text
stringlengths
0
188k
… … …
ভৰিৰ খোজৰ শব্দত বিজয় উচপখাই উঠিল । ভয় খালে সি, কিন্তু সি একোতো বেয়া কাম কৰিবলৈ যোৱা নাই । এবাৰ, মাত্র এবাৰ টুপীটোৰ স্পর্শ ল’বলৈ বিছাৰিছিল ।তাৰ তাম হৈ গ’ল ৷ এতিয়া সি যাব পাৰে, দেউতাকৰো ঘুৰি অহাৰ সময় হৈছে । সৈনিক এজনে বিজয়ৰ কাণ্ডবোৰ দেখি কোঠাটোত সোমাই আহিল । তেঁও কিন্তু বিজয়ৰ কাণ্ডবোৰ দেখি আছিল, বেছ আমোদ পাইছিল ।বিজয়ে লগে লগে টুপীটো খুলি আকৌ টিনৰ বাকছটোৰ ওপৰতে থৈ দিলে । দোষী দোষীভাৱেৰে সৈনিকজনৰ কাষলৈ আহি তলমূৰ হৈ থাকিল ।
তেনেতে মূৰত স্পর্শ এটাৰ অনুভূতি পায় ওপৰমুৱা হৈ চালে । সৈনিকজনে টিনৰ বাকছৰ ওপৰত থকা টুপীটোআনি বিজয়ৰ মূৰত পিন্ধাই দি ক’লে- “টুপীটো পিন্ধিবলৈ তোমাৰ বৰ মন গৈছে নহয়নে, লোৱা আজিৰ পৰা তুমি এইটো নিজৰ লগত ৰাখিবা” । বিজয়ৰ চকু চলচলীয়া হৈগ’ল ৷ ক’ব নোৱাৰাকৈয়ে সি সৈনিকজনক এটা ‘চেল্যুট’ দিলে । প্রত্যুতৰত সৈনিক জনেও বিজয়ক এটা চেল্যুট মাৰিলে ।
চাইকেলৰ টিলিঙাৰ শব্দ শুনি বুজিলে দেউতাক আহিপালে । সি বুকু ফিন্দাই শিবিৰৰ পৰা ওলাই আহি দেউতাকৰ ওচৰ পালেহি ৷ এবাৰটুপীটো খুলি হাতত লৈ দেউতাকক দেখুৱালে । দেউতাকে হাঁহিলে, বিজয়ৰ অনুভৱ হ’লযে দেউতাকৰো ভাল লাগিছে । এটা টুপী… পূৰণি, মলিয়ন, দাগ লগা টুপী…কিন্তু এজন সৈনিকৰ টুপী ।
← এখন দেশত এটা ‘মানুহ’ আছিল (ৰক্তিম গোস্বামী )
দুটা আধামিনিটৰ গল্প (দিগন্ত বৰা) →
You May Also Like
দেও লগা বাৰ (সমাদৃতা গোস্বামী)
September 15, 2015 0
খহি পৰা বুকুৰ আকাশ ( হিমাংশু চহৰীয়া )
December 15, 2015 0
অনন্তশয্যা-পাহি গগৈ
August 18, 2020 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>3তোমাৰ সুগন্ধি তেলৰ গন্ধ অতি উত্তম, তোমাৰ নাম, বাকি দিয়া সুগন্ধি তেলস্বৰুপ; সেই নিমিত্তে যুৱতীবিলাকে তোমাক প্ৰেম কৰে ।
