text
stringlengths 0
188k
|
---|
উক্ত ঘটনাটো বা ভাইৰেল ফটোকেইখন অসমৰ নহয় বৰঞ্চ গুজৰাটৰ হয় । ইয়াৰ উপৰিও এইয়া শেহতীয়া ঘটনা নহয় । ২০০২ চনতে উক্ত ঘটনাটো ঘটিছিল আৰু উক্ত ভাইৰেল ফটো কেইখন তোলা হৈছিল । |
Title:বাঘ আৰু গৰুৰ নিবিড় সম্পৰ্কৰ এই ঘটনাটো বা ভাইৰেল ফটোকেইখন অসমৰ নহয়! |
Fact Check By: Manjori Borkotoky |
Result: False |
Tagged CowLeopardLeopard and Cow |
Post navigation |
চিপিআই(এম) নেতা সীতাৰাম য়েচুৰীয়ে ভাৰতীয় সৈন্যৰ বিৰুদ্ধে আৰু চীনৰ সমৰ্থনত শ্লোগান থকা বেনাৰ লৈ প্ৰতিবাদ কৰিছিল নেকি? |
ভূটানে ভাৰতলৈ পানী যোগান বন্ধ কৰা নাই! |
Related Posts |
Fact Check: ভাইৰেল হোৱা এই ফটোবোৰ চলি থকা কৃষক আন্দোলনৰ নহয়! |
December 14, 2020 March 12, 2022 Manjori Borkotoky |
FACT CHECK: গুজৰাটৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতৰ জাতীয় পতাকাখন নিষিদ্ধ কৰা খবৰটো ভুল আৰু বিভ্ৰান্তিকৰ |
March 3, 2021 March 3, 2021 Manjori Borkotoky |
এইখন আপ নেতা তাহিৰ হুছেইনৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা অবৈধ অস্ত্ৰ-শস্ত্ৰৰ ফটো নেকি? |
March 9, 2020 March 12, 2022 Manjori Borkotoky |
ClimateFactChecks.org |
Sri Lanka on High Alert as Air Quality deteriorates with Intensifying Monsoons! |
Has Climate Change affected the distribution of Peacocks in Sri Lanka? Find out the facts. |
India could soon experience heat waves that are too intense for humans to survive |
Zombie Virus & Impacts of Climate Change on Re-Emergence of Viruses! |
Explained | The connection between Plastic & Climate Change and the Indian situation |
Popular Posts |
এইখন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি নেকি? ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰ... by Manjori Borkotoky |
শ্ৰীলংকাত সঁচাকৈ হনুমানৰ গদা উদ্ধাৰ হৈছে নেকি? ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ফেচবুকত ২০১৬ চনতেই ভাইৰেল... by Manjori Borkotoky |
ফটোখনত দেখা দম্পতীহাল দাবী কৰাৰ দৰে মাক-পুতেক নহয়! ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ টুইটাৰ... by Manjori Borkotoky |
জলমগ্ন পথত আৰক্ষী সহ এখন ই-ৰিক্সা বাগৰি পৰা এই ভিডিঅ’টো গুৱাহাটীৰ নহয়! গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ যোৱা কেইদিনমানৰ প... by Manjori Borkotoky |
এই ভিডিঅ’টোত থকা গায়িকাগৰাকী সুমন কল্যাণপুৰ নহয় এগৰাকী বৃদ্ধা মহিলাই গান গোৱাৰ ভিডিঅ’ হোৱাটছএপযোগে ভাই... by Debanjana Baishya |
