text
stringlengths
0
188k
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>মই ন‌ৱম মানত পঢ়ি থকামানলৈকে আমাৰ ঘৰলৈ ডাক যোগে এখন আলোচনী আহিছিল৷ আলোচনীখনৰ নাম আছিল “ছোভিয়েট দেশ”৷ আলোচনীখন সচৰাচৰ আমি সেই সময়ত দেখা অসমীয়া আলোচনী- প্ৰান্তিক, প্ৰকাশ, বিষ্ময়, সঁফুৰা আদিতকৈ কিছু পৃথক আছিল৷ গোটেই আলোচনীখনেই ৰঙীন আছিল৷ কাগজৰ মানদণ্ড খুব উন্নত আছিল৷ আলোচনীখনত প্ৰতি সংখ্যাতেই এটা সাধু প্ৰকাশ হৈছিল৷ সাধু পঢ়াৰ বয়সলৈকে সেইটো মোৰ প্ৰধান আকৰ্ষণ আছিল৷
এই আলোচনীখনতে প্ৰথমে লেনিনগ্ৰেড, বেলগ্ৰেড, মস্কো আদিৰ বিষয়ে পঢ়িবলৈ পাইছিলো৷ লগতে দেখিছিলো সেইবোৰৰ ফটো৷ লেনিন, এল আই ব্ৰেজনেভ মিখাইল গৰ্বাচেভ আদিৰ ফটো আৰু তেওঁলোকৰ বিষয়ে অনেক লেখাও তাত পাইছিলো আৰু সেইবোৰ বুজা নুবুজাকৈয়ে পঢ়িছিলো৷ হাতমোজা পিন্ধি পকা মিস্ত্ৰীয়ে কাম কৰা ফটো দেখি আচৰিতো হৈছিলো৷
আমি অসমৰ আন্দোলনৰ ধামখুমীয়াৰ মাজেৰে ল’ৰালি অতিক্ৰম কৰিছিলো৷ আন্দোলনৰ সময়ত বাওঁপন্থী সকলৰ অৱস্থা অতিশয় শোচনীয় হৈ পৰিছিল৷ সেই সময়ত মন কৰিছিলো আদৰ্শৰ প্ৰতি আনুগত্যৰ মূৰ্তিমান প্ৰতীক আছিল তেওঁলোক৷ প্ৰায় গোটেই ৰাইজে তেওঁলোকক এঘৰীয়া কৰাৰ পাছতো তেওঁলোকে নিজ আদৰ্শ ত্যাগ কৰা নাছিল৷ ফলত উঠোতে-বহোতে মাৰ-ধৰ চৰ-ভুকু তেওঁলোকৰ লগৰীয়া হৈ পৰিছিল৷ সেই সময়ত তেওঁলোকে দেশদ্যোহী অভিধা পাইছিল৷ পিছতহে বুজিছিলো, সোঁতৰ বিপৰীতে যাবলৈ তেওঁলোকক কিহে প্ৰেৰণা যোগাইছিল৷ তেওঁলোকৰ আদৰ্শৰ প্ৰতি মোৰ সমৰ্থন থাকক বা নাথাকক, তেওঁলোকে নিজৰ আদৰ্শৰ প্ৰতি যি নিষ্ঠা দেখু‌ৱাইছিল, সেয়াই মোক মুগ্ধ কৰিছিল৷
