text
stringlengths
0
188k
জিজ্ঞাস – অন্ধবিশ্বাস নো কি ঐ দেউতা ,অন্ধ মানুহে কৰা বিশ্বাস নেকি ?
দেউতা- নহয় ঐ, অন্ধৰ বিশ্বাস নহয় অন্ধবিশ্বাস, যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক ,ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস । যেনে- ডাইনী হত্যা , ভুত-প্ৰেত ইত্যাদিৰ ওপৰত বিশ্বাস ..........। এতিয়া বৰগছজোপাৰ প্ৰকৃত ভূতটোৰ বিষয়ে কওঁ শুনা ।তোমালোকে বিজ্ঞানত পাইছানে যে গছ-গছনিবোৰেও উশাহ-নিশাহ লয় আৰু উশাহত অক্সিজেন গ্ৰহণ কৰি কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে ?
জিজ্ঞাস- নহয়, দেউতা গছে কাৰ্বন-ডাই- অক্সাইড গ্ৰহণ কৰি অক্সিজেনহে এৰি দিয়ে ।
দেউতা- সেইটোও হয় । আচলতে উদ্ভিদে সালোক সংশ্লেষণ(Photosynthesis)ত কাৰ্বন-ডাই-অক্সাইড(Carbon dioxide) গ্ৰহণ কৰি শিপাৰ জৰিয়তে পোৱা পানী লৈ সূৰ্য্যৰ পৰা পোৱা পোহৰৰ সহায়ত পাতত আহাৰ প্ৰস্তুত কৰে আৰু ইয়াৰ লগতে উত্পাদন হোৱা অক্সিজেন বায়ুলৈ এৰি দিয়ে । কিন্তু গছডালো এবিধ জীৱহে সেয়ে সিহঁতে জীয়াই থাকিবৰ বাবে উশাহ নিশাহো লয় । তোমাৰ কিতাপত এইখিনিও পাবা ভালদৰে পঢ়ি ল’বা ।
জেউতি – হয়, দেউতা মই কিতাপত উদ্ভিদৰ শ্বসন(Respiration)ৰ বিষয়ে পাইছোঁ ।ভাইটিয়েই, কিতাপ মনোযোগেৰে নপঢ়ে !
দেউতা– তোমালোকে নিশ্চয় জানা যে সালোক-সংশ্লেষণৰ কাৰনে সূৰ্য্যৰ পোহৰৰ আৱশ্যক সেয়েহে ৰাতি সালোক-সংশ্লেষণ নহয় আৰু অক্সিজেনৰ উত্পাদনো বন্ধ হয় । কিন্তু অন্য জীৱৰ দৰে গছডালৰ উশাহ-নিশাহ চলি থাকে আৰু প্ৰকাণ্ড গছডালৰ উশাহ- নিশাহৰ কাৰনে অক্সিজেনৰ পৰিমাণো কমি গৈ থাকে আৰু নিশাৰ পিছফালে গছডালৰ তলত অক্সিজেনৰ অভাৱ হয় ।
জিজ্ঞাস – উদ্ভিদৰ সালোক-সংশ্লেষণ আৰু শ্বসনৰ লগত ভূতৰ কি সম্পৰ্ক,দেউতা ?
দেউতা– সম্পৰ্কে আছে , কওঁ শুনা | যেতিয়া ৰাতি হৈছিল বট গছজোপাৰ তলতো অক্সিজেনৰ অভাৱ হৈছিল আৰু সেয়েহে শুই থকা মানুহ কেইজনে উশাহ নিশাহত কষ্ট পায় ভূতৰ উপস্থিতি অনুভৱ কৰিছিল ।
জেউতি- দেউতা, তেওঁলোকে ভূতৰ সপোন কিয় দেখিছিল ?
