text
stringlengths
0
188k
এলবাৰ্ট ৰুছেলৰ অপেৰা পদ্মৱতীৰ (১৯২৩) উৎসও পদ্মাৱত।
চিনেমেটিক অভিযোজনৰ ভিতৰত তামিল চলচ্চিত্ৰ চিতোৰ ৰাণী পদ্মিনী (১৯৬৩)[16][17] আৰু হিন্দী চলচ্চিত্ৰ মহাৰাণী পদ্মিনী (১৯৬৪) উল্লেখযোগ্য।[15] এই কাহিনীৰ ভিত্তিতে সঞ্জয় লীলা ভাঞ্চালীয়ে ২০১৮ চনৰ হিন্দী চলচ্চিত্ৰ পদ্মাৱত নিৰ্মাণ কৰিছে।[18]
ঐতিহাসিক সত্যতাসম্পাদনা কৰক
শেষ মধ্যযুগীয় পাৰ্ছী ইতিহাসবিদ ফিৰিষ্টা আৰু হাজিউদাব্বিৰে পদ্মাৱত কাহিনীক ইতিহাস বুলি অভিযোজন কৰিছিল কিন্তু তেওঁলোকৰ বৰ্ণনা অসংলগ্ন।[19] পাছৰ ৰাজপুত কবিসকলেও ঐতিহাসিক তথ্যক গুৰুত্ব নিদি কাহিনীটোৰ অভিযোজন আৰু পৰিবৰ্ধন কৰিছিল।[20] হেমৰতনৰ গোৰা বাদল পদ্মিনী চাউপাই (আনু. ১৫৮৯) পদ্মাৱতৰ প্ৰথম জনপ্ৰিয় ৰাজপুত অভিযোজন হৈ পৰে। ১৬শৰ পৰা ১৮শ শতিকাৰ মাজত ৰাজপুত শাসকসকলৰ পৃষ্ঠপোষকতাত বৰ্তমানৰ ৰাজস্থানত পদ্মিনীৰ অধিক ৰাজপুত সংস্কৰণ লিখা হৈছিল।[21] ১৮শ শতিকাৰ বাহৰুলাৱাজকে ধৰি ফিৰিষ্টাৰ (১৬ শ শতিকা)ৰ পাছৰ বেছিভাগ মধ্যযুগীয় ইতিহাসত পদ্মিনীৰ উল্লেখ আছে। পদ্মিনীৰ বিষয়ে লিখা কাহিনীবোৰৰ মিললৈ চাই ক'ব পাৰি যে এই গোটেইবোৰ কাহিনী জায়চীৰ পদ্মাৱতৰ ওপৰত ভিত্তি কৰি লিখা নাইবা সেইবোৰ সঁচাকৈয়ে ঐতিহাসিক তথ্য।[22] নিক'লাও মেনুচিয়ে তেওঁৰ Storia do Mogorত এই কাহিনীৰ উল্লেখ কৰিছে, কিন্তু ইয়াক ১৬শ শতিকাত আকবৰৰ চিতোৰ আক্ৰমণৰ সময়তহে স্থান দিছে।[23]
ইতিহাসবিদ কিশোৰী চৰণ লালে পদ্মাৱত কাহিনীত কেইবাটাও অসামঞ্জস্য আঙুলিয়াই দিছে। যেনে ৰতনসিংহ ১৩০১ চনত সিংহাসনত বহিছিল আৰু ১৩০৩ চনত আলাউদ্দিনৰ হাতত পৰাস্ত হৈছিল, কিন্তু পদ্মাৱতৰ মতে ৰতনসিংহই ১২ বছৰ পদ্মিনীৰ সন্ধানত আৰু ৮ বছৰ আলাউদ্দিনৰ সৈতে বিৰোধত কটাইছিল।[24] লালে শেষ মধ্যযুগীয় ইতিহাসবিদসকলৰো বৰ্ণনাৰ পাৰ্থক্য আঙুলিয়াইছে। যেনে ফিৰিষ্টাৰ মতে আলাউদ্দিনে তেওঁৰ পুত্ৰ খিজৰ খানক ১৩০৪ চনত চিতোৰ খালি কৰিবলৈ দিয়ে আৰু ৰতনসিংহৰ এজন ভতিজাকক শাসনত বহুৱায়। কিন্তু খিজৰ খানে প্ৰকৃততে ১৩০৪ চনৰ বহু পাছত চিতোৰ এৰিছিল।[25] লালৰ মতে জায়চীয়ে পদ্মাৱতক ঐতিহাসিক বৰ্ণনাৰ সলনি ৰূপক হিচাপেই আখ্যা দিব খুজিছিল, কাৰণ লেখকে চিতোৰক তেওঁৰ দেহ, ৰজা (ৰতনসিংহ)ক মন, সিংহলক হৃদয়, পদ্মিনীক প্ৰজ্ঞা আৰু আলাউদ্দিনক মোহ বুলি উল্লেখ কৰিছে।[26] লালে কয় যে কাহিনীটোৰ একমাত্ৰ ঐতিহাসিক সত্যতা হৈছে আলাউদ্দিনৰ চিতোৰ জয় আৰু ৰতনসিংহৰ এগৰাকী ৰাণীকে ধৰি দুৰ্গৰ নাৰীসকলৰ জৌহৰত মৃত্যু।[23] ৰাণাৰসী প্ৰসাদ চাক্সেনাৰ মতে জৌহৰৰ বৰ্ণনাও অতিৰঞ্জিত: সমসাময়িক কাহিনীকাৰ আমিৰ খুস্ৰুৱে পূৰ্বৰ ৰন্থমবোৰৰ বিজয়তহে জৌহৰৰ উল্লেখ কৰিছে, চিতোৰত কোনো জৌহৰৰ উল্লেখ কৰা নাই।[27]