ভূমিকম্পৰ সময়তো নামাজ পঢ়ি থকা এই ভিডিঅ’টো ইণ্ডোনেছিয়াত হোৱা শেহতীয়া ভূমিকম্পৰ সময়ৰ নহয় যোৱা ২১ তাৰিখ সোমবাৰে ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত হোৱা এ... by Debanjana Baishya |
WHO-এ সকীয়াই দিছিল নেকি যে ৮৭% ভাৰতীয়ই গাখীৰৰ অপমিশ্ৰণৰ বাবে কৰ্কট ৰোগত আক্ৰান্ত হ’ব? অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এখন বিশেষ স্ক্ৰীনশ্বট ফ'ৰৱ... by Debanjana Baishya |
Home |
Archives |
Submit For Fact-Check |
Our Policies |
Privacy Policy |
Terms of Use |
Code Of Principles |
Correction & Submission Policy |
Our Methodology |
Disclaimer |
About Us |
Contact Us |
Coronavirus |
Categories |
Categories Select Category Altered (16) Business (1) Communal (5) Coronavirus (72) Covid-19 (6) Disaster (1) Economy (11) Environment (1) Explainer (4) False (350) False Headline (5) Health (1) International (72) Medical (44) Misleading (17) Missing Context (14) National (5) Partly-False (20) Political (73) Politics (5) Religious (1) Satire (4) Science (2) Security (1) Social (216) Sports (1) Technology (1) Telecom (1) Uncategorized (2) Wildlife (8)<eot>এন আৰ এলত এখন উন্নত ৰাষ্ট্ৰৰ বাবে দুৰ্নীতি মুক্ত ভাৰত থীমেৰে ৩১ অক্টোবৰ পৰা ৬ নৱেম্বৰলৈ আয়োজিত সতৰ্কতা সজাগতা সপ্তাহ ২০২২ৰ সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচী পালনৰ অন্তত আজি ৭ নৱেম্বৰ ত ইয়াৰ সফল সামৰণি পৰে।এই উপলক্ষে নুমলীগড় স্থিত এন আৰ এলৰ চৌহদত অনুষ্ঠিত এ পি ডি চি এলৰ চেয়াৰমেন তথা অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাই মুখ্য অতিথি ৰূপে সমাৰোহৰ অধ্যক্ষতা কৰে।অনুষ্ঠানত এন আৰ এলৰ এম ডি শ্ৰী বি জে ফুকন,সঞ্চালক (বিত্ত)শ্ৰী ইন্দ্ৰনীল মিত্ৰ,আই আৰ এছ এম ইৰ মুখ্য সতৰ্কতা বিষয়া অমিত চৰণ আৰু সকলো কৰ্মচাৰী উপস্থিত থাকে।মুখ্য অতিথি জিষ্ণু বৰুৱাই তেওঁৰ ভাষণত জিইএম পৰ্টেলত ক্ৰয়ৰ ক্ষেত্ৰত শীৰ্ষ তেল কোম্পানী হিচাপে মৰ্যদা লাভ কৰাকে ধৰি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ শক্তিশালী ব্যৱস্থা আৰু পদ্ধতি গ্ৰহণ কৰাৰ বাবে এন আৰ এলক অভিনন্দন জনায়।তেওঁ কয় যে নৈতিকতা,সত্য ,নিষ্ঠা ,স্বচ্ছতা আৰু সততাক আকোৱালি লোৱাটো কঠিন ধাৰণা আৰু ই বহু পৰিমাণে পৰিস্থিতি পাৰিবাৰিক পটভূমি আৰু বিভিন্ন নীতি নিয়মৰ ওপৰত নিৰ্ভৰ কৰে।আমাৰ দেখখনে বছৰি ১.৫ শতাংশ জিডিপি বৃদ্ধি কৰিব পালে,কিন্তু যদিহে ইয়াৰ অখণ্ডতা সূচকাংক স্কেণ্ডিনেভিয়ান দেশ সমূহৰ সৈতে তুলনাযোগ্য হয়।এই ৰাষ্ট্ৰ সমূহ কম দুৰ্নীতিগ্ৰস্ত।তেওঁ লগতে কয় যে সংস্থাৰ বৃদ্ধি পোৱাৰ লগে লগে ডিজিটেল শান্তিমূলক ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি লোৱাৰ পৰিবৰ্তে মূল্যভিত্তিক হ’ব লাগে।