text
stringlengths 0
188k
|
---|
মূল পৃষ্ঠা |
ই-সমিটিৰ বিষয়ে |
পৰিচয় |
লক্ষ্য আৰু উদ্দেশ্য |
প্ৰশাসনীয় ব্যৱস্থা |
ই-আদালতসমূহৰ এন.আই.চি দল |
পুৰস্কাৰ আৰু স্বীকৃতিসমূহ |
ই-আদালত প্ৰকল্পৰ অধীনত প্ৰাপ্ত গুৰুত্বপূৰ্ণ কীৰ্তিসমূহ |
ভৱিষ্যত কাৰ্যপন্থা/ চলি থকা কাম-কাজ |
ভাৰ্চুৱেল ক’ৰ্ট |
জিলা আদালতত ভিডিঅ’ সন্মিলনযোগে শুনানি |
এন.এছ.টি.ই.পি. |
নাগৰিকৰ বাবে |
নাগৰিককেন্দ্ৰিক সেৱাসমূহ |
আন আন চৰকাৰী বিভাগৰ সৈতে সংহতি ৰক্ষা কৰা |
আই.চি.জে.এছ. |
ই-মাচুল |
ই-কাৰাগাৰ |
এল.আই.এম.বি.এম. |
হাতপুথি |
নথিসমূহ |
নীতি কাৰ্য আঁচনি নথি |
আৰ্হিমূলক বিধিসমূহ |
উদ্দেশ্য সিদ্ধিৰ প্ৰতিবেদন ২০১৯ |
চৰকাৰী আদেশসমূহ |
প্ৰশিক্ষণ আৰু সজাগতামূলক অনুষ্ঠান |
প্ৰচাৰ মাধ্যমৰ বাবে |
প্ৰকাশন |
সংবাদ পত্ৰ |
ইস্তাহাৰ |
বাতৰি |
বীথিকা |
আলোকচিত্ৰ বীথিকা |
ভিডিঅ’ বীথিকা |
অ’ডিঅ’ বীথিকা |
উচ্চ ন্যায়ালয় |
জিলা ন্যায়পালিকা |
চি আই এছ ৩.০ ৰ জৰিয়তে গোচৰ ব্যৱস্থাপনা |
আদালত ব্যৱস্থাপনা আহিলা জাষ্টইজ এপ |
চৰকাৰী ই-মেইলৰ বাবে সহায়কাৰী ডেস্ক – @aij.gov.in |
মোবাইল এপ জি.আই.এম.এছ. |
Close |
Home |
ৱেবছাইট নীতিসমূহ |
Print / |
Share |
Share on Facebook |
Share on Twitter |
Share on Linkedin |
ৱেবছাইট নীতিসমূহ |
ব্যৱহাৰৰ চৰ্ত |
ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ই-সমিতিয়ে এই ৱেবছাইটৰ বিষয়বস্তু পৰিচালনা কৰে। |
ৱেবছাইটৰ বিষয়বস্তুৰ শুদ্ধতা আৰু গ্ৰহণযোগ্যতাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ সকলো ধৰণৰ যত্ন কৰা হৈছে যদিও, ইয়াক, আইনৰ বিধান হিচাপে গণ্য কৰিব নালাগে বা আইনী উদ্দেশ্যত ব্যৱহাৰ কৰিব নালাগে। এই প’ৰ্টেলত ব্যৱহাৰ সংক্ৰান্তত হোৱা কোনোধৰণৰ ক্ষয়ক্ষতি বা লোকচান পৰোক্ষ বা আনুষংগিক ক্ষতি, খৰচ আদিৰ বাবে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ই-সমিতি কোনোপধ্যে দায়ী নহ’ব। |
এই প’ৰ্টেলত বেলেগ ৱেবছাইটৰ লিংক/ সংযোগ কেৱল ৰাইজৰ/ ৰাজহুৱা সুবিধাৰ বাবে দিয়া হৈছে। সকলো সময়তে সংযোগী পৃষ্ঠাসমূহৰ উপলব্ধতাৰ নিশ্চয়তা আমি দিব নোৱাৰো। |
এই চৰ্তাৱলী ভাৰতীয় আৰু আইনৰ অধীন আৰু তাৰ দ্বাৰা পৰিচালিত হ’ব। এই চৰ্তসমূহৰ পৰা উৎপত্তি হোৱা বিবাদৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ আদালতৰ একচেটিয়া ক্ষেত্ৰাধিকাৰ থাকিব। |
