text
stringlengths
0
188k
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও
Read More...
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা
November 30, 2022 9 0 CommentsBy: Sangbad 365
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>May 11, 2020 March 12, 2022 Manjori BorkotokyLeave a Comment on গুৱাহাটী মহানগৰীক ৰে’ড জ’ন ঘোষণা কৰা হৈছে নেকি?
ফেচবুক লিংক । সংৰক্ষিত লিংক
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় দুই লাখ ৮৩ হাজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪১.২ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৬৭ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ২২০৬ জনৰ মৃত্যু হৈছে । অসমতো ৬৩জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে দুজনৰ মৃত্যু হৈছে ।
এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন বাতৰি ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমেও কিছু ভুৱা বা ভুল বাতৰি পৰিবেশন কৰি আহিছে ।
এনে সময়তে জি প্লাছ নামৰ অসমৰ এক নিউজ পৰ্টেলে ১১ মে’, ২০২০ তাৰিখে ‘গুৱাহাটী মহানগৰীক ৰে’ড জ’ন ঘোষণা কৰা হৈছে’ বুলি শিৰোনামা দি এক বাতৰি প্ৰকাশ কৰিছে ।
ৱেব লিংক । সংৰক্ষিত লিংক
বাতৰিটো ফেচবুক আৰু টুইটাৰত ভাইৰেল হৈ পৰিছে ।
কিন্তু সঁচাকৈ গুৱাহাটী মহানগৰীক ৰে’ড জ’ন ঘোষণা কৰা হৈছে নেকি? এই সম্পৰ্কে আমি ফেক্ট চেক কৰাৰ সিদ্ধান্ত ললোঁ ।
প্ৰণালী
আমি এই বিষয়ে অসম চৰকাৰৰ চীফ চেক্ৰেটেৰী কুমাৰ সঞ্জয় কৃষ্ণৰ সৈতে যোগাযোগ কৰিলোঁ । তেখেতে নিশ্চিত কৰিলে যে এনে ধৰণৰ কোনো ভাষ্য তেওঁ দিয়া নাই আৰু এই সম্পৰ্কীয় কোনো বিভাগীয় যোগাযোগ তেওঁলোকৰ লগত হোৱা নাই । তেওঁ লগতে জনালে যে ‘জি প্লাছক’ তেওঁ এনে ধৰণৰ কোনো বক্তব্য কৰা বুলি লিখাৰ পৰা বিৰত থাকিবলৈ ইতিমধ্যে কৈছে ।
আমি এই বিষয়ে গুগল চাৰ্ছ কৰিলোঁ আৰু আমি জানিব পাৰিলোঁ যে ভাৰতত নতুনকৈ ক’ৰনা ভাইৰাছ সম্পৰ্কীয় জ’নবোৰৰ বিভাজনৰ বিষয়ে কোনো ঘোষণা বৰ্তমানলৈকে প্ৰকাশ হোৱা নাই । আটাইতকৈ শেহতীয়া ঘোষণাটোৰ বিষয়ে ১ মে’, ২০২০ তাৰিখে বিভিন্ন নিউজ ৱেবছাইটত প্ৰকাশ হৈছিল আৰু সেই ঘোষণাত অসমৰ এখনো ঠাই ৰে’ড জ’নত নাছিল । বিতংকৈ ইয়াত পঢ়ক ।
আমি এই বিষয়ে আৰু নিশ্চিত হবলৈ নিত্যানন্দ ৰায়, ৰাজ্যিক মন্ত্ৰী – গৃহ মন্ত্ৰালয়, সৈতে যোগাযোগ কৰিলোঁ আৰু তেখেতে আমাক জনালে যে এনে ধৰণৰ কোনো নতুন লিষ্ট বৰ্তমানলৈকে ওলোৱা নাই কিন্তু আজি দেৰিকৈ বা কাইলৈ (মে’ ১২, ২০২০) এনে ধৰণৰ এক নতুন লিষ্ট ওলাব ।
অসমৰ জনসংযোগ বিভাগে এই বিষয়ে ইতিমধ্যে তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এক টুইট কৰিছে আৰু উক্ত বাতৰিটো ভুৱা বুলি স্পষ্ট কৰিছে ।
টুইটাৰ লিংক । সংৰক্ষিত লিংক
ফলাফল
গুৱাহাটী মহানগৰীক ৰে’ড জ’ন ঘোষণা কৰা হোৱা নাই আৰু এনে ধৰণৰ জ’নৰ বিভাজন সম্পৰ্কে নতুনকৈ কোনো ঘোষণা ভাৰত চৰকাৰে শেহতীয়াকৈ কৰা নাই ।
Title:গুৱাহাটী মহানগৰীক ৰে’ড জ’ন ঘোষণা কৰা হৈছে নেকি?
