text
stringlengths
0
188k
ৰাজ্য বিধানসভাত এপ্ৰিলত ঘোষণা কৰা হৈছিল যে ২০০৬ চনৰ পৰা ডাইনীৰ সন্দেহত আক্ৰমণৰ ফলত ৮০ গৰাকী লোকৰ মৃত্যু হৈছিল।
২০১৩ চনত অধিবক্তা ৰাজীৱ কলিতাই ২০০২ চনৰ পৰা কমেও ১৭ খন জিলাত এনে আক্ৰমণৰ ঘটনাত ১৩০ জন লোকৰ মৃত্যু হোৱাৰ কথা উল্লেখ কৰি এখন ডাইনী হত্যা বিৰোধী আইন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল।
দিব্যজ্যোতি শইকীয়াই কয় যে আৰক্ষীয়ে এতিয়া এনেধৰণৰ ঘটনাৰ মোকাবিলা কৰিবলৈ যথেষ্ট সাহস পাব আৰু ইয়াত থকা ব্যৱস্থাসমূহে সম্ভৱত: ডাইনীৰ নামত সংঘটিত এনেধৰণৰ অপৰাধ ৰোধ কৰাত সহায় কৰিব।
Recent News
কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান
যাত্ৰাপথতে ইন্ধন শেষ হ’ল চিকিৎসালয় অভিমুখী এম্বুলেন্সত: শোকাৱহভাৱে মৃত্যুক সাবটিলে ৰোগীয়ে
হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে চৰম প্ৰতিবাদ: তামিলনাডুত আত্মজাহ ৮৫ বছৰীয়া কৃষকৰ
শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>দেওবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে শিক্ষাবিদ, সমাজকৰ্মী ৰাণী গোহাঁই, বিশিষ্ঠ লেখিকা অৰূপা পটংগীয়া কলিতা, মনালিচা শইকীয়াকে প্ৰমুখ্য কৰি বহুকেইগৰাকী শিল্পী–সাহিত্যিক৷
দেওবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে শিক্ষাবিদ, সমাজকৰ্মী ৰাণী গোহাঁই, বিশিষ্ঠ লেখিকা অৰূপা পটংগীয়া কলিতা, মনালিচা শইকীয়াকে প্ৰমুখ্য কৰি বহুকেইগৰাকী শিল্পী–সাহিত্যিক৷
News18 Assam
Last Updated : January 19, 2020, 17:47 IST
Share this:
BALEN BHATTACHARYYA
‘ধৰ্মক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে৷ ধৰ্মক লৈ বিজেপিয়ে ভোট বেংক শক্তিশালী কৰাৰ চেষ্টা চলাইছে৷ বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈছে৷ কিন্তু অসমৰ মাটিত সেয়া সম্ভৱ নহ’ব৷ অসমৰ জনসাধাৰণে ভালকৈ বুজে সকলো৷ বিজেপিৰ এনে সাম্প্ৰদায়িত ৰাজনীতি উফৰাই পেলাব অসমৰ জনসাধাৰণে৷’ – লতাশিল খেলপথাৰত CAA বিৰোধী আন্দোলনত এই মন্তব্য অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ।
অভিনেত্ৰীগৰাকীয়ে কয় – ‘প্ৰথমে জাতি৷ জাতিৰ উৰ্ধ্বত একো হ’ব নোৱাৰে৷’ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে CAAৰ জৰিয়তে ৫ লাখ অবৈধ বাংলাদেশীয়ে নাগৰিকত্বৰ লাভ কৰিব৷ ৫ লাখতকৈ এজনো বিদেশীৰ নাম নোসোমায়৷ কিন্তু অভিনেত্ৰী বৰষাৰ স্পষ্ট মত – ৫ লাখ নহয়, অসম আৰু অসমীয়াক ভাল পোৱা নাগৰিকে এজনো বিদেশীৰ বোজা গ্ৰহণ নকৰে৷ দেওবাৰে লতাশিত খেলপথাৰত অনুষ্ঠিত ‘নাৰীকণ্ঠ’ কাৰ্যসূচীত এই মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে দেওবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে শিক্ষাবিদ, সমাজকৰ্মী ৰাণী গোহাঁই, বিশিষ্ঠ লেখিকা অৰূপা পটংগীয়া কলিতা, মনালিচা শইকীয়াকে প্ৰমুখ্য কৰি বহুকেইগৰাকী শিল্পী–সাহিত্যিক৷
‘নাগৰিকত্ব সংশোধনী আইনে অসমৰ বৃহত্তৰ জনগাঁথনিৰ ক্ষতি কৰিব৷ নাগৰিকত্ব সংশোধনী আইনে নিঃশেষ কৰিব অসমীয়া ভাষা, সংস্কৃতি।’ – এই মন্তব্য বিশিষ্ঠ লেখিকা অৰূপা পটংগীয়া কলিতাৰ।
Published by:Sanjay Kumar Das
First published: January 19, 2020, 17:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|
assamAssam NewsCAAProtest
ফটো
...
