text
stringlengths
0
188k
Odia
Bengali
Tamil
Chhattisgarhi
Malayalam
Assamese
Telugu
Read the story in pictures
Share
Print this story
Malkangiri , Odisha
See more from this region
অন্ধ্ৰপ্ৰদেশ আৰু তেলাংগনাৰ জলকীয়া খেতি চপোৱাৰ সময়ত চুবুৰীয়া ৰাজ্য চত্তীশগড় আৰু ওড়িশাৰ পৰা সীমা পাৰ হৈ কম বয়সীয়া ল’ৰা-ছোৱালীয়ে তাত কাম কৰিবলৈ আহে। সিহঁতে মজুৰিৰ বাবে নাহে, গোটেই বছৰটো জোৰাকৈ জলকীয়া নিবলৈ আহে। এই জাৰ থকা জলকীয়াবিধ গোটাই নিবলৈ সিহঁত ইমানেই আগ্ৰহী যে সিহঁতৰ বহুতেই জলকীয়া চপোৱা এই বৃহৎ উৎসৱত ভাগ ল’বলৈ বুলি স্কুল খতি কৰে, আন দহো কাম-বন কাতি কৰি আহে। পাকঘৰত সকলো সময়তে প্ৰয়োজন হোৱা এই জলকীয়া গোটোৱাৰ এইটোৱে সিহঁতৰ হাতত পোৱা একমাত্ৰ সুযোগ।
পৰিয়ালত ডাঙৰবোৰে সৰুবোৰতকৈ বেছি জলকীয়া খায়, তেওঁলোকৰ বাবে এয়া নিয়মীয়া খাদ্যবস্তুৰ ভিতৰত পৰে। কিন্তু সেই সৰুবোৰেই জলকীয়া গোটোৱা কামটোত আগত থাকে। গোটেই বছৰটো জোৰাকৈ জলকীয়া নিয়া কাম কৰা শ্ৰমিক বলৰ আধাখিনিয়েই সৰু ল’ৰা-ছোৱালী। পৰৱৰ্তীবাৰ খেতি চপোৱাৰ সময়লৈকে জোৰাকৈ তেওঁলোকে জলকীয়া ‘আৰ্জিবলৈ’ সক্ষম হয়। এদিনৰ ১২০ টকা মজুৰিৰ পৰিৱৰ্তে তেওঁলোকে সেইখিনি টকাৰ জলকীয়া ল’বলৈ বেছি ভাল পায়, কিছুমান পৰিয়ালে এনেকৈ আধা কুইণ্টল পৰ্য্যন্ত, কেতিয়াবা এক কুইণ্টল পৰ্য্যন্ত জলকীয়া পায়। এক কিলোগ্ৰামত ১০০ টকাকৈ ধৰিলে এক কুইণ্টলত ১০,০০০ টকাৰ কাম হয়গৈ।
এইখিনি উপাৰ্জন পৰিয়ালবোৰৰ বাবে পইচাৰ ফালৰ পৰাও সুবিধাজনক। এটা পৰিয়ালে এবছৰত ১২ৰ পৰা ২০ কিলোগ্ৰাম জলকীয়া খায়। ৰৈ যোৱাখিনি তেওঁলোকে অতিৰিক্ত উপাৰ্জনৰ বাবে বিক্ৰীও কৰিব পাৰে। পামৰ পৰা চিঙি অনা সতেজ আৰু উত্তম মানৰ জলকীয়া তেওঁলোকে বছৰটো খাব পৰাটোও ই সুনিশ্চিত কৰে।
“আমি গাঁৱৰ পৰা ২০ জন মানুহ আহিছো আৰু আমি ইয়াত তিনি সপ্তাহ থাকিম,” ওড়িশাৰ মলকানগিৰি জিলাৰ গুটুমুৰা গাঁৱৰ উমাশংকৰ পৰিয়ামিয়ে কয়। “আমাৰ সকলোৱে পইচাৰ পৰিৱৰ্তে জলকীয়া বিচাৰে।”
PHOTO • Purusottam Thakur
মলকানগিৰি জিলাৰ পৰা উমাশংকৰে ঘৰলৈ বুলি জলকীয়া উপাৰ্জন কৰিবলৈ আহিছে
তেলাংগনা আৰু অন্ধ্ৰপ্ৰদেশ সেউজীয়া জলকীয়া খেতিপথাৰৰ কাষৰ ৰাস্তাবোৰত ৰঙা ৰঙা পকা জলকীয়াবোৰ দ’ম কৰি থোৱা থাকে। ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ জলকীয়াৰে পথাৰবোৰ ভৰি পৰে। প্ৰায়ভাগে জনজাতীয় শ্ৰমিক ওড়িশা আৰু চত্তীশগড়ৰ পৰা আহে আৰু খুচুৰা বিক্ৰী বা ৰপ্তানীৰ বাবে জলকীয়া চিঙি, ভাগ ভাগ কৰি দ’মাই থয়।
শ্ৰমিকসকলৰ আধাসংখ্যকেই শিশু, উৎসুকতাৰে ভৰা সিহঁতে দৌৰাদৌৰি কৰি জলকীয়াৰ দ’মবোৰ ভাগ ভাগ কৰি মৰাপাটৰ বস্তাত সেইবোৰ বান্ধে। কেৱল উৎসুকতা বুলি ক’লে ভুল হ’ব, দৰিদ্ৰতাইও সিহঁতক খেতিৰ এই কামলৈ সিহঁতক আনে। সিহঁথৰ প্ৰায়ভাগ পৰিয়ালেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। নিজৰ অঞ্চলত সংস্থাপনৰ সুবিধা নথকাই সিহঁতে ৰাজ্যৰ সীমা পাৰ হৈ দেশৰ সৰ্বাধিক জলকীয়া উৎপাদন কৰা এই ৰাজ্যকেইখনলৈ আহিবলৈ বাধ্য হয়।
PHOTO • Purusottam Thakur
চত্তীশগড় আৰু ওড়িশাৰ আদিবাসীসকলে জলকীয়া চপোৱা কাম কৰে
তাৰোপৰি জলকীয়া পুৱা, দুপৰীয়া, ৰাতি সকলো আহাৰতে খাব পাৰি। আন খাদ্যত থকা বহু পুষ্টিদ্ৰব্য এই জলকীয়াত থাকে। বহু ব্যঞ্জনৰ ই জুতি বঢ়ায়। আন পৰ্বতো জলকীয়া ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ চাহিদা খুবেই বেছি।
এনেকৈ সীমা পাৰ হৈ অন্ধ্ৰপ্ৰদেশত জলকীয়া চপোৱা কাম কৰিবলৈ অহা এগৰাকী হৈছে চত্তীশগড়ৰ ভেট্টি ময়ে (১৪)। সুকমা জিলাৰ বাৰেচিটি গাঁৱৰ ময়েৰ দেউতাক দুবছৰ আগতে মেলেৰিয়া হৈ ঢুকায়, তাৰপিছত পৰিয়াল চম্ভালিবলৈ তেওঁ স্কুল এৰে আৰু পৰিয়ালৰ সৰু মাটিড’ৰাত কাম কৰিবলৈ লয়। কেতিয়াবা তেওঁ নিৰ্মাণ ছাইটতো কাম কৰে। নিজৰ মাটিৰ খেতি চপোৱাৰ পিছত তেওঁ জলকীয়া চপোৱা কামৰ বাবে ইয়ালৈ আহিছে।