4মোক লৈ যোৱাহি, আমি তোমাৰ পাছে পাছে লৰি যাম । ৰজাই নিজৰ অন্ত:পুৰলৈ মোক আনিলে; আমি তোমাত আনন্দিত হৈ ৰং কৰো, দ্ৰাক্ষাৰসতকৈয়ো তোমাৰ প্ৰেমৰ অধিক প্ৰসংসা কৰোঁ । লোকে তোমাক সৰলভাৱে প্ৰেম কৰে ।
5হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই ক’লা বৰণীয়া কিন্তু সুন্দৰী, কেদৰৰ তম্বুৰ নিচিনা, চলোমনৰ আঁৰ-কাপোৰৰ সদৃশ ।
6মই ঈষদ কলী, সূয্যই মোক বিবৰ্ণ কৰিলে, এই দেখি মোলৈ তোমালোকে কুদৃষ্টি নকৰিবা । মোৰ আইৰ পুতেকহঁতে মোক খং কৰিলে, সিহঁতে মোক দ্ৰাক্ষাবাৰীবোৰৰ ৰখীয়ানী কৰিছিল; কিন্তু মোৰ নিজৰ দ্ৰাক্ষা-বাৰী মই ৰক্ষা কৰা নাই |
7হে মোৰ প্ৰাণপ্ৰিয়, তুমি নিজৰ জাক ক’ত চৰাইছা? আৰু দুপৰ বেলা নিজৰ জাকক ক’ত জিৰোৱাইছা? তাক মোক কোৱা; কিয়নো তোমাৰ লগৰীয়াবিলাকৰ জাকবোৰৰ মাজত, ওৰণি লোৱা জনীৰ নিচিনা মই কিয় হম?
8হে নাৰীবিলাকৰ মাজত পৰম সুন্দৰী, তুমি যদি তাক নাজানা, তেন্তে জাকৰ খোজৰ চিন ধৰি ধৰি যোৱা, আৰু ৰখিয়াবিলাকৰ তম্বুবোৰৰ ওচৰত তোমাৰ ছাগলী পোৱালীবোৰক চৰোৱাগৈ|<eot>আমি অসমীয়া মানুহবোৰ মোটামুটিকৈ ভোজন বিলাসীয়েই চাগে ? নে লুতুৰা স্বভাৱৰ ? ভোগালীৰ বতৰত তেনে অনুভৱ এটা ছেগা-চোৰোকাকৈ মনলৈ আহি আছে । ডা০ মুক্তি নাথ গগৈ দেৱৰ “পান-ভোজন” পঢ়ি পঢ়ি তেনে ভাবেই হৈছিল এসময়ত । তাতে বিভিন্ন জনগোষ্ঠীয় প্ৰণালীৰে প্ৰস্তুত কৰি সোৱাদ লোৱা ইটো-সিটো আছেই । অৱশ্যে এই বিলাসিতাত কাৰো কাৰো আপত্তি নথকা নহয় । আমাৰ সুধাকণ্ঠ ড০ ভুপেন হাজৰিকাদেৱো হেনো খাদ্য ৰসিক আছিল । তেওঁ খাৰ-টেঙা আদি অসমীয়া খাদ্যৰ প্ৰতি বিশেষ দুৰ্বলতা থকাৰ কথা নিজ মুখে স্বীকাৰ কৰি গৈছে । সুধাকণ্ঠই বোলে ডাক-ৰোষ্ট (হাঁহৰ ভজা মাংস) খুব ভালকৈ ৰান্ধিব জানিছিল । মনত পৰে । এঘৰত আলহী খাবলৈ গৈছো । মনটো ভাল লাগি আছে । লগৰটোৱে কৈছে আজি হেনো অলপ বেলেগ ধৰণৰ ব্যঞ্জন এবিধৰ সৈতে মোক পৰিচয় কৰাই দিব । দৃষ্টি নন্দন, সুস্বাদু আৰু বহুদিনলৈ কাণত বাজি থকা এবিধ ব্যঞ্জন । যা হওক, বহি আছো নানান গল্প-গুজব কৰি । ৰাতিৰ জুহাল । চাংঘৰত গুলপীয়া গুলপীয়া মনবোৰ । কথাৰ মাজে মাজে উত্‍সুক হৈ ৰান্ধনিশালৰ ফালে চাই আছো । আধাঘণ্টামানৰ পাচত গৃহস্থই গামলা এটাত ধোঁৱা উৰোৱাই ব্যঞ্জনবিধ লৈ আহিল । আমি বহি থকা ঠাইডোখৰৰ সোঁ-মাজতে আহল-বহল কাঁহৰ কাঁহি এখন পাৰি দি ব্যঞ্জনবিধ ঢালি দিলে । খট্ খট্ খটং খটং খটং টং টং খট্ । ভিক’ বজ্ৰদন্তী নে ক’লগেইট ক’ব নোৱাৰো, কিন্তু দুইপাৰি দাঁত অতিক্ৰমি সোঁ-ফালৰপৰা বাওঁফাললৈ উজ্জ্বল চিকমিকনি এটা পাৰ হৈ গৈছিল চাগৈ । দাঁত কেইটাই মৰমৰাই উঠিল । দীঘল, লাহী, জোঙা থুৰিয়াই বন্ধা তামোলাকৃতিৰ কিবা এসোপা । সি যি কি নহওক, অভিজ্ঞজনৰ দিহা-পৰামৰ্শ ব্যঞ্জনবিধৰ সোৱাদ লোৱাত সহায়ক হ’ল । থুৰিয়া তামুলাকৃতিৰ টান বস্তুটোৰ বহল অংশত থকা ঢাকনী গুচাই হোঁপা এটা মাৰি দিয়ক । আচল ব্যঞ্জনবিধ একেকোবে মুখৰ ভিতৰ পাবগৈ । অনুমান কৰিব পাৰিছেই চাগৈ । কেনে পালে বুলি সুধিলে ক’ম, ‘ভালেই ।’ পিচে অমুকাৰ ডাইজেষ্টিভ কেপাচিটি বৰ ঠিক নহয় । সেয়ে পুনৰ সেইবিধলৈ মন মেলা নাই আৰু ।
(২)
ভোগালীৰ বতৰ । উৰুকাৰ দুদিন আগতেই আহি ঘৰ সোমালোহি । অৱশ্যে পোনে পোনে আহি ঘৰ সোমোৱা নাই । আগতেই কৈছো নহয়, ভোগালীৰ বতৰ । ফোনা-ফোনি কৰি ঠিক কৰি থৈছিলো, ঘৰৰ আটাইয়ে মিলি পুৰণি ঘৰলৈ যোৱাৰ কথা । মায়ে ফোন কৰি জনালে যে তেওঁলোক ইতিমধ্যে অভিযানত ওলাল । ময়ো ভিনিহিৰ দুচকীয়াখন লৈ লৰ ধৰিলো । যথাসময়ত নিচাদেও (বৰদেউতা)ৰ ঘৰ পালোগৈ । সকলোৰে সৈতে কুশল-বাৰ্তা বিনিময়ৰ অন্তত বৌ কেইজনীৰ সৰল উচ্ছ্বাসৰ মাজেৰে পান-ভোজন পৰ্ব চলি থাকিল । দেউতা-নিচাদেও আৰু ককাইদেউকেইজনৰ সৈতে একেখন মজিয়াতে বহি খোৱাৰ এই আমেজকণ হেৰুৱাব নিবিচাৰো বাবেই বিহুৱে সবাহে যেনেতেনে আহি হাজিৰ হওঁ । বৌহঁতে যিমান পাৰে হাঁহৰ খৰলি, ঔটেঙা দিয়া বাৰে-মিহলি শাকৰ সৰুমাছৰ আঞ্জাখন আৰু শ’লমাছৰ আঞ্জাখন বাতি ভৰাই দি গ’ল । আমাৰ খোৱা-বোৱাৰ অন্তত আটায়ে চ’ৰাঘৰত তামোলেৰে