text
stringlengths 0
188k
|
---|
জাপানী কবিতা এটাৰ উদ্ধৃতি দি ড৹ নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁৰ আত্মজীৱনীত লিখিছিল -“আমি সৰু তৰাবোৰেই দায়িত্বৰ বিশাল আকাশখন কঢ়িয়াব লাগিব৷” আমাৰ ৱিকিপিডিয়াও এখন বিশাল আকাশ ৷ সেইখন আকাশতে পৃথিৱীৰ বহু দেশ, বহু জাতি, বহু ৰাজ্য উবুৰি খাই পৰিছে৷ কৰ্মৰ দ্বাৰা তেওঁলোকে নিজ নিজ প্ৰান্তৰ পোহৰাইছে আৰু আগুৱাই গৈছে ৷ আকাৰত সৰু হ’লেও অসম আৰু অসমীয়াৰো সেইখন আকাশত নিজৰ বুলিবলৈ ঠাই অকণ আছে ৷ আমি এতিয়া মৰ্যাদাসহকাৰে সেই আকাশত আকাৰ বঢ়োৱাৰহে কথা ৷ তাৰ দায়িত্বনো কোনে ল’ব ৷ বৰদলৈ বাইদেৱে কোৱাৰ নিচিনা- সেই দায়িত্ব ল’ব লাগিব ‘আমাৰ দৰে সৰু-সৰু তৰাবোৰে’ই৷ মোৰ দৃঢ় বিশ্বাস, অসমীয়া ৱিকিপিডিয়া সমাজৰ তৰাবোৰে নিজৰ কৰ্ম সঠিকভাৱে সম্পাদন কৰি থকালৈকে, নিজৰ দায়িত্বৰ গুৰুত্ব অনুধাৱন কৰি থকালৈকে- বৈচিত্ৰ্যময় সেই আকাশখন সদায়েই জলমলাই থাকিব ৷ পলমকৈ হ’লেও আলোকৰ সেই দীপ্তিমান ৰশ্মিয়ে এদিন আকাশৰ আটাইকেউটা চুক স্পৰ্শ কৰিব ৷ বিশ্বৰ দৰবাৰত অসমীয়া ভাষাই এদিন গৌৰৱৰ হাঁহি মাৰিব ৷ আশা কৰোঁ, সেই দিনটোৰ সোনকালে আৰ্ৱিভাৱ হওক ৷ |
অসমীয়া ৱিকিপিডিয়া সমাজৰ প্ৰতিগৰাকী সদস্য, প্ৰশাসক আৰু শুভাকাংক্ষীলৈ মোৰ অন্তৰৰ গভীৰতম শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই এইবেলিৰ ‘ৱিকিপিডিয়ানৰ মনৰ কথা’ সামৰিছোঁ ৷ সকলোকে বহুত বহুত ধন্যবাদ ৷ |
মোৰ কেইটামান প্ৰিয় প্ৰবন্ধ(স্ব-নিৰ্বাচিত)[সম্পাদনা কৰক] |
নিক'লা টেছলা |
বন্দিতা ফুকন |
কীৰ্তিনাথ শৰ্মা বৰদলৈ |
ভোলানাথ বৰুৱা |
নমিতা ভট্টাচাৰ্য |
তুলসী গৌড়া |
লক্ষ্মীনাথ দাস |
কৃত্ৰিম বুদ্ধিমত্তা |
মনোবৈজ্ঞানিক হ'ৰৰ |
বেণ্ডৱাগন প্ৰভাৱ |
পাৰ্ৱতী থিৰুভথু |
ক'লা ৰাজহাঁহ তত্ত্ব |
উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী |
স্বাভাৱিক পক্ষপাতিতা |
য়ুভাল নোৱাহ হাৰাৰী |
ডেনিয়েল কাহনেমেন |
ছুছান কেইন |
মিনাল দাখৱে ভোঁচলে |
নিক'লাচ ক'পাৰ্নিকাচ |
অতি পৰিবাহিতা |
ষ্টেনলি কুবৰিক |
মায়'ডিয়া গিৰিপথ |
পূৰ্ণিমা সিন্হা |
ৰাধিকা আপ্টে |
প্ৰিয়ম্বদা নটৰাজন |
নব্য নাস্তিকতাবাদ |
ৰিচাৰ্ড ড'কিনছ্ |
চাইকেল চালনা আৰু নাৰীবাদ |
বৰঙণি[সম্পাদনা কৰক] |
ৱিকিপিডিয়া |
সদস্য বাৰ্তা মোৰ সকলো প্ৰবন্ধ |
Userbox |
এই সদস্যজন ৱিকিপিডিয়াত ৬ বছৰ, ৫ মাহ, আৰু ২৪ দিন ধৰি আছে। |
এই সদস্যজন ৱিকিপিডিয়া ব্যৱহাৰ কৰি ভাল পায় |
“জয় আই অসম” |
