text
stringlengths 0
188k
|
---|
Sunday, July 8, 2018 |
জীৱন বাটৰ ৰসঃ নানিমুনি (৫৫) |
জীৱন বাটৰ ৰসঃ নানিমুনি (৫৫) |
আমাৰ শৈশৱৰ স্কুলীয়া দিনবোৰত, আমি ডাঙৰ হ’বলৈ সুবিধা পোৱা আওহতীয়া ঠাইবোৰৰ পৰা বিশ্বলৈ জুমি চাব পৰা একমাত্ৰ খিৰিকিখন আছিল ঘৰৰ ৰেডিঁঅ’-টো৷ বাতৰি, বিনোদন, ভাষা-সাহিত্য আদি সকলো বিষয়তে এই ৰেডিঅ’টোৱেই আমাক বিশ্ব-জগতৰ সম্ভেদ দিছিল৷ বাতৰি কাগজ আলোচনীও সেইসময়ত নথকা নহয়, আছিল; কিন্তু গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা বাতৰি কাগজ গৈ আমাৰ ঠাইখন পাইছিলগৈ গধূলিহে৷ সেয়ে সকলোৱে বৰ আন্তৰিকতাৰে ৰেডিঅ’টোৰ মুখলৈ চাই আছিল আৰু পৰম আন্তৰিকতাৰে তাৰ যতন লৈছিল৷ শীতকালৰ ৰবিবাৰবোৰত বেটাৰীকেইটা খুলি কিছুসময় ৰ’দত থৈ দিয়া হৈছিল – আয়ূস বৃদ্ধিৰ বাবে৷ তাৰোপৰি ৰেডিঅ’টোৰ গাত পিন্ধাবৰ বাবে কাপোৰৰ চোলা এটাও চিলাই দিয়া হৈছিল – ঠাণ্ডা গৰমৰ পৰা মুক্তি বিচাৰি নহয়, গাত ধুলি-মাকতি নপৰিবৰ বাবে৷ হাতেৰে ঘুৰাব পৰা নবটো আৰু কম্পনাংকৰ কাটাডাল দেখিব পৰা অঞ্চলটো চোলাটোৰ পৰা মুকলি কৰি ৰখা হৈছিল৷ ৰেডিঅ’টোৰ স্থান আছিল খটাসুৰ ল’ৰা-ছোৱালীয়ে সতেত ঢুকি পাব নোৱাৰা উচ্চতাত৷ |
১৯৭৭ চনত দেশত জৰুৰীকালিন অৱস্থা ঘোষণা কৰাৰ সময়ত দেশ-বিদেশৰ খবৰ ল’বৰ বাবে দেউতাই হঠাতে এদিন ফিলিপছ্ কোম্পানীৰ ৰেডিঅ’ এটা কিনি আনিলে৷ লগে লগে আমাৰ ঘৰখন জৰুৰীকালিন অৱস্থাৰ পৰা মুক্ত হৈ যোৱা যেন হ’ল৷ বাতৰিৰ লগতে এনে কিছুমান বস্তুও আহিল যিয়ে আমাৰ ঘৰখনৰ ৰঙেই সলনি কৰি দিলে৷ ক’ত কোৱা মাত ক’ত গৈ বাজে – কিম্মান বিষ্ময়কৰ কথা! আৰু ৰেডিঅ’-ত গান গোৱা শিল্পীসকলে সদায় একেদৰে অকণো ভুল নকৰাকৈ হুবহু একে গায়৷ গানটোৰ শেষত সম্ভৱ লাহে লাহে পিছলৈ গৈ থাকে কাৰণ মাতটো লাহে লাহে সৰু হৈ অৱশেষত নাইকিয়া হৈ যায়গৈ! অদ্ভূত কাণ্ড! |
ঘৰত ৰেডিঅ’-টো অহাৰ পিছতো সকলো সময়তে ৰেডিঅ’ শুনাৰ অধিকাৰ আমি পোৱা নাছিলো৷ সন্ধিয়াৰ অঞ্চলিক বাতৰি শুনিবলৈ দেউতাৰ লগৰ কেইবাজনোলোক আমাৰ ঘৰত প্ৰায়েই একেলগ হৈছিল৷ কিন্তু “বাতৰি ইমানতে অন্ত হ’ল” বুলি কোৱাৰ লগে লগেই দেউতাই ৰেডিঅ’টো বন্ধ কৰি দিছিল৷ ডাঙৰ মানুহ কেইজনৰ ওপৰত তেতিয়া প্ৰচণ্ড খং উঠিছিল, তেখেতসকলে কি শুনিব লাগে, কি নালাগে, ক’ত ৰস আছে, ক’ত নাই- সেইবোৰ একো নাজানিছিল! আমাৰ ঘৰত ৰেডিঅ’টো বন্ধ হৈ থকা সেই সময়ডোখৰতে আমাৰ ঘৰৰ গাতে লাগি থকা ৰাণাদাহ’তৰ ঘৰৰ ৰেডিঅ’টোৰ পৰা গীত-নাট-আলেখ্য আদিৰ সুৰীয়া শব্দ বতাহত ভাঁহি আহিছিল৷ ৰাণাদাহঁতৰ ঘৰত সেইসময়ত পঢ়াশুনা কৰি থাকিবলগীয়া কোনো ল’ৰাছোৱালী নাছিল৷ পঢ়া টেবুলৰ পৰাই নিৰৱে সেইয়া উপভোগ কৰিছিলো আৰু ডাঙৰ হৈ চাকৰি এটা পালেই ভাল ৰেডিঅ’ এটা কিনি একেৰাহে দিনে ৰাতি শুনি থাকি প্ৰতিশোধ ল’ম বুলি শপত খাইছিলো৷ এই অৱস্থাৰ ব্যতিক্ৰম হৈছিল তেতিয়া যেতিয়া ঘৰত কোনোবা ৰাতি থকাকৈ ফুৰিবলৈ আহিছিল৷ আলহীৰ আগ্ৰহৰ এক কৃত্ৰিম পৰিস্থিতি সৃষ্টি কৰি লৈ ৰেডিঅ’-টো তেতিয়া বেছিকৈ বজাব পৰা গৈছিল৷ “অতিথি দেৱো ভৱ” অৰ্থাৎ আলহী সাক্ষাৎ ভগৱান – এই আপ্তবাক্যশাৰীয়ে আমাৰ আগ্ৰহ আৰু কৌশলক সাৰপানী দি সহায় কৰিছিল৷ নিজৰ ঘৰখনত এই কৌশল আমি বেছিকৈ ব্যৱহাৰ কৰিব পৰা নাছিলো, পাৰিছিলো আমাৰ পেহীৰ ঘৰখনত, ঘোঁৰামাৰীত৷ |
