text
stringlengths
0
188k
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
মন্তব্য
Archive
Archive November (50) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>আজি ২৮ নৱেম্বৰে অৰুণাচলৰ ৰাজ্যপাল ড০ বিডি মিশ্ৰই ভাৰতীয় সেনা আৰু অৰুণাচলৰ বিশেষকৈ টাৱাং এলেকাৰ জনসাধাৰণৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক উদযাপন কৰাৰ বাবে আয়োজন কৰা ১০ম টাৱাং মৈত্ৰী দিৱস উদ্বোধন কৰে।
ৰাজ্যপালগৰাকীয়ে ফাৰ্ষ্ট লেডী নীলম মিশ্ৰৰ সৈতে মৈত্ৰী দিৱসত উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে কয় যে টাৱাং মৈত্ৰী দিৱসে জনসাধাৰণ আৰু সামৰিক বাহিনীৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক আৰু শক্তিশালী কৰিছে।
ৰাজ্যপালগৰাকীয়ে এই টাৱাং মৈত্ৰী দিৱসৰ সূচনাকাৰী প্ৰয়াত দৰ্জি খাণ্ডুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সামৰিক বাহিনীৰ দ্বাৰা প্ৰদৰ্শন কৰা সাংস্কৃতিক আৰু সামৰিক প্ৰদৰ্শনৰ লগতে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা আয়োজন কৰা সাংস্কৃতিক পৰিৱেশন উপভোগ কৰি ৰাজ্যপালগৰাকী আপ্লুত হৈ পৰে। তেওঁ ভাৰতীয় সেনা বাহিনী আৰু জিলা প্ৰশাসনক এই দিৱস আয়োজন কৰাৰ বাবে প্ৰশংসা কৰে।
তেওঁ আশা প্ৰকাশ কৰে যে টাৱাং মৈত্ৰী দিৱস নিয়মীয়াভাৱে আয়োজন কৰা হ’ব। তেওঁ আৰু কৈছে যে এতিয়ালৈকে মৈত্ৰী দিৱসৰ সমস্ত ব্যয় পেমা খাণ্ডু আৰু তেওংৰ পৰিয়ালবৰ্গই বহন কৰি আহিছে যদিও অহা বছৰৰ পৰা ৰাজ্য চৰকাৰে ইয়াৰ সমস্ত ব্যয় বহন কৰিব।
তেওঁ আৰু কয়, ‘‘এই অনুষ্ঠানত যোগদান কৰাৰ বাবে দেশী বিদেশী পৰ্যটকক আমন্ত্ৰণ জনোৱা হ’ব।
ৰাজ্যপালগৰাকীয়ে ১৯০ মাউণ্টেইন ডিভিজনৰ কামাণ্ডাৰ, তেওংৰ পৰ্ধান কাৰ্যালয় আৰু সেনাসকলক তেওঁলোকে দেশৰ জনসাধাৰণৰ প্ৰতি দেখুওৱা উৎসৰ্গামূলক মনোভাৱ, সমমৰ্মিতা আৰু মানৱতাৰ কথা উল্লেখ কৰে।
ৰাজ্যপালগৰাকীয়ে অৰুণাচলৰ সৈন্যসকলে ৰাষ্ট্ৰৰ প্ৰতি দিয়া অৱদানৰ কথা উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে অশোক চক্ৰ প্ৰাপক হাবিলদাৰ হাংপৈআং দাদাৰ সাহসিকতাৰ কথা সোঁৱৰণ কৰে। তেওঁ অৰুণাচলৰ যুৱকসকলক ভাৰতীয় সামৰিক বাহিনীত যোগদান কৰি সামৰিক বাহিনীক শক্তিশালী কৰাৰ বাবে আহ্বান জনায়।