স্বত্ব নীতি |
ই-মেইল প্ৰেৰণ কৰি অনুমতি লোৱাৰ পিছত এই ৱেবছাইটত উপলব্ধ উপাদানসমূহ বিনামূল্যে পুনৰুল্লেখ কৰিব পৰা যাব। যিয়েই নহওক, উপাদানসমূহ সঠিকভাৱে পুনৰুল্লেখ কৰিব লাগিব, হানিকাৰক বা বিভ্ৰান্তিমূলকভাৱে নহয়। যেতিয়াই উক্ত উপাদানসমূহ প্ৰকাশ কৰা হ’ব বা আনক দিয়া হ’ব, ইয়াৰ উৎস সুস্পষ্টভাৱে স্বীকাৰ কৰিব লাগিব। তৃতীয় পক্ষৰ স্বত্ব হিচাপে চিহ্নিত কৰা উপাদানৰ পুনৰ উল্লেখৰ বাবে অনুমতি দিয়া নহ’ব। তেনে উপাদান পুনৰ উল্লেখ কৰিবৰ বাবে সংশ্লিষ্ট বিভাগ/ স্বত্বাধিকাৰীৰ পৰা কৰ্তৃত্ব ল’ব লাগিব। |
গোপনীয়তা নীতি |
আপোনাক ব্যক্তিগতভাৱে চিনাক্ত কৰিবলৈ এই ৱেবছাইটে স্বয়ংক্ৰিয়ভাৱে নিৰ্দিষ্ট ব্যক্তিগত তথ্য (যেনে- নাম, ফোন নং, ই-মেইল আই.ডি. আদি) সংগ্ৰহ নকৰে। |
যদি এই ৱেবছাইটে আপোনাৰ পৰা ব্যক্তিগত তথ্য বিচাৰে, তেন্তে উক্ত তথ্য সংগ্ৰহৰ উদ্দেশ্যে আপোনাক জনোৱা হ’ব। উদাহৰণস্বৰূপে, আপোনাৰ ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ বাবে আপোনাৰ প্ৰতিক্ৰিয়া আৰু পৰ্য্যাপ্ত সুৰক্ষামূলক ব্যৱস্থা লোৱা হ’ব। |
অত্ৰ ৱেবছাইটত স্বেচ্ছামূলকভাৱে দিয়া ব্যক্তিগতভাৱে চিনাক্তকৰণ কৰিব পৰা তথ্য আমি তৃতীয় পক্ষক (চৰকাৰী/ বেচৰকাৰী) বিক্ৰী নকৰো বা যোগান নধৰো। এই ৱেবছাইটত দিয়া তথ্য হেৰোৱা, অপব্যৱহাৰ, অনধিকাৰ আহৰণ, প্ৰকাশ, পৰিৱৰ্তন বা ধ্বংস আদিৰ পৰা সুৰক্ষিত। |
ব্যৱহাৰকাৰী সম্পৰ্কে আমি কিছুমান তথ্য সংগ্ৰহ কৰো, যেনে- ইণ্টাৰনেট প্ৰটকল (আই.পি.) ঠিকনা, ডোমেইন নাম, ব্ৰাউজাৰৰ ধৰণ, অপাৰেটিঙৰ ধৰণ, পৰিদৰ্শনৰ তাৰিখ আৰু সময় আৰু পৰিদৰ্শিত পৃষ্ঠা। যেতিয়ালৈকে এই ৱেবছাইটৰ ক্ষতি কৰাৰ চেষ্টা দৃষ্টিগোচৰ নহয়, তেতিয়ালৈকে আমি এই ঠিকনাসমূহক আমাৰ ৱেবছাইট পৰিদৰ্শন কৰা ব্যক্তিৰ পৰিচয়ৰ লগত সংযুক্ত নকৰো। |
হাইপাৰ লিংকৰ নীতি |
বাহিৰা অন্য ৱেবছাইট/ প’ৰ্টেলক সংযুক্তকৰণ |
এই ৱেবছাইটত বহুত ঠাইত অইন ৱেবছাইট/ প’ৰ্টেল লৈ সংযুক্ত/ লিংক দেখা পাব। এই লিংকসমূহ আপোনাৰ সুবিধাৰ বাবে দিয়া হৈছে। এই লিংকসমূহ সকলো সময়তে চলি থাকিব বুলি আমি নিশ্চয়তা প্ৰদান কৰিব নোৱাৰো আৰু এই সংযুক্ত পৃষ্ঠাসমূহৰ উপলব্ধতাৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। |
সংৰক্ষণ নীতি |