আমাৰ শৈশৱৰ এক সুদীৰ্ঘ সময়ৰ আলফুলীয়া স্মৃতি আৰু ইতিহাস লুকাই আছে ঘোঁৰামাৰী হাইস্কুলৰ (এতিয়া হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়) সেই প্ৰকাণ্ড চৌহদটোত৷ এটা সুদীৰ্ঘ সময়ৰ বাবে সেই স্কুলখনৰ প্ৰধান শিক্ষক আৰু পাছলৈ অধ্যক্ষৰ দায়িত্বত আছিল আমাৰ পেহাদেউ৷ পিছপৰা, প্ৰধানকৈ জনজাতীয় লোকসকলৰ বসতি সেই অঞ্চলটোত শিক্ষা বিকাশৰ বাবে পেহাদেউৱে কৰা কামৰ তুলনা পাবলৈ নাই৷ তেখেতৰ ব্যক্তিত্বৰ ইমানেই প্ৰভাৱ আছিল যে তেখেত যেতিয়া স্কুল বহি থকা সময়ত এটা মূৰৰ পৰা আনটো মূৰলৈ এবাৰ খোজ কাঢ়ি গৈছিল, স্কুলখন নিজে নিজেই নিজম পৰি গৈছিল৷ পেহাদেউক চৰকাৰে শিক্ষকতাৰ পুৰস্কাৰেৰে সন্মানিত কৰিছিল৷ অঞ্চলটোৰ প্ৰতি থকা মোহ আৰু টানৰ বাবেই পেহীৰ ছোৱালী ডাঙৰ বাইদেউৰ বিয়া ঘোঁৰামাৰীত পতা হৈছিল৷ আমি সৰু থাকোঁতে গৰমৰ বন্ধ, বিহুৰ বন্ধ, পূজাৰ বন্ধ আদি বিভিন্ন উপলক্ষ্যত ঘোঁৰামাৰীত থকাকৈ আহিছিলো৷ স্কুলখনৰ দাঁতিতে শিক্ষকসকলৰ বাবে এশাৰী আবাসগৃহ আছিল৷ শেষৰ ফাললৈ থকা ধুনীয়া কোৱাৰ্টাৰ এটাত পেহাদেউহঁত আছিল৷ সমূখতে এজোপা চাপৰ বগাব পৰা মধূৰী আমৰ গছ আছিল৷ ঘৰৰ লগতে কেইবাজোপাও ফুলগছ আছিল৷ সমূখত অলপ আঁতৰলৈ স্কুলৰ কুঁৱাটো৷ সেইটোৰ কাষেদিয়েই এবাৰ এটা গঁড় পাৰ হৈ গৈছিল৷ সেইদিনবোৰ আছিল আমাৰ বাবে এতিয়াৰ দিনৰ “চামাৰ কেম্পৰ” দৰে৷ বয়সত কিছু সৰু হ’লেও পেহীৰ ল’ৰা নানি আছিল বুদ্ধি-বৃত্তিত মোতকৈ আগবঢ়া আৰু আমাৰ আটাইকেইটাৰে অঘোষিত নেতা৷ আটাইকেইটা মানে মোৰ লগত মোৰ ভাই মৃদুল, সিফালে নানি আৰু পেহীৰ ছোৱালী সৰু বাইদেউ৷ মাজে মাজে সি ‘বাঘৰ আগতেল খোৱা’ ধৰণৰ কাম কিছুমানো কৰিছিল কিন্তু সৰু বাইদেউৰ সহায়ত ঘৰত পাব পৰা সম্ভাব্য শাস্তিৰ পৰা মুক্তি পাইছিলোঁ৷ স্কুলখনৰ এটা কোঠাত এটা মানুহৰ কংকাৰ (জঁকা) আছিল৷ ভয়তে আমি সেইফালে নগৈছিলো, নানিয়ে কিন্তু দিনতটো বাদেই ৰাতিও সেইফালে দৌৰি দৌৰি এক পাক মাৰি আহিব পাৰিছিল৷ স্কুলখনৰ মধ্য অংশত এটা গম্বুজ আছিল, দুৰৰ পৰা চালে মন্দিৰৰ দৰে দেখি৷ আমি তলৰ পৰা ফৰ্মুটি মাৰি চাওঁ আটাইতকৈ ওখ অংশটোত লগাব পাৰি নেকি – নোৱাৰি! পেহাদেউৱে কিতাপ কাগজ লৈ ব্যস্ত থকা সময়তে সৰু বাইদেউৱে ৰেডিঅ’টো সৰকাই আনে, সৰু ভলিউমত আমি শুনি থাকোঁ৷ বাতৰিৰ মাতটো ভাঁহি অহাৰ লগে লগে আমাৰ মাজত প্ৰতিযোগিতা হয় – বাতৰি পঢ়োতাজনৰ নামটো ক’ব পাৰোঁনে নাই! “এইয়া আকাশবাণী”, লগে লগে মই কওঁ – গুণ বৰুৱা৷ নানিয়ে কাটে – হিৰণ দত্ত! পাছমূহুৰ্ততে নিৰ্ণয় হয়- হয়, হিৰণ দত্তয়েই হয়! তেতিয়া দীপেন বৰুৱাই গোৱা তৰামাই কথাছবিৰ গীত এটা বৰ জনপ্ৰিয় হৈছিল– লাজ লাজ লাজ ভন্টি এ, নকৰিবা আমালৈ লাজ... আমি গীতটো ওভোটাই গোৱাৰ প্ৰয়াস কৰোঁ – জলা জলা জলা তীম্ভ এ... থিয়া ৰেলক....! |
ৰাতি ভাত খোৱাৰ পিছত মা, পেহী, ডাঙৰ বাইদেউ সমন্বিতে কেতিয়াবা আমি আটাইবোৰে গোটেই স্কুলঘৰটোৰ বাৰান্দাইদি খোজ কাঢ়িছিলো৷ নানি আগতেই গৈ কংকাল থকা কোঠাটোৰ সমূখত ৰৈ আছিলগৈ – তাৰ সাহসৰ প্ৰদৰ্শন কৰি৷ এদিন সন্ধিয়া পেহীয়ে আমাক আবাসগৃহৰ সিমূৰে থকা বৰা ছাৰৰ ঘৰলৈ ফুৰাবলৈ লৈ গ’ল৷ তেলত ডুবাই ভজা মালপোৱা খোৱাৰ আশাত আমিও লগত ওলালোঁ ৷ কোৱাৰ্টাৰৰ সৰু জপনাখন খোলাৰ লগে লগেই শুনিলো বৰা ছাৰে পুতেক-জীয়েকক দবিয়াই আছে – ‘পঢ়া শুনাত মন নাই, খালী ৰেডিঅ’, ৰেডিঅ’ ৰেডিঅ’৷ ভাঙি পেলাম ৰেডিঅ’, মোক চিনি পোৱা নাই! সেইটো আনিবই নালাগিছিল, আপদহে হ’ল৷ গড়ত থৈ দু়টুকুৰা কৰি ভাঙিম, গম পাবি তেতিয়া!’ তাৰ পিছতেই ঘৰখনত আমাৰ আৱিৰ্ভাৱ! বৰা ছাৰৰ বাইদেউ বৰ সাদৰী৷ অকল মালপোৱাই নহয়, আমাক বেলেগ বেলেগ আকৃতিৰ বিস্কুটো খাবলৈ দিলে৷ |
পিছদিনা ৰাতিপুৱা কোনো নুঠুতেই নানিয়ে মোক হেঁচুকি জগালে – ‘ঐ, উঠচোন, শব্দ নকৰিবি৷’ তাৰ কথামতেই উঠি পিছে পিছে গৈ ঘৰৰ বাহিৰ ওলালোঁ৷ বনকৰা ছোৱালী দীপালীয়ে পকী পাছচোতালডোখৰ সাৰিবলৈ লৈছে, ঘৰৰ আন কোনো তেতিয়াও উঠা নাই৷ আমি গৈ পোনে পোনে বৰা ছাৰৰ পদুলিমূখ পালোঁগৈ৷ সেই দোকমোকালিতে আমাক দেখি বৰা ছাৰে আচৰিত হৈ ওলাই আহিল – ‘আৰে’, কি হ’ল ইম্মান ৰাতিপুৱাই?’ |
নানিয়ে নিসংকোচে ক’লে – ‘খুৰা, কালিযে আপুনি কৈছিল, ৰেডিঅ’-টো গড়ত থৈ ভাঙি পেলাব, ভাঙিব নেলাগে মোকে দি দিয়ক৷’ |
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীবোৰৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com) |