পদ্মাৱত কবিতাৰ শেষত জায়চীয়ে লিখিছে, "মই কাহিনীটো সাজি সম্পৰ্ক কৰিছোঁ।"[28] জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ইতিহাসবিদ আদিত্য মুখাৰ্জীৰ মতে "সমসাময়িক কালত এই ঘটনাৰ কোনো উল্লেখ নাই। আলাউদ্দিন খিলজিৰ সভাসদ আৰু প্ৰখ্যাত লেখক আমিৰ খুস্ৰুৰ বৰ্ণনাত পদ্মিনীৰ কথা নাই।" তেওঁ কয় যে "পদ্মিনীৰ ঘটনাৰ কোনো ঐতিহাসিক প্ৰমাণ নাই - এই কাহিনীতো কবিৰ কল্পনাৰ ফচলহে।[29]
তথ্যউৎসসম্পাদনা কৰক
↑ "Homer on the Ganges". The Library of Congress. https://www.loc.gov/rr/asian/guide2007/guide-homer.html। আহৰণ কৰা হৈছে: 12 October 2017.
↑ "Absurdity of epic proportions: Are people aware of the content in Jayasi's Padmavat?". http://indiatoday.intoday.in/story/padmavati-karni-sena-malik-muhammad-jayasi-sanjay-bhansali/1/1095409.html.
↑ Padmavati isn’t history, so what’s all the fuss about?
↑ "Padmavati trailer: Sanjay Leela Bhansali's new film looks grand, spellbinding and very expensive!". Business Today. 9 October 2017. http://www.businesstoday.in/trending/entertainment/padmavati-trailer-sanjay-leela-bhansali-shahid-kapur-deepika-padukone-ranveer-singh/story/261682.html.
↑ 5.0 5.1 5.2 5.3 Ramya Sreenivasan 2017, পৃষ্ঠা. 30.
↑ Meyer, William Stevenson; Burn, Richard; Cotton, James Sutherland; Risley, Herbert Hope (1909). "Vernacular Literature". The Imperial Gazetteer of India. 2. Oxford University Press. পৃষ্ঠা. 430–431. http://dsal.uchicago.edu/reference/gazetteer/pager.html?objectid=DS405.1.I34_V02_465.gif। আহৰণ কৰা হৈছে: 2009-04-06.
↑ "‘Padmavat’ reminds us that a major casualty of the gory Rajput conflicts were Rajput women". https://scroll.in/article/858619/history-lesson-padmavati-was-driven-to-immolation-by-a-rajput-prince-not-ala-ud-din-khalji.
