text
stringlengths
0
188k
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক চিল চিলা বদলতে ৰিস্তো কা ধাৰাবাহিকখনৰ সম্প্ৰতি অন্ত পৰিছে। মোলী আৰু কুনালৰ প্ৰেমক আদৰি লৈছিল সকলো ধাৰাবাহিক প্ৰেমীয়ে ৷ কিন্তু দৰ্শকৰ কাৰণে সুখবৰ যে ধাৰাবাহিক খনৰ দ্বিতীয় চিজনটো আৰম্ভ হৈছে ৷ এই চিজনটো দেখিবলৈ পোৱা গৈছে কেইবাখনো নতুন মুখ ৷এইসকলৰ ভিতৰত আছে কুনাল জয় সিং ৷ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা কুনাল জয় সিং সকলো অনুৰাগীৰ মাজত যথেষ্ট প্ৰিয় । পূৰ্বতে ষ্টাৰ প্লাছত সম্প্ৰসাৰি হোৱা ইস্কবাজ ধাৰাবাহিক খনত "ওম"ৰ চৰিত্ৰত অভিনয় কৰি যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ কুনাল জয় সিং ৷
গতিকে আকৌ এবাৰ কুনালে দৰ্শকক মনোৰঞ্জন কৰিব ৷ চিলচিলা বদলতে ৰিস্তো কা ধাৰাবাহিক খনত কুনাল জয় সিঙৰ চৰিত্ৰটোৰ নাম হৈছে ৰুহান ৷ ৰুহান লৈছে এজন ফ’টোগ্ৰাফাৰ ৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াত কুনাল জয় সিঙৰ অনুৰাগী সকলৰ, কুনালৰ অভিনয়ৰ প্ৰশংসা কৰিছে ৷ এগৰাকী অনুৰাগী এই সন্দৰ্ভত কয় যে, কুনালক আকৌ এবাৰ সৰু পৰ্দাৰ প্ৰত্যক্ষ কৰিবলৈ পায় যথেষ্ঠ আনন্দিত হৈছে।
অন্যহাতে সকলোৰে প্ৰিয় ৰিয়েলিটী অনুষ্ঠান খতৰো কী খিলাড়ী ৯ ৰ প্ৰতিযোগীসকলৰ মাজত পৰা জয়ী হৈছে ডান্সাৰ,কৰিঅ’গ্ৰাফাৰ,এক্টৰ পুনীত পাঠক ৷ পুনীত পাঠকে জয়ী হৈয়ে লাভ কৰিছে প্ৰায় ২০ লাখ টকাৰ লগতে লাভ কৰিছে এখন বাহন ৷ ইয়াৰ পিছতে পুনীত পাঠক খতৰো কে খিলাড়ী ৯ নামৰ অনুষ্ঠানটিত নিজৰ অভিজ্ঞতা সম্পৰ্কত মন্তব্য কৰে ৷ সততে যিকোনো লোকৰে এক ফ’বিয়া থাকে ৷ এই সন্দৰ্ভত পুনীত পাঠকে কয় যে ময়ো মানুহ মোৰো ভয় আছে ৷ কিন্তু সেই ভয়ৰ লগত যুদ্ধ কৰোঁ ৷ তেতিয়াহে আগবাঢ়ি যাব পাৰিম ৷ এই অনুষ্ঠানটিৰ জৰিয়তে যিকোনো ভয়ক আঁতৰ কৰাবলৈ এক মহত্তপূৰ্ণ অনুষ্ঠান ৷
অনুষ্ঠানটিত পুনীত পাঠকতকৈ শক্তিশালী প্ৰতিযোগীৰ ক্ষেত্ৰত মন্তব্য কৰে যে যদি দ্বিতীয় জনৰ কথা আমি ভাবি থাকোঁ ৷ তেন্তে নিজৰ কথা কোন সময়ত ভাবিম ৷ প্ৰত্যেকটো স্তৰত এইটোৱেই ভাবো যে ষ্টান্ট সমূহৰ প্ৰত্যেকটোৱেই অতি সুচাৰূপে কৰোঁ ৷ টপ 2 ত আদিত্য নাৰায়ন আৰু পুনিত পাঠকে নিজৰ স্থিতি দখল কৰে ৷ পুনিত পাঠকৰ মন্তব্য যে সকলোৰে প্লাছ মাইনাছ পইন্ট আছে ।সকলোৰে ভয় থাকে ৷ শমিতা চেট্টী এগৰাকী ভাল প্ৰতিযোগী আছিল কিন্ত তেওঁৰ ফ’বিয়া আছিল পইতাঁচোৰা ৷
এজন নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ হিচাপে জনপ্ৰিয় হোৱাৰ পিছত পোৱা এই সফলতাৰ সন্দৰ্ভত পুনীত পাঠকে কয় যে চলিত বৰ্ষৰ খতৰো কা খিলাড়ী জনপ্ৰিয়তাৰ শীৰ্ষত আছে । গতিকে এনেধৰণৰ এটা অনুষ্ঠনৰ পৰা পোৱা সফলতাই মোৰ কেৰিয়াৰত প্ৰভাৱ পেলাব। অনুষ্ঠাটিত জয়ী হোৱাৰ পিছত মোক শুভেচ্ছা বানী সকলোৱে জনাইছে ৷ অনুভৱ হৈছে যেন মোৰ জন্মদিন ৷ লগতে দৰ্শক,অনুৰাগীৰ মৰম শুভেচ্ছা পাই যথেষ্ট সুখী পুনীত পাঠক।
অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন
Tags: সৰু পৰ্দা
Categories: মনোৰঞ্জন
Sentinel Digital Desk
Next Story
চাকৰি
Similar Posts
News
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ
Supplements
Language
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल
The Sentinel
AboutContact UsAdvertise With Us
Contact
The Sentinel Building,
G.S. Road, Six Mile, Guwahati
Assam. Pin - 781022
Ph: 0361 2229312, 0361 2262048
© 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd.