Posted by Utpal Badol Baruah at 8:02 AM No comments: |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Sunday, July 1, 2018 |
জীৱন বাটৰ ৰসঃ শশীদা (৫৪) |
জীৱন বাটৰ ৰসঃ শশীদা (৫৪) |
কাজিৰঙাৰ সিপাৰে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত, প্ৰকৃতিয়ে অকৃপণ ভাবে দান কৰা সৌন্দৰ্যৰে ভৰপূৰ এটা অঞ্চলত আমাৰ ডাঙৰ হোৱাৰ সৌভাগ্য হৈছিল৷ বছৰটোৰ কোনো কোনো সময়ত আমাৰ অঞ্চলটোত গঁড় ওলাইছিল৷ দক্ষিণপাৰৰ বাসিন্দা হৈ গঁড় গৈ কেনেকৈ উত্তৰ পাৰ পাইছিলগৈ মই নাজানো ৷ এনেকুৱা ঘটনা অসমৰ বহু ঠাইতে হৈছিল যেন লাগে, কাৰণ আমাৰ পাঠ্যপুঠিতো “ধাননি পথাৰ” বুলি এটা পাঠ আছিল আৰু তাত গড়ঁ ওলোৱাৰ কাহিনী এটা আছিল৷ গঁড়ে যে জুইলৈ ভয় কৰে সেই কথাটো সেই পাঠটোৰ পৰাই জানিছিলো৷ আচলতে আমাৰ অঞ্চলটো বনৰীয়া হাতীৰ বিচৰণৰ বাবেহে বেছি বিখ্যাত কিন্তু বনৰীয়া হাতী ওলালে কি কৰিব লাগে তেনে পাঠ আমাৰ পাঠপুঠিত কেতিয়াও সন্নিৱিষ্ট হোৱা নাছিল৷ ইয়াৰ কাৰণ হিচাপে মোৰ ব্যক্তিগত ধাৰণা - হাতী “জাতীয় প্ৰতীক” নোহোৱা বাবে ব্যৱহাৰিক দিশৰ পৰা বেছি প্ৰয়োজনীয় হোৱাৰ পিছতো পাঠপুঠিত ই সোমাবগৈ পৰা নাছিল অথচ, বেছি অপকাৰ বা অনিষ্ট নকৰাকৈয়ে, “জাতীয় প্ৰতীক” বুলি থকা গ্লেমাৰটোৰ বাবেই গঁড়ে এই সন্মান নিবিচৰাকৈয়ে পাইছিল৷ |
আমাৰ ঘৰৰ সমূখত এখন বহল পথাৰ আছে৷ তাতে এবাৰ এটা গঁড় ওলাইছিল৷ দিনটো আছিল বুধবাৰ৷ আগবেলাই গঁড়টো আহি পথাৰখনৰ দলনিত বোকাৰ ঘুলি এটা সাজি তাতে হেনো শুই আছে৷ প্ৰথমে কথাটো কোনে প্ৰত্যক্ষ কৰিলে জনা নগ’ল৷ বুধবাৰ মানে বজাৰৰ দিন৷ অহা-যোৱা কৰা আলিবাটটোৰ পৰা মাত্ৰ ৪০০ মিটাৰ মান আঁতৰত সেইজীয়া ৰোৱাৰে ঢাকি ধৰি থকা ঠাইখিনিতে গঁড় এটাই বোকাৰ মাজত লেটি লৈ আছে! আবেলি সময়৷ বজাৰৰ পৰা উভতি অহা বাটৰুৱা এজন দুজনকৈ ৰৈ যাবলৈ আৰম্ভ কৰিলে৷ গঁড়ৰ গালৈ পকা চপৰা, শিলগুটী আদি ফৰ্মুটিও আৰম্ভ হ’ল৷ গঁড়টো শোৱাৰ পৰা এবাৰ উঠে, পাক এটা মাৰে, আকৌ শোৱে! এসময়ত গাওঁৰ বয়সস্থ কেইবাজনো আলিবাটলৈ ওলাই আহিল৷ কোনো কোনোৱে ক’লে- ‘আমনি কৰি নাথাকিবি, গঁড়ে মানুহতকৈও বেগাই দৌৰিব পাৰে, সাৱধান!’ তেনেতে সেই ঠাইত পতিয়াগাওঁৰ চাকিৰাম কাইটি আহি ওলালহি, হাতত বজাৰ কৰি ওলোমাই অনা বেগ এটা৷ মানুহজনে গঁড় চাবলৈ আলিবাটৰ পৰা নামি পথাৰখনলৈ আগবাঢ়িবলৈ ল’লে৷ গঞাই হৈ হৈ কৰি উঠিল – ‘ককাই, তুমি ভালকৈ খোজেই কাঢ়িব নোৱাৰা, ক’লৈ গৈছা, নাযাবা, নাযাবা৷’ মানুহজন আছিল সামান্য খোনা৷ উত্তৰ দিলে- ‘হে’ৰা, জনাই জানে, গঁড়ে মাৰিলে স্বৰ্গবাসীহে হ’ম, ভয় কিহৰ হে’?’ তেওঁ আগবাঢ়ি গৈ থাকিল৷ ঠিক তেনেতে হঠাতে শোৱাৰ পৰা উঠি গঁড়টোৱে খেদি আহিল৷ আলিবাটত ৰৈ থকাসকলে বিম্বাশৱদে লৰ ধৰিলে৷ গঁড়টোৱে মুহুৰ্ত্ততে মানুহটোক ওফোৰাই পেলালে, তাৰপিছত ৰে’ল লাইনটোৰ ফালে দৌৰি দৌৰি আঁতৰি গ’ল৷ |
চাকিৰাম কাইটিৰ থিতাতে মৃত্যু হৈছিল৷ কৰঙনৰ পৰা বুকুলৈকে মানুহজনক গঁড়ৰ খৰ্গটোৱে ফালি পেলাইছিল৷ কাষতে পৰি আছিল হাতত লৈ থকা মোনাটো৷ মোনাটোৰ পৰা ওলাই ছেদেলি ভেদেলি হৈ পৰি আছিল বজাৰৰ পৰা কিনি অনা কেইবাবিধো পাছলি আৰু কেইবাটাও মৰা মিৰিকা মাছ! তেখেত স্বৰ্গবাসী হ’ল নে নহ’ল কোনেও গম নাপালে৷ |
আমি খ-শ্ৰেনীত পঢ়ি থাকোতে এদিন দুপৰীয়া হঠাতে ৰাইজ আলিবাটলৈ ওলাই আহিল – গঁড় ওলাইছে, গঁড় ওলাইছে! ৰে’লৰ আলিৰ দাঁতিয়ে দাঁতিয়ে গঁড় এটা দৌৰি দৌৰি গৈ আছে৷ – সেইটো, সেইটো৷ সকলোৱে আঙুলিয়াই দেখুৱাইছিল, মই কিন্তু নেদেখিলো৷ |