দেউতা – তোমালোকে কেতিয়াবা অনুভৱ কৰিছানে যেতিয়া বুকত হাতখন থৈ আমি শুই থাকো আমি প্ৰায়ে কোনোবাই আমাক বুকুত হেঁচামাৰি ধৰা নাইবা ডিঙিত চেপি ধৰা কাৰনে উশাহ নিশাহ ল’ব নোৱাৰা হোৱাৰ সপোন দেখোঁ আৰু ঠিক তেনেদৰে ভৰি দুখন যেতিয়া কোচ খুৱাই শুই থাকো সপোনত কিবা জন্তু বা ভূতৰ পৰা পলাওঁতে বাৰে মুখ ঠেকাছা খাই পৰো আৰু পলাব বিচাৰিলেও পলাবলৈ অসমৰ্থ হওঁ ; হাতখন কোচ খাই থাকিলেও আমি সপোনত শক্ৰ পক্ষৰ আক্ৰমণ ৰোধ নাইবা অন্যক আক্ৰমণ কৰিবলৈ অসুবিধা পাওঁ । এনেদৰে শুই থকাৰ ভঙ্গি নাইবা শোৱা ঠাইৰ পৰিবেশৰ বা অতীতৰ কিছুমান অভিজ্ঞতাৰ স্মৃতি বিকৃত ৰূপত আমাৰ সপোনত প্ৰতিফলিত হোৱা দেখা যায় । ঠিক তেনেকৈ গছৰ তলত শুই থকা মানুহ কেইজনৰো একে অৱস্থাই হৈছিল । যেতিয়া পিছ ৰাতি গছডালৰ তলত অক্সিজেনৰ অভাৱ হৈছিল মানুহ কেইজনে উশাহ লোৱাত কষ্ট পাইছিল আৰু সেই খিনিয়ে আমাৰ সপোনত ভুত বা অশৰীৰী আত্মাৰ প্ৰতীকী ৰূপত প্ৰতিফলিত হৈছিল যাৰ ফলত বিভিন্নজনে বিভিন্ন সপোন দেখিছিল যদিও সকলোৱে বুকত বা ডিঙিত হেঁচি ধৰি উশাহ ল’ব নোৱাৰা হোৱাৰ সপোন দেখিছিল ।
জিজ্ঞাস – অ’ মানুহ কেইজনে মিছাতে ভূতৰ ভয় খাইছিল !
জেউতি- কিন্তু দেউতা খুৰাই বোলে ‘আলা বৈ’ পাহাৰৰ দাঁতিত থকা পিটনিৰ ওচৰত নিশা গৰু বিচাৰি যাওঁতে নিজে নিজে জুই জ্বলি উঠা দেখিছিল আৰু জুইখিনিয়ে দৌৰোঁতে হেনো খেদিও আহিছিল !
দেউতা – ঐ সেই জুই ভূতটো(আধা-মূৰী ভূত) ! তোমালোকে বিজ্ঞানৰ কিতাপত পাইছাই দেখোন “ধন-গুলৈৰ(Jack-o’-lantern)” কথা । এয়া এবিধ “মিথেন (Mithen)” বা মাৰ্ছ(Marsh) বা ফ’ছফিন(Phosphin) নামৰ গেছৰ জ্বলনৰ কাৰণে হয় । সচৰাচৰ মৰা জীৱ জন্তু পেলোৱা ঠাইত মৰা জীৱ জন্তুবোৰে গেলি-পচি এই গেছটোৰ উত্পত্তি হয় আৰু বায়ুৰ লগত সংস্পৰ্শলৈ আহিলে/ মিহলি হলেই জ্বলি উঠে আৰু এই গেছটো পাতল হোৱাৰ কাৰনে বতাহ বলিলেই বা সেই ঠাইৰ পৰা কোনোবা আঁতৰি গলে জুই কুৰাই খেদি যোৱা যেন লাগে ।
জিজ্ঞাস- অহ ! মিথেন গেছ জ্বলা কাৰণেহে খুৰাই জুই ভূতটো( আধা-মূৰী ভূত) দেখিছিল দৌৰা কাৰণেহে পিছে পিছে খেদি অহা যেন লাগিছিল !
দেউতা – এনেদৰে আমি সন্মুখীন হোৱা ঘটনা পৰিঘটনাবোৰৰ বিষয়ে নজনা কাৰণে মানুহৰ মাজত ভুত বা আন অন্ধবিশ্বাসৰ জন্ম হয় আৰু মানুহে ভয় খায় কিছুমান নকৰিবলগীয়া কাম কৰি সমাজত অশান্ত,অস্থিৰ , উদ্বেগপূৰ্ণ বা ভয় লগা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে।
জিজ্ঞাস‌‌‌- তেনেহ’লে আমি কিবা অদ্ভুত বস্তু বা পৰিঘটনা দেখিলে বিজ্ঞানৰ কিতাপৰ সহায়ত কাৰণ জানিব পাৰিম ! দেউতা- নিশ্চয় ! কিন্তু মনোযোগেৰে অধ্যয়ন কৰিলেহে !<eot>Earthquake hits Punjab this morning নেচনেল চেণ্টাৰ ফৰ চিচমোলজি-য়ে জানিবলৈ দিয়া মতে দেওবাৰ আৰু সোমবাৰৰ মাজনিশা পঞ্জাৱৰ অমৃতসৰত ৰিখটাৰ স্কেলত ৪.১ মাত্ৰাৰ এক ভূমিকম্প অনুভুত হয়। পুৱা প্ৰায় ৩.৪২ বজাত এই কম্পন অনুভূত হয়।
নেচনেল চেণ্টাৰ ফৰ চিচমোলজীয়ে জনাইছে, “ভূমিকম্পৰ প্ৰাবল্য: ৪.১, ১৪-১১-২০২২, ০৩:৪২:২৭ ভাৰতীয় সময়, অক্ষাংশ: ৩১.৯৫ আৰু দ্ৰাঘিমাংশ: ৭৩.৩৮, গভীৰতা: ১২০ কিমি, অৱস্থান: পঞ্জাৱৰ অমৃতসৰৰ পৰা ১৪৫ কিমি পশ্চিম-উত্তৰ-পশ্চিম”।
এই ভূমিকম্পৰ ফলত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।