Powered By Hocalwire
We use cookies for analytics, advertising and to improve our site. You agree to our use of cookies by continuing to use our site. To know more, see our Cookie Policy and Cookie Settings.Ok<eot>তথাকথিত ৰাষ্ট্ৰবাদীসকলৰ সৈতে সুৰ মিলালে ৰঞ্জিত দাসে : ‘ভাৰত মাতা কি জয়’ আৰু ‘বন্দে মাতৰম’ ধ্বনি দিবলৈ আহ্বান অখিলক
by অনিৰ্বাণ পাঠক
July 8, 2018 6:04 pm
204
VIEWS
Share on FacebookShare on Twitter
অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ কথাত বিজেপি শাসনলৈ অহাৰ পিছতে ভাৰতীয় মূল ভূখণ্ডত হঠাতে গজালি মেলা তথাকথিত ৰাষ্ট্ৰবাদীসকলৰ সুৰ দেখা গ’ল। বিভিন্নজন বিশিষ্ট ব্যক্তিৰ দেশপ্ৰেমক লৈ প্ৰশ্ন উত্থাপন কৰাৰ কৰ্তৃত্ব প্ৰদৰ্শন কৰা এই তথাকথিত দেশপ্ৰেমী তথা ৰাষ্ট্ৰবাদীসকলৰ দৰেই আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অখিল গগৈৰ দেশপ্ৰেম সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা দেখা গ’ল।
আজি ৮ জুলাইত, মালিগাৱঁৰ ৰং ভৱনত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে নিজৰ বক্তব্যত কৃষক নেতা অখিল গগৈৰ ‘ৰাষ্ট্ৰপ্ৰেম’ক লৈ সন্দেহ প্ৰকাশ কৰে। লগতে অখিল গগৈক নিজকে ‘দেশপ্ৰেমিক’ বুলি প্ৰমাণ কৰাৰো আহ্বান জনায়। তাৰ বাবে ৰঞ্জিত দাসে ধাৰ্য্য কৰি দিয়ে কেইটামান কাম।
“অখিল গগৈয়ে ৰাষ্ট্ৰ্ৰৰ হকে কোনো দিন কথা কোৱা শুনা নাই। তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ কথা বা ভাৰতবৰ্ষৰ কথা কোৱা তেওঁৰ মুখত শুনা নাই।” এইদৰে কয় ৰঞ্জিত দাসে।
তাৰ পিছতে কেইটামান সমিধান দিলে সভাপতি ৰঞ্জিত দাসে। তেওঁ কয়, “অখিল গগৈয়ে কৃষক মুক্তিৰ প্ৰতিখন সভাৰ আৰম্ভণিতে ‘ভাৰত মাতা কি জয়’ আৰু শেষত ‘বন্দে মাতৰম’ বুলি কওক। আৰু তেনেকৈ কৃষক মুক্তিৰ ১০০খন সভাত আৰম্ভণিতে ‘ভাৰত মাতা কি জয়’, শেষত ‘বন্দে মাতৰম’ আৰু লগতে ‘জয় আই অসম’ ধ্বনি দিয়ক। তেতিয়া আমি গম পাম তেওঁৰ যে ৰাষ্ট্ৰভক্তি আছে।”
ৰঞ্জিত দাসে লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাজনক এইদৰে প্ৰত্যাহ্বানো জনালে, “কৃষক মুক্তিয়ে যদি তেনেকৈ ১০০খন সভা অনুষ্ঠিত কৰিব পাৰে মই ৰাজনীতিয়ে নকৰো।”
আনহাতে আজি সাংবাদিকক ৰঞ্জিত দাসে কিছুদিন পূৰ্বে অখিল গগৈয়ে ‘ক্ষমতাৰ বাবে ৰঞ্জিত দাসে যিকোনো কাম কৰিব পাৰে’ বুলি এক মন্তব্য কৰিছিল বুলি জানিবলৈ দিয়ে।
এই বিষয়ত দাসে কয়, “মই ১৯৯১ চনত বিজেপিত যোগদান কৰিছিলো জাতিটোৰ স্বাৰ্থত বা ৰাষ্ট্ৰখনৰ স্বাৰ্থত কাম কৰিম বুলি। তেতিয়াতো বিজেপিৰ একোৱেই নাছিল। মোৰ ক্ষমতাৰ লোভ যদি থাকিলহেঁতেন শাসকীয় দলত আমি যোগদান কৰিব পাৰিলো হেঁতেন।”
লগতে এই মন্তব্যই ৰঞ্জিত দাসক দুখ দিয়া বুলি কৈ তেওঁ অখিল গগৈক ভৱিষ্যতে এনেধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।
Recent News
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ছাৰ উইলিয়াম শ্বেইক্সপীয়েৰৰ জীৱন আৰু কৰ্মৰাজিক লৈ ইংৰাজী সাহিত্যত আজিকোপতি যি অধ্যয়ণ আৰু গৱেষণা চলি আহিছে আৰু পৰিণামত যি বিশাল গ্ৰন্থ ভাণ্ডাৰ ৰচিত হৈছে, তাৰ সমানুপাতিক নহ’লেও অসমীয়া সাহিত্যত শংকৰদেৱৰ অধ্যয়ন আৰু গৱেষণা প্ৰায় একেটা ধাৰাতেই আগবাঢ়ি আহিছে। অৱশ্যে ড° মহেশ্বৰ নেওগৰ দৰে পণ্ডিত প্ৰৱৰ লোকে উপলব্ধি কৰিছে যে লক্ষ্মীনাথ বেজবৰুৱা, বাণীকান্ত কাকতি প্ৰমুখ্যে সুধি সকলে কৰা তত্ব গভীৰ আলোচনাৰ পিছৰ পৰা শংকৰদেৱৰ জীৱন-দৰ্শন, সাধনাৰ চৰ্চা বিৰল হৈ পৰিছে। তৎসত্বেও অনস্বীকাৰ্য সত্যটো হ’ল শংকৰদেৱ সম্পৰ্কে তাহানিৰ চৰিত পুথিৰ পৰা আৰম্ভ কৰি বৰ্তমান বিশ্ববিদ্যালয়ত গৱেষণা পুথি বোৰলৈকে, বৰগীত-ভটিমাৰ আলোচনাৰ পৰা কীৰ্তন-দশমৰ অনেক সংস্কৰণৰ পাতনি জাতীয় বিশ্লেষণ লৈকে যিমান বোৰ আলোচনা-বিলোচনা হৈছে, অসমৰ আন কোনো শিল্পী-সাহিত্যিক বা মনীষীৰ বেলিকা সেয়া হোৱা নাই। ইয়াৰ কাৰণ অসমীয়া জাতীয় জীৱনত শংকৰদেৱৰ অপৰিসীম আৰু সুগভীৰ প্ৰভাৱ।