এন আৰ এলৰ চিভিঅ’ অমিত চাৰণে অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে জিডিপিৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম শীৰ্ষ দেশ হোৱাৰ পিছতো দুৰ্নীতিয়ে আমাৰ জাতিৰ উন্নয়নত এক বৃহৎ বাধা ৰূপে থিয় দি আছে।ভিজিলেন্স বিভাগ হৈছে চিজিচিৰ বৰ্ধিত শাখা আৰু কোম্পানীটোৰ প্ৰতিজন কনিষ্ঠতম কৰ্মচাৰী পৰা আৰম্ভ কৰি এমডিলৈকে তেওঁলোকৰ আচৰণত ন্যায়পৰায়নতা ,স্বচ্ছতা আৰু সততা নিশ্চিত কৰাটো পবিত্ৰ কৰ্তব্য। |
এন আৰ এলৰ এম ডি বি জে ফুকনে তেওঁৰ সম্বোধনত কয় যে ভিজিলেন্স এন নিয়ন্ত্ৰণ প্ৰক্ৰিয়া।তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ এন আৰ এলে গ্ৰহণ কৰা পদক্ষেপ সমূহ স্পষ্ট কৰি দিয়ে।ডি এফ শ্ৰী আই মিত্ৰই ৰাজহুৱা আন্তঃপৃষ্ঠ আৰু প্ৰযুক্তি ভিত্তিক পদক্ষেপ সমূহকে ধৰি এন আৰ এলে গ্ৰহণ কৰা ই-গভনেন্স ব্যৱস্থাৰ বিষয়ে অৱগত কৰায়।তেওঁ লগতে কয় যে গাইডলাইন গ্ৰহণৰ ফলত স্বচ্ছতা আৰু জবাবদিহিতা বৃদ্ধি পাইছে ।এই উপলক্ষে বিশিষ্ট ব্যক্তিসকলে ৱৰ্কছ এণ্ড চাৰ্ভিচেছৰ ক্ৰয়ৰ হাতপুথি মুকলি কৰে।ইয়াৰ পূৰ্বে ভাষণ প্ৰদান কৰে তেওঁ উপস্থিত দৰ্শক সকলক এনআৰএলৰ চি ভি অ’ৰ নিৰ্দেশনাত ৰাজহুৱা জীৱনত সততা আৰু সত্যনিষ্ঠাৰ প্ৰতি এন আৰ এলৰ সামূহিক দায়িত্বক দৃঢ় কৰা বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সদৰি কৰে।এই উপলক্ষে এন আৰ এলৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে অনুষ্ঠিত কৰা কুইজ,ৰচনা,শ্লোগান প্ৰতিযোগিতা আদি আৰু হুইচেল ব্ল’ৱাৰ পলিচিৰ বিশেষ উল্লেখযোগ্য প্ৰতিৰোধমূলক সতৰ্কতা আৰু ৰাজহুৱা ক্ৰয়ত সাধাৰণ অনিয়ম/লেপছ শীৰ্ষক বেবিনাৰ অনুষ্ঠিত কৰা হয়।আনহাতে জনসাধাৰণৰ বাবে আউটৰিচ ক্ৰিয়াকলাপৰ আয়োজন কৰি গোলাঘাট জিলাৰ ক্ৰীড়া সন্থাৰ সহযোগত গোলাঘাটত নুমলীগড়ৰ মিঠাচাপৰি গাঁওৰ গাঁও সভাৰ সহযোগত দুৰ্নীতি কু-প্ৰভাৱৰ ওপৰত নাগৰিকক সংবেদনশীল কৰি তোলা কাৰ্যসূচী, এন আৰ এলৰ বিজনেছ এছোচিয়েছন বাবে ভেণ্ডৰ মীট তথা গোলাঘাট জিলাৰ ৪০ খন বিদ্যালয়ৰ প্ৰায় ৬০০ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণৰে জিলা পৰ্যায়ৰ কুইজ ,তৰ্ক প্ৰতিযোগিতা, ৰচনা,শ্লোগান, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।উল্লেখ্য,এন আৰ এলৰ শিলিগুৰি মাৰ্কেটিং টাৰ্মিনেল স্থানতো অনুৰূপ কাৰ্যসূচী অনুষ্ঠিত হয়।<eot>ক’ৰোনাই চলোৱা ত্ৰাসৰ মাজতো চৰকাৰী পক্ষই দৃষ্টিনিবদ্ধ ৰাখিছে সংবাদমাধ্যম আৰু সাংবাদিকৰ ওপৰত। চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধাচৰণ কৰি প্ৰকাশ কৰা সংবাদসমূহ বাৰে বাৰে চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে। বিগত কালছোৱাত কেইবাগৰাকী সাংবাদিকৰ কলমত বাধা আৰোপ কৰিবলৈ যত্ন কৰি আহিছে বুলি বিভিন্ন পক্ষই প্ৰশাসন কিম্বা চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে। তাৰ মাজতেই উত্তৰপ্ৰদেশৰ ফতেহ জিলাত এনে এক ঘটনাই সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে সংবাদমাধ্যমত। |
