text
stringlengths 0
188k
|
---|
তলসৰা শেৱালিৰ |
নিয়ৰসনা দূবৰিৰ দৰেই সিক্ত হৈ পৰিছে |
মোৰ অনুভূতি৷ |
তুমি মোক হাত বাউল দি মাতিবা |
য’তে থাকো তাৰ পৰাই উভতিম |
সেউজ-সজীৱ তোমাৰ স্মৃতি |
মোৰ বাহিৰে ভিতৰে |
—সকলোৰে হাত চাপৰিৰ শব্দত কমন ৰূমটো গমগমাই উঠিছিল৷ কবিতাটি আবৃত্তি কৰি মই নিজৰ আসনত বহি পৰিছিলোঁ৷ |
বিদায় সভা ভঙাৰ পিছত মই, প্ৰিয়া, জেৰিনা, মণিমালা- আমি সকলোৱে ইজনীয়ে সিজনীক ধৰি হেঁপাহ পলুৱাই কান্দিছিলোঁ আৰু পৃথিৱীৰ য’তেই নাথাকোঁ কিয় সদায়ে ইজনীয়ে সিজনীৰ খবৰ-বাতৰি লৈ থাকিম বুলি অংগীকাৰবদ্ধ হৈছিলো আমি! সেইকেইদিন আমাৰ অটোগ্ৰাফবোৰ ইটো কোঠাৰ পৰা সিটো কোঠালৈ ঘূৰি ফুৰিছিল৷ |
যিদিনা কাপোৰ-কিতাপ আদি সামৰিছিলোঁ হোষ্টেল এৰিবৰ বাবে কিবা এক শোকে খুন্দা মাৰি ধৰিছিল৷ যোৱা চাৰিটা বছৰৰ আৱেগিক বান্ধোন হেৰুৱাব বিচৰা নাছিলোঁ৷ হৃদয়ত বৰ কষ্ট অনুভৱ কৰিছিলোঁ৷ কিন্তু জীৱনটোৱেই যে এখন চলন্ত গাড়ীৰ দৰে, কোনো ক’তো ৰৈ থাকিব নোৱাৰে…যাবই লাগিব সকলোৱে এনেকৈয়ে জীৱনৰ বাট বুলি! এই যে এফ-৫ কোঠাটো য’ত তিনিটা বছৰ কটাইছিলোঁ, য’ত মোৰ বহুতো দুখ, অভিমান, হা-হুমুনিয়াহ, দুটামান ধুমুহাৰ দিন সিঁচৰতি হৈ পৰি আছে! চকুপানী আৰু হাঁহিবোৰ এইকোঠাটোৰ চাৰিওবেৰত লিপিটখাই লাগি আছে আৰু লগতে মই, মোৰ স্পৰ্শ এই কোঠাটোতে বতাহে বতাহে….. |
এনেকৈয়ে এৰি আহিলোঁ কলেজৰ চাৰিওটা বছৰৰ সোণালী দিন! অভিযান্ত্ৰিক মহাবিদ্যালয়ে আজিও হাতবাউলি মাতে মোক৷ কত’ যে স্মৃতি মনৰ কোঠাত সাঁচি ৰাখিছোঁ – আমাৰ হোষ্টেলৰ ৰান্ধনী — শৰ্মা দা, বৰ্মন দা, ৰীনা ডি, হেমা বাইদেউ, পিয়ন – ডেকা দা, চকীদাৰ জুলী দা, মোৰ এফ-৫ ৰূমটো, ৰূমমেট সকল, বান্ধৱী সকল, কলেজৰ ক্লাছৰুমবোৰ, লাইব্ৰেৰীটো, কলেজ লেইক আৰু নিবিড়—মোৰ প্ৰিয়তম পুৰুষ! |
প্ৰাপ্তিৰ ডায়েৰিখন পঢ়ি শেষ কৰি অৰুন্ধতীয়ে প্ৰাপ্তিলৈ ফোন লগালে– |
-হেল্ল — প্ৰাপ্তিৰ কণ্ঠস্বৰ |
-কংগ্ৰেছুলেশ্যন মিছ প্ৰাপ্তি দত্ত, ইঞ্জিনীয়াৰ চাহিবা |
-কাহানিবাই ইঞ্জিনীয়াৰিং পাছ কৰিলোঁ, আজিহে কংগ্ৰেছুলেশ্যন দিব পালিনে? |
-হাঃহাঃ…তোৰ ডায়েৰি পঢ়ি শেষ কৰিলোঁ আইজনী৷ এতিয়া পিছৰ কাহিনী শুনিবলৈ প্ৰস্তুত হৈছোঁ, কেতিয়া কবি ক’৷ |
