text
stringlengths
0
188k
English
Urdu
Hindi
Odia
Bengali
Tamil
Marathi
Kannada
Assamese
Read the story in pictures
Share
Print this story
South 24 Parganas , West Bengal
See more from this region
“মই সংগ্ৰহ কৰা বস্তুবিলাক আহি ভাগ ভাগ কৰিলো। তেওঁলোকে (পেলনীয়া সামগ্ৰীৰ ব্যৱসায়ীয়ে) এই বস্তুবিলাক ল’ব, ওজন কৰিব, মোক পইছা দিব,” লগত থকা বেগটোৰ পৰা কাগজ কেইখনমান উলিয়াবলৈ খৰখেদা কৰা কালু দাসে কয়। “সময় মতে যদি গাড়ী পাওঁ, তেন্তে ইয়াৰ পিছত দুঘণ্টাত গৈ মই ঘৰ পাম।”
কেইবামাহৰ পিছত দ্বিতীয় সপ্তাহান্তত ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত দক্ষিণ ২৪ পাৰগনা জিলাৰ প্ৰায় ২৮ কিলোমিটাৰ দূৰৰ তেওঁৰ গাওঁ হাছানপুৰৰ পৰা ৬০ বছৰীয়া কালু দাস কলকাতালৈ আহিছে। কান্ধত এখন গামোছা লৈ অটোৰিক্সা আৰু বাছেৰে তেওঁ ঘৰৰ পৰা কলকাতালৈ আহিছে।
দক্ষিণ-পূৱ কলকাতাৰ বিভিন্ন এলেকাৰ মানুহৰ ঘৰৰ পৰা ভঙা-ছিঙা সামগ্ৰী যোৱা ২৫ বছৰ ধৰি কালু দাসে সংগ্ৰহ কৰি আহিছে। তেওঁ কাবাড়িৱালা হোৱাৰ আগতে চলচ্চিত্ৰ বিতৰক কোম্পানী এটাত কাম কৰিছিল। “নেপচুন পিক্সাৰ প্ৰাইভেট লিমিটেডৰ কাৰণে মই ফিল্মৰ ৰীল কঢ়িয়াইছিলো,” তেওঁ কয়। “মুম্বাই, দিল্লী, মাদ্ৰাছৰ পৰা অৰ্ডাৰ (৩৫ মিলিমিটাৰ ৰীলৰ কাৰণে) আহে। ডাঙৰ বাকছত অহা ৰীলবিাক মই হাওৰালৈ লৈ যাওঁ, সেই বিলাকৰ ওজন কৰাও, আৰু বিতৰণৰ বাবে অনুমতি লওঁ।”
কোম্পানীটো বন্ধ হৈ যোৱাৰ পিছত দাস কৰ্মহীন হৈ পৰিল। সেই সময়ত তেওঁ দক্ষিণ কলকাতাৰ বোসপুকুৰ এলেকাৰ এটা ভাড়াঘৰত আছিল। প্ৰতিবেশী এজনে তেওঁক পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰ ব্যৱসায়ৰ লগত চিনাকী কৰাই দিয়ে। “মই যেতিয়া কামটো হেৰুৱালো, তেওঁ মোক তেওঁৰ ব্যৱসায়ত যোগ দিবলৈ ক’লে। তেওঁ ক’লে, ‘মই তোমাক প্ৰতিদিনে ২৫ টকাকৈ দিম। তুমি পূৱা ৮ বজাত ওলাব লাগিব আৰু দুপৰীয়া ঘৰলৈ যাব পাৰিবা। তুমি ভঙা-ছিঙা বস্তু কঢ়িয়াব লাগিব আৰু মোৰ লগত ঘূৰিব লাগিব। আমি মাজে মাজে একেলগে চাহ খাম।’ মই সন্মত হ’লো। মই তেওঁৰ পৰা শিকিলো। শিক্ষকে ছাত্ৰক শিকোৱাৰ দৰে, তেওঁ মোৰ গুৰু আছিল।”
PHOTO • Puja Bhattacharjee
PHOTO • Puja Bhattacharjee
দুই দশকৰো আগতে দাসে তেওঁৰ গুৰুক পৰ্যবেক্ষণ কৰিছিল আৰু পুৰণি কাগজ , কাগজ , প্লাষ্টিক , গ্লাছৰ বটৰ , লোহা আৰু আন সামগ্ৰীৰ মূল্য কেনেকৈ হিচাপ কৰিব লাগে , সেয়া শিকিছিল
দাসে তেওঁৰ গুৰুক পৰ্যবেক্ষণ কৰি পুৰণি কাগজ, প্লাষ্টিক, গ্লাছৰ বটল, লোহা আৰু আন সামগ্ৰীৰ মূল্য কেনেকৈ নিৰ্ধাৰণ কৰিব লাগে, সেয়া শিকিছিল। “১৫০ গ্ৰাম, ২০০ গ্ৰাম, ২৫০ গ্ৰাম আৰু ৫০০ গ্ৰাম হ’বলৈ কিমান লাগিব? সামগ্ৰীবোৰৰ মাজত পাৰ্থক্য বিচাৰ কৰিবলৈও মই শিকিছিলো।” সেই সময়ত বজাৰ ভাল আছিল। দুই দশকৰ আগতে আৰম্ভ কৰা ব্যৱসায়ৰ কথা দাসে মনত পেলায়।
বাংলাদেশৰ পৰা ১৯৭১ চনত দাস ভাৰতলৈ আহিছিল। বাংলাদেশত তেওঁৰ পৰিয়ালে খেতি কৰিছিল। কিন্তু সেই সময়ৰ হিংসাত্মক পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ ভাৰতলৈ পলাই আহিছিল। “সংঘাত আৰু সংঘৰ্ষৰ বাবেই মই বাংলাদেশ এৰিলো,” তেওঁ কয়। সেই সময়ত উত্তৰ পাৰগনাৰ কাঞ্চাৰাপাৰা নগৰত তেওঁৰ ভাতৃ নৰেন্দ্ৰ (ঢুকাইছে, ৰিক্সা চলাইছিল) আছিল। কালু দাস আহি প্ৰথমতে মিস্ত্ৰীৰ যোগালি হিচাপে কাম কৰিছিল। সময় পাৰ হোৱাৰ পিছত তেওঁ সকলো অনুমোদন আৰু নথিপত্ৰ লাভ কৰিলে। তেওঁ কয় যে ভাৰত চৰকাৰে তেওঁৰ ভোটাৰ পৰিচয় কাৰ্ড, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডকে ধৰি নাগৰিকত্বৰ সকলো দিছে।
তলাবন্ধৰ আগতে, পেলনীয়া আৰু পুনৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰী সংগ্ৰহ কৰিবলৈ সপ্তাহত চাৰিবাৰকৈ সোণাৰপুৰ তালুকৰ হাছানপুৰ গাঁৱৰ পৰা দাস কলকাতালৈ আহে। দিনে চাৰি-পাঁচ ঘণ্টাকৈ তেওঁ বিল্ডিং আৰু বস্তি কলনীত ঘূৰিবলৈ যায়। এনেদৰে মাহত প্ৰায় ৩০০০ টকা উপাৰ্জন কৰিছিল।