১৯৭৮-৭৯ চন৷ বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ হওঁ হওঁ৷ ডেকা ল’ৰাহত ঘৰলৈ ৰাতি পলমকৈ ওভতাৰ অভ্যাস ঠিক আৰম্ভ হোৱাৰ সময় আছিল সেইটো৷ ৰাতি দহমান বাজিছে, ঘোপমৰা আন্ধাৰ! মাগুৰমৰা গাওঁৰ শশীদা চেন্টাৰৰ পৰা চাইকে’ল লৈ ঘৰলৈ উভতি আহিছে৷ আন্ধাৰত বেছি দূৰলৈ মনিব নোৱাৰি – তথাপিও অসুবিধা পোৱা নাই, চিনাকী ৰাষ্টা৷ উদয়পুৰত, ঠিক ৰাষ্টাৰ ওপৰতে, হঠাতে সমূখত ক’লা ৰঙৰ কিবা এটা ৰৈ থকা যেন অনুমান হ’ল৷ শশীদাই পেডেল মৰা বন্ধ কৰিলে৷ পিছমূহুৰ্ত্ততে তেঁও নিশ্চিত হ’ল- হয়, ভুল হোৱা নাই, সেইয়া সমূখত আৱিৰ্ভাৱ হৈছে অসমৰ জাতীয় প্ৰতীক -পোৱালী হাতী এটাৰ সমান আকাৰৰ এটা প্ৰকাণ্ড এশিঙীয়া গঁড়৷ কিংকৰ্তব্যবিমূড় হৈ শশীদাই ব্ৰেক মাৰিবলৈও পাহৰি গ’ল৷ মাথোঁ গঁড়টোক খুন্দা নামাৰিবলৈ গাটো কিছু হলাই দিলে৷ কমল হাজৰিকাৰ ঘৰৰ কাষেদি সোমাই যোৱা গলিটোৰ কোণটোতে দ হোলা এটা আছিল৷ তাতে বিহলঙনী-ঢেঁকীয়া-কঁচু-মেটেকাৰ ওপৰত চাইকেল সহিত শশীদা এখাৱৈ হৈ পৰিলগৈ! সেইমূহূৰ্ত্তত তেওঁৰ হেনো ভালুক দেখা দুই বন্ধুৰ সাধুটো চেৰেং কৈ মনত পৰি গ’ল আৰু তাতে সেইফালেই নিতাল মাৰিলে! গঁড়টোৱেও আগতে নেদেখা দৃশ্য এটা দেখাত আৰু আগতে নোহোৱা অভিজ্ঞতা এটা হোৱাত এখোজ দুখোজকৈ খাৱৈটোলৈ আগবাঢ়ি গ’ল৷ শশীদাক এবাৰ শুঙি চালে৷ বিশ্বাসী বন্ধুৰ সাধুটোত ভালুকটোৱে তলত মৰা ভাওঁ ধৰি শুই থকা বন্ধুটোক যেনেকৈ শুঙিছিল, তেনেকৈ! তাৰপিছত জাতীয় প্ৰতীক গুৰু-গম্ভীৰ খোজেৰে সেই গলিটোৱেদি ৰে’ল ষ্টেচনৰ ফালে আঁতৰি গুচি গ’ল৷ |
ঘটনাটো ৰাতিপুৱাই ৰাষ্ট্ৰ হৈ পৰিল৷ শশীদাই হেনো কৈছে – ‘মই যদি জাপ মাৰি নামি গাৰ ওপৰত চাইকেলখন জাপি নল’লোহেঁতেন, মোৰ ফালে আধ্যাই পৰিলহেঁতেন!’ তেখেতৰ লগত ঘনিষ্ঠ দুজনমানে অধিক তথ্য লাভ কৰাৰ সুঁৰত ক’লে- গঁড়টোৱে হেনো জিভাখন লগাই শশীদাৰ ভৰিত চেলেক এটা মাৰিও চাইছিল৷ বন্যপ্ৰানী সম্পৰ্কে বিস্তৰ অভিজ্ঞতা জাহিৰ কৰি কেইজন মানে কথাষাৰ কাটিলে – ‘থ হেৰৌ, গঁড়ে চেলেক মাৰিলে গাৰ ছাল এৰাই যাব, মঙহৰ এফাল এৰুৱাই লৈ যাব!’ আন কোনোবা চকু চৰহাই ক’লে- গোলাপী নিচাতে সি চৰাইজনীয়া গাওঁৰ কাৰোবাৰ ঘৰৰ গোনা মহ দেখি আহিল! গঁড় দেখাটো মিছা, এখাৱৈ হৈ পৰি থকাটো সঁচা! |
কিন্তু গঁড় ওলোৱা কথাটো সঁচা আছিল৷ পিছদিনা বয়সস্থ অভিজ্ঞজনে গলিটোত পৰি থকা গঁড়ৰ খোজ চিনি পাইছিল৷ |
আমি সপ্তম শ্ৰেনীত পঢ়ি থাকোতে পহুছোৱা গাওঁত গঁড় এটা ওলোৱাৰ খবৰ ওলাইছিল৷ পহুছোৱা পাৰ হৈ চাপৰিয়েদি গঁড়টো হেনো নিজে নিজে গৈ লুইত পাৰ হৈ কাজিৰঙা পাইছিলগৈ৷ তেতিয়াৰ দিনত গঁড় মাৰি তাৰ খৰ্গ কাটি নি ধন ঘটাৰ কথা সম্ভৱ কোনেও চিন্তা কৰা নাছিল৷ এনে কামক গৰ্হিত বুল ভবা হৈছিল৷ |
কাজিৰঙাৰ সিপাৰে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত প্ৰকৃতিয়ে অকৃপণ ভাবে দান কৰা সৌন্দৰ্যৰে ভৰপূৰ সেই অঞ্চলত বছৰটোৰ কোনো কোনো সময়ত প্ৰায়েই গঁড় ওলাইছিল৷ |
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ আগতে প্ৰকাশ কৰা এই কাহিনীটোকো “জীৱন বাটৰ ৰস”-ৰ অংশ কৰিবৰ মন গ’ল৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)<eot>ভাৰতবর্ষৰ অন্যান্য স্থানৰ লগতে শনিবাৰে কালি বিশ্বনাথ চাৰিআলিটো ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ শুভ উদ্বোধন কৰা হয়। |
এই বেংকৰ শুভ উদ্বোধন কৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। এই উপলক্ষে বিশ্বনাথ চাৰিআলি ডাকঘৰ প্ৰাংগণত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। |
বিশ্বনাথ চাৰিআলি ডাকসমূহৰ পৰিদৰ্শক যোগল বৰাই আঁত ধৰা অনুষ্ঠানত বিধায়ক প্ৰমোদ বৰঠাকুৰে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ সুবিধাৰ্থে ডাকঘৰৰ লগত সংলগ্ন কৰা ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ ওপৰত ভাষণ আগবঢ়ায়। |
লগতে বিধায়ক গৰাকীয়ে ৰাইজক উদ্দেশ্যি বিজেপি চৰকাৰ খনে কৰা উন্নয়নমূলক কাম সমূহৰো এক খতিয়ান দাঙি ধৰে। |
আনহাতে অনুষ্ঠানত উপস্থিত থকা বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ সুবিধা সমূহৰ ওপৰত বক্তব্য আগবঢ়ায়। ল’গতে ৰাইজক ইয়াৰ সুবিধা ল’বলৈয়ো আহ্বান জনায় জিলা উপায়ুক্ত গৰাকীয়ে। |