-তোৰ তালৈ অহা শনিবাৰে যাম ৰাতিটো থকাকৈ৷ বহুত কথা ক’ব লগা আছে তোক৷ -প্ৰাপ্তিয়ে হঠাতে কৈ উঠিল৷ |
-অ’, মই তোক ধেমালিহে কৰিছিলোঁ, নতুন কাহিনী শুনিম বুলি প্ৰস্তুত নাছিলোঁ পিছে৷ |
-তোক মই মোৰ গোটেই জীৱনটোৰ কাহিনী কৈহে মৰিম বুজিলি৷ |
প্ৰাপ্তিৰ কথাত অৰুন্ধতীয়ে হাঁহি পেলালে৷ |
শনিবাৰে গধূলি সঁচাকৈয়ে প্ৰাপ্তি অৰুন্ধতীৰ কোৱাৰ্টাৰ ওলালগৈ৷ ৰাতি ভাত-পানী খাই দুয়োজনী বেলকনিত বহি ল’লে আৰু জোনৰ পোহৰে পোহৰাই তুলা ৰাতিৰ নিৰ্জনতাত প্ৰাপ্তিয়ে অৰুন্ধতীক নিজৰ কথাবোৰ কবলৈ আৰম্ভ কৰিলে— |
কেইদিনমানৰ বাবে পৰিয়ালৰ সান্নিধ্য বিচাৰি কলেজৰ পৰা ছুটি লৈ প্ৰাপ্তি ঘৰ পালেগৈ৷ মাক-দেউতাকে তাইক মৰমেৰে বুৰাই পেলালে৷ মাকে বিধে বিধে ৰান্ধি খুৱালে তাইক৷ ভনীয়েক-ভায়েকহঁত আজিকালি দূৰণিত থাকে, বায়েক ঘৰলৈ অহা বুলি খবৰ পাই গোটেই কেইটাই ফোনতে খবৰ ল’লে৷ |
সিদিনা মাকে ৰান্ধনি ঘৰত ভাত ৰান্ধি আছিল৷ প্ৰাপ্তিৰ হঠাতে মাকজনীলৈ বৰ মৰম লাগি গ’ল৷ তাই মৰমেৰে মাকক পিছফালৰ পৰা সাৱটি ধৰিলে আৰু মূৰটো পিঠিত থ’লে৷ মাকে মৰমেৰে তাইৰ হাতখনত আলফুলে স্পৰ্শ কৰি ক’লে— |
-মাজনী, মই এটা কথা ভাবিছোঁ৷ |
-কি মা? |
-তই বা কথাটো কেনেকৈ লৱ’ |
-কোৱাচোন! |
-আমিটো সদায় এনেকৈ নাথাকোঁ৷ এই পৃথিৱীৰ পৰা এদিন হ’লেও বিদায় ল’ব লাগিব, কিন্তু তাৰ আগতে তোৰ সংসাৰখন চাই যাব বিচাৰোঁ মাজনী! |
-মা, মই এনেকৈয়ে ঠিকে আছোঁ, ভৱিষ্যতেও এনেকৈয়ে ভালে থাকিম, পৰমপিতা মোৰ লগত আছে, তোমালোক আছা, তোমালোকৰ আৰ্শীবাদ মোৰ শিৰত আছে৷ কিয় চিন্তা কৰা এনেকৈ? |
-নহয় মাজনী, তই ভৱিষ্যতে অকলশৰীয়া হ’বি বুলি দেউতাৰে-মোৰে তোৰ বাবে বহুত চিন্তা হৈ থাকে অ’ মা! |
-মা, মই ঈশ্বৰীয় সেৱাত নিজৰ জীৱনটো অৰ্পন কৰিম…. |
প্ৰাপ্তিয়ে মুখৰ মাজতে কৈ উঠে৷ মাকে শুনি নাপায়৷ তাই মাকক ধৰি থকা হাতদুখন লাহে লাহে শিথিল হৈ আহে৷ হঠাতে কলীয়া মেঘ এছটাইহে যেন তাইৰ দেহ-মন আৱৰি ধৰিলে! তাইৰ মুখলৈ নোচোৱাকৈ মাকে কৈ থাকিল— |
-মাজনী, তই মেট্ৰিমনীত এবাৰ তোৰ নামটো ৰেজিষ্টাৰ কৰচোন |