↑ Asher, Catherine B.; Talbot, Cynthia (2006) (en ভাষাত). India Before Europe. Cambridge University Press. পৃষ্ঠা. 106. ISBN 9780521809047. https://books.google.com/books?id=ZvaGuaJIJgoC&pg=PA106.
↑ 9.0 9.1 Ramya Sreenivasan 2007, পৃষ্ঠা. 207.
↑ 10.0 10.1 10.2 10.3 10.4 Ramya Sreenivasan 2007, পৃষ্ঠা. 208.
↑ 11.0 11.1 11.2 11.3 Ramya Sreenivasan 2007, পৃষ্ঠা. 209.
↑ 12.0 12.1 "Absurdity of epic proportions: Are people aware of the content in Jayasis Padmavat?". India Today. 23 November 2017. http://indiatoday.intoday.in/story/padmavati-karni-sena-malik-muhammad-jayasi-sanjay-bhansali/1/1095409.html.
↑ 13.0 13.1 13.2 Ramya Sreenivasan 2017, পৃষ্ঠা. 32.
↑ Ramya Sreenivasan 2017, পৃষ্ঠা. 29.
↑ 15.0 15.1 "Padmavati has been a part of Indian theatre & cinema for 111 years, and nobody protested". The Print. 20 November 2017. https://theprint.in/2017/11/20/padmavati-theatre-cinema-111-years/.
↑ "9 Path Breaking Films Of Shahid Kapoor That Changed The Face Of Cinema". Times Internet. 10 May 2017. Archived from the original on 4 June 2017. https://www.indiatimes.com/entertainment/celebs/9-path-breaking-films-of-shahid-kapoor-that-changed-the-face-of-cinema-321354.html.
↑ "CBFC chief Prasoon Joshi: No comment on 'Padmavati'". The Times of India. 24 November 2017. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/prasoon-joshi-no-comment-on-padmavati/articleshow/61764089.cms.
↑ "Padmavati trailer: Sanjay Leela Bhansali's new film looks grand, spellbinding and very expensive!". Business Today. 9 October 2017. http://www.businesstoday.in/trending/entertainment/padmavati-trailer-sanjay-leela-bhansali-shahid-kapur-deepika-padukone-ranveer-singh/story/261682.html.
↑ Kishori Saran Lal 1950, পৃষ্ঠা. 123-126.
↑ Banarsi Prasad Saksena 1992, পৃষ্ঠা. 370-371.
↑ Ramya Sreenivasan 2007, পৃষ্ঠা. 3.
↑ Kishori Saran Lal 1950, পৃষ্ঠা. 127.
↑ 23.0 23.1 Kishori Saran Lal 1950, পৃষ্ঠা. 130.
↑ Kishori Saran Lal 1950, পৃষ্ঠা. 125.
↑ Kishori Saran Lal 1950, পৃষ্ঠা. 126.
↑ Kishori Saran Lal 1950, পৃষ্ঠা. 127-128.
↑ Banarsi Prasad Saksena 1992, পৃষ্ঠা. 368.
↑ "Padmavati controversy: History is at risk of being trapped between Left, Right interpretations of the past". Firstpost. 24 November 2017. http://www.firstpost.com/india/padmavati-controversy-history-is-at-risk-of-being-trapped-between-left-right-interpretations-of-the-past-4225695.html.
↑ "Bollywood film Padmavati faces protests from Karni Sena". Al Jazeera. http://www.aljazeera.com/news/2017/11/bollywood-film-padmavati-faces-protests-karni-sena-171114114842351.html। আহৰণ কৰা হৈছে: 16 November 2017.
গ্ৰন্থপঞ্জীসম্পাদনা কৰক
Banarsi Prasad Saksena (1992). "The Khaljis: Alauddin Khalji". In Mohammad Habib and Khaliq Ahmad Nizami. A Comprehensive History of India: The Delhi Sultanat (A.D. 1206-1526). 5 (Second সম্পাদনা). The Indian History Congress / People's Publishing House. OCLC 31870180. https://books.google.com/books?id=_9cmAQAAMAAJ.