অনুষ্ঠানত বিশ্বনাথ চাৰিআলি ডাকঘৰৰ পোষ্টমাষ্টৰ উদীপ্ত বৰা, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰবক্তা সবিতা বৰুৱা, ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সদানন্দ হাজৰিকা, আৰবীক মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে। |
Recent News |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>বিয়া হৈছে দুখন অন্তৰৰ এক এনেকুৱা পবিত্ৰ বান্ধোন যি পৃথিৱীৰ সকলো সম্পৰ্কতকৈ বহুত সুকীয়া। স্বামি-স্ত্ৰীৰ সম্পৰ্কক পৃথিৱীৰ আটাইতকৈ বিশেষ সম্পৰ্ক ৰূপে মনা হয়। আমি সকলোৱে জানো যে প্ৰায় ভাগেই বিয়াৰ পূৰ্বে দুয়ো অচিনাকি হৈ থাকে। কিন্তু বিয়াৰ পিছত দুয়োয়ে ইজনে আনজনক স্বীকাৰ কৰে আৰু নিজৰ নতুন জীৱনটো হাঁহি ফুৰ্তিৰে ব্যতিত কৰে। বিয়াৰ নীতি নিয়মৰ মাজত দৰা আৰু কইনাই দুয়োয়ে সুখ দুখৰ সময়ত লগ দিয়াৰ কথা দিয়ে। এইটো কথাত কোনো সন্দেহ নাই যে বিয়া এক এনেকুৱা সম্পৰ্ক যত পতি আৰু পত্নীৰ মাজত বুজাবুজি থকাটো বহুত জৰুৰী। কিন্তু যদি সম্পৰ্কটোত কোনোবা এজনৰ সহাঁৰি ভালদৰে পোৱা নাযায় তেন্তে তেনে সম্পৰ্ক বেছি দিন নচলে। |
অৱশ্যে পতি আৰু পত্নীৰ মাজত সৰু সুৰা কাজিয়া হয় যদিও তেওঁলোকৰ সম্পৰ্ক আৰু গভীৰ হৈ পৰে আৰু দুয়োৰে মৰম চেনেহ বাঢ়ি যায়। এই সম্পৰ্কত দুয়োৰে ওপৰত বিশ্বাস থকাটো জৰুৰী আৰু লগতে ইজনে আনজনৰ সন্মান কৰাটো উচিত। কিন্তু আমি বহুতবাৰ দেখিবলৈ পাওঁ যে পতি পত্নীৰ মাজৰ কাজিয়া কেতিয়াবা ইমানেই বাঢ়ি যায় যে তেওঁলোক অসভ্যালি কৰিবলৈ ধৰে আৰু ইজনে আনজনক অপশব্দ ক’বলৈ ধৰে। ইয়াৰ কাৰণ হৈছে দুয়োৰে মাজত মৰম চেনেহ কমি যায়। এনেদৰে সদায় কাজিয়া কৰি অশান্তি পায় স্বামীয়ে বহুতবাৰ পত্নীক ইমান মৰম নিদিয়ে যিমান এজন স্বামীয়ে পত্নীক দিব লাগে। এনেকুৱাত স্বামীৰ এই ব্যৱহাৰ দেখি পত্নী প্ৰায়ে দুখ মনেৰে থাকে। আৰু তেওঁলোকৰ সম্বন্ধৰ মধুৰতা শেষ হ’ব ধৰে। |
Contents hide |
1 ১/ “P” নামৰ ছোৱালী বোৰ। |
2 ২/ “k” নামৰ ছোৱালীবোৰ। |
3 Share this: |
১/ “P” নামৰ ছোৱালী বোৰ। |
যিবোৰ ছোৱালীৰ নাম ‘P’আখৰেৰে আৰম্ভ হয় তেওঁলোক কেতিয়াও স্বামীৰ পৰা সুখত থাকিব নোৱাৰে। আচলতে এইটো নামৰ ছোৱালীয়ে স্বামীৰ পৰা বেছি পৰিমানে মৰম পোৱাৰ আশা কৰে আৰু তেওঁলোকৰ স্বামীয়ে মাত্ৰ তেওঁৰ ওপৰতেই ধ্যান দিয়াটো বিচাৰে। সকলো কথা খুলি কোৱাটো বিচাৰে যাতে সম্পৰ্কটো গাঢ় হৈ থাকে। তেওঁলোকৰ সদায় নিজৰ ভালপোৱা হেৰুৱাৰ ভয় লাগি থাকে যাৰ বাবে এই ছোৱালীবোৰ সদায় দুখত থাকে। |
আৰু পঢ়ক… |
এই ৩ ধৰণৰ মানুহক কেতিয়াওঁ সহায় নকৰিব। |
সঁচা প্রেম নে টাইম পাছ | জানক এই ৫ টা কথাৰে। |
স্বামীক নিয়ন্ত্রণ কৰিবলৈ এই ৫ টা পৰামর্শ গ্রহণ কৰক। |
২/ “k” নামৰ ছোৱালীবোৰ। |
যিবোৰ ছোৱালীৰ নাম ‘K’ আখৰেৰে আৰম্ভ হয় তেওঁলোকো নিজৰ স্বামীৰ পৰা সুখী নহয়। ইয়াৰ আচল কাৰণ হৈছে এইটো আখৰৰ ছোৱালীয়ে প্ৰায় নিজৰ স্বামীক সন্দেহ কৰে। অৱশ্যে তেওঁলোক স্বভাৱৰ ফালৰ পৰা বেয়া নহয়। কিন্তু তেওঁলোকে স্বামীক কাৰো লগত ভাগ কৰিব নিবিচাৰে। সেইবাবেই এই ছোৱালীবোৰ প্ৰায় দুখী হৈ থাকে। তেওঁলোকে সদায় এইটো বিচাৰে যাতে স্বামিয়ে ২৪ ঘণ্টাই তেওঁলোকক মৰম দি থাকক। যেতিয়া তেওঁলোকৰ এই ইচ্ছা পূৰণ নহয় তেতিয়া তেওঁলোকে স্বামীৰ ওপৰত অভিমান কৰে। আৰু তাৰ পাছত তেওঁলোক স্বামীৰ পৰা সুখ লাভ নকৰে।এই দুইটা নামৰ ছোৱালী প্ৰায়ে দুখত থকাৰ লগতে স্বামীৰ মৰম লাভ নকৰা দেখিবলৈ পোৱা যায়।