ল। …বদনে আগৰে পৰা বিয়ৈ পূর্ণানন্দৰ ক্ষমতা দেখি ঈর্ষাত জ্বলি-পুৰি মৰিছিল। বৰফুকন হৈ দেখদেখকৈ বদনে পূৰ্ণানন্দৰ বিৰুদ্ধাচৰণ কৰি সত্ৰামৰ পক্ষ ল’লে। পূৰ্ণানন্দই উপায় নাপাই ডা-ডাঙৰীয়াক লগত লৈ ৰজাৰ চ’ৰাত বহিলগৈ। |
কৈ থােৱা ভাল হ’ব যে বুঢ়াগােহাঁই, বৰগােহাঁই আৰু বৰপাত্ৰগােহাঁই— এই তিনিওজনা ডাঙৰীয়া একে সময়তে ৰজাৰ চ’ৰাত ৰজা ভঙা-পতা বা তেনে ধৰণৰ গুৰুতৰ বিষয়ক আলােচনা কৰিবলৈহে বহে; নহ’লে সাধাৰণতে দুজনতকৈ অধিক ডাঙৰীয়া কেতিয়াও ৰজাৰ চ’ৰাত আলােচনাৰ বাবে নবহে। তিনিওজন মন্ত্রীয়ে সত্ৰামক দোষী সাব্যস্ত কৰিলে। সেই সময়ত সত্ৰমে ৰজাৰ ওচৰতে আশ্ৰয় লৈ আছিল। মন্ত্রীসকলে জোৰকৈ ধৰাত অৱশেষত চন্দ্রকান্তই এটা চৰ্তত সত্ৰামক গতাই দিলে যে তেওঁক প্রাণে মৰা নহ’ব। এইবাৰ এই ডেকা দাম্ভিক যুৱক সত্ৰামক নামৰূপলৈ নির্বাসন দিয়া হ’ল। কিছুদিনৰ পাছতে সত্ৰামক নগাই কাটিলে। সত্ৰামৰ এই বিদ্ৰোহৰ কালতেই গুৱাহাটীত থকা বদন (এওঁৰ জীয়েক পিজৌ গাভৰুক পূৰ্ণানন্দৰ পুত্ৰই বিয়া পাতিছিল) আৰু তেওঁৰ পুতেক কেইজনৰ উৎপাতত ৰাইজ অতিষ্ঠ হৈ পৰিছিল। তেওঁলােকে হাতীক ভাং খুৱাই প্ৰজাৰ মাজত মেলি দি নিজে পাছে পাছে গৈ হাতীয়ে উৎপাত কৰা চাই আনন্দ পাইছিল। হাতীয়ে প্রজাৰ ঘৰ ভাঙিছিল, মানুহক শুৰেৰে দলিয়াই মাৰিছিল।.. |
বদনৰ স্বেচ্ছাচাৰিতা দেখি গুৱাহাটীৰ পৰা তেওঁক ধৰি আনিবলৈ পূৰ্ণানন্দই মহেশ্বৰ পৰ্বতীয়া ফুকনক পঠিয়ালে। কিন্তু ইতিমধ্যে বুঢ়াগােহাঁইৰ বােৱাৰীয়েক পিজৌ গাভৰুৱে দেউতাক বদনক ধৰি আনিবলৈ মানুহ পঠিওৱাৰ কথা লিখি চিঠি এখন দিলে। চিঠিত জীয়েকৰ পৰা আগন্তুক বিপদৰ সম্ভাৱনা পাই পুতেক দুজনক লগত লৈ বৰফুকন পলাই গ’ল। বদনচন্দ্ৰই কলিকতালৈ গৈ আহােম ৰাজ্যৰ বিৰুদ্ধে যুঁজ কৰিবলৈ ব্রিটিছ গৱৰ্ণৰ জেনেৰেল লর্ড মেয়ােক খাটনি ধৰিলে। কিন্তু সেই সময়ত ব্রিটিছ ৰাজৰ অন্যৰ ৰাজ্য সম্পর্কীয় কার্যত হস্তক্ষেপ নকৰা নীতি’ আছিল। সেইবাবে তেওঁ বদনক সহায় কৰিলে। ঠিক সেই সময়তে কলিকতালৈ ব্রহ্মদেশৰ মান ৰজাৰ কটকী এজন আহিছিল। বদনচন্দ্ৰই কটকীৰ কাষ চাপি তিলকে তাল কৰি অসমৰ দুৰৱস্থাৰ বিষয়ে কৈ সহায় ভিক্ষা কৰিলে। কটকীয়ে বদনক ব্রহ্মদেশলৈ নিলে। তাৰ ৰজাই বদনৰ আবেদন মঞ্জুৰ কৰিলে আৰু লগত কেইবাহেজাৰ সৈন্য দি আহােম ৰাজ্য আক্রমণ কৰিবলৈ পঠিয়ালে। |
