text
stringlengths
0
188k
“কাৰোবাৰ যদি চৰকাৰৰ সৈতে বা ইয়াৰ সিদ্ধান্তৰ সৈতে কিবা সমস্যা আছে, তেতিয়াহ’লে তেওঁলোকে চৰকাৰক আলোচনাৰ বাবে আহ্বান জনাব পাৰে,’’-শৰ্মাই কয়।
তেওঁ কয়,”অহা ছয় মাহৰ ভিতৰত বিটিআৰত নতুন গাওঁসমূহ অন্তৰ্ভুক্ত বা কৰ্তন কৰা হ’ব।‘’
“এই উদ্দেশ্যে এখন আয়োগ গঠন কৰা হ’ব আৰু আয়োগৰ আগত অনুৰোধ কৰাৰ পাছত অন্তৰ্ভুক্ত আৰু কৰ্তনৰ বিষয়টো পৰ্যালোচনা কৰা হ’ব,’’-মন্ত্ৰী শৰ্মাই কয়।
আয়োগত এবছু, বিটিচিৰ সদস্য, এগৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশল লগতে অবড়ো সংগঠনৰ প্ৰতিনিধিও থাকিব।
Recent News
পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা: ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে তিনি শিশুৱে, গুৰুতৰভাৱে আহত আন এক শিশু
মহাৰাষ্ট্ৰত ফুটব্ৰীজ খহি ৰেলপথত বাগৰি পৰিল যাত্ৰী: এগৰাকী নিহত, আহত ২০ গৰাকী
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নাগালেণ্ডৰ ফেক চহৰক ফেক চহৰ চাখেছাং ছাত্ৰ সন্থাই (The Phek Town Chakhesang Students’ Union চমুকৈ PTCSU) পেলনীয়া সামগ্ৰী-মুক্ত চহৰ হিচাপে ঘোষণা কৰিছে। শনিবাৰে ছাত্ৰ সংগঠনটোৱে ইয়াৰ সপ্তম অনাময় ও ঘোষণা অভিযানৰ (7th phase sanitation drive-cum-declaration) সময়ত ফেক চহৰক এইদৰে পেলনীয়া সামগ্ৰী নিষিদ্ধ চহৰ হিচাপে ঘোষণা কৰে।
ছাত্ৰ সংগঠনটোৱে ৰাজ্যখনৰ বন বিভাগৰ দ্বাৰা ফেক চহৰৰ ‘ক্লক টাৱাৰ’ত আয়োজন কৰা এই অনুষ্ঠানত স্থানীয় ‘ৰয়েল ফাউণ্ডেশ্যন স্কুল’ক চহৰখনৰ প্ৰথমখন পেলনীয়া সামগ্ৰী মুক্ত বিদ্যালয় হিচাপে ঘোষণা কৰা হয়।
এই অনুষ্ঠানত নিমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকি ফেকৰ অতিৰিক্ত উপায়ুক্ত আভেলু ৰুহেৱে চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সেউজ কৰি ৰখাৰ ক্ষেত্ৰত ফেক চহৰ চাখেছাং ছাত্ৰ সন্থাই গ্ৰহণ কৰা ভুমিকাৰ শলাগ লয়।
তেওঁ আৰু কয় যে পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰতি গৰাকী নাগৰিকৰেই দায়িত্ব। তেওঁ উপস্থিত সমজুৱাক প্ৰদূষণৰ পৰা মুক্ত থকাৰ বাবে আহ্বান জনায়।
অহা বছৰত অনুষ্ঠিত হ’বলগীয়া বৃক্ষ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ৰুহোৱে ছাত্ৰ সংগঠনটোক আহ্বান জনায় । তেওঁ কয় যে তেওঁ চহৰখনত ২০০০জোপা চেৰীগছৰ পুলি ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে।