মাৰ্চত যেতিয়া তলাবন্ধ আৰম্ভ হয় আৰু বাছ আৰু লোকেল ট্ৰেইনৰ চলাচল বন্ধ হৈ পৰিল, দাসৰো কাম বন্ধ হৈ পৰিল। “মই (কোনোমতে) কলকাতালৈ আহিবলৈ চেষ্টা কৰিলো,” তেওঁ কয়। “কিন্তু মানুহে মোক সতৰ্ক কৰিলে আৰু ময়ো টিভিত দেখিলো যে পুলিচে মানুহক খেদি ফুৰিছে আৰু তলাবন্ধ উলংঘা কৰাসকলক মাৰধৰ কৰিছে।” তাৰোপৰি তেওঁৰ এলেকাত ক’ভিড-১৯ৰ কেইবাজনো সংক্ৰমিত লোক ওলাল। সেয়ে চিন্তা কৰিলে, “মই মোৰ সিদ্ধান্ত সলনি কৰিলো, ঠিক কৰিলো যে ভোকত মৰিলেও ঘৰৰ পৰা নোলাও।”
PHOTO • Puja Bhattacharjee
PHOTO • Puja Bhattacharjee
গাঁৱৰ পৰা অহা আৰু যোৱাৰ মুঠ ভাড়া , পেলনীয়া সামগ্ৰীৰ ব্যৱসায়ীৰ ওচৰলৈ বস্তু লৈ যোৱাৰ চাইকেল ৰিক্সাৰ ভাড়া মিলাই প্ৰায় ১৫০ টকা হয় আৰু লাভ একো নাথাকে - মাত্ৰ দুই - চাৰি টকা হাতত থাকেগৈ
তেওঁ পত্নী মীৰাই দক্ষিণ কলকাতাৰ যাদৱপুৰ অঞ্চলত সম্পূৰ্ণ দিন ঘৰুৱা কাম কৰিছিল। গাওঁ এৰাৰ আগতে ১৮, ১৬ আৰু ১২ বছৰীয়া তিনিওটা নাতিনীক ককাকৰ লগত থাকিবলৈ কৈছিল। “তেওঁ সিহঁতক কৈছিল, তোমালোকৰ ককা বুঢ়া মানুহ। তেওঁ অকলে থাকে।” দাসে কয়। পত্নীৰ উপাৰ্জনৰ ৭০০০ টকাৰ বেংকৰ একাউণ্টত অলপ জমা আছিল। তলাবন্ধৰ সময়ত সেই টকাৰেই চলিছে।
“মোৰ পত্নীয়ে তলাবন্ধৰ সময়তো কাম কৰিবলগা হৈছিল। অন্যথা ঘৰ ভাড়া আৰু আন যাৱতীয় খৰছ আমি ক’ৰ পৰা পাম?” তেওঁ কয়। মীৰাই মাহে দুই তিনি দিনৰ বাবে গাঁৱলৈ আহে। “তেওঁ নাতি-নাতিনীকেইটাক দেখা নাই। বেছি দিন নেদেখিলে মীৰাই কান্দে। ঘৰলৈ আহিলে সিহঁতক নিজে ৰান্ধি খুৱায়,” দাসে কয়। ডাঙৰ নাতি ল’ৰাটোৱে ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰে। কিন্তু তলাবন্ধৰ পৰা কোনেও কাম কৰিবলৈ বিচৰা নাই। একেবাৰে সৰুটোৱে স্কুলত পঢ়ি আছে। মাজু নাতি ল’ৰাটো নিবনুৱা।
কিন্তু অতি সোনকালে মীৰাৰ কাম নোহোৱা হ’ব। “মালিকে আৰু মীৰাক নাৰাখে,” দাসে কয়। “মীৰা সোনকালেই ঘৰলৈ উভতি আহিব। সিহঁতে (মীৰাক কাম দিয়াসকলে) দৰমহা দিব নোৱৰা হৈ পৰিছে।”
আগস্তৰ শেষ সপ্তাহত দাসে তেওঁৰ পেলনীয়া সামগ্ৰীৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিছে। কিন্তু ব্যৱসায় মন্দা। “ক’ৰনাৰ সময়ত মানুহে বহু (পুনৰ ব্যৱহাৰৰ উপযোগী) বস্তু ঘৰত নাৰাখে, পেলাই দিয়ে।” পেলনীয়া মিক্সাৰ-গ্ৰাইণ্ডাৰ এটা বান্ধি তেওঁ কয়।
PHOTO • Puja Bhattacharjee
PHOTO • Puja Bhattacharjee
আগস্তৰ শেষ সপ্তাহত দাসে তেওঁৰ পেলনীয়া সামগ্ৰীৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিছে । কিন্তু ব্যৱসায় মন্দা । “ ক ’ ৰনাৰ সময়ত মানুহে বহু ( পুনৰ ব্যৱহাৰৰ উপযোগী ) বস্তু ঘৰত নাৰাখে ”
দাসে মানুহৰ ঘৰৰ পৰা পুৰণি কাগজ, বাতৰি কাগজকে ধৰি আন কাগজ প্ৰতি কিলোত ৮ টকাকৈ ক্ৰয় কৰে আৰু ৯-৯.৫০ টকাত বিক্ৰী কৰে (পেলনীয়া সামগ্ৰীৰ ব্যৱসায়ীৰ ওচৰত)। এটোপোলা বটল তেওঁ ২-৪ টকাত বিক্ৰী কৰে। “ভঙা-ছিঙা সামগ্ৰীৰ ব্যৱসায়ীৰ ওচৰলৈ বস্তুবিলাক লৈ যাবলৈ মই ৰিক্সা ভাড়া কৰিব লাগে। মোৰ নিচিনা ব্যৱসায় কৰা কিছুমান মানুহৰ নিজা গাড়ী আছে। সিহঁতে বটল বেছি দামত ক্ৰয় কৰিব পাৰে।”
বাঁহৰ ঢৰীয়া কাঠীৰ ডাঙৰ খদা এটাত তেওঁ সংগ্ৰহ কৰা বস্তুবোৰ ভৰায়। তেওঁ মূৰত কমেও ২০ কিলো ওজন ল’ব পাৰে। তাৰ পিছত চাইকেল ৰিক্সা এখন ভাড়া কৰি পেলনীয়া সামগ্ৰীৰ ব্যৱসায়ীৰ ওচৰলৈ যায়। দোকানখন ৰথটালাত আছে। গাঁৱৰ পৰা অহা-যোৱা কৰাৰ ভাড়া আৰু ৰিক্সাৰ ভাড়াকে ধৰি প্ৰায় ১৫০ টকা তেওঁৰ দৈনিক খৰছ হয় আৰু লাভ প্ৰায় নোহোৱা হৈছে। “হাতত ২-৪ টকা থাকে।” সপ্তাহত চাৰিদিনমান তেওঁ কলকাতালৈ আহি পেলনীয়া সামগ্ৰী গোটাই অহা-যোৱাৰ খৰছ বাদ দিয়াৰ পিছতো তেওঁৰ উপাৰ্জন কেনেকৈ ভাল হৈছিল আৰু দিনে ৮০ৰ পৰা ২০০ টকা পৰ্যন্ত পাইছিল, সেই কথাৰ তেওঁ ইংগিত দি গাঁৱলীয়া সুৰত কথাখিনি কয়।
“মই এই কাম আৰম্ভ কৰাৰ সময়ত আমাৰ ঘৰত কোনেও উপাৰ্জন কৰা নাছিল। এই কাম কৰিয়েই খাব পাৰিছিলো। কলকাতাত বৰ্তি থকা (বোসপুকুৰ) ইমান সহজ নহয়। মোৰ তিনিটা ল’ৰা-ছোৱালী আছে - দুটা ল’ৰা আৰু এজনী ছোৱালী। সিহঁত স্কুললৈ গৈছিল। তাৰ পিছত মই ছোৱালীজনীক বিয়া দিলো।” কালু দাসে কয় যে তেওঁৰ ডাঙৰ ল’ৰা তাৰকৰ ঢুকোৱাৰ বহুদিন হ’ল। তেওঁ জীয়ৰী পূৰ্ণিমাৰ বয়স প্ৰায় ৩০ বছৰ আৰু কনিষ্ঠ পুত্ৰ নাৰুৰ বয়স প্ৰায় ২৭ বছৰ। দুয়োটাই কাৰোবাক সহায় কৰে - সিহঁতৰ কাম সম্পৰ্কে কয়।
দাসে কয় যে আন কাম বিচাৰিবলৈ তেওঁ সুবিধা নাপালে। “আৰু কি কৰিম? এই বয়সতে এতিয়া মোক কোনে কাম দিব?”