অজস্র মান সেনাৰ বলেৰে বলীয়ান বদনচন্দ্ৰই ১৮১৬ চনত মুংকুং, হুকুং আৰু মণিপুৰেদি যুদ্ধযাত্রা কৰি নামৰূপত ভৰি দিলে। যুঁজত আহােম সৈন্যক পৰাজিত কৰিলে। সেই সময়তে আহােম ৰাজ্যৰ ত্রাণকর্তা পূৰ্ণানন্দৰাে মৃত্যু ঘটিল। পূৰ্ণানন্দৰ পুতেক ৰুচিনাথে ‘বুঢ়াগােহাঁইৰ বাব লৈ মান সৈন্যক পুনৰ ভেটা দিলে। কিন্তু আকৌ আহােম সৈন্য পৰাজিত হ’ল। ৰুচিনাথে চন্দ্রকান্ত সিংহক গুৱাহাটীলৈ |
পলাই যাবৰ বাবে অনুৰােধ কৰিলে। কিন্তু আত্মসন্মান নথকা ৰজা চন্দ্রকান্তই ৰুচিনাথকহে পলাই যাবলৈ উচটাই নিজেই বদন আৰু মান সেনাৰ স’তে সন্ধি কৰিবলৈ তৎপৰ হ’ল। |
মান সেনাই ৰাজ্যত অত্যাচাৰ চলালে। বদনে পুনৰ নিজকে ‘বৰফুকন ঘােষণা কৰি ৰাজ্যৰ সকলাে ক্ষমতা হাতলৈ আনিলে আৰু চন্দ্রকান্ত সিংহ মাথাে নামত ৰজা হৈ থাকিল। বদনে পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ পৰিয়ালৰ যাকে য’তে পায় হত্যা কৰিলে। মান সৈন্যবাহিনীক বহু টকা-পইচা আৰু অন্যান্য উপঢৌকন দিলে। তাৰ পাছত ১৮১৭ চনৰ এপ্রিল মাহত বয়-বস্তু, টকা-পইচা লৈ ভাৰে-ভেটিয়ে মান সৈন্য ব্ৰহ্মদেশলৈ গুচি গ’ল। |
মান উভতি যােৱাৰ পাছত বদন চন্দ্র বৰফুকন একছত্রী সম্রাটত পৰিণত হ’ল। ক্ষমতা বঢ়াৰ লগে লগে বদনৰ অত্যাচাৰৰ মাত্রাও চৰি আহিল। পাত্র-মন্ত্রী, সাধাৰণ প্ৰজাৰ চকুৰ কুটা স্বৰূপ হ’ল বদন। শেহত ৰজা চন্দ্রকান্ত সিংহৰ মাতৃ ৰাজমাও দেউতাই ৰূপসিং নামৰ হিন্দুস্তানী চিপাহী এজনৰ হতুৱাই শৌচ কৰিবলৈ যাওতে দেশদ্রোহী বদনক হত্যা কৰালে। |
এইবাৰ লুকাই থকা ৰুচিনাথক ৰাজমাও দেউতাই মাতি পঠিয়ালে। কিন্তু চন্দ্রকান্তক বিশ্বাসত ল’ব নােৱাৰিলে ৰুচিনাথে। সেইবাবে কেইদিনমানৰ পাছতে তেওঁ ৰাজেশ্বৰ সিংহৰ বংশৰ কোঁৱৰ পুৰন্দৰ সিংহক ৰজা পতাৰ ইচ্ছাৰে যােৰহাটলৈ আনিলে। লুকু ডেকা ফুকনক নগৰ গতাই দি চন্দ্রকান্ত পলাল। ডেকাফুকনক পৰাজিত কৰি ৰুচিনাথ বুঢ়াগােহাঁয়ে সকলােৰে পৰা সন্মতি লৈ পুৰন্দৰক যুৱৰাজ আৰু চন্দ্রকান্তক ৰজা পাতিবলৈ মাতি পঠিয়ালে। কিন্তু চন্দ্রকান্তই ৰুচিনাথক বিশ্বাস নকৰিলে, ফলত পুৰন্দৰ সিংহ আহােম ৰাজপাটত উঠিল। পাছত পুৰন্দৰ সিংহৰ মানুহে চন্দ্রকান্তক ধৰি আনি সোকাণখন কাটি দিলে, যাতে অংগক্ষত থকাৰ বাবে তেওঁ আহােম মতে ৰজা হ’ব নােৱাৰে। |