মাকৰ কথা শুনি তাই ফোঁ ফোঁৱাই নিজৰ কোঠা পালেগৈ আৰু গাৰু এটা সাৱটি কান্দি উঠিল৷ মাকে মাজনী মাজনী বুলি চিঞৰি তাইৰ পিছে পিছে তাইৰ কোঠা পালেগৈ আৰু কান্দি থকা জীয়েকৰ পিঠিত হাত এখন থ’লে৷ |
ঃমই তোৰ ভালৰ বাবে কৈছোঁ মাজনী, চাওঁ নাকান্দিবিচোন |
মাকৰ কথা শুনি প্ৰাপ্তিৰ কান্দোনটো বাঢ়িহে গ’ল৷ মাকে তাইক আলফুলে বুকুৰ মাজত সুমুৱাই ল’লে৷ |
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০ |
এদিন হঠাৎ মাকৰ হাৰ্টৰ অসুখ ধৰা পৰিল৷ প্ৰাপ্তিৰ মাকৰ চিন্তাত অস্থিৰতা বাঢ়ি গ’ল৷ মাকক তাই কোনো জনমতো হেৰুৱাব নিবিচাৰে৷ মাকৰ কিবা এটা হ’লেই তাইৰ বুকুখন ধৰফৰাই উঠে৷ তাইৰ মনত পৰে—সৰু থাকোঁতে মাকে এবাৰ ঘৰৰ পুখুৰীটোৰ পানীত নামিছিল৷ বাৰিষাৰ পানীৰে পুখুৰীটো ভৰা আছিল৷ তাই পুখুৰীৰ পানীত পৰি মাকৰ কিবা হ’ব বুলি কান্দি-কাটি হায়ৰান হৈছিল৷ মাক তাইৰ বাবে আকাশ, বিশ্বাস আৰু আস্থাৰ প্ৰতিভূ, সকলো কৰিব পাৰে তাই মাকৰ বাবে! |
মাকৰ বেমাৰৰ খবৰ পোৱাৰ পিছত তাই ৰাতি শুব পৰা নাছিল৷ অস্থিৰতাখিনি কমাবৰ বাবে তাই “ৰাজযোগ মেডিটেচন”ত বহিল৷ আধাঘণ্টাৰ গভীৰ ধ্যানৰ পিছত তাই জীৱনৰ ডাঙৰ সিদ্ধান্তটো লৈ পেলালে – মেট্ৰিমনিত তাই নিজৰ নামটো ৰেজিষ্টাৰ কৰিব৷ |
লেপটপ অন কৰি ইণ্টাৰনেট সংযোগ কৰি তাই মেট্ৰিমনিত নিজৰ ফটো আদি দি নামটো ৰেজিষ্টাৰ কৰিলে আৰু মাকৰ মনটো ভাল লগাবৰ বাবে মাকলৈ ফোন লগালে— |
-মা, গা কেনে পাইছা? |
-ভাল, মাজনী |
-মা, মই মেট্ৰিমনিত নামটো ৰেজিষ্টাৰ কৰিলোঁ |
-ভাল কৰিলি মাজনী, মই আৰু দেউতাৰে তোৰ এখন সুখী সংসাৰ চাব বিচাৰোঁ |
মাকৰ কথা শুনি থাকিল তাই৷ তাই আশা কৰিলে – এই খবৰটোৱে অন্ততঃ মাকৰ হাৰ্টটো সুস্থ কৰি তোলক৷ তাইক আৰু একো নালাগে৷ দুচকু পানীৰে উপচি পৰিল তাইৰ! |
-মাজনী, মনে মনে থাকিলি যে |
-মা, তুমি ভালে থাকা, ভালদৰে খোৱা-বোৱা কৰা৷ মোৰ চিন্তা নকৰিবা, সময়ে সকলো ঠিক কৰিব |
-অঁ মাজনী, সময়ে সকলো ঠিক কৰিব তয়ো নিজৰ যত্ন ল’বি, খোৱা-বোৱা ভালকৈ কৰিবি…এতিয়া ফোনটো থওঁ দেই, দেউতাৰক চাহ একাপ দিব লাগে৷ |
০০০০০০০০০০০০০০০০০০০ |
সেইদিনা এটা অচিনাকি নম্বৰ আহি প্ৰাপ্তিৰ ফোনত জিলিকি ৰ’ল৷ তাই সেউজীয়া বুটামটো হেঁচি দিলে৷ এটা অচিনাকি পুৰুষ কণ্ঠ ভাঁহি আহিল৷ |
