text
stringlengths 0
188k
|
---|
মন্দোদৰী মাথোঁঁ গুণেৰে বিভূষিতা অপৰূপা স্ত্ৰী |
বৰ্তমানে নোসোধে মোক প্ৰেমৰ সৌধ কি |
নাৰীবাদৰ ধ্বজা বহনকাৰীৰ সমদলত |
মই দাঁতি কাষৰীয়া অপতৃণ৷ “ |
কবি মনমীয়ে নিজৰ একান্ত অনুভৱকো প্ৰকাশ কৰিবলৈ থমকি ৰোৱা নাই৷ মনমীৰ মতে সাধাৰণতে কোৱাৰ দৰে মাতৃত্ব স্বাৰ্থহীন কেতিয়াও নহয়৷ মমতাৰ চাদৰেৰে আবৃত মাতৃত্বৰ অনুভৱতে এগৰাকী মাতৃয়ে নিজৰ সন্তানক সৰ্বোপৰি মৰম দিয়াটোক মাতৃৰ একান্ত স্বাৰ্থপৰতা বুলি কবিয়ে ভাৱে৷ প্ৰকৃততে “মাতৃত্ব” কবিতাটিত কবিয়ে নিজকেই আত্মাভিমানেৰে গৰ্বিতা এগৰাকী মাতৃ বুলি স্বীকাৰুক্তি কৰিছে, – |
“মাতৃত্বৰ আন এটি নাম স্বাৰ্থহীনতা |
উক্তিটো মোৰ প্ৰিয় নহয়৷ |
মাতৃত্ব মোৰ বাবে চূড়ান্ত স্বাৰ্থপৰতা |
বুজিও নুবুজাৰ নিৰ্দয়তা৷ |
মই হৃদয়ক ফাঁকি নিদিওঁ |
সেয়ে মাতৃত্ব মোৰ বাবে |
সন্মোহনত সংপৃক্ত পৱিত্ৰতা |
নিজৰ সন্তানক সৰ্বোপৰি মৰম দিয়াৰ একান্ত স্বাৰ্থপৰতা৷ “ |
মনমী ভট্টাচাৰ্যৰ “অহল্য, দ্ৰৌপদী, ইত্যাদি…” -এই কবিতা সংকলনখনৰ আটাইতকৈ বেছি ভাল লগা তথা অৰ্থবহ কবিতাটো হৈছে নাৰী দিৱস৷ নাৰী দিৱসৰ ওপৰত তথাকথিতভাৱে চলি অহা ভাৱধাৰাৰ কবিয়ে সম্পূৰ্ণ বিৰোধিতা কৰিছে৷ সেয়েহে কবিয়ে কয় যে, – |
“তোমাক |
বংশধৰ হাতত সঁপি দিয়াৰ পৰত |
উপহাৰ পোৱা |
হীৰাৰ আঙঠি পিন্ধি |
উদযাপন নকৰোঁ নাৰী দিৱস৷ “ |
সঁচাকৈয়ে নাৰী দিৱসৰ নামত সৰহ-সংখ্যক নাৰীয়েই এনে ধৰণৰ অনুভৱকে নাৰী দিৱস পালন কৰাৰ আহিলা বুলি ধৰি লৈ আহিছে৷ সেয়েহে কবিয়ে নাৰী দিৱসৰ নামত, সন্তান জন্ম দিয়াৰ বিনিময়ত পোৱা হীৰাৰ আঙঠিৰ প্ৰদৰ্শন কৰাকে নাৰী স্বাধীনতাৰ নিৰ্ণায়ক বুলি ক’ব খোজা নাই৷ কবিয়ে তেতিয়াহে নাৰী দিৱস পালন কৰাৰ পক্ষপাতী যেতিয়া নাৰীক কেৱল নাৰী বুলি নাভাৱি মানৱৰ বিশ্বজনীন ভাৱধাৰাৰে মানুহ বুলি স্বীকৃতি দিয়া হ’ব৷ সেয়েহে মনমীয়ে কয়, – |
“প্ৰাত্যহিক খোকোজাবোৰত |
শাহুআইয়ে মাহীআইৰ |
আৱেষ্টনী মুক্ত হোৱাৰ পৰত, |
ননদজনী মোৰ ভনী হোৱাৰ পৰত, |
মোৰ আনন্দত |
মোৰ প্ৰিয় বান্ধৱীৰ অন্তৰংগতাত |
আশ্বস্ত হোৱাৰ পৰত, |
ৰান্ধনীশালৰ থালখনত মাতৃবোৰ |
লিংগ বৈষম্যৰ উৰ্ধত যোৱাৰ পৰত, |
সময় প্ৰহৰ নিৰ্বিশেষে |
উদযাপন কৰিম |
নাৰী দিৱস৷ “ |