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে। |
"https://as.wikipedia.org/w/index.php?title=সদস্য:Ishanjyotibora&oldid=338149"ৰ পৰা অনা হৈছে |
অদৃশ্য শ্ৰেণী: |
Pages using duplicate arguments in template calls |
এই পৃষ্ঠাখন ১৮ নৱেম্বৰ, ২০২২ তাৰিখে ০০:২৬ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>এক চাঞ্চল্যকৰ গুলীচালনা কাণ্ডই আজি সন্ধিয়া জোকাৰি গৈছে ডিব্ৰুগড় জিলা। জিলাখনৰ লালুকত অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে এগৰাকী লোক। |
আহত ব্যক্তিগৰাকীক সিদ্ধাৰ্থ ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে। ডিব্ৰুগড়ৰ আদালতত কৰ্মৰত ব্যক্তিগৰাকীক স্থানীয় দোকান এখনৰ কাষত ৰৈ থকাৰ সময়তে বাইকত অহা দুই আততায়ীয়ে গুলীচালনা কৰে। |
আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাইক আৰোহী আততায়ী দুগৰাকীয়ে নিচেই কাষৰ পৰা গুলীচালনা কৰাৰ বাবে ব্যক্তিগৰাকী গুৰুতৰভাৱে আহত হয়। |
আহত সিদ্ধাৰ্থ ৰাজখোৱা নামৰ ব্যক্তিগৰাকীক লগে লগে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ লৈ যোৱা হয় আৰু তাতে বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। |
ইফালে ব্যক্তিগৰাকীক কিয় আক্ৰমণৰ লক্ষ্য কৰা হৈছিল, সেই বিষয়ে কোনো তথ্য লাভ কৰা নাই যদিও আৰক্ষীয়ে সন্দেহবশত: দুগৰাকী লোকক আটক কৰিছে। |
ঘটনাৰ বিশদ তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি লগতে জানিবলৈ দিছে। |
Recent News |
বিড়ম্বনা! ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰি চাকৰি হেৰুৱালে শিক্ষকে |
দুর্ভাগ্যই লগ নেৰা হৈছে বন্দে ভাৰতক! এইবাৰ পুনৰ ষাঁড় গৰুক খুন্দিয়ালে বন্দে ভাৰত এক্সপ্ৰেছে |
হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নিৰ্লজ্জ কাণ্ড: কিতাপ দিয়াৰ চলেৰে নিজা বাসগৃহলৈ মাতি নি নিৰ্যাতনৰ চেষ্টা বিদেশী ছাত্ৰীক |
পশ্চিম বংগত তৃণমূল নেতাৰ গৃহত বিস্ফোৰণ: তিনি গৰাকীৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ অহা ভূমি কেলেংকাৰিৰ দৰেই অনুৰুপ প্ৰায় আন এটা কেলেংকাৰি সংঘটিত হৈছিল অযোধ্যাত৷ ২০১৯ চনৰ ৯ নবেম্বৰত অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ পক্ষে ৰায়দান কৰিছিল উচ্চতম ন্যায়ালয়ে৷ এই ৰায়দানৰ পিছতেই অযোধ্যাত… |
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত কংগ্ৰেছৰ আন্দোলন ঘোষণা |
The CrossCurrent Jan 2, 2022 |
