text
stringlengths
0
188k
মূলধনৰ অভাৱৰ বাবে কৃষিত নিবেশ কৰিব নোৱাৰে।
সময়মতে উপযুক্ত জাতৰ গুণগত মানদণ্ডৰ বীজৰ অভাৱ
শতকৰা ৭০ ভাগ মাটিতেই জলসিঞ্চনৰ অভাৱ হোৱা বাবে একাধিক খেতি কৰি লোকচান হোৱাৰ শংকা।
ক্ষুদ্ৰ আৰু খণ্ড বিখণ্ড মাটি আৰু বেছিভাগৰে মাটি একে লাটতে নাথাকে, ফলস্বৰুপে একাধিক খেতিৰ বাবে যান্ত্ৰিকতাৰ অসুবিধা
কৃষি সম্প্ৰসাৰণৰ দুৰ্বলতা, কৃষি বিষয়াৰ এলেকা জনসংখ্যা বৃদ্ধিৰ লগত সংগতি ৰাখি সংকুচিত নোহোৱা
অসমৰ জলবায়ু গৰম আৰু সেমেকা বাবে বেমাৰ, অপতৃণ আৰু অনিষ্টকাৰী কীট পতংগৰ প্ৰাদুৰ্ভাৱ
ভূমি আৰু জলসম্পদৰ সু ব্যৱহাৰৰ বাবে সচেতনতাৰ অভাৱ
উৎসৱ পাৰ্বন, সকাম-নিকাম, বিয়া-সবাহ আদিত অধিক সময় ব্যয়
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ বাবে সু ষ্পষ্ট নীতিৰ অভাৱ
উৎপাদিত সামগ্ৰীৰ বজাৰৰ বাবে কৃষকৰ মধ্যোভোগী নিৰ্ভৰশীল
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ সম্ভাৱনা অসমত প্ৰচুৰ। শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ দ্বাৰা কৃষকৰ উৎপাদন দুগুণতকৈও অধিক কৰা সম্ভৱ আৰু ইয়াৰ দ্বাৰা ৰাজ্যৰখনৰো ঘৰুৱা আয় বৃদ্ধি হ’ব। তাৰোপৰি ইয়াৰ দ্বাৰা ৰাজ্যৰ খাদ্য আৰু পৰিপুষ্টিৰ নিৰাপত্তা সুনিশ্চিত হ’ব। বৰষুণ নিৰ্ভৰ অঞ্চলত, বাৰিষা হোৱা অপৰ্যাপ্ত বৰষুণৰ পানী থলীতে বা পুখুৰীত সংৰক্ষণৰ দ্বাৰা বৈচিত্ৰকৰণ সম্ভৱ কৰি তুলিব পাৰি। পশুপালন, হাঁহ-কুকুৰা পালন, মৎসপালন, এৰী পলু পালন আদিৰ দ্বাৰা কৃষিৰ বৈচিত্ৰকৰণে অসমৰ কৃষকৰ তথা ৰাজ্যখনৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন সাধিব পৰা যায়। ইয়াৰ বাবে লাগিব সকলোৰে সংঘবদ্ধ আৰু প্ৰণালীবদ্ধ সংহত প্ৰচেষ্টা।
লেখক- ড০ হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য
লগতে পঢ়ক-Soyabean Cultivation: অসমত চয়াবিন খেতিৰ সম্ভাৱনীয়তা
English Summary: Crop Diversification
কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক
প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।
প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।
Donate now
Related Topics
Agriculture
Crop Crop Diversification Multiple Farming Alternative Farming Agriculture Rural News Farmers Farmers Income Department of Agriculture Top Agriculture News Trending Agriculture News
Like this article?
Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.
Read next
অসমৰ বজাৰ ভৰি থকা স্কোৱাচৰ খেতি কেনেদৰে কৰিব!
আমেৰিকান কৃষকসকল কিয় ভাৰতীয় কৃষকতকৈ কিয় আগবঢ়া? কাৰণটো জানক
Share your comments
Top Stories
Quail Bird Farming: ব্যৱসায়িক ভিত্তিত বতা চৰাই পালন
'পদ্মভূষণ' বঁটাৰে সন্মানিত Googleৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইক
Farmer protest: আকৌ এবাৰ দিল্লীৰ ৰামলীলা মৈদানত কৃষকৰ ‘গৰ্জন ৰেলী’
Bhopal Gas Tragedy: ৩৮ বছৰ ধৰি ন্যায়ৰ অপেক্ষাত ভূপাল ট্ৰেজেডীৰ ভুক্তভোগীসকল! বিশ্বৰ আটাইতকৈ ডাঙৰ মানৱ দুৰ্ঘটনাৰ আঁৰত কোন আছে?<eot>প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফীত অংশ ল’বলগীয়া অৰুণাচল প্ৰদেশৰ ১৫ জনীয়া ক্ৰিকেট দলটো মঙলবাৰে অৰুণাচল ক্ৰিকেট এছ’চিয়েশ্যনৰ নিৰ্বাচক মণ্ডলীয়ে ঘোষণা কৰিছে।
ঘোষিত দলটো ক্ৰমে কামছা য়াংফ’, ইণ্ডিয়া টকু, টেছি ড’ৰিয়া, লিছা টেহী, নীলম অবি, টেছি টাহিন, অখিলেষ সাহানি, সন্দীপ কুমাৰ ঠাকুৰ, মহম্মদ ছোইব, সুভাষ শৰ্মা, প্ৰতীক সিং, আকাশ সিং, সমাৰ্থ শৰ্মা, খিতিজ শৰ্মা আৰু হায়াট আনছাৰি।
উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআয়ে আয়োজন কৰি অহা ৰঞ্জি ট্ৰফী হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ তথা সন্মানীয় প্ৰথম শ্ৰেণী প্ৰতিযোগিতা। বিভিন্ন ৰাজ্য, অঞ্চল, চহৰ আৰু সংস্থাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আৰু এই সন্মানীয় প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰিব অৰুণাচল প্ৰদেশ।
ৰঞ্জি ক্ৰিকেটত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰা আন এটা উত্তৰ-পূবৰ দল মেঘালয়ৰ বিপক্ষে অহা ১ নৱেম্বৰত নিজৰ অভিযান আৰম্ভ কৰিব অৰুণাচলে। ইফালে অৰুণাচলৰ সকলোবোৰ ঘৰুৱা খেল অসমত অনুষ্ঠিত হ’ব।
Recent News
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>আপুনি গৌৰৱ Class 11 Assamese ৰ প্ৰশ্ন উত্তৰ বিচাৰি আছে নেকি তেন্তে Assamese Medium হৈছে এক নিৰ্ভৰযোগ্য স্থান যত আপুনি Class 11 Assamese Chapter 3 Question Answer তথা গৌৰৱ Class 11 Assamese ৰ প্ৰশ্ন উত্তৰ বিনামূল্যত পাব।
ইয়াৰ আগতে আমি ইয়াত Class 11 Assamese Chapter 1 Question Answer আৰু Class 11 Assamese Chapter 2 Question Answer আলোচনা কৰিলোঁ, আপুনি যদি পঢ়া নাই তেন্তে লিংকত ক্লিক কৰি পঢ়িব পাৰে।
Class 11 Assamese Chapter 3 Question Answer | গৌৰৱৰ প্ৰশ্ন উত্তৰ
আজি আমি আপোনাৰ বাবে লৈ আহিছোঁ Class 11 Assamese Chapter 3 Question Answer তথা একাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ তৃতীয় অধ্যায় গৌৰৱৰ প্ৰশ্ন উত্তৰ। আমি ইয়াত গৌৰৱৰ প্ৰশ্ন উত্তৰ হিচাপে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ লগতে দীঘল আৰু কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।
যদি আপুনি Assamese Medium Class 11 ৰ শিক্ষাৰ্থী তেন্তে এই ৱেবছাইটে আপোনাক যথেষ্ট উপকাৰ কৰিব। আপুনি যদি প্ৰথম বাৰৰ বাবে ইয়াত আহিছে তেন্তে এই ৱেবছাইটটো Bookmark কৰি লওক, আৰু পাৰিলে Assamese Medium Facebook Page, Assamese Medium Instagram Page আৰু Assamese Medium YouTube Channel ক Subscribe আৰু Follow কৰিব পাৰে।
অতি চমু প্ৰশ্ন (মূল্যাংক -১)
১ । কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা ৷
উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ ৷
২। ‘ডিভাইন কমেডি’ কাৰ ৰচনা?
