text
stringlengths 0
188k
|
---|
Editor : P. Sainath |
@PSainath_org |
[email protected] |
http://psainath.org/ |
Share |
P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'. |
Other stories by P. Sainath |
Series Editor : Sharmila Joshi |
Share |
Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher. |
Other stories by Sharmila Joshi |
Translator : Bonya Baruah |
Share |
Bonya Baruah is a freelance journalist and language expert based in Mumbai. She has been a recipient of many prestigious fellowships including UNICEF Media Fellowship, ZUBAAN-Sasakawa Peace Fellowship, Assam govt. media fellowship and Assam Science Technology and Environment Council Climate Change Reporting fellowship. Her areas of interest are women and gender, environment, human rights and development journalism.<eot>উচ্চ নিৰিখৰ মাচুল : শিক্ষণৰ গুণ-মান নহয়, ডিগ্ৰী বিক্ৰীৰ ৰমৰমীয়া ব্যৱসায়ত পৰিণত হৈছে ব্যক্তিগত খণ্ডৰ বি এড কলেজবোৰ |
by কল্পজ্যোতি শইকীয়া |
August 19, 2018 10:55 pm |
104 |
VIEWS |
Share on FacebookShare on Twitter |
চৰকাৰে মাধ্যমিক স্তৰৰ শিক্ষকতাৰ বাবে বি এড ডিগ্ৰী বাধ্যতামূলক কৰাৰ পিছতে ৰাজ্যখনত কাঠফুলাৰ দৰে হঠাতে যেনি-তেনি গজি উঠিল বি এড কলেজবোৰ। |
ফলত ইয়াক লৈ এটা ৰমৰমীয়া ব্যৱসায় চলাইছে এচামে। পৰিস্থিতি এতিয়া এনেকুৱা হৈছেগৈ যে এইবোৰ এতিয়া উপযুক্ত গুণ-মানৰ শিক্ষণৰ পাঠ দিয়াৰ পৰিৱৰ্তে হৈছেগৈ টকাৰ বিনিময়ত ডিগ্ৰী দিয়া অনুষ্ঠান। |
উল্লেখযোগ্য যে আজি আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ চৰকাৰী অথবা বেচৰকাৰী বি এড শিক্ষাৰ প্ৰতিষ্ঠানসমূহে ১০ হাজাৰ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা বুলি গুৰুতৰ অভিযোগ তোলে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মহানগৰ জিলা সমিতিৰ সভাপতি মৃন্ময় বৰুৱাই। |
সংবাদমেলত মৃণ্ময় বৰুৱাই কয় যে যোৱা ৫ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা তালিকা মতে ৰাজ্যৰ মুঠ বি এড কলেজৰ সংখ্যা ৩৭খন। ইয়াৰে ৩৫খনেই ব্যক্তিগত খণ্ডৰ। |