ইয়াৰ পূৰ্বে শনিবাৰে সন্ধিয়া ভূমিকম্পই দিল্লী-এনচিআৰক জোকাৰি গৈছিল। সন্ধিয়া প্ৰায় ৮ বজাত কম্পন অনুভূত হৈছিল। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিয়ে জানিবলৈ দিয়া মতে, শনিবাৰে সন্ধিয়া ৭:৫৭ বজাত নেপালত ৫.৪ প্ৰাবল্যৰ ভূমিকম্প হয়। “ভূমিকম্পৰ গভীৰতা ভূগৰ্ভৰ ১০ কিলোমিটাৰ তলত আছিল।”
Earthquake of Magnitude:4.1, Occurred on 14-11-2022, 03:42:27 IST, Lat: 31.95 & Long: 73.38, Depth: 120 Km ,Location: 145km WNW of Amritsar, Punjab, India for more information Download the BhooKamp App https://t.co/xlln0b95oC@Indiametdept @ndmaindia pic.twitter.com/WvOa72HgIo
— National Center for Seismology (@NCS_Earthquake) November 13, 2022
ইয়াৰ আগেয়ে শনিবাৰে আবেলি ৪.১৫ বজাত উত্তৰাখণ্ডত ৰিখটাৰ স্কেলত ৩.৪ মাত্ৰাৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। ইয়াৰ কেন্দ্ৰবিন্দু আছিল পাউৰী গড়ৱাল অঞ্চল। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, উত্তৰাখণ্ড-নেপাল সীমান্তৰ হিমালয় অঞ্চলত ৮ ৰ পৰা ১২ নৱেম্বৰৰ ভিতৰত কমেও আঠটা ভূমিকম্প হৈছে।
কেইদিনমান পূৰ্বে দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, উত্তৰাখণ্ড, দিল্লী, মধ্য প্ৰদেশ, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ বহু চহৰত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। মঙলবাৰৰ সেই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপাল। ডোটিত এটা ঘৰ খহি পৰাৰ ফলত ছয়জন লোকৰ মৃত্যু হৈছিল।
Recent News
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়: ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ
বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ; খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত, নিহত ২ জন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ষ্টেইট বেংক অব ইণ্ডিয়াই ইয়াৰ কিছুমান গ্ৰাহকলৈ দিয়া জাননীৰ প্ৰতি সঁহাৰি দিবলৈ মাজত মাথোঁ এক সপ্তাহ সময় আছে। ২৮ ফেব্ৰুৱাৰিৰ ভিতৰত সঁহাৰি নিদিলে এইবোৰ একাউণ্ট বেংকটোৱে অচল (non-operational) কৰি তুলিব পাৰে।
বেংকটোৱে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নীতিৰ দোহাই দি ইয়াৰ গ্ৰাহকসকলক ২৮ ফেব্ৰুৱাৰিৰ ভিতৰত তেওঁলোকৰ কে ৱাই চি সম্পূৰ্ণ কৰিবলৈ কৈছে।
২৮ ফেব্ৰুৱাৰি, ২০২০ তাৰিখৰ পূৰ্বে কে ৱাই চি আপডেইট নকৰা গ্ৰাহকসকলৰ বাবে বেংকৰ সেৱাৰ অব্যাহত নাথিকব বুলি জাননীত সকীয়াই দিয়া হৈছিল।
ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নীতি মতে, Prevention of Money-Laundering Act-ৰ ব্যৱস্থাৱলী মতে, যেতিয়া এটা লেনদেন সম্পন্ন কৰা হয় বেংকবোৰে গ্ৰাহক চিনাক্তকৰণৰ নিৰ্ধাৰিত নিয়ম অনুসৰণ কৰিব লাগে।
ৰিজাৰ্ভ বেংকৰ ৱেবছাইটত উল্লেখ আছে যে ভাৰতৰ সকলো বেংকেই তেওঁলোকৰ গ্ৰাহকৰ কে ৱাই চি ২০২০ চনৰ ২৮ ফেব্ৰুৱাৰিৰ ভিতৰত আপডেইট কৰিব লাগিব আৰু এইটো কথা গ্ৰাহকসকলক জাননী যোগে বেংকে জনাব লাগিব।
গ্ৰাহকৰ কে ৱাই চি উন্নীত কৰাত বিফল হোৱা বেংকবোৰে জৰিমনাৰ সন্মুখীন হ’ব বুলিও এটা সূত্ৰত প্ৰকাশ।
এছ বি আইৰ সূত্ৰই জনোৱা মতে, বেংকটোৱে ইতিপূৰ্বে তেওঁলোকৰ গ্ৰাহকসকললৈ কে ৱাই চি আপডেইট কৰিবলৈ বাৰ্তা (মেছেজ) প্ৰেৰণ কৰিছে।