একেখন গাঁৱৰে আন ৩৫ জন লোকৰ সৈতে ময়ে আহিছে। তেওঁলোক আটায়ে পইচাৰ পৰিৱৰ্তে ঘৰলৈ জলকীয়া নিব খোজে। “জলকীয়া চিঙা কামটোত দিনে ১২০ টকা মজুৰি,” ময়ে কয়। “মই যদি জলকীয়া লওঁ, তেন্তে আমি চিঙা জলকীয়া ১২টা বস্তা পাম। মজুৰিৰ পৰিৱৰ্তে জলকীয়া লোৱাই আমি পচন্দ কৰোঁ।”
ঋতু শেষ হোৱাৰ পিছত যুৱ শ্ৰমিকহঁতে ঘৰলৈ বুলি জলকীয়া লৈ যায়। তেওঁলোকৰ জীৱনত অলপ জলকীয়াৰ জুতি যোগ হয়। জলকীয়াৰ কথা আহি পৰিলেই স্কুল আৰু আন কাম-বন পিছ পৰি ৰয়।
PHOTO • Purusottam Thakur
বস্তা ভৰ্তি গৰু গাড়ীৰে বছৰটোৰ বাবে ঘৰলৈ বুলি জলকীয়া
অনুবাদ: পংকজ দাস
Purusottam Thakur
@puruthakur
[email protected]
Share
Purusottam Thakur is a 2015 PARI Fellow. He is a journalist and documentary filmmaker. At present, he is working with the Azim Premji Foundation and writing stories for social change.
Other stories by Purusottam Thakur
Translator : Pankaj Das
Share
Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.<eot>আজিৰ খবৰ, গোৱালপাৰা, ১৯ ডিচেম্বৰ : গোৱালপাৰা জিলাৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান দুধনৈ মহাবিদ্যালয়ত নৃতত্ব আৰু অসমীয়া বিভাগৰ উদ্যোগত “সংস্কৃতিৰ পৰিসৰ আৰু বিশ্বজনীনতা” বিষয়ক লৈ এখন বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত সভাপতিত্ব কৰে দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ললিত চন্দ্ৰ ৰাভাই। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা চুইটি বৰাই আঁত ধৰা বক্তৃতানুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট প্ৰবন্ধকাৰ,গীতিকাৰ তথা শিক্ষাবিদ অধ্যাপক বিৰিঞ্চি কুমাৰ মেধিয়ে মহাবিদ্যালয়ৰ শিক্ষক সমাজ আৰু ছাত্ৰ-ছাত্ৰী সকলৰ সন্মুখত বিষয়ৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। আনহাতে উক্ত অনুষ্ঠানত মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক হৰগোবিন্দ ডেকাই অধ্যাপক বিৰিঞ্চি কুমাৰ মেধি ৰচিত কেইবাটিও গীত পৰিবেশনেৰে সকলোকে আপ্লুত কৰি তোলে। সভাৰ শেষত অসমীয়া বিভাগৰ অধ্যাপিকা ফেঞ্চী চুতীয়াই শলাগৰ শৰাই আগবঢ়াই বক্তৃতানুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।<eot>যোৱা কেইদিনমানৰ ভিতৰতে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত এন ডি এফ বি (সং) সক্ৰিতা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে সেনা-আৰক্ষীৰ অভিযানো তীব্ৰতৰ হোৱা দেখা গৈছে। অঞ্চলটোত বিগত এপষেকৰ ভিতৰত এন ডি এফ বিৰ একাধিক সদস্যৰ মৃত্যু হৈছে সেনা-আৰক্ষীৰ অভিযানৰ সময়ত। তথাপি সংগঠনটোৰ কেডাৰৰ উপস্থিতি তথা ধন দাবীৰ দৰে ঘটনা হ্ৰাস পোৱা নাই। ফলত ৰাইজৰ মাজত উৎকণ্ঠা-আতংকৰ অন্ত পৰা নাই। আৰক্ষীয়েও চিৰাং-কোকৰাঝাৰ-ওদালগুৰিৰ বিভিন্ন ঠাইত অব্যাহত ৰাখিছে বিদ্ৰোহী বিৰোধী অভিযান। আজিও চিৰাঙৰ আমগুৰি থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ শিশুবাৰীত আৰক্ষীয়ে অতৰ্কিতে এক অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে দুজন এন ডি এফ বি (সং) গোটৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা এটা গ্ৰেনেড, এটা এছ এল আৰ, এটা মেগজিন আৰু ৬ জাঁই গুলী উদ্ধাৰ কৰে। আনহাতে ধৃত এন ডি এফ বি (সং) গোটৰ সদস্য দুজন ক্ৰমে খগেন বসুমতাৰী ওৰফে বি খাউৰাং (২৬) আৰু অশোক নাৰ্জাৰী ওৰফে এন এণ্ডউ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। আটকাধীন এন ডি এফ বি (সং) গোটৰ সদস্য দুজনে সংগঠনটোৰ ৪২ নং বেটচৰ হৈ ম্যানমাৰত প্ৰশিক্ষণ লৈ কেইদিনমানৰ পূৰ্বে অসমত প্ৰৱেশ কৰিছিল বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।
Recent News
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে
কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ??
মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট
ভাৰতে নাগৰিকৰ ধৰ্মীয় স্বাধীনতা বজাই ৰাখক : আমেৰিকা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সন্ত্ৰাসবাদী দমনৰ উদ্দেশ্যে নাগালেণ্ডত আছাম ৰাইফলছে চলোৱা এক অভিযানত এনডিএফবি (সং)ৰ ৩ দুৰ্ধৰ্ষ কেডাৰ ধৰা পৰাৰ বাতৰি পোৱা গৈছে।
আছাম ৰাইফলছে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতি অনুসৰি ধৃত এনডিএফবি(সং) কেডাৰ তিনিজনে প্ৰাথমিকভাৱে নামনি অসমত সক্ৰিয় হৈ আছিল।
চোৰাংচোৱাৰ পৰা লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আছাম ৰাইফলছে শুকুৰবাৰে নাগালেণ্ডৰ ৰাজধানী ডিমাপুৰৰ ঝৰ্ণাপানীত চলোৱা অভিযানতে এনডিএফবি(সং) কেডাৰকেইজনক আটক কৰে।
আটকাধীন এনডিএফবি(সং)ৰ কেডাৰ তিনিজন হৈছে ক্ৰমে ছোমাৰ বসুমতাৰী (৩০), নিপেন নাৰ্জাৰী (৩০) আৰু ৰাজেশ নাৰ্জাৰী (২৩)। ধৃত তিনিওজনৰ ঘৰ নামনি অসমৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত বুলি প্ৰকাশ কৰিছে আছাম ৰাইফলছৰ সূত্ৰই।আনহাতে ধৃত এনডিএফবি(সং) কেডাৰ কেইজনৰ পৰা আছাম ৰাইফলছে এটা পইণ্ট ৩২ কেলিবাৰ পিষ্টল আৰু চাৰি জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
ধৃত আটাইকেইগৰাকীৰ বিৰুদ্ধে ডিমাপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। সম্প্ৰতি ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্ঠি কৰা পৰিলক্ষিত হৈছে।
Recent News
কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ??
মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট
ভাৰতে নাগৰিকৰ ধৰ্মীয় স্বাধীনতা বজাই ৰাখক : আমেৰিকা
আপোনাৰ মানসিক চাপ আছে নেকি ? যদি আছে মানসিক চাপৰ পৰা হাত সাৰিবলৈ কৰক এই কেইটা কাম :
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।
শ্ৰোণীৰ প্ৰদাহ ৰোগ
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
Micrograph of salpingitis - a component of pelvic inflammatory disease. H&E stain.
আই.চি.ডি.-10
N70-N77
আই.চি.ডি.-9
614-616
ডিজিজেছ ডে'টাবে'ছ
9748
মেডলাইন প্লাছ
000888
ইমেডিচিন
emerg/410
MeSH
D000292
শ্ৰোণীৰ প্ৰদাহ ৰোগ বা পি আই ডি (ইংৰাজী: Pelvic Inflammatory Disease) হ'ল পেলভিক ইনফ্লেমেটৰি ডিজিজ। সাধাৰণতে জৰায়ু, ডিম্বনলী আৰু আন প্ৰজনন অংগৰ সংক্ৰামণক এই ৰোগ বোলা হয়। এইৰোগ কেৱল মহিলাসকলৰ ক্ষেত্ৰত হোৱা দেখা যায়। কোনো এগৰাকী মহিলাৰ যোনী অথবা জৰায়ু মুখৰ পৰা বেক্টেৰিয়াবোৰে যেতিয়া ক্ৰমাত ওপৰফালৰ প্ৰজনন অংগবোৰত সোমাই পৰি সংক্ৰমণ ঘটায়-তেতিয়াই এই ৰোগ আৰম্ভ হয়। পি আই ডি বিভিন্ন কাৰণত হব পাৰে। কিন্তু যৌন সংক্ৰামক দুটি ৰোগৰ বেক্টেৰিয়াৰ বাবে মূলত এই ৰোগ হোৱা দেখা যায়। এই দুটা ক্লামোডিয়া আৰু গনৰিয়া। যৌনসংগমত সক্ৰিয় মহিলাৰ প্ৰসৱৰ বছৰটোত সংক্ৰমণ হোৱাৰ ভয় বেছি। ২৫ বছৰৰ মহিলাৰ এনে ৰোগ হোৱাৰ সম্ভাৱনা ২৫ বছৰতকৈ বেছি বয়সৰ মহিলাতকৈ অধিক। যিহেতু কিশোৰী আৰু যুৱতীসকলৰ জৰায়ু মুখ ভালদৰে পৈনত নহয়, সেইবাবে তেনে মহিলাৰ পি আই ডি ৰ লগত যৌনসংক্ৰামক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে।