প্ৰকাশিত বাতৰি অনুসৰি, লক্ ডাউনৰ সময়ত দৰিদ্ৰ লোকসকলৰ কমিউনিটী কিটচেন(সম্প্ৰদায়ৰ ৰন্ধাঘৰ) বন্ধ হৈ পৰিছে বুলি টুইটাৰ যোগে অজয় ভদৌৰিয়া নামৰ সাংবাদিকগৰাকীয়ে প্ৰকাশ কৰিছিল। তাৰপাছতেই তেওঁৰ বিৰুদ্ধে মহামাৰী অধিনিয়ম তথা ভাৰতীয় দণ্ডবিধিৰ অধীনত ৫০৫, ৩৮৫, ১৮৮, ২৭০, ২৬৯ ধাৰাত গোচৰ ৰুজু কৰিছে জিলা প্ৰশাসনে। কেৱল ইমানেই নহয়, সাংবাদিক ভদৌৰিয়াৰ বিৰুদ্ধে অপৰাধী ষড়যন্ত্ৰৰ সৈতে জড়িতৰ অভিযোগত ১২০(খ) ধাৰাও সংযুক্ত কৰিছে। |
উল্লেখ্য যে বিগত দুটা মাহত উত্তৰপ্ৰদেশ চৰকাৰে ১৬জনকৈ লোকক ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য লিখাৰ অজুহাতত জে’ললৈ প্ৰেৰণ কৰিছে উত্তৰপ্ৰদেশ প্ৰশাসনে। এই কথাতে ক্ষুণ্ণ হৈ এতিয়া জিলাখনৰ সাংবাদিকসকলে জিলাখনেৰে বৈ যোৱা গংগা আৰু যমুনা নদীত নামি জল সত্যাগ্ৰহ প্ৰতিবাদ কৰে। সমগ্ৰ জিলাতে বহু সাংবাদিকে অনশন, জল সত্যাগ্ৰহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰৰ নীতিৰ বিৰুদ্ধে। লগতে সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰিবলৈ নিৰ্দেশ দিয়া জিলা দণ্ডাধীশৰ বিৰুদ্ধেও সৰৱ হৈ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আৰু জিলা দণ্ডাধীশৰ বিৰুদ্ধে তদন্তৰ দাবী জনায় প্ৰতিবাদী সাংবাদিকসকলে। |
জিলা প্ৰশাসনে দাখিল কৰা FIRত লিখা আছে যে পত্ৰকাৰ ভদৌৰিয়াই কমিউনিটী কিটচেন বন্ধ হোৱাৰ কথা প্ৰকাশ কৰাৰ ফলত বিশৃংখলতাৰ সৃষ্টি হৈছিল। কোৱাৰেণ্টীন চেণ্টাৰত-য’ত কমিউনিটী কিটচেনৰ পৰা খাদ্যৰ যোগান ধৰা হয়, থকা লোকসকলৰ মাজত হুলস্থূলৰ সৃষ্টি হৈছিল। খাদ্য সামগ্ৰী নাপাব বা শেষ হৈ যাব বুলি আতংকৰ সৃষ্টি হোৱাত হৈ -ছৈ লাগিছিল ৰোগীসকলৰ মাজত। ফলত বিশৃংখলতাই বিৰাজ কৰিছিল। সেয়ে প্ৰশাসনৰ মতে তেওঁ জগৰীয়া আৰু তেওঁৰ বিৰুদ্ধে তৰা হৈছিল গোচৰ। |
উল্লেখ্য যে পত্ৰকাৰ অজয় ভদৌৰিয়াই টুইটাৰত ফতেহ জিলাৰ বিজয়পুৰ ব্লকৰ অন্তৰ্গত অন্ধ দম্পতী এহালক প্ৰশাসনে অতি নিম্ন মানদণ্ডৰ অপুষ্টিকৰ খাদ্যসামগ্ৰী যোগান দিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল। |
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube. |
- Donation - |
The CrossCurrent |
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter. |
Prev Post |
“মই মুছলমান লোকৰ এক্স-ৰে নকৰোঁ। এয়া মোৰ শপত।”- ক’লে এজন চিকিত্সকে… |
Next Post |
ইতিহাসত নাৰী আৰু নাৰীবাদ |
You might also like More from author |
