text
stringlengths 0
188k
|
---|
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>কবি হিচাপে ৰঘুনাথ চৌধাৰী অসমীয়া ৰমন্যাস যুগৰ এজন আগশাৰীৰ কবি৷ ৰমন্যাসিক কবিসকলৰ প্ৰধান বৈশিষ্ট হ’ল এইটোৱেই যে তেওঁলোক কল্পনাপ্ৰিয় আৰু কল্পনাতে উটি ভাঁহি ফুৰে৷ সদায়ে দেখি থকা প্ৰকৃতি জগতখনত সদায়ে দেখি থকা প্ৰকৃতি জগতৰ মাত-কথাবোৰত ৰমন্যাসিক কবিসকলে কিবা এটা নতুনত্ব দেখা পায় কিবা এক তীব্ৰ অনুভূতিত অভিভূত হৈ পৰে৷ এই অনুভুতি যেতিয়াই তীব্ৰতৰ হৈ উঠে তেতিয়াই এই অনুভুতি প্ৰতিফলিত হয় কবিতাত৷ গতিকে ৰমন্যাসিক কবিতা হৈছে উদ্বিগ্নময় জীৱনৰ উদ্গীৰণ, তীব্ৰ অনুভুতিত কল্পনাৰ গভীৰ প্ৰকাশ৷ কল্পনাত অসংযতভাবে উঠা ভাব-তৰংগৰ কৰুণ উচ্ছাসেই হ’ল ৰমন্যাসিক কবিতা৷ প্ৰকৃতিৰ লীলা, মাধুৰ্য আৰু সৌন্দৰ্যই হৈছে ৰমন্যাসিক কবিসকলৰ সৃষ্টিৰ উৎস৷ |
ৰঘুনাথ চৌধাৰী আছিল প্ৰকৃতি সৌন্দৰ্য পিপাসু৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যত তেওঁ অকল বিমোহিত হোৱাই নহয় সেই সৌন্দৰ্যত কল্পনাবিভোৰ হৈ কল্পনাৰ ডেউকাৰে উৰি গৈছিল দূৰ অতীতলৈকো৷ কল্পনাৰ চক্ষুৰে যি দেখিছিল তাকেই বৰ্ণনা কৰিছিল কবিতাত৷ তাৰ ফলত তেওঁৰ কবিতা হৈ পৰিছিল চিত্ৰবৎ (Picturesque) প্ৰতীকধৰ্মী৷ |
“কিবা অপৰূপ প্ৰকৃতিৰ শোভা |
আহা কি সুখৰ দিন |
য’ত সমবেদী কৰে বেদপাঠ |
প্ৰেমানন্দে সৱে লীন৷৷” (আৱাহান) |
প্ৰকৃতিৰ এনে মনোমোহা সৌন্দৰ্যত সুদূৰ অতীতত ইন্দ্ৰিয়সংযমী মৃদু মলয়া বতাহে মৃত সঞ্জীবনী আনি মূমুৰ্ষুজনৰ মৰ্মস্থলত সানি দিছে৷ সদালাপি কুলিৰ মাতত বিলাসী যুৱতীৰ মনত চাঞ্চল্য প্ৰতিফলিত হৈছে৷ ম’ৰা-ৰাজহাঁহে সঙ্গিনীলৈ চাই আনন্দ প্ৰকাশ কৰিছে৷ এই কবিতাটিত কবিৰ বিশেষ বৈশিষ্ট পৰিলক্ষিত হয় তেওঁৰ ভাষা শব্দ-যোজনা আৰু ঝংকাৰত৷ সমালোচকসকলে কবিৰ এই কবিতাটিক এক নিপুণ কাৰুকাৰ্য বুলি অভিহিত কৰিছে৷ |
ৰঘুনাথ চৌধাৰীদেৱে অকল গছ-লতাৰ সৌন্দৰ্যৰ বৰ্ণনাৰে প্ৰকৃতিৰ বৰ্ণনা কৰা নাই৷ তেখেতে প্ৰকৃতিৰ সৌন্দৰ্যতা পূৰ্ণভাৱে অনুভৱ কৰিছে আৰু সেয়েহে প্ৰকৃতিৰ অন্তৰ্নিহিত সৌন্দৰ্য আৰু বসন্তকালৰ পূৰ্ণ মোহিনীৰূপ কবিৰ কল্পনাত এগৰাকী মূৰ্ত্তিমান গাভৰুৰূপে দেখা দিছে৷ বসন্ত কালৰ প্ৰকৃতি সৌন্দৰ্যত জড়-জগত আৰু জীৱ-জগতৰ যি পূৰ্ণ পয়োভৰৰ আনন্দ উৎসৱ দেখা পাইছে তাকে অসমীয়া সমাজৰ বিয়াৰ ৰীতি-নীতি আচাৰ পদ্ধতিৰে কল্পনাৰ “প্ৰকৃতি জীয়ৰী গাভৰু ছোৱালী ব’হাগী আইটি”ৰ বিয়াৰ বৰ্ণনা দাঙি ধৰিছে৷ প্ৰকৃতিবিষয়ক এনে ধৰণৰ কবিতা কোনো এজন ইংৰাজ ৰোমান্তিক কবিৰ কবিতাত পোৱা নাযায়৷ প্ৰকৃতিক এনেধৰণে জীৱন্তৰূপে বৰ্ণনা কৰাত ৰঘুনাথ চৌধাৰীদেৱক অদ্বিতীয় বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ আৱাহান, বৰ্ষা, বশিষ্ঠাশ্ৰম আদি কবিতাতো ৰঘুনাথ চৌধাৰীদেৱে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য বৰ্ণনা কৰিছে ৷ |