-এইটো প্ৰাপ্তি দত্তৰ ফোন নম্বৰ হয়নে? |
-হয় |
-মই আপোনাৰ নামটো মেট্ৰিমনিত পালোঁ৷ |
-হয়, কওকচোন |
-মই আপোনাৰ স’তে অলপ দীঘলীয়াকৈ কথা পাতিব বিচাৰোঁ, আপুনি সময় দিব পাৰিবনে? |
-আপোনাৰ পৰিচয় দিব নেকি? |
-মই উজ্জ্বল বৰুৱা, শিলিগুৰিৰ নীপকোত চাকৰি কৰোঁ৷ |
-হয়, মই আপোনাক ফোন কৰিম পিছত |
-ভাল বাৰু, ৰাখিছোঁ এতিয়া |
প্ৰাপ্তিয়ে ফোনটো থ’লে৷ তাইৰ মনত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি নহ’ল৷ সময়ে যেন ইতিমধ্যে তাইৰ হৃদয়খন কঠিন কৰি পেলাইছে৷ মাকৰ বাবেহে তাই বিয়াত বহাৰ সিদ্ধান্ত লৈছে নহ’লে যে তাইৰ নতুনকৈ সংসাৰ কৰিবলৈও মন নাই৷ পৰমপিতা পৰমাত্মাৰ ওচৰত তাই ইতিমধ্যেই তন-মন-ধন সকলো সমৰ্পণ কৰিছে৷ তাই এতিয়া নিজকে নিমিত্ত বুলিহে ভাবে৷ নিবিড়ৰ প্ৰেম তাইৰ বাবে সঞ্জীৱনী৷ তাই বিশ্বাস ৰাখিছে—অহাটো জনমত নিবিড়ৰ স’তে তাইৰ পুনৰ দেখাদেখি হ’ব৷ |
দেওবাৰ এটাৰ আজৰি পৰত তাই উজ্জ্বল বৰুৱালৈ ফোন লগালে৷ ফোনটো ৰিচিভ কৰিলে বৰুৱাই৷ তেওঁ প্ৰাপ্তিৰ ভাল-বেয়া খবৰ ল’লে আৰু কৈ গ’ল নিজৰ কথাবোৰ—- |
সেইদিনা ৰাতি চাৰি বছৰীয়া কণমানি শিল্পীয়ে সাধু শুনি শুনি টোপনি যোৱাৰ পিছত দেউতাক উজ্জ্বল বৰুৱাই ইণ্টাৰনেট চাবৰ বাবে লেপটপটো অন কৰিলে৷ হঠাতে মেট্ৰিমনি ৱেবচাইটত তেওঁৰ পত্নী মেঘালীৰ দৰে মুখ এখন দেখি স্তব্ধ হৈ ৰ’ল৷ ইমান একেই, আচৰিত! নামটো চালে তেওঁ – প্ৰাপ্তি দত্ত! |
লেপটপটো সামৰি এটা চিগাৰেট জ্বলালে উজ্জ্বল বৰুৱাই আৰু বেলকনিত গৈ থিয় হৈ ৰ’ল৷ চৌপাশে ৰাতিৰ নীৰৱতা, দূৰণিত নীৰৱতা ভেদি অহা কুকুৰৰ ভোকভোকনি! বৰুৱাৰ বুকুত এবোজা দুখৰ কোলাহল, চিগাৰেটৰ ধোঁৱাইও শাম কটাব পৰা নাই সেই কোলাহল৷ তেওঁ মনৰ মাজতে কৈ উঠিল – “মেঘালী….মেঘালী..তুমি কিয় আঁতৰি গ’লা মেঘালী! চোৱাচোন মই আৰু শিল্পী আজি কিমান অকলশৰীয়া হৈ পৰিলোঁ! তোমাৰ অবিহনে যেন আমাৰ পৃথিৱী নীৰস, নিঠৰ, জড়……মেঘালী! ” |
শিল্পীৰ কাষত শুবলৈ যত্ন কৰিলে তেওঁ৷ হঠাতে তেওঁ মেঘালীৰ মাতত সাৰ পাই উঠিল৷ চকু মেলি ইফালে সিফালে চালে তেওঁ – নাই কোনো নাই! আকৌ টোপনি যাবলৈ যত্ন কৰিলে উজ্জ্বল বৰুৱাই—“উজ্জ্বল, তুমি আকৌ বিয়া কৰাবা, শিল্পীৰ বাবে….” কৰুণ কোমল কণ্ঠেৰে মেঘালীয়ে কৈ উঠিল৷ উজ্জ্বল বৰুৱা পুনৰ সাৰ পাই উঠি বহিল৷ ডিঙিটো শুকাই যোৱা যেন লাগিল তেওঁৰ৷ উঠি পানী এগিলাচ খালে তেওঁ৷ |