১৯২২ চনৰ ৩০ ডিছেম্বৰত পৃথি‌ৱী কঁপো‌ৱা বিপ্ল‌ৱৰ সফল সমাপ্তিৰে ছোভিয়েট ৰাছিয়া স্থাপন হৈছিল৷ আমি মন কৰিছিলো, দুই এজনৰ বাদে আমাৰ অসম মুলুকৰ কমৰেড সকলৰ কাহানিও নেদেখা সেই দেশ খনৰ প্ৰতি তীব্ৰ টান অনুভ‌ৱ কৰিছিল৷ তেওঁলোকে যেন অসমত(ভাৰতত) থাকিও ছোভিয়েট ৰাছিয়া, ভিয়েটনাম, কিউবা অথবা ৰঙা চীনৰ প্ৰতি বেছি অনুগত আছিল৷ তেওঁলোকৰ বহুতে ডাছ কেপিটেল পঢ়িছিল, দাইলেক্টিক মেটেৰিয়েলিজিম তেওঁলোকৰ কণ্ঠস্থ আছিল৷
এসময়ত অসম আন্দোলন শেষ হ’ল৷ বামপ্ৰন্থী সকলৰো দিনবোৰ আগতকৈ ভাল হ’ল৷ অসমত অগপ চৰকাৰ হ’ল৷ লাহে লাহে আলোচনীখনত গ্লাচনষ্ট, পেৰেষ্ট্ৰইকা আদি শব্দই বেছিকৈ ঠাই পাবলৈ ল’লে৷ এসময়ত আমি ন‌ৱম মানত পঢ়াৰ পৰাই নেকি, আলোচনীখন দেখা নোপো‌ৱা হ’লো৷ আমাৰ ঘৰত আন সকলো আলোচনী সুন্দৰভা‌ৱে সংৰক্ষণ কৰা আছে৷ কিন্তু ছোভিয়েট দেশৰ এটাও কপি নাই৷ বোধহয় দেউতাই এইখন সংৰক্ষণযোগ্য আলোচনী বুলি ভবা নাছিল৷ সেয়ে তাৰ পাতবোৰৰে কিতাপ-বহীৰ কভাৰ লগাবলৈ দিছিল৷ ঠিক সেই সময়খিনিতে সমাজবাদী ৰাছিয়াৰ ভাঙোন আৰমম্ভ হ’ল আৰু ১৯৯১ চনৰ ২৬ ডিচেম্বৰত তাৰ পতন হ’ল৷ বিশ্বৰ অগনন নিপিড়ীত জনগনৰ মুক্তিৰ সপোন দেখা কমৰেড সকল, যি সকলৰ বাবে আদৰ্শ ৰাষ্ট্ৰ আছিল ছোভিয়েট ৰাছিয়া, যিখন দেশ তেওঁলোকে কেতিয়াও দেখা নাছিল, কেতিয়াও দেখাৰ সম্ভা‌ৱনাও নাছিল, অথচ আপোন আছিল, সেই দেশৰ অপমৃত্যু‌ৱে তেওঁলোকক হতাশ কৰি তুলিলে৷
মনোজ কুমাৰ গোস্বামীৰ “বহু দূৰৈত জী‌ৱন কলিতা” মোৰ এটা প্ৰিয় গল্প৷ জী‌ৱন কলিতা নামৰ অবিবাহিত আদহীয়া ব্যক্তিজন পাৰ্টীৰ আজী‌ৱন সদস্য আছিল৷ ছোভিয়েট দেশৰ ৰাজনৈতিক অস্থিৰতাই তেওঁক হতাশাগ্ৰস্ত কৰি তোলে আৰু ছোভিয়েট ৰাছিয়াৰ পতনৰ দিনা তেও্ঁ অত্মহত্যা কৰে৷ গল্পটো মই বহুবাৰ পঢ়িছো৷ পঢ়াৰ লগে লগেই অসম আন্দোলনৰ কথা আৰু সেই সময়ত বামপন্থীসকলৰ অৱস্থাৰ কথা মনত পৰে৷ মনোজ কুমাৰ গোস্বামীৰ গল্পটোত অৱাশ্যে অসম আন্দোলনৰ পিছৰ সময়ৰ ছবি এখনহে আছে৷ কিন্তু মোৰ ভা‌ৱ হয়, মই যেন জী‌ৱন কলিতক লগ পাইছিলো ক’ৰবাত! তেওঁ যেন মোৰ শৈশ‌ৱ-কৈশো‌ৰৰ চিনাকি চৰিত্ৰ!