সপ্তাহৰ খোলা দিনত সাধাৰণতে আজিকালি তেওঁ ঘৰতে থাকে বা নাৰুৰ ওচৰলৈ যায়। তাৰ ঘৰ ওচৰতে। “মই ক’ৰনাৰ কথা নাভাবো। কোনোবাই যদি কাম কৰি থাকে, তেওঁ ব্যস্ত হৈ থাকিব। কাম কৰিবলৈ যোৱাৰ সলনি যদি ঘৰত বহি থাকে, তেন্তে বেমাৰৰ ভয়ে দেহত বাহ ল’ব। আপুনি সাহ কৰিবই লাগিব,” পাতল বগাৰঙী কাপোৰৰ মাস্কখন ঠিক কৰি দাসে কয়।
অনুবাদ - পংকজ দাস
Puja Bhattacharjee
Share
Puja Bhattacharjee is a freelance journalist based in Kolkata. She reports on politics, public policy, health, science, art and culture.
Other stories by Puja Bhattacharjee
Translator : Pankaj Das
Share
Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.<eot>গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অহা ২৫ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ১১ সংখ্যক ৰাষ্ট্ৰীয় ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপ ২০১৮ অনুষ্ঠিত হ’ব।
বুধবাৰে অনুষ্ঠিত এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে অসম টেবুল টেনিজ সন্থাৰ সম্পাদক ত্ৰিদিব দুৱৰাই।
তদুপৰি উক্ত সংবাদমেলতে টেবুল টেনিজ সন্থাৰ ফালৰ পৰা লগতে কোৱা হ. যে ২৮ খন ৰাজ্য আৰু ১৩ খন প্ৰতিষ্ঠানৰ প্ৰায় ৮০০ পেডলাৰে অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগিতাখনত ৭,৪৬,৬০০ টকাৰ প্ৰাইজমানি থাকিব।
ইয়াৰ উপৰি প্ৰতিযোগিতাখন চলি থকাৰ মাজতে ২৯ ছেপ্টেম্বৰত গুৱাহাটীত টেবুল টেনিছ ফেডাৰেশ্যন অব ইণ্ডিয়াৰ কাৰ্যনিৰ্বাহক সভা আৰু বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
Recent News
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>মোদীৰ চৰকাৰে যিমানেই হিতাধিকাৰী সৃষ্টি কৰাৰ দাবী নকৰক কিয়, দেশত মুঠেও হ্ৰাস, পোৱা নাই দৰিদ্ৰ লোকৰ সংখ্যা। এই কথা পুনৰবাৰ প্ৰমাণ হৈছে বিশ্ব বেংকৰ এক প্ৰতিবেদনৰ পৰা।
বিশ্ব বেংকে শেহতীয়াকৈ প্ৰকাশ প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ চনত মুঠ ৫.৬ কোটি ভাৰতীয়ই দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ কৱলত পৰিছে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি নামৰ সংস্থাটোৱে দেশৰ বিভিন্ন ঠাইক সামৰি চলোৱা সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। বিশ্ব বেংকৰ ‘প’ভাৰ্টি এণ্ড শ্বেয়াৰ্ড প্ৰছপেৰিটি ২০২২’ শীৰ্ষক প্ৰতিবেদনত ২০২০ বৰ্ষত ভাৰতত দৰিদ্ৰ লোকৰ সংখ্যা বৃদ্ধি পোৱা বুলি কোৱা হৈছে।
শেহতীয়াকৈ আইএমএফৰ প্ৰতিবেদনতো ২.৩ কোটি ভাৰতীয় দৰিদ্ৰতাৰ গ্ৰাসত পৰা বুলি কোৱা হৈছে।
বিশ্ব বেংকৰ প্ৰতিবেদনত কেকোভিডৰ বাবেই ২০২০ চনত বিশ্বৰ দৰিদ্ৰতা ৯.৩ শতাংশ বৃদ্ধি পাইছে বুলি কোৱা হৈছে।
২০১৯ চনতবিশ্বত দৰিদ্ৰ লোকৰ হাৰ আছিল ৮.৪ শতাংশ। ভাৰতত দৰিদ্ৰতা নিৰ্মূলৰ বাবে চৰকাৰে যিবোৰ আঁচনিৰ কথা কৈ আহিছে তেনে আঁচনিসমূহ প্ৰকৃতাৰ্থত সুফলদায়ক হৈ উঠা নাই বুলি বহুতে আলোচনা কৰিছে।
Recent News
