text
stringlengths
0
188k
জীৱনশৈলী
বিশ্ব
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
ভিডিঅ’
LIVE TV
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
Home
»
News
»
explained
»
Explained: অসম বিধানসভা নিৰ্বাচনত কিয় উজনি অসমৰ গুৰুত্ব সৰ্বাধিক? উজনি অসম দখল কৰা দলৰ হাততেই থাকে ক্ষমতা!
Explained: অসম বিধানসভা নিৰ্বাচনত কিয় উজনি অসমৰ গুৰুত্ব সৰ্বাধিক? উজনি অসম দখল কৰা দলৰ হাততেই থাকে ক্ষমতা!
ইতিমধ্যে সম্পন্ন হ'ল উজনি অসম সামৰি প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিত ভোটগ্ৰহণ। উজনি অসমত এইবাৰ স্পষ্ট হ'ল নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন প্ৰভাৱ। কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে ইয়াক নিৰ্বাচনী কৌশল হিচাপে ব্যৱহাৰ কৰিছে।
ইতিমধ্যে সম্পন্ন হ'ল উজনি অসম সামৰি প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিত ভোটগ্ৰহণ। উজনি অসমত এইবাৰ স্পষ্ট হ'ল নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন প্ৰভাৱ। কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে ইয়াক নিৰ্বাচনী কৌশল হিচাপে ব্যৱহাৰ কৰিছে।
News18 Assam
Last Updated : March 28, 2021, 13:56 IST
Share this:
News18 Assam
পূব আৰু উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমেই হৈছে একমাত্ৰ ৰাজ্য, য'ত কংগ্ৰেছ হৈছে শাসকীয় বিজেপিৰ বাবে প্ৰত্যাহ্বানৰ মূল কাৰণ। যিহেতু অসমত প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰৰ মাজতে অনুষ্ঠিত এই নিৰ্বাচনত বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰে তেওঁলোকৰ আধিপত্য ধৰি ৰাখিব পাৰিব নে নাই ? সেই লৈ উত্থাপিত হৈছে বৃহত্‍ প্ৰশ্ন।
ৰাজ্যৰ এই নিৰ্বাচন উজনি অসম শাসকীয় বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ উজনি অসমৰ ভোটেই বিজেপিয়ে চৰকাৰ গঠন কৰা, নকৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিব ৷ কিয়নো বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰে ২০১৪ চনৰ পৰাই এই প্ৰান্তত প্ৰতিটো নিৰ্বাচনতে নিৰন্তৰভাৱে নিজৰ আধিপত্য বিস্তাৰ কৰি হৈ আছে । যদিহে বিজেপিয়ে ইয়াক ধৰি ৰখাত ব্যৰ্থ হয়, তেন্তে ৰাজ্যত সংখ্যাগৰিষ্ঠ আসন লাভ কৰাত সমস্যাৰ সন্মুখীন হ'ব দলটো ।
উজনি অসম - ৫৬ খন বিধানসভা আসনৰ সৈতে ৰাজ্যৰ তিনিটা মুখ্য অঞ্চলৰ ভিতৰত উজনি অসম হৈছে আটাইতকৈ ডাঙৰ । ইয়াৰে ৪৭ টা সমষ্টিৰ ভোটাৰসকলে প্ৰথম পৰ্যায়ত অৰ্থাৎ শনিবাৰে ভোটদান সাব্যস্ত কৰিলে। পৰৱৰ্তী চৰকাৰৰ ভাগ্য নিৰ্ধাৰণ কৰাত এই অঞ্চলৰ নিৰ্বাচনী ফলাফল অতি গুৰুত্বপূৰ্ণ । প্ৰথমতে, এয়া অসমৰ আটাইতকৈ ডাঙৰ অঞ্চল, য'ত ৰাজ্যৰ মুঠ বিধানসভা আসনৰ প্ৰায় ৪৪ শতাংশ আছে আৰু এই অঞ্চলেই পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰে ৷
দ্বিতীয়তে, বিগত কেইটামান নিৰ্বাচনৰ পৰা এই অঞ্চল শাসকীয় বিজেপিৰ এটা দুৰ্গ হিচাপে চিহ্নিত হৈ আহিছে ৷ য'ত দলটোৱে কেৱল নিজৰ ভোটৰ হাৰ বৃদ্ধি কৰাই নহয়, মুখ্য বিৰোধী দল কংগ্ৰেছৰ সৈতে ব্যৱধানো বৃদ্ধি কৰিছে ।
