text
stringlengths
0
188k
উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিহুভিত্তিক বিষয়ৰ অৱতাৰণা : কিছু প্ৰশ্ন
অতি সম্প্ৰতি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সিদ্ধান্ত লৈছে যে ২০২০ বৰ্ষৰপৰা কাৰ্যকৰী হোৱাকৈ “বিহু” সম্পৰ্কীয় এটি পাঠ্যবিষয় আৰম্ভ কৰা...
Page 1 of 3 1 2 3 Next
Recent News
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>হিমাচলত ‘পৰম্পৰাগত’ নিৰ্বাচনী যুঁজ: ক্ষমতা পুনৰুদ্ধাৰৰ লক্ষ্যৰে বিজেপিৰ বিপক্ষে তুমুল ভোট যুঁজত কংগ্ৰেছ
কাৰ হাতলৈ গুজৰাট! মচনদ দখলৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে বিজেপি, অসাৰ হোৱাৰ দিশে আপৰ চমক
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>হোষ্টেলৰ কাঞ্চন বাইদেউৰ ক্ৰমশঃ স্ফীত হৈ অহা পেটটো সকলোৰে চকুত পৰিবলৈ ধৰিলে৷ কোনোবাই কিবা সুধিলে বাইদেৱে টিউমাৰ হৈছে বুলি কৈ থৈ দিয়ে৷ ক্লাছলৈ গ’লে যিমান পাৰে চূৰ্ণীখনেৰে পেটটো ঢাকিবলৈ যত্ন কৰে৷ আমি সকলোৱে বাইদেউক ডাক্তৰৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিওঁ৷ বাইদেউৰ টিউমাৰ হৈছে বুলি মোৰো চিন্তা লাগি থাকে৷ “অপাৰেচন” বুলি ক’লেই মোৰ এনেই জীউ উৰে৷ কাঞ্চন বাইদেউৰ টিউমাৰটো যে এদিন অপাৰেচন কৰি বাহিৰ কৰিব লাগিব সেইকথা ভাবিলেই মনটো কিবাকিবি লাগি যায়৷
কাঞ্চন বাইদেৱে এদিন ৰূমমেটৰ আগত স্বীকাৰ কৰিলে – তাই প্ৰেগনেণ্ট বুলি! তাইৰ চহৰৰ প্ৰেমিক দেৱাশিসে এদিন তাইক লগ কৰিবলৈ আহিছিল৷ তাই ঘৰলৈ যাওঁ বুলি চুপাৰক কৈ দেৱাশিসৰ লগত হোটেলত দুটা ৰাতি কটাই আহিলে৷ এতিয়া সেই ভুলৰ পৰিণাম তাই ভুগিব লগা হৈছে৷ কথাবোৰ ঘৰতো গম নাপায়৷ দেৱাশিসৰো খবৰ নাই তেতিয়াৰ পৰা৷ তাই এতিয়া অসহায় হৈ পৰিছে৷ কাঞ্চন বাইদেউৰ এনে এক অসহায় অৱস্থা দেখি আমি সকলোৱে চুপাৰ চাৰৰ লগত কথা পাতিলোঁ৷ অৱশেষত কাঞ্চন বাইদেউক ঘৰত থৈ অহাৰ সিদ্ধান্ত লোৱা হ’ল৷ ৰূপালীম বাইদেৱে কাঞ্চন বাইদেউক ঘৰত থৈ আহিলে৷
০০০০০০০০০০০০