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নিশা প্ৰায় তিনি বাজোঁ বাজোঁ, চাৰি নম্বৰ হোষ্টেলৰ ভিতৰচ’ৰা অস্বাভাবিক ভাবে নিমাওমাও। বতাহে বজোৱা সুঁহুৰিৰ বাদে অন্য শব্দ শুনিবলৈ নাই। শীতৰ প্ৰকোপত হোষ্টেলৰ আশে-পাশে থকা হাবিৰ ফৰিঙকেইটাও আজি নিশ্চুপ। জালুকবাৰীৰৰ ফালে শীতৰ মাত্ৰা গুৱাহাটীৰ অন্য অঞ্চলতকৈ এনেও অলপ বেছি। তাতে আজিৰ দৰে মৃদু বতাহ বলি থাকিলেতো ক’বই নালাগে। দুই-তিনিখন কম্বল গাত লৈ টোপনিৰ কোলাত পৰি চিন্তামুক্ত হোৱাৰহে কথা। পিছে এনে অনুপ্ৰাণিত পৰিস্থিতিটো উদিত্যই ল’ব পৰা নাই টোপনিৰ আমেজ। এবাৰ দুৱাৰখনৰ ফালে মুখ দি চাইছে, এবাৰ পকীবেৰৰ ফালে, এবাৰ ওপৰলৈ মুখ কৰিছে এবাৰ তললৈ, কিন্তু কামত অহা নাই। যিমানে টেবুলত থকা ঘড়ীটোৰ কাঁটাকেইডাল ঘূৰিবলৈ ধৰিছে সিমানে নতুন নতুন চিন্তাই তাৰ মনত অশান্তিৰ শিপা ৰুব ধৰিছে – কাইলৈ কি হ’ব? টোপনি ক্ষতি হৈচোন আৰু অসুবিধা হ’ব মনোযোগ দিয়াত? কাইলৈও বিফল হ’লে বৰ বেয়া লাজ পাম কিন্তু। দুটামানেতো কৌতুক কৰা আৰম্ভ কৰিছেই মোৰ বিফলতাৰ ওপৰত। তাতে গধূলি হৈ যোৱা মিটিংখনত সৌৰভদাৰ কথাৰ পৰা বুজিব পাৰিছোঁ যে কাইলৈয়ে মোৰ শেষ সুযোগ। কাইলৈ কিবা এটা কৰিব নোৱাৰিলে দুনাই হয়টো কোনোদিনে আৰু সুযোগ নাপাম। হোষ্টেলৰ বাকী চিনিয়ৰবোৰটো মোক বাদ দিয়াৰ পক্ষতে আছিল, একমাত্ৰ সৌৰভদাৰ বাবেই এটা সুযোগ পাইছোঁ। কাইলৈ বিফল হ’লে সৌৰভদাৰ আগতো বৰ লাজ পাম’।–ইত্যাদি চিন্তাই উদিত্যৰ মন অশান্ত কৰি ৰাখিল বহু পৰ।
যোৱা চাৰি বছৰধৰি হোষ্টেলৰ চাৰিৰ ক্ৰিকেট দলৰ অপেনাৰৰ ৰূপত খেলি অহা বিশ্বজিত শ্যাম পাছ কৰি ওলাই যোৱাৰ পাছত হোষ্টেলৰ বাসিন্দাসকল এক প্ৰকাৰৰ সমস্যাতে পৰিছিল। বিশ্বজিতৰ কথাই বেলেগ আছিল, আউত নহওঁ বুলি ভাবিলে তেওঁক আউট কৰিব পৰা বলাৰ মহাবিদ্যালয়ত নাছিল। যোৱাবাৰ হোষ্টেলক চেম্পিয়ন কৰাত তিনিটা শতৰাণেৰে তেওঁৰ অবদান আছিল বিশেষ। দলৰ আনজন অপেনাৰ প্ৰাঞ্জলৰ সৈতেও বিশ্বজিতৰ সমন্বয় আছিল অতি ভাল। সেয়ে সকলোৱে ভাবিছিল তেওঁৰ বিকল্প সহজে পোৱা নাযাব’ বুলি। পিছে বিকল্প ওলাল, মহাবিদ্যালয় সপ্তাহ আৰম্ভ হোৱাৰ এক মাহে পূৰ্বে নতুন অপেনাৰ বিচাৰি আৰম্ভ হোৱা অনুশীলনত দ্বিতীয় ষান্মাসিকৰ উদিত্যই সকলোকে প্ৰভাবিত কৰিলে। তাৰ ৰক্ষণ-কৌশল দেখি প্ৰায় সকলোৱে এটাই কথা ভাবিছিল- পৰবৰ্তী চাৰি বছৰলৈ অপেনাৰ এজন পাই গৈছে হোষ্টেলে। দ্বিতীয় ষান্মাসিকৰ একমাত্ৰ ল’ৰা হিচাপে দলত সুযোগ পাই উদিত্যৰো বুকু ফুলি উঠিছিল, একে ৰাতিৰ ভিতৰতে হোষ্টেলৰ নিজৰ ষান্মাসিকৰ ল’ৰাবোৰৰ মাজত সি হৈ পৰিছিল নায়ক।
পিছে নায়কত্ব বেছি দিন নচলিল, লীগৰ প্ৰথম খেলৰ প্ৰথম বলতে উদিত্যৰ মিড’ল ষ্টাম্প তিনি লুটি খাই বাগৰি পৰিল। তীব্ৰ বেগত অহা ৰঙা বলটো কেতিয়া পেড আৰু বেটৰ মাজেৰে সৰকি গ’ল সি তৎ ধৰিবই নোৱাৰিলে। “একো নাই, একো নাই,” “বলটো ভাল আছিল”- ইত্যাদি বাক্যৰে দলৰ সকলোৱে তাক অনুপ্ৰেৰণা দিলে উভতি যোৱাৰ পাছত। পিছৰখন খেলত সি সাবধানেৰে আৰম্ভ কৰিলে ইংনিছ, পিছে তিনিটা বল খেলি চতুৰ্থ বলটোৰ ফালে বেট আগবঢ়াওতেই বলে বেটৰ কাষত চুমা খাই সোমালগৈ প্ৰথম শ্লীপৰ কোলাত। পাঁচ চেকেণ্ডমান ক্ৰীজতে স্থিৰ হৈ থাকি সি উভতি আহিল নিৰাশ মনেৰে। দলৰ বাকীসকল বহি থকা স্থানৰ কাষতে থকা ব্লেকবৰ্ডত প্ৰথম ষান্মাসিকৰ এজনে নতুনকৈ চকেৰে স্ক’ৰ লিখিলে, ০/১।তৃতীয় খেলত অধিনায়ক সৌৰভৰ নিৰ্দেশত উদিত্যৰ বিপৰীতে প্ৰাঞ্জল সন্মুখীন হ’ল প্ৰথম বলৰ। পিছে এই পৰিবৰ্ত্তনৰ ফলতো ভাগ্যৰ উদয় নহ’ল উদিত্যৰ, ব্যক্তিগত পাঁচ ৰাণ হওঁতেই এটা বলে খুন্দিয়ালেহি ষ্টাম্পৰ ঠিক সন্মুখত থকা তাৰ বাঁওভৰিৰ পেডত। বলাৰজনে চিঞৰি উঠিল, আম্পায়াৰে দাঙিলে আঙুলি, স্কৰ-১৩/১। চতুৰ্থ খেলৰ পূৰ্বে যি হ’লে হওঁক ভাবি মাৰমুখী বেটিং কৰিব যাওঁতে বেটখনেই উফৰি পৰিল ষ্টাম্পৰ ওপৰত। হিট ৱিকেট, স্কৰ-১১/১।