চৰাই-ফুল-জোন-জোনাকীপৰুৱা আদিও প্ৰকৃতি জগতৰেই৷ চৌধাৰীদেৱে এইবোৰো বাদ দিয়া নাই৷ আনকি গছৰ পাতকলৈও তেখেতে কবিতা লিখিছে আৰু এইবোৰতো তেওঁৰ নিপুনতা প্ৰকাশ পাইছে৷ ফুলৰ ভিতৰত গোলাপৰ কথা সুকীয়া৷ |
“কাৰ পৰশত ফুলিলি বান্ধৈ |
অ’ মোৰ সাদৰী ফুলাম পাহি |
শ্যামলী পাতৰ ওৰণী গুছাই |
কাৰ ফালে চাই মাৰিলি হাঁহি।।” (গোলাপ) |
গোলাপৰ ৰূপ-সৌন্দৰ্য্যই তেওঁক অকল দূৰ অতীতলৈ উটুৱাই নিয়াই নহয়; দেশ-দেশান্তৰলৈকো উটুৱাই নিছে৷ তথাপিও কবি ক্ষান্ত নাই হোৱা৷ কবিয়ে আকুলভাবে গোলাপক সুধিছে। |
“ফুলিবি নে মোৰ মানস কুঞ্জত |
অ’ মোৰ দৰদী ফুলাম পাহি; |
উঠিব নে বাজি প্ৰিয়া পাপিয়াৰ |
পুলক ভৰা মিলন বাঁহী?” |
ৰঘুনাথ চৌধাৰীদেৱৰ চৰাই অতি প্ৰিয় আছিল৷ চৰাইক লৈ লিখিছিল- |
“মৰতত যেন অমিয়াৰ সোত |
দিগন্ত বিয়পি বলে |
অস্ফুট সঙ্গীতে লগে লগে মোৰ |
প্ৰাণ মন আকৰ্ষিলে৷” |
ৰঘুনাথ চৌধাৰীদেৱৰ প্ৰকৃতি বিষয়ক কবিতাকেইটা পঢ়িলে তেওঁ যে প্ৰকৃতিৰ নীৰৱ সেৱক, প্ৰকৃতিৰ নীৰৱ পূজাৰী এই কথা স্পষ্টকৈ বুজা যায়৷ প্ৰকৃতিত তেওঁ বিচাৰি পাইছিল শান্তি-সৌন্দৰ্য আৰু শক্তিৰ উৎস৷ |
ৰমন্যাসিক কবিসকলৰ আন এটা বৈশিষ্ট হৈছে ৰহস্য চেতনা৷ ৰহস্য বোলোতে সাধাৰণতে গোপনীয় অৰ্থাৎ যিটোৰ তত্ব জনা বা বুজা নাযায় তাকে বুজায়৷ এনে ৰহস্য তিনি ধৰণৰ হ’ব পাৰে৷ ধৰ্ম ৰহস্য, অৰ্থ ৰহস্য আৰু কাম ৰহস্য৷ এই অৰ্থত ৰহস্য শব্দটো সংস্কৃত ৰহস শব্দৰ সমাৰ্থক৷ |
ৰমন্যাসিক কবিসকলে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ জৰিয়তে পাঠকক আনন্দ প্ৰদান কৰাৰ লগতে প্ৰকৃতিৰ কাৰ্যাৱলীৰ বৰ্ণনাৰ মাজেদি জীৱনৰ ৰহস্য উদ্ঘাটন কৰি পাঠকক আনন্দ প্ৰদান কৰে৷ উদাহৰণস্বৰূপে, গছৰ পাত কবিতাটোলৈ আঙুলিয়াব পাৰি৷ ফাগুনৰ পছোৱা বতাহত নঙঠা হৈ পৰা গছবোৰত বসন্ত কালৰ আগমনৰ লগে লগে কুঁহিপাত ওলাবলৈ আৰম্ভ কৰে আৰু সেই কুঁহিপাতেই, |
“তৰুণ লাৱণ্য আভা মনোমোহা ৰূপ |
সেউজীয়া দেহৰ গঠন |
সুবিশাল অভ্ৰভেদী নঙঠা গছৰ |
তুমিয়েই দিব্য আভৰণ।।” |
ইয়াত কবিয়ে সেউজীয়া পাতে নঙঠা গছক দিব্য আভৰণ পিন্ধাই মনোমোহা কৰি দিয়াৰ কথা বুজাইছে৷ |