দ্য ক্ৰছকাৰে্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৃহৎ ভূমি কেলেংকাৰি ৷ এই কেলেংকাৰিৰ সঠিক তদন্ত বিচাৰি এতিয়া ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ… |
জনপ্ৰিয় |
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত |
ভংগ হ’বই বংগ ? |
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ |
মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই |
পুনৰ বিতৰ্কত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় ! |
ছাত্ৰ নেতাৰ দেহাৱসান |
- Advertisement - |
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>[….দীৰ্ঘদিনীয়া বান্ধোন (longterm bonding): দুজন ব্যক্তিৰ মাজৰ প্ৰেমৰ সম্পৰ্কৰ এইটো এটা মূখ্য উপাদান। আকৰ্ষণ আৰু যৌন-আকৰ্ষণে প্ৰথমৰ দৰ্শনৰ প্ৰেম সৃষ্টি কৰিব পাৰিলেও তাক প্ৰেম বুলিলে সাধাৰণতে বুজা দীৰ্ঘদিনীয়া অৱস্থা এটালৈ নিব নোৱাৰে।…] |
প্ৰেমৰ বিজ্ঞানভিত্তিক অধ্যয়নত এটা মৌলিক অসুবিধা আছে। সেয়া হ’ল, প্ৰেমৰ অনুভৱক এক নিৰ্দিষ্টবাদী (objective) সংজ্ঞা দিয়াৰ অসুবিধা। বিজ্ঞানে জোখ-মাখ কৰিব পৰা মানৰ লগত কাম কৰে। জোখমাখৰ কথা বাদেই দিলো। আমাৰ অভিধানসমূহতো প্ৰেম কি তাৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই। অক্সফ’ৰ্ড অভিধানৰ মতে প্ৰেম-> a strong feeling of affection (মৰমৰ প্ৰৱল ৰূপ), আনহাতে কেম্ব্ৰিজ অভিধানৰ মতে the feeling of liking another adult very much and being romantically and sexually attracted to them, or strong feelings of liking a friend or person in your family, used as a friendly form of address, used before your name at the end of letters, cards etc. to friends or family. সংজ্ঞাবদ্ধ কৰাৰো দুৰূহ বিষয় এটাৰ ওপৰত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা চলোৱাটো অত্যন্ত কঠিন কাম। সি নহওক, টান প্ৰশ্ন বুলি প্ৰথমে এৰি থৈ গ’লেও শেহত লিখিবই লাগিব! নহ’লে নম্বৰ নাপাব যে! |
প্ৰেমৰ বিজ্ঞানৰ আলোচনালৈ যোৱাৰ আগেয়ে মনৰ কাৰ্য-প্ৰণালী সম্বন্ধে কিছুমান বুনিয়াদী কথা জানি থোৱাটো প্ৰয়োজন। অন্যথা এই আলোচনা আগবঢ়াবই নোৱাৰি। মন-ৰ সংজ্ঞা দিয়াটোও দুৰূহ কাম। আধ্যাত্মিক আদি দিশৰ কথা সম্পূৰ্ণ ৰূপে পৰিহাৰ কৰি অকল কাম-চলোৱা বিধৰ মনৰ যিটো সংজ্ঞা দিয়া হয়, সেইটো প্ৰায় এনে ধৰণৰঃ মগজুৰ ভিতৰৰ আৰু আমাৰ পৰিবেশৰ বিভিন্ন ক্ৰিয়া-কাণ্ডৰ সমন্বয়ত, যিটো প্ৰক্ৰিয়াই