আনহাতে ২১ ফেব্ৰুৱাৰিত গুৱাহাটীত এখন সংবাদমেলত এছ বি আইৰ উত্তৰ-পূব চক্ৰৰ মুখ্য মহা প্ৰবন্ধক সুনীল কুমাৰ টেণ্ডনেও এই কথা সকীয়াই দি কয় যে যিসকলে জাননী পোৱাৰ পিছতো কে ৱাই চি আপডেইট নকৰে, তেওঁলোকৰ একাউণ্টৰ পৰা ধন উলিওৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হ’ব। অৱশ্যে জমা অব্যাহত ৰাখিব পাৰিব।
কে ৱাই চি আপডেইট কৰাৰ বাবে গ্ৰাহকসকলে তেওঁলোকৰ পৰিচয় আৰু ঠিকনা প্ৰমাণ কৰিব পৰা নথিৰ প্ৰতিলিপি (যিবোৰ বেংকৰ দ্বাৰা গ্ৰহণযোগ্য) দিব লাগিব।
Recent News
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়: ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ
বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ; খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত, নিহত ২ জন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>আমেৰিকাৰ পিছত এইবাৰ অষ্ট্ৰেলিয়াৰ চিডনীত অধ্যয়ন কৰি থকা এজন ভাৰতীয় ছাত্ৰক ১১ বাৰ ছুৰিকাঘাত কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উত্তৰ প্ৰদেশৰ ছাত্ৰজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শুভম গাৰ্গ নামৰ ছাত্ৰ জনৰ পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি শুভম বৰ্ণ বৈষম্যৰ বলি হ’বলগীয়া হৈছে ।
আহত ছাত্ৰজনক শুভম গাৰ্গ বুলি চিনাক্ত কৰা হৈছে। আইআইটি মাদ্ৰাজৰ স্নাতক ছাত্ৰ জনে ১ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াৰ চিডনীলৈ গৈছিল। তাত ২৮ বছৰীয়া শুভমে নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ত পিএইচডি কৰি আছে। তেওঁৰ পৰিয়ালৰ আন লোকসকলে উত্তৰ প্ৰদেশৰ আগ্ৰাত বাস কৰে।
তেওঁ ৬ অক্টোবৰৰ নিশা এটিএমৰ পৰা উভতি এহাৰ সময়তে এজন যুৱকে তেওঁক আক্ৰমণ কৰে। স্থানীয় যুৱকজনে শুভমৰ পৰা টকা দাবী কৰিছিল। যুৱকজনৰ হাতত এখন চুৰি আছিল। শুভমে টকা দিবলৈ অস্বীকাৰ কৰাত সেই চুৰিৰে যুৱকজনে শুভমক আঘাত কৰে। ফলত ছাত্ৰ জনে পেট আৰু বুকুত আঘাত পায়। আক্ৰমণকাৰী যুৱকজনে ঘটনাস্থলীৰ পৰা পলাই যায়। শুভমে কেনেবাকৈ ওচৰৰ ঘৰলৈ গৈ সহায় বিচাৰে। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
শুভমৰ পিতৃ ৰামনিৱাস গাৰ্গে কয়, “কেনেবাকৈ তেওঁৰ পুত্ৰ জীৱন ৰক্ষা পৰিছিছে। মই তেওঁক ৮ অক্টোবৰত ফোন কৰা নাছিলো। তাৰ পিছত, মই তেওঁৰ বন্ধুক ফোন কৰিছিলো আৰু সকলো জানিব পাৰিছিলো। তেওঁৰ পেটত ১১ ঘণ্টাৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল। মই মোৰ পুত্ৰৰ চিকিৎসাত ভাৰত চৰকাৰৰ সহায় বিচাৰিছো। । “শুভমক আক্ৰমণ কৰাৰ অভিযোগত চিডনীত এজন ২৭ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।
শুভমৰ ভগ্নী কাব্য গাৰ্গে টুইট কৰিছে তেওঁ বিষয়টোত ভাৰত চৰকাৰৰ সহায় বিচাৰিছে। টুইটটোত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো টেগ কৰা হৈছে। অষ্ট্ৰেলিয়ান হাই কমিছনৰ এজন মুখপাত্ৰই কয় যে চিডনীত থকা ভাৰতীয় কনচুলেটে যুৱকজনক সহায় কৰি আছে।
Recent News
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ
বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ; খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত, নিহত ২ জন
পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ?