ৰাজপাট হেৰুওৱা চন্দ্রকান্তই বদনচন্দ্ৰৰ ফলীয়া কিছুমান মানুহক পুনৰ ব্রহ্মদেশলৈ পঠিয়ালে। সেই মানুহে বদনচন্দ্ৰৰ অপমৃত্যু আৰু ৰাজ্যৰ দুৰৱস্থাৰ বিষয়ে ব্রহ্মদেশৰ ৰজাক জনালে। মান ৰজাই প্রায় ত্রিছ হেজাৰ সৈন্যৰে সৈতে আহােম ৰাজ্য আক্রমণ কৰিবলৈ ১৮১৯ চনত আলামিঙ্গি নামৰ সেনাপতি এজনক পঠিয়ালে। যুদ্ধত আহােম সৈন্য পৰাজিত হােৱাত পুৰন্দৰ সিংহক লৈ ৰুচিনাথ সপৰিয়ালে গুৱাহাটীলৈ পলাই গ’ল। তাৰ পাছত মান সৈন্যই পুনৰ চন্দ্ৰকান্তক তলতীয়া ৰজা পাতিলে। |
চন্দ্রকান্তই পুতলা ৰজা হৈ সকলাে ক্ষমতা দিলে মান সেনাৰ ওপৰত। মানে বহুতৰ ওপৰত তীব্র আতিশয্য চলালে। পুৰন্দৰ সিংহক বিচাৰি উলিয়াবলৈ মানুহে পঠিয়ালে। পুৰৰ পলাই গ’ল ৰংপুৰলৈ। তেওঁ আকৌ ইষ্ট ইণ্ডিয়া কোম্পানীক সহায়ৰ বাবে আৱেদন জনালে। কোম্পানীয়ে যদি সৈন্য দিয়ে তেন্তে সেইসকলৰ বেতনৰ পৰা আৰম্ভ কৰি যাৱতীয় খৰচ বহন কৰিব বুলি পুৰন্দৰে গাত ল’লে। তদুপৰি সিংহাসন পুনৰুদ্ধাৰ কৰাৰ বাবে কোম্পানীক বছৰি তেওঁ তিনি লাখ টকা দিবলৈকো সংকল্পবদ্ধ হ’ল। পাছত বুঢ়াগােহাঁয়েও কলিকতালৈ গৈ অসমত হস্তক্ষেপ চলাবলৈ অনুৰােধ কৰিলে। কিন্তু ব্রিটিছ গৱৰ্ণৰ জেনেৰেলে বাৰে বাৰে ক’লে যে অন্যৰ ৰাজ্যত হস্তক্ষেপ কৰাটো ব্রিটিছৰ নীতি নহয়। |
মান সেনাই পটল নামৰ এজন কছাৰী লােকক বৰবৰুৱাৰ পদ দিছিল। কিন্তু কিবা কাৰণত পটলৰ লগত মতান্তৰ হােৱাত মান সেনাই তেওঁক প্রাণদণ্ড দিলে। এই কথাত ৰজা চন্দ্রকান্তয়াে বৰ ভয় খালে। মান সেনাৰ ওপৰত তেওঁৰ বিশ্বাস লাহে লাহে কপূৰৰ দৰে উৰি যাবলৈ ধৰিলে। শংকিত হৈ ৰজা চন্দ্রকান্তই ৰাজধানী এৰি পলাই গ’ল। শেষত তেওঁ গুৱাহাটী হৈ ব্রিটিছ অধিকৃত অঞ্চলত প্রৱেশ কৰিলে। মান সেনাই চন্দ্রকান্তক আনিবলৈ মানুহ পঠিয়ালে। কিন্তু তেওঁ মান্তি নােহােৱাত যােগেশ্বৰ নামৰ কোঁৱৰ এজনক আহােম ৰাজসিংহাসনত বহুৱালে। মাথাে বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজত মােৱামৰীয়াই বসবাস কৰা ঠাইখিনিৰ বাহিৰে সমগ্র আহােম ৰাজ্য মানে অধিগ্রহণ কৰিলে। লাহে লাহে খাদ্যবস্তুৰ নাটনি হ’বলৈ ধৰাত মান সৈন্য বিভিন্ন ভাগত বিভক্ত হৈ খাদ্য সংগ্রহত লাগিল। সেই সুযােগতে চন্দ্রকান্তই মানক আক্রমণ কৰিলে। কিন্তু পৰাজিত হৈ পলাই যাব লগা হ’ল চন্দ্রকান্ত। |