উত্তৰঃ ‘ডিভাইন কমেডি’ ডাণ্টেৰ ৰচনা ৷
৩ । নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল ?
উত্তৰঃ নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ বীৰ আছিল।
৪। মৈথিলী জৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে ?
উত্তৰঃ মৈথিলী জৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ ‘টনাটনি’ কৰে ৷
৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে?
উত্তৰঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে ৷
চমু প্ৰশ্ন (মূল্যাংক – ২/৩)
১। সৌভাগ্যৰপৰা গৌৰৱ কেনেকৈ ওপজে ?
উত্তৰঃ সৌভাগ্যৰ বাবে উচ্চবংশৰ মৰ্যাদা,ধন-সম্পতি আৰু মান-মৰ্যাদা লাভ কৰে৷ এজন ধনী ব্যক্তি বা উচ্চবংশৰ লোকক বৰ্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সন্মান কৰে৷
২ । ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী হয়নে ? বুজাই লিখা ৷
উত্তৰঃ ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী নহয়৷কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপৰো পতন ঘটে ৷
৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে ?
উত্তৰঃ বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে৷
৪। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?
উত্তৰঃ শুদ্ধোধন বুদ্ধৰ বাপেক হোৱা বাবে মানুহে জানে৷
৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?
উত্তৰঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে ৷
দীঘল প্ৰশ্ন (মূল্যাংক – ৪/৫)
১। “ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল” -কথাষাৰ বুজাই লিখা ৷
উত্তৰঃ ধন-সম্পতি এনেকুৱা এটা নিচা যাৰ বাবে মানুহে নিজক লৈ গৌৰৱ,অহংকাৰ কৰে ৷ তেওঁলোকৰ মানত ধনেই সৰ্বেসৰ্বা ৷ ধন থাকিলে সকলো বস্তু কিনিব পাৰি অথচ মান-সন্মানকো নিজৰ কৰি ৰাখিব পাৰে ধনৰ বলত৷ধন থাকিলে বন্ধু লগত থাকে,সেয়া লাগিলে স্বাৰ্থপৰ ব্ন্ধুৱে হওঁক ৷ ধনীক সাধাৰণ মানুহে ভয় কৰে,ভক্তি কৰে আৰু সন্মান কৰে ৷ সেয়েহে কোৱা হৈছে,”ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল”৷
২। ‘গৌৰৱ’ প্ৰৱন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?
উত্তৰঃ প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান,আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় ৷ এই গুণবিলাকে মানুহক অমৰ কৰে৷ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদান ইতিহাসৰো গৌৰৱৰ বিষয় ৷ ছেক্সপীয়েৰ, কবীৰ, শংকৰদেৱ, মাধৱদেৱ, কালিদাস, ব্যাস আদিৰ ৰচনাৰাজিয়ে আজিও গোটেই বিশ্বত স্থান দখল কৰি আছে ৷ এই গৌৰৱৰ কাৰণ স্বৰ্গীয় আৰু চিৰস্থায়ী৷
৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- “বিজেতাই মানুহক হে পৰাস্ত কৰে,মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে”৷
উত্তৰঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ পাঠটোৰপৰা তুলি দিয়া হৈছে ৷ বলীয়ে নিজৰ দেহৰ বলত সকলো জয় কৰিব পাৰিলেও কিন্তু মন জয় কৰিব নোৱাৰে৷উপৰোক্ত বাক্যফাঁকিয়ে তাৰেই অৱতাৰণা কৰিছে ৷