<eot>Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>২৫ ঘণ্টা খালী ভৰিৰে দৌৰি পুনৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ’ল গহপুৰৰ সন্তান মনজিৎ দিহিঙীয়াই। গহপুৰৰ কটকী চুকৰ যুৱক তথা অসম আৰক্ষীত কৰ্মৰত জোৱান মনজিৎ দিহিঙীয়া একেৰাহে ২৫ ঘণ্টা ১০ মিনিটত ২০৫ কিমি দৌৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। উল্লেখনীয় যে মঙলবাৰে ৰাতিপুৱা ৯.৫৪ বজাত গহপুৰ নগৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জীয়া ভৰালী নৈৰ দলঙৰ পৰা উভতি আহি কালি পুৱা ১১.০৪ বজাত গহপুৰৰ বাছ আস্থানত আহি উপস্থিত হয়। তেওঁৰ অভিলেখৰ বাটপথত বিভিন্ন দল-সংগঠনে সংগ দিয়ে। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক শিক্ষয়ত্ৰী সকলৰ উপৰি স্থানীয় লোক, মহিলা সকলে হাতচাপৰি তথা উৰুলীৰ মাজেৰে মনজিতক উৎসাহৰ লগতে তেওঁৰ এই সাফল্যক অভিবাদন জনায়। |
দৌৰা শেষ হোৱাৰ পিছতে বাছ আস্থান চৌহদত আয়োজিত অভিনন্দন অনুষ্ঠানত ইউনিভাৰ্ছেল ৰেকৰ্ড ফৰামৰ কাৰ্যবাহী সদস্য তথা চীফ জুৰী (মাল্টিপুল এৱাৰ্ড উইনাৰ, নৰ্থ ইষ্ট ইণ্ডিয়া) নূৰ আলম চৰকাৰে দিহিঙীয়াক ইউনিভাৰ্ছেল এছিয়ান ৰেকৰ্ড, ইউনিভাৰ্ছেল ৱল্ড ৰেকৰ্ড’ৰ স্বীকৃতি পত্ৰ আনুষ্ঠানিক ভাবে প্ৰদান কৰে। তেওঁৰ এই সাফল্যক গহপুৰ ক্ৰীড়াংগন সন্থা, বিশ্বনাথ জিলা শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চ, গহপুৰ মহকুমা প্ৰেছ গীল্ড, গহপুৰ আটছাৰ উপৰি বিভিন্ন দল-সংগঠনে ফুলাম গামোচা আৰু জাপিৰে অভিনন্দন জ্ঞাপন কৰে। এই অনুষ্ঠানতে মনজিতৰ মাতৃ বন দিহিঙীয়া আৰু পত্নী ৰঞ্জু বৰগোহাইকো সম্ভাষণ জনায়। মনজিতৰ সাফল্যত পৰিয়াল তথা গহপুৰ বাসী যথেষ্ট আনন্দিত হৈছে। |
Recent News |
মানুহৰ মগজুত চিপ লগাই অন্ধত্ব আৰু পক্ষাঘাত নিৰাময়! আশ্চৰ্যজনক দাবী এলন মাস্কৰ |
Ragging: হোষ্টেলত ৰেগিঙত অসমৰ ছাত্ৰৰ মৃত্যু! আইআইটি খড়গপুৰৰ সঞ্চালকক তলব আদালতৰ |
প্ৰতিশোধৰ নৃশংস পথ! পিতৃৰ সৈতে হোৱা কাজিয়াৰ পোতক তুলিবলৈ তেওঁৰ কন্যা সন্তানক ধৰ্ষণ কৰি হত্যা কৰিলে ১৫ বৰ্ষীয় কিশোৰে |
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সম্প্ৰতি বলীউডৰ অভিনেতাসকলৰ ভিতৰত সকলোৰে মুখে মুখে প্ৰায়ে শুনা এটা নাম হৈছে ৰাজকুমাৰ ৰাও(Rajkumar Rao) ৷ ৰাজকুমাৰ ৰাওৰ প্ৰায় সংখ্যক ছবিয়েই সম্প্ৰতি বলীউডৰ বক্স অফিচত সফলতাৰে আগবাঢ়িছে ৷ কিন্তু অভিনেতা ৰাজকুমাৰ ৰাওে বলীউডৰ তিনিজন প্ৰসিদ্ধ খান,শ্বাহৰুখ খান,আমিৰ খান,ছলমান খানৰ দৰে ষ্টাৰ ডম আছে বুলি কেতিয়াও নাভাবে ৷ এক সাক্ষাতকাৰত বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাওয়ে কয় যে, বলীউডত সাৱলীল অভিনয়, ৰোমাঞ্চ, সকলোৰে উপযুক্ত সংমিশ্ৰণত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা তিনি খানৰ লগত তেওঁৰ তুলনা কৰাটো কেতিয়াও উচিত ন’হব ৷ আমিৰ ছাৰ,শ্বাহৰুখ ছাৰ,ছলমান ছাৰ তিনিওজনেই যেনেধৰণৰে ছবি উপহাৰ দৰ্শকক আগবঢ়াইছে,সেয়া অবিশ্বাস্য। গতিকে মোৰ দৰে অভিনেতা অভিনেত্ৰীসকলৰ লগত তেওঁলোকৰ তুলনা কৰাটো সমীচিন নহ’ব ৷ |
বলীউডৰ তিনিজন প্ৰসিদ্ধ খান ছুপাৰষ্টাৰ৷আমি সকলোৱে তেওঁলোকক ভাল পাওঁ ৷ তেওঁলোকৰ অভিনয়ক ভাল পাওঁ ৷মই নিজেও বলীউডৰ তিনিওজন খানৰ অনুৰাগী ৷ আমি সম্প্ৰতি নতুন ৷ আমাৰ লগত আমাক প্ৰমাণ কৰিবৰ কাৰণে বহুত সময় আছে ৷ লগতে ৰাজকুমাৰ ৰাওয়ে কয় যে মোৰ অনুভৱ হয় যে বলীউডৰ তিনি জন ছুপাৰষ্টাৰৰ ওচৰত যেনেধৰণৰ ষ্টাৰডম আছে সেয়া পুনৰাই যে আহিব সেয়া সন্দেহৰ আৱৰ্তত ৷ ষ্টাৰডমৰ সম্পৰ্কে ৰাজকুমাৰ ৰাওৰ মন্তব্য যে মই যি কাম কৰোঁ তাৰ জৰিয়তে মই বহুত সুখী অনুভৱ কৰোঁ ৷ যদি মই কৰা অভিনয়ৰ জৰিয়তে মই নিজক প্ৰতিষ্ঠা কৰিব বিচাৰোঁ ৷তেন্তে মই সুখী হ’ম । |