আমাক বস্তুবিলাক অনুভৱ কৰিবলৈ, বুজিবলৈ, অৰ্থ দিবলৈ উপায় দিয়ে, সেইটোয়েই মন। এইটো সংজ্ঞাই মনৰ সকলো ধাৰণাকে সাঙুৰি ল’ব নোৱাৰে যদিও এইটোৱে আমাক মগজুৰ ভিতৰৰ অধ্যয়নৰদ্বাৰা মনৰ কাৰ্য-প্ৰণালী বুজাৰ সুবিধা দিয়ে। মগজুৰ কাৰ্য্য-প্ৰণালীক আকৌ দুই ধৰণে অধ্যয়ন কৰিব পাৰি। প্ৰথমটো, মগজুৰ ৰাসায়নিক ক্ৰিয়াৰ জোখমাখ; দ্বিতীয়, মগজুৰ বৈদ্যুতিক পৰিৱৰ্তন। দেখাত দুয়োটা বেলেগ বেলেগ প্ৰক্ৰিয়া হ’লেও দুয়োটাৰে সলনিৰ মূল কাৰণ একেই। মগজুৰ কোষত হোৱা ৰাসায়নিক বিক্ৰিয়াই বৈদ্যুতিক স্থিতিৰ সলনি কৰে, লগতে এই বিক্ৰিয়া সমূহে প্ৰ’টিনৰ সংশ্লেষণৰ তাৰতম্য কৰি বিভিন্ন অনুভূতি আদিৰ জন্ম দিব পাৰে। |
মগজুৰ যিবোৰ কোষে আমাৰ চিন্তা-চৰ্চা আদি নিয়ন্ত্ৰণ কৰে, সেইবোৰক নিউৰণ বোলা হয়। নিউৰণসমূহৰ একোডাল এক্সন আৰু শাখাত বিভক্ত কেইবাডালো ডেনড্ৰাইট থাকে। এটা নিউৰণৰ ডেনড্ৰাইটসমূহে আন এটা নিউৰণৰ এক্সনৰ লগত সংযোজিত হৈ থাকে, বা কেতিয়াবা ডেনড্ৰাইট সমূহে কোষাৱৰণতে সংযোগ হৈ থাকে। সংযোগ হৈ থাকে বুলি ক’লো যদিও সেয়া এটা কোষৰপৰা আন এটালৈ প্ৰত্যক্ষ সংযোগ নহয়। এটা কোষৰপৰা কোনো বস্তু আন এটা কোষলৈ নলীৰ মাজেৰে পানী যোৱাৰ দৰে যাব নোৱাৰে। বৰং দুটা কোষ সংযোগ স্থলখন এডাল এক্সান আৰু ডেনড্ৰাইট মুখা-মুখিকৈ লাগি থাকে বুলিব পাৰে। এই লাগি থকা অংশক ছাইনেপ্ছ বোলা হয়। ছাইনেপ্ছৰ আকৌ নিজস্ব আৱৰণ থাকে। আনহাতে এক্সন আৰু ডেনড্ৰাইটৰ মূৰত থাকে গ্ৰাহক অণু আৰু ছাইনেপছৰ খালী ঠাইত থাকে নিউৰ’ট্ৰান্সমিটাৰ নামৰ এবিধ ৰসায়ন। নিউৰ’ট্ৰান্সমিটাৰ কেবা প্ৰকাৰৰো থাকে। নিত্য নতুন নিউৰ’ট্ৰান্সমিটাৰ আৱিষ্কাৰ হৈয়েই থাকে, মুঠতে কিমান নিউৰ’ট্ৰান্সমিটাৰ আছে, উত্তৰ দিয়াটো মস্কিল। |
নিউৰ’ট্ৰান্সমিটাৰ সমূহে কোষাৱৰণৰ লগত লাগি থকা গ্ৰাহকৰ লগত সংযোজিত হয়, আৰু এই সংযোজনে গ্ৰাহকবিধৰ ভিতৰ ফালে (কোষৰ ভিতৰত) কিছুমান ৰাসায়নিক সাল-সলনি কৰিব পাৰে। এই সালসলনিবোৰে কোষৰ নিউক্লিয়াছলৈ বিভিন্ন বাৰ্তা কঢ়িয়াই নিয়ে আৰু তাৰ জৰিয়তে বিশেষ এবিধ প্ৰ’টিনৰ সংশ্লেষণ আৰম্ভ হয়। এনে বিভিন্ন বিশেষ ধৰণৰ প্ৰ’টিনৰ বাবেই বিভিন্ন অনুভূতিৰ জন্ম হয় বুলি কোৱা হয়। কিন্তু এইখিনিয়েই মগজুৰ ক্ৰিয়াৰ সম্পূৰ্ণ জ্ঞান নহয়। কাৰণ এনেদৰে নিউৰ’ট্ৰান্সমিটাৰ আৰু গ্ৰাহকৰ সাল-সলনি কৰি মানসিক স্থিতি সলনি কৰিবলৈ কিছু সময়ৰ (১-২ সপ্তাহ) প্ৰয়োজন, আনহাতে আমি জানো যে প্ৰায়েই পৰিৱেশৰ লগত তাৎক্ষণিক ভাৱেই আমাৰ মানসিক স্থিতি সলনি হয়। সেইটোক এই বাখ্যাৰে বুজিব নোৱাৰি। |