দেশ |
প্ৰধানমন্ত্ৰী মোডীৰ পক্ষত নাই মাছমৰীয়া |
চিনেমা |
ভাৰতলৈ অহাত বাধা চলচ্চিত্ৰ নিৰ্মাতাক |
দেশ |
‘দিল্লীৰ ল’ৰাজন’ক লৈ কাৰ্টুন বিজেপিৰ |
দেশ |
উন্নয়নৰ নহয়,ভিডিঅ’ৰ ৰাজনীতি ! |
Prev Next |
Leave A Reply |
Cancel Reply |
Your email address will not be published. |
Save my name, email, and website in this browser for the next time I comment. |
জনপ্ৰিয় |
মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ ছিণ্ডিকেট ! |
এটা বছৰ হিয়া ঢাকুৰিলে অনিমেষৰ মাতৃয়ে,কিন্তু … |
অমৃত সৰোবৰৰ নামত ‘বিহ’ ঢালিলে দখলকাৰীৰ ঘৰত ! |
২০২৩ ত বিপদত ভাৰত ! |
প্ৰধানমন্ত্ৰী মোডীৰ পক্ষত নাই মাছমৰীয়া |
ধৰ্ম সলালে হেৰুৱাব জনজাতিৰ মৰ্যাদা ! |
- Advertisement - |
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>আলোচনাপন্থী আলফাৰ নেতা তথা সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৰাজ্যখনৰ ‘খিলঞ্জীয়া’ আৰু ‘অসমীয়া’ সম্পৰ্কত সংজ্ঞা আগ বঢ়াই দিয়া মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ পৰা। |
ৰাজ্যখনৰ কেইবাজনো বিধায়কে তেওঁৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সংগঠনটোৰে প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰীয়েও ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কালি বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে বিজেপিৰ বিধায়ক তেৰচ গোৱালা, সঞ্জয় কিষাণৰ লগতে কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰূপজ্যোতি কুৰ্মীয়ে চেতিয়াৰ মন্তব্যৰ বিৰোধিতা কৰি কয় যে চাহ জনগোষ্ঠী হ’ল অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। |
ইয়াৰ উপৰি চেতিয়াই চাহ জনগোষ্ঠীৰ লোকসকল অসমৰ খিলঞ্জীয়া নহয় বুলি চেতিয়াই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া কৰিছে আটছায়ো। মঙলবাৰে কাজিৰঙাৰ কঁহৰাত অনুষ্ঠিত এক সংবাদ মেলত সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই মন্তব্য কৰে যে অসমত চাহ জনগোষ্ঠীৰ ইতিহাস আছে ৷ অনুপ চেতিয়াৰ মন্তব্যই অসম চুক্তিক অৱমাননা কৰিছে ৷ |
আনহাতে এনে ধৰণৰ মন্তব্যৰে চেতিয়াই অসমত বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব খোজা বুলিও সংগঠনটোৰ নেতৃত্বই অভিযোগ কৰে। তেওঁলোকে চেতিয়াই কেতিয়াও অবৈধ বাংলাদেশীৰ বিৰুদ্ধে মাত মতা নাই বুলি কৈ তেওঁক বাংলাদেশীৰ এজেণ্ট বুলিও কয় |
আনহাতে খিলঞ্জীয় মঞ্চৰ মুখ্য আহ্বায়ক হিচাপে চেতিয়াই দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলোচনাপন্থী আলফাৰ প্ৰচৰা সচিব মিথিংগা দৈমাৰীয়ে কয় যে খিলঞ্জীয় মঞ্চ, অসমৰ সৈতে আলফাৰ কোনো সম্পৰ্ক নাই। অনুপ চেতিয়াই দিয়া মন্তব্যই আলফাক প্ৰতিনিধিত্ব নকৰে। আলফাই চেতিয়াক এনে মন্তব্য দিয়াৰ বাবে কৰ্তৃত্ব দিয়া নাই। তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ কয় যে এই বক্তব্য আলফাৰ অনুপ চেতিয়াৰ বক্তব্য নহয়। |