পিছলৈ মই ভাৰতীয়া গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰো৷ সেই সময়খিনিত মই আকৌ কেইজনমান জী‌ৱন কলিতাক লগ পাইছিল৷
মই ভাবো এতিয়াও আমাৰ অসমত অনেক জী‌ৱন কলিতা আছে৷ আন একো নহ’লেও তেওঁলোকৰ আদৰ্শনিষ্ঠা আৰু জী‌ৱন যাত্ৰা আনৰ বাবে আদৰ্শ হ’ব পাৰে৷
গল্পটোৰ মোৰ আটাইতকৈ প্ৰিয় অংশোটো উদ্ধৃত কৰাৰ লোভ সামৰিব নো‌ৱাৰিলো-
“নদীৰ পাৰে পাৰে কলিতাই চাইকেল চলায় যায়৷ তৰাডুবি গাওঁখন সৰু টাউনখনৰ পৰা দহ মাইলমান দূৰৈত, ইলেক্ট্ৰিচিটি অহা নাই, বজাৰ-সমাৰ কৰিবলৈও বহু দূৰ যাব লাগে, নদীৰ ওপৰত বাঁহৰ সাঁকো এখনৰ বাদে গাড়ী-মটৰ পাৰ হ’ব পৰা দলং নাই, ৰাস্তা বুলিবলৈ নদীৰ কাষৰ ওখোৰা মোখোৰা মথাউৰিটো, তথাপি গা‌ৱঁৰ মাজতো টাউনৰ চিনেমা-থিয়েটাৰৰ প’ষ্টাৰ পৰিছে, বুঢ়া শিমলুজোপাৰ গাত বীৰোচিত ভংগীৰে থিয় দি থকা নায়ক, স্বল্পবসনা নায়িকাৰ ৰঙীন ছবি, তাৰ পিছত প্ৰতিজোপা গছতে বৰষুণত তিতি ৰ’দত শুকাই বিবৰ্ণ হৈ যো‌ৱা শাৰী শাৰী তেনে প’ষ্টাৰ- হঠাৎ নদীৰ পিনৰপৰা এজাক অচিন চৰাই উৰি আহে, ঔটেঙা গছজোপাৰ খোৰোঙৰপৰা অদ্ভুত মাতেৰে ভাটৌকেইটামানে চিঞৰি উঠে, কোমল কবোষ্ণ ৰ’দ উঠি আহে মূৰৰ ওপৰলৈ৷ বুদ্ধ গোসাঁইৰ আলিকাষৰ ধানদৰা ভাল হৈছে, দুপৰীয়াৰ সেই মায়াময় ৰ’দত ধাননিৰ তৰংগ জিলিকি উঠে৷ কলিতাই দেখে, আকাশ কি ভয়ংকৰ দুন্দৰ নীলা, পৃথি‌ৱী কি স্বপ্নময়৷ চাইকেলৰ পৰা নামি কিছু সময় ধাননিৰ কাষত থিয় দি ৰৈ কিছু সময় কলিতাই চাইওপিনে চায়, ইমান দিনে যেন তেওঁ পৃথি‌ৱীখন ভালকৈ চো‌ৱাই নাছিল৷ সাঁকো পাৰ হৈ দুই-এজন মানুহ টাউনলৈ বুলি গৈছে, আলিৰ ওপৰত নোদোকা দামুৰি দুটাই দেও দি জঁপিয়াইছে, দূৰৈৰ পথাৰত কৰ্মৰত কৃষকৰ অস্পষ্ট প্ৰফাইল….তেতিয়া কলিতাই অনুভ‌ৱ কৰিলে তেওঁৰ ওচৰত কোনো নাই, এই সময়ত কোনো এজন তেওঁৰ ওচৰত থকাৰ প্ৰয়োজন আছিল, এনে স্নিগ্ধ প্ৰশান্তি আৰু আননন্দৰ দুটা-এটা মুহূৰ্ত উপভোগ কৰাৰ বাবে কলিতাৰো এজন সংগীৰ প্ৰয়োজন৷
← অনুভৱ (ৰাজশ্ৰী বৰ্মন)
বৰ বৰ চহৰৰ সৰু সৰু কথা (দিপাংকৰ মল্ল বৰুৱা ) →
You May Also Like
দিঘলী পাৰৰ কথকতা
February 17, 2022 April 23, 2022 0
মোৰ সেইডায়েৰীখন আৰু বৃদ্ধজন–লুতফা আখতাৰা
October 22, 2020 1
“ছাকিৰা আহিব বকুলতলৰ বিহুলৈ“ আৰু কিছু কথা (নক্ষ্যজ্যোতি শালৈ)
January 31, 2017 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>Condomৰ বাবে অলিম্পিক পদক জিকিছে জেছিকা ফক্সে, কেনেকৈ সম্ভৱ এয়া ?Tokyo Olympics 2020, Jessica Fox: Tokyo 2020 Australian canoeist Jessica Fox uses condom to repair kayak before clinching Olympic Medal– News18 assam
বিশ্ব
CHANGE LANGUAGE
অসমীয়া
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ
WATCH LIVE TV
DOWNLOAD APP
FOLLOW US ON
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য