text
stringlengths
0
188k
আনহাতে এই মাহৰ আৰম্ভণিতে জাকাৰ্টাত হোৱা এছিয়ান গেইমছত এটা স্বৰ্ণ পদক আৰু দুটা ৰূপৰ পদক জয় কৰিছিল হিমাই।
অৱশ্যে ইমানৰ পিছতো এই বছৰতে অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হ’ব বুলি তেওঁ আশা কৰা নাছিল। অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে এই কথা এটা সাক্ষাৎকাৰত ব্যক্ত কৰিছিল হিমাই। তেওঁ বোলে পিছৰ বছৰত হয়তো নিৰ্বাচিত হ’ব পাৰে বুলি আশা কৰিছিল।
মন কৰিব লগীয়া যে হিমা হ’ল অৰ্জুন বঁটাৰে সন্মানিত হোৱা অসমৰ পঞ্চমগৰাকী ক্ৰীড়াবিদ। ইয়াৰ পূৰ্বে অৰ্জুন ভোগেশ্বৰ বৰুৱা (দৌৰবিদ), মনালিছা বৰুৱা মেহতা (সাঁতোৰবিদ), জয়ন্ত তালুকদাৰ (ধনুৰ্বিদ), শিৱ থাপা (বক্সাৰ)ই এই বঁটা লাভ কৰিছিল।
আজি এই বঁটা প্ৰদান অনুষ্ঠানত মুঠ ২০ গৰাকী ক্ৰীড়াবিদক অৰ্জুন বঁটা দিয়া হয়। লগতে ক্ৰিকেটাৰ বিৰাট কোহলি আৰু মণিপুৰী ভাৰোত্তোলক মীৰাবাই চানুক খেল ৰত্ন দিয়া হয়।
Recent News
‘লিংগ নিৰপেক্ষ কৰি তোলক বিশেষ বিবাহ আইন’: উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল সমকামী দম্পতী
আকৌ শীৰ্ষত মোদী!মৰ্ণিং কনচাল্ট পলিটিকেল ইণ্টেলিজেঞ্চ গ্ৰুপৰ প্ৰতিবেদন
ভাৰতে পাকিস্তানত হ’বলগীয়া এছিয়া কাপ বৰ্জন কৰিলে পাকিস্তানেও ভাৰতলৈ খেলিবলৈ নাহেঃ ৰমিজ
শিক্ষাবৰ্ষ আৰম্ভ হ’ব গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত, UGCৰ সেউজ সংকেট লাভ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>'W7s news গুৱাহাটী: পিৰামল স্বাস্থ্য ফাউণ্ডেচনৰ ₹১০৪ বিশেষ সেৱা)উদ্যোগত আৰু ৱ'ল্ড ডায়েবেটিক ফাউণ্ডেচনৰ সহযোগত বিশ্ব মধুমেহ দিৱস উপলক্ষে সোমবাৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত পিৰামল স্বাস্থ্যৰ কাৰ্যালয়ৰ পৰা এক সজাগতা ৰেলী চানমাৰিলৈ উলিওৱা হয়। এই সজাগতা ৰেলীৰ ফ্লেগ অফ কৰে স্বৰ্ণ কন্যা নয়নমণি শইকীয়া আৰু সাঁতোৰবিদ এলভিছ আলি হাজৰিকাই। এইবাৰৰ বিশ্ব মধুমেহ দিৱসৰ মূল বিষয় আছিল 'কাইলৈ সুৰক্ষা দিবলৈ শিক্ষা'। এই ৰেলীত অৰ্ধশতাধিক লোকে অংশগ্ৰহণ কৰি মধুমেহ ৰোগ সম্পৰ্কে ৰাইজক সজাগ হ'বলৈ আহ্বান জনায়। এই উপলক্ষে কাৰ্যালয় প্ৰাংগণত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱা,সোণৰ পদক বিজয়ী সাতোৰবিদ (পেৰালিম্পীক) শ্বাহানা বেগমে অংশগ্ৰহণ কৰে। এই উপলক্ষে ব্লাড চুগাৰ পৰীক্ষা কৰা হয়।
Tags # গুৱাহাটী
Share This
About W7S News
গুৱাহাটী
By W7S News at November 16, 2022
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Labels: গুৱাহাটী
No comments:
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
মন্তব্য
Archive