লক্ষণ আৰু উপসৰ্গবোৰ[সম্পাদনা কৰক]
এই ৰোগৰ লক্ষণবোৰ কেতিয়াবা ধৰিবই পৰা নাযায় আৰু কেতিয়াবা খুব সাংঘাতিক ধৰণেৰে দেখা দিয়ে। ক্লামোডিয়াৰ বেক্টেৰিয়াৰ সংক্ৰামিত হ’লে মহিলাসকলৰ কোনো উপসৰ্গই দেখা নিদিয়ে বা অলপ দেখা দিয়ে। কিন্তু অভ্যন্তৰীণ প্ৰজনন অংগবোৰৰ ভয়াবহ ক্ষতি হৈ থাকে। পি আই ডি ত আক্ৰান্ত মহিলাৰ সাধাৰণ এটা উপসৰ্গ হ’ল- তলপেটৰ বিষ। আন উপসৰ্গবোৰৰ ভিতৰত জ্বৰ, অস্বাভাৱিক বেয়া গোন্ধযুক্ত যোনীশ্ৰাৱ, যৌন সংগম কৰাৰ সময়ত কষ্ট পোৱা আৰু অনিয়মীয়া ঋতুস্ৰাৱ।
Illustration depicting typical sites for pelvic inflammatory disease
প্ৰতিৰোধ[সম্পাদনা কৰক]
যিকোনো যৌন সংক্ৰমণ প্ৰতিৰোধৰ উচিত উপায় হ’ল-যৌন সম্পৰ্ক নকৰা অথবা যৌন সংক্ৰামক ৰোগ নথবা ব্যক্তি এগৰাকীক যৌন সংগী কৰি লোৱা।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
আইএনডিজি দল।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
NIH/Medline
CDC
Pelvic Inflammatory Disease (PID; Salpingitis, Endometritis)
"https://as.wikipedia.org/w/index.php?title=শ্ৰোণিৰ_প্ৰদাহ_ৰোগ&oldid=300994"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
ৰোগ
যৌন সংক্ৰামক ৰোগ
অদৃশ্য শ্ৰেণীসমূহ:
অধিক উৎস বিচাৰি থকা প্ৰবন্ধ
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
AC with 0 elements
এই পৃষ্ঠাখন ২৬ ছেপ্টেম্বৰ, ২০২১ তাৰিখে ১৯:২৪ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>বুদ্ধিৰ বিপ্লৱ আৰম্ভ হোৱাৰ দিন ধৰি তথ্যৰ সংগ্ৰহ, প্ৰচাৰ-প্ৰসাৰ আৰু যথোপযুক্ত ব্যৱহাৰে মানৱ আৰু মানৱ সভ্যতাক এক শৃংখলিত বাটেৰে গমন কৰিবলৈ সংগোপনে উৎসাহিত কৰিবলৈ ধৰিলে ৷ চাবলৈ গ’লে মানৱ সভ্যতাৰ উত্তৰণৰ সেই আদিছোৱাৰেপৰাই যিটো বিশেষ উপাদানে মুখ্য পৃষ্ঠপোষকৰ ভূমিকা লৈ আহিছে,সেই বিশেষ উপাদানবিধেই হৈছে তথ্য ৷ দিন যোৱাৰ লগে-লগে বিস্ময়কৰ মানৱ সভ্যতা আগুৱাই আহি থাকিল ৷ কৃষি বিপ্লৱ, উদ্যোগ বিপ্লৱ,বিজ্ঞান বিপ্লৱ আৰু শেহতীয়াকৈ ইণ্টাৰনেটৰ চমৎকাৰী বিপ্লৱে পৃথিৱীবাসীৰ মাজত তীব্ৰ আলোড়নৰ সূচনা কৰিলে; আৰু এই বিপ্লৱবোৰৰ সমান্তৰালভাৱে পৃথিৱীত থকা তথ্যৰ ভাণ্ডাৰটোৱে বিশালৰ পৰা বিশালতৰ আকাৰ ধাৰণ কৰিলে ৷ পদপথত জুম পাতি সাধাৰণ মানুহে পতা বৈচিত্ৰ্যপূৰ্ণ কথা-বতৰা, টেলিভিছন ষ্টুডিঅ’ত বিজ্ঞজনৰ মাজত সম্পন্ন হোৱা সুগভীৰ ব্যাখ্যাৰ পৰা আৰম্ভ কৰি বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, গৱেষণাগাৰত নতুন মৌল আৱিষ্কাৰক লৈ ব্যস্ত গৱেষক-এই সকলোৰে শৈক্ষিক আৰু পেছাদাৰী জীৱনত তথ্যৰ প্ৰয়োজন আৰু প্ৰভাৱ ক্ৰমাৎ বাঢ়ি আহিল ৷ কিন্তু উত্থাপিত হোৱা প্ৰশ্নটো হ’ল- এই তথ্যবোৰৰ কেৱল আদান-প্ৰদান হ’লেই হ’ব জানো ! তথ্যবোৰ যাতে সঠিকভাৱে সংৰক্ষিত হয়, বিশুদ্ধৰূপত ব্যৱহৃত হয় আৰু প্ৰয়োজনসাপেক্ষে সেইবোৰৰ সংশোধন কিম্বা পৰিমাৰ্জন হয়-তাৰ প্ৰতিও সজাগ,তীক্ষ্ণ দৃষ্টি ৰখাৰ প্ৰয়োজন আছে ৷ কাৰণ, তথ্যৰ লগত জ্ঞানৰ এক প্ৰত্যক্ষ সম্পৰ্ক আছে ৷ সেয়েহে ইণ্টাৰনেটৰ জৰিয়তে তথ্যৰ বিপ্লৱ আৰম্ভ হোৱাৰ প্ৰাক্-মুহূৰ্ততে বিশ্বৰ সচেতন আৰু শিক্ষিত মানুহচামে এক নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য তথ্য-ভাণ্ডাৰৰ সন্ধান আৰম্ভ কৰিলে ৷ তেওঁলোক সম্পূৰ্ণ নিৰাশ নহ’ল ৷ কাৰণ, ৱিকিপিডিয়া নামৰ এক বিনামূলীয়া অ’নলাইন বিশ্বকোষে ইণ্টাৰনেটৰ জগতত সেইসময়তে পদাৰ্পণ কৰিছিলহি ৷ কোৱা বাহুল্য, খুউব কম সময়ৰ ভিতৰতে ৱিকিপিডিয়াই বিশ্বৰ কোটি-কোটি মানুহক তথ্যৰ গতিশীলতা আৰু জ্ঞানাহৰণৰ নৱতম ধাৰণাৰ লগত পৰিচয় কৰাই দিলে ৷ ক্ৰমাৎ বিশ্বৰ বহুকেইটা ভাষাত এই ৱিকিপিডিয়া উপলব্ধ হ’ল৷ অসমীয়া ভাষাতো ৱিকিপিডিয়াৰ সংস্কৰণ মুকলি কৰা হ’ল আৰু ভাষাৰ প্ৰতি চেনেহ থকা এদল জ্ঞানমুখী মানুহে অসমীয়া ৱিকিপিডিয়াত স্বেচ্ছাই বৰঙণি আগবঢ়াবলৈ ধৰিলে ৷ ৱিকিপিডিয়াৰ লগত সম্পৃক্ত হৈ থকা তথ্য-বিতৰণ আৰু জ্ঞানাহৰণৰ ধাৰণাটোৱে মোকো বৰকৈ আকৃষ্ট কৰিলে ৷ মূলতঃ সেই চিন্তাটোৰ দ্বাৰা পৰিচালিত হৈয়েই মই অসমীয়া ৱিকিপিডিয়াৰ লগত সংযুক্ত হ’লোঁ আৰু সামৰ্থনুযায়ী প্ৰবন্ধ-পাতি লিখিবলৈ,সম্পাদনা কৰিবলৈ আৰম্ভ কৰিলোঁ ৷ ইণ্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাটোৰ স্থিতি আৰু গতি সবল কৰাৰ মনোভাৱটোৱেও এইক্ষেত্ৰত শক্তিশালী অনুঘটক হিচাপে কাম কৰিলে ৷
ৱিকিপত্ৰিকাত প্ৰকাশিত মোৰ মনৰ কথা[সম্পাদনা কৰক]
পঢ়ি থকাৰ সময়ত বিদ্যায়তনিক প্ৰকল্পবোৰ প্ৰস্তুত কৰোঁতে প্ৰতিবেদনটোৰ শেষত তথ্যসূত্ৰৰ একোখন তালিকা দিবলগীয়া হৈছিল৷ বিভিন্ন বিষয়ৰ বিবিধ প্ৰকল্প ৷ স্বাভাৱিকতেই তথ্যসূত্ৰৰ তালিকাবোৰতো এক বৈসাদৃশ্যই বিৰাজ কৰিছিল ৷ পিছে ব্যঞ্জনৰ মাজত বিবিধতা থাকিলেও যিদৰে ‘নিমখ’ প্ৰতিটো ব্যঞ্জনৰ বাবে এক অপৰিহাৰ্য উপকৰণ; ঠিক সেইদৰে আমাৰ বৈচিত্ৰ্যপূৰ্ণ তালিকাবোৰতো এক বিশেষধৰণৰ উপকৰণে সদায়েই এক সন্মানজনক স্থান দখল কৰি আহিছিল ৷ নিমখৰ নিচিনা, কিন্তু নিমখীয়া নোহোৱা-সেই উপকৰণবিধৰ নাম আছিল ‘ৱিকিপিডিয়া’ ৷ তথ্য আৰু জ্ঞানৰ এক চমৎকাৰী ভাণ্ডাৰ ‘ৱিকিপিডিয়া’ নামৰ ৱেবছাইটটো আমাৰ বাবে আছিল এক গভীৰ স্বস্তি, সমাধানৰ এক বিশ্বাসযোগ্য আশ্ৰয়স্থলী, তমোময় ৰ’দত ছাঁ বিলাই থকা এজোপা বিশাল গছ, অথবা মাতটো শুনিয়েই সহায় কৰিবলৈ ওলাই অহা ‘বিপদৰ বন্ধু’ ৷ ৱিকিপিডিয়াৰ পৰা লিংক ‘কপি’ কৰি ৱৰ্ডৰ ডকুমেণ্টত ‘পেষ্ট’ কৰি থকাৰ সেই ৰোমাঞ্চকৰ, ৰসঘন মুহূৰ্তবোৰত মই এক নেন’ছেকেণ্ডৰ বাবেও ভবা নাছিলোঁ –যে এদিন মইয়ো ৱিকিপিডিয়াত পৃষ্ঠা লিখিবগৈ পাৰিম, মই সৃষ্টি কৰা প্ৰবন্ধও আন দহজন মানুহে পঢ়িব পাৰিব অথবা ৱিকিউৎসৰ দৰে এক গুৰুত্বপূৰ্ণ কামৰ লগত যুক্ত হ’ব পাৰিম, অথবা আজি এইদৰে ‘ৱিকিপিডিয়ানৰ মনৰ কথা’ লিখিব পাৰিম ৷ কথাবোৰ আচৰিত ৷ ভাবিলে মনটো এক বিপুলায়তন আশ্বৰ্যৰ ঢৌত পুলকিত হৈ উঠে আৰু জন লেননৰ বিখ্যাত উক্তি এষাৰে আহি বাট আগচি ধৰে -‘Life is what happens while you are busy making other plans.’