তেওঁ আৰু কয় যে ফেক চহৰৰ ৰয়েল ফাউণ্ডেশ্যন স্কুলক প্ৰথমখন পেলনীয়া সামগ্ৰী মুক্ত বিদ্যালয় হিচাপে ঘোষণা কৰাৰ প্ৰশংসাসূচক প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। বিদ্যালয়খনৰ ব্যৱস্থাপনা কমিটীখনে স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত জোৰ দিয়ে আৰু চহৰখন পৰিচ্ছন্ন কৰি ৰখাৰ সৈতে জড়িত থকাৰ বাবে ছাত্ৰ সংগঠনটোৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
ছাত্ৰ সংগঠনটোৱে চহৰখন পৰিচ্ছন্ন কৰি ৰখাৰ বাবে ৪টা জাবৰ পেলোৱা পাত্ৰ (litterbin) দান কৰে আৰু বন বিভাগে ৰয়েল ফাউণ্ডেশ্যন স্কুলক এটা জাবৰ পেলোৱা পাত্ৰ দান কৰে।
এই কাৰ্যসূচীত খৃষ্টিয়ান মিশ্যনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৰয়েল ফাউণ্ডেশ্যন স্কুলৰ প্ৰায় ৮৫ ০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চহৰখনৰ ক্লক টাৱাৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈকে বিস্তৃত এটা অনাময় অভিযানত অংশগ্ৰহণ কৰে।
ফেক চহৰ চাখেছাং ছাত্ৰ সন্থাই আয়োজন কৰা এই অনাময় কাৰ্যসূচীত চহৰখনত মোতায়েন আছাম ৰাইফলছৰ বিষয়া আৰু জোৱানসকলেও অংশগ্ৰহণ কৰে।
Recent News
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>জুবিন-গৰিমাৰ বিৰুদ্ধে অশ্লীল পোষ্ট-কাণ্ড : লুইত কুমাৰ বৰ্মনক বদনামী কৰাৰ ষড়যন্ত্ৰত জুবিন ফেন ক্লাবৰ সদস্য; এজনক আটক
by এন ই নাও নিউজ
October 14, 2018 5:15 pm
আৰক্ষীয়ে আটক কৰা চাও জিতুমণি গগৈ। ফটোৰ উৎস : ফেচবুক।
511
VIEWS
Share on FacebookShare on Twitter
জুবিন আৰু গৰিমা গাৰ্গক লক্ষ্য কৰি ফেইচবুকত অতি অশ্লীল পোষ্ট দিয়া আৰু জুবিনক সন্মুখত পালেই হত্যাৰ ভাবুকি দিয়া ঘটনাটোৰ ৰহস্য প্ৰায় ভেদ হোৱাৰ পথত। সংগীত-চিনেমাৰ জগতখনৰ কৰ্মী লুইত কুমাৰ বৰ্মনক বদনামী কৰিবলৈকে যে উক্ত বিতৰ্কিত পোষ্টটো তেওঁ দিয়া বুলি প্ৰচাৰ কৰা হৈছিল সেইটো প্ৰায় স্পষ্ট হৈ পৰিছে।
আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত নিজকে জুবিনৰ ডাই হাৰ্ড ফেন বুলি চিনাকি দিয়া চাও জিতুমণি গগৈ নামৰ এজন যুৱকক হোজাইৰ পৰা আটক কৰি মহানগৰৰ পল্টন বজাৰ থানাত জেৰা চলাই আছে।