বল হ’ল শৰীৰৰ এটি গৌৰৱৰ কাৰণ৷বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে৷বল থাকিলে মানুহে আনৰ ওপৰত প্ৰভুত্ব চলাব পাৰে আৰু আনৰ পৰা ভয়,ভক্তি আকৰ্ষণ কৰিব পাৰে ৷ দেশ জয় কৰা বীৰসকলক গৌৰৱৰ পাত্ৰ বুলি ভবা হয় ৷ কিন্তু বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন আনে জয় কৰি লয়৷আলেকজেণ্ডাৰে দেশ জয় কৰিছিল, কিন্তু প্লেটোৱেহে মানুহৰ মন জয় কৰিছিল৷নিউটন, ডাৰউইনৰ নিজৰ ভাব আনৰ মনত সুমুৱাই দি আনৰ মন জয় কৰিছে আৰু তেওঁলোকৰ নিচিনাকৈ ভাবিবলৈ সমৰ্থ কৰাইছে ৷ চুকাফা আৰু নৰনাৰায়ণৰ ৰাজ্য নাই কিন্তু শংকৰদেৱৰ ৰাজ্য কোনেও ধ্বংস কৰিব পৰা নাই৷আকবৰৰ ৰাজ্য কেতিয়াবাই চাৰখাৰ হ’ল কিন্তু গৌতম বুদ্ধৰ হোৱা নাই ৷ সেয়েহে কোৱা হৈছে, “বিজেতাই মানুহক হে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে”৷
৪। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে?বুজাই লিখা৷
উত্তৰঃ জন্ম,ধন আৰু মান সৌভাগ্যৰপৰা আহে৷জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী নহয়৷ধন থাকিও যদি প্ৰয়োজনত খৰচ কৰা নহয়, দান কৰা নহয়, ধাৰ নিদিয়ে তেন্তে সেই ধন কি কামৰ? টকা থাকে মানে বাহিৰৰ পৰা মান-সভ্ৰম নিজেই আহি লগ ধৰে ৷ সংসাৰত আহি যদি সৎ কৰ্ম নকৰি অসৎ কৰ্মত ধন ভাঙিব লগা হয় এই কু-সংগীবোৰৰ পৰা বাচি থাকিব নোৱাৰিলে ধন আৰু মান কেতিয়াও স্থায়ী হৈ থাকিব নোৱাৰে ৷
৫।প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা – “ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে৷”
উত্তৰঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ পাঠটোৰপৰা তুলি দিয়া হৈছে ৷ ৰূপে মানুহক কিদৰে নিজৰ মায়াজালত বন্দী কৰিব পাৰে তাৰে অৱতাৰণা উপৰোক্ত বাক্যফাঁকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে ৷
শৰীৰৰ এটা প্ৰধান অংশ হ’ল ৰূপ৷ৰূপৰ সহায়তো মানুহে জগত জিনিব পাৰে ৷ মহাদেৱৰ নিচিনা প্ৰধান যোগীকো ভগৱানৰ বিশ্ব-বিমোহন ৰূপে বলিয়া কৰিছিল ৷ ৰাম-ৰাৱণৰ যুদ্ধৰ কাৰণো সীতাৰ ৰূপ-লাৱণ্য ৷ গ্ৰীক-ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ৷ডাণ্টেৰ ‘ডিভাইন কমেডি’ ৰূপৰ পৰাই ওলাইছে৷হিৰোৰ লাৱণ্যৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাতুঁৰি পাৰ হৈছিল ৷ সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়,মানুহো তেনেকৈ ৰূপত মুগ্ধ হয় ৷ ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায় ৷ মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল ৷ ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল ৷ গতিকে সেইকাৰণে ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে বুলি কোৱা হৈছে ৷
অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ | Class 11 Assamese Chapter 3 Question Answer
১। কালিৰাম মেধি কিমান চনত জন্ম হয়?
উত্তৰঃ কালিৰাম মেধি ১৮৭৮ চনত জন্ম হয় ৷
২। ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ কাৰ ৰচনা?