বৰগোহাঁই চাৰৰ এক্সট্ৰা হাই ভল্টেজ ক্লাছটো কৰি ভাল পাইছিলোঁ আমি! সিদিনা চাৰে আমাক লেবত এক্সট্ৰা হাই ভল্টেজ টেষ্ট এটা কৰাই দেখাইছিল৷ চাৰে কৈছিল – “তোমালোকক আজি বিজুলী সৃষ্টি কৰি দেখুৱাম”৷ আমি খুউব উৎসুকতাৰে লেব পাইছিলোঁগৈ৷ দেখিছিলোঁ এটা সৰু গ্ৰীল লগোৱা চেম্বাৰত দুটা ইলেক্ট্ৰডৰ লগত কেবল আদিৰ কানেকচন! চাৰে গোটেইবোৰ কানেকচন আদি কৰি বাহিৰলৈ গ’ল বাহিৰৰ পৰা অপাৰেট কৰিবৰ বাবে৷ বাহিৰলৈ যোৱাৰ আগতে চাৰে আমাক ক’লে – “মই ইয়াৰ পৰা ভল্টেজটো বঢ়াই গৈ থাকিম আৰু এটা সময়ত চেম্বাৰৰ ভিতৰত এয়াৰ ব্ৰেক হ’ব আৰু তাত কাৰেণ্ট প্ৰবাহিত হ’বলৈ আৰম্ভ কৰিব আৰু কৰনা ডিচচাৰ্জ হোৱা দেখা পাবা৷ কৰনা মানে হ’ল বিজুলী সৃষ্টি হোৱাৰ এটা প্ৰক্ৰিয়া৷ যেতিয়া এয়াৰ ব্ৰেক হ’ব তেতিয়া শব্দ এটা হ’ব৷” এইবুলি কোৱাৰ পাছত আমি চেম্বাৰটোলৈ চাই উৎকণ্ঠাৰে বাট চাই ৰলোঁ৷ চাৰে বাহিৰৰ পৰা ভল্টেজ বঢ়াবলৈ আৰম্ভ কৰিলে আৰু এনেকৈ ভল্টেজ বঢ়াই গৈ থাকোঁতে এটা সময়ত চেম্বাৰটোৰ ভিতৰত হঠাতে “কেৰ কেৰ কেৰ…” কৈ শব্দ এটা হ’ল৷ আমি গোটেই গালে ইমান ভয় খালোঁ যে ভিৰাই দৌৰ মাৰিলোঁ লেবৰ বাহিৰলৈ৷ চাৰে আমাক “চোৱা, চোৱা” বুলি চিঞৰি মাতিলে৷ আমি আকৌ হাঁহি হাঁহি উভতি আহিলোঁ, দেখিলোঁ – ইটো ইলেকট্ৰডৰ পৰা সিটো ইলেকট্ৰডলৈ কাৰেণ্ট প্ৰবাহিত হৈ বিজুলীৰ সৃষ্টি হৈছে মানে কৰনা ডিচচাৰ্জ হৈছে৷ চাৰে ক’লে—“যিটো শব্দ শুনা পালা সেই শব্দটোক গাজনি বুলি ধৰি ল’ব পাৰা আৰু কৰনা ডিচচাৰ্জেই হৈছে বিজুলী –এনেকৈ হাই ভল্টেজত বিজুলীৰ সৃষ্টি হয়৷”
চাহু চাৰৰ “পাৱাৰ ইলেকট্ৰনিক্স” ক্লাছটোৰ কথাও পাহৰিব নোৱাৰোঁ৷ ভাবি নাপাওঁ – চাৰ কিয় এনেকুৱা! ছাত্ৰ-ছাত্ৰীয়ে যিমানেই দুষ্টালি নকৰক চাৰে কেতিয়াও একো প্ৰতিক্ৰিয়া নেদেখুৱায়৷ চাৰে ক্লাছ টেষ্ট ল’লে সকলো ছাত্ৰ-ছাত্ৰীয়ে চাৰৰ সমুখতে কিতাপ মেলি উত্তৰ লিখে! চাৰে দেখিও উদাসীন হৈয়েই ৰয়৷ কেতিয়াবা সীমা চেৰাই গ’লে মাথোঁ কয়—“ষ্টেণ্ড আপ”৷ আমাৰ শ্ৰেণী কোঠাত দুখন দুৱাৰ আছিল, চাৰে বৰ্ডত লিখি থকাৰ সুবিধা লৈ ল’ৰাবোৰে পিছ দুৱাৰেদি পলাইছিল৷ ক্লাছ শেষ হোৱালৈকে ছাত্ৰ-ছাত্ৰী দুজনমানহে ৰৈছিল গৈ৷ চাৰে কিন্তু সকলো দেখিও একো নকৈছিল৷ চাৰৰ উদাসীনতাৰ কথা ভাবি আজিও আচৰিত হওঁ৷
পিছে বৰগোহাঁই চাৰক সকলোৱে বাঘ দেখাদি দেখিছিলোঁ৷ চাৰৰ ক্লাছত সকলো উপস্থিত আছিল বাধ্য ছাত্ৰ-ছাত্ৰীৰ দৰে৷ চাৰে সকলো ছাত্ৰ-ছাত্ৰীৰে নাম মনত ৰাখিছিল৷ কন্দলী চাৰলৈ মনত পৰে৷ চাৰে কম্পিউটাৰ প্ৰগেমিং পাইছিল৷ চাৰে বহু এক্সট্ৰা ক্লাছ লৈছিল আমাৰ! ক্লাছত মোৰ ইমানেই টোপনি ধৰিছিল যে চাৰে নোটছ লিখালে টোপনিতে আখৰবোৰৰ গতি নোহোৱা হৈছিল৷
০০০০০০
গতানুগতিক ভাৱে দিনবোৰ পাৰ হৈছিল৷ আমাৰ তৃতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা ওচৰ চাপি আহিছিল৷ ষ্টাডি লিভৰ বাবে ঘৰলৈ যাবলৈ সাজু হৈছিলোঁ৷ মনত পৰিছিল নিবিড়লৈ৷ তাৰ অভাৱ খুউব অনুভৱ কৰিছিলোঁ৷ সি থকা হ’লে এইবাৰ অভিযন্তা হৈ ওলালেহেঁতেন নিবিড়! তাৰ ধুনীয়া চকুযুৰি, তাৰ কথাবোৰ, তাৰ গানে প্ৰায়ে আমনি কৰে মোক! স্মৃতিৰ বেদনাৰে দগ্ধ হওঁ মই! চকুমুদি ফুচফুচাওঁ – “পৰমপিতা, মোক জ্ঞানৰ পোহৰ দিয়া, এই সন্তাপিত আত্মাটিক তোমাৰ অমৃতপৰশেৰে শান্ত কৰা! পৰমপিতা! মোৰ পৰমপিতা!”
এদিন নিবিড়ে বয়জ হোষ্টেলৰ ৰেগিঙৰ কথা কৈছিল! নতুনকৈ অহা ল’ৰাবোৰৰ গালত কিমান যে কাণতলীয়া চৰ নপৰিছিল! এবাৰ এটা ল’ৰাৰ এনেকৈ চৰ খাওঁতে কাণৰ পৰ্দা ফাটিছিল৷ অনিমেষ নামৰ দাদাজনে বোলে নিবিড়ক য’তে দেখে তাতে “নীলডাউন” হ’বলৈ দিছিল৷ পিছত অৱশ্যে সেই ল’ৰাটো তাৰ মৰমৰ দাদা হৈ পৰিছিল৷ বিছনাৰ তলত সোমাই সিহঁতক ম’হ মাৰিব লগাইছিল৷ সিহঁতক ৰেগিঙৰ নামত ৰাতি ৰাতি শিয়ালৰ দৰে “হোৱা” দিব লগাইছিল সিহঁতৰে চুপাৰ চাৰৰ কোৱাৰ্টাৰৰ পিছফালে থিয় হৈ৷ এবাৰ একৈশজন ল’ৰাক বিছনাৰ তলত একেলগে সোমাবলৈ দিছিল ঠেলি হেঁচি৷ কাৰোবাৰ হাত বা ভৰি ওলালেই এচাৰিৰে পিটিছিল৷ —নিবিড়ৰ কথাবোৰ শুনি আমোদ পাইছিলোঁ যদিও বেয়া লাগিছিল ল’ৰা হোষ্টেলৰ ৰেগিঙৰ নামত কৰা অত্যাচাৰ বোৰ শুনি৷
০০০০০০
সেইদিনা ঘৰলৈ যাবলৈ বুলি এ এছ টি চি বাছ ষ্টেণ্ডত বাছৰ চিটত বহিলোঁ৷ মোৰ লগত আছিল জবা৷ বাছখনে যেতিয়া ষ্টাৰ্ট দিবলৈ ল’লে হঠাতে জবাক ভালপোৱা নবিউল ওলালহি—হাতত তাৰ গিফ্টৰ পেকেট আৰু এটা ৰঙা গোলাপৰ বোকে৷ সি ঘামি জামি দৌৰি আহিছিল আৰু ফোঁপাই ফোঁপাই জবালৈ বুলি আগবঢ়াই দিলে তাৰ হাতৰ গিফ্টটো৷ তাক দেখি এনেকুৱা লাগিল গাড়ীখন গুচি যোৱা হ’লে সি যেন দুখত ভাগি পৰিলহেঁতেন!