...
...
শেহতীয়া বাতৰি
...
...
...
...
...
LIVE TV
শাখা
অসম
খবৰ
দেশ
বিশ্ব
জীৱন শৈলী
ফটো
ভিডিঅ
লাইভ টিভি
শেহতীয়া বাতৰি
পঞ্জাৱৰ ভাৰত-পাক সিপাৰৰ পৰা পুনৰ ড্ৰোন! বিএছএফে জব্দ কৰিলে অস্ত্ৰ-শস্ত্ৰসহ কোটি কোটি টকাৰ হেৰোইন
এইজন অভিনেতাই মুখ্য চৰিত্ৰ ৰূপায়ন কৰিব পাৰিব কৰণ জোহৰৰ বায়পিকত; চলচ্চিত্ৰ নিৰ্মাতাই নিজেই প্ৰকাশ কৰিলে এই কথা
হোৱাটছএপ এণ্ড্ৰইড বিটা ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ! এতিয়া এপটোত উপলব্ধ হ'ব এটা নতুন শাখা
ঋণ ল'ব বিচাৰে কিন্তু আইটিআৰ নাই! আতংকিত নহ'ব, ঋণ এনেধৰণে উপলব্ধ হ'ব
গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ গ্ৰাহক সুৰক্ষা সম্পৰ্কীয় কৰ্মশালা
আমাৰ বিষয়ে
আমাক যোগাযোগ কৰক
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News
Marathi News
TopperLearning
Moneycontrol
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.<eot>মাইকণ আহিছিল মাকৰ লগত। মাইকণ মোৰ সমবয়সী। হয়তো অলপ ডাঙৰ হব। মাহৰ হিচাপত নহয়, দিনৰ হিচাপত। মোৰ জন্মৰ কেইদিন মানৰ পিছতে মাক-জীয়েক আহি আমাৰ ঘৰত থিতাপি লৈছিলহি। মাইকণহঁত অহাৰ অলপ দিনৰ পিছতে কলিয়াহঁতও আহি সিহঁতৰ লগ লাগিছিলহি। কলিয়া আমাতকৈ অলপ ডাঙৰ। সিহঁত সকলোৰে বাবে থকাঘৰ সাজি দিয়া হৈছিল আমাৰ সেইসময়ৰ খেৰিঘৰটোৰ পৰা পূবলৈ। যিখিনি ঠাইত পিছত আমাৰ পকী ভঁৰালটো সজা হৈছিল। বুজন হোৱাৰ আগৰ কথা। কিন্তু মনত থকাৰে পৰা সিহঁতৰ লগত সম্পৰ্ক আছিল অভিন্ন। মা কামলৈ যোৱাৰ সময়খিনিত মাইকণৰ মাকৰ গাখীৰেই মোৰ প্ৰাথমিক আহাৰ আছিল।
লাহে লাহে মই ডাঙৰ হৈ আহিলো। মাইকণো ডাঙৰ হৈ আহিল। দেউতাহঁতৰ লগত পথাৰলৈ গৈ কলিয়াইও পথাৰৰ কাম কাজ শিকিব পৰা হ’ল। এবাৰ গাওঁত হাইজা লাগিল নে কিবা খাদ্যৰ বিষক্ৰিয়াই হ’ল ঠিক কব নোৱাৰিম। কিন্তু মাইকণৰ মাক কলেৰা লাগি ঢুকাই থাকিল। কেইদিন মানৰ পিছতে একেই শৌচ গ্ৰহনীত কলিয়াৰ মাকো সিফলীয়া হ’ল। তেতিয়া মাইকণৰ ভায়েক ‘কেম’এ গাখীৰ এৰিছিলহে। আচলতে কেমৰ নামটো হৈছিল