Archive December (3) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>গুৱাহাটী– মাউথ অৰ্গেনটো এবাৰ চুই চাবলৈয়ো বহুত হাৱিয়াস জাগিছিল। মাজে মাজে এবাৰ চুই চাইছিল। গালি দিব বুলিও বহুত ভয় খাইছিল। কেতিয়াবা ফু মাৰিও চাইছিল। মনৰ মাজত কঢ়িয়াই লৈ ফুৰিছিল সেই দুৰ্বাৰ হাবিয়াস। অৱশেষত এদিন বন্ধুক বিচাৰিয়েই দিলে। কিন্তু বন্ধুৱেও মাউথ অৰ্গেনটো দিবলৈ অস্বীকাৰ কৰিলে। পিছত ২০টকা মূল্য়ৰ এটা মাউথ অৰ্গেন কিনি পেলালে যদিও সেইটোৰ সুৰ দিবলৈ সিমান সুবিধাজনক নাছিল। শেষত ৮০ টকাৰে চীনা কোম্পানীৰ এটা মাউথ অৰ্গেন ক্ৰয় কৰি দিবলৈ গৈছিল। এইজন লোকেই হৈছে অসমৰ এজন জনপ্ৰিয় শিল্পী নিমাই দাস।
নিমাই দাসৰ নলে-গলে লগা বন্ধু ৰবীন ইংতিয়ে খুব ধুনীয়াকৈ মাউথ অৰ্গেন বজাইছিল। তেতিয়াৰ পৰাই মাউথ অৰ্গেন বজোৱাৰ হেপাহ এটি মনৰ কোনোবা এটি কোণত জাগ্ৰত হৈছিল। গুৱাহাটীৰ পাণ্ডুৰ এই শিল্পীজনে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কঢ়িয়াই লৈ গৈছিল মাউথ অৰ্গেনৰ সুৰ। কলিকতা,গোৱা, মুম্বাই , দিল্লী অদি বহু ঠাইতো মাউথ অৰ্গেন বজাই জনগণক আপ্লুত কৰিছিল। ১৯৭০ চনৰ পৰাই মাউথ অৰ্গেন বজোৱা আৰম্ভ কৰিছিল। অল ইণ্ডিয়া ৰেডিঅ’ত অডিচন পাছ কৰি তাত মাউথ অৰ্গেন বজোৱা শিল্পী হিচাপেও কাম কৰিছিল। শিল্পী নিমাই দাস বিভিন্ন সমাজ সেৱাৰ কামৰ লগতো জড়িত আছিল। সমাজসেৱাৰ লগত ব্ৰতী থকাৰ বাবে তেওঁক ২০১৮ চনত ৰাষ্ট্ৰপতি পুৰস্কাৰেয়ো সন্মানিত কৰিছিল।
ৰক্তদান, গছপুলি ৰোপনৰ দৰে সমাজসেৱাৰ লগত জড়িত কাম তেওঁ কৰিছিল। দুঃসাহসিক অভিযানৰ লগতো জড়িত আছিল নিমাই দাস। ২বাৰকৈ ব্ৰহ্মপুত্ৰ সাতুৰিয়ো পাৰ হৈছিল। কেইবাবাৰো আত্মহত্য়া কৰিবলৈ ব্ৰহ্মপুত্ৰত জাঁপ দিয়া লোককো তেওঁ জীৱন ৰক্ষা কৰিছিল।
আজৰি সময়ত ভ্ৰমণ কাহিনী, আধ্য়াত্মিক কিতাপ পঢ়ি ভাল পাই নিমাই দাসে। মাজে মাজে সময় উলিয়াই মাউথ অৰ্গেনটোতো ফু মাৰে।
মাউথ অৰ্গেন বজালে বহুতৰে হাৰ্টৰ অসুখ হয় বুলি এটা ভ্ৰান্ত ধাৰণা মানুহৰ মাজত চলি আহিছে। এই সন্দৰ্ভত ইষ্ট ম’জ’ অসমৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় ‘’মাউথ অৰ্গেন বজালে হাৰ্টৰ অসুখ নহয় বৰং হাৰ্ট শক্তিশালীহে কৰে।’’
কিন্তু বৰ্তমান সময়ত দেখা যায় সময়ৰ সোঁতৰ লগে লগে এই বাদ্য়যন্ত্ৰটো হেৰাই যাবলৈ ধৰিছে। এই বাদ্য়যন্ত্ৰটো দেখিবলৈ নোহোৱা হৈ পৰিছে। ইয়াৰ লগে লগে এই শিল্পীসকলো হেৰাই যাবলৈ ধৰিছে। এই সন্দৰ্ভত নিমাই দাসে কয় ‘’এই শিল্পী সকলে বাদ্য়যন্ত্ৰটো বজোৱাৰ বাবদ যিমান মাননি বাবদ পাব লাগে সিমান নাপাই । আনকি স্থানীয় ঠাইবোৰতো অনুষ্ঠান পৰিৱেশন কৰিবলৈ ৰাইজে সুযোগ নিদিয়ে । ফলত শিল্পীসকলে আগুৱাই যাবলৈ সুবিধা নাপায়।
৭২বছৰীয়া অসাধাৰণ প্ৰতিভাৰ গৰাকী এই শিল্পীজনে বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি বাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে।
এবাৰ ভূপেন হাজৰিকাৰ সমাধিস্থলীত এক অনুষ্ঠনত মাউথ অৰ্গেনত গীত পৰিৱেশন কৰি থাকোতে দুজন জনপ্ৰিয় ছাউণ্ড ইঞ্জিনিয়াৰে উঠি আহি তেওঁক প্ৰশংসাৰে উপচাই পেলাইছিল।