উত্তৰঃ ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ কালিৰাম মেধিৰ ৰচনা ৷
৩। কালিৰাম মেধিৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ কালিৰাম মেধিৰ মৃত্যু ১৯৫৪ চনত হৈছিল ৷
৪। কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা ৷
উত্তৰঃ কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম- ‘অংকাৱলী’, ‘প্ৰহ্লাদ চৰিত’, ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ ৷<eot>নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত আজি চামগুৰিত আয়োজিত বিজেপিৰ ‘আইদেউৰ বুলনি’ অনুষ্ঠানত ভাগ ল’বলৈ গৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস।
জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ অৰ্ধ শতাধিক প্ৰতিবাদী নেতা-কৰ্মীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সভাৰ সমীপতে আৰক্ষী-প্ৰশাসনৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতো বিজেপি সভাপতি গৰাকীৰ প্ৰতিমূৰ্তি জ্বলাই ‘কা‘ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সব্যস্ত কৰে।
উক্ত প্ৰতিবাদ সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত ৰঞ্জিত দাসে কয় যে বিজেপিৰ বাবে এয়া কোনো প্ৰত্যাহ্বান হ’ব নোৱাৰে। এইবাৰ বিজেপিয়ে ১০০খন আসন পাবই আৰু আজিৰ পৰাই আমি এই অভিযান আৰম্ভ কৰিছো।
আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত ৰিৰ্প’ট কাৰ্ডৰ বিতৰ্ক সন্দৰ্ভত কয় যে সকলো মন্ত্ৰী হোৱাৰ আগত যিহেতু এজন বিধায়ক, গতিকে মই বিধায়ক সকলোৰেই ৰিৰ্পট কাৰ্ড বিচাৰিম।
লগতে নিজৰ দলৰ বিধায়কে প্ৰথমতে মন্ত্ৰীৰ ৰিৰ্প’ট কাৰ্ড ল’বলৈ দিয়া সন্দৰ্ভত এয়া কাৰোবাৰ উচতনিতহে মন্তব্য কৰা বুলি দাসে মন্তব্য কৰে।
আনহাতে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদৰ সৈতে মিত্ৰতা অব্যাহত থাকিব বুলিও উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।
বিজেপিৰ ‘মিছন ১০০’ অভিযানৰ প্ৰথম কাৰ্যসূচীৰ অংশ হিচাপে চামগুৰিৰ তেলিয়াগাঁওস্থিত বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত চামগুৰি সমষ্টিৰ মহিলা মৰ্চাৰ উদ্যোগত আয়োজিত আইদেউৰ বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰে সভাপতি ৰঞ্জিত দাসে।
এই অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক তথা বিজেপিৰ জ্যেষ্ঠ নেতা ফণী শৰ্মা, দীপ্লুৰঞ্জন শৰ্মা আৰু বিজেপিৰ কলিয়াবৰ জিলা সভাপতি অনিল শইকীয়া, কলিয়াবৰ জিলা বিজেপিৰ কোষাধ্যক্ষ জ্ঞানদীপ মহন্ত, অসম চাহ নিগমৰ উপাধ্যক্ষ সীমাঞ্চল দিগালকে ধৰি বহু জন নেতাই অংশ লয়।
বিগত দুটা দশক ধৰি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি সমষ্টি এইবাৰ বিজেপিয়ে দখল কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বিজেপি নেতা অনিল শইকীয়াই কয় যে ৰকিবুলক ভেটিবলৈ এইবাৰ চামগুৰিত হাজাৰ হাজাৰ মূলাগাভৰু ওলাই আহিছে।
ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰা আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘আইদেউৰে বুলনিতে পোহৰৰে ধেমালি’ শীৰ্ষক কালজয়ী গীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত কেইবাটাও দিহানামৰ প্ৰতিযোগী দলে অংশ গ্ৰহণ কৰে।
প্ৰতিটো দললৈ বিজেপিৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা এযোৰকৈ তাল উপহাৰ স্বৰূপে আগবঢ়ায়।
উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানলৈ উৰিয়াগাঁও বাইপাছৰ পৰা শতাধিক মহিলাই বাইক ৰেলীৰে সভাপতি গৰাকীক সভাস্থলীলৈ আদৰি আনে। সেই মুহুৰ্ততে প্ৰতিবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে দাসৰ প্ৰতিমুৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।