প্ৰেমৰ ৰাসায়নিক ভিত্তিৰ ক্ষেত্ৰত বৰ্তমানলৈ পোহৰলৈ অহা ৰাসায়নিক পদাৰ্থসমূহ হ’লঃ ড’পামিন, ছেৰ’ট’নিন, অক্সিট’চিন আৰু ভেছ’প্ৰেছিন। ইয়াৰে প্ৰথম দুটা নিউৰ’ট্ৰান্সমিটাৰ আৰু শেষৰ দুবিধ বিশেষ ধৰণৰ হ’ৰম’ন। |
প্ৰেমক আমি সঠিক ভাৱে সংজ্ঞাবদ্ধ কৰিব নোৱাৰিলেও বিজ্ঞানৰ আলোচনাৰ বাবে প্ৰেমত কি কি উপাদান থাকে তাৰ কিছুমান পূৰ্বচৰ্ত ধৰি ল’ব পাৰোঁ। যেনে, আকৰ্ষণ, যৌনতা, দীৰ্ঘদিনীয়া বান্ধোন (bond) আৰু অকল নিজৰ কৰি লোৱাৰ বাসনা (possessiveness)। এনেকৈ ধৰি ল’লে আমি বিভিন্ন ৰাসায়নিকৰ কামৰ বিষয়ে কিছু আগবাঢ়িব পাৰোঁ। |
আকৰ্ষণঃ প্ৰেমৰ বাবে প্ৰথমেই লাগিব দুই ব্যক্তিৰ মাজত এক ভাল-লগাৰ এটা অনুভৱ। ভাল লগা, নলগাটো ড’পামিন-ৰ ক্ৰিয়া বুলি ধৰা হয়। মগজুত বেছি মাত্ৰাত ড’পামিন প্ৰস্তুত কৰিব পাৰিলে, সেই কামৰ প্ৰতি বিশেষ আকৰ্ষণ আগি উঠে। যিকোনো মাদক দ্ৰৱ্যই বিভিন্ন উপায়েৰে ড’পামিনৰ মাত্ৰা বঢ়াই দিয়ে। ড’পামিনে মগজুক এক ধৰণৰ পুৰস্কাৰ প্ৰদান কৰে (reward mechanism)। এই পুৰস্কাৰ লাভ কৰাৰ আনন্দকণ বাৰে বাৰে পাই থাকিবৰ বাঞ্ছা মনলৈ আহে। সেই বাবেই লাহে লাহে মাদক দ্ৰৱ্যৰ প্ৰতি আসক্তি বাঢ়ি আহে। মাদক দ্ৰৱ্যৰ দৰেই কিছুমান ব্যক্তিৰ সান্নিধ্যই ব্যক্তিজৰ প্ৰতি আকৰ্ষিত কৰি তুলিব পাৰে। বাৰে বাৰে লগ পাবলৈ ইচ্ছা হয়। অৱশ্যে পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত ড’পামিনৰ মাত্ৰা মগজুৰ ভিন্ন স্থানত বৃদ্ধি পোৱা দেখা যায়। [১] |
যৌনতাঃ প্ৰেমৰ আন এটা প্ৰধান চৰ্ত হৈছে যৌন আকৰ্ষণ। প্ৰকৃতিৰ নিয়ম মতেই যৌন-ইচ্ছা প্ৰতিজন ব্যক্তিৰে এটা মুখ্য ইচ্ছা। কাৰণ ইয়াৰ অবিহনে পিছৰ প্ৰজন্ম জন্ম হ’ব নোৱাৰিব। সেয়ে যৌন-ইচ্ছা প্ৰেমৰ এটা বুনিয়াদী সত্তা। যৌন ইচ্ছাৰ নিয়ন্ত্ৰণকাৰী হ’ৰম’নসমূহ হৈছেঃ ইষ্ট্ৰ’জেন, প্ৰজেষ্টেৰ’ন, টেষ্ট’ষ্টেৰ’ন আদি। প্ৰেমৰ প্ৰথম পৰ্যায়ত পুৰুষৰ ক্ষেত্ৰত FSH (Follicle Stimulating Hormone) আৰু টেষ্ট’ষ্টেৰ’নৰ মাত্ৰা কমি আহে, আনহাতে মহিলাৰ ক্ষেত্ৰত ইয়াৰ মাত্ৰা বাঢ়ি যায়। আনহাতে, আন এবিধ হ’ৰম’ন কৰ্টিছ’লৰ-ৰ মাত্ৰা পুৰুষ-নাৰী উভয়তে বাঢ়ি অহা দেখা যায়। অৱশ্যে ইয়াৰে FSH আৰু কৰ্টিছ’ল যিকোনো মানসিক চাপৰ সময়ত বাঢ়ি যাব পাৰে। সেয়ে প্ৰথম প্ৰেমত কৰ্টিছ’লৰ মাত্ৰা বাঢ়ি অহাৰ কাৰণ নতুন সম্বন্ধ এটা স্থাপনৰ লগত অহা মানসিক চাপৰ বাবেও হ’ব পাৰে। টেষ্ট’ষ্টেৰ’নক পুৰুষৰ যৌন ইচ্ছা নিয়ন্ত্ৰণকাৰী হ’ৰম’ন বুলি কোৱা হয়, কিন্তু প্ৰথম প্ৰেমৰ ক্ষেত্ৰ ইয়াৰ মাত্ৰা পুৰুষত কম হৈ মহিলাৰ ক্ষেত্ৰত বাঢ়ি যোৱাটো ভালদৰে বুজা হোৱা নাই।[২] |