কণপোৱালি, কিন্তু মোৰ আধা মাতফুটা মুখত কণপোৱলিটো নুফুটি কেমপোৱালি হ’ল আৰু সেইভাগেই আমি তাক কেম বুলিয়েই মাতি থাকিলোঁ। সি সেইটোত কাহানিওঁ আপত্তি কৰা নাছিল। আমাৰ দেউতাই কৰ’বাৰ আহি ‘মাইকণ ঔ’, ‘বোপাই কেম ঔ’ বুলি মাত লগালে সিহঁত ধপধপাই দৌৰি আহিছিল। কলিয়াহে অলপ ধোদ আছিল, মাতিলেও লাহে ধীৰে গজেন্দ্ৰ গমনেহে পদধূলি দিছিলহি। সি যাৰ লগত পথাৰৰ কাম শিকিছিল তেওঁক আমি ধোদ দদাইদেউ বুলিছিলো (মনে মনেহে, তেওঁৰ মুখৰ আগত নহয়)। বোধহয় ধোদ দদাইদেউ গঞ্জিকাসেৱী আছিল। সেয়ে ৰাতিপুৱা দেৰিলৈকে শুই থাকিব খোজে কিন্তু পুৱা কুকুৰাই ডাক নিদিওঁতেই উঠা মা-দেউতাৰ পাল্লাত পৰি তেওঁৰ পুৱাৰ চিকুন টোপনিত সদায়েই চেঁচা পানী পৰিছিল। সদাই পুৱা জগাই থাকিব লাগে কাৰণে এবাৰ তেওঁৰ প্ৰসংগত দেউতাই ধোদ শব্দটো ব্যৱহাৰ কৰাৰ পৰাই তেওঁ আমাৰ ধোদ দদাইদেউ হ’ল। সেইহেন ধোদ দদাইদেউৰ শিচ হোৱাৰ কৃপাতে গুৰুৰ গুণ আমাৰ কলিয়াইও অৰ্জন কৰিছিল হবলা!
দিন বাগৰি যোৱাৰ লগে লগে মাইকণে নিজৰ সংসাৰ গঢ়ি চম্ভালিব পৰা হ’ল। মাইকণৰ জীয়েক টিকিৰী। সেই নামটো কেনেকৈ পৰিল কব নোৱাৰো। সৰুতে চুটি-চাপৰ আছিল কাৰণে হবলা! এতিয়া সিহঁতৰ সংসাৰত মাইকণেই জেষ্ঠ্যতম স্ত্ৰী সদস্য। কেম, কলিয়াহঁত পথাৰৰ কামকাজত ইতিমধ্যে পকি উঠিল। অহ! কলিয়াৰ ভায়েক থোপোকৰ কথা পাহৰিয়েই গৈছিলো। সৰুতে তেনেই থোপোকা এটা হোৱা কাৰণে তাৰ নাম পৰিল থোপোক। সি ককায়েক কলিয়াৰ নিচিনা মহান গুৰু নাপালে কাৰণে কেমৰ লগত সখাজোৰা বান্ধিলে। কলিয়াৰ লগত কোন সখা আছিল জানো! যিমানদূৰ মনত পৰে কলিয়াহঁতৰ ঘাই ঠাই ঢকুৱাখনাৰ পৰা পিছত অহা সেই হটঙাটো, কলিয়াৰ জোৰা সখি আছিল।
বিহু পালেহিয়ে দেই! ভঁৰালৰ পিছফালৰ কঁঠাল জোপাৰ পৰা ভাহি অহা কুলিৰ মাতটোৱে সেই জাননী দিছে। স্কুললৈ অহা যোৱা কৰোঁতে কাৰোবাৰ কাৰোবাৰ পদূলিৰ গছত দুই এপাহ কপৌ ফুলেও দেখা দিয়া চকুত পৰিছে। চোতালবোৰত মৰণাৰ খেৰ জমা হৈছে। বৰডলা, নগাঢাৰি পাৰি ধান ৰ’দত দিছে।