ব্যক্তিগত খণ্ডৰ ৩৫খনত মুঠ আসনৰ সংখ্যা ৩৪৫০খন হোৱাৰ বিপৰীতে চৰকাৰী বি এড মহাবিদ্যালয়ৰ আসনৰ সংখ্যা কেৱল ৬৫০খন বুলিহে প্ৰকাশ কৰিছিল উক্ত তালিকাত। |
আনহাতে বৰুৱাই কয়, “যোৱা ১০ আগষ্টত প্ৰকাশ কৰা তালিকাত ৰহস্যজনকভাৱে ৩৪৫০খন আসনৰ পৰা হ্ৰাস পাই বেচৰকাৰী প্ৰতিষ্ঠানবোৰত আসনৰ সংখ্যা হ’লগৈ ২৯৮৮খন আৰু চৰকাৰী বি এড মহাবিদ্যালয়ত আসন মাত্ৰ ১৮৮খন হ’ল।” |
ইয়াৰোপৰি তেওঁ চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয়, “এইবেলি যিহেতু চৰকাৰী বি এড কলেজত ১৮৮গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে অধ্যয়নৰ সুবিধা লাভ কৰিব, তেনে স্থলত বাকী দৰিদ্ৰ আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে বেচৰকাৰী বি এড প্ৰতিষ্ঠানত ৫০-৬০ হাজাৰ টকা খৰচ কৰি কেনেকৈ অধ্যয়ন কৰিব? |
আনহাতে, চৰকাৰে বেচৰকাৰী বি এড প্ৰতিষ্ঠানসমূহে নামভৰ্তিৰ নামত প্ৰয়োজনতকৈ বেছি মাচুল সংগ্ৰহেৰে শিক্ষাৰ্থীসকলক মাধমাৰ শোধোৱা ব্যৱস্থাটোক সমৰ্থন কৰি আহিছে বুলিও তেওঁ অভিযোগ কৰে। |
তেওঁ লগতে কয় “এখন ব্যক্তিগত বি এড কলেজৰ আসনৰ সংখ্যা ১০০খন থাকিলে এগৰাকী শিক্ষাৰ্থীৰ পৰা ৫০ হাজাৰকৈ দুবছৰত ১লাখ টকা আদায় কৰে। সেইদৰে আৰু ১০০গৰাকী শিক্ষাৰ্থীৰ পৰা দুবছৰত প্ৰতিষ্ঠানটোৱে ১ কোটি টকা পৰ্য্যন্ত লাভ কৰে। |
মৃণ্ময় বৰুৱাই উক্ত সংবাদমেলতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ প্ৰতি কেইটামান দাবীও তোলে। সেই দাবীসমূহ ক্ৰমে : |
১. ৰাজ্যখনত অতি শীঘ্ৰে ৫০খন চৰকাৰী বি এড প্ৰতিষ্ঠান গঢ়ি তোলা। |
২. ব্যক্তিগত খণ্ডৰ বি এড কলেজসমূহত চলি থকা বেমেজালি বন্ধ কৰা। |
৩. বি এড কলেজসমূহত নুন্যতম ২০ হাজাৰ টকাৰ ভিতৰত পাঠ্যক্ৰম প্ৰদান কৰা। |
৪. শিক্ষকসকলৰ বাবে সুকীয়া বি এড কলেজ প্ৰতিষ্ঠা কৰা। |
৫. বি এডৰ পাঠ্যক্ৰম এবছৰীয়া কৰা। |
উপৰোক্ত দাবীসমূহ গ্ৰহণ নকৰিলে পৰৱৰ্তী পৰ্য্যায়ত শিক্ষাবিভাগৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। |
সংগঠনটোৰ মতে, ৰাজ্যৰ চাকৰি প্ৰত্যাশী দুখীয়া নিবনুৱাই ভৱিষ্যতে শিক্ষকৰ চাকৰিত সোমাম বুলি ভাবিলেও এই বি এড কলেজৰ উৎকট ব্যৱসায় এক অন্তৰায় হৈ দেখা দিছে। |
Recent News |