Kishori Saran Lal (1950). History of the Khaljis (1290-1320). প্ৰকাশক Allahabad: The Indian Press. OCLC 685167335. https://books.google.com/books?id=2XXqAQAACAAJ.
Ramya Sreenivasan (2007). The Many Lives of a Rajput Queen: Heroic Pasts in India C. 1500–1900. University of Washington Press. ISBN 978-0-295-98760-6. https://books.google.com/books?id=GiSUwULkK64C.
Satish Chandra (2004). Medieval India: From Sultanat to the Mughals-Delhi Sultanat (1206-1526) - Part One. Har-Anand Publications. ISBN 978-81-241-1064-5. https://books.google.com/books?id=L5eFzeyjBTQC&pg=PA89.<eot>ঝাৰখণ্ডৰ চৰ্চিত খনি কেলেংকাৰীৰ গোচৰত এবাৰ সাঙোৰ খাই পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ নাম। খনি কেলেংকাৰীৰ সৈতে জড়িত ধন ৰপ্তানিৰ তদন্তৰ বাবে হেমন্ত ছোৰেনলৈ চমন জাৰি কৰিছে গোচৰৰ তদন্ত কৰি থকা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে।
কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে কাইলৈ ৰাঁচীস্থিত আঞ্চলিক কাৰ্যালয়ত জেৰাৰ বাবে ছোৰেনক উপস্থিত হ’বলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সহায়ক পংকজ মিশ্ৰ আৰু আন দুগৰাকী অভিযুক্তক গোচৰটোত গ্ৰেপ্তাৰ কৰিছিল।
তদন্ত সংস্থাটোৱে জুলাইত ৰাজ্যজুৰি অভিযান চলাই পংকজ মিশ্ৰৰ বেংক একাউণ্টৰ পৰা ১১.৮৮ কোটি টকা জব্দ কৰাৰ পিছত গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ ঘৰত ৫.৩৪ কোটি টকা হিচাপ বিহীন নগদ ধনো উদ্ধাৰ কৰিছিল ইডিয়ে।
ইডি- এ উল্লেখ কৰা মতে, অভিযানৰ সময়ত তদন্ত সংস্থাটোৱে গোচৰটোৰ মুখ্য অভিযুক্ত মিশ্ৰৰ ঘৰৰ পৰা মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ এখন পাছবুক আৰু তেওঁৰ দ্বাৰা স্বাক্ষৰিত কিছুসংখ্যক চেক উদ্ধাৰ কৰিছিল।
গোচৰৰ চাৰ্জশ্বীটত ইডি- এ হেমন্ত ছোৰেনৰ ৰাজনৈতিক প্ৰতিনিধি পংকজ মিশ্ৰই তেওঁৰ সহযোগীসকলৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ বিধানসভা সমষ্টি ববৰহাটত অবৈধ খনন ব্যৱসায় নিয়ন্ত্ৰণ কৰে বুলি দাবী কৰিছিল।
ইয়াৰ পাছতে পংকজ মিশ্ৰ আৰু তেওঁৰ দুগৰাকী সহায়ক- বাচ্ছু যাদৱ আৰু প্ৰেম প্ৰকাশৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছিল। বিগত আগষ্ট মাহত তদন্ত সংস্থাটোৱে ছোৰেনৰ প্ৰেছ উপদেষ্টা অভিষেক প্ৰসাদকো এই গোচৰ সন্দৰ্ভত জেৰা কৰিছিল।
মুখ্যমন্ত্ৰী চোৰেনে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি শিলৰ খনিৰ লীজ নিজৰ নামত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ৰঘূবৰ দাসে।
ইয়াৰ দ্বাৰা ছোৰেনে নিৰ্বাচনৰ নিয়ম উলংঘা কৰিছে বুলি অবিযোগ কৰি হেমন্ত চোৰেনক বিধায়ক হিচাপে অযোগ্য ঘোষণাৰ দাবী তুলিছিল বিৰোধী দলটোৱে। লগতে মুখ্যমন্ত্ৰী ছোৰেনক নৈতিকতাৰ ভিত্তিত পদত্যাগ কৰিবলৈ দাবী জনাইছে বিজেপিয়ে।