নবিউলে হাত ডাঙি বিদায় দিলে আমাক! আজি নিবিড় থকা হ’লে সিও চাগৈ মোক এনেকৈয়ে বিদায় জনাব আহিলহেঁতেন—নীৰৱে বৈ অহা দুটোপাল অশ্ৰুকণা জবাই গম নোপোৱাকৈ হাতেৰে মোহাৰিছিলোঁ মই! জবাই গিফ্টৰ পেকেট খুলিছিল – পঙ্কজ উধাছৰ গজলৰ কেছেট!
-ফুলৰ বোকেটো ক’ৰবাত লুকুৱাব লাগিব! ঘৰত নবিউলৰ কথা গম নাপাই নহয় প্ৰাপ্তি! —জবাই কৈ উঠিল!
জবাৰ কথাত মোৰ হাঁহি উঠিল৷
-অ’ই প্ৰাপ্তি, নবিউলৰ লগত বিয়াৰ কথা ভাবিলেই মোৰ ভয় লাগে! আমাৰ যে ধৰ্মই নিমিলে! ভাল ৰাম-ৰাৱনৰ যুদ্ধ এখন হ’ব চাগৈ৷
-চিন্তা নকৰিবি৷ এতিয়া পঢ়া-শুনাত মন দে৷ সঁচা প্ৰেমৰ কেতিয়াও পৰাজয় নহয়৷
— মই জবাক ক’লো৷
আমাৰ বাছখনে গতি ল’লে৷ পাৰ হৈ যোৱা গছ-গছনি, নীলা আকাশলৈ চাই চাই নিবিড়ৰ কথাই ভাবি থাকিলোঁ৷ হৃদয়ত অনুভৱ কৰিলোঁ – প্ৰেমৰ গুঞ্জন-নিবিড়ৰ সান্নিধ্যৰ!
অৰুন্ধতীয়ে ডায়েৰিখন সামৰি থ’লে—“আৰু বেছি পৃষ্ঠা নাই”—ভাবিলে তাই৷ অনুৰাগৰ ফোন আহিল – অহা সপ্তাহত পাবহি অনুৰাগ৷
“এনেকৈ দূৰে দূৰে আৰু কিমানদিন সংসাৰ কৰিম? অসমলৈ যাবলৈ, অনুৰাগৰ লগত সদায় একেলগে থাকিবলৈ অসমতে কৰিব পৰা চাকৰি এটা বিচাৰিব লাগিব”—ভাবিলে অৰুন্ধতীয়ে৷ এইবাৰ অনুৰাগ আহিলে তাইৰ মনৰ কথাটো ক’ব অনুৰাগক৷
০০০০০০০০০
প্ৰাপ্তিৰ ডায়েৰিখন সোনকালে পঢ়ি শেষ কৰাৰ কথা ভাবিলে অৰুন্ধতীয়ে —–
ইঞ্জিনীয়াৰিঙৰ আমাৰ শেষৰটো বছৰ আৰম্ভ হ’ল৷ চকুৰ পচাৰতে কেনেকৈ যে দিনবোৰ পাৰ হৈ গ’ল ধৰিবই নোৱাৰিলোঁ৷ পূৰাদমে ক্লাছবোৰ চলি থাকিল৷ প্ৰজেক্টৰ কামো আৰম্ভ হ’ল৷ প্ৰজেক্টৰ কাম কলেজত দেৰিলৈকে কৰিবৰ বাবে হোষ্টেল চুপাৰৰ পৰা পাৰমিশ্যন লোৱা হ’ল৷ আমাৰ প্ৰজেক্টটো আছিল “মাইক্ৰপ্ৰচেছৰ বেছড টেম্পাৰেশ্যাৰ কণ্ট্ৰল চিছটেম ফৰ এপলিকেশ্যন ইন মেনুফেকশ্যাৰিং অফ টি”৷ চাৰে আমাক বুজাই দিছিল যে “টুকুলাই গৱেষণাগাৰৰ গৱেষকসকলৰ মতে চাহপাতখিনি যদি বিশেষ উত্তাপত গৰম কৰিব পাৰি তেতিয়া চাহৰ গুণগত