উল্লেখযোগ্য যে ৮ অক্তোবৰত সংগীত-চিনেমাৰ জগতখনৰ কৰ্মী লুইত কুমাৰ বৰ্মন নামৰ ব্যক্তিজনে ফেইচবুকত জুবিন আৰু গৰিমা গাৰ্গক লক্ষ্য কৰি অশ্লীল পোষ্ট দিয়া বুলি এটা স্ক্ৰীন শ্বট ৰাজহুৱা কৰিছিল চাও জিতুমণি গগৈ নামৰ এজন জুবিন অনুৰাগীয়ে। অতি অশ্লীল ভাষা ব্যৱহাৰ কৰা পোষ্টটোত জুবিনক অবৈধ সন্তান বুলি কোৱা হৈছিল আৰু লগতে জুবিন-গৰিমাৰ সন্তানহীনতাৰ বিষয়েও অতি অশ্লীল কথা কোৱা হৈছিল। ইয়াৰ উপৰি জুবিনক সন্মুখত পালেই হত্যা কৰা হ’ব বুলিও ভাবুকি দিছিল।
পোষ্টটোক লৈ তীব্ৰ বিতৰ্ক সৃষ্টি হোৱাৰ পিছতে গৰিমা গাৰ্গে পিছদিনা দিচপুৰ থানাত এখন এজাহাৰ দিছিল। আনহাতে তেওঁৰ বিৰুদ্ধে এয়া এটা ষড়যন্ত্ৰ বুলি লুইত কুমাৰ বৰ্মনেও থানাত এজাহাৰ দিছিল।
তাৎপৰ্য্যপূৰ্ণভাৱে থানাত এজাহাৰ পৰাৰ পিছতে চাও জিতুমণি গগৈয়ে নিজৰ ৱালৰ পৰা এই পোষ্টটো নোহোৱা কৰিছিল। তেতিয়াই সন্দেহৰ সৃষ্টি কৰিছিল। জানিব পৰামতে, জিতুমণি গগৈৰ ঘৰ হোজাইত আৰু তেওঁ হোজাই জুবিন ফেন ক্লাবৰ নেতৃত্বত আছে।
আনহাতে, আজি নিজৰ ৱালত এটা পোষ্টত লুইত কুমাৰ বৰ্মনে কয়, “সকলো বন্ধু বান্ধৱীক মোৰ অন্তৰৰ পৰা ধন্যবাদ দিছোঁ৷ বিপদৰ সময়ত লগত থাকা হে আচল বন্ধু৷ প্ৰথম দিনাৰ পৰাই যি কৈ আছিলোঁ সেইয়াই প্ৰমান হ’ল৷ মোৰ বন্ধু-বান্ধৱী অন্ধ নহয়, মোৰ ভুলক ভুল বুলি কয় আৰু সচাক সচা৷ এনে বন্ধুহে আচল বন্ধু৷”
লগতে লুইত কুমাৰ বৰ্মনে আক্ষেপ কৰি কয়, “তিনি দিন ধৰি মোক মেডিয়াই ভিলেইনে বনাই দিলে৷ দুটা মান মেডিয়াই বাৰু মোক কথা কবলৈ সুবিধা দিছে৷”
আনহাতে আৰক্ষীয়ে আটক কৰাৰ পিছত জিতুমণি গগৈয়ে স্বীকাৰ কৰিছে যে তেওঁ সেই স্ক্ৰীনশ্বটটো জুবিন ফেন ক্লাবৰ ৱাটছএপ গ্ৰুপতহে পাইছিল, লুইত কুমাৰ বৰ্মনৰ ৱালত নহয়৷ এই কথাৰ পৰা অনুমান হয় যে লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে হোৱা এই চক্ৰান্তত কেৱল এজনেই নহয়, জুবিন ফেন ক্লাবৰ আৰু সদস্য জড়িত থাকিব পাৰে।
ফলত এয়া যে লুইত কুমাৰ বৰ্মনৰ প্ৰতি বিদ্বেষ পুহি ৰখা জুবিন ফেন ক্লাবৰ সদস্যৰে কাণ্ড, সেয়া অনুমেয় হৈ পৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Centenary Convention Centreত ১১ নবেম্বৰ অৰ্থাৎ কালি ইণ্ডো-ফ্ৰেন্স পাৰ্ক আৰু জৈৱ বৈচিত্ৰ্য অংশীদাৰিত্বৰ প্ৰথম পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়।