প্ৰকৃতিত নিহিত থকা এনেবোৰ ৰহস্য ৰমন্যাসিক কবিসকলেহে উদ্ঘাটন কৰিছে৷ চৌধাৰীদেৱৰ কবিতাত বিষাদৰ সুৰো প্ৰতিফলিত হৈছে৷ ইয়ো ৰমন্যাসৰে আন এটি বৈশিষ্ট৷ কবিতাত প্ৰকাশ পোৱা বিষাদৰ সুৰ ৰঘুনাথ চৌধাৰীৰ বাহ্যিক আৰু মানসিক সমন্বয়৷ কিন্তু কবি হতাশ হৈ পৰা নাই৷ বৰং তেওঁ দৃঢ়তাৰে সকলো কষ্ট সহ্য কৰিবলৈ সাজু৷ |
“ভুগিছো ভুগিম আৰু দগ্ধ হৃদয়ত |
শত শত বৃশ্চিক দংশন |
নকৰোঁ বেজাৰ প্ৰভু তোমাৰ কাষত |
আনন্দত থাকিম মগন৷” (ভিক্ষা) |
বিষাদ, মধুলিহ অন্তিমজ্যোতি ফুলশয্যা আদি কবিতাত ৰঘুনাথ চৌধাৰীৰ অন্তৰৰ পঞ্জীভূত হোৱা বেদনাৰাজি দেখা যায়৷ জীবনভৰা বেদনাই মানুহক চিন্তাশীল কৰি তোলে আৰু ইয়াৰ সহায়তে তেওঁলোকে সকলো বেদনা-দুখ-কষ্ট সহ্য কৰিব পৰা হয়৷ চৌধাৰীদেৱৰ ক্ষেত্ৰতো সেয়াই হৈছে আৰু সেয়েহে কবিয়ে ক’ব পাৰিছে, |
“সুখ-দুখ হাঁহি অশ্ৰু-বৰ্ষা |
তোমাতেই উদ্ভৱ বিলয় |
অনুকূল-প্ৰতিকূল তুমিয়েই জীৱৰ |
সকলোতে দেখোঁ তুমিময়।” (ভিক্ষা) |
জ্ঞানৰ প্ৰতি কৌতুহ’ল ৰমন্যাসৰ অন্যতম বৈশিষ্ট্য৷ ৱৰ্ডছৱৰ্থে মানুহৰ মন আৰু প্ৰকৃতিৰ একত্ৰীকৰণ (The unison of mind and nature)-ৰ দ্বাৰাই অন্তৰ্নিহিত বিশ্বৰ (The inner locked universe) যি তাৎপৰ্য উদ্ঘাটন কৰিছিল, বিশ্বৰ সকলো বস্তু ঈশ্বৰৰে অংশ বুলি ধাৰণা কৰিছিল ৰঘুনাথ চৌধাৰীৰ কবিতাটো তাৰেই নিদৰ্শন পোৱা যায়৷ এইটোৱেই হ’ল অদ্বৈতবাদ (Pantheism)৷ এই বিশ্বাসত ৰঘুনাথ চৌধাৰীদেৱ অচল অটল আছিল৷ |
“দয়াময় চৰণত মাগোঁ এটি ভিক্ষা |
দিয়া মোক প্ৰাণত আশ্বাস |
শিলৰ ৰেখাৰ দৰে তোমাতে সদায় |
থাকে যেন অটল বিশ্বাস৷” |
এনেধৰণৰ ৰমন্যাসৰ প্ৰায়কেইটা বৈশিষ্ট্যই চৌধাৰীদেৱৰ কবিতাত প্ৰতিফলিত হৈছে আৰু সেইফালৰ পৰা ইংৰাজী ৰমন্যাসিক কাব্য-সাহিত্যত ৱৰ্ডছৱৰ্থক যি অৰ্থত শ্ৰেষ্ঠ ৰমন্যাসিক কবি বোলা হয় সেই একে অৰ্থতে ৰঘুনাথ চৌধাৰীকো অসমীয়া ৰমন্যাসিক কাব্য সাহিত্যৰ শ্ৰেষ্ঠ ৰমন্যাসিক কবি বুলি নিঃসন্দেহে ক’ব পাৰি৷ |
← কবি নীলমণি ফুকন দেৱৰ কবিতাৰ বিষয়ে এক চমু আলোকপাত – (ইন্দ্ৰনীল গায়ন) |
অসমীয়া কাব্য সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ -(অঞ্জনা তামুলী) → |
You May Also Like |
চলচ্চিত্ৰীয় বাস্তৱতাঃ এক টোকা – ড॰সুব্ৰত জ্যোতি নেওগ |
December 16, 2020 March 10, 2021 0 |
শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্যত কাব্যিক সৌন্দৰ্য্য -( নিবেদিতা হাজৰিকা ) |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.