উইলিয়াম শ্বেইক্সপীয়েৰ সম্বন্ধীয় এটা প্ৰশস্তি কবিতাত কবি মেথিউ আৰ্নেল্‌ডে কৈছে যে শ্বেইক্স্পীয়েৰে এক ৰহস্যময়তাৰ মাজত বিচৰণ কৰি আছে, যুগে যুগে জ্ঞানৰ অলংঘ্য গিৰিমালা অতিক্ৰমী সেই ৰহস্য ভেদ কৰাটো সাধাৰণ মানুহৰ পক্ষে অসম্ভৱ। আৰু সেই বাবেই যুগ যুগ ধৰি জ্ঞান পিপাসু বিদ্বান লোকে যুগ যুগ ধৰি গ্ৰন্থৰ পাত লুটিয়াইছে আৰু নতুন গ্ৰন্থৰ সৃষ্টি কৰিছে। শংকৰদেৱৰ ক্ষেত্ৰতো একেই বিশালতা লক্ষ্য কৰি কবি যতীন্দ্ৰ নাথ দুৱৰাই লিখিছে- ‘তোমাৰ জীৱনী লিখে এনে সাধ্য কাৰ / গোটেই অসম জুৰি বিস্তৃত জীৱনী যাৰ’। অসম ভূমিত সমন্বয়ৰ সূত্ৰৰে জাতি সত্তাৰ বীজ ৰোপণ কৰা শংকৰদেৱৰ বহুধাবিভক্ত ব্যক্তিত্ব আৰু বৃহত্তৰ সমাজ জীৱনলৈ আগবঢ়াই যোৱা যুগান্তকাৰী অৱদানৰ বাবেই আজিও শংকৰদেৱৰ অধ্যয়ণ আৰু গৱেষণা প্ৰাসংগিক লৈ আছে। এৰি যুগনায়ক গৰাকীক আধুনিক অসমীয়া সমাজত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱা, ডিম্বেশ্বৰ নেওগ, ড° বাণীকান্ত কাকতি, ড° মহেশ্বৰ নেওগ আদি ব্যক্তিৰ দ্বাৰা ৰচিত গ্ৰন্থ কেইখনে শিক্ষিত বাৰুকৈয়ে প্ৰভাৱিত আৰু উপকৃত কৰিছে। এই ক্ষেত্ৰত চৰিত পুথি সমুহৰ প্ৰণালিবদ্ধ ব্যাখ্যা, বিশেষকৈ উপেন্দ্ৰ চন্দ্ৰ লেখাৰু সম্পাদিত ‘কথা গুৰু চৰিত’ৰ অৱদানো অনস্বীকাৰ্য। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শ্ৰী শ্ৰী শংকৰদেৱ’ আৰু ‘মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ’ গ্ৰন্থ দুখন শংকৰদেৱ অধ্যয়নৰ প্ৰথম বিশ্লেষণাত্মক আৰু বিশ্বাসযোগ্য প্ৰয়াস। এই গ্ৰন্থত বেজবৰুৱাই শংকৰদেৱৰ উপৰিপুৰুষৰ অসম প্ৰৱেশৰ পৰা আৰম্ভ কৰি শংকৰদেৱৰ জীৱনৰ সৰু-বৰ গুৰুত্বপূৰ্ণ ঘটনা, সৃষ্টি-দৰ্শনৰ আলোচনাৰে এজন সাধাৰণ ব্যক্তিৰ পৰা মহাপুৰুষলৈ শংকৰদেৱৰ উত্তৰণ, অসমৰ জনজীৱনত নতুনত্বৰ সূচনা- এই সকলোবোৰ কথাৰ ঐতিহাসিক বিৱৰণ আগবঢ়াইছে। জীৱনী সাহিত্যত মূল সুঁতিটোৰ পৰা অকণমান ফালৰি কাটি আকৌ ডিম্বেশ্বৰ নেওগে ‘যুগনায়ক শংকৰদেৱ’ নামৰ গ্ৰন্থত শংকৰদেৱৰ ধৰ্ম আৰু দৰ্শনৰ বিষয়ে বিস্তৰ আলোচনা আগবঢ়াইছে। এগৰাকী দূৰৱৰ্তী সমালোচকৰ দৃষ্টিৰে ড° নেওগে শংকৰদেৱৰ একশএঅণ নীতিৰ স্বৰুপ, নামধৰ্মৰ প্ৰয়োগ-অপ্ৰয়োগৰ বিচাৰ, ভক্তি ধৰ্মৰ আচাৰৰ শুদ্ধা-শুদ্ধি, প্ৰাক্‌শংকৰী যুগ আৰু অৱতাৰ্বাদ, প্ৰাক্‌শংকৰী যুগত বৈষ্ণৱ পৰম্পৰা আদি বিষয়বোৰ উপস্থাপন কৰি শংকৰ অধ্যয়ণৰ ক্ষেত্ৰত কিছু নতুনত্ব আৰু ব্যাপ্তিৰ সঞ্চাৰ কৰিছে। তদুপৰি মাৰ্টিন লুথাৰ কিং, কবীৰ আদিৰ দৰে ধৰ্ম সমালোচক সকলৰ লগত শংকৰদেৱক তুলনা কৰি পঞ্চদশ শতিকাৰ বিশ্বজোৰা নৱজাগৰণৰ এছাটি বতাহে ভাৰত ভূমিকো প্ৰবাহিত কৰাৰ সময়তে মধ্যযুগীয় মানসিক দাসত্বৰ পৰা মানুহক উদ্ধাৰ কৰাত শংকদেৱো এজন যুগনায়ক নাছিল বুলি মতপোষণ কৰিছে। ১৯৪৯ চনতে ৰচিত ড° মহেশ্বৰ নেওগৰ ‘শ্ৰীশ্ৰী শংকৰদেৱ’ গ্ৰ্ন্থ খনিও মহাপুৰুষ জনাৰ এক সত্যানু সন্ধানী জীৱন-গাথা। ৰত্নাকৰ বৰকাকতী আৰু হৰিনাৰায়ণ দত্তবৰুৱা মতে ৰামানন্দ চৌধুৰী প্ৰণীত ‘শ্ৰীশ্ৰী শংকৰী ধৰ্ম আৰু ভক্তিসাৰ’ শীৰ্ষক দীঘলীয়া আলোচনাটো শংকৰদেৱৰ নাম ধৰ্ম সম্পৰ্কে কৰা বৈজ্ঞানিক বিশ্লেষণৰ প্ৰথম