FIFA World Cup 2022: বিশ্বকাপ ফুটবলত এছিয়াৰ জয়জয়কাৰ! পৰ্তুগালক পৰাস্ত কৰি নকআউটত দক্ষিণ কোৰিয়া
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত চ’ছিয়েল মিডিয়াত আপত্তিজনক মন্তব্য প্ৰকাশ কৰাৰ অভিযোগত সাংবাদিকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
প্ৰশান্ত কানুজীয়া নামৰ দিল্লীৰ নিৱাসী সাংবাদিকজনৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ স্থানীয় বিজেপি নেতা শেখৰ সিঙে এই সন্দর্ভত আচিয়ানা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৫০০, ৫০১ আৰু ৫০৫(১)(বি)ৰ অধীনত সাংবাদিকজনৰ বিৰু্দ্ধে উত্তৰ প্ৰদেশ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।
আৰক্ষীৰ সূত্ৰত প্ৰকাশ যে সাংবাদিক কান’জীয়াই প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক আৰু মৰ্যাদাহানিকৰ মন্তব্য কৰাৰ সন্দৰ্ভত তথ্য প্ৰমাণ সংগ্ৰহ কৰি থকা হৈছে।
উল্লেখ্য যে সাংবাদিকজনে ইয়াৰ পূৰ্বে ২০১৯ বৰ্ষৰ জুন মাহত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে চ’ছিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বৰণ কৰিছিল।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ গ্ৰেপ্তাৰৰ চাৰিদিনৰ পিছতে সাংবাদিকজনক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল।
Recent News
ধৰ্মৰ ওপৰত কপিৰাইট আছে বিজেপিৰ! মন্তব্য বিজেপি নেতা ৰাজ্যবৰ্ধন ৰাথোড়ৰ
আমেৰিকাৰ জনপ্ৰিয় গায়িকা, অভিনেত্ৰী লেডী গাগাৰ কুকুৰ চুৰিত অভিযুক্তক ২১ বছৰৰ কাৰাদণ্ড
সোণাৰীত থানাৰ ভিতৰতে আৰক্ষী কনিষ্টবলৰ গুলীত নিহত সতীৰ্থ কনিষ্টবল
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>গুৱাহাটীৰ এক্সেলকেয়েৰ চিকিৎসালয় ( Excelcare Hospital )এ অহা ৫ মে’ শনিবাৰে আবেলি ৩ বজাৰ পৰা ৫ বজালৈ গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিকত সেৱা আগবঢ়াব।
সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে মেডিছিন বিশেষজ্ঞ ডাঃ এ’ চি নেওগৰ পৰা শিবিৰটোত বিনামূলীয়াকৈ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব। শিবিৰটোত বিনামূলীয়াকৈ ওজন আৰু ৰক্তচাপো পৰীক্ষা কৰাব পাৰিব।
যোৱা ২৮ এপ্ৰিলত হোৱা শিবিৰটোত ৱিণ্ট্ৰব চিকিৎসালয়ৰ হৈ অস্থি বিশেষজ্ঞ ডাঃ জয় দীপ ঘোষ আৰু ডাঃ মাজাহুৰুল ইছলামে সেৱা আগবঢ়াইছিল।
সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।