সুখৰ আছিল উজ্জ্বল বৰুৱাৰ সংসাৰ৷ পত্নী মেঘালী, কণমানি জিয়ৰী শিল্পীৰে স’তে সুখী আছিল বৰুৱা৷ বহুদিনৰ পৰা মেঘালীৰ উষা নগৰী তেজপুৰ ফুৰিবলৈ মন, সেই উদ্দেশ্যে গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে উজ্জ্বল বৰুৱাৰ গাড়ীয়ে গতি লৈছিল৷ সেইদিনা মেঘালীয়ে পাতল নীলা ৰঙৰ এখন শাৰী পিন্ধিছিল৷ ধুনীয়া দেখাইছিল তাইক, মেঘালীৰ কোলাত আছিল পুতলাৰ দৰে তিনিবছৰীয়া শিল্পী৷ মেঘালীয়ে গাড়ীত বহি গানৰ টেপটো অন কৰিছিল আৰু বাজি উঠিছিল শিল্পী জংকী বৰঠাকুৰৰ গানটো – “তুমি চালেই জানা/তুমি চুলেই জানা/মেঘালী সপোনে বাগৰ সলাই/আঁউসীৰ জোন মোৰ সমুখতে/সেমেকা চকুলো দুগালতে/নিজানত ৰাতি মোৰ কেতিয়াকে/পুৱাব খেলিব ৰ’দে স’তে/তুমি আহিবা এদিনা/ৰং দিবা দুচকুত/মৰমেৰে বুকু উপচায়…..মেঘালীয়ে হাঁহি হাঁহি কৈছিল –“উজ্জ্বল, গানটোত মোৰ নামটো আছে …” উজ্জ্বল বৰুৱাই হাঁহিছিল মেঘালীৰ কথা শুনি৷ “পিছে গানটো বৰ দুখৰ” –বৰুৱাই কৈছিল৷ “কেতিয়াবা দুখৰ গান শুনিও ভাল লাগে উজ্জ্বল…” – মেঘালীয়ে কৈছিল৷ |
হঠাতে ঘটি গ’ল ঘটনাটো৷ কলীয়াভোমোৰা দলং পাবলৈ আৰু অলপ সময়হে বাকী আছিল৷ তীব্ৰ বেগেৰে অহা এখন চুমুৰ খুন্দাত উজ্জ্বল বৰুৱাৰ গাড়ীখন ৰাস্তাৰ কাষৰ খালত পৰিলগৈ৷ তিনিওকে তেজপুৰ হস্পিটেললৈ লৈ যোৱা হ’ল৷ বৰুৱাই মূৰত, বুকুত আঘাত পাইছিল৷ মেঘালী অজ্ঞান অৱস্থাত আছিল আৰু সিহঁতৰ চকুৰ মণি কণমানি শিল্পীও দুখ পাইছিল শৰীৰৰ অ’ত ত’ত! মেঘালীৰ যেতিয়া জ্ঞান আহিছিল তেতিয়া বৰুৱা মেঘালীৰ কাষত আছিল৷ মেঘালীয়ে বৰুৱাৰ মুখলৈ চাই কৰুণ ভাৱে কৈ উঠিছিল – “তুমি আকৌ বিয়া পাতিবা উজ্জ্বল, শিল্পীৰ বাবে! ” বৰুৱা আৰু শিল্পীক অকলশৰীয়া কৰি মেঘালীয়ে চিৰদিনলৈ চকু মুদিছিল৷ |
কথাবোৰ কৈ উজ্জ্বল বৰুৱাই এটি দুখৰ হুমুনিয়াহ কাঢ়িলে৷ পুনৰ প্ৰাপ্তিক ক’লে— |
-যদি তোমাৰ আপত্তি নাই, মই তোমাক বিয়া কৰিব বিচাৰোঁ৷ |
-মোক অলপ সময় দিয়ক – প্ৰাপ্তিয়ে ক’লে৷ |