তৃতীয়তে , কোভিদৰ পূৰ্ব ৰাজ্যত হোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ব্যাপক প্ৰভাৱ পৰিছিল উজনি অসমত। উজনি অসমৰ প্ৰতিটো প্ৰান্ততে তীব্ৰতৰ হৈছিল আন্দোলন। প্ৰত্যক্ষ ভাবে আন্দোলনত নামিছিল ছাত্ৰ সমাজৰ লগতে ৰাজ্যৰ সকলো দল সংগঠন। গতিকে উজনি অসমত এইবাৰৰ নিৰ্বাচন বিজেপিৰ বাবে তীব্ৰ প্ৰত্যাহ্বান স্বৰূপ হিচাপে বিবেচিত হৈছে।
লক্ষ্যণীয় দিশটো এই যে,২০১৪ৰ পূৰ্বে এই প্ৰান্তত বিজেপিৰ অস্তিত্ব অতি দুৰ্বল আছিল আৰু আঞ্চলিক দল অসম গণ পাৰিষদ (অগপ)ৰ ব্যাপক সমৰ্থন আছিল । যদিও, কংগ্ৰেছে প্ৰতি নিৰ্বাচনতে এই প্ৰান্তত সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল ৷ মুখ্যতঃ চাহ বাগিচা সম্প্ৰদায়ৰ পৰম্পৰাগত সমৰ্থনৰ লাভ কৰিছিল কংগ্ৰেছে ।
কিন্তু ২০১৪ চনত বিজেপিয়ে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি আৰু অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে বিজেপিলৈ স্থানান্তৰিত হৈছিল চাহ বাগিচা সম্প্ৰদায়ৰ সমৰ্থন ।
২০১৪ চনৰ লোকসভা নিৰ্বাচনত, বিজেপিয়ে উজনি ব্যাপক সমৰ্থন লাভ কৰিছিল আৰু প্ৰায় ৪৬ শতাংশ ভোট নিজৰ লগত ৰাখিবলৈ সক্ষম হৈছিল। ২০১১ চনৰ বিধানসভা নিৰ্বাচনত ১৩ শতাংশ ভোটৰ তুলনাত ৩৩ শতাংশলৈ বৃদ্ধি পাইছিল বিজেপিৰ ভোট । তাৰ পিছত ২০১৬ চনৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত, বিজেপিয়ে অগপ আৰু বড়োলেণ্ড পিপ'লছ ফ্ৰণ্ট (বিপিএফ)ৰ সৈতে মিত্ৰতা গঠন কৰি উজনি অসমত সৰ্বাধিক ৪৫ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।
ইফালে একে সময়ছোৱাতে কংগ্ৰেছৰ ভোটৰ অংশ ২০১১ৰ তুলনাত ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ ভিতৰত ৪৬ শতাংশৰ পৰা ৩৬ শতাংশলৈ হ্ৰাস পায় । কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৪ শতাংশ ভোট বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল ।
এন ডি এ আৰু কংগ্ৰেছৰ মাজত ভোটৰ ব্যৱধান সময়ৰ লগে লগে বাঢ়ি আহিছে ৷ কাৰণ পূৰ্বে সৰু সৰু আঞ্চলিক দললৈ যোৱা ভোটসমূহ এইবাৰ বিজেপিয়ে নিজৰ লগত ৰাখিবলৈ সক্ষম হৈছিল।কিন্তু নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ পিছৰ পৰ্যায়ত বিজেপিৰ নিজৰ ভোট অক্ষত ৰাখিবলৈ কিমান দূৰ সম্ভৱ হ'ব, সেই লৈ প্ৰশ্ন উত্থাপিত হৈছে।
অসন্তুষ্টি বনাম বিকাশ -
এই সম্পৰ্কত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে জনাইছিল যে, কা’ৰ ওপৰত চৰকাৰৰ পদক্ষেপত সুখী নহয় তেওঁলোক। তেওঁলোকে অনুভৱ কৰে যে,যদিহে ইয়াত "আনক" অনুমতি দিয়া হয় তেন্তে ইয়াৰ ফলত চাকৰিৰ অভাৱ হ'ব । তেওঁলোকে কৈছিল, "এন হ’লে আমি ক'ত যাম? " ৷
লগতে দুয়োগৰাকীয়ে কৈছিল যে পৰিৱৰ্তনৰ স্বাৰ্থত তেওঁলোকে ২০১৬ আৰু ২০১৯ চনত বিজেপিক ভোট দিছিল কিন্তু এইবাৰ দুয়ো ভোটদানৰ বাবে যোৰহাট আৰু তিনিচুকীয়ালৈ যোৱা নাই । ইফালে আন শিক্ষাৰ্থীসকলেও কা’ৰ বিষয়ে একে ধৰণৰেই উদ্বেগ প্ৰকাশ কৰিছিল। আনকি চাহ বাগিচা অঞ্চলতো, কিছুমান লোকে ভয় কৰিছিল যে "বাহিৰৰ লোক" আহিব আৰু "তেওঁলোকে আমাৰ চাকৰি ল'ব পাৰে কিয়নো বহিৰাগত লোকসকলে কম মজুৰিতো কাম কৰিব পাৰে" ৷