ৰাজ্যিক প্ৰতিষ্ঠানৰ ৱেবছাইটত প্ৰকাশিত বিষয় অনিৰ্দিষ্ট ধৰণৰ আৰু ইয়াৰ কোনো সঠিক সময়সীমা (প্ৰস্থানৰ সময়) নাথাকে। গতিকে ই অনবৰত চলি থাকে/ উপলব্ধ আৰু ৱেবছাইটৰ জৰিয়তে এইবোৰ লাভ কৰিব পাৰি। অৱশ্যে, ঘটনা, নিবিদা, নিয়োগ, ঘোষণা আদি শিতানত প্ৰকাশিত বিষয়ৰ সময়সীমা থাকে আৰু ম্যাদ শেষ হোৱাৰ নিৰ্ধাৰিত তাৰিখৰ পিছত (প্ৰত্যেক বিষয়ৰ লগত দেখুওৱা হয়) স্বয়ংক্ৰিয়ভাৱে অনলাইন সংৰক্ষণ শিতানলৈ স্থানান্তৰ কৰা হ’ব।<eot>পুনৰ অশান্ত হৈ পৰিছে পঞ্জাৱ। বৃহস্পতিবাৰে পঞ্জাৱৰ ফৰিদকোটত ডেৰা চাচা ছৌদাৰ এজন অনুগামীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছতে ডেৰা চাচা ছৌদাৰ অনুগামীসকলৰ মনত ক্ষোভৰ সৃষ্টি হৈছে। এই হত্যাকাণ্ডৰ পিছতে ডেৰা প্ৰধান গুৰমিত ৰাম ৰহিম সিঙৰ অনুগামীসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ কৰিছে। |
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আৰক্ষীক পৰিস্থিতিত নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে। আৰক্ষীয়ে জনোৱা মতে বৃহস্পতিবাৰে পুৱা ফৰিদকোটৰ কোটকাপুৰাত পাঁচজন সশস্ত্ৰ লোকে প্ৰদীপ সিং ওৰফে দোধি নামৰ এজন স্থানীয় ডেৰা নেতাক গুলীয়াই হত্যা কৰে। |
লোকজনৰ বিৰুদ্ধে শিখসকলৰ ধৰ্মগ্ৰন্থ চুৰি কৰাৰ অভিযোগ আছিল। প্ৰদীপ নামৰ এজন ব্যৱসায়ীয়ে বৃহস্পতিবাৰে পুৱা তেওঁৰ দোকান খুলিবলৈ যোৱাৰ সময়তে পাঁচজনীয়া দলটোৱে তেওঁক লক্ষ্য কৰি গুলীচলনা কৰে। |
ঘটনাটোৰ পিছত অঞ্চলটোত উত্তেজনা বিয়পি পৰে আৰু বিভিন্ন ঠাইত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। ইপিনে ঘটনাটোৰ পিছতে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে টুইটত কয় “পঞ্জাৱ এখন শান্তিপ্ৰিয় ৰাজ্ম। ৰাজ্য খনত মানুহৰ পাৰস্পৰিক ভাতৃত্ববোধ অতি শক্তিশালী। |
কাকো পঞ্জাৱত শান্তি বিঘ্নিত কৰাৰ সুযোগ দিয়া নহ’ব। ৰাজ্যখনত শান্তি আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসন আৰু আৰক্ষী বিষয়াসকলক কঠোৰ নিৰ্দেশনা দিয়া হৈছে। ” উল্লেখ্য কিছুদিন পূৰ্বেও ৰাজ্য খনত এগৰাকী শিৱসেনাৰ নেতাক গুলীয়াই হত্যা কৰা হৈছিল। আৰক্ষীয়ে অৱশ্যে শিৱসেনাৰ নেতাজনৰ হত্যাকাৰীক লগে লগে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। |
Recent News |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক |
পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>শদিয়া মহকুমা চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা০ ৰবীন দলেৰ বিৰুদ্ধে এগৰাকী প্ৰসূতিৰ আত্মীয় মহিলাক অশ্লীল গালি-গালাজ কৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছে। ঘটনাটোৰ প্ৰতিবাদত বৃহস্পতিবাৰে উত্তপ্ত কৰি তোলে আছুকে ধৰি বিভিন্ন সংগঠনে। |
মহিলাগৰাকীয়ে বৃহস্পতিবাৰেই শদিয়া থানাত এজাহাৰ দাখিল কৰিছিল৷ আৰক্ষীৰ সূত্ৰ মতে এটা দল ডাঃ দলেক গ্ৰেপ্তাৰৰ বাবে গৈছিল যদিও ডাঃ দলে পলাতক হৈ আছে৷ |
কিন্ত মহিলাৰ ওপৰত হাত উঠোৱা দলেক এটা দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত আছুকে ধৰি দল-সংগঠনে চিকিৎসালয় ঘেৰাও কৰি দলেক ২৪ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি শদিয়াৰ পৰা বদলিৰ দাবী জনাইছে৷ |
অভিযোগ মতে বুধবাৰে এগৰাকী মহিলাই গৰ্ভপাত কৰিবলৈ চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক ডা০ অমৰজ্যোতি শইকীয়াৰ ওচৰলৈ আহিছিল আৰু প্ৰসূতিগৰাকীৰ পৰিচৰ্য্যা কৰিবৰ বাবে মাইনা সোণাৰ নামৰ এগৰাকী মহিলাও লগত আহিছিল৷ |
ডা০ শইকীয়াই প্ৰসূতিগৰাকীৰ নাম পঞ্জীয়ন কৰি প্ৰসূতি কোঠাত প্ৰৱেশ কৰাৰ সময়তে অভিযুক্ত ডাঃ ৰবীন দলে আহি প্ৰসূতিগৰাকীক গালি-গালাজ কৰাৰ লগতে লগত অহা আত্মীয়গৰাকীক প্ৰচণ্ড চৰ মাৰে৷ |
মহিলাকেইগৰাকীয়ে জনোৱা মতে ডা০ শইকীয়া নহয়, দলেইহে চোৱাৰ কথা আছিল গৰ্ভৱতীগৰাকীক আৰু সেয়ে খৰ্গহস্ত হৈ পৰে চিকিৎসকজন। |
অভিযুক্ত চিকিৎসকজনে এমাহৰ আগতেও আন এগৰাকী প্ৰসূতিৰ গিৰীয়েকক অপদস্থ কৰাৰ লগতে ঘটনাৰ বুজ ল’বলৈ অহা আছু কৰ্মীক দুৰ্ব্যৱ্হাৰ কৰিছিল৷ |
ইয়াৰ উপৰিও ডাঃ দলেই চিকিৎসালয়ৰ কৰ্মীক মানসিক নিৰ্যাতন চলোৱাৰো নানা অভিযোগ উঠি আহিছে বুলি জানিব পৰা গৈছে। |
Recent News |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক |
পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>শেহতীয়াকৈ বাঘ আৰু গৰুৰ একেলগে থকা কেইখনমান ফটোৱে ছচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে । দাবী কৰা হৈছে যে এই ফটোকেইখন অসমৰ হয় আৰু উক্ত বাঘটোক সৰুতে এই গৰুজনীয়ে গাখীৰ খুৱাইছিল আৰু সেইবাবে বাঘটোৱে এতিয়া ডাঙৰ হৈ গৰুজনীৰ ওচৰলৈ আহে আৰু কোনো অপকাৰ নকৰে । |