ৰাজ্যপালগৰাকীয়ে জিলাখনৰ বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ উঠি অহা প্ৰজন্মক উদগনি দিয়াৰ বাবে ৰাজ্যখনৰ ২৭গৰাকী সামৰিক বিষয়াৰে গঠিত হোৱা পে’ বেক টু ছচাইটী গ্ৰুপ’ প্ৰশংসা কৰে।
ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনত মোতায়েন হোৱা সামৰিক বাহিনীৰ গোটসমূহক ৰাজ্যখনৰ যুৱক-যুৱতীসকলক উদগনি দি ভাৰতীয় সামৰিক বাহিনীত যোগদানৰ বাবে যোগ্য কৰি তোলাৰ বাবে আহ্বান জনায়। এই অনুষ্ঠানত অৰুণাচলৰ মুখ্য মন্ত্ৰী খাণ্ডু আৰু আৰু ভাৰতীয় সেনা বাহিনীৰ ৪ কৰ্পছৰ জেনেৰেল অফিচাৰ কামাণ্ডিং লেফটেনাণ্ট জেনেৰেল জি এছ সিনহাইও ভাষণ প্ৰদান কৰে।
Recent News
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ডিজিটেল ডেস্কঃ আকৰ্ষণীয় হৈ পৰিছে ছাউথাম্পটনত চলি থকা চতুৰ্থখন টেষ্ট। খেলখনৰ আজি তৃতীয় দিনা দ্বিতীয় ইনিংছত ২৩৩ ৰানৰ অগ্ৰগতি লাভ কৰিছে ঘৰুৱা দল ইংলেণ্ডে।
কালিৰ ৪ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা ৬ ৰানৰ পৰা খেল আৰম্ভ কৰি আজি জ'ছ বাটলাৰৰ ৬৯ আৰু অধিনায়ক জো ৰুটৰ ৪৮ ৰানৰ সহায়ত ইংলেণ্ডে ৮ উইকেট হেৰুৱাই ৯১.৫ অভাৰত ২৬০ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ হৈ মহম্মদ ছামীয়ে ৩টা, ইশান্ত শৰ্মাই ২টা আৰু যশপ্ৰীত বুমৰাহ, আৰ অশ্বিন প্ৰত্যেকে এটাকৈ উইকেট লাভ কৰে। উল্লেখ্য যে ইংলেণ্ডৰ প্ৰথম ইনিংছৰ ২৪৬ ৰানৰ পিছত শ্বেতেশ্বৰ পূজাৰাৰ শতকৰ সহায়ত ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ২৭৩ ৰান।<eot>ভাৰত-চীনৰ মাজত যিকোনো সীমা সমস্যা মোকাবিলাৰ বাবে দুয়ো দেশৰ মাজত সুপ্ৰতিষ্ঠিত কূটনৈতিক আৰু সামৰিক ব্যৱস্থা আছে: ভাৰতীয় সেনা
by এন ই নাও নিউজ
September 4, 2019 7:57 pm
প্ৰতীকী ছবি।
7.4k
VIEWS
Share on FacebookShare on Twitter
অৰুণাচল প্ৰদেশত চীনা সৈন্যই দলং নিৰ্মাণ কৰি থকা বুলি প্ৰচাৰিত বাতৰি সন্দৰ্ভত বুধবাৰে জৰুৰী বিবৃতি জাৰি কৰিছে ভাৰতীয় সেনাই।
সংবেদনশীল বিষয়টো সন্দৰ্ভত প্ৰকাশিত বাতৰিসমূহৰ সত্যতা ভাৰতীয় সেনাই সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিছে।
বিজেপি সাংসদ তাপিৰ গাৱেও অসমৰ চুবুৰীয়া ৰাজ্যখনৰ এঞ্জ’ জিলাত চীনা সৈন্যই দলং নিৰ্মাণ কৰি থকা বুলি দাবী কৰিছিল।