Fact Check By: Manjori Borkotoky
Result: False Headline
Tagged AssamCoronavirusCOVID 19GPlusGuwahati
Post navigation
ভাৰতত ক’ৰনা ভাইৰাছত ৫০ হাজাৰ মানুহ আক্ৰান্ত হৈছে বুলি নিলিখি ভুলতে ৫০ হাজাৰ মানুহ মৃত্যু হোৱা বুলি ‘টাইমছ অফ ইণ্ডিয়া’ই প্ৰকাশ কৰিছিল!
ৰাজস্থানৰ পৰা অহা বাছত ৮জন ক’ৰনা ভাইৰাছ পজিটিভ ৰোগী পোৱা গৈছে বুলি হিমন্ত বিশ্ব শৰ্মায়ে টুইট কৰিছিল নেকি?
Related Posts
FACT CHECK: চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে আইজি ন’বেল বঁটা মোদীলৈ আগবঢ়োৱা নাই!
September 22, 2020 March 12, 2022 Manjori Borkotoky
এজনো থলুৱা অসমীয়া ক’ৰনা ভাইৰাছ ৰোগত আক্রান্ত হোৱা নাই বাবে আইচিএমআৰ’য়ে থলুৱা অসমীয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে এক অধ্যয়ন কৰিব পাৰে নেকি?
April 24, 2020 March 12, 2022 Manjori Borkotoky
কুকুৰ হত্যা কৰি মাংস ভক্ষণৰ বাবে কাটি থকা এই ফটোবোৰ অসমৰ নহয়!
May 30, 2020 March 12, 2022 Manjori Borkotoky
Leave a Reply Cancel reply
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Δ
ClimateFactChecks.org
Climate Change adversely impacts Water Security | Steps Towards Climate Resilient Water Management Systems
Legalizing Cannabis in Sri Lanka? Pros, Cons & Impacts on Climate Change!
Explained | What is Net-Zero Greenwashing and why was it highlighted by the UN Secy-Gen at COP27
Post misleadingly claims UN Report says CO2 deadlier than Cancer
Hydroelectric power for Climate resilience – Overview of the Victoria Hydropower plant
Popular Posts
এইখন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি নেকি? ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰ... by Manjori Borkotoky
ভূমিকম্পৰ সময়তো নামাজ পঢ়ি থকা এই ভিডিঅ’টো ইণ্ডোনেছিয়াত হোৱা শেহতীয়া ভূমিকম্পৰ সময়ৰ নহয় যোৱা ২১ তাৰিখ সোমবাৰে ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত হোৱা এ... by Debanjana Baishya
শ্ৰীলংকাত সঁচাকৈ হনুমানৰ গদা উদ্ধাৰ হৈছে নেকি? ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ফেচবুকত ২০১৬ চনতেই ভাইৰেল... by Manjori Borkotoky
ফটোখনত দেখা দম্পতীহাল দাবী কৰাৰ দৰে মাক-পুতেক নহয়! ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ টুইটাৰ... by Manjori Borkotoky
এইখন আপ নেতা তাহিৰ হুছেইনৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা অবৈধ অস্ত্ৰ-শস্ত্ৰৰ ফটো নেকি? ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ নাগৰিকত্ব সংশোধন... by Manjori Borkotoky
FACT CHECK: কাজিৰঙাৰ বুলি ভাইৰেল হোৱা বগা হৰিণৰ ফটো দুখনৰ এখন পুৰণি আৰু আমেৰিকাৰ হয়! শেহতীয়াকৈ বগা ৰঙৰ হৰিণৰ দুখন ফটো এই দাবীৰে অসমত ছ'চিয়... by Manjori Borkotoky
এইটো কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ৰ ভিডিঅ’ হয়নে? কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ... by Manjori Borkotoky
Home
Archives
Submit For Fact-Check
Our Policies
Privacy Policy
Terms of Use
Code Of Principles