“অ’, ই তাৰমানে কেনেকৈ কেনেকৈ আউত হ’ব পাৰি অভিজ্ঞতা লৈ আছে” “পিছৰখনত ৰাণ-আউট হ’ব চাই থাকিবি, সেইটোৱেই বাকী আছে”-ইত্যাদি বাক্যৰে আদৰণি জনোৱা হ’ল উভতি আহি বেটখন দলিয়াই দিয়া উদিত্যক।
চাৰিটামান বজাত টোপনি যোৱা উদিত্যৰ কোঠাৰ দুৱাৰত পুৱা সাতমান বজাত টোকৰ পৰিল। “অই উদিত্য, উঠ, সৌৰভ দাই মাতিছে তোক”। উদিত্যই ততাতৈয়াকৈ মুখ-হাত ধুই সৌৰভৰ কোঠাত উপস্থিত হ’লগৈ। “সৌৰভ দা, মাতিছিলে বোলে?”-দুৱাৰদলিৰ পৰা সি সুধিলে। “অ শুন, আমি যে কৈ থাকোঁ শ্যাম দাৰ কথা, তেওঁ ফোন কৰিছিল। শনিবাৰে অফিচ বন্ধ থাকে বাবে খেল চাব আহিব বুলি কৈছে। গতিকে আজিও যদি বেয়া খেল বৰ বেয়া গালি দিব শ্যাম দাই। মোৰ সলনি কি ল’ৰা দলত সুমুৱালি বুলি, বুজিলি? গতিকে যিমান মনোযোগ দিব পাৰ সিমান মনোযোগেৰে বল চাবি আজি আৰু তোক মই আগতেও কৈছোঁ যে তোৰ কাম মাত্ৰ বলটো পুৰণা হোৱালৈকে ক্ৰীজত থকা। গতিকে লাষ্ট খেলৰ দৰে মূৰ্খামি কৰিলে মোৰ পৰাও গালি খাবি কিন্তু কৈ দিছোঁ।এতিয়া যা, ব্ৰেকফাষ্ট কৰি সাজু হ সোনকালে।”
ন বজাৰ লগে লগে সকলো আহি খেলপথাৰত উপস্থিত হ’লহি। কুঁৱলিৰ চাদৰে বেলিৰ পোহৰ পৰিব দিয়া নাই অঞ্চলটোত। খেলপথাৰৰ বনবোৰত লাগি থকা নিয়ৰৰ টোপালবোৰ জিলিকি উঠিছিল। মধ্যক্ৰমৰ বেটছমেনৰ দৃঢ়তা আৰু বলাৰৰ সুন্দৰ প্ৰদৰ্শনৰ ফলত ছেমি-ফাইনেলত উপনীত হোৱা চাৰি নম্বৰ হোষ্টেলৰ বাবে বাকীচোৱা পথ আছিল অতি জটিলতাৰে ভৰা। ছেমি-ফাইনেলৰ প্ৰতিপক্ষ এক নম্বৰ হোষ্টেলৰ বেগী বলাৰকেইজন মহাবিদ্যালয় বিখ্যাত। এতিয়ালৈকে হৈ যোৱা খেলবোৰৰ ভিতৰত সৰ্বাধিক উইকেট দখলকাৰীৰ শাৰীৰ প্ৰথম পাঁচজন বলাৰৰ ভিতৰত তিনিজনেই হোষ্টেল একৰ, তাৰে এজনে অসমকো প্ৰতিনিধিত্ব কৰিছে কোনো এক প্ৰতিযোগিতাত। কি যে হ’ব আজি!-বুলি ভাবি বেটখন বতাহতে ঘূৰাই থকা উদিত্যৰ দিশত সৌৰভ আৰু আন এজন যুবক আগবাঢ়ি আহিল। সেইজনেই আছিল বিশ্বজিত শ্যাম, হোষ্টেলৰ পুৰণা ফটোত উদিত্যই দেখিছে তেওঁক।
: উদিত্য, এইজনেই শ্যাম দা।– সৌৰভে চিনাকী কৰাই দিলে। উদিত্যিই কৰমৰ্দন কৰিবলৈ হাতখন আগবঢ়ালে।
: কি হে ভাইটি, ফৰ্ম বৰ বেয়া চলিছে বুলি শুনিলোঁ।–বিশ্বজিতে ক’লে।
: হয় দাদা। অবস্থা বৰ বেয়া।
: আগতে খেলি পাইছনে নাই চিলাই বল?
: খেলিছোঁ, স্কুলৰ হৈ অপেনিংও কৰিছিলোঁ। এতিয়া পিছে বহুত দিন খেলা নাই কাৰণেই চাগে ভাল প্ৰদৰ্শন কৰিব পৰা নাই। কিবা অলপ টিপচ দিয়ক দাদা, আপোনাৰ বেটিঙৰ বিষয়ে বহুত শুনিছোঁ।
: এহ: ইমানো ভাল খেলুৱৈ নহয় অ’ মই; যে কিবা টিপচত তোৰ ফৰ্ম ঘূৰি আহিব। পিছে মই মোৰ পদ্ধতিটোকে কৈ দিব পাৰোঁ তোক, বাকী খেলপথাৰত কিমান সফল হয় সেইটো তোৰ ওপৰত।
: কওকচোন।
: চাওঁ, বেটখন দে মোক। (উদিত্যই হাতত লৈ থকা বেটখন আগবঢ়াই দিলে।) শুন এতিয়া, প্ৰধান কথাটো হ’ল যে আমাৰ কলেজৰ পিটছবোৰত বল বৰ বেছি বাউন্স নকৰে যদিহে বলাৰজন বৰ ওখ-পাখ নহয়। গতিকে যিমান পাৰ ফ্ৰণ্টফুটত খেলাৰ চেষ্টা কৰিবি(বেটখন আৰু বাঁওভৰিটো আগুৱাই নি তেওঁ ক’লে)। মোৰটো প্ৰত্যেক বলতে বাঁওভৰিটো আগবঢ়াই নিয়াৰ এক প্ৰবনতাই আছিল। তয়ো চেষ্টা কৰিবি, যদি বলটো বহুত আগত মানে শ্বৰ্টপিটছত পৰা যেন দেখ লগালগ বেকফুটত আহি যাবি আৰু সময়ত আহিব নোৱাৰিলেও বেটখন ঢিলাকৈ ধৰি বলতো ৰখাই দিবি, তেতিয়া বেটত লাগি ওপৰলৈ উঠি যোৱাৰ সম্ভাবনা নাথাকে আৰু বেগীবলাৰবোৰৰ বল যিমানে আগত খেলিবি সিমানে চুইঙৰ পৰা বাচিবি, বুজিলি?