মুহুদি কৰি আছো । বৌ কেইজনীক জোকোৱাৰ মানসেৰে সাউত কৰে জুহালৰ মজিয়াত উপস্থিত হ’লোগৈ । আটায়ে মহানন্দৰে খাবলৈ বহিছে । অৱশ্যে বাতি-কাঁহিবোৰ আমি খোৱাৰদৰে ভৰপূৰ নহয় । তথাপিও সেইবোৰলৈ বিশেষ কাণসাৰ নাই । হাঁহিত জুহাল ৰজনজনাই গৈছে । আনদিনা হোৱা হ’লে হয়তো নিচাদেওৰ গলহেঁকাৰিটোৱে বৌকেইজনীৰ হাঁহিটো মাৰ যোৱালেহেঁতেন । ময়ো তেওঁলোকৰ ৰং-তামাচাত চামিল হৈ দুই-এবাতি ঘৰুৱা সাঁজপানী সৰকালো । লগতে যোৱাৰ পৰত বাটলাখুটিৰ বাবে অলপ তৈলমৰ্দন কৰি থলো ।
অশীতিপৰ নিচাদেওৰ দীৰ্ঘায়ো কামনা কৰি আহি আছো । ৰেল ক্ৰছিংটোৰ ওচৰতে এজন যুৱক ওলাল । মই চহৰৰ দিশত যোৱা দেখি একে লগে যোৱাৰ ইচ্ছা প্ৰকাশ কৰাত উঠাই ললো । গৈ আছো । দুই-এটা কথা পাতিছো । গাঁৱত হেনো আজিকালি ৰং-পানীয়ৰ কদৰ বাঢ়িছে । বিয়া-সবাহৰ সময়ত ডেকাচামৰ বাবে ইয়াৰ চাহিদা খুব বেছি হয়। তাতে ভোগালীৰ বতৰ । সেয়ে অলপ আগতীয়াকৈ মজুত ৰাখিলে হেনো ভাল । অঐ অঅঐঐ..। তত্ ধৰাৰ আগেয়ে মুখখন থেকেচা খোৱা যেন অনুভৱ হ’ল । বুকুখনো বিষাই উঠিল । ততালিকে মোৰ লগত অহা যুৱকজনে বাইকখন উঠাই লৈ ৰাস্তাৰ কাষলৈ ঠেলি লৈ গ’ল । মইয়ো খপজপকৈ উঠি কাষৰ দোকানখনৰ সন্মুখতে বেঞ্চৰদৰে পাৰি থোৱা ফলীয়া বাঁহকেইচটাত বহি দিলো । কিলাকুটি, আঁঠু আৰু পেটত চেকচেকনি এটা হোৱা যেন পালো । মুখৰ ভিতৰতো বালি যেন অলপ কিৰমিৰাই উঠিল । “তোমালোকৰ একো ভুল নাই । আমি দেখিছো নহয়, ছোৱালীজনী হঠাত্ কেনেকৈ আগেদি দৌৰি পাৰ হৈ দিছে ।” ইফালে-সিফালে চালো । ছোৱালী ক’ত ৰৈ থাকিব । একে দৌৰে গৈ কৰবাত ভয়পুলুকা মাৰিলেগৈ । কোনো এজনে ট্ৰেফিক পুলিচ অহাৰ আগেয়ে তাৰপৰা যাবলৈ দিহা দিলে । ক’লে, “বিহুৰ দিন, চিকাৰ বিচাৰিয়েই ফুৰিছে ।” এজনে ডাক্তৰৰ ওচৰত টিটেনাচ এটা লোৱাৰ পৰামৰ্শ দিলে । মোৰো শুভবুদ্ধি উদয় হ’ল । অনতিবিলম্বে সেই ঠাই এৰি ফাৰ্মাচী পালোগৈ । পাচত যুৱকজনে কৈছিল, ৰেল ক্ৰছিংটোৰ পৰা অলপ আহিয়েই হেনো এটা মেকুৰীয়ে আমাৰ বাট কাটিছিল । মোৰ মনত পৰিল, আগ ব্ৰেক আৰু পাচ ব্ৰেকৰ তালমিল নোহোৱাতহে খিচখিচীয়া বালি-বোকা পৰি থকা ৰাস্তাটোত আগ চকা পিছল খাই গৈছিল । অৱশ্যে হয়, বাটলাখুটিও ঠিকেই আছিল ।