মান বাঢ়ি যাব৷ ইয়াৰ ওপৰত ভিত্তি কৰি প্ৰজেক্টৰ কাম আৰম্ভ কৰিব পাৰা৷ চাহপাতখিনি যেতিয়া গৰম কৰিবা পাৰটিকুলাৰ এটা টেম্পেশ্যাৰত সেইখিনি মেইনটেইন কৰিব লাগিব, তাৰবাবে মাইক্ৰপ্ৰচেছৰ বেছড চিছটেম বনোৱা হ’ব, চেনছৰ থাকি ইত্যাদি ইত্যাদি৷” আমিও আমাৰ কাম আৰম্ভ কৰিছিলোঁ৷
এদিন আমি সকলো হলত চিনেমা চাবলৈ ওলালোঁ৷ সাধাৰণতে মই স্মৃতিগোপাল হলত চিনেমা চাই বৰ বেয়া পাওঁ কাৰণ তাৰ টিকেট চিষ্টেমটো ইমান যে বেয়া! জেণ্টচ লাইন, লেডিজ লাইন বুলি একো নাই, পুৰুষ-মহিলা উভয়ে একেলগে লাইন পাতিব লাগে৷ হলত “ডিল ত’ পাগল হে” চিনেমাখন চলি আছিল৷ আমি নিমাখিত কেইজনী লাইনৰ বাহিৰত থাকিলোঁ আৰু হৰ্তাকৰ্তা কেইগৰাকী টিকেট কাটিবৰ বাবে লাইন পাতিলে৷ লাহে লাহে ভীৰ বাঢ়ি গ’ল৷ মানুহৰ ভীৰে ঢৌৰ দৰে আমি বাহিৰত ৰৈ থকা কেইজনীকো চুলেহি৷ হঠাতে ভীৰৰ মাজত কোনোবাই মোৰ গাত চিকুট এটা মাৰিলে৷ চিকুট খাই ভয়তে মই যিমান পাৰোঁ ভীৰৰ পৰা উলাবলৈ চেষ্টা চলালোঁ৷ হঠাতে কোনোবা এটাই প্ৰিয়াৰ বুকুত হাত দিলে৷ ভীৰৰ মাজতে প্ৰিয়াই বুকুত হাত দিয়াজনৰ গালত জোৰকৈ চৰ সোধালে৷ অৱশেষত আমাৰ টিকট কৰা হৰ্তা-কৰ্তাকেইগৰাকী হাতত টিকট লৈ ৰঙা চিঙা পৰি লাইনৰ পৰা ওলাই আহিল৷ মই মনে মনে ভাবিলোঁ– “ইহঁতকেইজনীয়ে কি কি খুচ খালে ঠিকনা নাই আজি!” তাৰপিছত আৰম্ভ হ’ল আমাৰ হলৰ ভিতৰলৈ যাত্ৰা৷ বাহিৰৰ পোহৰৰ পৰা আহি হলৰ ভিতৰত সোমাই গোটেইখন এন্ধাৰ দেখিলোঁ৷ আমি গোটেই কেইজনীয়ে খেপিয়াই খেপিয়াই টিকটৰ মতে নিজৰ আসন ল’লোঁ৷ আসনত বহিহে গম পালোঁ মোৰ হাত-ঘড়ীটো নাই৷ ভীৰৰ মাজত ক’ত পৰি আহিল গমকে নাপালোঁ৷ প্ৰিয়াই মোক ফুচফুচাই ক’লে – “ঐ মোৰ চেণ্ডেল চিঙিল জান’”৷ বৰ কষ্ট-মষ্ট কিন্তু আনন্দেৰে আমি সেইদিনা চিনেমা উপভোগ কৰিলোঁ৷