এই অংশীদাৰিত্ব হৈছে ফ্ৰান্স উন্নয়ন সংস্থা, ফ্ৰান্স বন সেৱা আন্তঃৰাষ্ট্ৰীয় আৰু অসমৰ বন বিভাগৰ মাজত।ফ্ৰান্স উন্নয়ন সংস্থাৰ সঞ্চালক ব্ৰুণো বছলেয়ে কয় এই অংশীদাৰিত্ব আমাৰ চলিত সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু ই ভাৰত আৰু ফ্ৰান্সৰ মাজত দ্বিপাক্ষিক চুক্তিৰ ক্ষেত্ৰত সহযোগিতাক বন্যপ্ৰাণী ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ বিষয়ত বিশেষ সহায় কৰিব।এম.কে. যাদৱ, আই.এফ.এছ,পি.চি.চি.এফ, চি ডব্লিউ এল ডব্লিউ, অসমে এই কৰ্মশালাৰ সভাপতিত্ব কৰে। এই খণ্ডত তেওঁৰ অভিজ্ঞতাৰ পৰা সমগ্ৰ অসমত বন সংৰক্ষণ আৰু বন্যপ্ৰাণী ব্যৱস্থাপনাত সৰ্বশ্ৰেষ্ঠ পদ্ধতি আৰু উদীয়মান কৌশলৰ ওপৰত তেওঁৰ অন্তৰ্দৃষ্টিৰো ভাগ বতৰা কৰে।ইফালে এই কৰ্মশালাত অংশগ্ৰহণ কৰে কাৰিকৰী সঞ্চালক গিলছ ময়নট আৰু অ’এনএফআইৰ গৱেষণা বিশ্লেষক লুচিল আউজেমেৰী আৰু টাস্ক টীম লিডাৰ (জৈৱ বৈচিত্ৰ্য), ইমানুৱেল ফোৰমেন, অৰ্থনীতিবিদ (বিপদাশংকা বিভাগ), অক্ষীতা শৰ্মা আৰু এএফডিৰ চেক্টৰ পৰ্টফলিঅ’ মেনেজাৰ (জৈৱ বৈচিত্ৰ্য)ৰ লগতে অসমৰ বিভাগীয় বন বিষয়াই।উল্লেখ্য যে, এই কৰ্মশালা হৈছে উদ্যান আৰু জৈৱ বৈচিত্ৰ্য অংশীদাৰিত্বৰ অধীনত প্ৰথম বিতৰণযোগ্য, যাৰ উদ্দেশ্য হৈছে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰিস্থিতিগত ভাৱে গুৰুত্বপূৰ্ণ এলেকাবোৰত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, বহনক্ষম পৰ্যটন, আৰু সুৰক্ষিত এলেকাবোৰৰ উন্নত ব্যৱস্থাপনাৰ প্ৰচাৰ কৰা।<eot>বিত্তীয় হিচাপকৰণত (Financial Accounting) সম্পত্তি (ইংৰাজী: Asset) -ৰ অৰ্থ হৈছে অৰ্থনৈতিক বিভৱ বা উপাদান। যোগাত্মক অৰ্থনৈতিক মূল্য থকা আৰু অধিকাৰ স্থাপন তথা মূল্য উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যিকোনো স্পৰ্শনীয় বা অস্পৰ্শনীয় বস্তুকে সম্পত্তি হিচাপে গণ্য কৰা হয়। সাধাৰণভাৱে, সম্পত্তিয়ে মালিকীস্বত্বৰ মূল্যক প্ৰতিনিধিত্ব কৰে যাক ধন বা মুদ্ৰালৈ (cash) ৰূপান্তৰ কৰিব পৰা যায়। অৱশ্যে ধন বা মুদ্ৰাও একপ্ৰকাৰৰ সম্পত্তি।[1]