-হয়, তুমি এই বিষয়ে সিদ্ধান্ত ল’বলৈ মই সময় দিয়াটো বহুত প্ৰয়োজন বুলি ভাবোঁ৷ – বৰুৱাই কৈ উঠিল৷ |
০০০০০ |
অৱশেষত প্ৰাপ্তিয়ে সিদ্ধান্তটো লৈ পেলালে৷ এখন সন্তাপিত হৃদয়লৈ তাই যদি শান্তিৰ নিজৰা বোৱাব পাৰে, এটি কণমাণিক তাই যদি পবিত্ৰ স্নেহেৰে আৱৰি ৰাখিব পাৰে সেইয়াই হ’ব তাইৰ বাবে জীৱনৰ পৰম সুখ-প্ৰাপ্তি আৰু তাইৰ এই সিদ্ধান্তই যদি দহজনৰ জীৱনলৈ সুখৰ অমীয়া সুধা বোৱাব পাৰে তেন্তে এই সিদ্ধান্ত তাইৰ নিশ্চয় শুদ্ধ সিদ্ধান্তই হ’ব৷ তায়ো উজ্জ্বল বৰুৱাক নিবিড়ৰ কথা ক’ব, সকলো ক’ব তাই৷ উজ্জ্বল বৰুৱাৰ জীৱনৰ স’তে অংশীদাৰ হোৱাটোও তাইৰ জীৱন নাটৰ পুৰ্বনিধাৰিত ৰচনা- কোনোবা জনমৰ হিচাপ-নিকাচ –তাই ভাবে৷ |
প্ৰাপ্তিৰ সিদ্ধান্তটোক মাক-দেউতাকে আদৰি ল’লে৷ তাইৰ অলপ চিন্তা হৈছিল –এজন বিবাহিত পুৰুষৰ লগত বিয়াত বহাৰ সিদ্ধান্ত লোৱা বাবে মাক-দেউতাকে আপত্তি কৰিব কিন্তু তেনে একো নহ’ল৷ ব্যক্তিত্ব সম্পন্ন সুদৰ্শন পুৰুষ উজ্জ্বল বৰুৱাক লগ পাই প্ৰাপ্তিৰ মাক-দেউতাক সুখী হ’ল৷ কণমানিজনীকো নিজৰ নাতি বুলি প্ৰাপ্তিৰ মাক-দেউতাকে বুকুত সুমুৱাই ল’লে৷ |
— কথাবোৰ কৈ প্ৰাপ্তি ৰ’ল৷ |
– মোক যে ইমানদিনে একো কোৱা নাছিলি? -অৰুন্ধতীয়ে সুধিলে |
– তোক কবলৈ আজিৰ দিনটোলৈ থৈছিলোঁ আকৌ – প্ৰাপ্তিয়ে ক’লে৷ |
আচ্ছা, বিয়া কেতিয়া? আৰু আজিলৈকে মোক তেওঁক লগ কৰাই দিয়া নাই কিয়? |
– সিদ্ধান্ত লোৱা বেছিদিন হোৱা নাই নহয়! বিয়া মানে আমি কৰ্ট মেৰেজ কৰিম৷ সেইদিনাই তেওঁক লগ কৰাই দিম৷ —প্ৰাপ্তিয়ে ক’লে |
– কংগ্ৰেছুলেশ্যন মোৰ মৰমীজনী –এইবুলি কৈ অৰুন্ধতীয়ে প্ৰাপ্তিৰ কপালত চুমা খালে৷ |
হঠাতে প্ৰাপ্তি উচুপি উঠিল৷ অৰুন্ধতীক সাৱটি বহুত কান্দিলে তাই৷ অৰুন্ধতীৰ দুচকুও সজল হৈ উঠিল৷ পৰম আশ্বাসেৰে প্ৰাপ্তিক বুকুৰ মাজত সুমুৱাই ল’লে অৰুন্ধতীয়ে৷ প্ৰাপ্তিয়ে জানে — এই আশ্বাস আজীৱন বন্ধুত্ব আৰু মৰমৰ আশ্বাস৷ |
০০০০০০০০০০০০০০০০০০০০ |
অৰুন্ধতীৰ ফোনটো বাজি উঠিল৷ দেউতাকৰ ফোন৷ |
– মাজনী, তোৰ এপইণ্টমেণ্ট লেটাৰ আহিছে৷ অসমৰ বিদ্যুৎ বিভাগত তই চাকৰি পাইছ’৷ গুৱাহাটীৰ নাৰেঙ্গীত পষ্টিং৷ |