দীৰ্ঘদিনীয়া বান্ধোন (longterm bonding): দুজন ব্যক্তিৰ মাজৰ প্ৰেমৰ সম্পৰ্কৰ এইটো এটা মূখ্য উপাদান। আকৰ্ষণ আৰু যৌন-আকৰ্ষণে প্ৰথমৰ দৰ্শনৰ প্ৰেম সৃষ্টি কৰিব পাৰিলেও তাক প্ৰেম বুলিলে সাধাৰণতে বুজা দীৰ্ঘদিনীয়া অৱস্থা এটালৈ নিব নোৱাৰে। দুজন ব্যক্তিৰ মাজৰ আকৰ্ষণক দীৰ্ঘ সময়লৈ নিয়াৰ ক্ষেত্ৰত অক্সিট’চিন নামক এবিধ হ’ৰম’নৰ প্ৰভাৱ লক্ষ্য কৰা হৈছে। প্ৰেইৰি ভ’ল নামৰ এবিধ এন্দুৰ জাতীয় প্ৰাণীৰ ক্ষেত্ৰত একান্ত বিশ্বাসী প্ৰেম দেখা যায়। এবাৰ যৌন সম্বন্ধ হোৱা সংগীৰ বাহিৰে আন এজন/এজনীলৈ কেতিয়াও আকৰ্ষিত নহয়। একে পৰিয়ালৰে আন এবিধ প্ৰাণী মণ্টান ভ’ল-ৰ ক্ষেত্ৰত কিন্তু এনে দেখা নাযায়। দুয়োবিধ জন্তুৰ মাজত কৰা পৰীক্ষাত দেখা গৈছে যে প্ৰথমবাৰ সম্পৰ্ক স্থাপন হোৱাৰ পাছতেই পুৰুষ-স্ত্ৰী উভয় প্ৰেইৰি ভ’ল-ৰ ক্ষেত্ৰত অক্সিট’চিনৰ মাত্ৰা বাঢ়ি যায়। যদি বাহিৰৰপৰা অক্সিট’চিনে আম কৰিব নোৱাৰাকৈ কিবা ঔষধ দিয়া হয়, তেন্তে একান্ত বিশ্বাসী প্ৰেমবিধ গঢ়ি উঠিব নোৱাৰে। অক্সিট’চিনৰ এই প্ৰভাৱ অত্যন্ত উল্লেখনীয় এই বাবেই যে মাক আৰু সন্তানৰ মাজত বান্ধোন সৃষ্টি কৰাৰ ক্ষেত্ৰত মানুহৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ লক্ষ্য কৰা গৈছে। অক্সিট’চিন-ৰ বৰ্দ্ধিত মাত্ৰাই দুজন ব্যক্তিৰ মাজত বিশ্বাসৰ সম্পৰ্ক এটা স্থাপন কৰে বুলি ভবা হৈছে। একেবিধ হ’ৰমনেই মাতৃদুগ্ধৰ নিৰ্গমণতো কাম কৰে।[৩] |
নিজৰ কৰি লোৱাৰ বাসনাঃ (possesiveness) প্ৰেমৰ আন এটা চৰ্ত হৈছে, প্ৰেমাস্পদক একান্ত ভাৱে নিজৰ কৰি লোৱাৰ বাসনা। ইয়াৰ কাৰণে নিজৰ প্ৰেমাস্পদক বিপৰীত লিংগৰ প্ৰাণীৰপৰা যিমান পাৰি দূৰত ৰখাৰ প্ৰয়াস কৰা হয়। ওপৰত উল্লেখিত প্ৰেইৰি ভ’ল-ৰ ক্ষেত্ৰত দেখা গৈছে যে এবাৰ সম্বন্ধ স্থাপন হোৱাৰ পাছত পুৰুষ-স্ত্ৰী উভয়ৰে দেহত ভেছ’প্ৰেছিন (vaspressin) নামৰ হ’ৰম’নৰ পৰিমাণ বাঢ়ি যায়। আনহাতে ভেছ’প্ৰেছিন বাঢ়িবলৈ নিদিলে, বিপৰীত লিংগৰ ভ’লক নিজৰ প্ৰেমাস্পদৰ ওচৰৰপৰা আঁতৰাই পঠিওৱাৰ স্বভাৱ ভালকৈ গঢ়ি নুঠে। সেয়ে নিজৰ কৰি লোৱাৰ বাসনা ভেছ’প্ৰেছিনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় বুলি ধাৰণা কৰা হৈছে। মানুহৰ ক্ষেত্ৰত ভেছ’প্ৰেছিন নামৰ হ’ৰম’নবিধে বৃক্কৰপৰা ওলাই যোৱা পানীক আকৌ শোষণ কৰে বুলি প্ৰমাণ পোৱা গৈছে। এইবিধ হ’ৰম’নৰ অভাৱ হ’লে সঘনাই প্ৰসাৱ কৰাৰ প্ৰয়োজন হয়। সেয়ে ভেছ’প্ৰেছিনৰ প্ৰেমৰ ক্ষেত্ৰত পোৱা ফলাফলে এইবিধ হ’ৰম’নৰ অধ্যয়নত নতুন মাত্ৰা যোগ দিব।[৩] |