প্ৰচেষ্টা। ২০০৭ চনত প্ৰকাশিত ড° সঞ্জীৱ কুমাৰ বৰকাকতিৰ ‘পুৰ্ণাংগ কথা গুৰু চৰিত’ সাতশ পৃষ্ঠা জোৰা এই গ্ৰন্থ খনেই শংকৰদেৱ কেন্দ্ৰিক বৃহত্তম জীৱনী গ্ৰন্থী। এই গ্ৰন্থতো শংকৰদেৱ আৰু তেওঁৰ সমসাময়িক সমাজ ব্যৱস্থা, ৰাষ্ট্ৰ ব্যৱস্থা আদিৰ বিষ্যে গৱেষণালব্ধ জ্ঞানৰ প্ৰকাশ দেখা যায়। সামগ্ৰিকতাৰ দৃষ্টিৰে এই গ্ৰন্থ বিলাক বিশ্লেষণ কৰিলে দেখা যায় ইয়াৰ বহুলাংশ ব্যৱহৃত হৈছে শংকৰদেৱৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ বৰ্ণনাত্মক কথন স্বৰুপে। অৱশ্যে এই কথ অস্বীকাৰ কৰা নাযায় যে প্ৰতি খন গ্ৰন্থ সংশ্লিষ্ট লেখকৰ এক প্ৰণালীবদ্ধ গৱেষণা ৰীতি আৰু বিশ্লেষণৰ ফলশ্ৰুতি।
ওপৰোক্ত গ্ৰন্থ ৰাজিৰ ব্যতিৰেকে যি খন শংকৰ বিষয়ক গ্ৰন্থৰ কথা উত্থাপন কৰিব বিচৰা হৈছে সেয়া হৈছে ১৯৮৬ চনত প্ৰথম বাৰ প্ৰকাশিত ড° শিৱনাথ বৰ্মনৰ ‘শংকৰদেৱ : কৃতি আৰু কৃতিত্ব’। গ্ৰন্থ খনৰ আগকথাত লেখকে ঘোষণা কৰিছে যে ‘এই পুথি শংকৰদেৱৰ আখ্যান নহয়, ব্যাখ্যানহে’। গতিক ব্যাখ্যা আৰু বিতৰ্কৰ প্ৰতি যি সকল বিতৰাগী, আন কথাত যি সকল মাঁথো বিশ্বাসৰ বিশ্বাসী তেওঁলোকে এই পুথিত বিশেষ ৰস নাপাব; কাৰণ ইয়াত গ্ৰহণ কৰা হৈছে এক সমাজ বৈজ্ঞানিক দৃষ্টিকোণ ভক্তিবাদী মানসিকতাৰ লগত যাৰ সম্পৰ্ক প্ৰায় অসেতুবন্ধ্য। এই গ্ৰন্থ খনৰ বিশেষত্ব বুলিলে ইয়াকে ক’ব পাৰি যে শংকৰদেৱ ক’ত কেতিয়া জন্ম হৈছিল, কোন খন পুথি কোন ঠাইত কাৰ সাহচৰ্যত ৰচনা কৰিছিল আদি জাতীয় কথাৰ চৰ্বিত চৰ্বণ ইয়াত নাই; এগৰাকী অৱতাৰী পুৰুষ হিচাপে শংকৰদেৱৰ মাহাত্ম্য ইয়াত বৰ্ণিত আৰু বন্দিত হোৱা নাই। আধুনিক সমাজ বিজ্ঞানৰ মাপনীৰে পঞ্চদশ শতিকাৰ সমাজ বিজ্ঞানৰ মাপনীৰে পঞ্চদশ শতিকাৰ সমাজ সংহতিত শংকৰদেৱৰ ভূমিকা আৰু তাৰ প্ৰভাৱৰ গাঢ়তা এই গ্ৰন্থ খনত আলোচিত হৈছে। অসম মুলুকৰ পৰিসীমাতে শংকৰদেৱক আৱদ্ধ নকৰি লেখকে ক’ব বিছাৰিছে যে সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ প্ৰেক্ষাপটতহে শংকৰী চিন্তা আৰু দৰ্শনৰ প্ৰকৃতি মূল্যায়ন সম্ভৱপৰ। শংকৰদেৱেই অসমৰ সৰ্বপ্ৰথম ব্যক্তি যি সৰ্বভাৰতীয় ঐতিহ্যৰ ধলঅসমলৈ বোৱাই আনিলে আৰু আমাৰ মানসিক দিগন্ত অসমৰ পৰা ভাৰতলৈ প্ৰসাৰিত কৰি এক বিশাল জাতীয়তাৰ সোৱাদ দিলে। লেখকে প্ৰসংগ ক্ৰমে উল্লেখ কৰিছে যে শংকৰদেৱৰ ধৰ্ম তত্বসমূহ অসমৰ থলুৱা মাটিত ওপজা নহয়, বৰঞ্চ ই সৰ্বভাৰতীয় ঐতিহ্যৰ এক নব্য ৰুপান্তৰ। ভাৰতৰ ভক্তি আন্দোলনৰ উত্থাপনৰ নেপথ্য বিচাৰ কৰি ড° বৰ্মনে কৈছে যে ভাৰতৰ্ষৰ সামন্তবাদী উৎপাদন পদ্ধতি এক উন্নতৰ পৰ্যায়ত উপনীত হোৱাৰ সময়ত কু-স্ংস্কাৰ আৰু অন্ধ বিশ্বাসেৰে ভৰা গাঁৱৰ ঠেক গণ্ডীৰ পৰা বাহিৰলৈ ভুমুকি মৰাৰ সুযোগে মানুহৰ মনত অত্যাচাৰ-নিষ্পেষণৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস দিছিল। ফলত মানুহৰ মনত জাতি ভেদৰ অসাৰ্থকতা, বৈদিক পৰম্পৰাৰে প্ৰচলিত ব্যয়বহুল ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ সাৰশূন্যতা আদি ধাৰণা শিপাই উঠিছিল। ইহকালৰ সম্পদ আৰু পৰকালৰ স্বৰ্গ বিলাসৰ বাবে যাগ-যজ্ঞ, বলি-বিধান আদি ব্যয় বহূল আৰু কেৰোণযুক্ত অপধৰ্ম নিৰসন কৰি যি তত্বপূৰ্ণ সত্যধৰ্মৰ হ্বাৰত জুৰি সূচনা হ’ল সেয়া নৱ-বৈষ্ণৱ ভক্তি আন্দোলন। এই সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ ধ্যান-ধাৰণাক অসম ভূমিত সুস্থ আৰু সবল নেতৃত্বৰে বিস্তাৰ আৰু বিকাশ কৰাত শংকৰদেৱৰ শি ভূমিকা সেয়া সৰ্বভাৰতীয় প্ৰেক্ষাপটতহে বিচাৰ্যৰ বিষয়। ড° বৰ্মনে আগবঢ়োৱা অন্য এটা কৌতুহলী প্ৰসংগ হ’ল নৱ-বৈষ্ণৱ ভক্তি আন্দোলনত ইছলাম