যিমানদূৰ মনত পৰে, অসমীয়া ৱিকিপিডিয়াৰ লগত মোৰ প্ৰথমটো মুখামুখি হৈছিল কটন কলেজত, ২০১২ চনত ৷ সেইবাৰ অসমীয়া ৱিকিপিডিয়াৰ দহবছৰীয়া জন্মদিন পালন কৰা হৈছিল ৷ কলেজৰ পৰা কিছু পলমকৈ গৈ সভাগৃহত উপস্থিত হৈছিলোঁ ৷ লগ পাইছিলোঁ ফে’চবুকত ইউনিক’ড মাধ্যমত ভাষা-সাহিত্যৰ চৰ্চা কৰি থকা বহুতো অগ্ৰজ আৰু অনুজক ৷ চা-চিনাকি হৈ হাঁহি-মাতি প্ৰায়খিনিৰে লগত ভাৱ-বিনিময় কৰিলোঁ, দুটামান আলোচনাৰ শ্ৰোতা হ’লোঁ, তাৰপিছত চাহ-মিঠাই খাই নিৰ্দিষ্ট সময়ত বিদায় ল’লোঁ ৷
সভাৰ পৰা ওলাই আহিয়েই বোধকৰোঁ অসমীয়া ৱিকিপিডিয়াত একাউণ্ট এটা খুলিছিলোঁ ৷ পিছে সক্ৰিয়ভাৱে বিশেষ একো কৰিব পৰা নাছিলোঁ ৷ দুজনমান সাহিত্যিকৰ পৃষ্ঠাত দুটামান তথ্য সংযোজন কৰিছিলোঁ বোধহয় ৷ সেইসময়ত বিষ্ণু শইকীয়া, নিতুল বৰা দাদাহঁতে অসমীয়া ৱিকিপিডিয়াৰ বাবে সাংঘাতিক কাম কৰি থকা শুনিছিলোঁ ৷ নিতুলদাই পুৰণি অসমীয়া গ্ৰন্থবোৰ ধুমাধুম ডিজিটাইজ কৰি ফে’চবুকত নিয়মীয়া হাৰত প’ষ্ট দি থকা দেখিছিলোঁ ৷ মনে মনে এইসকল লোকলৈ শ্ৰদ্ধা উপজিছিল ৷ আৰু নিজে অনুশোচনাৰ কুহুমীয়া জুইত দগ্ধ হৈছিলোঁ ৷ একোৱেই যে কৰিব পৰা নাই !
ৱিকিপিডিয়াৰ বাবে সক্ৰিয়ভাৱে কিবা এটা কৰিম বুলি ভবা-চিন্তা কৰি থাকোঁতেই কৰ্তব্যৰ খাতিৰত নেটৱৰ্কবিহীন ঠাই এডোখৰলৈ যাবলগীয়া হ’ল ৷ দুবছৰৰ পাছত সেই গভীৰতম প্ৰদেশৰ পৰা ওলাই আহিয়েই ৱিকিপিডিয়াত লিখাৰ দীৰ্ঘদিনীয়া হাবিয়াসটো পূৰণ কৰিলোঁ ৷ নিজৰ জন্মস্থান ‘পুৰণিগুদাম’ৰ বিষয়ে লিখিলোঁ ৷ পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত শতবৰ্ষগৰকা দুৰ্গাপূজা বিখ্যাত হৈছে ইয়াৰ কাঠৰ প্ৰতিমাটোৰ বাবে ৷ সেই প্ৰতিমাৰ খনিকৰ লেশধৰ শৰ্মাৰ বিষয়ে ৱিকিপিডিয়াত একো তথ্য নাছিল ৷ সমীপৱৰ্তী গাঁৱৰ ইন্দ্ৰনীল গায়ন দাদাৰ পৰা কিতাপ এখন আনি তেওঁৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত লিখিলোঁ ৷ ৱিকিপিডিয়াত কেনেকৈ লিখিব লাগে, সম্পাদনা কেনেকৈ কৰিব লাগে,-সেইবিষয়ে ৱিকিপিডিয়াৰ বেটুপাততে লিখা আছে ৷ সেইবোৰ পঢ়িলোঁ ৷ ৰেফাৰেন্স কেনেকৈ যোগ কৰিব লাগে, প্ৰবন্ধটোৰ মাজত বিভাগ কেনেকৈ সৃষ্টি কৰিব লাগে-সেইবোৰৰ বিষয়েও জানিব পাৰিলোঁ ৷ বিষ্ণুদালৈ ফোন কৰি দুটামান কথা সোধা মনত পৰে ৷ যি কি নহওক-এই দুটা বিশেষ পৃষ্ঠাৰ লগতে অইন দুটামান বেলেগ বিষয়ৰ পৃষ্ঠাত সামান্য তথ্য সংযোজন কৰি অসমীয়া ৱিকিপিডিয়াৰ পৰা পুনৰ আঁতৰি আহিলোঁ ৷ আঁতৰি আহি চাকৰি আৰু অইন কামত ব্যস্ত হৈ পৰিলোঁ ৷ সেয়া ২০১৬ চনৰ কাহিনী ৷
