text
stringlengths
0
188k
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>দীপাৱলী ঘৰ চাফা কৰোতে ভুলতো নেপেলাব এই ৫ টা বস্তু, ঘৰৰ পৰা ওলাই যাব পাৰে মা লক্ষ্মী ! - JibonorShongram.in
Skip to content
Menu
Facts
শুভেচ্ছা বাণী সমূহ
মহৎ লোকৰ বাণী
Education Tips
হিন্দু ধর্ম
ইছলাম ধর্ম
জানিবলগীয়া কথা
Digital Marketing
Make Money Online
Carrere
Lifestyle
স্বাস্থ্য
দীপাৱলী ঘৰ চাফা কৰোতে ভুলতো নেপেলাব এই ৫ টা বস্তু, ঘৰৰ পৰা ওলাই যাব পাৰে মা লক্ষ্মী !
by Admin
এইবাৰ দীপাৱলী ২০২২ চনৰ ২৪ অক্টোবৰ। এনে অৱস্থাত ঘৰ চাফা কৰাৰ সময়ত কিছুমান বিশেষ বস্তু বেয়া বুলি বাহিৰলৈ পেলাই দিব নালাগে, কোৱা হয় এনে কৰিলে ঘৰৰ লক্ষ্মী গুচি যায়।
পুৰণি মুদ্ৰা – প্ৰায়ে চাফা কৰাৰ সময়ত পুৰণি মুদ্ৰা এটা পাৰ্চ বা বাকচত পোৱা যায়, যিবোৰ আজিৰ যুগত হয়তো ব্যৱহাৰ নহয়, কিন্তু ঘৰত থকাৰ বাবে মাতৃ লক্ষ্মীয়ে বাস কৰে। দীপাৱলীৰ দিনা লক্ষ্মী দেৱীৰ পূজাতো মুদ্ৰাৰ পূজা কৰা হয়। অসাৰ বুলি পেলাই নিদিব।
ময়ুৰ পাখি – যদি দীপাৱলী চাফাইত ময়ুৰৰ পাখি পোৱা যায়, তেন্তে ইয়াক শুভ বুলি গণ্য কৰা হয়। শ্ৰী হৰিৰ অৱতাৰ শ্ৰীকৃষ্ণৰ বাবে ময়ুৰ অতি প্ৰিয়। ভুলতে জাবৰত ময়ুৰৰ পাখি নিক্ষেপ নকৰিব। কোৱা হয়, ঘৰত ময়ুৰৰ পাখি থকাটোৱে আৰ্থিক লাভৰ ইংগিত দিয়ে।
ৰঙা কাপোৰ – কাপোৰৰ আলমাৰীৰ পৰা যদি কোনো পুৰণি উকা (যিটো ব্যৱহাৰ কৰা নহয়) ৰঙা কাপোৰ পোৱা যায়, তেন্তে তাক পেলাই দিয়াৰ পৰিৱৰ্তে তাক সুৰক্ষিতভাৱে ৰাখক, কাৰণ ই সৌভাগ্যৰ প্ৰতীক। ইয়াৰ লগে লগে মা লক্ষ্মীৰ কৃপা চিৰদিন থাকিব।
আৰু পঢ়ক
>> দীপাৱলীত লক্ষ্মী-নাৰায়ণৰ আশীৰ্বাদৰে ৰাজযোগ, ৩ ৰাশিৰ বাবে ভাগ্য উজ্জ্বল হ’ব !