তাৰ পাছত চন্দ্রকান্ত সিংহই প্রায় দুহেজাৰ শিখ, হিন্দুস্তানী আৰু স্থানীয় লােকেৰে সৈন্যবাহিনী গঠন কৰি মানৰ বিৰুদ্ধে যুদ্ধ কৰি আহােম ৰাজ্যৰ পশ্চিম অঞ্চলটো হস্তগত কৰিলে। পুৰন্দৰ সিংহয়াে ভূটান অধিকৃত দুৱাৰ অঞ্চলত সৈন্য সংগ্ৰহৰ কামত লাগিল। এই ক্ষেত্ৰত ৰবাৰ্ট বুছ নামৰ এজন ইংৰাজে তেওঁক সহায় কৰিলে। ১৮২১ চনৰ মে’ মাহত পুৰন্দৰ সিংহ সৈন্য-সামন্তৰে সৈতে পশ্চিম অঞ্চলত সােমাব বিচাৰােতেই চন্দ্রকান্ত সিংহৰ বাহিনীয়ে তেওঁলােকক পৰাস্ত কৰিলে। কিন্তু সেই বছৰৰে ছেপ্টেম্বৰ মাহত মান সৈন্যই পুনৰ চন্দ্রকান্তক আক্রমণ কৰাত তিষ্ঠিব নােৱাৰি চন্দ্ৰকান্ত পলাইগ’ল। অৱশ্যে গােৱালপাৰাত তেওঁ পুনৰ সৈন্য আৰু অস্ত্র সংগ্রহৰ কামত লাগিল আৰু ১৮২২ চনৰ জানুৱাৰী মাহত মান সৈন্যক পৰাজিত কৰি গুৱাহাটী পুনৰুদ্ধাৰ কৰিলে। কিন্তু তাৰ তিনি মাহৰ পাছতেই মিঙ্গিমাহা তিলােৱাৰ নেতৃত্বত মান সেনাই অসমত প্ৰৱেশ কৰে আৰু জুন মাহত মিঙ্গিমাহাই চন্দ্রকান্ত সিংহৰ বাহিনীক পৰাজিত কৰে। |
এইবাৰ অসমত মানৰ উৎপাত দুগুণে চৰি গ’ল। অসমীয়া মানুহৰ ওপৰত মানৰ এই অত্যাচাৰ অসমৰ ইতিহাসৰ আন কোনাে দুর্ভাগ্যজনক ঘটনাৰ সৈতে তুলনা নহয়। মানে এইবাৰ সমগ্ৰ অসম অধিকাৰ কৰি ব্ৰহ্মদেশৰ সৈতে চামিল কৰিবলৈ (১৮২৩চন) কাছাৰ আক্ৰমণ কৰিলে। ব্রিটিছে কাছাৰ আক্ৰমণ নকৰিবলৈ মানক সকীয়াইছিল। কিন্তু প্রতাপ বাঢ়ি যােৱাত তেওঁলােকে এইবাৰ ব্রিটিছৰ গাতাে হাত দিলে। চট্টগ্রামৰ ওচৰত ইংৰাজৰ দখলৰ শ্বাহপুৰ অঞ্চল মান সৈন্যই হস্তগত কৰাৰ পাছত ইংৰাজ শাসক গৰজি উঠিল। মান সেনাপতি মিঙ্গিমাহা তিলােৱাই সেই সময়ত ইৰাৱতী নৈৰ পাৰৰ দনাবু নগৰত কোঠ সাজি সসৈন্যে বাস কৰিছিল। ব্রিটিছ গৱৰ্ণৰ জেনেৰেল লর্ড আর্মহাষ্ট্রে ১৮২৪ চনত মানৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিলে আৰু ছাৰ আছিব’ল্ড কেম্বেলক সেনাপতিৰ দায়িত্ব দিলে। নির্যাতিত অসমীয়া প্রজায়াে ইংৰাজক সহায় কৰিলে। বহুদিন ধৰি যুদ্ধ চলিল। মাথাে দুহেজাৰ ইংৰাজ সৈন্যই ওঠৰ হেজাৰ মানসেনাক পৰাস্ত কৰি খেদি নিয়ে আৰু ইয়াণ্ডাবু নামেৰে ঠাইডােখৰত মান ৰজাই ইংৰাজলৈ সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। |