আমি মাজে মাজে এনেকৈয়ে চিনেমা উপভোগ কৰিছিলোঁ৷ “লগান” চিনেমাখন চোৱা মনত পৰে৷ সেই যে ক্ৰিকেট খেল হৈছিল –বৃটিছ আৰু ভাৰতীয় সকলৰ মাজত! খেল চাই দৰ্শকসকল ইমান উত্তেজিত হৈছিল যে “দে মাৰ, দে মাৰ” ধ্বনিৰে গোটেই হলঘৰটো মুখৰিত হৈ পৰিছিল৷ আননালাগে আমাৰ প্ৰিয়াইও বাকী দৰ্শকসকলৰ লগত যোগ দিছিল৷
মাজে মাজে আমি বন্ধু-বান্ধৱসকলে শেষৰটো বছৰ বুলি বেলিআমিজ, উডলেণ্ডত পাৰ্টি কৰিছিলোঁ৷ এই পাৰ্টিবোৰ হ’লে মোৰ যে নিবিড়লৈ ইমান মনত পৰে! সি গোৱা গানবোৰলৈ মনত পৰে! এদিন সি এটা কবিতা গাই শুনাইছিল মোক লেইকৰ পাৰত বহি৷ সেইদিনা বতৰ ডাৱৰীয়া আছিল! আকাশলৈ চালে এনে লাগে–এইযেন এজাক বৰষুণ আহিব! নিবিড়ে গাইছিল –
“বৰষুণজাকে আনে সোঁৱৰণী এদিনৰ
সিদিনাৰ
যিদিনা মোৰ প্ৰথম দেখা তোমাৰ লগত
সেই কোঠাটিত
য’ত বতাহ আছিল কম্পমান
ধূপকাঠিৰ নিৰ্যাস আৰু
নতুনকৈ তিওৱা মাটিৰ গোন্ধৰ সুৰভিৰে
মোৰ মৰ্মপৰশি উথলি উঠিছিল
কিবা এক অনুভূতি
পৰাণ জগোৱা
মোৰ অনুভৱ আছিল সহজাত
সেই বৰষুণ জাকৰ দৰেই”
মই কৈছিলোঁ…
– ইমান কোমল মিঠা কবিতা, কাৰ কবিতা নিবিড়! তোমাৰ?
সি সশব্দে হাঁহি উঠিছিল আৰু কৈছিল—
– ধেৎ পাগলীজনী! মই আৰু কবিতা লিখোনে? কাৰ কবিতা নাজানো, এই কবিতাটো মোৰ ভাল লাগে৷
মই কৈছিলোঁ…
– কবিতাটোৱে যেন তোমাৰ আৰু মোৰ কথাই কৈছে, তেনে লাগিছে৷
সি লেইকৰ পানীত চকু থৈ কৈছিল—
– ওঁ কবিতাটোৱে তোমাৰ আৰু মোৰ কথাই কৈছে
মই সেইদিনা নিবিড়ৰ কান্ধত মূৰ থৈছিলোঁ, কিবা এক সুখানুভূতিৰে মন ভৰি গৈছিল!
এৰা, নিবিড়ৰ কথা ভাবিলেই স্মৃতিবোৰে সাৰ পাই উঠে, চকুৰ পাহি তিতি জুৰুলি হয়! শান্তিৰ সন্ধান বিচাৰি পিছমুহূৰ্ততে মই পৰমপিতাৰ বুকুত সোমাই পৰোঁ, যি মোক আশ্ৰয় দিয়ে, সুখ দিয়ে, মৰমেৰে চকুপানী মচি দিয়ে মোৰ!
টি ব্ৰেকত আমি বৰা কেণ্টিনত চাহ খোৱাৰ উপৰিও মা ধাবাত চাহ খাইছিলোঁ, আবেলি চিনাকি-জোনাকীত ৰুটি খাইছিলোঁ৷ দিনবোৰ চুটি হৈ আহি আছিল! আমি মাজে মাজে আবেগিক হৈছিলো আমাৰ মৰমৰ কলেজখন, হোষ্টেল, চৌপাশ, বন্ধু-বান্ধৱী, জুনিয়ৰ সকলক এৰি থৈ যোৱাৰ দুখত!