এটা প্ৰতিষ্ঠানৰ উদ্বৃত্ত মিলন পত্ৰ অৰ্থাৎ বেলেঞ্চ শ্বিটখনে প্ৰতিষ্ঠানটোৱে অধিকাৰ কৰি থকা সম্পত্তিসমূহৰ মুদ্ৰা মূল্যসমূহ[2] লিপিৱদ্ধ কৰে। এইসমূহ হৈছে এজন ব্যক্তি অথবা ব্যৱসায়ৰ টকা বা আন মূল্যৱান সামগ্ৰীসমূহ।[1] সম্পত্তিৰ দুটা মুখ্য শ্ৰেণী হৈছে স্পৰ্শণীয় আৰু অস্পৰ্শণীয় সম্পত্তি। স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিকে ধৰি স্পৰ্শণীয় সম্পত্তিৰ কেইবাটাও বিভাগ আছে।[3] মজুত সম্ভাৰ (inventory) অস্থাৱৰ সম্পত্তিত অন্তৰ্ভুক্ত, আনহাতে গৃহ-ভৱন, আচবাব পত্ৰ আদি স্থাৱৰ সম্পত্তি। [4]
অস্পৰ্শণীয় সম্পত্তিসমূহ হৈছে বাহ্যিক অস্তিত্ববিহীন বিভৱ তথা স্বত্বসমূহ যাৰ প্ৰতিষ্ঠানটোত এক মূল্য আছে আৰু ই ব্যৱসায়িক স্থানত প্ৰতিষ্ঠানটোক কিছু সুবিধা প্ৰদান কৰে। সুনাম, কপিৰাইট, ট্ৰেডমাৰ্ক, পেটেণ্ট আৰু কম্পিউটাৰ প্ৰগ্ৰেমসমূহ এনে সম্পত্তিৰ উদাহৰণ।[4]
সংজ্ঞা[সম্পাদনা কৰক]
সম্পত্তি হৈছে "অৰ্থনৈতিক মূল্যযুক্ত এক বিভৱ যাক কোনো ব্যক্তি, ব্যৱসায়িক প্ৰতিষ্ঠান বা দেশে ভৱিষ্যতে ই লাভালাভ প্ৰদান কৰাৰ আশাত ধাৰণ তথা নিয়ন্ত্ৰণ কৰে। "[5]
সম্পত্তিৰ বৈশিষ্ট্য[সম্পাদনা কৰক]
আন্তঃৰাষ্ট্ৰীয় হিচাপকৰণ মান মণ্ডলী[6] সম্পত্তিৰ সংজ্ঞা দাঙি ধৰিছে। আৰ এফ আৰ এছ ফ্ৰেমৱৰ্কৰ মতে, "সম্পত্তি হৈছে পূৰ্বকালীন কাম-কাজৰ ফলস্বৰূপে এটা প্ৰতিষ্ঠানে নিয়ন্ত্ৰণ কৰা বৈভৱ আৰু ভৱিষ্যতে ইয়াৰপৰা প্ৰতিষ্ঠানটোৰ অৰ্থনৈতিক লাভালাভ হোৱাটো আশা কৰা যায়। "[7]
হিচাপকৰণত সম্পত্তি[সম্পাদনা কৰক]
হিচাপকৰণৰ দিশৰ পৰা এক সম্পদ বুলি প্ৰমাণ কৰিবলৈ সম্পত্তি এটাৰ লাভালাভ উলিওৱাৰ প্ৰয়োজন নাই। প্ৰতিষ্ঠানটোৱে ইয়াক ভিন্নধৰণে নিয়ন্ত্ৰণ কৰিব পাৰে।
হিচাপ সমীকৰণে (accounting equation) সম্পত্তি, দেনা (লায়েবিলিটিজ) আৰু অংশীদাৰৰ (বা গৰাকী) প্ৰাপ্যৰ (owner's equity) সংযোগ স্থাপন কৰে:
সম্পত্তি = দেনা + অংশীদাৰসকলৰ (গৰাকীৰ) প্ৰাপ্য সম্পত্তি = দেনা + মূলধন দেনা = সম্পত্তি + মূলধন মূলধন = সম্পত্তি - দেনা
অৰ্থাৎ এটা প্ৰতিষ্ঠানৰ মুঠ সম্পত্তিৰ মূল্য মুঠ দেনা আৰু অংশীদাৰসকলৰ প্ৰাপ্যৰ যোগফলৰ সমান।
জেনেৰেলী এক্চেপ্টেড একাউণ্টিং প্ৰিন্সিপলছ চমুকৈ GAAP-ৰ নীতি অনুসৰি কোম্পানী এটাৰ উদৃত্ত মিলন পত্ৰখনত (বেলেঞ্চ শ্বিট) সম্পত্তিসমূহ কেইটামানত ভাগত ভগাই দেখুওৱা হয় আৰু ইয়াৰ নিয়মসমূহ দেশভেদে ভিন্ন হয়।[8]
অস্থাৱৰ সম্পত্তি[সম্পাদনা কৰক]