দেউতাকৰ কথা শুনি অৰুন্ধতীয়ে কাষতে বহি থকা অনুৰাগক আনন্দতে সাৱটি ধৰিলে৷ পৰমপিতাৰ ওচৰত কৃতজ্ঞ হৈ পৰিল তাই৷ এতিয়াৰ পৰা অনুৰাগৰ স’তে সদায় একেলগে থাকিব পাৰিব অৰুন্ধতীয়ে৷ কাষত নথকা মান-অভিমানবোৰ আগতকৈ কমি যাব দুয়োৰে৷ |
ডিপাৰ্টমেণ্টৰ সকলোকে কথাবোৰ জনোৱা হ’ল৷ ইমানদিনে একেলগে একেটা চেম্বাৰতে বহি অহা শ্বেতালৈ বেয়া লাগিল তাইৰ৷ বেয়ালাগিল কেইটামান বছৰতে আপোন হৈ পৰা কলেজখন এৰি যাব লগা হ’ব বুলি ভাবি লগতে তাইৰ মৰমৰ কলিগ সকল অমৃতা, অনি, প্ৰতিভাহঁতকো যে এৰি যাব লাগিব! বেয়া লাগিল তাইৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকললৈও৷ সেই যে সৌৰিন নামৰ ল’ৰাটো যি তাইৰ শ্ৰেণীকোঠাত মবাইলত ভিডিঅ কৰিছিল সেই ল’ৰাটো পিছলৈ তাইৰ প্ৰিয় ছাত্ৰ হৈ পৰিছিল৷ সি কলেজ কেম্পাছত অহা টি চি এছ কম্পেনীত চাকৰি পাইছিল৷ মিঠাইৰ টোপোলা লৈ সি অৰুন্ধতীৰ কোৱাৰ্টাৰ পাইছিলহি৷ জীৱনৰ এটি সোণাৰুফুলীয়া বাট অতিক্ৰম কৰি আহিল যেন লাগিল অৰুন্ধতীৰ! |
এইকেইটা বছৰতে কলেজখনৰ পৰা বহুত শিকিলে তাই৷ জীৱনৰ এছোৱা সময় আপুৰুগীয়া অভিজ্ঞতাৰে সমৃদ্ধ হ’ল অৰুন্ধতীৰ জীৱন৷ দুখেৰে ভাবিলে তাই –এৰি থৈ যে যাব লাগিব তাইৰ প্ৰিয় তিস্তা নদী, সদায় কোৱাৰ্টাৰৰ বেলকনিৰ পৰা দেখা সেউজীয়া পাহাৰখন আৰু পাহাৰৰ মাজে মাজে বৈ থকা কুলু কুলু নিজৰাটি৷ জীৱন বাটৰ কোনো কোনো মধুৰ ক্ষণত ৰিঙিয়াই মাতিব তাইৰ চাকৰি জীৱনৰ এই জ্ঞানমন্দিৰ “চিকিম মণিপাল ইনষ্টিটিউটখনে”আৰু ভূ-স্বৰ্গস্বৰূপ তাইৰ অতি আপোন চিকিমখনে৷ কথাবোৰ ভাবি থাকোঁতে তাইৰ ওঁঠত গানৰ কলি এটা আহি ৰ’লহি — |
“যোৱাৰ পৰত/সৰা শেৱালি বুটলি/কি হ’ব কোৱা/নাই যে সময়/ |
উভতি চোৱাৰ/এতিয়া বিদায় দিয়া….. (কথাঃ সবিন মেধি) |
(সমাপ্ত) |
← মোহন — জিমি শইকীয়া |
‘সা ৰে গা মা’ কিয় – প্ৰাঞ্জল অনুভৱী → |
You May Also Like |
আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণিল লিপি- পৰী পাৰবীন |
January 15, 2021 0 |
গোঁহাই কথা- ৰূপজ্যোতি নাথ |
January 15, 2018 0 |
নানা দেশ নানা গীত (৪) ৰক্তিম গোস্বামী |
August 14, 2012 0 |
Subscribe |
Login |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.