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>আমাৰ মাজৰ কিমানজনে গম পায় যে সংবিধানৰ ৫২তম অধ্যায়(ক)ৰ ৪২তম সংশোধনী মতে “বৈজ্ঞানিক মানসিকতা, মানৱীয়তা আৰু অনুসন্ধানশীলতাৰ অনুশীলন কৰা প্ৰত্যেক নাগৰিকৰে এটা কৰ্তব্য”। অৰ্থাৎ, বৈজ্ঞানিক মানসিকতা অৱলম্বন কৰাটো বৰ্তমান সময়ত নিতান্তই প্ৰয়োজনীয় হোৱাৰ উপৰি সংবিধান মতেও ই প্ৰত্যেক নাগৰিকৰ দেশৰ প্ৰতি থকা মৌলিক কৰ্তব্যৰ ভিতৰত পৰে। আৰু ইয়াৰ পিছতো সমাজত এনে কিছুমান লোক ওলায় যি কেৱল এই কৰ্তব্যক অৱমাননাই নকৰে, বৰঞ্চ এনে কথাও উলিয়ায় যে প্ৰাচীন শাস্ত্ৰৰ মতে হেনো অতীজৰ ভাৰতবৰ্ষত আধুনিক যন্ত্ৰ-বাহনৰ প্ৰযুক্তিৰ প্ৰচলন আছিল আৰু সকলোৱে প্ৰাথমিক বিদ্যালয়ত পঢ়ি অহা সূত্ৰ এটাৰ নামকৰণ কৰিবলৈ আমি পাইথোগোৰীয়সকলক সুবিধা কৰি দিছো। |
ভাৰতবৰ্ষ এতিয়াও বৈজ্ঞানিক উদ্ভাৱন আৰু গৱেষণাৰ দোমোজাতে ৰৈ আছে। ছাৰ চি ভি ৰমণ, ছাৰ জগদীশ চন্দ্ৰ বসু, ৰামানুজন আদিৰ লেখীয়া মানুহেৰে জিলিকি থকা অতীত এটাকে সাৱটি আমি চলি আছো। সেয়া আছিল ভাৰতীয় বিজ্ঞানৰ সোণালী যুগ। তাৰ পিছত দেশে স্বাধীনতা পালেও প্ৰযুক্তিবিদ্যা, চিকিসাশাস্ত্ৰ অথবা গণিত-বিজ্ঞানৰ কোনো ক্ষেত্ৰতে ভাৰতে তেওঁলোকৰ লগত একে খাপৰ কাকো জন্ম দিবলৈ সক্ষম হোৱা নাই। ভাৰতত বাস কৰি ভাৰতক কৰ্মক্ষেত্ৰ হিচাপে বাছি কাম কৰা কোনো ভাৰতীয়ই বিগত ৮৫ বছৰ ধৰি নোবেল বঁটা অৰ্জন কৰিব পৰা নাই। ক’ৰবাত নিশ্চয় গভীৰ খুঁত ৰৈ গৈছে! নহ’লে শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা বুলি খ্যাতি থকা দেশ এখনত এইটো কেনেকৈ সম্ভৱ হ’বলৈ পালে? নে উত্তৰটো তেনেই সহজ? আমি বিজ্ঞানত কেঁচা? |
বিজ্ঞানৰ ক্ষেত্ৰখনত দেশে সুনাম কৰিবলৈ ব্যৰ্থ হোৱাৰ কাৰণবোৰ চালি-জাৰি চাবলৈ বৰ বেছি কঠিন নহয়। সৰুৰে পৰা আমাক বাধ্য কৰোৱা হয় বিদ্যালয়ত শিকিবলগীয়াখিনি মুখস্থ কৰিবলৈ। শিক্ষকে কোৱাখিনিৰ ওপৰত আমি প্ৰশ্ন নোতোলাকৈ মানি লওঁ। হয়তো বহুবছৰ আমাতকৈ সভ্য জাতি এটাৰ শাসনত থকাৰে কুফল সেয়া। হাইস্কুল পোৱা সময়লৈ আমাৰ মনত বহি যায় যে ডাক্তৰ বা ইঞ্জিনীয়াৰ নহ’লে জীৱনত একো নহ’ব। নিজে কি বিচাৰো, সেয়া এবাৰো ভাবি নাচাই আমি প্ৰত্যেকটো ক্ষণ শিক্ষক আৰু অভিভাৱকৰ আমাৰ কাৰণে থকা সপোনবোৰ পূৰাবলৈ লগাই দিওঁ। ভাৰতৰ বিদ্যালয়বোৰ এতিয়া এনেকৈয়ে চলি আহিছে আৰু এই দিশত যদি অচিৰেই সংশোধন অনা নহয় তেনেহ’লে আমি বৰ্তমানৰেই নহয় আমাৰ গৌৰৱোজ্জ্বল অতীতৰো সুনাম হেৰুৱাম। চমু কথাত ক’বলৈ গ’লে ভাৰতত এতিয়া বৈজ্ঞানিক চিন্তা-চৰ্চাৰ পৰিবেশ নাই। |