ধন বা মুদ্ৰা আৰু ব্যৱসায়টোৰ স্বাভাৱিক গতিত অসুবিধাৰ সৃষ্টি নকৰাকৈ এবছৰ নাইবা কাৰ্যচক্ৰৰ (operating cycle) ভিতৰত মুদ্ৰালৈ ৰূপান্তৰ হ'বলগা বা শেষ হৈ যাবলগা সম্পত্তিবোৰেই অস্থাৱৰ সম্পত্তি(current assets)। এনে সম্পত্তিৰ পাঁচটা প্ৰধান উপাদান আছে। এইকেইটা হৈছে:
মুদ্ৰা আৰু মুদ্ৰা সমকক্ষ - এয়া হৈছে আটাইতকৈ নমনীয় সম্পত্তি যাৰ ভিতৰত মুদ্ৰা, জমা একাউণ্ট আৰু হস্তান্তৰযোগ্য সঁজুলি (nigotiable instruments) (চেক, বিলছ অফ এক্সচেঞ্জ, অংগীকাৰ পত্ৰ, বেঙ্ক ড্ৰাফ্ট আদি)।
হ্ৰস্বকালীন বিনিয়োগ - অদূৰ ভৱিষ্যতে তাৎক্ষণিক মূল্য পাৰ্থক্যৰ সময়ত বিক্ৰী কৰি লাভ কৰিবৰ বাবে ক্ৰয় কৰি ধাৰণ কৰি ৰখা ছিকিউৰিটিসমূহ ইয়াৰ ভিতৰত পৰে।
পাওনা - আহৰণ কৰিব নোৱাৰা পাওনাদাৰসকলৰ বিপৰীতে ইয়াক বাট্টা হিচাপে দেখুওৱা হয়।
মজুত সম্ভাৰ - মজুত সম্ভাৰ বা ইনভেণ্টৰি তিনি প্ৰকাৰৰ হ'ব পাৰে: কেঁচামাল, উৎপাদনৰ কাম কিছু অংশ হোৱা পণ্যদ্ৰৱ্য আৰু উৎপাদিত পণ্যদ্ৰৱ্য।
অগ্ৰিম আদায়কৃত খৰচ - নিৰ্দিষ্ট সামগ্ৰী বা সেৱা গ্ৰহণ কৰাৰ আগতেই ইয়াৰ বিপৰীতে প্ৰদান কৰা ধন।
দীৰ্ঘকালীন বিনিয়োগ[সম্পাদনা কৰক]
দীৰ্ঘকালীন বিনিয়োগসমূহক চমুকৈ বিনিয়োগ বুলি কোৱা হয়। এনে বিনিয়োগসমূহ দীঘলীয়া সময়ৰ কাৰণে কৰা হয়। বিনিয়োগসমূহ সাধাৰণতে তিনি প্ৰকাৰৰ হয়:
বণ্ড, ষ্টক বা দীৰ্ঘকালীন পত্ৰত (হুণ্ডী আদি) বিনিয়োগ।
কৰ্মক্ষেত্ৰত প্ৰয়োগ হোৱা স্থাৱৰ সম্পত্তি যেন বিক্ৰী কৰিবৰ বাবে ধাৰণ কৰি থকা ভূমি আদিত বিনিয়োগ।
বিশেষ পুঁজি যেনে ছিংকিং ফাণ্ড (ব্যৱসায় প্ৰতিষ্ঠান এটাই ভৱিষ্যতে কোনো বিশেষ কামৰ বাবে জমা কৰা পুঁজি) বা পেঞ্চন পুঁজিত বিনিয়োগ।
বিভিন্নধৰণৰ বীমাকো বিনিয়োগ হিচাপে ধৰিব পাৰি।
স্থাৱৰ সম্পত্তি[সম্পাদনা কৰক]
স্থাৱৰ সম্পত্তিবোৰ ব্যৱসায়টোত দীৰ্ঘকালৰ ব্যৱহাৰৰ বাবে ক্ৰয় কৰা হয়। মুক্ত ভূমি (মাটি), গৃহ-ভৱন, আচবাব-পত্ৰ, যন্ত্ৰ-পাতি, কাৰিকৰী সা-সঁজুলি আৰু কিছু ক্ষয়িষ্ণু সম্পদ যেনে কাঠনি, খনিজ আদি স্থাৱৰ সম্পত্তি।
অস্পৰ্শণীয় সম্পত্তি[সম্পাদনা কৰক]
অস্পৰ্শণীয় সম্পত্তিৰ কোনো বাহ্যিক অস্তিত্ব বা অৱয়ব নাথাকে। পেটেণ্ট, কপিৰাইট, সুনাম, ট্ৰেডমাৰ্ক, ট্ৰেডনেম আদি এনে সম্পত্তি। আমেৰিকান জেনেৰেলি এক্চেপ্টেড একাউণ্টিঙ প্ৰিন্সিপলছৰ (GAAP) মতে সুনাম অৰ্থাৎ গুডৱিলৰ বাদে এই সম্পত্তিসমূহ ৫ৰপৰা ৪০ বছৰৰ ভিতৰত খৰচলৈ স্থানান্তৰ কৰি আঁতৰাই পেলাব লাগে।