Recent News
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>পদ্মাৱত ১৫৪০ চনত চুফী কবি মালিক মহম্মদ জায়চীয়ে ৰচনা কৰা এটা মহাকাব্যিক কবিতা।[2] তেখেতে কবিতাটো হিন্দুস্তানী ভাষা অৱধী[3][4] আৰু তাৰ পূৰ্বে পাৰ্ছী নাষ্টালিক লিপিত ৰচনা কৰিছিল।[5] অৱধীত ৰচিত বৰ্তমানেও প্ৰাপ্য গুৰুত্বপূৰ্ণ ৰচনাসমূহৰ ভিতৰত ই আটাইতকৈ পুৰণি।[6] সেই সময়ৰ চুফী সাহিত্যৰ এই বিখ্যাত সাহিত্যকৰ্মত দিল্লীৰ চুলতান আলাউদ্দিন খিলিজি আৰু চিতোৰৰ ৰাণীৰ ৰূপকধৰ্মী কাল্পনিক কাহিনী আছে।[7] আলাউদ্দিন খালজি আৰু পদ্মিনীৰ পতি ৰতন সেন ঐতিহাসিক চৰিত্ৰ, আনহাতে পদ্মিনী এক কাল্পনিক চৰিত্ৰ।[8]
"ৰাণী নাগমতীয়ে তেওঁৰ নতুন ভাটৌটোক কোন বেছি ধুনীয়া সুধিছে, তেওঁ নে ভাটৌটোৰ পূৰ্বৰ মালিক শ্ৰীলঙ্কাৰ কুঁৱৰী পদ্মিনী। স্বাভাৱিকতে তেওঁ ভাটৌটোৰ পৰা সন্তোষজনক উত্তৰ নাপায়।" পদ্মাৱতৰ চিত্ৰসম্বলিত পণ্ডুলিপি, আনু. ১৭৫০[1]
সূচী
1 কাহিনীভাগ
2 পাণ্ডুলিপি
3 অনুবাদ আৰু অভিযোজন
4 ঐতিহাসিক সত্যতা
5 তথ্যউৎস
5.1 গ্ৰন্থপঞ্জী
6 বাহ্যিক সংযোগ
কাহিনীভাগসম্পাদনা কৰক
সিংহল সাম্ৰাজ্যৰ কুঁৱৰী ৰাণী পদ্মিনী তেওঁৰ কথা কোৱা ভাটৌ হীৰামনৰ নিকট বন্ধু। তেওঁৰ পিতাকে এই বন্ধুত্ব ভাল নাপাই ভাটৌটোক হত্যা কৰিবলৈ আদেশ দিয়ে। ভাটৌটো পলাই যাবলৈ সক্ষম হয়, কিন্তু পক্ষী ধৰোঁতাৰ হাতত বন্দী হৈ শেষত চিতোৰৰ শাসক ৰতনসেনৰ প্ৰসাদ পায়হি।[9]
ভাটৌটোৰ মুখত পদ্মিনীৰ ৰূপৰ বৰ্ণনা শুনি ৰতনসেনে সিংহল সাম্ৰাজ্যলৈ যাবলৈ সিদ্ধান্ত লয়। ১৬,০০০ অনুচৰ লৈ ভাটৌটোৰ নিৰ্দেশনাত তেওঁ সাত সাগৰ পাৰ হৈ সিংহলত উপস্থিত হয়। তেওঁ পদ্মিনীৰ মন জয় কৰিবলৈ এটা মন্দিৰত তপস্যা কৰে। ভাটৌটোৰ কথাত পদ্মিনীয়ে মন্দিৰ দৰ্শন কৰে যদিও ৰতনসেনক লগ নকৰাকৈ ঘূৰি আহে। ৰতনসেনৰ প্ৰতি লাহে লাহে পদ্মিনীৰ মনত ভাল ভাৱ জাগে। আনহাতে পদ্মিনীক দেখা নাপাই ৰতনসেনে আত্মহত্যা কৰিবলৈ উদ্যত হয়।[9] শিৱ আৰু পাৰ্বতীয়ে দেখা দি তেওঁক বাধা দিয়ে আৰু শিৱই তেওঁক সিংহলৰ দুৰ্গ আক্ৰমণ কৰিবলৈ পৰামৰ্শ দিয়ে।[10]
তপস্বীৰ বেশত ৰতনসেন আৰু অনুগামীসকলে দুৰ্গ আক্ৰমণ কৰে কিন্তু গন্ধৰ্বসেনৰ হাতত বন্দী হয়। ৰতনসেনক মৃত্যুদণ্ড দিবলৈ লওঁতেই তেওঁৰ নকল দাড়ি সুলকি পৰাত প্ৰকৃত ৰূপ ওলাই পৰে। গন্ধৰ্বসেনে পদ্মিনীক ৰতনসেনলৈ বিয়া দিয়ে। তেওঁলোকৰ লগত সংগী হিচাপে ১৬,০০০ পদ্মিনী নাৰীকো পঠিয়াবলৈ সিদ্ধান্ত লয়।[10] (সিংহলত পোৱা চাৰি প্ৰকাৰৰ নাৰীৰ ভিতৰত পদ্মিনী শ্ৰেষ্ঠ[11])