Correction & Submission Policy
Our Methodology
Disclaimer
About Us
Contact Us
Coronavirus
Categories
Categories Select Category Altered (16) Business (1) Communal (5) Coronavirus (72) Covid-19 (6) Disaster (1) Economy (11) Environment (1) Explainer (4) False (349) False Headline (5) Health (1) International (72) Medical (44) Misleading (16) Missing Context (14) National (5) Partly-False (20) Political (73) Politics (5) Religious (1) Satire (4) Science (2) Security (1) Social (215) Technology (1) Telecom (1) Uncategorized (2) Wildlife (8)<eot>অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ছিকিমত কলকাতাস্থিত পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰই ‘ভাৰতৰ উৎসৱ’ শীৰ্ষক এখন তিনিদিনীয়া সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰিছে।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম মহোৎসৱ-‘ভাৰতৰ উৎসৱ’টো ছিকিমত অনুষ্ঠিত কৰাৰ বাবে ছিকিমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৈতে আলোচনা অনুষ্ঠিত হৈছে।
সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে কলকাতাস্থিত পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ অন্তৱৰ্তীকালীন সঞ্চালক জিতুল সোণোৱাল, প্ৰগ্ৰেম অ’ফিচাৰ অভিজিৎ চেটাৰ্জী আৰু ছিকিম কলাকাৰ সংঘৰ সভাপতি চুন্নীলাল ঘিমিৰেই।
জিতুল সোণোৱাল নাগালেণ্ডত থকা উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰৰো সঞ্চালক।
ছিকিম পূব মণ্ডল আৰু উত্তৰ-পূব মণ্ডল দুয়োটা সাংস্কৃতিক কেন্দ্ৰৰ অধীনতে পৰে। সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ দুয়োটা সংস্থাই ভাৰতত বাস কৰা জনগোষ্ঠীসমূহৰ লগতে বিভিন্ন লোক সংস্কৃতি সংৰক্ষণ কৰা আৰু বিকাশৰ বাবে দায়বদ্ধ।
ছিকিমৰ সকলো জনগোষ্ঠীৰে লোক গীত আৰু নৃত্য আগন্তুক ‘ভাৰতৰ উৎসৱ’ অনুষ্ঠানত প্ৰদৰ্শিত হ’ব।
একেদৰে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংস্কৃতিক দলে উৎসৱটোত অংশগ্ৰহণ কৰি তেওঁলোকৰ স্বকীয় সাংস্কৃতিক তথা পৰম্পৰাৰ প্ৰদৰ্শন দাঙি ধৰিব।
উৎসৱটোৰ আয়োজকসকলে লগতে সংশ্লিষ্ট জনগোষ্ঠীসমূহৰ পৰম্পৰাগত বাদ্যযন্ত্ৰসমূহৰ ব্যৱহাৰ কৰি শিল্পীসকলে প্ৰদৰ্শন আগবঢ়োৱাৰ ওপৰতগুৰুত্ব আৰোপ কৰিছে।
আয়োজকসকলৰ মুখপাত্ৰ কেইগৰাকীয়ে ঘোষণা কৰে যে লোক-সাংস্কৃতিক কাৰ্যকলাপসমূহৰ স্থায়িত্ব সুদৃঢ় কৰাৰ মানসেৰে তেওঁলোকে বিভিন্ন সাংস্কৃতিক বিনিময় কাৰ্যসূচী আৰু কৰ্মশালাৰ আয়োজন কৰিব।
Recent News
কাপোৰ নিপিন্ধিলেও মহিলাসকলক ভাল লাগে! সস্তীয়া মন্তব্য কৰি শলঠেকত বাবা ৰামদেৱ
বৰ্তি থকাৰ যুঁজ! মেক্সিকোৰ বিৰুদ্ধে ২-০ গ’লত জয় আৰ্জেণ্টিনাৰ; ছন্দলৈ উভতিল মেছি
কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান
যাত্ৰাপথতে ইন্ধন শেষ হ’ল চিকিৎসালয় অভিমুখী এম্বুলেন্সত: শোকাৱহভাৱে মৃত্যুক সাবটিলে ৰোগীয়ে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>অসম ডাইনী হত্যা (নিষিদ্ধ, প্ৰতিৰোধ আৰু সুৰক্ষা) বিধেয়ক, ২০১৫’ অসম অসম বিধান সভাই গৃহীত কৰাৰ দুবছৰতকৈয়ো অধিক সময় পাৰ হৈ যোৱাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে বিধেয়কখন আইনলৈ পৰিণত কৰাৰ বাবে অনুমোদন জনাইছে।