এদিন সেই মুহূৰ্তটো আহিল যিটো মুহূৰ্তৰ বাবে আমি মাজে মাজে দুখী হৈছিলোঁ৷ আমাৰ বাবে কলেজ বিদায় মিটিং পতা হৈছিল৷ ছাত্ৰীসকলে শাৰী, চাদৰ-মেখেলা আদি পিন্ধিছিল আৰু ছাত্ৰসকলে চ্যুট-টাই লগাইছিল–এনেকৈ নিজকে সজাই পৰাই কলেজ অডিটৰিয়ামত আমি বহিছিলোঁগৈ৷ একোটাকৈ স্মৃতিচিহ্নৰে আমাক সম্বৰ্ধনা জনোৱা হৈছিল৷ চাৰ-বাইদেউ সকলে আমাৰ ভৱিষ্যত জীৱনৰ বাবে উপদেশ-আৰ্শীবাদ আদি দি ভাষণ সামৰিছিল৷ তাৰপিছত গান-বাজনাৰে মুখৰিত হৈছিল বিদায় বেলাৰ সময়৷ এখনি গধূৰ অন্তৰ লৈ আমি পিছৰাতি নিজৰ নিজৰ হোষ্টেললৈ উভতিছিলোঁ৷
হোষ্টেলতো মৰমৰ ভণ্টিসকলে আমাৰ বিদায় মিটিঙৰ যো-জা কৰিছিল৷ মনলৈ ভাব আহিছিল–হোষ্টেললৈ অহা দিনটো সৌ সিদিনাৰ কথা যেন হে লাগে অথচ এতিয়া যাবৰে হ’ল৷ হোষ্টেল চুপাৰ চাৰে আমাৰ ভৱিষ্যত জীৱনৰ বাবে শুভকামনা দিছিল আৰু আৰ্শীবাদ কৰিছিল ভাল মানুহ হ’বলৈ৷
সকলোৰে অনুৰোধত নীহাৰিকাই গান গাবলৈ আগবাঢ়িছিলল, তাই গাইছিল–
“যোৱাৰ পৰত/সৰা শেৱালি বুটলি/কি হ’ব কোৱা/নাই যে সময়/
উভতি চোৱাৰ/এতিয়া বিদায় দিয়া…..
মই ভাবিছিলো–এৰা, এতিয়া যে যাবই লাগিব……জীৱন সমুদ্ৰত জঁপিয়াই পৰিব লাগিব, জনসমুদ্ৰত মিছিল হ’ব লাগিব, দুচকুত দুটোপাল চকুলো বিৰিঙি উঠিছিল মোৰ!
নীহাৰিকাই গানটো আৰু গাব নোৱাৰা হৈছিল৷ অলপ সময়ৰ বাবে এক বেদনামুখৰ পৰিৱেশে গ্ৰাস কৰিছিল কমন ৰূমটো! তাৰপিছত ভণ্টি নাৰ্জীৰ কৌতুক অভিনয়ে সকলোকে হহুঁৱাইছিল৷ ইয়াৰ পিছত মণিমালা উঠিছিল গান গাবলৈ, তাই গাইছিল—
“মুছাফিৰ হুঁ য়াৰ’ না ঘৰ হ্যে না ঠিকানা/মুজে ছলটে জানা হ্যে বছ ছলটে জানা”
মই এটা কবিতা আবৃতি কৰিছিলোঁ….
“তুমি মোক হাত বাউল দি মাতিবা
য’তে থাকোঁ তাৰপৰাই উভতিম
কথা দিলোঁ তোমাক
এদিন,
সোণসেৰীয়া এটি সপোন বুকুত লৈ
তোমাৰ কাষলৈ আহিছিলোঁ
তুমি আদৰিছিলা নীৰৱ ভাষাৰে৷
এনেকৈয়ে,
সময়ৰ লেছেৰি বুটলি বুটলি
আগবাঢ়িছিল সপোন৷
সপোনটো কেতিয়াবা
আঁউসী ৰাতিত হেৰাইছিল
আৰু কেতিয়াবা
স্নিগ্ধ জোনাকৰ কোমল বতাহত
জিৰণি লৈছিল
তোমাৰ কাষতে বৃত্তৰ দৰে ঘূৰি আছিল
জীৱনৰ প্ৰাত্যহিকতাবোৰ
কেতিয়াবা কঠিন সময়ৰ আঘাতত
অভিমানৰ ৰং সানি
তোমাৰ কাষলৈ
কাহানিও উভতি নহাৰ কথা কৈছিলোঁ৷
তুমি আদৰি লোৱা
বিষণ্ণ, নিৰ্জন অথচ সুন্দৰ আবেলিবোৰত
সদায় ব্যস্ত হৈ পৰিছিল
বৰা কেণ্টিন, মা ধাবা, পিচি অ’, গ্ৰীনলেণ্ড, চিনাকি
জোনাকী, হাজৰিকা ব্ৰাদাৰ্ছ
কেলিফৰ্ণিয়া, লেইকৰ পানী
কলেজ বাছ…
আজি,
তোমাক এৰি থৈ যোৱাৰ কথা ভাবি