চীন আৰু ভাৰত দুয়ো পক্ষৰ সেনাই সময়ে-সময়ে এলেকাটোত তহল দিয়ে, ভাৰতীয় সেনাৰ বিবৃতিত প্ৰকাশ।
“‘কিছুমান ইলেকত্ৰনিক চেনেল’ত প্ৰকাশিত বাতৰিত উল্লেখিত এলেকাটো ফিশ্ব টেইল এৰিয়া। আন বহু ঠাইৰ দৰে লাইন অৱ এক্সুৱেল কন্ত্ৰ’লৰ শাৰীক লৈ পৃথক পৃথক ধাৰণা আছে,” ভাৰতীয় সেনাৰ স্পষ্টীকৰণ।
এলেকাটোত চীনা সৈন্য বা লোকৰ স্থায়ী উপস্থিতি নাই বুলি উল্লেখ কৰি ভাৰতীয় সেনাই কৈছে যে অঞ্চলটো তেওঁলোকৰ নিৰীক্ষণৰ অধীন।
ভাৰতীয় সেনাই সদৰী কৰা মতে, হাবিৰে ভৰা অঞ্চলটোৰ জান-জুৰিবোৰ পাৰ হ’বলৈ তহলদাৰী সৈন্যই অস্থায়ী দলং নিৰ্মাণ কৰে।
ভাৰত-চীনৰ মাজত যিকোনো সীমা সমস্যা মোকাবিলাৰ বাবে দুয়ো দেশৰ মাজত সুপ্ৰতিষ্ঠিত কূটনৈতিক আৰু সামৰিক ব্যৱস্থা থকা বুলি বিবৃতিটোত কোৱা হৈছে।
“২০০৫ চনৰ ৰাজনৈতিক পেৰামিটাৰ আৰু নিৰ্দেশিকা নীতি সম্পৰ্কীয় বুজাবুজিৰ আধাৰত সীমা প্ৰশ্নটোৰ এক পক্ষপাতহীন, যুক্তিপূৰ্ণ আৰু দুয়োপক্ষৰে গ্ৰহণযোগ্য মীমাংসাৰ দিশে কাম কৰিবলৈ দুয়ো দেশ সন্মত হৈছে,” বিবৃতিটোত প্ৰকাশ।
Recent News
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>অসম যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট শাখাই অভিযোগ কৰিছে যে ৰাজ্য চৰকাৰে প্ৰস্তাৱিত ন-আলি ৰে’লৱে অভাৰব্ৰীজৰ আধাৰশিলা স্থাপন কৰাটোক পাব্লিচিটি ষ্টাণ্ট আখ্যা দিছে। কোনো বিতং প্ৰকল্প প্ৰতিৱেদন আৰু ভূমি অধিগ্ৰহণ অবিহনেই এই অভাৰব্ৰীজখন স্থাপন কৰিবলৈ চেষ্টা কৰিছে।
প্ৰস্তাৱিত ৩টা ৰে’লপথযুক্ত ন-আলি অভাৰব্ৰীজখনৰ আধাৰশিলা স্থাপনৰ দিন ছেপ্টেম্বৰৰ ৩০ তাৰিখ ধাৰ্য কৰা হৈছে আৰু মুখ্য মন্ত্ৰী সোণোৱালে আধাৰশিলা স্থাপন কৰিব। তেওঁৰ সৈতে উপস্থিত থাকিব গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
উল্লেখ্য যে ৮৫৪.৬৮ মিটাৰ দৈৰ্ঘবিশিষ্ট এই অভাৰব্ৰীজখনে যানজঁট হ্ৰাস কৰিবলৈ নিৰ্মান কৰাৰ বাবে বহু দিনৰ পৰা দাবী উত্থাপন কৰি অহা হৈছে।
পৰিষদৰ যোৰহাট জিলা শাখাৰ সভাপতি ৰিতুল পাঠকে কৈছে যে তেওঁলোকে চৰকাৰে আধাৰশিলা স্থান কৰাটোক আদৰণি জনায় কিন্তু মাজুলীৰ যোৰহাট-লখিমপুৰ সংযোগী দলঙৰ নিচিনা যাতে নহয় তাক নিশ্চিত কৰিব লাগে। যিহেতু ভূমি অধিগ্ৰহণ কৰা হোৱা নাই সেয়ে কামটো অনতিপলমে আৰম্ভ কৰা হ’বনে নাই তাকে লৈ চিন্তাৰ উদ্ৰেক হৈছে।