জানিব পৰা মতে ৰাষ্ট্ৰপতিয়ে যোৱা ১৩ জনুত বিধেয়কখনত স্বাক্ষৰ কৰিছিল আৰু আইনখন ৰূপায়নৰ বাবে এক অসম গেজেট নটিফিকেশ্যনৰ অপেক্ষাত আছে।
অসমৰ ৰাজ্যপালে স্বাক্ষৰ কৰাৰ পিছত ২০১৫ চনৰ ডিচেম্বৰত বিধেয়কখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হৈছিল।
ভাৰতীয় দণ্ডবিধিৰ সৈতে কেইটামান বিষয়ত সংঘাত হোৱাৰ বাবে বিধেয়কখনত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ প্ৰয়োজন হৈছিল।
আইনখনক আদৰণি জনাই ডাইনী কাণ্ডৰ বিৰুদ্ধে অভিযান চলাই অহা সামাজিক কৰ্মী দিব্যজ্যোতি শইকীয়াই নৰ্থইষ্ট নাওক তামিলনাডুৰ পৰা টেলিফোন যোগে জনায় যে যদিওবা ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা আৰু মহাৰাষ্ট্ৰত ডাইনী-হত্যা বিৰোধী পৃথক আইন আছে, অসমৰ আইনখন এনেধৰণৰ ঘটনাৰ ক্ষেত্ৰত অক্ষমণীয় অপৰাধ হিচাপে গণ্য কৰা, জামিন বিহীন অপৰাধ আদি ব্যৱস্থা সন্নিৱিষ্ট এখন শক্তিশালী আইন হ’ব।
২০০৯ চনৰে পৰা শইকীয়াই এই আইনখনৰ বাবে সংগ্ৰাম কৰি আহিছিল।
‘’ভাতৃত্ববোধ আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ হ’কে কাম কৰি থকাৰ সময়তে মই এনেকুৱা বহু ঘটনাৰ সৈতে মুখামুখি হৈছিলো য’ত মহিলাক ডাইনী সজাই নিৰ্যাতন চলোৱাৰ লগতে হত্যা পৰ্যন্ত কৰা হৈছে। আৰক্ষীয়ে অন্ধবিশ্বাস আৰু ইয়াৰ অনুশীলনৰ ক্ষেত্ৰত অসহায় হৈ পৰিছিল কিয়নো ইয়াৰ বাবে আইনত কোনো ব্যৱস্থা নাছিল। তেওঁলোকে এইবোৰক গণ হিংসা আৰু হত্যা হিচাপে ধৰি ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত অনা উচিত,’’-শইকীয়াই কয়।
শইকীয়াই লগতে কয় যে তেওঁ আইনখনৰ বিষয়টোত লাগি পৰিছিল আৰু ২০১৪ চনৰ অক্টোবৰত এটা সপ্তাহত দুবাৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰি এখন পৃথক আইনৰ প্ৰয়োজনীয়তাৰ বিষয়ে যুক্তি দাঙি ধৰিছিল আৰু বিধেয়কখনৰ খচৰা প্ৰস্তুত কৰাত চৰকাৰক সহায় কৰিছিল।
এগৰাকী ব্যক্তিক ডাইনী বুলি অভিহিত কৰা বা চিনাক্ত কৰাৰ বাবে আইনখনত সাত বছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে ৫ লাখ টকালৈকে জৰিমনাৰ ব্যৱস্থা ৰখা হৈছে।
ডাইনীৰ নামত কোনোবাই হত্যা কৰিলে এয়া ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হ’ব।
আনহাতে, এগৰাকী ব্যক্তিক ডাইনী হিচাপে অভিহিত কৰি নিৰ্যাতন চলালে, অপমানিত কৰিলে বা অভিযোগ আনিলে যাৱজ্জীৱন কাৰদণ্ডৰ লগতে ৫ লাখ পৰ্যন্ত জৰিমনা হ’ব পাৰে।
আইনখনত উল্লেখ আছে যে আৰক্ষীৰ প্ৰতিবেদন দাখিলৰ এবছৰৰ ভিতৰত এনে ধৰণৰ ঘটনাৰ বিচাৰৰ বাবে চৰকাৰে অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ আদালতক এখন বিশেষ আদালত হিচাপে ৰাখিব।
আইনখনত লগতে ডাইনী কাণ্ডৰ বিষয়ে ৰাইজক শিক্ষিত কৰি তুলিবলৈ বেচৰকাৰী সংস্থা আৰু নাগৰিক সমাজৰ সহযোগত প্ৰশাসন তথা আৰক্ষীয়ে গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থাৰ বিষয়ে উল্লেখ আছে।
প্ৰতিনিধিত্বমূলক ফটো
আইনখনে ৰাজ্যখনত বৃদ্ধি পোৱা গণ হিংসাৰ ঘটনাসমূহ ৰোধক কৰিব বুলি আশা কৰা হৈছে।
২০১৫ চনত সেই সময়ৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী ৰকিবুল হুছেইনে সদনত জনাইছিল যে ২০১০ চনৰ পৰা গোটেই অসমত ডাইনীৰ নামত সংঘটিত ঘটনাত কমেও ৭৭ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ৬০ জন লোক আহত হৈছিল।