১৮২৬ৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি সম্পন্ন হয়। এই সন্ধিৰ ফলত মানৰ হাতৰ পৰা ইংৰাজে আৰক্কান, মাৰ্টাবান, টেনাছৰিম আৰু অসম দেশ লয়। এই সন্ধিপত্ৰত আমাৰ অসম দেশৰ সম্পর্কে এনেদৰে লিখা আছিল— “Article II– His majesty the King of Ava renounces all claims upon,- and will abstain from all future interference with ; the principality of Assam, and its dependencies, and also with the contiguous petty states of Cachar and Jyantia-…” ইয়াৰ লগে লগেই অসমত তিনি বছৰ ১০ মাহ ১৯ দিন ধৰি চলা মানৰ উৎপাতৰে অন্ত পৰে আৰু অসম দেশ ইংৰাজৰ হাতলৈ যায়। অৱশ্যে ১৮৩৩ চনৰ পহিলা বহাগত পুৰন্দৰ সিংহক ব্রিটিছসকলে উজনি অসম (পুৰণি শিৱসাগৰ আৰু লক্ষীমপুৰ জিলা)ৰ ৰজা পাতে আৰু বছৰি ইংৰাজক ৫০ হেজাৰ টকা কৰ হিচাপে দিবলৈ কয়। শেহত কৰ দিব নােৱৰাৰ অজুহাতত ১৮৩৮ চনত ইংৰাজে উজনি অসমৰ সম্পূর্ণ কর্তৃত্ব নিজৰ হাতলৈ নিয়ে। |
বদন, চন্দ্রকান্ত আৰু পুৰন্দৰৰ ভয়ংকৰ স্বাৰ্থপৰতা, দুর্বলতা আৰু জনগণৰ প্রতি দায়িত্বহীনতাৰ বাবেই চাওলুং চুকাফাই গঢ়ি তােলা বিশাল আহােম ৰাজ্যৰ পতন ঘটিল। নিজৰ মাজৰ কাজিয়া নিজেই নিষ্পত্তি নকৰি, বাহিৰৰ মান আনি বদনে |
কুলাঙ্গাৰ হিচাপে যুগলৈ খ্যাতি ৰাখিলে। মাথাে কেইজনমান মানুহৰ আত্মস্বার্থ সর্বস্বতাই কেনেকৈ এখন শক্তিশালী আৰু স্বাধীন ৰাজ্য নিমিষতে ভাঙি পেলায়, ১৮১০ চনৰ পৰা ১৮২৬ চনলৈ অসমত ঘটা ঘটনাবােৰ তাৰেই প্রমাণ। |
ইয়াণ্ডাবু সন্ধিৰ পাছতেই আমি ইংৰাজ বাহাদুৰৰ বহতীয়া হৈ পৰিলাে। লাহে লাহে বগা চাহাবৰ বিৰুদ্ধে জাগি উঠিল অসমীয়া। বিভিন্ন ধৰণৰ কৌশল তথা শক্তি খটুৱাই ইংৰাজক এই দেশৰ পৰা খেদি পঠিয়াব বিচাৰিলে। লাহে লাহে আর্য সভ্যতাৰ ঐতিহ্য বহনকাৰী, মঙ্গোলীয়, দ্রাবিড়, মােগল-পাঠান সকলােৱে ভাৰতীয় জাতীয়তাবাদৰ মঞ্চত একগােট হ’ল আৰু মহাত্মা গান্ধীয়ে মহান গৌতম বুদ্ধৰ ‘সত্যৰ সদায় জয়’, ‘অহিংসাই পৰম ধর্ম’ আদি বাণী আওৰাই এই বৃহৎ আন্দোলনৰ নেতৃত্ব দিলে। শেহত দীঘলীয়া স্বাধীনতা সংগ্ৰামৰ অন্তত ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰি নিজৰ ভাগ্য নিজে গঢ়াৰ অধিকাৰ আমি পালাে। |