ধৰ্মৰ প্ৰভাৱ। বিশদ ব্যাখ্যাৰ পৰা বিৰত থাকিলেও লেখকে উল্লেখ কৰিছে যে খ্ৰীষ্ট্ৰীয় দশম শতিকাৰ মানৰ পৰা ভাৰতবৰ্ষলৈ অহা মুছলমান জাতিৰ ভতৃত্ববোধ, একেশ্বৰ বাদৰ ওপৰত অবিচল আস্থা, ধৰ্মীয় অনাড়ম্বৰতা আদিয়ে নীচকুলৰ হিন্দু সকলক আকৃষ্ট কৰিছিল আৰু জাতি ভেদৰ নিষ্পেষণৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যে ভাৰতৰ ভক্তি আন্দোলনত জাতি ভেদৰ প্ৰতি উদাসীনতা, একেশ্বৰবাদৰ উপাসনা আদিৰ বীজ অংকুৰিত হৈছিল। আনহাতে ভক্তি আন্দোলন মধ্যযুগীয়া ভাৰতবৰ্ষত এক সংস্কাৰবাদী আন্দোলন আছিল যিয়ে জাতি ভেদ প্ৰথা আওকাণ কৰি নিম্ন মধ্যবিত্ত শ্ৰেণীটোৰ মাজত সাম্যৰ ভাৱ বিকশাই তুলিছিল। কিন্ত এই নব্য ভক্তি আন্দোলনৰ পথ কণ্টকবিহীন নাছিল। সমাজৰ খলপীয়া গাঁথনি ভাগি পৰাৰ ভয়ত উচ্চ আৰু নিয়ন্ত্ৰণশীল শ্ৰণীটোৱে ৰজা ঘৰৰ কাণ চোৱাইছিল। ফলত ভাৰতীয় মঞ্চত ৰামানুজনৰ দৰে দৰে ধৰ্ম গুৰু ৰজা ঘৰৰ নিগ্ৰহৰ বলি হোৱাৰ সমান্তৰাল ভাৱে অসমতো হাতী ধৰাৰ অজুহাতত শংকৰদেৱৰ জোঁৱায়েকৰ প্ৰাণদণ্ড হৈছিল। মাধৱদেৱ, দামোদৰদেৱ আদি বিতাড়িত হৈছিল। ভাৰতৰ ভক্তি আন্দোলনক সমাজ বিজ্ঞানৰ দৃষ্টি ভংগীৰে বিশ্লেষণ কৰি লেখকে কৈছে যে এই আন্দোলনৰ হোতা সকলে বৈদিক পৰম্পৰাক সমূলি নস্যাৎ কৰি দিয়া নাছিল। কাৰণ ভাৰতত বৈদিক ঐতিহ্যৰ এৰাব নোৱাৰা পৰম্পৰা বৰ্তি আছিল আৰু ইয়াৰ দেখ দেখ বিৰুদ্ধা চৰণ মানেই এক অচলাৱস্থাৰ সূত্ৰপাত। ফলত বৈষ্ণৱ আন্দোলন ঘাইকৈ জনপ্ৰিয় হৈছিল সমাজৰ মধ্য শ্ৰেণীটোৰ মাজত। সামন্ত যুগীয় ভাৰতবৰ্ষত সমাজৰ উচ্চ শ্ৰেণীটো কতৃত্বশীল হোৱা বাবে এক সামাজিক স্থৰ্তৱস্থাৰ শোষক-নিয়ন্ত্ৰক আছিল আৰু জাতিভেদ বৰ্ণবাদ আদিৰ যোগেদি নিম্ন বৰ্গক শোষণ কৰি আহিছিল, যি সকল এই বিলাক বিষয়ত এক প্ৰকাৰ উদাসীন আছিল। বৈষ্ণৱ ধৰ্মত শাক্ত উপাদানৰ উপস্থিতিৰ কাৰণ হিচাপে ভক্তি আন্দোলনৰ দুইকুল ৰক্ষা কৰি চলা নীতিয়েই ঘাই বুলি মন্তব্য কৰিছে। ‘শংকৰি আদৰ্শ’ নামৰ প্ৰবন্ধত লেখকে ভক্তিৰ দুয়োটা মাৰ্গৰ আলোচনাৰে এই সিদ্ধান্তত উপনীত হ’বলৈ বিচাৰিছে যে ‘সমাজৰ অৰ্থনৈতিক অগ্ৰসৰতাত কোনো ধৰণৰ গুৰুত্ব নিদিয়া হেতুকেই নৱ-বৈষ্ণৱ ধৰ্মই অসমত শাক্ত-তান্ত্ৰিক আচাৰ সমূহৰ জইন মাৰিব পৰাতো নাছিলেই, বৰং বৈষ্ণৱ ধৰ্মৰ আঁৰ লৈয়েই এই প্ৰাথমিক জনজাতীয় আচাৰ সমূহে সত্ৰ সমূহত লাহে লাহে গা দাঙি উঠিছিল’। অসমৰ কোনো কোনো সত্ৰত বহু কাললৈ বৰ্তি থকা ৰীতিয়া, অৰীতিয়া, ভিতৰপকীয়া, পকাসেৱা, ৰাতিসেৱা আদি শাক্ত-তান্ত্ৰিক জনজাতীয় ‘লেতেৰা’ অনুষ্ঠান বোৰক পৰোক্ষভাৱে শংকৰী ধৰ্মই স্বীকাৰ কৰি লোৱা বুলিও লেখকে মতপোষণ কৰিছে। তৎসত্বেও শংকৰদেৱৰ পৃষ্ঠপোষকতাত অসমত বৈষ্ণৱ আন্দোলন সফল হৈছিল শংকৰী ধৰ্মৰ সৰলতাৰ বাবে। সমাজৰ উচ্চ শ্ৰেণীটোৰ মাজত সীমাবদ্ধ থকা যাগ-যজ্ঞ, দান-দক্ষিণা, তীৰ্থ ভ্ৰমণ আদিৰ বিপৰীতে নামঘৰৰ প্ৰতিষ্ঠাই প্ৰতীকী আৰ্থত ধৰ্মৰ গণতান্ত্ৰিকীকৰণ আৰু উদাৰী কৰণৰ সূচনা হোৱাৰ ফলত নিম্ন মধ্যবিত্ত শ্ৰেণীটোৱে ধৰ্মীয় দিশত সকাহ পাইছিল। উল্লেখ্য যে শংকৰী ধৰ্মৰ শিথিলতাও ইয়াৰ গণমুখিতাৰ এক কাৰক আছিল। ‘শংকৰী নৈতিকতা’ শীৰ্ষক প্ৰবন্ধটিত শংকৰী ধৰ্মত অহিংসাৰ স্থান সম্পৰ্কে আলোচনা কৰি লেখকে কৈছে যে এই ধাৰণা ভাৰতৰ নৱ বৈষ্ণৱ ধৰ্মৰেই প্ৰভাৱত উদ্ভুত যদিও বৈষ্ণৱ সকলৰ এই অহিংস আদৰ্শৰ পূৰ্ণ প্ৰয়োগ ঘটিছিল বেছ অৰ্থনৈতিক ৰয়োজনীয়তা থকা পশুকুলৰ ওপৰতহে। বিপৰীতে বৈষ্ণৱৰ চিৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণ নিজেই অজস্ৰ ৰজা আৰু অসুৰ হনন কাৰী সামন্ত যুগীয় সমৰবাদী প্ৰমূল্যৰ যথাৰ্থ প্ৰতিভূ। আকৌ পৰলোকৰ ভয় দেখুৱই মানুহক নীতি নিষ্ঠ কৰাৰ বৈষ্ণৱ প্ৰচেষ্টাৰ নৈতিকতাকো লেখকে প্ৰশ্ন উত্থাপন কৰিছে। সত্য আৱিষ্কাৰৰ দিনত সন্দেহৰ প্ৰয়োজন আছে। তেনে এক দৃষ্টিভ্ংগীৰ উমান পোৱা যায় ‘শংকৰদেৱ আৰু জাতিভেদ’ শীৰ্ষক লেখাত। লেখকে ইয়াত জাতিভেদ প্ৰথাৰ ক্ষেত্ৰত শংকৰদেৱৰ প্ৰগতিশীলতা আলোচনা কৰি কৈছে যে শংকৰদেৱ নিজৰ জাতি সম্পৰ্কে সচেতন আছিল আৰু আন অন্ত্যজাতি বা বিজাতি সমূহৰ প্ৰতি উচ্চ মনোভাৱ নাছিল। আমকি হিৰা, কৈৱৰ্ত আদি লোকৰ প্ৰতি হীন মনোভাৱ পোষণ কৰি শংকৰদেৱে কমাৰকুছিৰ পৰা পাটবাউসীলৈ উঠি যোৱাৰ কথাও উল্লিখিত হৈছে। ‘শংকৰী দৃষ্টিত নাৰী সমাজ’ প্ৰৱন্ধটিত বৈষ্ণৱ ধৰ্মক পুৰুষ তান্ত্ৰিক সামন্ত সমাজৰ ভাবাদৰ্শৰ বাহক হিচাপে বৰ্ণনা কৰি বৈষ্ণৱ সাধক সকলৰ নাৰী বিদ্বেষ, নাৰীৰ অল্পমতিতা, পৰাধীনতা আদি বিষয়বোৰ আলোচিত হৈছে। অসমত প্ৰৱৰ্তিত শংকৰী ধৰ্মত নাৰীয়ে যে কিছু স্বাচ্ছন্দ্য আৰু মৰ্যাদা লাভ কৰিছিল সেয়া লেখকে উদাহৰণ সহ ব্যাখ্যা কৰিছে। বাৰ ভূঞা বংশৰ শংকৰদেৱ সামন্তবাদৰ এক সমৰ্থক আছিল- এনে এটা আভাস ফুটি উঠিছে ‘শংকৰদেৱ আৰু সামন্ততন্ত্ৰ’ নামৰ প্ৰৱন্ধত যদিও শংকৰদেৱে অসমীয়া জাতিক সমন্বয়ৰ এনাজৰীৰে একত্ৰিত অৰিছিল তথাপি লেখকৰ মতে ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতীয় গোষ্ঠীবোৰ সামৰি এক বৃহৎ অসমীয়া সমাজ গঠন কৰাটো ইয়াৰ সচেতন পৰিকল্পনাত নাছিল। এক আধুনিক গণতান্ত্ৰিক সমাজবাদৰ প্ৰতিষ্ঠাপক হিচাপে শংকৰদেৱ বন্দিত হৈ অহাৰ বিপৰীতে ডঁ বৰ্মনে শংকৰদেৱক ৰাজতন্ত্ৰৰ একান্ত সমৰ্থক বুলি অভিহিত কৰিছে যিয়ে সামন্তীয় ব্যৱস্থাটো দৃঢ় কৰি তুলিছিল। জনজাতীয় বাদলৈ সমাজ ব্যৱস্থাৰ ক্ৰমোত্তৰণ আৰু ইয়াৰ পৰিণাম স্বৰুপে শংকৰদেৱে উজনিৰ আহোম ৰাজ্য পৰিত্যাগ কৰি নামনিৰ কোচ ৰজাৰ ছত্ৰছায়াত আশ্ৰয় লৈ ৰাজ বন্দনা কৰাৰ এক বিস্তাৰিত আলোচনা ইয়াত অন্তৰ্ভূক্ত হৈছে। শংকৰদেৱে তেওঁৰ সমসাময়িক অস্থিৰ সমাজ ব্যৱস্থাত সত্ৰানুষ্ঠানৰ সূচনা কৰাটো বুদ্ধদেৱৰ জনজাতীয় সাম্য আৰু সৰলতাৰ ভেটিত স্থাপিত সংঘৰ সমাৰ্থক আছিল। ইয়াত শংকৰদেৱৰ তীক্ষ্ণ সমাজ চেতনাৰ ইংগিত প্ৰকাশিত হয়। সামাজিক বৈষম্যৰ মূল কাৰক অৰ্থনৈতিক শিপা ডালত আঘাত নকৰাকৈয়ে শংকৰদেৱে শোষণ-নিষ্পেষণ পূৰ্ণ সামন্তবাদী সমাজ খনৰ ভিতৰতে শোষণ মুক্ত আদৰ্শ বাদী সমাজৰ জন্ম দিছিল বুলি লেখকে মতপোষণ কৰিছে। কিন্ত্ত বস্তৱ জগতৰ প্ৰতি থকা নেতিবাচক মনোভাৱ, ভকত সকলৰ শ্ৰমবিমুখিতা, বস্তৱ জগত বাসপযোগী নহয় আদি জাতীয় চিন্তাধাৰাৰ বাবে লেখকে শংকৰী ধৰ্মক সমালোচনা কৰিছে। আনকি খেতি-বাতিৰ শংকৰ – মাধৱৰ বীতৰাগি মনোভাৱে অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতাত প্ৰভাৱ পেলোৱা বুলিও কোৱা হৈছে। বিপৰীতে শংকৰী ধৰ্মই ব্যৱসায় বাণিজ্যত কিবা অৰিহণা যোগাইছিল নেকি সেই প্ৰশ্নৰ পম খেদি লেখকে উল্লেখ কৰিছে যে সত্ৰৰ ছত্ৰ ছায়াতে নানানটা কুটীৰ শিল্পৰ বিকাশ হৈছিল। আনহতে প্ৰাক্‌শংকৰী অসমত বিজ্ঞাপনৰ বিকাশৰ বাবে যি বোৰ অনুকূল সম্ভাৱনা লুকাই আছিল, শংকৰদেৱৰ ভক্তিবাদে সেই সম্ভাৱনা বহু খিনিও নোহোৱা কৰি পেলোৱা বুলি অন্য এটা লেখাত বৰ্ণিত হৈছে। ফলত জ্যোতিষ বিদ্যা আদিত পূৰ্বতে বহু সুনামৰ অধিকাৰী হৈও অসমে যুক্তিবাদ আৰু বিজ্ঞানৰ বিকাশত বহূ খিনি পিচুৱাই গ’ল। কেৱল শংকৰদেৱৰ মাজৰ মাজৰ সংগঠক, সংস্কাৰক জনক লৈয়েই ড° বৰ্মনৰ আলোচনা শেষ হোৱা নাই। অসমীয়া কলা-সাহিত্যৰ জগতলৈ শংকৰদেৱৰ অৱদান আৰু সেই মহৎ কৃতি সমূহৰ যুগজয়ী প্ৰাসংগিকতা, শংকৰদেৱৰ পাণ্ডিত্য, শিল্প গুণ আদিৰো বিস্তাৰিত আলোচনাই ইয়াত ঠাই পাইছে। এনে আলোচনাত ড° বৰ্মন এগৰাকী কলা সমালোচক হৈ পৰিছে যি গৰাকী আগৰ আলোচনা বোৰত এজন সমাজ বিজ্ঞানীৰ ভূমিকাত অৱতীৰ্ণ আছিল। সামৰণিত ড° বৰ্মনে শংকৰদেৱৰ সমস্ত কৃতি আৰু কৃতিত্ব সামৰি মহাপুৰুষ জনাৰ পাৰিপাৰ্শ্বিকতা, সমাজ দৰ্শন, শিল্পচেতনা, দূৰদৃষ্টি, নেতৃত্ব আদিৰ প্ৰশংসা কৰিছে আৰু শংকৰদেৱ প্ৰকৃতাৰ্থত যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ, সেয়া প্ৰতিষ্ঠা কৰিছে।