ওপৰত আমি মগজুৰ কাম-কাজ ঘাইকৈ নিউৰ’ট্ৰান্সমিটাৰৰ দ্বাৰা হয় বুলি কৈ আহিছিলো যদিও, এতিয়ালৈকে ঘাইকৈ হ’ৰম’নৰ কথাহে কৈ আছোঁ। হ’ৰম’নসমূহ এনেকুৱা ৰসায়নিক পদাৰ্থ যিবোৰ একোটা গ্ৰন্থিৰদ্বাৰা প্ৰসৱিত হয় কিন্তু ইয়াক বোৱাই নিবলৈ নিজস্ব নলী নাথাকে। বৰং ই তেজৰ লগত মিহলি হৈ সমগ্ৰ দেহলৈ যায়। হ’ৰম’ন সমূহ নিয়ন্ত্ৰিত হয় প্ৰথমে মগজুৱে কিছুমান সংকেতৰ দ্বাৰা হ’ৰম;নৰ মাত্ৰা বঢ়াব পাৰে, আনহাতে বেছিকৈ নিঃসৰণ হোৱা হ’ৰম’নে নিজেই নিজেই মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে, যান feedback mechanism বোলা হয়। সেয়ে, তেজত হ’ৰম’নৰ পাৰ্থক্য চকুত পৰিলেও মূল সাল-সলনি মগজুৰ ভিতৰতে হয় বুলি ধাৰণা কৰিব পাৰি। |
ছেৰ’ট’নিন এবিধ নিউৰ’ট্ৰান্সমিটাৰ। এই নিউৰ’ট্ৰান্সমিটাৰবিধৰ অভাৱে ডিপ্ৰেছন-ৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ লগতে দেহৰ বিষ আৰু যৌন-ইচ্ছা নিয়ন্ত্ৰণ কৰাটো ইয়াৰ ভূমিকা আছে। ছেৰ’টনিনৰ সঠিক মাত্ৰাই মানুহ এজনৰ মনটো ভাল লগাই ৰাখিব পাৰে। সেয়ে প্ৰেমৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ অধ্যয়ন কৰা হৈছে। একেবিধ নিউৰ’ট্ৰান্সমিটাৰৰ অভাৱতে Obsessive Compulsive Disorder (OCD) নামৰ ৰোগবিধ হয়। এইবিধ ৰোগত ৰোগীয়ে মনৰ কেইটামান চিন্তা নিয়ন্ত্ৰণ কৰিব নোৱাৰে, যিটো তেখেতে নিজে নিবিচৰাকৈয়ে মনলৈ আহি থাকে। প্ৰেমত পৰি থকা ব্যক্তিসকলেও আনগৰাকী ব্যক্তিৰ বিষয়ে এনে obsession অনুভৱ কৰে, পাৰ্থক্য মাথো ইমান যে, OCD-ত অপ্ৰয়োজনীয় চিন্তাবিধে মনটোক ভাৰাক্ৰান্ত কৰে, আনহতে প্ৰেমত পৰাজনে এনে চিন্তাবোৰ উপভোগ কৰে। প্ৰেমত পৰা অনুভৱ কৰা টোপনি নহা, ভোক নলগা হোৱা, বুকু ঢপঢপ কৰা আদিবোৰ ডীপ্ৰেছন আৰু এনজায়েটি অৱস্থাতো দেখা যায়। এই দুয়োবিধ ৰোগতেই ছেৰ’ট’নিনৰ প্ৰভাৱ দেখা গৈছ।[৪] ছেৰ’ট’নিনৰ লগতে আন নিউৰ’ট্ৰান্সমিটাৰ নৰএপিনেফ্ৰিন (norepinephrin) আৰু নাৰ্ভ গ্ৰ’থ ফেক্টৰ (NGF)-ৰ প্ৰভাৱো লক্ষ্যণীয়। উল্লেখযোগ্য যে এই দুয়োবিধো ডিপ্ৰেছন আৰু এনজায়েটি ৰোগৰ লগত জড়িত।[৫] |