(৩)
মাক-বাপেকে হেনো ল’ৰাৰ মুখলৈ চায় আৰু পত্নীয়ে হাতলৈ । বৃত্তিমুখী স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ হৈ থকা দিনৰ কথা । কি উপলক্ষ্যত আহিছিলো পাহৰিছো । মোৰ মানসিক স্বাস্থ্যৰ খতিয়ান লোৱাৰ উদ্দেশ্যে দেউতাই সুধিলে,
– অ’, তহঁতৰ যে এই বৃত্তিমুখী পাঠ্যক্ৰমবোৰ, আজিকালি ল’ৰা-ছোৱালীবোৰে ইয়াক খুব অগ্ৰাধিকাৰ দিছে । পৰম্পৰাগত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰতি লাহে লাহে সিহঁতৰ আগ্ৰহ কমিছে । এনে গতিত গৈ থাকিলে এসময়ত দেশত সংস্থাপনযোগ্য উচ্চশিক্ষিতৰ হাৰ যথেষ্ট বাঢ়িব । কিন্তু তাৰ সমানুপাতিকভাৱে নিয়োগৰ সুযোগ-সুবিধা নাবাঢ়িলে সেই উচ্চশিক্ষিতমখাৰ কি হ’ব । ৱালস্ট্ৰিটৰদৰে ঘটনা পুনৰ সংঘটিত হোৱাৰ সম্ভাৱনাকতো অস্বীকাৰ কৰিব নোৱাৰ ?
-কথাটো নোহোৱা নহয় । কিন্তু পৰম্পৰাগত স্নাতকোত্তৰ পাঠ্যক্ৰমে যুৱচামলৈ ইতিমধ্যে আনি দিয়া হতাশাৰ বিকল্প হিচাপে ঠাই পুৰাইছে এই বৃত্তিমুখী পাঠ্যক্ৰমবোৰে । কিন্তু তাতো প্ৰতিযোগিতাৰ দৌৰ আছে । কিন্তু জীৱন যাপনৰ ক্ষেত্ৰত ন্যূনতম প্ৰয়োজনবোৰতো এতিয়া কেৱল অন্ন, বস্ত্ৰ আৰু আশ্ৰয়তে সীমাবদ্ধ হৈ থকা নাই ! সকলো ক্ষেত্ৰতে বাঢ়ি অহা ব্যয়ৰ ফলত জীৱন ধাৰণ ব্যয়ো দিনক দিনে ঊৰ্ধ্বগামী হ’বলৈ ধৰিছে । তেনেস্থলত জীয়াই থাকিবলৈ এনেবোৰ পাঠ্যক্ৰমৰ প্ৰয়োজন আহি পৰিছে ।
-জীয়াই থাকিবলৈ নে কমফ’ৰ্টৰ বাবে । আজিৰ যুগটো বোলে ভোগবাদৰ যুগ । মানুহৰ বোলে ভোগ প্ৰৱণতা বাঢ়িছে । আৰু এই সমস্তবোৰতো পুঁজিবাদী বণিক গোষ্ঠীৰেই চক্ৰান্তৰ ফচল । আন কথাত আমাৰ মুক্ত বজাৰ ব্যৱস্থা বা অৰ্থনৈতিক উদাৰীকৰণ নীতিৰ পৃষ্ঠপোষক চৰকাৰৰ ষ্ট্ৰেটেজিক ভুলৰেই পৰিণাম ?