ড° বৰ্মন গ্ৰন্থ খনত সন্নিবিষ্ট মুঠ ঊনৈশটা প্ৰবন্ধত যিবোৰ বিষয়, প্ৰসংগ উত্থাপন কৰা হৈছে, শংকৰদেৱক যি নতুন দৃষ্টিভংগিৰে ব্যাখ্যা কৰা হৈছে বা এটা সৰ্বজন গ্ৰাহ্য মতক প্ৰত্যাহ্বান জনাই যি সন্দেহ আৰু বিতৰ্কৰ সূচনা কৰা হৈছে তাৰ মাজেৰে লেখকৰ নিৰলস অধ্যয়ন, গৱেষণা, নিৰ্মোহ বিশ্লেষণ আদি পৰিস্‌ফূট হোৱাৰ সমান্তৰাল ভাৱে শংকৰ অধ্যয়নৰ নতুন বাট মুকলি হৈছে। লেখকে গ্ৰন্থ খনৰ আৰম্ভনিতে এটা কথা উল্লেখ কৰিছে যে এই গ্ৰন্থ খন অসমৰ গাঁৱে-ভূঞে বাস কৰা অৰ্ধ শিক্ষিত বুলি উচ্চ সংস্কৃতিৱান বিদ্বৎ সমাজৰ দ্বাৰা অৱহেলিত মানুহৰ বাবে লিখা হৈছে। যথাৰ্থতে সেই চাম লক্ষ্য নিৰ্ধাৰিত পাঠকৰ বাবে গ্ৰন্থ খন যি দৰে দৃষ্টিদায়িনী, গৱেষক-পণ্ডিতৰ বাবেও এক অমূল্য সমল। লেখকৰ কথন শৈলীৰ সৰলতা আৰু বক্তব্যৰ অজটিলতাই সকলো শ্ৰেণীৰ পাঠককে আলোচ্য বিষয়টি হৃদয়ংগম কৰাত সহায় কৰিছে। শংকৰী আদৰ্শৰ বিস্তাৰ বিকাশৰ নামত সম্প্ৰতি অসমত শংকৰদেৱৰ অনাড়ম্বৰতা, সৰলতা আদি আদৰ্শৰ বিপৰীতে গৈ বিশাল, ব্যয়বহুল আয়োজন, উদ্‌যাপনৰ পয়োভৰ। বিশ্ব দৰবাৰত শংকৰদেৱক প্ৰতিষ্ঠা কৰিবলৈ হ’লে ড° বৰ্মনৰ দৰে গৱেষণালব্দ প্ৰয়াসৰহে প্ৰয়োজন, যি এতিয়াও ঠন ধৰি উঠা নাই। অন্যথা শংকৰদেৱৰ হেজাৰ বছৰীয়া জয়ন্তীৰ সময়তো চন্দ্ৰ প্ৰসাদ শইকীয়াৰ ‘আজিৰ দৃষ্টিৰে শংকৰদেৱক চোৱা বিপদজনক, কথাষাৰ প্ৰাসংগিক হৈ থাকিব।
(তথ্যসংগ্ৰহঃ ইণ্টাৰনেট, লেখক: সুৰেশ কুমাৰ।)
অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ Reviewed by Admin on January 21, 2021 Rating: 5
Share This
Facebook Twitter Google+
অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ
No comments
Subscribe to: Post Comments ( Atom )
Social Counter
facebook count=51.5K;
Follow
youtube count=2.8M;
Follow
twitter count=31.7K;
Follow
instagram count=17.4K;
Follow
Facebook Meta
Popular Posts
Utasav Bidyarambha 2022-23
New SMS Format for Sending MDM Report
TET MCQ Test-2021-52 Sub: Ped
Recent Posts
Featured Post
Viva Voce Compter Science P1
মৌখিক পৰীক্ষা (Viva Voce) আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে For Viva Voce & Competitive Exam *এই তথ্যসমূহ বিভিন্ন কিতাপ আৰু ইণ্টাৰনে...
Popular Posts
Viva Voce Compter Science P1
মৌখিক পৰীক্ষা (Viva Voce) আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে For Viva Voce & Competitive Exam *এই তথ্যসমূহ বিভিন্ন কিতাপ আৰু ইণ্টাৰনে...
Trick to Count no of Triangles
How to Calculate Number of Triangles in a Shape | Trick to Count no of Triangles: Calculate number of triangles in a square Type – 1 :...
MCQ Test for Assam TET-13 Sub: EVS
অসম TET, সাধাৰণজ্ঞান আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিঃ Assam TET, GK & Competitive Preparation MCQ Test দিবলৈ তললৈ স্ক্ৰল কৰক P...