অন্যহাতে ৰাজকুমাৰে লাভ কৰা বিভিন্ন কাহিনীসমূহৰ বিষয়ে কয় যে শ্ৰুতা দৰ্শকে কিছুমান নিৰ্দিষ্ট কাহিনীহে ভাল পায় ৷ আজিৰ প্ৰজন্মই কি প্ৰত্যক্ষ কৰিব বিচাৰে বা কেনে ধৰণৰ প্ৰসংগ এটাক চাব বিচাৰে তাক লৈ বহুত চিন্তিত ৷মই প্ৰায়ে নতুন বিষয়বস্তুক উপস্থাপন কৰিব বিছাৰো ৷ মোৰ প্ৰথম "লভ চেক্স আৰু ধোখা"ৰ পিছত মই মোক নিজকে এজন অভিনেতা হিচাপে সীমাৰ ভিতৰত থাকি আগবাঢ়িবলৈ প্ৰয়াস কৰিছোঁ ৷মই সুখী যে চলচ্চিত্ৰ প্ৰেমীসকলে মোক আদৰি লৈছে ৷ |
উল্লেখ্য যে,বলীউডৰ সফলতাৰ জখলাত আগুৱাই যোৱা ৰাজকুমাৰ ৰাওে এতিয়াওঁ নিজৰ স্কীপ্ত নিজে পঢ়ে ৷এই সন্দৰ্ভত ৰাজকুমাৰে কয় যে মই বিভিন্ন ধৰণৰ স্কীপ্ত পাওঁ৷তাৰ ভিতৰত কিছু অত্যন্ত সুন্দৰ ৷লগতে ৰাওে কয় মই সকলো স্কীপ্ত পঢ়ো ৷ এজন অভিনেতাই সকলো ধৰণৰ স্কীপ্ত পঢ়িব লাগে , বুজিব লাগে ৷ইফালে ৰাজকুমাৰ ৰাও,সোনম কাপুৰ আৰু অনিল কাপুৰৰ ছবি "এক লড়কী কো দেখা তো এছা লগা" ছবিখনৰ সন্দৰ্ভত ৰাজকুমাৰে কয় যে,ছবিখনত মোৰ চৰিত্ৰটোতকৈ কাহিনীটো ভাল ৷সেয়েহে মই ছবিখন কৰিলোঁ ৷আমাৰ সমাজৰ প্ৰাসংগিক বিসয়বোৰক লৈ ছবিখন নিৰ্মিত ৷ পৰিয়ালকেন্দ্ৰিক,প্ৰেম, বন্ধুত্ব সকলোৰে সংমিশ্ৰণত এই ছবিখন নিৰ্মিত হৈছে ৷ |
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন |
Categories: মনোৰঞ্জন |
Sentinel Digital Desk |
Next Story |
চাকৰি |
Similar Posts |
News |
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ |
Supplements |
Language |
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल |
The Sentinel |
AboutContact UsAdvertise With Us |
Contact |
The Sentinel Building, |
G.S. Road, Six Mile, Guwahati |
Assam. Pin - 781022 |
Mail: [email protected] |
Ph: 0361 2229312, 0361 2262048 |
© 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd. |
Powered By Hocalwire |
We use cookies for analytics, advertising and to improve our site. You agree to our use of cookies by continuing to use our site. To know more, see our Cookie Policy and Cookie Settings.Ok<eot>আজিৰ খবৰ,গুৱাহাটী, ২১ নৱেম্বৰ, ২০২২: ভাৰতৰ আগশাৰীৰ দূৰসংযোগ সেৱা প্ৰদানকাৰী ভাৰতী এয়াৰটেলে (“এয়াৰটেল”) আজি গুৱাহাটীত – উওৰ পূব ভাৰতৰ দূৱাৰদলি – অত্যাধুনিক ৫জি সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে । |
কোম্পানীয়ে নিজৰ নেটৱৰ্ক নিৰ্মাণ আৰু ৰোল আউট সম্পূৰ্ণ কৰাৰ লগে লগে গ্ৰাহকৰ বাবে পৰ্যায়ক্ৰমে উপলব্ধ হ’ব এয়াৰটেল ৫জি প্লাছচাৰ্ভিচ। 5G সক্ষম ডিভাইচ থকা গ্ৰাহকে ৰোল আউট অধিক ব্যাপক নোহোৱালৈকে কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ উচ্চ গতিৰ এয়াৰটেল 5G Plus নেটৱৰ্ক উপভোগ কৰিব। বৰ্তমান জি এছ ৰোড, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিতাল (জি এম চি এইচ), দিছপুৰ কলেজ, গণেশগুৰি, খ্ৰীষ্টিয়ান বস্তি, শ্ৰী নগৰ, চিৰিয়াখানা ৰোড, লাচিত নগৰ, উলুবাৰী, ভঙাগড় আৰু বেলতলা আৰু আন কেইটামান নিৰ্বাচিত স্থানত ই কাৰ্যক্ষম । এয়াৰটেলে পৰৱৰ্তী সময়ত নিজৰ নেটৱৰ্ক পৰ্য্যায়ক্রমে বৃদ্ধি কৰি সমগ্ৰ চহৰখনত উপলব্ধ কৰিব। |
উন্মোচন সন্দৰ্ভত মন্তব্য কৰি ভাৰতী এয়াৰটেল, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজনীশ ভাৰ্মাই কয় যে গুৱাহাটীত এয়াৰটেল ৫জি প্লাছ মুকলি কৰাৰ কথা ঘোষণা কৰি মই ৰোমাঞ্চিত হৈছো। এয়াৰটেলৰ গ্ৰাহকে এতিয়া অতি দ্ৰুত নেটৱৰ্কৰ অভিজ্ঞতা লাভ কৰিব পাৰিব আৰু বৰ্তমানৰ ৪জি গতিতকৈ ২০-৩০ গুণ বেছি দ্ৰুত গতি উপভোগ কৰিব পাৰিব। আমি সমগ্ৰ চহৰখনত সেৱা আগবঢ়োৱাৰ প্ৰক্ৰিয়াত আছো যাৰ ফলত গ্ৰাহকে হাই-ডেফিনিশ্যন ভিডিঅ’ ষ্ট্ৰীমিং, গেমিং, মাল্টিপল চেটিং, ফটোৰ তৎক্ষণাত আপলোডিং আৰু বহুতো সুবিধা লাভ কৰিব পাৰিব।” |