নিমাই দাসে অসমৰ বিভিন্ন মঞ্চত মাউথ অৰ্গেনৰ সুৰেৰে একাত্ম কৰি তুলিছিল ৰাইজক। এইদৰেই মাউথ অৰ্গেনৰ সুৰে সুৰে চিৰদিন বহ্নিমান হৈ থাকক নিমাই দাসৰ মনৰ হাবিয়াসবোৰ ।
Related
চাকৰিৰ বাবে খেল খেলিবলৈ অহা নাছিলো: লাভলীনা বৰগোঁহাই
পঞ্চভূতত বিলীন হ’ল সুৰ সমাজ্ঞীৰ নশ্বৰদেহ
যুগান্তকাৰী! প্ৰথমবাৰৰ বাবে সফলতাৰে মানৱ দেহত গাহৰিৰ হৎপিণ্ড সংৰোপন
Subscribe to EastMojo Assam
Enter your email address to receive notifications of new stories by email.
Email Address
Subscribe
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}
Submitting…
Join 6,593 other subscribers
Leave a comment
Leave a Reply Cancel reply
Show more
Search for:
Search
Sort by Relevance Newest first Oldest first
Trending News
ছাত্ৰ ৰাজনীতি আৰু বিশ্ববিদ্যালয়; জীৱনৰ মানসপতত ক’লা অধ্যায় হিচাপে ৰৈ যোৱা এক বৰ্ণিল যাত্ৰাৰ কাহিনী
শ কিঃ মিঃ দূৰৈৰ বজাৰলৈ কৃষি ফচল লৈ শদিয়াৰ নাৰী
আৰ্জেণ্টিনা (২) বনাম পোলেণ্ড (০) : বিশ্বকাপৰ Tactical Analysis
কমনৱেলথ গেমছত স্বৰ্ণপদক বিজয়ী নয়নমণি শইকীয়াকলৈ অৰ্জুন বঁটা
মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ অসম চৰকাৰৰ
Latest News
প্ৰসূতিৰ মৃত্যুৰ হাৰত পুনৰ দেশৰ ভিতৰতে শীৰ্ষত অসম December 1, 2022
শিলচৰ NIT-ত গৱেষণা সহযোগীৰ পদ সৃষ্টি December 1, 2022
আৰ্জেণ্টিনা (২) বনাম পোলেণ্ড (০) : বিশ্বকাপৰ Tactical Analysis December 1, 2022
কমনৱেলথ গেমছত স্বৰ্ণপদক বিজয়ী নয়নমণি শইকীয়াকলৈ অৰ্জুন বঁটা December 1, 2022
শ কিঃ মিঃ দূৰৈৰ বজাৰলৈ কৃষি ফচল লৈ শদিয়াৰ নাৰী December 1, 2022
YouTube
Facebook
Twitter
Instagram
LINKS
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>লখিমপুৰ- শনিবাৰে লখিমপুৰ জিলাৰ বগীনদীৰ লক্ষ্মীনাৰায়ণ ক্ষেত্ৰত আয়ােজিত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বি-বার্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে অংশগ্রহণ কৰে।
সভাত মুখ্যমন্ত্রীগৰাকীয়ে চুতীয়া ছাত্র সন্থাই ইয়াৰ প্রতিষ্ঠা কালৰে পৰা গ্ৰহণ কৰি অহা ভূমিকাৰ শলাগ লৈ কয় ,” জনগােষ্ঠীটোৰ ৰাইজে এই সংগঠনটোক কিমান মৰমেৰে আকোঁৱালি লৈছে আজিৰ জনসভাত ৰাইজৰ উপস্থিতিয়েই সেয়া প্রমাণ কৰে।”
ৰাজ্যখনৰ কৰ্ম সংস্কৃতিৰ বাতাৱৰণ শক্তিশালী কৰাৰ লগতে নৱ প্ৰজন্মক অধ্যয়নৰ জৰিয়তে দৃঢ় ৰূপত আগুৱাই নিয়াত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লগতে ৰাজ্যখনৰ ছাত্র সংগঠনসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ এই মঞ্চৰ পৰাই এই জাতিটোৰ ভৱিষ্যতৰ পৰিকল্পনা প্রস্তুত কৰিব লাগিব। |
বীৰাঙ্গনা সাধনীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে গােলাঘাটত এখন বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ পদক্ষেপ গ্রহণ কৰাৰ লগতে সতী সাধনী দিৱসৰ দিনটোক ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘােষণা কৰাৰ কথাও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।