এইবোৰ ঘটনা হৈ থাকোঁতে ৰতনসেনৰ প্ৰথম পত্নী নাগমতী চিতোৰত তেওঁৰ বাবে ব্যাকুল হৈ পৰে। তেওঁ চৰাইৰ যোগেদি সিংহললৈ বাৰ্তা পঠিয়ায়। খবৰ পাই ৰতনসেন চিতোৰ ঘূৰি যাবলৈ সাজু হয়। পৃথিৱীৰ আটাইতকৈ ধুনীয়া নাৰীক বিয়া পতা বাবে ৰতনসেনৰ গৌৰৱক ধূলিসাৎ কৰিবলৈ ঘূৰি আহোঁতে সাগৰীয় ধুমুহাই তেওঁলোকক শাস্তি দিয়ে। ৰতনসেন আৰু পদ্মিনীৰ প্ৰাণ ৰক্ষা পৰে, কিন্তু সকলো অনুগামীৰ মৃত্যু হয়। সাগৰৰ জীয়ৰী লক্ষ্মীয়ে পদ্মিনীৰ প্ৰতি ৰতনসেনৰ প্ৰেম পৰীক্ষা কৰিবলৈ পদ্মিনীৰ ভেশত তেওঁৰ সম্মুখলৈ আহে। ৰতনসেন পৰীক্ষাত উত্তীৰ্ণ হোৱাত সাগৰ আৰু লক্ষ্মীয়ে তেওঁলোকক বহু উপহাৰ দিয়ে। এইবোৰ লৈ তেওঁ পুৰীত মানুহ-দুনুহ গোটাই চিতোৰলৈ ঘূৰি আহে।[10]
চিতোৰত ৰতনসেনৰ বাবে পদ্মিনী আৰু নাগমতীৰ সংঘাত হয়। প্ৰথমতে তেওঁ সলনাসলনিকৈ এটা নিশা দুয়োগৰাকী ৰাণীৰ লগত কটাই সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰে। পাছত তিৰষ্কাৰ কৰি শান্তি স্থাপন কৰে। এই সময়তে তেওঁ ব্ৰাহ্মণ সভাসদ ৰাঘৱ চেতনক প্ৰবঞ্চনাৰে প্ৰতিযোগিতা এটা জিকা বাবে বহিষ্কাৰ কৰে। পদ্মিনীয়ে ৰাঘৱক শান্ত কৰিবলৈ তেওঁৰ খাৰু উপহাৰ দিয়ে।[10]
ৰাঘৰ আলাউদ্দিন খালজিৰ প্ৰসাদলৈ যায়। খাৰুপাতৰ বিষয়ে সোধাত তেওঁ পদ্মিনীৰ অদ্বিতীয় সৌন্দৰ্যৰ বিৱৰণ দিয়ে।[10] আলাউদ্দিনে চিতোৰ আক্ৰমণ কৰি পদ্মিনীক খুজি পঠিয়ায়। ৰতনসেনে এয়া নাকচ কৰি কৰ-কাটল দিবলৈ মান্তি হয়। আলাউদ্দিনে এই প্ৰস্তাৱত অমান্তি হৈ দুৰ্গ অৱৰোধ অব্যাহত ৰাখে। অৱশেষত তেওঁৰ অনুগামী গোৰা আৰু বাদলে মানা কৰা সত্ত্বেও ৰতনসেনে শান্তি স্থাপনৰ বাবে আলাউদ্দিনক প্ৰসাদলৈ আমন্ত্ৰণ জনায়। আলাউদ্দিনে প্ৰবঞ্চনাৰে পদ্মিনীৰ মুখ দৰ্শন কৰে। তাৰ পাছত তেওঁ ৰতনসেনক বন্দী কৰি দিল্লীলৈ ঘূৰি যায়।[11]
পদ্মিনীয়ে গোৰা আৰু বাদলক ৰতনসেনক মুক্ত কৰিবলৈ অনুৰোধ কৰে। তেওঁলোকে অনুচৰসকলক লৈ পদ্মিনী আৰু সংগীৰ বেশত দিল্লীৰ দুৰ্গ প্ৰৱেশ কৰে। ৰতনসেনক মুক্ত কৰাৰ য়ুঁজত গোৰাৰ মৃত্যু হয় আৰু বাদলে ৰতনসেনক লৈ চিতোৰ ঘূৰি আহে।[11]
ৰতনসেনৰ অনুপস্থিতিত কুম্ভলগড়ৰ শাসক দেৱপালে পদ্মিনীক বিবহৰ প্ৰস্তাৱ দিয়ে। চিতোৰলৈ ঘূৰি আহি এই অপমানৰ বাতৰি পাই ৰতনসেনে দেৱপালক এসেকা দিবলৈ মনস্থ কৰে। মুখামুখি ৰণত ৰতনসেন আৰু দেৱপাল দুয়োৰে মৃত্যু হয়। নাগমতী আৰু পদ্মিনীয়ে ৰতনসেনৰ চিতাত সতী প্ৰথামতে প্ৰাণ ত্যাগ কৰে। সেই সময়তে আলাউদ্দিনৰ সৈন্য চিতোৰ আহি পায়। নিশ্চিত পৰাজয়ৰ মুখত দুৰ্গৰ মহিলাসকলে জৌহৰ প্ৰথামতে প্ৰাণ বিসৰ্জন দিয়ে আৰু পুৰুষসকল ৰণত পৰে। আলাউদ্দিনেৰ কেৱল উকা দুৰ্গহে দখল কৰিব পাৰিলে।[11]