এয়াৰটেলে ৫জি প্লাছে এয়াৰটেলে আগবঢ়োৱা সেৱাৰ সমগ্ৰ পৰ্টফলিঅ’ক শক্তিশালী কৰিব। ইয়াৰ উপৰিও ইয়াৰ জৰিয়তে হাই ডেফিনিশ্যন ভিডিঅ’ ষ্ট্ৰীমিং, গেমিং, মাল্টিপল চেটিং, ফটোৰ তৎক্ষণাত আপলোডিং আৰু বহুতো ছুপাৰফাষ্ট প্ৰৱেশৰ সুবিধা থাকিব। এই মুকলিৰ জৰিয়তে ভাৰতে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ফিলিপ লাভ কৰিব কাৰণ এয়াৰটেল ৫জি প্লাছে শিক্ষা, স্বাস্থ্যসেৱা, উৎপাদন, কৃষি, গতিশীলতা আৰু লজিষ্টিক ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। |
যোৱা এবছৰত এয়াৰটেলে 5Gৰ শক্তি প্ৰদৰ্শন কৰিছে বহুতো শক্তিশালী ব্যৱহাৰৰ ক্ষেত্ৰৰ সৈতে যিয়ে আমাৰ জীৱন পৰিচালনা আৰু ব্যৱসায় কৰাৰ ধৰণ সলনি কৰিব। হায়দৰাবাদত ভাৰতৰ প্ৰথমটো লাইভ ৫জি নেটৱৰ্কৰ পৰা আৰম্ভ কৰি ভাৰতৰ প্ৰথমটো ৫জি চালিত হ’ল’গ্ৰামলৈকে ভাৰতৰ প্ৰথমটো বিনোদন কৰা গেম চেঞ্জিং বিশ্বকাপৰ মেচলৈকে যি সময়ত টিভি কভাৰেজ নাছিল, ভাৰতৰ প্ৰথম ৫জি সংযুক্ত এম্বুলেন্সলৈকে ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৫জি নেটৱৰ্ক বছ ফৰ… উৎপাদন উৎপাদনশীলতা বৃদ্ধি কৰি এয়াৰটেলে ৫জি উদ্ভাৱনৰ ক্ষেত্ৰত আগৰণুৱা হৈ আহিছে।<eot>গোলাঘাটৰ বানাক্ৰান্ত অঞ্চললৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ১০০ কোটি টকা ধাৰ্য কৰিছে যদিও বৰ্তমানলৈকে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ৰাজহুৱা নকৰাত সদৌ অসম অ’ বি চি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি ক্ষোভিত হৈ পৰিছে। |
উল্লেখযোগ্য যে সদৌ অসম অ’ বি চি ছাত্ৰ সন্থাৰ সভাপতি অজিত বৰাই নৰ্থ ইষ্ট নাওৰ আগত কয় যে চৰকাৰে ১০০ কোটি টকা ধাৰ্য কৰা সত্ত্বেও গোলাঘাট জিলাৰ বানত বুৰ যোৱা ১৬০ খন গাঁৱৰ ৰাইজে চাউল, দাইল, তেল আৰু কেন্দেলৰ বাহিৰে আজিলৈকে আন কোনো ধৰণৰ সাহায্য লাভ কৰা নাই। |
লগতে সদৌ অসম অ’ বি চি ছাত্ৰ সন্থাই নীপকোৰ অধ্যক্ষক আটক কৰাৰ নামত গোলাঘাট জিলা প্ৰশাসনে নাটক কৰা বুলি অভিযোগ উত্থাপন কৰি অনাগত দিনত এনে কাৰ্যৰ পৰা দূৰত থকাৰ হুংকাৰ প্ৰদান কৰে বুলি নৰ্থ ইষ্ট নাওৰ আগত প্ৰকাশ কৰে। |
ইফালে গোলাঘাট জিলাৰ বানত আক্ৰান্ত সকলে বানত সৰ্বহাৰা হৈ গৃহহীন হৈ পৰিছে। আনহাতে বৰ্তমানলৈকে অঞ্চলটোত ৪ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৩ গৰাকী লোকক বিষাক্ত সৰ্পই দংশন কৰিছে। |
আনহাতে ছাত্ৰ সংগঠনটোৱে বানাক্ৰান্ত প্ৰতিটো পৰিয়ালক নীপকোৰ ফালৰ পৰা ক্ষতিপূৰণ হিচাপে ২-৫ লাখকৈ টকা দিয়াৰ বাবেও দাবী উত্থাপন কৰে। অন্যথা ইয়াৰ ফল ৰাজ্য চৰকাৰখনে ভুগিব লাগিব বুলি ছাত্ৰ সংগঠনটোৱে হুংকাৰ প্ৰদান কৰে। |
Recent News |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী? |
কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>১৩ কোটি ফিলিস্তিন অধিবাসীৰ ভিতৰত কেৱল ২০% হে খ্ৰীষ্টিয়ান লোক। ইয়াৰ ভিতৰত প্ৰায় ৭০% মানুহ ইজৰাইল আৰু ফিলিস্তিনৰ বাহিৰত বসবাস কৰে। প্ৰথম কথাটো হ’ল যে কিছুমান লোকৰ মাজত এনে এটা প্ৰভাৱ পৰিছে যে মুছলমানৰ তেজ ফিলিস্তিনত পতন হ’বলৈ ধৰিছে যাতে ই সন্তুষ্ট – শান্ত অনুভৱ কৰিব পাৰে। |
ফিলিস্তিনৰ সমস্যা অকল মুছলমানৰ সমস্যা নহয়। কথা এইটোৱেই যে এই সমস্যাৰ বলিত আৰব মুছলিমৰ অনুপাত তুলনামূলকভাৱে উচ্চ। ঠিক তেনেদৰে ইজৰাইলৰ সকলো বাসিন্দা ইহুদী নহয়। সেয়ে ১৮% মুছলমান,২% খ্ৰীষ্টিয়ান , কিছুমান ড্ৰুইড আৰু আন কিছুমান অন্য ধৰ্মৰ । ইজৰাইলৰ বাসিন্দাৰ ভিতৰত ৭০% মানুহ ইহুদী, তাৰে ভিতৰত কিছুমান ইহুদী ফিলিস্তিনত ইজৰাইলী দখলৰ বিৰোধিতা কৰে। তেওঁলোকৰ নিজা সংগঠন আছে। |
বিষয়টো হৈছে ন্যায়। ফিলিস্তিন কাৰ মাটি ? |
এই সিদ্ধান্ত ইতিহাসে ল’ব যে ই ফিলিস্তিনৰ নে ইজৰাইলৰ। এয়া প্ৰমাণ কৰিবলৈ নথি-পত্ৰৰ প্ৰয়োজন আছে। যেনেকৈ তোমাৰ ঘৰ তোমাৰ হ’বলৈ নথি-পত্ৰৰ প্ৰয়োজন হয়। কাৰণ স্থিতিটো শিশুসুলভ তৰ্কৰ ওপৰত আধাৰিত নহ’ব। |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.