সমসাময়িকভাৱে বিজেপিয়ে শাসকীয় দলটোৰ বিধায়কক দলত্যাগৰ বাবে প্ৰৰোচিত কৰা চৰকাৰ উৎখাত কৰাৰো চেষ্টা চলায়। চৰকাৰ পতনৰ আশংকাত মিত্ৰজোঁটৰ চৰকাৰৰ ৩১ গৰাকী বিধায়কক কংগ্ৰেছ শাসিত ছত্তীশগড়লৈ পলুৱাই পঠাব লগীয়া পৰিস্থিতিৰো সৃষ্টি হয়।
মুখ্যমন্ত্ৰী ছোৰেন তথা শাসনাধিষ্ঠ চৰকাৰে বিজেপিয়ে মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ আৰু কৰ্ণাটকৰ আৰ্হি অনুসৰণ কৰি ঝাৰখণ্ডতো এনে ৰাজনৈতিক সংকটৰ সৃষ্টি কৰি শাসকীয় মিত্ৰজোঁটৰ বিধায়কসকলক দলত্যাগৰ বাবে প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন কৰিছে।
Recent News
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>W7s news. গুৱাহাটীঃ বিগত ২১ অক্টোবৰ, ২০২২ ত অসম লোকসেৱা আয়োগ (এপিএছচি)-এ ঘোষণা কৰিলে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা-২০২০ৰ ফলাফল। এপিএছচিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ কামাখ্যা টাৱাৰত অৱস্থিত দিল্লী-ভিত্তিক অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান আইকিউচিভিলচ আইএএছ একাডেমী (IQCIVILS IAS Academy)ৰ পৰা মুঠ ২৮ জন প্ৰাৰ্থীয়ে সফলতা অৰ্জন কৰিছে। ইয়াৰে এচিএছত ৭ জন,৪ জন এপিএছত আৰু বাকীসকল আন সংযুক্ত সেৱা সমূহত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। কেন্দ্ৰটোৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ সফলতাৰ বিষয়ে IQCIVILS IAS একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক অনুজ সিঙে কয় যে “মই অত্যন্ত সুখী আৰু চূড়ান্ত তালিকাত স্থান লাভ কৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ অত্যন্ত গৌৰৱান্বিত। লগতে এচিএছ আৰু এপিএছৰ দৰে অভিজাত সেৱাত ১০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰাটো আমাৰ বাবে অধিক উৎসাহজনক কথা।”আইকিউচিভিলচ আইএএছ একাডেমীয়ে অসামৰিক সেৱাৰ সাক্ষাৎকাৰৰ জৰিয়তে যোৱা ৪বছৰত সমগ্ৰ ভাৰতৰ বিশেষকৈ দিল্লী, হায়দৰাবাদ, পুনে, লক্ষ্ণৌ আদিৰ পৰা বিষয়-বিশেষজ্ঞৰ জৰিয়তে নিৰন্তৰভাৱে উচ্চ মানদণ্ডৰ শিক্ষাদান বৰ্তাই ৰাখিছে। ইয়াৰ উপৰিও, প্ৰতিষ্ঠানটোৱে সম্পূৰ্ণ বিষয়-অনুসৰি কিতাপ, গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বাতৰি-প্ৰবন্ধৰ গভীৰ বিশ্লেষণ, নিয়মীয়া পৰীক্ষা, উত্তৰ আৰু প্ৰবন্ধ লিখাৰ কৌশল আৰু সাক্ষাৎকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।ইতিমধ্যে বিগত ৪ বছৰত প্ৰতিষ্ঠানটোৰ গুৱাহাটী কেন্দ্ৰত ৫০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিছে। লগতে প্ৰতিষ্ঠানটোৱে ২০১৯ চনৰ জানুৱাৰী মাহৰ পৰা গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ সৈতে অসমৰ চাহ বাগিচা অঞ্চলৰ যোগ্যতাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বাবে ৪টা বিস্তৃত চৰকাৰী কাৰ্যসূচীও ৰূপায়ণ কৰিছে। শেষত অনুজ সিঙে কয় যে “অসম আৰু উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলক আমি ভৱিষ্যতেও উচ্চ মানৰ পাঠদান প্ৰদান কৰি যোৱাৰ চেষ্টা কৰিম আৰু অঞ্চলটোৰ পৰা সম্ভাৱণাপূৰ্ণ আমোলা সৃষ্টি কৰাত সক্ৰিয়ভাৱে অৰিহণা যোগাম।”