: বুজিছোঁ। মই আকৌ বিপৰীতটো কৰোঁ, বেকফুটত খেলি বেছি ভাল পাওঁ। সেয়ে বল বেছি বাউন্স নকৰিলে অসুবিধা পাওঁ। আমাৰ হোষ্টেলৰ পকা পিটছখনত সেয়ে ভালেই খেলোঁ, ইয়াতহে বিপদত পৰোঁহি। আজি পিছে আপুনি কোৱাৰ দৰেই কৰিম।
খেলপথাৰৰ সোঁমাজত ইতিমধ্যে টছ সম্পন্ন হৈছে, হোষ্টেল একে প্ৰথমে বলিং কৰিব।
: ভালকে খেলিবি, হোষ্টেলৰ ইজ্জতৰ কথা আছে আৰু জিকিলে পাৰ্টি মই দি আছোঁ ৰাতিলৈ।– বিশ্বজিতে উদিত্যৰ লগতে দলৰ বাকীসকলোকে উদ্দেশ্যি ক’লে।
কুঁৱলিয়ে সেমেকাই ৰখা পৰিবেশৰ মাজতে খেল আৰম্ভ হ’ল আৰু প্ৰথম বাৰৰ বাবে এই প্ৰতিযোগিতাত কিবা এটা বেলেগ হ’ল। উদিত্যৰ সলনি এইবাৰ প্ৰাঞ্জল প্ৰথমে আউট হ’ল। প্ৰথম অভাৰৰ তৃতীয় বলটোৱে বতাহতে দিশ সলাই উফৰাই নিলে তাৰ লেগ ষ্টাম্প, স্কৰ-০/১। ফৰ্মত থকা সৌৰভ সোমাই আহিল পৰবৰ্তী বেটছমেন হিচাবে। “সাংঘাটিক চুইং হৈ আছে বল”-উদিত্যই তাক ক’লে। সংযমেৰে সৌৰভে ইংনিছ আৰম্ভ কৰিলে কিন্তু অভাৰৰটোৰ শেষ বলটোত পুনৰ এক অঘটন ঘটিল, সৌৰভৰ ভৰিৰ মাজেৰে সৰকি পুনৰ বলে উফৰাই নিলে ষ্টাম্প, স্কৰ-০/২। একে অভাৰতে দুজনকৈ ফৰ্মত থকা বেটছমেন হেৰুৱাই হোষ্টেল চাৰিৰ শিবিৰ প্ৰায় নিস্তব্ধ হৈ পৰিল। “শেষ”, “ৰ ৰ অসীম থকালৈকে আশা আছে”। ষষ্ঠ ষান্মাসিকৰ অসীম হ’ল বৰ্ত্তমানলৈকে প্ৰতিযোগিতাৰ সৰ্বাধিক ৰাণ কৰোঁতা বেটছমেন। এতিয়ালৈকে প্ৰতিযোগিতাত মাত্ৰ এবাৰ আউট হোৱা অসীমৰ ওপৰতে দলৰ সকলো আশা নিৰ্ভৰশীল।
দ্বিতীয় অভাৰৰ প্ৰথম বলটো খেলিবলৈ সাজু হোৱা উদিত্যই অলপ সকাহ পাইছিল মনত উইকেট দুটা যোৱাৰ ববে, আজিও বেয়া খেলিলে অন্তত সি অকলশৰীয়া নহয়। এইবুলি ভাবি প্ৰথম বলটোৰ দিশত বেটখন আগবঢ়াওঁতে বলে অলপৰ বাবে বেটত চুমা নোখোৱাকে পাৰ হৈ গ’ল উইকেটকীপাৰৰ হাতলৈ। বুকু চিৰিং কৈ মাৰিলে তাৰ, কি কৰিছে সি এইবোৰ। আজি ভাল খেলিবয়ে লাগিব, হেৰুৱা সন্মান ঘূৰাই আনিবলৈ আজিতকৈ ভাল পৰিস্থিতি নাপায়-সি মনতে ভাবিলে আৰু বিশ্বজিতৰ উপদেশটোলৈ মনত পেলালে। দ্বিতীয় বল লৈ বলাৰ আগবাঢ়ি থকাৰ সময়তেই সি মনত থিৰাং কৰিলে কি কৰিব।সোঁভৰিটো অলপ পিছলৈ নি সি বাঁওভৰিটো আগলৈ মেলি দিলে বলটোৰ দিশত, দৃষ্টি স্থিৰ বলৰ সৈতে। বলে আহি লম্বভাবে খুন্দিয়ালেহি বেটৰ সোঁমাজত। কিবা হেৰুৱা বস্তু ঘূৰাই পোৱা যেন লাগিল তাৰ। পিছৰ বলটোৰ বাবেও সি একেদৰেই তৈয়াৰ হ’ল, ভৰি আৰু বেট আগবঢ়াই বতাহতে দিশ সলোৱা বলটোক সি স্পৰ্শ নকৰাকৈ যাব’ দিলে উইকেটৰক্ষকৰ হাতলৈ।অভাৰটোত কোনো ৰাণ নহ’ল যদিও উদিত্যৰ আত্মবিশ্বাস বঢ়োৱাত বহুত সহায় কৰিলে। আজি আউট নহওঁ বুলি মনতে থিৰাং কৰি ল’লে সি। লাহে লাহে ইংনিছ আগবাঢ়িল, আঠ অভাৰ পৰ্যন্ত আৰু কোনো বেটছমেন আউট হোৱা নাছিল যদিও হোষ্টেল একৰ শংকাবোৰ আঁতৰ হোৱা নাছিল। কাৰণটো আছিল দলৰ অতি কম ৰাণ-ৰেট, আঠ অভাৰত স্কৰ অছিল ১২/২। অসীমে খেলি আছিল তেৰটা বলত আঠ ৰাণ কৰি আৰু উদিত্যই খেলি আছিল ঊনত্ৰিশটা বলত তিনি ৰাণ কৰি। “উদিত্য ষ্ট্ৰাইক ৰ’টেট কৰি যাবি” “ৰাণ লাগে, ৰাণ লাগে” বাহিৰৰ পৰা মাত আহিল। বাৰ অভাৰৰ পাছতে থোৱা পানীখোৱা বিৰতিৰ সময়তো প্ৰথম ষান্মসিকৰ এজনে একে সংবাদকে লৈ আহিল। “অসীম দা, অলপ মাৰি খেলিব কৈছে সৌৰভ দাই আৰু উদিত্য, তোক যিমান পাৰি ষ্ট্ৰাইক অসীম দাক দিব কৈছে”।
কুঁৱলীৰ চাদৰ আঁতৰি বেলিৰ পোহৰে প্ৰথমবাৰলৈ স্পৰ্শ কৰিলেহি খেলপথাৰৰ মাটি। লাহে লাহে আঁতৰিছিল নিয়ৰৰ জিলিকনি, লগতে আঁতৰিছিল নতুন বলৰ ওপৰত থকা চমকো। দহ অভাৰলৈকে সাবধানেৰে খেলি অসীমে আক্ৰামণাত্মক হোৱাৰ সিদ্ধান্ত ল’লে মনতে। অফ ষ্টাম্পৰ বাহিৰেদি অহা এঘাৰ অভাৰৰ দ্বিতীয় বলটোৰ ওপৰত এক প্ৰচণ্ড প্ৰহাৰ পৰিল। স্কোৱাৰ পইণ্টৰ ওপৰেদি বল পাৰ হৈ গ’ল সীমাৰেখাৰ বাহিৰলৈ। অতপৰে নিস্তব্ধ হৈ থকা হোষ্টেল চাৰিৰ শিবিৰ উত্তেজিত হৈ পৰিল। “বঢ়িয়া” “আৰু লাগে” “আহি গৈছে”। অভাৰৰ শেষ বলত পুনৰ এবাৰ ঘূৰিল অসীমৰ বেট, বলাৰৰ সোঁফালেদি বল পাৰ হৈ গ’ল সীমাৰেখাৰ বাহিৰলৈ। উত্তেজনা দুগুণে বাঢ়িল। অভাৰটোৰ শেষত অসীম উদিত্যৰ কাষলৈ আহিল, “এক ৰাণ এটা লৈ মোক দে।”