MCQ Test for Assam TET-12 Sub: Maths
অসম TET, সাধাৰণজ্ঞান আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিঃ Assam TET, GK & Competitive Preparation MCQ Test দিবলৈ তললৈ স্ক্ৰল কৰক P...<eot>চন্দ্ৰপ্ৰভা শইকীয়ানী (১৬ মাৰ্চ, ১৯০১ – ১৬ মাৰ্চ, ১৯৭২) এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী। অসমীয়া সমাজত নাৰীৰ সন্মান তথা মৰ্যাদা ৰক্ষাৰ বাবে আগভাগ লৈছিল। 'অসম মহিলা সমিতি'ৰ প্ৰতিষ্ঠাতাসকলৰ অন্যতম। পদ্মশ্ৰী বিজয়িনী।
বৰ্তমানৰ বৰপেটা জিলাৰ বজালী অঞ্চলৰ দৈশিঙৰী গাঁৱত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম হৈছিল। পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম আছিল গংগাপুৰীয়া। জন্মৰ পাছত তেখেতৰ নাম আছিল চন্দ্ৰপ্ৰিয়া। ৰামেশ্বৰী আছিল চন্দ্ৰপ্ৰিয়াৰ ভনীয়েক।
দুই ভনীয়েকক ভালুকী গাঁৱৰ মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক বিদ্যালয়ৰ পঢ়া-শুনা কৰিবলৈ দিয়া হৈছিল। ১১ বছৰ বয়সত চন্দ্ৰপ্ৰিয়াই ৰূপকৰ পদকেৰে সন্মানিত হৈ প্ৰাথমিক পঢ়া শেষ কৰিছিল। ইয়াৰ পাছত মজলীয়া বিদ্যালয়ৰ পঢ়াৰ বাবে কঁঠালগুৰি এম.ভি. স্কুলত নাম লিখাইছিল। বহু দূৰ বাট কুৰি বাই স্কুললৈ আহিবলগীয়া হৈছিল। দুই ভনীয়েকে এম.ভি. পাছ কৰে। সেই সময়তে স্কুলৰ উপ-পৰিদৰ্শক নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ পঢ়াৰ প্ৰতি থকা ধাউতি দেখি বৃত্তি দিয়াই নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিয়ে।
নগাঁও মিছন স্কুলত চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ নাম সলনি কৰি ক্ৰমে চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা কৰা হয়।
পঢ়া সাং কৰি চন্দ্ৰপ্ৰভাই নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়তে প্ৰথমে কাম কৰে। ইয়াৰ পাছত তেজপুৰৰ এখন মজলীয়া স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী নিযুক্ত হয়।
তেজপুৰত থকা কালতে গন্ধৰ্ব প্ৰথা মতে চন্দ্ৰপ্ৰভাৰ বিয়া হৈছিল সাহিত্যিক দণ্ডিনাথ কলিতাৰ লগত। কিন্তু সমাজে এই বিয়াক স্বীকৃতি দিয়া নাছিল। একমাত্ৰ পুত্ৰ অতুলৰ জন্মৰ পাছত তেওঁ ঘৰৰপৰা চাৰিমাইল আঁতৰৰ কালজিৰাপাৰাৰ ছোৱালী প্ৰাইমেৰী স্কুলত কাম কৰিবলৈ আৰম্ভ কৰে। দূৰণিৰ কামলৈ অহা-যোৱাৰ সুবিধাৰ বাবে চন্দ্ৰপ্ৰভাই চাইকেলত অহা-যোৱা কৰিছিল। চন্দ্ৰপ্ৰভা শইকীয়ানী চাইকেল চলোৱা অসমৰ প্ৰথম মহিলা আছিল।
এইখিনি সময়ৰেপৰাই চন্দ্ৰপ্ৰভাই বিভিন্ন সামাজিক কামত মনোযোগ দিবলৈ আৰম্ভ কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ লগতে এখেতে নাৰী জাগৰণৰ বাবে কাম কৰিছিল। পৰ্দাপ্ৰথা, পতিতাবৃত্তি আৰু দেৱদাসীপ্ৰথা নিবৃত্তিও এই নাৰী কল্যাণৰ কামসমূহৰ অন্তৰ্গত আছিল। তেখেতে অসমত মহিলা সমিতি পাতি মহিলাৰ সামাজিক মৰ্যাদা আৰু সন্মানৰ বাবে সংগঠিত ৰূপত কাম কৰিবলৈ আৰম্ভ কৰিছিল। অসম মহিলা সমিতিৰ সম্পাদিকা হিচাপে সাত বছৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। কেৱল স্ত্ৰী-শিক্ষাৰ আৰু নাৰীৰ সংস্থাপনৰ বাবে কাম নকৰি, তেওঁলোকে শিশু-কল্যাণ আৰু শাৰীৰিক ভাৱে অক্ষম লোকৰ হকেও কাম কৰিছিল। কুটিৰ শিল্প স্থাপন, মাদক দ্ৰব্য নিবাৰণ, নাৰ্ছাৰী স্কুল আৰু পুথিভঁৰাল স্থাপন, বোৱাকটা কেন্দ্ৰ, চিলাই আৰু উল গোঁথাৰ প্ৰশিক্ষণ কেন্দ্ৰ, কাৰ্পেট বোৱা আৰু মৰাপাটৰ সামগ্ৰী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ কেন্দ্ৰ আদি স্থাপন কৰি তেওঁলোকে সমাজৰ উন্নতিৰ হকে যথেষ্ট কাম কৰিছিল।
ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ১৯২৩ চনত আৰু ১৯৪৩ চনত দুবাৰ কাৰাবাস খাটিছিল। কিছুকাল কৃষক সভাৰো সভানেত্ৰী আছিল। ১৯৫৭ চনত তেখেতে বজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপে অৱতীৰ্ন হৈ পৰাজিত হয়। ১৯৬৯ চনৰপৰা স্বাস্থ্য পৰি অহাত এখেতে সামাজিক কাৰ্যৰপৰা অব্যাহতি লয়।
শইকীয়ানীয়ে তেখেতৰ জীৱনকালত তিনিখন উপন্যাস লিখিছিল। 'পিতৃভিঠা', 'শেষ আশ্ৰয়' আৰু 'অপৰাজিতা। ' ইয়াৰ ভিতৰত 'পিতৃভিঠা' উপন্যাসখন নাৰীবাদী উপন্যাস ৰূপে বহুচৰ্চিত। উপন্যাসৰ উপৰি তেখেতে গল্প, নাটক আৰু কবিতাও লিখিছিল। 'মোৰ কবিতা' তেখেতৰ কবিতা পুথি। অসম প্ৰাদেশিক মহিলা সমিতিৰ অস্পৃশ্যতা নিবাৰণ বিভাগে প্ৰকাশ কৰা 'মুক্ত মানব' কবিতা সংকলনতো তেখেতৰ কিছু কবিতা আছে। 'অভিযান' আৰু 'অভিযাত্ৰী' আলোচনীৰ তেখেতে সম্পাদিকা আছিল আৰু গান্ধীজীয়ে অস্পৃশ্যতা নিবাৰণৰ ওপৰত দিয়া সকলো ভাষণ, কিতাপ, প্ৰবন্ধ অনুবাদ কৰি দুয়োখন আলোচনীতে প্ৰকাশ কৰিছিল।
১৯৭২ চনৰ ১৬ মাৰ্চ তাৰিখে কৰ্কট ৰোগত গুৱাহাটীতে এখেতে মৃত্যুক আঁকোৱালি লয়।
(সংগৃহীত)
অসমীয়া সাহিত্যিকঃ চন্দ্ৰপ্ৰভা শইকীয়ানী Reviewed by Admin on February 22, 2021 Rating: 5
Share This
Facebook Twitter Google+
অসমীয়া সাহিত্যিকঃ চন্দ্ৰপ্ৰভা শইকীয়ানী