ভাৰতক এতিয়া শিক্ষাকে আদি কৰি সকলো দিশতে নতুন পথ-প্ৰদৰ্শকৰ প্ৰয়োজন। যি নিজে জগতলৈ পৰিৱৰ্তন কঢ়িয়াই আনিও আনৰ প্ৰশংসা কৰি সন্তষ্টি লভিব পাৰে— তেনে ব্যক্তিৰ প্ৰয়োজন। কোনো এখন হলীউডৰ কথাছবিয়ে ৫টা অস্কাৰ বঁটাৰ মনোনয়ন পালে ইণ্টাৰনেটত চিঞৰ-বাখৰ লাগি যায়। কিন্ত “নেচাৰ” বিজ্ঞান-পত্ৰিকাখনে যেতিয়া ২০১৪ চনৰ প্ৰথম ১০ আৱিস্কাৰকৰ তালিকাত এজন ভাৰতীয় বিজ্ঞানীক অন্তৰ্ভুক্ত কৰে, তাৰ খবৰ ৰাখিবলৈ কাৰো আহৰি নাই। আমি যদি বিশ্বাস কৰো যে সমাজত ভৱিষ্যতে বিজ্ঞানী, প্ৰযুক্তিবিদ অথবা গণিতজ্ঞ হ’ব পৰা পঢ়া-শুনাত আগ্ৰহী মানুহৰ প্ৰয়োজন নাই, সি এক চূড়ান্ত মুৰ্খামী হ’ব। আমি সমাজৰ পৰা এবাৰতে সকলো সমস্যা আঁতৰাব পৰা ছুপাৰষ্টাৰৰ প্ৰয়োজন অনুভৱ কৰোঁ, বিজ্ঞ ব্যক্তিসকলক তেওঁলোকৰ প্ৰাপ্য সন্মানখিনি দিবলৈ কিন্তু আমি পাহৰি যাওঁ! গতানুগতিকতাৰ লগত আমি ইমানেই অভ্যস্ত হৈ পৰিছো যে যেতিয়া প্ৰকৃত জিনিয়াছ এজন আহি আমাৰ সন্মুখত দেখা দিয়ে আমি হয়তো তেওঁক চিনিবও নোৱাৰিম। আনকি কৈলাশ সত্যাথীয়ে যেতিয়া শান্তিৰ নোবেল বঁটা পাইছিল তেতিয়া গোটেই দেশে তেওঁ কোন জানিবলৈ গুগলৰ সহায় ল’বলগীয়া হৈছিল। ইয়ে প্ৰমাণ নকৰেনে যে আমাৰ দেশত কিবা সাংঘাতিক ভুল হৈ আছে? |
ভাৰতত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলা আৰু বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰ পৰিবেশৰ প্ৰচলন তথা জনপ্ৰিয়কৰণ কৰাৰ প্ৰধান দায়িত্ব যুৱচামৰ। যদি পথত আমাৰ সন্মুখেৰে এটা ক’লা মেকুৰী পাৰ হৈ যাওঁতেই আমি প্ৰত্যেকবাৰ ৰৈ দিওঁ, তেন্তে ই অকল আমি সংবিধানৰ “বৈজ্ঞানিক মানসিকতা গ্ৰহণ কৰা” নীতিকে উপলুঙা কৰা নহ’ব; বৰং ই আমাৰ দেশখন বিজ্ঞানৰ ক্ষেত্ৰত পিছপৰি ৰোৱাত আমি গোপনে সহায় কৰাৰ এটা কাৰণহে হ’ব। বিজ্ঞানৰ গৌৰৱোজ্জল দিনবোৰ ম্লান পৰি অহাৰ ক্ষেত্ৰত আমাৰ ৰাজনীতিকৰো কিছু হাত আছে। কিছুমান বেয়া ৰাজনৈতিক সিদ্ধান্তই আমাৰ অতীতত বেয়াকৈ প্ৰভাৱ পেলাইছে। আৰু বৰ্তমান তথা ভৱিষ্যতলৈকো ই চলি থাকিব। ১২ খন আই.