>> লক্ষ্মীৰ ছবি ঘৰৰ এই ঠাইত ৰাখক, কামত বাধা নাথাকিব
শংখ – দীপাৱলীৰ চাফাইৰ সময়ত যদি পূজা-সামগ্ৰীত পুৰণি শংখ বা খোলা পোৱা যায়, তেন্তে ভুলতেও পেলাই নিদিব। এই বস্তু মা লক্ষ্মীৰ প্ৰতীক। সেইবোৰ ধুই ঘৰৰ পবিত্ৰ স্থানত ৰাখক। কোৱা হয়, ঘৰৰ লক্ষ্মীও ঘৰৰ পৰা উলিয়াই নিয়াৰ পিছত গুচি যায়।
ঝাড়ু – ঝাড়ুৰ সম্পৰ্ক মা লক্ষ্মীৰ সৈতে আছে। শাস্ত্ৰ অনুসৰি ভঙা ঝাড়ু এটা ঘৰত ৰাখিলে নেতিবাচকতা আহে, কিন্তু যদি পেলাবলগীয়া হয়, তেন্তে শুকুৰবাৰ বা বৃহস্পতিবাৰে ভুলতেও লেপেলাব। এনে কৰিলে ঘৰৰ সমৃদ্ধি আঁতৰি যায় আৰু দৰিদ্ৰতাই বাস কৰে।<eot>আমি সকলোৱে অৱগত যে ক'ভিড সৃষ্ট পৰিস্থিতিৰ প্ৰভাৱ শিক্ষাখণ্ডত বাৰুকৈ পৰিছে । দীৰ্ঘ দিনীয়াকৈ বিদ্যালয়সমূহ বন্ধ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শিকনৰ ঘাটি হোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে । তাৰোপৰি, বিদ্যালয়ৰ যোগেদি লাভ কৰা অইন -অইন বুৎপত্তি সমূহ আয়ত্বতো ছাত্ৰ-ছাত্ৰী সকল বাধাপ্ৰাপ্ত হৈছে। শিক্ষাৰ্থীসকলৰ শিকাৰ ধাৰাবাহিতা অক্ষুন্ন ৰাখিবলৈ সেয়ে বিভিন্ন মাধ্যমৰ প্ৰয়োজনীয়তা অৱশ্যম্ভাৱী হৈ পৰিছে। কোৱা নিস্প্ৰয়োজন যে এনে পৰিস্থিতিত বৈদ্যুতিন মাধ্যমে ব্যাপক সমাদৰ লাভ কৰিছে ।
শিকন - শিক্ষণ প্ৰক্ৰিয়াত বৈদ্যুতিন মাধ্যমৰ প্ৰয়োগ এক নতুন বিষয় নহয় যদিও আমাৰ ৰাজ্যখনত বৈদ্যুতিন মাধ্যমৰ প্ৰয়োগ সৌ-সিদিনালৈ চেগা- চোৰোগাকৈ কিছু ব্যক্তিগত বিদ্যালয় পৰ্যায়ত বা উচ্চ শিক্ষাৰ প্ৰতিস্থানত দেখা গৈছিল । বিশেষকৈ দুৰৱৰ্তী শিক্ষা ব্যৱস্থাত এনে মাধ্যমৰ প্ৰয়োগ দেখা গৈছিল । কিন্তু ক'ভিড সৃষ্ট পৰিস্থিতিয়ে এই মাধ্যমক প্ৰায় সকলো পৰ্যায়ৰ শিক্ষক -শিক্ষাৰ্থীৰ কাষ চপাই আনিলে । কোৱা যুগুত যে বৰ্তমান শিকন - শিক্ষণ প্ৰক্ৰিয়াত বৈদ্যুতিন মাধ্যম প্ৰাথমিকৰ পৰা উচ্চ শিক্ষালৈ চৰকাৰী-বেচৰকাৰী সকলো স্তৰতে এক বিকল্প আৰু ফলপ্ৰসু মাধ্যম হিচাপে পৰিগণিত হৈছে ।
অৱশ্যে বৈদ্যুতিন মাধ্যমৰ আসোৱাহ বা সীমাবদ্ধতা অনেক । বিশেষকৈ ইন্টাৰনেটৰ সুবিধা নথকা, যোগাযোগৰ অসুবিধা থকা অঞ্চলত এনে মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আছে । এইবোৰৰ ভিতৰত আৰ্থিকভাৱে দূৰ্বল পৰিয়ালত আহিলাৰ অভাৱ, অভিভাৱকৰ তদাৰকীৰ অভাৱ, আহিলাত উপলব্ধ সুবিধাসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ সীমিত জ্ঞান আদি । তৎসত্বেও এক বুজন সংখ্যক ছাত্ৰ-ছাত্ৰী এই বৈদ্যুতিন (online ) মাধ্যমৰ সুবিধা লৈ শিক্ষা লাভৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । এক সমীক্ষামতে আমাৰ ৰাজ্যত প্ৰায় ৫০% ৰ অধিক ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে কম-বেছি পৰিমাণে শিক্ষা লাভৰ সুবিধা লাভ কৰিছে ।