-এটা কথা নোহোৱা নহয় পিচে । দেশীয় বজাৰ ব্যৱস্থাৰ উন্মুক্তকৰণৰ ফলত ই লাহে লাহে জনসাধাৰণৰ আৰ্থ-সামাজিক অৱস্থাৰ আমুল পৰিৱৰ্তন সাধিবলৈ ধৰিছে । আৰু এই ষ্ট্ৰাকচাৰেল চেইঞ্জখিনিয়েই নিতৌ মানুহৰ প্ৰয়োজনবোৰ সলনি কৰি আহিছে ।
-অ’, আৰু এটা কথা । আজিকালি এই অত্যন্ত খৰচী বৃত্তিমুখী পাঠ্যক্ৰমবোৰ পঢ়িবলৈতো চৰকাৰী-বেচৰকাৰী বেঙ্ক বা বিত্তীয় প্ৰতিষ্ঠানবিলাকে ঋণ দিয়া আৰম্ভ কৰিছে । এইবোৰ কি বিনিয়োগ নহয় ! চৰকাৰ আৰু বণিক গোষ্ঠী মিলি এটা পাক-চক্ৰ সৃষ্টি কৰা নাইনে ?
মই কি ক’ম । কথাবোৰতো নোহোৱা নহয় । মুক্ত বজাৰ ব্যৱস্থাত চৰকাৰী হস্তক্ষেপৰ দোহাই দি চৰকাৰেও পৰোক্ষভাৱে এই ভোগবাদী মনোবৃত্তিক গভীৰলৈ শিপাবলৈ দিয়া নাই জানো ? দেউতাই কয়, আমিওতো এনেবোৰ বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি পুঁজিবাদৰ গোলামি কৰিবলৈয়ে আগবাঢ়ি গৈছো । মই কওঁ, শিক্ষাখিনিতো পুঁজিবাদৰ monopoly নহয় ! চীনৰদৰে অৰ্থনীতি এখন গঢ়ি তুলিলেও আমি আমাৰ সেৱা আগ বঢ়াম আৰু এতিয়াও আগবঢ়াই যাম । নহ’লে কি কৰিম ?
(৪)
দেউতাই এইকেইদিন লক্ষ্য কৰিছে । বিহুৰ দিনতো ল’ৰাটো ঘৰৰপৰা বাহিৰ হোৱা নাই । আৰু ঘৰত থাকিলেও নিজৰ কোঠাৰপৰা বৰকৈ বাহিৰ হোৱা নাই । মই ধৰিব পাৰিছো, আলেঙে আলেঙে ঘৰৰ মানুহবোৰে মোৰ গতি বিধি লক্ষ্য কৰি আছে । ময়ো দুৰ্ঘটনাটোৰ কথা কোৱা নাই । এতিয়া বিচনাত পৰি পৰি কথাবোৰ পাগুলি আছো । বুকু আৰু থুঁতৰিটোত বিষ যথেষ্ট হৈছে । আঁঠু আৰু কিলাকুটিৰ ছাল এৰা অংশত চেকচেকনিটো আছেই । হ’লেও লুভীয়া মন, ৰাতিলৈ ওচৰৰে ককাইদেউ এজনৰ ঘৰত চুঙা চাউল, চুঙা মাছ আৰু চুঙা মাংস খোৱাৰ কথা । এভূমুকি মাৰি আহিব লাগিব ।।
← হিতেন শৰ্ম্মাৰ দিনলিপি ৭(ধ্ৰুৱজ্যোতি শৰ্ম্মা)
ধনতন্ত্ৰ দিৱসৰ শুভেচ্ছাৰে (অজয় লাল দত্ত) →
You May Also Like
দেশভক্তি চাহ: মনজিত
November 14, 2012 0
বিহুৰ গোন্ধ থকা পাঁচটা পালমৰা পদ্য (ঈশানজ্যোতি বৰা)
April 14, 2012 0
পেৰ’ডী গীত-বিহু সুৰীয়া (অনন্ত মোহন শৰ্মা)
April 14, 2014 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label