উদিত্যই সকলো দিশে চালে, কভাৰ আৰু ফাইন লেগত খেলুৱৈ নাই। সি সাজু হ’ল, দ্ৰুত গতিত বলাৰজন আগবাঢ়ি আহিল। বলাৰৰ হাতৰ পৰা ওলাই মাটি স্পৰ্শ নকৰাকৈ বল আহি থাকিল উদিত্যৰ দিশত। ভৰি আগবঢ়াই বলৰ দিশ সলালে বেটেৰে, বল কভাৰৰ দিশত আগবাঢ়ি গ’ল আৰু লং অফৰ খেলুৱৈজনে আয়ত্ব কৰাৰ আগতে দুয়ো বেটছমেনে স্থান সলালে নিজৰ। উদিত্যৰ অলপ খং উঠিল দুৰ্বল বলটোত মাত্ৰ এক ৰাণ লোৱাৰ বাবে। সি বেটখন অলপ খঙত মাটিত মৰা দেখি অসীমে, “একো নাই একো নাই, এনেকৈয়ে খেল”-বুলি কৈ আকৌ সাজু হ’ল।
বিশ অভাৰলৈকে অসীমে উদিত্যৰ সহযোগত সুন্দৰ ভাবে আগবঢ়াই লৈ গ’ল ইংনিছ। ১২/২-ৰ পৰা বিশ অভাৰত স্কৰ হ’লগৈ ৯৫/২। ইয়াৰ মাজতে পোন্ধৰতম অভাৰৰ চতুৰ্থ বলটোত এক ৰাণ লৈ অসীমে নিজৰ অৰ্ধশতকো সম্পন্ন কৰে। “অন্তিম দহ অভাৰত কমেও আশী ৰাণ লাগিব’ আৰু তইও অলপ হাত খোল।”-বিশ অভাৰৰ শেষত অসীমে উদিত্যক ক’লে।
অতপৰে দৈৰ্য্য ধৰি থকা উদিত্য সাজু হ’ল পৰবৰ্তী বলৰ বাবে। প্ৰথম অভাৰতে দুটা উইকেট লোৱা বলাৰজন দৌৰি আহিল, উদিত্যই ভৰি আগবঢ়াই বলটো আগত পৰা দেখি লগালগ পিছুৱাই আহিল। তাৰ বুকুৰ দিশত উঠি অহা বলটো সি ফাইনলেগৰ দিশত পঠিয়াই দিলে বেটৰ সহায়ত। তীব্ৰ বেগত আগবাঢ়ি যোৱা বলটো ৰখোৱাত ব্যৰ্থ হ’ল দৌৰি যোৱা খেলুৱৈ দুজন। জপিয়াই উঠিল উদিত্যৰ লগৰখিনি।“বঢ়িয়া” “আহি গৈছে, আহি গৈছে।”এক সপ্তাহৰ মূৰত আজি ভালকৈ মৰা হাঁহি এটা দেখা পোৱা গ’ল উদিত্যৰ চেহেৰাত। পিছে কাম এতিয়াও বহুত বাকী আছিল, নিজকে পুনৰ সংযমিত কৰিলে আৰু পিছৰ বলটোত এক ৰাণ লৈ স্থান সলালে উদিত্যই। অসীমেও থিৰাং কৰিয়ে লৈছিলে এতিয়াৰ পৰা সকলো বলতে আক্ৰামাত্মক হ’ব বুলি। অভাৰৰ শেষ দুটা বলতে আহিল চাৰি ৰাণকৈ, এটা বল গ’ল কভাৰৰ দিশত আৰু আনটো ফাইন-লেগত।
তীব্ৰ গতিত ৰাণৰ সংখ্যা বাঢ়ি গ’ল, সমান্তৰাল ভাবে বাঢ়িল হোষ্টেল একৰ শিবিৰৰ উত্তেজনা। অসীমে পয়সত্তৰটা বলত আঠানব্বৈ ৰাণ কৰি থাকোঁতে উত্তেজনা চৰমসীমা উপনীত হ’লগৈ। পৰবৰ্ত্তী বলটো সাৱধানেৰে লংঅনৰ দিশত খেলি এক ৰাণ লৈ আনটো মূৰত উপস্থিত হওঁতেই বলে ষ্টাম্পত খুন্দিয়াই পুনৰ আঁতৰি গ’ল অফচাইডে থকা খালী স্থানৰ দিশত। দুয়ো পুনৰ দৌৰ মাৰিলে বিপৰীত দিশত, অসীমে বেটখন ওপৰলৈ দাঙি আনন্দত জপিয়াই উঠিল, জপিয়াই উঠিল বাহিৰতো বহুকেইজন। উদিত্যই সাবটি ধৰি অভিনন্দন জনালে অসীমক।
ইংনিছ সমাপ্তিৰ দিশত আগবাঢ়িছিল আৰু বাহিৰৰ পৰা বিপুল আবেদন আহিছিল চাৰি আৰু ছয়ৰ।বিচৰা মতেই হৈছিল কাম। কিন্তু বেছি সময় আঠাইশতম অভাৰৰ চতুৰ্থ বলত ছয় ৰাণ যোগ কৰাৰ চেষ্টাত বলটো উঠাই দিলে অসীমে লং-অফৰ দিশত। পিছে সীমাৰেখাৰ এক মিটাৰ মান আগতেই বলে গতি হেৰুৱাই মাটিলৈ নামি আহিল আৰু আশ্ৰয় ল’লে সেই স্থানত ৰৈ থকা খেলুৱৈজনৰ হাতত, স্কৰ-১৪৭-৩। ছয়াষীটা বলত এশ আঠ ৰাণ কৰি ইংনিছ সামৰিলে অসীমে, উদিত্যই খেলি আছিল চৌসত্তৰটা বলত তেত্ৰিছ ৰাণ কৰি। শেষ দুই অভাৰত ছয় চাৰি মৰাৰ দায়িত্ব পৰিল উদিত্যৰ কান্ধত, পৰবৰ্ত্তী বলত প্ৰচণ্ড জোৰেৰে বেট ঘূৰাবলৈ সি সাজু হ’ল। বলে বেটৰ ওপৰচোৱাত লাগি উৰি গ’ল উইকেটৰক্ষকৰ ওপৰেদি চাৰি ৰাণৰ বাবে।“আহিলেই হ’ল ৰাণ” “ঘূৰাই থাকা গদা”। ইংনিছৰ অন্তিম বলটোৰ বাবে উদিত্য সাজু হ’ল, প্ৰবল নিবেদন আহিল ছয় ৰাণৰ। সি ফ্ৰণ্টফুটত আহি উঠাই দিলে বল লং-অনৰ সীমাৰেখাৰ ওপৰেদি, সি বতাহতে ঘোঁচা এটা মাৰিলে আনন্দত। দলৰ মুঠ ৰাণ হ’লগৈ ১৬২-৩।