উল্লেখ্য যে অপিএছচিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অসম আৰক্ষী সেৱাত (এপিএছ) ৪১ সংখ্যক স্থান লাভ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা চাহ বাগিছাৰ শ্ৰমিকৰ সন্তান হৰিচৰণ ভূমিজ IQCIVILS IAS একাডেমীৰ এজন ছাত্ৰ। তেওঁক বৈকল্পিক বিষয়- সাধাৰণ অধ্যয়ন আৰু ভূগোলত প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষণ দিছিল আৰু লগতে ব্যক্তিগতভাৱে সাধাৰণ অধ্যয়ন আৰু ভূগোলত অনুষ্ঠানটোৰ সঞ্চালক অনুজ ছাৰে বৈকল্পিক বিষয়ত পাঠদান কৰিছিল।
Tags # গুৱাহাটী
Share This
About W7S News
গুৱাহাটী
By W7S News at October 27, 2022
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Labels: গুৱাহাটী
No comments:
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
মন্তব্য
Archive
Archive December (15) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰে’ছ ৰে’লৰ শৌচালয়ত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ শিৱসাগৰৰ শিমলুগুৰি ৰে’ল ষ্টে’শ্যনত আজি ১০ জুলাইত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
গোলাঘাটৰ ফৰকাটিঙলৈ বুলি শিৱসাগৰ ষ্টে’শ্যনত ৰে’লখনত উঠাৰ ২০ মিনিটৰ ভিতৰত দিন দুপৰতে এনেদৰে এগৰাকী যুৱতীক হত্যা কৰি যোৱাটোৱে ৰে’লৰ সুৰক্ষা বিশেষকৈ নাৰীৰ সুৰক্ষাৰ বিষয়টোক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।
শিমলুগুৰি ৰে’ল ষ্টে’শ্যনত পুৱা ৮.১৫ বজাত আহি পোৱা ৰে’লখনত উদ্ধাৰ হোৱা দেহটো অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰীৰ বুলি চিনাক্ত কৰা হৈছে।
তিনিচুকীয়াৰ পৰা ৰে’লৱে’ সুৰক্ষা বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই নৰ্থ ইষ্ট নাও-ক জনোৱা মতে শিৱসাগৰ যুৱতীগৰাকীয়ে গোলাঘাটৰ ফৰকাটিঙলৈ বুলি যাত্ৰা কৰিছিল আৰু মাকে ৰাধাক শিৱসাগৰ ষ্টে’শ্যনত আগবঢ়াই থৈ গৈছিলহি। ‘শিৱসাগৰ ষ্টে’শ্যনত যদি ছোৱালীগৰাকীয়ে পুৱা ৭.৫৫ বজাত ৰে’লখনত উঠিছিল, তেন্তে শিমলুগুৰি ষ্টে’শ্যনত ৮.১৫ বজাত আহি পোৱা ৰে’লখনত মাত্ৰ ২০ মিনিটৰ ভিতৰতে হত্যাকাণ্ডটো সংঘটিত হৈছিল,’ তেওঁ কয়।
ডিঙিত এখন গামোচা মেৰ খাই থকাৰ ফলত যুৱতীগৰাকীক ডিঙি চেপি মৰা বুলি সন্দেহ কৰা হৈছে।
মৰণোত্তৰ প্ৰতিবেদন এতিয়াও পোৱা হোৱা নাই বাবে ঘটনাটোৰ কিদৰে সংঘটিত হৈছে জানিব পৰা হোৱা নাই।
ৰাধা থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ ১২ নং ছাত্ৰী নিৱাসৰ ৱাৰ্দেন পূৰ্ণিমা দাসে সংবাদ মাধ্যমক জনোৱা মতে মৃত ৰাধা পঢ়া-শুনাত ভাল, শান্ত আৰু বুদ্ধিমতী আছিল।