প্ৰেমৰ বৈজ্ঞানিক বাখ্যাৰ অতি থুলমূল ধাৰণা এটা দিয়াৰ প্ৰয়াস কৰা হৈছে। কিন্তু এইখিনি অত্যন্ত সৰল ভাৱে কোৱা হৈছে। ডাঙৰ অসুবিধাটো হৈছে মানুহৰ ক্ষেত্ৰত এনে ৰসায়নবোৰক লৈ কৰা অধ্যয়নৰ সীমাবদ্ধতা। কাৰণ মানুহৰ চিন্তা-চৰ্চা অকল মগজুৰ ৰসায়নৰ ওপৰতে নিৰ্ভৰ নকৰে, ইয়াৰ লগতে তেখেতৰ শিক্ষা-দীক্ষা, পৰম্পৰা, কৃষ্টি আদিৰ কথাও সোমাই থাকে। সাধাৰণতে জৈৱিক পৰীক্ষা সমূহ জন্তৰ ক্ষেত্ৰত কৰা হয় (animal model)। কিন্তু মানুহৰ অত্যন্ত জটিল অনুভৱ, অনুভূতিৰ পৰীক্ষাবোৰ জন্তৰ ক্ষেত্ৰত কৰাটো প্ৰায়েই সম্ভৱ নহয়। সকলো পৰীক্ষা মানুহৰ ক্ষেত্ৰত কৰাটোও সম্ভৱ নহয়। প্ৰেমত পৰি থকা এহালক কেনেকৈনো ক’ব, আমি অমুক অমুক হ’ৰম’নকেইটা কমাই আপোনালোকৰ প্ৰেম কমে নেকি চাওঁ? যদি পৰীক্ষা কৰিবলৈ অনুমতি দিয়ে, তেন্তে আকৌ তেওঁলোকৰ মাজত সঁচাই প্ৰেম আছে নে নাই তাতেই গণ্ডগোল লাগি যাব! |
মগজুৰ ৰাসায়নিক অধ্যয়নৰ বাহিৰেও মানুহৰ প্ৰেম অধ্যয়ন কৰাৰ কেবাটাও শাখা আছে। মনস্তত্ব, বিৱৰ্তনীয় মনোবিজ্ঞান আদিৰেও মানুহৰ প্ৰেমক বুজাৰ চেষ্টা কৰা হৈছে। তাৰ আলোচনা এই প্ৰৱন্ধৰপৰা ইচ্ছা কৰিয়েই আঁতৰাই ৰখা হৈছে। |
তথ্য-সূত্ৰঃ |
১. A Aron, H Fisher, DJ Mashek, G Strong, HF Li, and LL Brown (2005). Reward, Motivation and Emotion Systems Associated with Early-Stage Intense Romantic Love:an fMRI study. Journal of Neurophysiology 94:327-337 |
২. Marazziti D, Canale D. Hormonal changes when falling in love. Psychoneuroendocrinology. 2004 Aug;29(7):931-6. |
৩. de Boer A, van Buel EM, Ter Horst GJ. Love is more than just a kiss: a neurobiological perspective on love and affection. Neuroscience. 2012 Jan 10;201:114-24. doi: 10.1016/j.neuroscience.2011.11.017. Epub 2011 Nov 15. |
৪. Sandroni P (October 2001). “Aphrodisiacs past and present: a historical review”. Clinical Autonomic Research 11 (5): 303–7. doi:10.1007/BF02332975. PMID 11758796. |
৫. Emanuele, E.; Polliti, P.; Bianchi, M.; Minoretti, P.; Bertona, M.; & Geroldi, D. (2005). “Raised plasma nerve growth factor levels associated with early-stage romantic love.” Abstract. Psychoneuroendocrinology, Sept. 05. |
← এই সংখ্যাৰ সৰিয়হ ফুল |
এখন অৰণ্য, এজন অভিভাৱক → |
You May Also Like |
বিহুৰ ইটো-সিটো (সংগ্ৰহ) – (আব্দুছ চাজিদ) |
April 17, 2015 0 |
নাৰীশক্তিৰ প্ৰতিনিধি ফজিয়া কুফি – অভিজিত দত্ত |
May 16, 2019 0 |
পাতি পইছা, অনা, নয়া পইছা, আজিৰ আৰু তাহানিৰ বস্তুৰ মূল্য (দিগন্ত যাদৱ শৰ্মা) |
September 15, 2012 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.