এই সম্পৰ্কে হোৱাটচ এপ্পত আমাক কিছু লোকে যোগাযোগ কৰে আৰু এই ধৰণৰ এক ফেচবুক পোষ্ট আমাৰ লগত শ্বেয়াৰ কৰে, লগতে আমাক ইয়াৰ সত্যতা বিচাৰ কৰিবলৈ অনুৰোধ জনাই । |
উক্ত ফেচবুক পোষ্টটো শ্বেৰণ ড’ইল নামৰ এজন লোকে আপলোড কৰিছিল য’ত উক্ত ভাইৰেল ফটো কেইখন দেখা গৈছে । ২৩ জুন, ২০২০ তাৰিখে আপলোড হোৱা পোষ্টটো এতিয়ালৈকে ৩.৯ হেজাৰবাৰ শ্বেয়াৰ হৈছে আৰু ভাইৰেল হৈ পৰিছে । |
উক্ত পোষ্টটোত দাবী কৰা হৈছে যে অসমৰ এজন লোকে ঘৰলৈ এজনী গৰু আনিছিল আৰু ইয়াৰ পাছত তেওঁ সদাই ৰাতি কুকুৰৰ ভুকভুকনি শুনিছিল । তেওঁ অৱশেষত চিচি টিভি কেমেৰা লগাবলৈ সিদ্ধান্ত ললে আৰু দেখিলে যে সদাই ৰাতি গৰুজনীৰ কাষলৈ এটা বাঘ আহে কিন্তু গৰুজনীক কোনো অপকাৰ নকৰে । তেওঁ গৰুজনীৰ আগৰ মালিকক খবৰ কৰে আৰু জানিব পাৰে যে এই বাঘটো জন্ম হোৱা ২০ দিনৰ ভিতৰত তাৰ মাকজনীক হত্যা কৰা হৈছিল । এই গৰুজনীৰ গাখীৰ খাই বাঘ পোৱালীটো জীয়াইছিল আৰু অলপ ডাঙৰ হোৱাৰ পাছত বাঘটো জংঘললৈ গুচি গৈছিল । কিন্তু এতিয়াও সেই বাঘটো গৰুজনীৰ কাষলৈ আহে যাক বাঘটোৱে নিজৰ মাক বুলি ভাৱে । |
সংৰক্ষিত লিংক |
ইনষ্টাগ্ৰাম লিংক । সংৰক্ষিত লিংক |
ঘটনাটোৰ সত্যতা জানিবলৈ চেষ্টা কৰোঁ আহক । সঁচাকৈ অসমত এনে ধৰণৰ ঘটনা ঘটিছিল নেকি? সত্য কি? জানোঁ আহক । |
প্ৰণালী |
প্ৰথমে আমি উক্ত ভাইৰেল ফটোকেইখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । আমি ২০১৪ চনত উক্ত ভাইৰেল ফটো সম্বলিত এক লিখনি প্ৰকাশ হোৱা দেখা পালোঁ । উক্ত ঘটনাটো গুজৰাটৰ ভাদ’ডাৰা জিলাৰ আন্তলি নামৰ এখন গাওঁৰ হয় বুলি লিখনিটোত কোৱা হৈছে । এই বিষয়ে বিতংকৈ পঢ়ক ইয়াত । |
ইয়াৰ পাছত আমি কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু টাইমছ অফ ইণ্ডিয়াত এই বিষয়ে এক বাতৰি ২০০২ চনতে প্ৰকাশ হোৱা দেখিলোঁ । উক্ত বাতৰিটোতও ঘটনাটো গুজৰাটৰ ভাদ’ডাৰা জিলাৰ আন্তলি নামৰ এখন গাওঁৰ হয় বুলি লিখা আছে । বাতৰিটোত লগতে কোৱা হৈছে যে বাঘটোৱে প্ৰায়ে গৰুজনীক লগ কৰিবলৈ আহে আৰু দুয়োজনৰে মাজত এক অস্বাভাৱিক স্বাভাৱিকতা দেখা যাই । এই সম্পৰ্কে ভাদ’ডাৰাৰ কনজার্ভেটৰ অফ ফৰেষ্ট, এইছ এছ সিং’য়ে ক’লে যে কেতিয়াবা জন্তুৰ ব্যৱহাৰ সলনি হব পাৰে আৰু পৰিবেশে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা লব পাৰে । |
ফলাফল |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.