লগতে আজিৰ এই মুকলি সভাত ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাই চুতীয়া জাতিৰ ইতিহাস, পৰম্পৰা আদি বিভিন্ন দিশৰ তথ্য সমৃদ্ধ ইতিবৃত্ত দাঙি ধৰে। চুতীয়া জনগােষ্ঠীৰ লগতে অসমৰ আন ৫ টা জনগােষ্ঠীৰ জনজাতিকৰণৰ দাবীক ন্যায্য দাবী বুলি অভিহিত কৰি তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে অতিশীঘ্ৰেই এই জনগােষ্ঠী কেইটাক জনজাতি হিচাপে ঘােষণা কৰিব বুলি তেওঁ আশাবাদী।
বর্তমানৰ চৰকাৰৰ কাৰ্যকালত চুতীয়া জনগােষ্ঠীৰ আর্থ-সামাজিক বিকাশৰ বাৰে বহুকেইটা শক্তিশালী পদক্ষেপ গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এটা জনগােষ্ঠীক সকলাে দিশতে আগুৱাই নিবলৈ হলে মার্থে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপলৈকে অপেক্ষা নকৰি জাতিটোৰ প্ৰতিগৰাকী সদস্যই নিজ নিজ দায়িত্ব আৰু কৰ্তব্য সুচৰুৰূপে পালনতা মনােনিৱেশ কৰিব লাগিব। সদৌ চুতীয়া জাতি ছাত্র সন্থাই পূৰ্বৰ দিনবােৰৰ দৰেই অনাগত সময়তাে জনগােষ্ঠীটোৰ প্রাপ্য অধিকাৰ সুনিশ্চিত কৰাৰ দিশত শক্তিশালী ভূমিকা গ্ৰহণ কৰি যাব বুলি মন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে।।
অনুষ্ঠানত ভাষণ প্রদান কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী নৱ কুমাৰ দলেই কয় যে অসমৰ ভৱিষ্যতক ন ৰূপত গঢ় দিয়াত নবীন প্রজন্মৰ ভূমিকাই হৈছে আটাইতকৈ গুৰুত্বপূর্ণ। বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ প্ৰতিটো জাতি জনগােষ্ঠীৰ ঐতিহ্য, পৰম্পৰা সংৰক্ষণৰ দিশত আৰম্ভণিৰে পৰা বলিষ্ঠ পদক্ষেপ গ্রহণ কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে চুতীয়া জনগােষ্ঠীৰ পৱিত্ৰ দিন সতী সাধনী দিৱস ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাজ্যিক ভিত্তিত আড়ম্বৰপূৰ্ণভাৱে উদ্যাপন কৰি আহিছে। আজিৰ এই অধিৱেশন অনুষ্ঠিত হােৱা লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ সােৱণশিৰিৰ পাৰৰ ৫০ বিঘা মাটিত লক্ষ্মীনাৰায়ণ ক্ষেত্র নামৰ এক বৃহৎ প্রকল্প স্থাপনৰ পদক্ষেপৰ কথাও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে।
এই সভাত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ লগতে সাংসদ প্রদান বৰুৱা, লখিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্ত, ধেমাজিৰ বিধায়ক ৰণােজ পেগু, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া, অসম চাহ নিগমৰ অধ্যক্ষ তথা সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় কুমাৰ বৰা, জ্যোতি চিত্ৰনৰ অধ্যক্ষ পবিত্র মাৰ্ঘেৰিটা প্রমুখ্যে কৰি চুতীয়া জনগােষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়াসকল আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্রতিনিধিসকল উপস্থিত থাকে।
Related