তেওঁ কয় যে ক্ষতিপূৰণৰ ২৩.৮১কোটি টকা ৰাজ্য চৰকাৰে এতিয়াও মুকলি কৰি দিয়া নাই।
আনহাতে যোৰহাটৰ উপয়ুক্ত নাৰায়ণ কোঁৱৰে কৈছে যে জৰীপ সম্পূৰ্ণ হৈছে আৰু ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে।
কোঁৱৰে আৰু জনাইছে যে প্ৰক্ৰিয়াটো অতি সোনকালো সমাপ্ত হ’ব আৰু জিলা প্ৰশাসনে বিষয়টোক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। জিলা প্ৰশাসনে এই সন্দৰ্ভত সংশ্লিষ্ট লোকসকলৰ সৈতে আলোচনা কৰিছে আৰু তেওঁলোকে মাটি এৰি দি সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে। উপায়ুক্তগৰাকীয়ে আৰু কৈছে যে ক্ষতিপূৰণৰ ধন ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই মুকলি কৰি দিব।
উপায়ুক্তগৰাকীয়ে আৰু কৈছে যে আধাৰশিলা স্থাপনৰ পিছতেই বিকল্প পথৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হ’ব। তেওঁ কৈছে যে ইতিমধ্যে নিবিদা আহ্বানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
Recent News
ভাৰত জোড়ো যাত্ৰাত অঘটন : গাত জুই লগাই আত্মহত্যাৰ চেষ্টা বিজেপি সমৰ্থকৰ
সলনি হোৱা নাই তালিবান! আফগানিস্তানত পুনৰ ৰাজহুৱাভাৱে দিয়া হ’ল মৃত্যুদণ্ড
‘অপাৰেচন লটাছ’ৰ সংশয়! জয়ৰ দিশে অগ্ৰসৰ হৈও ভীতিগ্ৰস্ত কংগ্ৰেছ
ধৰ্মঘটৰ সন্মুখীন হৈছে আন্তঃৰাষ্ট্ৰীয় কাকত নিউয়ৰ্ক টাইমছ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>অসমৰ গ্ৰাম্যাঞ্চলত সুলভ অন্তিম মাইল স্বাস্থ্যসেৱা প্ৰদান কৰাৰ লক্ষৰে শুভাৰম্ভ বেটাৰ লাইফ মেডিকেল চেন্টাৰৰ - W7S News
Home
about
contact
404
Breaking News
অসম
গুৱাহাটী
উত্তৰ-পূৰ্বাঞ্চল
ব্যৱসায়-বাণিজ্য
ৰাজনীতি
মনোৰঞ্জন
সাহিত্য
Breaking
Home Top Ad
Responsive Ads Here
Post Top Ad
Responsive Ads Here
Tuesday, 20 April 2021
Home অসম অসমৰ গ্ৰাম্যাঞ্চলত সুলভ অন্তিম মাইল স্বাস্থ্যসেৱা প্ৰদান কৰাৰ লক্ষৰে শুভাৰম্ভ বেটাৰ লাইফ মেডিকেল চেন্টাৰৰ
অসমৰ গ্ৰাম্যাঞ্চলত সুলভ অন্তিম মাইল স্বাস্থ্যসেৱা প্ৰদান কৰাৰ লক্ষৰে শুভাৰম্ভ বেটাৰ লাইফ মেডিকেল চেন্টাৰৰ
W7S News April 20, 2021 অসম,