বিজয়ী আলাউদ্দিন তেওঁৰ অস্বাভাৱিক জয় আৰু অতৃপ্ত কামনাক লৈ ভাৱত বুৰ যায়। তেওঁ ৰতনসেন, পদ্মিনী আৰু নাগমতীৰ ছাই হাতত লৈ দুখ কৰে যে তেওঁ "এয়া বিচৰা নাছিল।" আলাউদ্দিনে ভাবে, "কামনা অতৃপ্ত, স্থায়ী / কিন্তু এই পৃথিৱী মায়াভৰা আৰু অস্থায়ী / মানুহে অতৃপ্ত বাসনা পুহি ৰাখে / যেতিয়ালৈকে জীৱনৰ অন্ত নহয় আৰু তেওঁ সমাধি গৈ নাপায়।"[12]
পাণ্ডুলিপিসম্পাদনা কৰক
সকলোতকৈ পুৰণি বিদ্যমান পদ্মাৱতৰ পাণ্ডুলিপিৰ দৈৰ্ঘ্য বেলেগ বেলেগ আৰু কাইথী, নাগৰী আৰু নাষ্টালিক (পাৰ্ছী) আদি ভিন ভিন লিপিত লিখা।[5]
নাষ্টালিক পাণ্ডুলিপিয়েই পাঠ্যৰ আটাইতকৈ পুৰণি ৰূপ। পদ্মাৱতৰ প্ৰথম পাণ্ডুলিপি হৈছে ১৬৭৫ চনত আমৰোহাত মহম্মদ শ্বাকিৰে প্ৰতিলিপি কৰা পাঠ। ৰামপুৰত আৱিষ্কৃত এই পাঠত পাৰ্ছী অনুবাদো আছে।[5] আন পাৰ্ছী পাণ্ডুলিপিৰ ভিতৰত চাহজাহানপুৰৰ ৰহিমদাদ খানে কৰা প্ৰতিলিপি (১৬৯৭) আৰু গোৰখপুৰৰ আব্দুল্লা আহমদ খানে কৰা প্ৰতিলিপি (১৬৯৫) প্ৰধান।[13]
কাইথী পাণ্ডুলিপিত বহু অতিৰিক্ত পদ আছে আৰু ঠায়ে ঠায়ে অসম্পূৰ্ণ বা বেয়াকৈ লিখিত।[5]
মাতাপ্ৰসাদ গুপ্তাই ১৭শ শতিকাৰ পৰা পোৰা পাঁচটা পাণ্ডুলিপিক ভিত্তি কৰি এক সমালোচনাত্মক সংস্কৰণ প্ৰকাশ কৰি উলিয়ায়।[14]
অনুবাদ আৰু অভিযোজনসম্পাদনা কৰক
পদ্মাৱতৰ সকলোতকৈ পুৰণি অভিযোজন হৈছে বিজাপুৰৰ চুলতান ইব্ৰাহীম শ্বাহৰ ৰাজকবি হংস ডাক্কানিৰ প্ৰেম নামা (১৫৯০)।[13]
পাৰ্ছী আৰু উৰ্দুত পদ্মাৱতৰ বাৰটা অভিযোজন আছে। ইয়াৰে প্ৰখ্যাতসমূহ হৈছে ৰত-পদম আৰু শ্বমা-ৱা-পৰৱানা। গুজৰাটৰ মোল্লা আব্দুল চাকুৰ বা শ্বেইখ শ্বুকৰুল্লা বাজমিৰ ৰত-পদম (১৬১৮) পদ্মাৱতৰ কাহিনী নিকটভাৱে অনুসৰণ কৰা হৈছে, কিন্তু চৰিত্ৰ আৰু ঘটনাৰ চুফি প্ৰতীকীবাদ বাদ দিয়া হৈছে। অকিল খান ৰাজিৰ (ঔৰংজেৱৰ অধীনৰ দিল্লীৰ এজন শাসক) শ্বামা-ৱা-পৰৱানা (১৬৫৮) ত চুফি প্ৰতীকীবাদ ৰখা হৈছে।[13]
এই মহাকাব্যিক কবিতাটো ১৬শ শতিকাত বঙালীলৈ অনুবাদ কৰা হৈছিল। ১৯শ শতিকাৰ বঙালী সাহিত্যৰ বহু উপন্যাস, নাটক আৰু কবিতাক ই অনুপ্ৰেৰণা যোগায়।[12] ১৯০৬ চনত ক্ষিৰোদ প্ৰসাদ বিদ্যাবিনোদ আৰু ১৯০৯ চনত অবনিন্দ্ৰনাথ ঠাকুৰে ইয়াৰ অভিযোজন কৰে।[15]