ঘৰবোৰত সন্ধিয়াৰে পৰা আৰম্ভ হোৱা ঢেংকুলুক ঢেংকুলুক ঢেকীৰ মাত লাহে লাহে মাজনিশালৈকে চলা হৈছে। কাষৰ ঘৰৰ পৰা ঢেকীৰ মাতৰ লগতে ভজা ধানৰ গোন্ধও ভাহি অহা হৈছে। চিৰা, কোমল চাউল তৈয়াৰ হৈ আছে তাৰমানে! বজাৰৰ পৰা অহা মানুহৰ হাতত টেকেলী, মলাচৰু সঘনাই দেখা গৈছে। দৈ অকণ নহলে আৰু জলপান খাব পাৰি নেকি! কুলিৰ মাতৰ সংখ্যাও বাঢ়ি আহিছে। মানে বিহু সঁচাকৈয়ে পালেহিয়েই! এতিয়া স্কুলত হেডপণ্ডিত চাৰে প্ৰাৰ্থনাৰ সময়ত গলগলীয়া মাতেৰে কাইলৈৰ পৰা বিহুৰ বন্ধ বুলি ঘোষণা কৰিবলৈহে বাকী।
উৰুকা ! কত যে কাম। মাহঁতে ঘৰৰ মজিয়া ৰঙা মাটিৰে মছি চিকচিকোৱাই দিছে। পাকঘৰৰ চৌকাৰ কাষৰ পৰা আদি কৰি বাহিৰৰ পিৰালিলৈকে একো এৰা নাই। সবতে নতুন মাটিৰ লেপ পৰিছে। চোতাল-তোতাল চিকুনাই কেইবাদিনৰ আগৰ পৰাই চাফা। মৰণাৰ খেৰবোৰ আঁতৰাই জাগ দিবৰ বাবে সহজতে পোৱাকৈ কেইটামান নতুন খেৰৰ পুজি সজা হৈছে। কাইলৈৰ পৰা সাতদিন পদূলিত জাগ দিব লাগিব নহয়। আমি পিলিঙাকেইটাই দীঘলতি, মাখিয়তি বিচাৰি বাঁহনি পাইছোঁগৈ। দীঘলতি, মাখিয়তি লৈ ঘৰ পাওঁ মানে চোতালত বৰডলা এখনত লাও, বেঙেনা, হালধি, কেৰেলা জমা হৈছে। মজলীয়া আকাৰৰ গামলা এটাত মাটি মাহ তিয়াই থোৱা আছে। দেউতাই হাঁকুটি এডাল লৈ ঠেকেৰা কেইটা মান পিছফালৰ বাৰীৰ পৰা পাৰি আনিছে। ছাট সাজিবলৈ ইতিমধ্যে বাঁহৰ যোগাৰ হৈয়েই আছে। আবেলিলৈ সেইকেইডাল ছাঁছি ছাটকেইডাল সাঁজি পেলোৱা হব। বাটেদি চাইকেল মাৰি যোৱা দুই এজনে বিহুগীত টানি গৈছে, ‘চেনাই ঐ …’। কোনোবা দুজন মানে ঠেকেৰা বিচাৰি আহিছে, গাখীৰ ভৰাবলৈ দিয়া কেইজনে টেকেলীকেইটা বিচাৰি আহিছে। কেইজনমানে পদূলিৰে পৰাই ৰিঙিয়াই খবৰ কৰিছে, “ককাইদেউ, যা-যোগাৰ কৰিছে?” কোনোবা ফালৰ পৰা অনুশীলন কৰি থকা ঢোল-পেঁপাৰ মাতো ভাহি আহিছে।
বিহুৰ প্ৰথম দিন। আমি শুই উঠোঁ মানে মাহ-হালধি পিচি তৈয়াৰ কৰা নোৱোঁৱা সামগ্ৰীবিদ তৈয়াৰ। মুখ-চোখ ধুই আহি বৰডলাত থকা লাও, বেঙেনা, ঠেকেৰা, হালধি, কেৰেলাবোৰ টুকুৰা-টুকুৰ কৰি বাঁহৰ জোংকেইডালত সী-লৈ ছাট সজা কামটো আৰম্ভ হৈ যায়। ইফালে বাটেদি বৰপুখুৰীৰ ফাললৈ গোধন সহ ৰাইজৰ সোঁত আৰম্ভ হয়। হাতে হাতে