এই সুদীর্ঘ স্বাধীনতা সংগ্রামৰ সময়ছােৱাত যিসকল লােকে নিজৰ সকলাে হেৰুৱাই, আনকি প্রাণকো তুচ্ছ কৰি দেশমাতৃৰ সেৱা আগবঢ়ালে সেই সকল অসমীয়াৰ জীৱন কাহিনীৰে এইখন গ্রন্থ সমৃদ্ধ কৰা হৈছে। আমাৰ লক্ষ্য হৈছে দেশে লাভ কৰা স্বাধীনতা— ভাৰতীয় নাগৰিকৰ আজিৰ সুখ-শান্তি, উন্নতিসমৃদ্ধিৰ বাবে যিসকলে জীৱন-পণ কৰি মহৎ বৰঙণি আগবঢ়াই গ’ল, সেইসকলৰ জীৱন-সংগ্ৰামৰ কাহিনী নতুন পুৰুষৰ ওচৰত তুলি ধৰা— যাতে আজিৰ প্রজন্মই সেই ঘটনাবহুল ইতিহাসৰ কথা হৃদয়ঙ্গম কৰি নিজ দেশৰ প্ৰতি থকা দায়বদ্ধতাকর্তব্যৰ বিষয়ে অনুভব কৰিব পাৰে। নৱ প্ৰজন্মই আমাৰ এই গ্রন্থখন আদৰি ললে পৰম সুখী হ’ম—<eot>সংবাদ কৰ্মীৰ বাবে এলানি কল্যাণকামী আঁচনিক লৈ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগ্ৰহ প্ৰদৰ্শন কৰাৰ সময়ত একাংশ জ্যেষ্ঠ সাংবাদিকক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰিছে ৰাজ্য চৰকাৰে। |
অসম ৰাজ্যিক প্ৰে’ছ স্বীকৃতি সমিতিয়ে স্বীকৃতিৰ বাবে সাংবাদিকসকলৰ নাম যোৱা ২০ ছেপ্তেম্বৰত দাখিল কৰিছিল, আৰু মুখ্য মন্ত্ৰী সোণোৱালে ২৬ ছেপ্তেম্বৰত অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত কাৰ্ডসমূহ বিতৰণ কৰিছিল। |
সোণোৱালে ৰাজ্যৰ কৰ্মৰত সাংবাদিকসকলৰ সমস্যা ধৈৰ্য্য সহকাৰে শুনিছিল আৰু বাসগৃ্হ, স্বাস্থ্য আৰু সন্তানৰ শিক্ষাকে ধৰি এলানি কল্যাণকামী আঁচনি ৰূপায়ণৰ আশ্বাস দিছিল। |
কৰ্মৰত সাংবাদিকৰ সমস্যা সমাধানত মুখ্য মন্ত্ৰীয়েই ইমান নিষ্ঠা প্ৰদৰ্শন কৰাৰ সময়ত তথ্য আৰু জনসংযোগ বিভাগৰ তদানীন্তন সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই অসমৰ প্ৰতিজন প্ৰকৃত কৰ্মৰত সাংবাদিকে স্বীকৃতি পত্ৰ পোৱাক লৈ নেদেখুৱালে কোনো ব্যগ্ৰতা। |
লগতে পঢ়ক– বিনা অনুমোদনত নতুনকৈ নিযুক্তি পাইছে এ চি এছ আমোলাই |
হিন্দুস্তান টাইমছৰ জ্যেষ্ঠ সাংবাদিক উৎপল পৰাশৰক স্বীকৃতি দিয়া হোৱা নাই, অথচ তেওঁ দুই দশকতকৈও অধিক কাল এই বৃত্তিত আছে। গুৱাহাটীলৈ অহাৰ পূৰ্বে পৰাশৰ নেপালত হিন্দুস্তান টাইমছৰ বিদেশ সংবাদদাতা আছিল, তেওঁ সমগ্ৰ দক্ষিণ এছিয়াজুৰি জনাজাত। তেওঁ উত্তৰাখণ্ডৰ স্বীকৃতি সমিতিৰো সদস্য আছিল। |
হিন্দুস্তান টাইমছত পৰাশৰৰ আন এগৰাকী সহকৰ্মী, গুৱাহাটীৰ বিশেষ সাংবাদিক চাদিক নকবিকো অসম চৰকাৰে স্বীকৃতি পত্ৰ প্ৰদান কৰা নাই। একেদৰে ভাৰতৰ দুই নিউজ এ’জেন্সি পিটিআই (Press Trust of India) আৰু ইউএনআই (United News of India)ৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিককো স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰি এক ভুল কৰিছে ৰাজীৱ প্ৰকাশ বৰুৱাই। |