ৱেবছাইটসমূহ ভিন্ন দেশত স্পৰ্শণীয় আৰু অস্পৰ্শণীয় দুই ধৰণে ভাগ কৰা হয়।
স্পৰ্শণীয় সম্পত্তি[সম্পাদনা কৰক]
বাহ্যিক অৱয়বযুক্ত সম্পত্তিসমূহেই স্পৰ্শণীয় সম্পত্তি, যেনে মুদ্ৰা, গৃহ-ভৱন, মাটি-বাৰী, যান-বাহন, মজুত পণ্যদ্ৰৱ্য সম্ভাৰ, সা-সঁজুলি আৰু মূল্যৱান ধাতু আদি।
অস্থাৱৰ, নমনীয় আৰু অতি নমনীয় সম্পত্তিৰ তুলনা[সম্পাদনা কৰক]
অস্থাৱৰ সম্পত্তি
নমনীয় সম্পত্তি
অতি নমনীয় সম্পত্তি
মজুত সম্ভাৰ
অগ্ৰিম আদায়কৃত খৰচ
দেনাদাৰ দেনাদাৰ
প্ৰাপ্য বিল প্ৰাপ্য বিল
মজুত ধন মজুত ধন মজুত ধন
বেঙ্কত জমা ধন বেঙ্কত জমা ধন বেঙ্কত জমা ধন
পাবলৈ থকা আৰ্জন পাবলৈ থকা আৰ্জন পাবলৈ থকা আৰ্জন
ধাৰে দিয়া আৰু অগ্ৰিম ধন (হ্ৰস্বকালীন) ধাৰে দিয়া আৰু অগ্ৰিম ধন (হ্ৰস্বকালীন) ধাৰে দিয়া আৰু অগ্ৰিম ধন (হ্ৰস্বকালীন)
বাণিজ্যিক বিনিয়োগ (হ্ৰস্বকালীন) বাণিজ্যিক বিনিয়োগ (হ্ৰস্বকালীন) বাণিজ্যিক বিনিয়োগ (হ্ৰস্বকালীন)
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
↑ 1.0 1.1 Sullivan, Arthur; Steven M. Sheffrin (2003). Economics: Principles in action. প্ৰকাশক Upper Saddle River, New Jersey 07458: Pearson Prentice Hall. পৃষ্ঠা. 272. ISBN 0-13-063085-3.
↑ J. G. Siegel, N. Dauber & J. K. Shim, "The Vest Pocket CPA", Wiley, 2005
↑ J. Downes, J.E. Goodman, "Dictionary of Finance & Investment Terms", Baron's Financial Guides, 2003
↑ 4.0 4.1 J. Downes, J.E. Goodman, "Dictionary of Finance & Investment Terms", Baron's Financial Guides, 2003; and J. G. Siegel, N. Dauber & J. K. Shim, "The Vest Pocket CPA", Wiley, 2005.
↑ "Definition of 'Asset'". Investopedia.com. http://www.investopedia.com/terms/a/asset.asp#axzz2M4yIBc1p। আহৰণ কৰা হৈছে: 27 February 2013.
↑ আন্তঃৰাষ্ট্ৰীয় হিচাপকৰণ মান মণ্ডলী
↑ IASB.org "IASB". IASB. http://www.iasb.org/NR/rdonlyres/1C268B9D-C477-4C0F-BA86-7C540ACA5E56/0/Dec050512ob02a.pdf IASB.org। আহৰণ কৰা হৈছে: 27 February 2013.
↑ Intermediate Accounting--Kieso, et. al
"https://as.wikipedia.org/w/index.php?title=সম্পত্তি&oldid=246803"ৰ পৰা অনা হৈছে