অনলাইন মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষকসকলে ভালেমান অসুবিধাৰ সন্মুখীন হৈছে । প্ৰায় প্ৰস্তুতিহীন ভাৱেই শিক্ষকসকলে বৈদ্যুতিন মাধ্যমৰে শিক্ষা প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলগীয়া হৈছে । সৰহ সংখ্যক শিক্ষকে মাধ্যমটোৰ ব্যৱহাৰৰ পূৰ্বজ্ঞান নথকাৰ বাবে বহু ক্ষেত্ৰত উজুটি খাব লগা হৈছে যদিও এই প্ৰত্যাহ্বান নেওঁচি শিকন-শিক্ষণ প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে । কোৱা যুগুত যে বিগত বছৰৰ পৰা লোৱা নেৰানেপেৰা প্ৰয়াসৰ বাবে এই মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষক সকলে ভালেখিনি সফল হ'ব পাৰিছে । যাৰ ফলস্বৰূপে শিক্ষাৰ্থীসকল উপকৃত হৈছে ।
অলাইন মাধ্যমৰ সফল প্ৰয়োগৰ এটি পূৰ্বচৰ্ত হ'ল ছাত্ৰ-ছাত্ৰীৰ উপযোগী আৰু আকৰ্ষণীয় ই-সমল প্ৰস্তুত আৰু পৰিৱেশন । এনে সমল প্ৰস্তুত কৰিবলৈ প্ৰস্তুতকৰ্তা পাৰদৰ্শী হোৱাটো বাঞ্চনীয় । পৰিবেশনৰ ক্ষেত্ৰটো একেই কথা । ই -সমলবোৰ যিদৰে কম সময়ৰ ভিতৰতে ছাত্ৰ-ছাত্ৰীৰ মনোগ্ৰাহীকৈ পৰিবেশন কৰিব পৰা বিধৰ হ'ব লাগে আনফালে, এনে সমল শিক্ষাৰ্থীসকলে নিজে পঢ়ি বা দেখি বুজি পোৱা ধৰণৰ সহজ , সৰল হ'ব লাগে । সেয়ে এনে সমল প্ৰস্তুত বা পৰিবেশন কৰিবলৈ শিক্ষকসকলৰ প্ৰয়োজনীয় প্ৰশিক্ষণৰ আৱশ্যক থাকে ।
দেখা গৈছে দৃশ্য-শ্ৰাব্য (audio -visual) ই-সমলবোৰ শিক্ষাৰ্থীসকলে আগ্ৰহেৰে গ্ৰহন কৰিছে । সেয়ে শিক্ষক সকলেও এনে সমল প্ৰস্তুত আৰু পৰিবেশনত গুৰুত্ব প্ৰদান কৰিছে । উল্লেখ যে, শিক্ষক সকলৰ এই প্ৰয়াসক উৎসাহিত কৰি বৈদ্যুতিন মাধ্যমেৰে শিকন - শিক্ষণ প্ৰক্ৰিয়াক এক গতি প্ৰদান কৰিবলৈ কামৰূপ জিলাত লোৱা হৈছে এক আশাপ্ৰদ পদক্ষেপ । এই পদক্ষেপৰ অংশ হিচাপে মুকলি কৰা হৈছে এটি Y -Tube চেনেল ।নাম ৰখা হৈছে Y -KIRAN (Kamrup Invitiated Remedial And Novel Support -Y- YouTube চেনেল । ২৩ জুন ২০২১ তাৰিখে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ ভালে কেইগৰাকী বিধায়কৰ উপস্থিতিত গুৱাহাটী লোকসভা সমষ্টিৰ সংসদ কুইন ওজা ডাঙৰীয়ানীয়ে মুকলি কৰা এই Y -Kiran চেনেলৰ উদ্দেশ্য হ'ল জিলাখনৰ শিক্ষক সকলে স্থানীয়ভাৱে ফলপ্ৰসু হোৱাকৈ প্ৰস্তুত কৰা ই-সমল (মূলত video ) বোৰ শিক্ষাৰ্থীসকলে পুণঃ পুণঃ ব্যৱহাৰ কৰিব পৰাকৈ ৰখাৰ ব্যৱস্থা কৰা তথা এই চেনেলৰ জৰিয়তে অনলাইন পাঠদানৰ (online class) ব্যৱস্থা কৰা । জানিব পৰা মতে, জিলাখনৰ এচাম আগ্ৰহী আৰু নিষ্ঠাবান শিক্ষকৰ সহযোগত প্ৰায় অৰ্ধশতাধিক ভিডিঅ' content প্ৰস্তুত কৰি ইতিমধ্যে এই চেনেলত উপলদ্ধ কৰা হৈছে । কোৱা যুগুত যে ক'ভিড সৃষ্ট পৰিস্থিতিত জিলাখনৰ শিক্ষা বিভাগে লোৱা এই পদক্ষেপ অত্যন্ত প্ৰশংসনীয় বুলি বিবেচিত হৈছে । আশাকৰা হৈছে এই মাধ্যমে শিক্ষাৰ্থীসকলৰ শিকন ধাৰা অবাহত ৰখাত সহায় কৰাই নহয় শিক্ষক সকলেও ই-সমলবোৰ ব্যৱহাৰৰ যোগেদি শিক্ষাৰ্থীসকলৰ উপকাৰ সাধিব পাৰিব । Y-KIRAN ৰ সফল ব্যৱহাৰ জিলাখনৰ শিক্ষা ব্যৱস্থাত যে এক যোগাত্মক প্ৰভাৱ পেলাব সেয়া ধুৰূপ।।<eot>Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...– News18 assam
ব্যৱসায়
Powered by
CHANGE LANGUAGE
অসমীয়া
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ
WATCH LIVE TV
DOWNLOAD APP
FOLLOW US ON
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
অসম
দেশ
অপৰাধনামা