উত্থান-পতনেৰে ভৰা মোৰ এই ‘অসমীয়া ৱিকিপিডিয়া’ নামৰ ছবিখন তাতেই মোটামুটি যৱনিকা পৰিছিল ৷ কিন্তু ক্ৰিষ্ট’ফাৰ ন’লান, শ্ৰীৰাম ৰাঘৱনৰ ছিনেমাত থকাৰ দৰে এটা বিশেষ টুইষ্টৰ উদ্ভৱ হ’ল এই বছৰত, অৰ্থাৎ ২০১৯ চনত৷ যোৰহাটৰ প্ৰাণজ্যোতি নাথ বাইদেৱে এদিন কথাৰ মাজতে অসমীয়া ৱিকিউৎসত কাম কৰি থকাৰ কথা ক’লে ৷ অতীতৰ স্মৃতি ৰোমন্থন কৰি মইও মোৰ ৱিকিপিডিয়ান বুৰঞ্জীখন মোকলাই ল’লোঁ আৰু দুটামান ‘স্বঘোষিত কৃতিত্ব’ গাই শুনালোঁ ৷ অসমীয়া ৱিকিউৎসৰ প্ৰথমখন কৰ্মশালা হেনো অনুষ্ঠিত হ’ব গুৱাহাটীত ৷ ডাঃ গীতাৰ্থ বৰদলৈৰ নেতৃত্বত ইতিমধ্যেই সদস্যভৰ্তি কাৰ্যসূচী চলি আছে ৷ কথাটো বাইদেউৰ মুখেৰে জানিব পাৰিলোঁ৷ তেঁৱেই গৈ মোৰ নামটো গীতাৰ্থদাক দিলে আৰু মোকো কৰ্মশালাত উপস্থিত থাকিবলৈ উৎসাহিত কৰিলে ৷ প্ৰাৰম্ভিক হোহঁকা-পিছলাৰ পাছত মইও ‘যাম’ বুলি কৈ থ’লোঁ ৷ কিন্তু যাম বুলি ক’লেই হ’বনে ? কামৰ নামত দেখোন মই ৱিকিউৎসত ‘ক’ এটাও লিখা নাই! সিপিনে পুৰণি একাউণ্টটোৰ নাম,ঠিকনা স্মৃতিৰ অন্ধকাৰ গুহাত৷ বিচাৰি পোৱাৰ আশা নাই ৷ অতএব ৱিকিপিডিয়াত নতুন একাউণ্ট এটা খোলা হ’ল ৷ খুলি লৈয়েই চিধাই গৈ উপস্থিত হ’লোঁ অসমীয়া ‘ৱিকিউৎস’ৰ পদূলিত৷ ৱিকিউৎসৰ নঙলা মুহূৰ্ততে খোল খালে আৰু ময়ো আনন্দমনেৰে মুদ্ৰণ সংশোধন কৰিবলৈ চেষ্টা কৰিলোঁ ৷ অৱধাৰিতভাৱেই হালধীয়া, নীলা, সেউজীয়া বুটামৰ ৰহস্য ভঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন সংকেতৰ অৰ্থ-বুজোৱালৈকে প্ৰায়বোৰ কামত গীতাৰ্থ দা আৰু প্ৰাণজ্যোতি বাক আমনি দিবলৈ ধৰিলোঁ ৷ ব্যস্ততাৰে ভৰা সময়ৰ মাজতো তেওঁলোকে জনা কথাবোৰ ভগাই লোৱাত সংকোচ নকৰিলে ৷ স্ক্ৰীণশ্বট মাৰি হোৱাটছআপত সোধা নানানটা প্ৰশ্ন-কৌতূহলৰ তেওঁলোকে সঁহাৰি দি থাকিল ৷ হোৱাটছ্আপত থকা আমাৰ গোটটোৰ সদস্য-সদস্যসকলৰ আলোচনাবোৰেও যথেষ্ট সহায় কৰিলে ৷ তেওঁলোকক দিবলৈ মোৰ ওচৰত এতিয়া কৃ্তজ্ঞতা আৰু ধন্যবাদৰ বাহিৰে অইন একো নাই ৷
যি কি নহওক; এনেকৈয়ে দুটামান কথা শিকি-বুজি,কেইটামান পৃষ্ঠা মুদ্ৰণ সংশোধন কৰি-মেলি এসময়ত গুৱাহাটীৰ ৰেইনছ্ ইন হোটেলত অনুষ্ঠিত হোৱা আৱাসিক কৰ্মশালাত যোগদান কৰিলোঁগৈ ৷ মোৰ ৰূমমেট আছিল ভাস্কৰ নামৰ লখিমপুৰৰ ল’ৰা এজন ৷ চিনাকি হ’লোঁ৷ কাম কৰাৰ অদম্য হেঁপাহেৰে উদ্বুদ্ধ হৈ থকা ল’ৰাটোক লগ পাই উৎসাহবোধ কৰিলোঁ ৷ ভাস্কৰৰ নিচিনা আন বহুকেইগৰাকী সক্ৰিয় সদস্যক লাহে-লাহে সেই কৰ্মশালাত লগ পালোঁ ৷ আটাইৰে সময়োপযোগী চিন্তা আৰু কৰ্মনিষ্ঠাৰ লগত পৰিচয় হ’লোঁ ৷ আটাইৰে ইমান উদ্দীপনা ! ইমান নিষ্ঠা ! বৰ আহ্লাদিত হ’লোঁ ৷ সেই দুদিনীয়া কৰ্মশালাত ৱিকিউৎসৰ সম্পাদনাৰ পৰা আৰম্ভ কৰি অটিআৰএছ পদ্ধতিৰে কপিৰাইটযুক্ত