উল্লেখযোগ্য যে খিল্জীয়া মঞ্চ, অসম নামৰ নৱগঠিত এক প্ৰতিনিধিত্বমূলক মঞ্চৰ গুৱাহাটীত যোৱা ১২ ফেব্ৰুৱাৰিৰ পৰা দুদিনীয়াকৈ চলা কেন্দ্ৰীয় অভিৱৰ্তনত আলোচনাপন্থী আলফা নেতা তথা সাধাৰণ সম্পাদকজন মুখ্য আহ্বায়ক হিচাপে আছিল। অভিৱৰ্তনত ‘খিলঞ্জীয়া’ আৰু ‘অসমীয়া’ৰ সংজ্ঞা নিৰ্ণয় কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। |
মঞ্চৰ পৰা এন ই নাওক জনোৱা মতে ৰাজ্যখনৰ ৪১ টা জাতি-ডনগোষ্ঠীৰ সংগঠনৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। তাৰোপৰি অভিৱৰ্তনত মানৱ অধিকাৰ কৰ্মী জেব্ৰাৰাম মুচাহাৰী, ৰঞ্জিত শেখৰ মুচাহাৰী, বিশিষ্ট সাহিত্যিক কুল বৰুৱা, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্য হাজৰিকা, বুৰঞ্জীবিদ শ্ৰীকুমাৰ দহোটীয়া আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়েও অংশ গ্ৰহণ কৰিছিল। কিন্তু দুয়োটা সংজ্ঞা সম্পৰ্কত মঞ্চৰ পৰা অনুপ চেতিয়াই দিয়া ব্যাখ্যাই বহুতৰে মনত প্ৰশ্ন তথা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। |
Recent News |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত |
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>কোকৰাঝাৰত শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ বাবে প্ৰস্তুতিৰ বুজ লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফটো: নৰ্থইষ্ট নাও |
1k |
VIEWS |
Share on FacebookShare on Twitter |
অহা ৭ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ বাবে প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে ৰাজ্যখনৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কোকৰাঝাৰ ভ্ৰমণ কৰে। |
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জনসভাত অংশ লোৱাৰ বাবে কোকৰাঝাৰলৈ আহিব। অলপতে সম্পন্ন হোৱা বড়ো চুক্তি উপলক্ষে আনুষ্ঠানিক উদযাপনৰ বাবে আয়োজন কৰা হৈছে এই সমাৱেশৰ। |
বড়ো চুক্তিখন কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, এনডিএপবিৰ চাৰিটা গোট, সদৌ বড়ো ছাত্ৰ সন্থা (এবছু) আৰু য়ুনাইটেড বড়ো পীপলছ অ’ৰ্গেনাইজেশ্যনৰ (য়ুবিপিঅ’)ৰ মাজত স্বাক্ষৰিত হৈছে। |
সাংবাদিকৰ আগত মন্ত্ৰী শৰ্মাই কয়,”প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোকৰাঝাৰ ভ্ৰমণ নিশ্চিত।‘’ |
জিলাখনলৈ প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ সময়ছোৱাত বন্ধৰ বাতৰিও তেওঁ নস্যাৎ কৰে। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.