ইউএনআই-ৰ বাৰ্তা সমন্বয়ক (উত্তৰ-পূব) অভিজিত দেব আৰু পিটিআই-ৰ বিশেষ সংবাদদাতা দুৰ্বা ঘোষক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰা হৈছে। প্ৰে’ছ ইনফৰ্মে’চন ব্যুৰ’ৰ স্বীকৃতি পত্ৰ আছে বুলি নথি-পত্ৰ জমা দিয়াৰ পিছতো অভিজিত দেবক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰিছে অসম চৰকাৰে। |
লগতে পঢ়ক– অসমৰ এই আমোলাজনে কিয় ভংগ কৰিছে প্ৰ’ট’কল? |
অসমত দীৰ্ঘদিন ধৰি কাম কৰি অহাৰ পিছতো দুৰ্বা ঘোষক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰা হৈছে সেইটো এতিয়াও স্পষ্ট হোৱা নাই। তেওঁ জ্যেষ্ঠ আই এ’ এছ বিষয়া সঞ্জীৱ গোহাঁই বৰুৱাৰ পত্নী। |
জ্যেষ্ঠ সাংবাদিকসকলক স্বীকৃতি পত্ৰ নিদিয়া সন্দৰ্ভত অসম চৰকাৰে বিভাগীয় বিবৃতি জাৰি কৰা নাই যদিও, এ’ চি এছ বিষয়াৰূপে অৱসৰ গ্ৰহণৰ দুদিন পূৰ্বে যোৱা ২৮ ছেপ্তেম্বৰত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে এক চুক্তিভিত্তিক চাকৰি যোগাৰ কৰিবলৈ সক্ষম হৈছে ৰাজীৱ প্ৰকাশ বৰুৱা। |
আশ্চৰ্য্যজনকভাৱে অসম চৰকাৰে এতিয়াও খামুচি আছে আওপুৰণি Assam Press Correspondents (Accreditation/ Recognition) Rules, 1989, আৰু দিআইপিআৰ-ৰ সঞ্চালক হিচাপে এই বিধিসমূহ সংশোধন নকৰি ৰাজীৱ প্ৰকাশ বৰুৱাৰ দৰে বিষয়াই তেওঁৰ কাৰ্য্যকালৰ প্ৰায় ১০ মাহ কাল নষ্ট কৰিলে। |
জ্যেষ্ঠ সাংবাদিকক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰাৰ বাবে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজীৱ প্ৰকাশ বৰুৱাক লেকাম লগাব পাৰিবনে? |
Recent News |
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’ |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>শদিয়াৰ পৰা প্ৰৱজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোনকেইখন জিলাত বাস কৰিবলৈ লৈছিল? বৰ্তমান অসমৰ কেইখন জিলাত তেওঁলোকে বসবাস কৰি আছে ? |
দেউৰীসকলে নিজকে কি হিচাপে চিনাকি দিয়ে ? |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.