অৱশ্যে “অহল্যা, দ্ৰৌপদী ইত্যাদি…” কাব্য গ্ৰন্থখনত কবিয়ে কেৱল নাৰী চৰিত্ৰৰ ওপৰতে যে চৰ্চা কৰিছে সেইটো শুদ্ধ নহয়৷ নাৰী চৰিত্ৰৰ লগতে মানুহৰ বৃদ্ধাৱস্থা, প্ৰেমৰ চিঠি, নৱবৰ্ষ, অম্বুবাচী, স্বপ্ন, আবীৰ, এলজেইমাৰ, বন্ধুত্ব, বয়সন্ধিৰ লগত ৰিজাই ফাগুনৰ বৰ্ণনা, ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰি লিখা কবিতাবোৰত কবিৰ প্ৰকাশভংগীৰ শলাগ ল’বই লাগিব৷ |
উল্লেখনীয় যে কবিতা সংকলনখনৰ আটাইবোৰ কবিতাতে কিছু পৰিমাণে কবিৰ তীব্ৰ ভাৱাবেগে হৃদয়ক গভীৰভাৱে আলোড়িত কৰা যেন অনুভৱ হ’ল৷ তীব্ৰ ভাবাবেগত প্ৰায়ে মনত ভাবি থকা কথাবোৰে, অনুভৱবোৰে নিটোল ৰূপত প্ৰকাশ কৰাত স্থবিৰতা পায়৷ ক’ৰবাত যেন আবেগে বুদ্ধিদীপ্ততাৰ প্ৰাচীৰ ভাঙি পেলাই তেনে অনুভৱ হ’ল৷ অৱশ্যে এইক্ষেত্ৰত নতুন কবিগৰাকীয়ে বস্তুনিষ্ঠ বিষয়বস্তুৰ পঠন-পাঠন কৰাৰ প্ৰয়োজনীয়তা আছে৷ |
প্ৰকৃততে পৌৰাণিক কাহিনীৰ নাৰী চৰিত্ৰসমূহৰ বিশ্লেষণৰ জৰিয়তে মনমীয়ে সমাজত আধুনিক নাৰীৰ স্থিতিৰ ওপৰত আলোকপাত কৰিবলৈ চেষ্টা কৰিছে৷ বিশ্লেষণ কৰি চাবলৈ যত্ন কৰিছে যে প্ৰকৃতাৰ্থত ক’ৰবাত কিবা সলনি, কিবা পৰিৱৰ্তন হৈছে জানো! সেই কথাৰ অৱতাৰণা কৰিবলৈকে কবিয়ে কৈছে যে সলনি যদি হৈছে, সেইয়া বেশভূষাৰ সলনি হৈছে, ৰূপসজ্জা-শৃংগাৰৰ সলনি হৈছে৷ কিন্তু নাৰীৰ এই বেশভূষা, ৰূপ-শৃংগাৰৰ পৰিধিয়ে পোৱা পৰিৱৰ্তনবোৰো দৰাচলতে নিতান্তই বাণিজ্যিক স্বাৰ্থতহে কৰা হৈছে৷ সেয়েহে বিশ্বায়নৰ বজাৰখনত নাৰীৰ প্ৰসাধন, বেশভূশা ইত্যাদিৰ পয়োভৰেই দেখা যায়৷ তেন্তে কি পৌৰাণিক কাহিনীত বৰ্ণিত নাৰীক লৈ প্ৰকাশ পোৱা সেই মানসিকতা বৰ্তমানেও একেই আছে নেকি বাৰু! কবিৰ প্ৰশ্ন পাঠকলৈ! |
নাৰীৰ হৃদয়ত তৰপে তৰপে জমা হৈ থকা কথা কিছুমানৰ, সমাজৰ বিসংগতি বোৰৰ ওপৰত কবিয়ে আলোকপাত কৰি তাত পুৰুষৰো কথা উল্লেখ কৰিছে, আছে পুৰুষৰো ভূমিকাৰ ওপৰত আলোকপাত৷ অৱশ্যে নাৰী বিষয়ক, নাৰীক লৈ হোৱা বিপৰ্যয়, নাৰী চৰিত্ৰৰ কাহিনীবোৰৰ ওপৰত বেছিকৈ আলোকপাত হোৱা দেখি বহুতে কাব্যগ্ৰন্থখনক নাৰীবিষয়ক অথবা নাৰীবাদী বুলি অভিহিত কৰাৰ সুৰুঙা থাকি গ’ল৷ |
“অহল্যা, দ্ৰৌপদী ইত্যাদি” কাব্যগ্ৰন্থ খনৰ আটাইতকৈ লেখত ল’বলগীয়া দিশটো হৈছে বেটুপাত৷ প্ৰতিভাৱান শিল্পী ঋতুপৰ্ণ বৰাৰ তুলিকাত “অহল্য, দ্ৰৌপদী ইত্যাদি”ৰ প্ৰতিটো চৰিত্ৰই যেন প্ৰাণ পাই উঠিছে বেটুপাতখন দেখি তেনে অনুভৱেই হ’ল৷ এনে লাগে যেন কবিৰ মনৰ ভাৱ শিল্পী ঋতুপৰ্ণ বৰাই খুব সুন্দৰভাৱে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷ |
সাম্প্ৰতিক সময়ৰ অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ কবি মনমী ভট্টাচাৰ্য তথা তেওঁৰ এই কবিতাৰ সংকলন এক নৱতম সংযোজন৷ মনমীৰ কবিতাত জীৱনৰ কিছুমান চৰম সত্য দেখিবলৈ পোৱা যায়৷ এনে কিছুমান সত্য যিখিনি পুৰুষ-নাৰী উভয়েই পঢ়ি বুজিব পাৰে, হয়তো অনুভৱো কৰে, কিন্তু প্ৰকাশ কৰাৰ সুৰুঙা বিচাৰি নেপায় অথবা প্ৰকাশ কৰিবলৈ ইতঃস্ততবোধ কৰিব পাৰে৷ সেইক্ষেত্ৰত মনমীয়ে যথেষ্ট সাহসেৰে নিজৰ অনুভৱবোৰ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷ সেয়েহে ক’ব পাৰি যে নিজৰ প্ৰথমখন কাব্য গ্ৰন্থৰ জৰিয়তে মনমী ভট্টাচাৰ্যই এগৰাকী প্ৰতিভাৱান কবিৰূপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছে৷ ☆ ★ ☆ |
← দেওবৰীয়া ধেমালি -ডাঃ পাৰ্থসাৰথি ভূঞা |
দুজন বিশিষ্ট ব্যক্তিৰ ঘৰত কটোৱা মধুৰ মুহূৰ্ত ৰাজেন পূজাৰী → |
You May Also Like |
গ্ৰন্থ আলোচনা: “চৰাইদেও”-দিপাংকৰ ভাগৱতী |
August 14, 2012 0 |
বৰ্তমানৰ শক্তি-দি পাৱাৰ অʼফ নাও (হিতেন্দ্ৰ কুমাৰ শৰ্মা) |
May 14, 2014 0 |
এখুদ ককাইদেউৰ “কপিলীপৰীয়া সাধু” অনামিকা বড়া (ৰচনাকাল- অক্টোবৰ, ২০১৯) |
November 21, 2020 2 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>বাক্সাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলীত ভাৰত-ভুটান সংযোগী ১২৭-এ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰুৱায়। নিহত যুৱকজনক বজালীৰ পাটাছাৰকুছিৰ সমীপৰ বৰনলীকুছিৰ প্ৰাণজিত দাস বুলি জানিব পৰা গৈছে ৷ |
প্ৰত্যক্ষদৰ্শীয়ে দিয়া ঘটনাৰ বিৱৰণী অনুসৰি অনুসৰি উত্তৰ দিশৰ পৰা তীব্ৰ বেগত আহি থকা ভুটানৰ নম্বৰপ্লেট লগোৱা এখন বলেৰ’ গাড়ীয়ে বিপৰীত দিশৰ পৰা স্কুটিত আহি থকা যুৱকজনক খুন্দা মাৰিছিল। যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত স্কুটি আৰোহী প্ৰাণজিত দাস থিতাতে নিহত হয় ৷ |
দুৰ্ঘটনা সংঘটিত কৰিয়েই গাড়ীসহ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ আনহাতে এই ঘটনাৰ পিছতে স্থানীয় একাংশ উত্তেজিত লোকে ঘাইপথটো অৱৰোধ কৰি ৰাখে যদিও আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। |
উল্লেখযোগ্য যে কোনো নিয়ম-কানুন নমনাকৈ ঘাইপথটোৰে তীব্ৰ বেগত চলাচল কৰা ভূটীয়া গাড়ীচালকৰ দৌৰাত্ম্যৰ বাবে বিগত সময়ত সংঘটিত বহুকেইটা দুৰ্ঘটনাত কেবাজনো লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ৷ যাৰ ফলত স্থানীয় লোকসকল উত্তেজিত হৈ পৰিছে ৷ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.