উজনি অসমত কা'ক লৈ উদ্বেগ স্পষ্ট ৷ কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে ইয়াক নিৰ্বাচনী কৌশল হিচাপে তুলি লৈছে যদিও ই এটা মুখ্য নিৰ্বাচনী বিষয় হৈ পৰা নাই । ইয়াৰ আঁৰতো দুটা কাৰণ আছে।
প্ৰথমে, ৰাজ্য চৰকাৰে নিৰন্তৰভাৱে পথ নিৰ্মাণৰ কামৰ ওপৰত গুৰুত্ব দিছে।
দ্বিতীয়তে, বিভিন্ন আঁচনিৰ অধীনত প্ৰত্যক্ষ নগদ স্থানান্তৰেও সহায় কৰিছে। ৰাজ্যত পুৰণি কংগ্ৰেছ ব্যৱস্থাৰ বিপৰীতে, প্ৰত্যক্ষ নগদ স্থানান্তৰৰ দ্বাৰা স্থানীয় নেতাসকলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা হৈছে ৷
কোনো স্পষ্ট বিকল্প নাই -
কংগ্ৰেছ, অসম জাতীয় পৰিষদ (এজেপি) আৰু ৰাইজৰ দলৰ নেতাসকলে কা’ৰ বিৰোধিতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে যদিও ই যুৱচামক আকৰ্ষিত কৰিব পৰা নাই। যুৱচাম এইবাৰ দ্বিধাত আছে ৷ বহুতে অনুভৱ কৰে যে কা’ প্ৰতিবাদত অংশগ্ৰহণ কৰা এজেপি আৰু ৰাইজৰ দলে এনডি এৰ শাসন ওফৰাবলৈ যথেষ্ট শক্তিশালী নহ'ব পাৰে । দুয়োটা দলে কিছু আসন পাব পাৰে যদিও সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা নাই।
আনহাতে যুৱচামৰ মাজত কংগ্ৰেছ এতিয়াও 'দুৰ্নীতিগ্ৰস্ত দল'ৰ টেগৰ সন্মুখীন হৈ আছে। কংগ্ৰেছে বদৰুদ্দিন অজমলৰ অ'ল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট (এআইইউডিএফ) ,বিপিএফ আৰু বাওঁপন্থী দলসমূহ সৈতে মিত্ৰতা স্থাপন কৰি শাসকীয় বিজেপিক এক শক্তিশালী প্ৰত্যাহ্বান প্ৰদান কৰিছে।
লগতে এইটো মন কৰাটো গুৰুত্বপূৰ্ণ যে, উজনি অসমত (প্ৰথম পৰ্যায়ত) প্ৰায় প্ৰতিখন আসনতে কংগ্ৰেছে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। দলটোৱে বিগত বছৰৰ লোকসভা নিৰ্বাচনতো এই প্ৰান্তত ভোটৰ অংশ ৪ শতাংশ বৃদ্ধি কৰিছিল ৷ যদি কংগ্ৰেছে বিজেপিৰ আধিপত্যক প্ৰত্যাহ্বান জনাব বিচাৰে তেন্তে তেওঁলোকৰ পক্ষত ৪-৫ শতাংশ ভোট চুইঙৰ প্ৰয়োজন হ'ব।
Published by:Himangshu Bhuyan
First published: March 28, 2021, 09:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|
Assam Assembly Election 2021CAA NRC ProtestTea Garden WorkersUpper Assam
ফটো
...
...
...
শেহতীয়া বাতৰি
...
...
...
...
...
LIVE TV
শাখা
অসম
খবৰ
দেশ
বিশ্ব
জীৱন শৈলী
ফটো
ভিডিঅ
লাইভ টিভি
শেহতীয়া বাতৰি
ডায়েবেটিচৰ পৰা সকাহ পাবলৈ শীতকালত ব্যৱহাৰ কৰক এইকেইবিধ পাচলি
Horoscope Today : ৩ ডিচেম্বৰৰ ৰাশিফল, কেনে যাব আপোনাৰ আজিৰ দিনটো?
অৱশেষত জালত পৰিল ২০ কোটিটকীয়া জিএমচিৰ বোকা নিষ্কাশন কেলেংকাৰীৰ অন্যতম অভিযুক্ত ঠিকাদাৰ মিঠু আগৰৱালা
আজমলে হিন্দু সমাজৰ লগতে সমগ্ৰ নাৰী জাতিক অপমান কৰিছে : বিজেপি নেত্ৰী মুন স্বৰ্ণকাৰ
Belgium Eliminated FIFA World Cup: ৰোমেলু লুকাকুৱে সুযোগ হেৰুৱালে বাবেই বেলজিয়ামৰ যাত্ৰা শেষ হ'ল নেকি ? ড্ৰ কৰি ক্ৰোৱেছিয়াৰ আধিপত্য ...
আমাৰ বিষয়ে
আমাক যোগাযোগ কৰক
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News
Marathi News