ছাট, দীঘলতি-মাখিয়তিৰ ডাল। টোপোলাত পিচিলোৱা মাহ-হালধি, বটলত মিঠাতেল। আজি মাইকণ, টিকিৰীহঁতৰ দিন। গৰু বিহু। প্ৰত্যেকৰে মূৰত অকণ অকণ তেল দি মাহ-হালধিৰে নোৱাঁই গা-পা ধুৱাই দি কলপাতেৰে মেৰিওৱা পিঠা একোটাহঁত খুৱাই দিওঁ। দীঘলতি-মাখিয়তিৰে মহ-মাখি খেদি খেদি। লগতে ছাটৰ পৰা উলিয়াই “লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰে সৰু, বাপেৰে সৰু, তহঁত হবি বৰ বৰ গৰু।।” গাই গাই গাত ছটিওৱাৰ লগতে লগতে কেইটুকুৰা মান খুৱাইও দিয়া হয়। টেঁটুলৈকে হাত বাই হাগনিৰ টেবলেট কঁটিয়াই দিব বুলি ভয়ত আনদিনা ডিঙি চুবলৈ নিদিয়া থোপোকেও সেইদিনা গাটো পাতি দিয়ে। সিহঁতেও কিজানি বুজি পায়, আজি কিবা এটা বিশেষ দিন। সন্ধিয়ালৈ পদূলিত জাগ দিয়াৰ বাবে খেৰ আৰু তুঁহগুড়িৰ দ’ম এটাত দীঘলতি-মাখিয়তি, বিহলঙণী আদি জাপি ধোঁৱা দি মহ-মাখি খেদাৰ ব্যৱস্থাৰ লগতে চৰিয়াত মাইকণহঁতৰ কাৰণে ‘স্পেছিয়েল বিহুৰ জলপান’। মাহ-হালধিৰে নোওঁৱা, তুলসী লগোৱা নতুন পঘা।
মাইকণহঁত ‘স্পেছিয়েল’ আছিল। উদংকালি পথাৰত চৰি থকা কেইবাশ গৰুৰ জাকৰ মাজৰ পৰা বিচাৰি উলিয়াবলৈ “মাইকণ আহ” নাইবা “টিকিৰী আহ” বুলি চিঞৰ এটা মাৰি দিলেই যথেষ্ট আছিল। জুম এৰি চুৰচুৰাই ঘৰলৈ বুলি বাট লয়। ঘৰৰ মানুহে বাটেৰে কথা পাতি গৈ থাকোঁতে জুমৰ মাজৰ পৰা মূৰ ডাঙি হেম্বিয়াই “হেল্লো” বুলি নোকোৱাকৈ নাথাকিছিল। সন্ধিয়া ঘৰলৈ আহি পোৱাৰ পিছত নিমখ অকণ চেলেকাই নিদিলে ওফোণ্ড পাতিছিল, ৰাতিপুৱা খিৰোৱাৰ সময়ত অসুবিধা কৰি। সেয়াও এক জীৱন আছিল।
বিহুবুলি এই লেখাটো মাইকণহঁতলৈ উছৰ্গা কৰিলো।
← বিশ্ব ৰেকৰ্ডৰ ৰোগত আক্ৰান্ত অসম (হিমজ্যোতি তালুকদাৰ)
দাপোণ (অনুপমা বৰগোহাঁই) →
You May Also Like
‘বেটুপাতৰ আঁৰৰ কথা’ (সমুদ্ৰ কাজল শইকীয়া)
October 15, 2012 1
বিভীষিকাৰ তপ্ত পৰশ ~ (স্যামন্ত কুমাৰ গোস্বামী)
June 15, 2012 0
ক্ৰিপ্টোকাৰেন্সী (Cryptocurrency) কি আৰু ই কেনেদৰে কাম কৰে?
May 22, 2022 May 22, 2022 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*