গ্ৰন্থ আপলোড কৰালৈকে-বিভিন্ন কথা শিকোৱা হ’ল ৷ আমাৰ বাবে অত্যন্ত গৌৰৱ আৰু সুখৰ কথা যে, সেই দুটা দিনতে আমি ৱিকিপিডিয়ানসকলে মিলি তিনিখন পুৰণি অসমীয়া গ্ৰন্থৰ সংশোধন সমাপ্ত কৰিলোঁ ৷ ৰাইজে নখ জোকাৰিলে যে নৈ বৈ যায়-আকৌ এবাৰ প্ৰমাণিত হ'ল ৷ কৰ্মশালাত প্ৰশিক্ষক টিটু দত্ত, জয়ন্ত নাথৰ জৰিয়তে অসমীয়া ৱিকিউৎসৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে ভালেমান কথা জানিব পাৰিলোঁ ৷ জানিব পাৰিলোঁ-বিশ্বৰ দৰবাৰত অসমীয়া ৱিকিউৎসৰ দুখজনক স্থিতিৰ বিষয়ে ৷ মনটো বৰ বেয়া লাগিল ৷ আমি জাতিটো সদায়েই সকলো ক্ষেত্ৰতে পিছ পৰিয়েই থাকিম নেকি ! তিনি কোটি মানুহৰ এখন ৰাজ্য ৷ অথচ ৱিকিউৎসত কাম কৰিবলৈ এশজন সক্ৰিয় কৰ্মী নাই ৷ ভীষণ লজ্জাৰ কথা ৷ পিছমুহূৰ্ততে নিজকে সুধি চালোঁ-তয়ো দেখোন পৰহিহে ৱিকিউৎসলৈ আহিছ ! আনক সমালোচনা কৰিবলৈ আহ ! কথাটো নোহোৱা নহয় ৷ তেজৰ ৰক্তসঞ্চালন বৃদ্ধি কৰা আমাৰ সাতামপুৰুষীয়া আৱেগবোৰ এতিয়া এৰিবৰ হ’ল ৷ কথা বহুত হ’ল ৷ এতিয়া কাম কৰাৰ সময় ৷ মোৰ মতে, কৰ্মৰ জোৰেৰে বিশ্বৰ মানচিত্ৰত সুশৃংখলিত আৰু মৰ্যাদাসম্পন্ন ছবি এখন আঁকিবলৈ অহৰহ চেষ্টা কৰি থকা জাতি এটাইহে কাললৈ খিয়াতি ৰাখি যাব পাৰে ৷ জাতি এটাৰ চিন্তাবোৰ হ’ব লাগিব সময়সাপেক্ষ, সুদূৰপ্ৰসাৰী আৰু যুক্তিনিৰ্ভৰ৷ অতীতত নহয়, আমি খোজ পেলাব লাগিব বৰ্তমানৰ পথেৰে৷ দৰকাৰ হ’লে নতুন পথো তৈয়াৰ কৰিব লাগিব ৷ তেহে আমি ভৱিষ্যতক এক সুন্দৰতৰ, উজ্জ্বলতৰ ৰূপত আৱিষ্কাৰ কৰিম পাৰিম ৷ চিন্তাবোৰ, আৱেগবোৰ ছ’ছিয়েল মিডিয়া, বাতৰি-কাকত, নাইবা সাময়িক তৰ্জন-গৰ্জনতে সীমাৱদ্ধ হৈ থাকিলে আমি আগবাঢ়িব নোৱাৰিম ৷ কোৱাটো নিষ্প্ৰয়োজন, অসমীয়া ৱিকিউৎস অথবা অসমীয়া ৱিকিপিডিয়া হৈছে বৰ্তমানৰ পৃথিৱীত জাতি এটাৰ স্থিতি, ক্ষমতা তথা শক্তি-সামৰ্থ প্ৰদৰ্শন কৰাৰ অন্যতম মঞ্চ ৷ সেই মঞ্চত অভিনয় কৰিবলৈ বিশেষ একো নালাগে৷ কেৱল মনত এটা ইচ্ছা জাগ্ৰত হ’ব লাগে ৷ আপুনি ইচ্ছাটো কৰক, দেখিব সময় আপোনা-আপুনি আহি আপোনাৰ সমুখত হাজিৰ ৷ ইচ্ছাটো কিমান প্ৰবল, কিমান গভীৰ-তাৰ ওপৰতেই নিৰ্ভৰ কৰিব সেই ‘সময়’ৰ শ্ৰী-চেহেৰা; ইচ্ছা-নিৰ্ভৰ সেই সময়ৰ ওপৰত ভিত্তি কৰিয়েই গঢ়ি উঠিব মোৰ বা আপোনাৰ কৰ্মনীতি ৷ ইচ্ছাত দৃঢ়তা থাকিলে দেখিব, উশাহ ল’বলৈ আহৰি নোপোৱা দিন এটাতো আপুনি ৱিকিপিডিয়াত দেখা ভুল বানান এটা সংশোধন কৰিবলৈ সময় বিচাৰি পাইছে, নাইবা ৱিকিউৎসত পৃষ্ঠা এটা বৈধকৰণ কৰিবলৈ উচ্‌পিচাব লাগিছে ৷ সেই উচ্‌পিচনি, আগ্ৰহ নাইবা হেঁপাহেই হৈছে মাতৃভাষাৰ প্ৰতি থকা আমাৰ শ্ৰদ্ধা, স্নেহ আৰু দায়বদ্ধতা ৷