বলিঙৰ ভৰষাতে জিকি অহা হোষ্টেল একৰ বেটিং আছিল তুলনামূলক ভাবে দূৰ্বল, প্ৰথম কেইঅভাৰমান উইকেট নোযোৱাকৈ পাৰ হৈছিল যদিও ৰাণৰ গতি আছিল বহুত কম। পাছলৈ প্ৰয়োজনীয় ৰাণ-ৰেটৰ লগত ইংনিছৰ ৰাণ ৰেট মিলাবলৈ গৈ কেইবাটাও উইকেট হেৰুৱালে হোষ্টল একৰ দলে। মাজ বাটতে কঁকাল ভগাৰ পাছতো শেষলৈও মূৰ দঙাত ব্যৰ্থ হ’ল দল আৰু শেষ হাঁহি মাৰিলে হোষ্টেল চাৰিৰ দলে। সকলোৱে অসীমক অভিনন্দন দিলে আৰু শেষলৈকে আউট নোহোৱা উদিত্যৰো ভূয়সী প্ৰশংসা কৰিলে। ফাইনেল অহা দেওবাৰে প্ৰতিবেশী হোষ্টেল দুইৰ লগত; মাজত আৰু এক সপ্তাহ বাকী।
************
হোষ্টেল জীবনৰ প্ৰথম কেইটাদিন সহজ-সৰল স্বভাবৰ উদিত্যৰ বাবে অতি দুৰ্বিসহ আছিল। আগষ্টৰ গেলা গৰমত দিনে-ৰাতিয়ে পিন্ধিবলগীয়া হোৱা দীঘল হাতৰ চাৰ্ট আৰু ফৰ্মেল পেণ্টে দিছিল প্ৰথম যন্ত্ৰণা। তাৰ উপৰি আছিল চিনিয়ৰৰ অসহ্যকৰ অত্যাচাৰ। হোষ্টেলত প্ৰবেশ কৰাৰ দিনাই তাৰ হাতত পৰিছিল হোষ্টেলৰ বিভিন্ন তথ্য সংযুক্ত এখন দস্তাবেজ, এক সপ্তাহৰ ভিতৰত মুখস্থ কৰিব লাগিব সকলো নৱাগতই। তদুপৰি জানিব লাগিব সকলো চিনিয়ৰৰ নাম, কোঠাৰ সংখ্যা আৰু তেওঁ কোন ষান্মাসিকত পঢ়ে। কিন্তু এইখিনি জানিলেও অত্যাচাৰৰ পৰা বাচি যাব নোৱাৰি, “ক’ আমাৰ দত্ত চাৰৰ গাড়ীৰ নাম্বাৰ কিমান?” “কলেজলৈ উঠি যোৱা বাটত চিৰি কেইটা আছে?” উত্তৰ-“নাজানো দাদা” শুনিয়েই গৰজি আহে সোধাজন, “নাজান’? কি জান’ তেন্তে? কাইলৈ চাই আহিবি, নহ’লে…….”
গধুলি ছয় বজাৰ আগে আগে সকলো নৱাগত আহি হোষ্টেলত সোমোৱাৰ নিয়ম। সেই সময়ৰ পৰাই আৰম্ভ হোৱা অত্যাচাৰ অব্যাহত থাকে ৰাতি দুটা তিনিটালৈ। ইমান পলমকৈ শোৱাৰ পাছত পাছদিনা আকৌ পুৱাতে উঠিব লাগে হোষ্টেলৰ পৰা দীপৰ বিলৰ পাৰলৈকে দৌৰ লগাবলৈ। ইমান কষ্টৰ মাজত ৰাতি দুই তিনি ঘণ্টা শুই পাছদিনা শ্ৰেণীকোঠাত মনোযোগ দিব পৰাকৈ শক্তি আৰু নাথাকে। কেইটামানতো প্ৰথম বেঞ্চত বহিয়েই টোপনি যায়। চাৰিটা বজাত ক্লাচ শেষ হোৱাৰ পাছত ছয় বজাৰ আগতে ছাত্ৰাবাসত সোমাই কোনেও নিজে বিপদ মাতি নানে। পিছে বাহিৰত কোনো কাম নথকাকৈ ঘূৰি থাকি ধৰা পৰিলেও বিপদ আহে। উদিত্যই সেয়ে ক্লাচ শেষ হোৱাৰ পাছত শ্ৰেণীকোঠাতে এঘুমটি মাৰি লয় হোষ্টেললৈ যোৱাৰ পূৰ্বে। কেইবাদিনো তাক চকীদাৰে জগাইছেহি টোপনিৰ পৰা। তেনে দিনবোৰৰ মাজৰে এটা দিনৰ কথা………
আনদিনাৰ দৰে সিদিনাও বহী-কিতাপ বেগত ভৰাই বেগটো গাৰু কৰি ল’লে উদিত্যই। শূন্য কোঠাটোৰ প্ৰথমখন বেঞ্চত পৰি ৰৈছিল কোনোবাই এৰি যোৱা সেউজীয়া ৰঙৰ ছাটি এটা। ছাতিটো সি চিনি পাইছিল, কাৰণ ছাতিৰ গৰাকী নিতৌ ৰাতিপুৱা যেতিয়া শ্ৰেণীকোঠাত প্ৰবেশ কৰে তেতিয়া আনবোৰ ল’ৰাৰ লগতে তাৰো চকু স্থিৰ হৈ গতি কৰে ছাটিৰ গৰাকীৰ খোজৰ সৈতে। নামটো সি নাজানে, পিছে জানিবলৈ বহুত ইচ্ছা মনত। হোষ্টেলৰ জ্বালা-যন্ত্ৰণাবোৰ খাই অৱস্থাহীন হৈ নথকা হ’লে চাগে’ ভালদৰে চিনাকী হোৱাৰ চেষ্টা এটা চলালেহেঁতেন। পিছে বুটাম চিগি যোৱা মলিয়ান চাৰ্ট পিন্ধি আৰু তেনে সাহস নহয়। হোষ্টেলৰ কথা মনত পৰি একে কোবেই ঘূৰি আহিল তাৰ মন আকৰ্ষণৰ পৃথিবীৰ পৰা।
মাকলৈ সিদিনা বৰকৈ মনত পৰিছিল তাৰ। মনৰ পৰ্দাত ভাহি আহিছিল প্ৰথমবাৰৰ ববে ঘৰৰ বাহিৰত থাকিবলৈ পঠিওৱাৰ মুহূৰ্তই সেমেকাই তোলা মাকৰ গালখন। সেমেকিছিল তাৰো গাল, মাকৰ কোলাত শুই উচুপিবলৈ সেইদিনাৰ সমান পূৰ্বে কেতিয়াও ইচ্ছা যোৱা নাছিল। সি উচুপি থাকিল এখন কোমল হাতৰ স্পৰ্শ তাৰ পিঠিত নপৰালৈকে। মূৰ দাঙি সি দেখা পাইছিল সেউজীয়া ছাতিটো হাতত লৈ তাৰ নিচেই কাষত থিয় হৈ থকা ছাতিৰ গৰাকী।
: হোষ্টেলত খুব ৰেগিং কৰিছে নেকি?-চেহেৰাটোৰ দৰেই ধুনীয়া তাইৰ মাত।
: নাই, মনটো অলপ বেয়া লাগিছিল।– গালখন মোহাৰি মোহাৰি সি ক’লে।
: ইয়াতে কি সদায় শুই থাকা নেকি ক্লাচ শেষ হোৱাৰ পাছত?