আই.টি. আৰু তাতকৈ বেছি এন.আই.টি থকাৰ পিছতো প্ৰযুক্তিৰ কাৰণে আমি এতিয়াও আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এনে বহুসংখ্যাক প্ৰতিষ্ঠান গঢ়াতকৈ অক্সফ’ড অথবা প্ৰিন্সটন অথবা প্ৰাচীন নালন্দাৰ দৰে একোখন সৰ্বাঙ্গসুন্দৰ ভাৰতীয় বিশ্ববিদ্যালয় গঢ়ি তোলাতো বেছি মনোকাম্য নহয়নে? |
ভাৰতীয় বিজ্ঞান তথা বিজ্ঞানীসকলক গুৰুত্ব নিদিলে আন ৰাষ্ট্ৰই এই দিশত আমাক পিছ পেলাবলৈ বেছি সময় নালাগিব। এইয়া বুজাৰ এইটোৱেই সময় যে আমাৰ প্ৰকৃত ৰকষ্টাৰ, ছুপাৰষ্টাৰবোৰ হ’ল সেইসকল ব্যক্তি— যি সফলতাৰে আন এটা গ্ৰহলৈ কেৱল মহাকাশ যান উদক্ষেপণ কৰাই নহয়, বৰঞ্চ প্ৰথম প্ৰচেষ্টাতে সফলতাৰে সেয়া কৰিবলৈ সক্ষম হোৱা বিশ্বৰ প্ৰথমখন দেশ ভাৰতবৰ্ষ হোৱাৰো সুনাম কঢ়িয়াই আনিছে। তেওঁলোকেহে দেশলৈ প্ৰকৃত পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰিব, যদি তেওঁলোকৰ সপোনবোৰক উৰিবলৈ ডেউকা দিয়া হয়। কিয়নো, ২০২০ ৰ ভিতৰত ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সপোন আমি এতিয়াও এৰি দিয়া নাই। |
[এই প্ৰবন্ধটি তেজপুৰ বিশ্ববিদ্যালয়ৰ বাৰ্ষিক বিজ্ঞান–উৎসৱ ইনছিগনিছৰ স্মৰণিকাত প্ৰকাশ কৰিবলৈ সম্পাদকদ্বয়ে যুগুতাই উলিয়াইছিল। এই প্ৰবন্ধটি গণিত চ’ৰাত (http://gonitsora.com) ইংৰাজীত প্ৰকাশ হৈছিল আৰু ইয়াক অসমীয়ালৈ অনুবাদ কৰিছে ৰুপালিম হাজৰিকাই। লেখাটো অসমীয়াত টাইপ কৰি সহায় কৰি দিয়া বাবে ৰিতু দত্তক প্ৰবন্ধটিৰ লেখকে ধন্যবাদ জনাইছে।] |
← চাংঘৰৰ পৰা কৈছোঁ [বিহু : পৰিৱৰ্তনৰ ধামখুমীয়াত…] (প্ৰাঞ্জল দেউৰী) |
অসমীয়া লোক বাদ্য নিৰ্মাতা দ্বিজেন গগৈ ৰ সৈতে কিছু অন্তৰংগ আলাপ → |
You May Also Like |
সাংবাদিকৰ দুখ ( দিগন্ত চহৰীয়া ) |
September 18, 2016 0 |
ভাৰতত শিশু সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত জাতীয় গ্ৰন্থ ন্যাসৰ ভূমিকা (প্ৰশান্ত কুমাৰ বৰা) |
December 15, 2013 0 |
অ'পেৰা, ভাওনা, শংকৰদেৱ ইত্যাদি প্ৰসংগঃ কিছুমান ক্ষোভ আৰু কিছুমান সপোন – পংকজ বৰা |
August 14, 2012 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.